পাপৰি গোস্বামী

 

 

(গল্পটি ফ্ৰানজ্  কাফকাৰ বিখ্যাত ‘দ্য মেটামৰফছিছ’  নামৰ গল্পটিৰ অনুকৰণত লিখিবলৈ প্ৰয়াস কৰা হৈছে৷)

 

                          

কিবা এক অৱসাদে  গোটেই দেওবাৰটো ঘেৰি  ৰাখিলে  কবীৰক ৷  কেনিও ওলাই যাবলৈ মন  নোযোৱাত অলস সন্ধিয়াটো
সি ‘এল’
  আকৃতিৰ দীঘল চোফাখনতে নিজকে এৰি দিলে ৷  তাৰ পছপন্ন ইঞ্চিৰ টি ভিৰ পৰ্দাত  আই পি এলৰ চেন্নাই
ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ খেলখন চলি
 আছিল যদিও সি খেলখনত
সি মন বহুৱাব নোৱাৰিলে৷
 আইফোনটোও তাৰ হাততে৷ খেলৰ মাজে মাজে ৰীলজ্ আৰু টিক্ টক্ ভিডিঅ’বোৰতো চকু ৷ খেল কেতিয়াবাই শেষ হ’ল ৷ চেন্নাই ছুপাৰ
কিংছ জয়ী হ’ল ৷ খেলখনক লৈ প
ষ্ট মেটচ্ এনালাইছিছ এটাও শেষ হৈ গ’ল ৷ পিছে কবীৰৰ চকু দুটা হাত দুখনৰ ওপৰতে ৰৈ
থাকিল ৷ ফোনৰ স্ক্ৰীনত ‘অ’গী এণ্ড ক’কৰোচেছ’ চলি আছে৷ সৰুৰে পৰাই কবীৰ
কাৰ্টুন পাগল ৷ 

 

তুলিকাই তাইৰ হোৱাটচ্ এপ গ্ৰুপ এটাৰ মেম্বাৰবোৰৰ
গে
ট টুগেদাৰ এটালৈ গৈছিল৷ আঠ বজাত শেষ হ’বলগীয়া পাৰ্টি দহ বজালৈ চলিল৷ বহুদেৰিলৈ অকল
ফটো ছেছনেই চলিল৷ ছ’চিয়েল মিডিয়াত আপডেট দিয়াটো মেণ্ডেটৰি৷ চাৰে দহমান বাজিছে
তেতিয়া৷ কলিং বেলটো বজাত কবীৰে খক্মকাই সাৰ পালে৷ ইতিমধ্যেই ক’ব নোৱাৰাকৈয়ে
সি চোফাখনতে শুই পৰিছিল৷ ফোনটোত  তেতিয়ালৈকে ক’কৰজ কেইটাই সিহঁতৰ উদ্ভট কাণ্ডবোৰ
কৰিয়েই আছিল৷ দ্বিতীয়বাৰ খুব জোৰেৰে বজা বে’লটোৰ শব্দত সি ছেণ্ডেল ছোঁচোৰাই ছোঁচোৰাই
দুৱাৰখন খুলি দিলে৷ তাৰ মুখেৰে বিকট চিঞৰ এটা ওলাব খুজিও মুহূৰ্ততে ৰৈ গ’ল৷
অ’গীৰ কাৰ্টুনৰ নিচা আছেই দেখোন তাৰ এতিয়াও৷ তাৰ সন্মুখত সেয়া এটা প্ৰকাণ্ড পঁইতাচোৰা৷
চকু দুটা মোহাৰি মোহাৰি তাৰ কাষেৰে পাৰ হৈ বেডৰুমলৈ যোৱা পঁইতাচোৰাটোলৈ চাই থাকিল৷
এয়া কি আচৰিত! পঁইতাচোৰাটোৰ হাতত তুলিকাৰ হেণ্ডবেগ..! তাৰ মানে তুলিকাক পঁইতাচোৰাটোৱে..!
চাওঁতে চাওঁতে পঁইতাচোৰাটোৱে একদম তুলিকাৰ দৰেই ড্ৰয়াৰ খুলি তাইৰ ইয়াৰিং, ছেইন আদি
থৈ দিলে৷ কাবাৰ্ডত হেণ্ডবেগটো থৈ মোবাইলটো হাতত লৈ বিচনাত পৰিল৷ ফোনটোৰ পৰা অহা
বিপ্ বিপ শব্দৰ শুনি অনুমান কৰিলে যে পঁইতাচোৰাটো হয়তো ফেচবুকত ফটো আপদেট বা লাইক কমেণ্টত
ব্যস্ত৷  তাৰ মানে…! 

