সততাৰ বিপ্লৱ : এক উপলব্ধি

সততা বুলিলে কি বুজায়
সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি
অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই
, পিছে আমি
নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা থাকিবলৈ সক্ষম হওঁ
? সততা মানুহৰ
জীৱন যাপনৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল এটা ধাৰণা আৰু একে সময়তে জীৱন যাপনৰ পদ্ধতিও
ইয়াৰ ওপৰত নিৰ্ভৰশীল৷ মানুহৰ জীৱন-জীৱিকাৰ সকলো ক্ষেত্ৰতে সমষ্টিৰ অপকাৰ নোহোৱাকৈ
নিজৰ কৰণীয়খিনি নিঃস্বাৰ্থভাৱে কৰাটোকে সাধাৰণভাৱে সততাৰ উদাহৰণ বুলিব পাৰি৷ মানুহ
যিহেতু সামাজিক জীৱ সেয়ে মানুহে যিকোনো কাম কৰোঁতে সমষ্টিৰ কল্যাণৰ চিন্তা কৰিবই
লাগিব৷ কাৰণ সমাজখনৰ ক্ষতি মানে পাকে প্ৰকাৰে সেই সমাজৰ অংশীদাৰ প্ৰতিজন মানুহৰে
ক্ষতি৷

এইখিনি কথাকে
আৰু সহজভাৱে বুজিবলৈ যত্ন কৰোঁচোন৷

ধৰা হ’ল এটা
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ নতুন গৃহনিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ বিভিন্ন
ঠিকাদাৰ আহি কামটো কেনেকৈ কৰিব লাগিব জানি সেইমতে নিজা নিজা প্ৰস্তাৱ দাখিল কৰিলে৷
তেনে দুটা প্ৰস্তাৱ অনুসৰি নিৰ্মাণ হ’বলগীয়া ঘৰৰ সকলো দিশ একে৷ কিন্তু আচৰিত
হ’বলগীয়াকৈ খৰচৰ প্ৰস্তাৱত দুয়োজন ঠিকাদাৰৰ মাজত প্ৰায় বিছ লাখ টকাৰ পাৰ্থক্য দেখা
গ’ল৷ অথচ মন কৰিবলগীয়া যে দুয়োজনে চৰকাৰীভাৱে নিৰ্ধাৰিত দৰতে নিজা প্ৰাক্‌কলন
প্ৰস্তুত কৰিছে৷ সংশ্লিষ্ট কৰ্তৃপক্ষই আলোচনা-বিলোচনা কৰিলে৷ আটাইতকৈ শক্তিশালী
ব্যক্তিজন অৰ্থাৎ ভাৰপ্ৰাপ্ত বিষয়াজন আৰু আৰ্থিক লেনা-দেনাৰ কাম-কাজ চোৱা-চিতা কৰা
কৰ্মচাৰীজনে বাকীসকলক প্ৰভাৱান্বিত কৰিবলৈ যত্ন কৰিলে যে বেছি খৰচ হোৱাৰ
পৰিকল্পনাটো ভাল৷ আনটো পৰিকল্পনাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হ’ব৷ তদুপৰি
সেইজন ঠিকাদাৰে কাম হৈ থকা সময়ত মাজে মাজে পইচা বিচাৰি আহে যিটো অসুবিধাজনক৷

এইটো এটা
কল্পিত উদাহৰণ৷ এনে ঘটনা কিন্তু আমাৰ সমাজত প্ৰায় দৈনন্দিন ঘটিবই লাগিছে৷ এই ঘটনাৰ
সৈতে জড়িত ঠিকাদাৰ দুজনৰ এজন বেছ ধনী
, যিজনে
চল্লিছ-পঞ্চাছ লাখ টকাৰ কাম বাকী হিচাপে কৰি দিবলৈ পিছ নোহোঁহকে৷ তুলনাত
  আনজন
আৰ্থিকভাৱে কিছু দুৰ্বল
, যি কাৰণত তেওঁ কামৰ
মাজে মাজে কিছু ধন বিচাৰিবলৈ বাধ্য হয়৷ কিন্তু প্ৰথমজনে প্ৰায় বিছ লাখ টকা বেছিকৈ
ঘটিব যি সামগ্ৰী আৰু কামৰ বিনিময়ত
, সেই একেখিনিৰ বিনিময়ত
দ্বিতীয়জনে সেই বিছলাখ টকা নঘটাকৈয়ে থাকিব৷ সেই বিছলাখ টকা নঘটিলেও কিন্তু কামটোৰ
বিনিময়ত তেওঁ লাভ কৰিব৷ লাভ নকৰিলে তেওঁ খাব কি
?

