ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ

দুই

বিশাল এলেকাটোত ঠায়ে ঠায়ে আছে বহুকেইটা আটী৷ গোটেই হাবি-জংঘলেৰে ভৰা এই
আটীবোৰৰ নামনিতো হাবি-জংঘলৰ পয়োভৰ৷ মালভূমি সদৃশ এটা আটী পাৰ হোৱাৰ পাছতে পোৱা যায়
নামনিৰ ফালে সমতল৷ তাৰপাছত পোৱা যায় আন এটা আটী৷ আটীবোৰত থাকে নানা ধৰণৰ বাঁহ
, ভোমোৰা, তিতাচঁপা শিমলু-পলাশ আদি গছ৷ আটীবোৰৰ চাৰিওফালে থকা সমতল
ভাগৰ কিছু ঠাইেতা থাকে নানা ধৰণৰ কঁাইটীয়া গছ
, ইকৰা-বিৰিণা, ঘাঁহ-বন, মাজে মাজে হিজল, ভেলৌ আৰু
শিমলু৷ দ ঠাইবোৰত থাকে কেৱল ইকৰা-বিৰিণা আৰু দলঘাঁহকে ধৰি নানা বিধৰ ঘাঁহ-বন৷

এনে এটা আটীতে হাবি-বন চাফা কৰি 
গঢ়ি তোলা হৈছে তেমেকাহঁতৰ গাঁওখন৷ আটীটোৰ চাৰিওফালে থকা বৃহৎ সমতলভাগত থকা
জংঘল কাটি মানুহবোৰে খেতি কৰিবৰ বাবে মাটি মুকলি কৰি লৈছে৷ যিয়ে যিমানে ডাঙৰকৈ মাটি খুলিব পাৰিছে তাৰ সিমানে মাটিৰ পৰিমাণ বাঢ়িছে৷ এইবোৰ মাটিৰ জোখ এতিয়াও
চৰকাৰৰ নথিভুক্ত হোৱা নাই৷ যিয়ে যেনেকৈ পাৰে খেতি কৰিছে৷ এতিয়ালৈকে ইয়াত বাধা
দিওঁতাও নাই
, মাটি হিচাপে খাজনা লওঁতাও নাই৷ এইবোৰ মাটি চৰকাৰী নথিত
অন্তৰ্ভুক্ত হ’লেহে খাজনাৰ কথা আহিব৷ কিন্তু এইবাৰ মৌজাদাৰৰ মানুহ আহি কাৰ ঘৰত
কেইটা নাঙল আৰু কেইখন কোৰ আছে হিচাপ লৈ গৈছে৷ অহাবাৰৰ পৰা সেই নাঙল আৰু কোৰৰ কৰ
তেমেকাহঁতে দিব লাগিব৷

পানীখেতিৰ বাবে তেমেকাহঁতে এতিয়ালৈকে মাটি খুলিছে প্ৰায় ত্ৰিছ বিঘা৷ অলপ ওখ
ঠাইতো তিনিবিঘামান মাটি খুলিছে৷ এইখিনি মাটিত সিহঁতে মাহ-সৰিয়হৰ খেতি কৰে৷ মাজে
মাজে কলং-কপিলী নদীত বান আহিলে এই মাটিবোৰক বুৰাই পলস দি যায়৷ সাৰুৱা মাটিবোৰত যি
খেতিকেই নকৰক লাগে সকলোবোৰেই লহপহকৈ বাঢ়ে
, ভাল ফচল দিয়ে৷
ত্ৰিছ বিঘা মাটিত পানীখেতি কৰিয়েই তেমেকাহঁতে বছৰটো জোৰাকৈ ধান পায়৷ ওখ চানেকীয়া
মাটিখিনিত খেতি কৰি বছৰটোৰ বাবে লাগতিয়াল মাহ-সৰিয়হো পায়৷