 

সি দুখোজমান পিছুৱাই আহিল৷ ফোনটোলৈ চকু
দিলে, অ’গীহঁতে দাঁতকেইটা মেলি তালৈকে চাই হাঁহি আছে৷ সি চক্ খাই উঠি চোফাখনলৈ
দলিয়াই দিলে ফোনটো৷ আকৌ এবাৰ পঁইতাচোৰাটোলৈ চালে৷ একান্ত মনে ফোনত চ্চেটিং
কৰি আছে৷ মাজে মাজে বেকাকৈ চেলফি উঠিছে, নিজেই হাঁহিছে, দীঘল দীঘল ঠেং
কেইটা লৰাই আছে৷ কবীৰৰ দেহাটো শিৰশিৰাই উঠিল৷ সি কিবা এটা ভাবি গুগল চাৰ্ছ কৰিলে, ‘স্পেচিচ
অব্ ক’কৰোছ’৷ বহুকেইটা লিংক তাৰ সন্মুখত আহিল৷ এটা এটাকৈ লিংক ট্ৰাই কৰিলে৷ পঁইতাচোৰাৰ
বৃত্তান্ত জানিবলৈ বহুত চেষ্টা কৰিলে যদিও ইমান ডাঙৰ পঁইতাচোৰাৰ স্পেচিচ বিচাৰি নাপালে৷
তাৰ ভয় লাগি গ’ল৷ ঘৰৰ মূল  দুৱাৰ খন খুলি একেকোবে  বাহিৰলৈ ওলাই আহিল৷

 

বাৰাণ্ডাত থকা চকীখনতে সি বহি পৰিল৷ এয়া
কি হৈ আছে তাৰ লগত ! এয়াও সম্ভৱ নে! কিছু দেৰি চটফটাই আকৌ ভিতৰলৈ সোমাই আহিল৷ বেডৰুমৰ
দুৱাৰেদি ভুমুকিয়াই চালে, পঁইতাচোৰাটোৱে শুইছে৷ মাটিয়া বৰণৰ  আঁচ টনা পেটটো
উঠা নমা কৰি আছে৷ দীঘল দীঘল শুংকেইডাল আলাসতে মাজে মাজে লৰচৰ কৰি উঠিছে৷ সি পুনৰবাৰ
চকু দুটা মুদি দিলে৷ 

 

তীব্ৰ ইনটেনচিটিযুক্ত পোহৰৰ বীমে তাৰ
গা-মূৰ পোৰা যেন অনুভৱ কৰিলে৷ যেন বায়ুমণ্ডলে আজি পোহৰক বাধা দিব পৰা ক্ষমতা হেৰুৱাই
পেলাইছে৷ লঘু-গাঢ় বিভিন্ন গেছীয় পদাৰ্থৰ তৰপবোৰে যেন পোহৰৰ ৰশ্মিক অপবৰ্তন সঘনাই কৰাত
বাৰুকৈ সমৰ্থ হৈছে আজি৷ চকু দুটা মেলাৰ লগে লগে উজ্জ্বল ছাট মাৰি পোহৰে আতিশয্য কৰিবলৈ
আৰম্ভ কৰিলে৷ তাক যেন পোহৰৰূপী এলিয়েনবোৰে ঘেৰি ধৰিলে৷ কেতিয়া কেনেকৈ বাৰাণ্ডাতে শুই
গৈছিল সেই কথাটো তাৰ মনত নপৰিল৷ হয়তো কিংকৰ্ত্তব্যবিমূঢ় হৈ বাৰাণ্ডাৰ মজিয়াতে
শুই পৰিল৷ 

 