ব্যৱসায় বোলা
কামটোৰ সৈতে সদায়ে লাভ বোলা কথাটো জড়িত হৈ থাকে৷ লাভ নকৰিলে ব্যৱসায়ী কেনেকৈ চলিব
? কিন্তু সকলো
নীতিগত মান ৰক্ষা কৰি ব্যৱসায় কৰিলেও লাভ কৰিব পাৰি৷ বহু ব্যৱসায়ীৰ কাৰণে এই
কথাষাৰ তেনেই বিশ্বাস কৰিব নোৱৰা ধৰণৰ৷ বিশেষকৈ অসমীয়া ব্যৱসায়ীসকলৰ মাজত এনে নীতি
মানি ব্যৱসায় কৰা ব্যৱসায়ীৰ সংখ্যা বৰ কম৷ আমাৰ ব্যৱসায়ীসকলৰ কাৰবাৰবোৰ এনে ধৰণৰ –

ক) যিছোৱা
বাটত বাছৰ ভাড়া দহ টকা
, ৰাতি ন-দহ বজাৰ পাছত
সেইছোৱা বাটৰে ভাড়া হয়গৈ ত্ৰিছ বা চল্লিছ টকা৷

খ) ওপৰ ফালে
ডাঙৰ আকাৰৰ এখিলা আৰু তলফালে ডাঙৰ আকাৰৰ আন এখিলা পাণ দি মাজত সৰু-সুৰা গেলা-পঁচা
পাণ কিছুমান দি শলা এডালেৰে চিলাই কৰি ডাঙৰ পাণৰ প্ৰতীতি সৃষ্টি কৰি সৰহ মূল্যত
বিক্ৰী কৰাটো৷

গ) প’লিথিনৰ
পেকেটত বিক্ৰী কৰা খাদ্যবস্তু ভাল হৈ থকাৰ ম্যাদ শেষ হ’লে বিশেষ ৰাসায়নিক পদাৰ্থৰে
উৎপাদনৰ তাৰিখটো মচি পুনৰ নতুন তাৰিখ এটা ছপা কৰি পুনৰ বিক্ৰী কৰাটো৷

ঘ) নতুন সাজ
একোটাৰ মাজত পুৰণি যন্ত্ৰ-পাতি লগাই বিভিন্ন মেশ্যিন বিক্ৰী কৰাটো৷

ঙ) নানান
ৰঙীণ কথা কৈ গ্ৰাহকৰ মন
 জয় কৰি
সামগ্ৰী বিক্ৰী কৰাৰ পাছত দিবলগীয়া সেৱাৰ বেলিকা বিভিন্ন অজুহাত দেখুৱাই পলায়ন
কৰিব খোজাটো৷

চ) পণ্য
সামগ্ৰী একোবিধৰ ব্যৱহাৰৰ মূল উদ্দেশ্যক গৌণ হিচাপে দেখুৱাই অন্যান্য উপৰঞ্চি
বিশেষত্বত গুৰুত্ব আৰোপ কৰি গ্ৰাহকক প্ৰতাৰণা কৰাটো৷ ইত্যাদি৷

এনে অনেক
ঘটনাৰে আমাৰ বজাৰ-ঘৰ ভৰি আছে৷ ভাল আলুৰ সৈতে দুটা গেলা আলু ভৰাই দি পঠোৱা
দোকানীজনৰ চৰিত্ৰটো সকলো ব্যৱসায়তে আমি দেখোঁ৷ এনে বিক্ৰেতাসকলৰ সৈতে কথা পাতোঁতে
মনত এনে ধাৰণা সৃষ্টি হয়– ‘প্ৰকৃততে সততাৰ মূৰ্তৰূপ এইজন ব্যক্তিয়েই৷’

কিন্তু সৎ
ব্যৱসায়ীও নোহোৱা নহয়৷ অসমৰ এজন প্ৰসিদ্ধ শিল্পী দেৱকৃষ্ণ বৰুৱাই ভাস্কৰ্য
নিৰ্মাণৰ উদ্দেশ্যে প্ৰায় পাঁচশ কিলোমিটাৰ দূৰৈৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰপৰা
অনোৱা বেছ মূল্যৱান ৰাসায়নিক সামগ্ৰী এবিধ ব্যৱসায়ীৰ ভুলৰ কাৰণেই ব্যৱহাৰৰ
অনুপযোগী হৈ পৰিছিল৷ তেওঁ সংশ্লিষ্ট দোকানখনত এনেয়ে কথাষাৰ জনাইছিল৷ পিছে
ব্যৱসায়ীজনে ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল আৰু কেইদিনমানৰ মূৰত তেওঁলৈ একে
পৰিমাণৰ সামগ্ৰী পুনৰাই প্ৰেৰণ কৰিছিল৷ আমি নিজেও এবাৰ আমাৰ চহৰৰে এজন ব্যৱসায়ীৰ
আগত ইয়াত নোপোৱা এবিধ বিশেষ সামগ্ৰীৰ কথা কৈছিলোঁ৷ কিছুদিনৰ পাছত তেওঁ আমাক খবৰ দি
মাতি নিছিল আৰু মই বিচৰা সামগ্ৰীবিধ দিছিল৷ আমি তেতিয়া যিমান আচৰিত হৈছিলোঁ তাতোকৈ
বেছি আচৰিত হৈছিলোঁ সামগ্ৰীবিধৰ দাম দিয়াৰ সময়ত৷ সামগ্ৰীবিধ মুঠতে দহ একক আছিল৷
প্ৰতি এককত ব্যৱসায়ীজনে মোৰপৰা প্ৰায় চাৰে সাতশ টকা কমকৈ লৈছিল৷ আমি প্ৰায় বোবা হৈ
তেওঁৰ মুখলৈ দলিয়াই দিয়া প্ৰশ্নবোধকটো সঠিকভাৱে চিনি পাই তেওঁ হাঁহি মাৰি আমাক
কৈছিল
, ‘মই লাভ নকৰাকৈ আপোনাক বস্তু বিক্ৰী কৰা নাই৷’