আগদিনা ৰাতিৰ কথাটো মনত পৰি সি একেকোবে
উঠি বহিল৷ পিছ মুহূৰ্ততে সি ফূৰ্ত্তিতে দুপাক ঘূৰি নাচিও দিলে৷ তাৰমানে, সি সপোনহে
দেখি আছিল নেকি! উফ্ কি ভয়ংকৰ সপোন! যাহওঁক সেয়া সপোনেই আছিল তেন্তে৷ তুলিকাক
জোৰেৰে সাৱটি দুটামান চুমা খাবলৈ মন গ’ল তাৰ৷ বেডৰুমলৈ গৈ দেখে তুলিকা বিচনাত নাই৷
নিশ্চয়, বাথৰুমতে আছে এতিয়াও৷ অলপ দুষ্টামি কৰিবলৈ বুলি সি লাহেকৈ বাথৰুমৰ দুৱাৰখন
ঠেলি দি ভিতৰলৈ সোমাই গ’ল৷ আস, তুলিকা বাথৰুমত নায়েই৷ দেৱালৰ ঘড়ীটোৱে ন’ বজাৰ
সংকেত দিয়াতহে তাৰ মনত পৰিল অফিচলৈ যোৱাৰ কথা৷ দুদিনৰ ৱীকেণ্ডৰ পিছত আজি অফিচলৈ
সময়ত গৈ পোৱাটো জৰুৰী৷ ভালেকেইজন ক্লায়েণ্টৰ সৈতে মিটিঙৰো ‘ফিক্সড চিডিউল’ আছে৷
সি  টাৱেলখন লৈ বাথৰুমত সোমাল৷ আনদিনা হ’লে পলমকৈ উঠাৰ বাবে তুলিকাই কিমানবাৰ
যে তাক চিঞৰিলেহেঁতেন! তুলিকাৰ এই কথাটোকে সি বেয়া পায়৷ আজি কিন্তু তাই এবাৰো চিঞৰা
নাই৷ হয়তো, দেওবাৰ বুলিয়েই ভাবি আছে ! যিয়েই নহওঁক, তুলিকাৰ চিঞৰটোকো আজি তাৰ ভাল
লগা হ’ল৷ এই চিঞৰকেইটাই যেন তাৰ জীয়াই থকাৰ সমল৷ নিশাৰ ভয়ংকৰ সপোনটোৰ পিছত তাৰ
জীৱনত তুলিকাৰ গুৰুত্ব বহুগুণে বাঢ়ি গৈছে৷ 

 

অতি সোনকালেই সি ৰে’ডি হৈ ডাইনিং ৰুমলৈ
আহিল৷ ভাবিছিল, তুলিকাই তাৰ বাবে ব্ৰেকফাষ্ট সাজু কৰিছে৷ তাৰ পলম হোৱা বাবে মুখখন
গোমোঠা মাৰি বহি আছে৷ কিন্তু সি ভবামতে একোৱেই নাছিল ডাইনিং টেবুলত৷ না ব্ৰেকফাষ্ট,
না গোমোঠা মুখৰ তুলিকা৷ বুকুখনৰ ধপধপনি সি নিজেই শুনা পালে৷ সি লাহে লাহে ৰান্ধনিঘৰলৈ
আগবাঢ়িল৷ ছয়ফুট দুৰত্বত থকা ৰান্ধনিঘৰটো তাৰ বাবে ছয় কিলোমিটাৰ যেন হৈ পৰিছে৷ প্ৰতিটো
খোজেই গধুৰ হৈ পৰিল৷ যেনিবা ভৰি দুখনত ডাঙৰ ডাঙৰ শিল দুচপৰাহে বন্ধা আছে৷ 

 