সঁচাকৈ আমি
আজিও ভাৱোঁ
, দেৱকৃষ্ণ বৰুৱাৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা
গুৱাহাটীৰ লাথ ফাইবাৰ
  নামৰ দোকানখনৰ দোকানীজনে যিটো লাভ কৰিলে সেয়া
ধন হিচাপে লাভ কৰাতকৈ অনন্ত গুণৰ অধিক লাভ৷ এই লাভ হৈছে এজন ব্যক্তিৰ হৃদয়ৰ সমস্ত
কৃতজ্ঞতা৷ আমাৰ বন্ধু ব্যৱসায়ীজনৰ ক্ষেত্ৰতো একেখিনিকে ক’ম৷ কাৰণ, তেওঁলোকে জনাইছে
যে ধনৰ ক্ষেত্ৰতো তেওঁলোকৰ লোকচান হোৱা নাই৷

ইয়াৰ মানে
এইটোৱেই নহয় জানো
, সকলো বিধি-নীতি মানি
চলিও ব্যৱসায় কৰিব পাৰি
? ব্যৱসায় কৰোঁতে লাভ
কৰিব লাগে সঁচা কথা৷ কিন্তু ব্যৱসায় কৰোঁতে মানুহক ঠগিব নালাগেটোও সমানেই সঁচা
কথা৷ ই সকলো ব্যৱসায়তে খটা এক সাধাৰণ তত্ত্ব৷

সাম্প্ৰতিক
সময়ত ৰাজনীতিও এক প্ৰকাৰ ব্যৱসায়েই৷ ৰাজনৈতিক ক্ষমতা আহৰণ কৰা লোকসকলে নিজাকৈ কোনো
স্পষ্ট জীৱিকাৰ উপায় নোহোৱা সত্তেও এক প্ৰকাৰ ৰাজকীয় জীৱনঅতিৱাহিত কৰা দেখা যায়৷
তদুপৰি তেওঁলোকে বিভিন্ন সা-সুবিধা লাভ কৰা দেখা যায় যিবোৰ সা-সুবিধা সৰ্বসাধাৰণ
মানুহে লাভ নকৰে৷ তাৰ পাছতো ৰাজনীতিৰ ক্ষমতাৰে ক্ষমতাশালীসকলে সৰ্বসাধাৰণক অন্ধকাৰত
ৰাখি ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ অভিযোগ আমি প্ৰায়ে পঢ়িবলৈ আৰু শুনিবলৈ পাওঁ৷
এনে ক্ষমতাশালীসকলেই ৰাষ্ট্ৰক প্ৰবঞ্চনা কৰা দুবৃত্তৰ সম্মুখত বিষ নোহোৱা সাপৰ
ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে দুখীয়া জনসাধাৰণৰ বাবে বিষাক্ত সৰ্পৰ ৰূপ লয়৷ কেৱল
আত্মস্বাৰ্থ বা দলগত স্বাৰ্থ পূৰণৰ স্বাৰ্থতে এনে ৰাজনীতিকসকলে প্ৰকাৰান্তৰে নিজৰ
দেশখনকে ক্ষতিগ্ৰস্ত কৰে৷ আমাৰ কাষৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ৰাজনীতিকসকলেই এনেকুৱা
যি কাৰণত দিনক দিনে স্বাধীন পাকিস্তান এখন ভিক্ষাৰীৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছে৷

সকলো
বিধি-নীতি মানি চলিও ৰাজনীতিৰ ব্যৱসায় কৰিব
 কৰোঁতে ঈপ্সিত লাভ কৰিব লাগে যেনেকৈ তেনেকৈয়ে মানুহক ঠগিবও
নালাগে৷ এই নীতি ৰাজনীতিৰ ব্যৱসায়তো নিঃসন্দিগ্ধ সত্য৷ ঠগ ৰাজনীতিকবোৰে বেছি দিন
ব্যৱসায় কৰিবলৈ নাপায়৷ সময়ত ৰাইজে তেনে ৰাজনীতিকৰপৰা কিনিবলৈও এৰে
, বিকিবলৈও
এৰে৷