পিৰ পিৰ, বিৰ বিৰকৈ কিবা এটা শব্দ তাৰ
কাণত পৰিল৷ ৰান্ধনিঘৰটোৰ মজিয়াতে সৰু সৰু বিস্কুটৰ টুকুৰা পৰি আছে৷  পঁইতাচোৰাটোয়ে
শুং কেইডালেৰে টুকুৰাবোৰ গোটাবলৈ লৈছে৷ সজোৰে চিঞৰ এটা ওলাই আহিল তাৰ মুখেৰে৷ কিন্তু
সেই চিঞৰ সি মুঠেই নুশুনিলে৷ তৎক্ষণাত ৰান্ধনিঘৰ আৰু হ’লঘৰ সংযোগী দুৱাৰ খন 
বন্ধ কৰি দিলে৷ তুলিকা মানে পঁইতাচোৰাটোক সি  বন্দী কৰি থৈ অলপপৰ  কিবা
চিন্তা কৰি  চোফাখনতে পৰি থকা লেপটপটো হাতত লৈ সি  প্ৰায়  দৌৰিয়েই বাহিৰলৈ
ওলাই আহিল৷  কোনোপধ্যেই, সি বুজিব নোৱাৰিলে, এয়া কি হৈ আছে.!  সি নিজেই ঠিকেই
আছেতো…! 

 

দিনটোত এটা মুহূৰ্ত্তৰ বাবেও সি
পাহৰিব পৰা নাই পঁইতাচোৰাটোক৷ দুখন মিটিং বাতিল কৰাই সি ডেৰ ঘণ্টামান নিজৰ কেবিনটোতে
অকলশৰে বহি থাকিল৷ পিছৰখন মিটিং সি বাতিল কৰিব নোৱাৰিলে৷ খুবেই ইমপ’ৰটেণ্ট ক্লায়েণ্ট৷
কোম্পানীৰ ওপৰৱালাৰ জবাবদিহি হ’ব লাগিব যদিহে কণ্ট্ৰাক্টটো মিছ হয়৷ ইতিমধ্যেই, এছিছটেণ্ট
গৰাকীয়ে ফোনতে  দুবাৰমান মনত পেলাই দি  থৈছেই৷ উপায়ন্তৰহৈ  বহাৰ পৰা
উঠি কনফাৰেঞ্চ ৰূমলৈ আগবাঢ়িল৷ 

 

 

সুস্থিৰতা নোহোৱা হৈছে তাৰ যোৱা বিশ ঘণ্টাৰ
ভিতৰত৷ দিনটো ক’তোৱেই মন বহুৱাব নোৱাৰিলে৷ বাৰে বাৰে মনলৈ আহি আছিল তুলিকাই পঁইতাচোৰা
হৈ গ’ল নে পঁইতাচোৰাটোয়ে তুলিকাক গিলি থৈছে!  নে এইবোৰ কেৱল মাত্ৰ তাৰ মনৰ
ভ্ৰমহে৷ হয়তো সকলো ঠিকেই আছে, সি হে মানসিক ৰোগৰ চিকাৰ হৈ পৰিছে! কাৰোবাৰ সৈতে কথাটো
আলোচনা কৰিব নেকি! কিন্তু কাৰ লগত  আলোচনা কৰিব সেইটো ভাবি উলিয়াব নোৱাৰিলে৷ 
মনলৈ অহা বন্ধুকেইজনৰ লগত কেৱল বিজনেচ, ৱীকেণ্ড ক’কটেইল পাৰ্টি নাইবা হ’ট 
বেবচ্ আদি বাদ দি আন কথা পতাই নাই৷ ছ’চিয়েল মিডিয়াত তাৰ চাৰি হাজাৰৰ ওপৰত বন্ধু৷ কিন্তু,
ইমান ডাঙৰ কথাটো ক’বলৈ দেখোন তাৰ কোনো সুহৃদ নায়েই৷ কিমান দিন হ’ল নিলয়, গৌতমহঁতৰ
লগত এৰা-এৰি হোৱা! আজি সিঁহত থকা হ’লে…!  ক’লেজীয়া জীৱনৰ কিমান সমস্যা পলকতে
সমাধান কৰিছিল তিনিও মিলি৷ 

 

ফেচবুক মেচেঞ্জাৰ খুলি দুয়োলৈ  ‘হাই’
এটাকৈ টাইপ কৰিলে৷ মেচেজ মুহূৰ্ততে ডেলিভাৰ হ’ল যদিও  ছীন হোৱা নাই৷ অথচ, দুয়োকে
অনলাইন শ্বো কৰাই আছে৷ কাৰ পাৰ্কিঙত গাড়ীখন ৰখাই সি এনেয়ে ৰৈ থাকিল৷ ৱাটচ্ মেনজনে
তাক ইংগিতেৰে ছাবিটো খুজিলে যদিও সি একো সহাঁৰি নিদিলে৷ না চাবি দিলে, না ওলাই আহিল৷
ৱাটচ্ মেনজনে ভোৰভোৰাই গুচি গ’ল৷ অন্যমনস্ক হৈ থকা বাবে সি ৱাটচ্ মেনৰ ভোৰভোৰণি নুশুনিলে৷
আনদিনা হোৱা হ’লে এই কথাটোৱে বেলেগ এটা ৰূপ ল’ব পাৰিলেহেঁতেন৷  দুনীয়াত কি হৈ
আছে, কি হ’ব  সেই লৈ কবীৰ আজি নিৰুদ্দেগ৷  মাকলৈ মনত পৰিল তাৰ৷ ওপৰলৈ মুখ
কৰি সি  ‘মা’ বুলি চিঞৰি দিবলৈ মন গ’ল৷ হঠাতে ফোনটোত মেছেজ এলাৰ্টৰ ভাইব্ৰেশ্বনত
সি চ’ক খোৱাৰ দৰে হ’ল৷ 

 

   “হাই ব্ৰো, হোৱাটচ্ আপ….!” 

 

নিলয়ৰ ইনবক্স মেচেজ৷  মুহূৰ্ততে
তাৰ  মুখখন উজ্জ্বল হৈ পৰি পিছ মুহূৰ্ততে মলিন হ’ল৷ যেন মুহূৰ্তৰ জোৱাৰ-ভাটা৷
নিলয়ক তাৰ মনৰ শংকাৰ কথাবোৰ খুলি ক’ব বুলি ভাবিও তৎক্ষণাত নিজকে তাৰ পৰা বাৰণ কৰিলে৷
কি ভাবিব সি…! কি বুলি ক’ব সি…, বুজি পাবনে তাৰ সমস্যাটো…! নে চাইক’ বুলি হাঁহি
হাঁহি কথাটো পাতলাই দিব৷ নাইবা, বেছি ছিৰিয়াছ হৈ মিডিয়াত আপডেট দিব, কোনো নিউজ পৰ্টেলক
জনাই দিব৷ নাই নাই, সি তেনে হোৱাটো কোনোপধ্যেই নিবিচাৰে৷ অন্ততঃ তাৰ আৰু তুলিকাৰ বিষয়টো
সি আনক জানিবলৈ দিব নোৱাৰে৷ 

 

প্ৰায় এঘাৰ মানেই বাজিল৷ তাৰ সময়ৰ হিচাপ
ৰাখিবলৈ আজি অলপো মন যোৱা নাই৷ দিনটোত দুগিলাছ পানীৰ বাহিৰে একো খোৱাও নহ’ল৷ 
কনফাৰেঞ্চ ৰুমত বহি থাকোঁতে তাৰ সন্মুখত থকা কফিৰ কাপটোতো সি পইতাচোৰাৰ ঠেং কেইটাকে 
দেখিলে৷ ওকালি আহিবৰ উপক্ৰম হৈছিল৷ সকলোৱে কবীৰৰ মুখলৈ আচৰিত হৈ চোৱাত সি ‘ছ্যৰী’ বুলি
কৈ ওলাই আহিছিল৷ এতিয়াহ পেটটোত ভোক  ভোক ভাৱ এটা আহিছে৷ 

 

ঘৰৰ সন্মুখত থিয় হৈ তাৰ মনত পৰিল, পুৱা
ওলাই যাওঁতে পঁইতাচোৰাটোক ৰান্ধনিঘৰৰ ভিতৰতে বন্ধ কৰি থৈ গৈছিল৷ এতিয়ালৈকে  যদি…৷
আতংকিত হৈ পৰিল সি৷ খৰধৰকৈ দুৱাৰ খুলি ভিতৰলৈ সোমাল৷ ভয়ে ভয়ে  চাই দেখে ৰান্ধনিঘৰৰ
দুৱাৰ খোলা৷ কেনেকৈ ওলাল পঁইতাচোৰাটো…! সি বিচুৰ্তি খালে, পইতাচোৰাই  তেতিয়া
বেডৰূমৰ পৰা তাকেই চাই আছিল৷  বগৰী গুটি যেন চকু দুটা ৰঙা পৰিছে৷ হয়তো খঙতে৷ 
চকুৰ আগৰ  দীঘল শুং  দুডাল  কবীৰৰ মুখলৈ পোন হৈ আছে, হয়তো তাৰ 
উপস্থিতিৰ উমান লৈছিল৷ ছয়োখন ঠেং তাৰ পিনে আগবাঢ়িল৷

 

কবীৰহঁতৰ ঘৰটোৰ একেবাৰে সন্মুখৰ ঘৰটো
ৰুণজুনহঁতৰ ঘৰ৷ সি দৌৰি  গৈ থাকোঁতেই দেখিলে ৰুণজুনহঁতৰ বেলকনিখনত এটা বিৰাট আকাৰৰ
পঁইতাচোৰাই পায়চাৰি কৰি আছে৷  কঁপি উঠিল সি৷ এয়া কিবোৰ হৈ আছে তাৰ লগত ! তাৰ মনত
পৰিল, এইটো সময়ত ৰুণজুনৰ মাক – দেউতাকে নিজৰ বেডৰুমত সোমায় আৰু ৰুণজুনে বেলকনিত তাৰ
বাবে ৰৈ থাকে৷ তুলিকাই বাথৰুমত থকা সময়খিনি সি ৰুণজুনৰ লগত অলপ…৷ পিছে কালিৰে পৰা
সি  তুলিকাক, মানে পঁইতাচোৰাটোক চাই থাকোঁতে পাহৰি থাকিল ৰুণজুনৰ কথা৷ কিন্তু,
তুলিকাৰ দৰেই ৰুণজুনৰ ঠাইটো এই পঁইতাচোৰাটো..!  হাত দুখনেৰে মুখখন ঢাকি ধৰিলে
সি৷ মুৰটো আচন্দ্ৰাই কৰি উঠিল৷ পিছ মুহূৰ্ততে সি ৰাস্তাৰ মাজতে বাগৰি পৰিল৷

 

ৰাস্তাৰ মাজতে সি হাত ভৰি  আঁচাৰিবলৈ
ধৰিলে৷ কোনোপধ্যেই সি পিঠিখন দাঙিব নোৱাৰা হৈ পৰিল৷ বহু পৰ ধৰি পিঠিখন ছোচোৰাই নি মাজ
ৰাস্তাৰ পৰা কাষলৈকে পালেগৈ৷ অনুভৱ হ’ল,  হঠাতে তাৰ যেন দুযোৰা কৈ হাত-ভৰি বেছি
হ’ল৷  হাত-ভৰিবোৰ লাহে লাহে খীনাই গৈ থাকিল৷  কাঁইটৰ দৰে কিছুমান অংশ ওলাই
পৰা শুং কিছুমান৷ সি বহুপৰ চেষ্টা কৰি কোনোমতে পিঠিখন ডাঙি উঠিব পাৰিলে৷ এইবাৰ,
সি লিংলিঙিয়া আটাইকেইটা ভৰিৰে দৌৰিবলৈ ধৰিলে৷ দেহাটোৱে যেন ভাৰসাম্য ধৰি ৰাখিব
পৰা নাই৷ ক্ৰমান্বয়ে একটিয়া হৈ পৰিছে৷ সমস্ত শক্তিৰে দৌৰি  সি ঘৰ সোমাল৷ বেডৰুমত
তেতিয়া পঁইতাচোৰাটো ফোনটোকেই লৈ ব্যস্ত৷ সি লাইফ চাইজ মিৰৰখনৰ সন্মুখত থিয়
দিলে৷ ইতিমধ্যেই, কবীৰ  এটা বিৰাট আকাৰৰ  পঁইতাচোৰালৈ পৰিণত হৈ গৈছিল৷

         
             

*****

 

 ভ্ৰাম্যভাষ :- ৯৭০৬৯১১৫৩৩, ৭০০২৬২০৫০০