কাৱৈমাৰি, গৰৈমাৰী আৰু বতাবাৰী গাঁৱৰ ৰাইজে খোলা মাটিখিনিক বাদ দি
বাকী বৃহৎ অঞ্চলটো ইকৰা-বিৰিণা
, হাবি-জংঘলৰে ভৰা৷ তাত বাস কৰা জীৱ-জন্তু আৰু
চৰাই-চিৰিকটিয়ে খেতি পথাৰৰ ফচল খাবলৈ আহে যদিও খেদি থাকিলে বৰকৈ আমনি নকৰে৷ কাৰণ
জংঘলৰ মাজতে সিহঁতৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্যবস্তু আছে৷ সিহঁতে সেইবোৰকে বিচাৰি
খালেই হ’ল৷ ইফালে-সিফালে ঘূৰি ফুৰোঁতে কেতিয়াবা সিহঁত খেতিপথাৰত আহি ওলায়৷ আৰু
তেতিয়াই খেতিও অলপ নষ্ট কৰি যায়৷

জেঠ মাহৰ শেষ ভাগ৷ গাঁওখনৰ সকলোৰে খেতি পথাৰত কাম চলিছে পূৰ্ণোদ্যমে৷
তেমেকাই ৰূপেশ্বৰৰ লগত দোকমোকালিতে ওলাই আহি হাল মাৰিছে৷ জেঠমাহৰ প্ৰথম ভাগতে
সিহঁতৰ কঠীয়া পৰা হৈ গৈছে৷ সেইবোৰ ৰুবৰ বাবে গোটেই ত্ৰিছ বিঘা মাটিতে এবাৰকৈ হাল
মৰাৰ কামো তেমেকাহঁতে কৰি অঁতাইছে৷ এতিয়া সমাৰ দিয়াৰ কাম চলি আছে৷

পূব আকাশত এবাৰ চকু ফুৰাই তেমেকাই দেখিলে বেলি মূৰৰ ওপৰৰ ফালে ভালেখিনি
উঠিল৷ এনে সময়ত হাল খুলি গৰুকেইটাক জংঘলৰ ফালে ঘাঁহ খাবলৈ এৰি দিয়া হয়৷ ৰূপেশ্বৰে
হঠাতে মাত দিলে– ‘‘তেমেকা
,
বেলি হ’ল৷ হাল খোল৷’’

‘‘অ পিতাই, হাল খুলিবা হৈছেই৷ খুলি দেং৷’’

‘‘অ অ, খোল৷’’

তেমেকা আৰু ৰূপেশ্বৰে হাল ৰাখি যুৱলিৰ পৰা গৰুকেইটা খুলি এৰি দিলে ঘাঁহ
খাবলৈ৷ হালৰ পৰা এৰণ পায়েই গৰুকেইটাই আলিত থকা ঘাঁহত কামোৰ মাৰিবলৈ আৰম্ভ কৰিলে৷
ৰূপেশ্বৰে তেমেকাক ক’লে– ‘‘যা
, গউ¸কেইটাক জংঘল’
অলপ ভিতঅলৈকে খেদি থৈ আহ৷ ঠিক নাই
, ঘূঈ আহি কঠীয়া খাবা পাএ৷’’

‘‘চিন্তা নকঈবি পিতাই৷ কঠীয়া ঘঅ’ ওচঅ’ মাটিতহে পাঈছং৷ ইন্তে তাত গৈ নোলায়৷’’

‘‘ক’ব নোৱাঈ ইন্ত’ কথা৷ কিবা মন কঈ হঠাতে ওলাবগৈ৷ অলপ ভিতঅলৈকে খেদি থৈ আহ৷
তেতিয়া নিচিন্ত হৈ থাকিবা পাঈবি৷’’

ৰূপেশ্বৰে অলপ জিৰণি ল’বৰ বাবে পথাৰখনৰ মাজতে থকা আম গছডালৰ গুৰিলৈ আগ
বাঢ়িল৷ হাল এৰি দি ইতিমধ্যে মহীধৰে গছডালৰ ছাঁত জিৰণি লৈ আছে৷ মূৰৰ ওপৰত বেলিটো ট
টকৈ জিলিকি তাপ বিলাই আছে বাবে গৰম ভালকৈয়ে পৰিছে৷ গৰমত ঘামি তিতি থকা দেহাটোক
আৰাম দিবৰ বাবে ৰূপেশ্বৰ গছৰ তলত হাজিৰ হ’ল৷

তেমেকাই গৰুকেইটাক খেদি খেদি জংঘলৰ ভিতৰলৈ গৈ থাকিল৷ পথাৰৰ কাষৰ পৰাই জংঘল
ডাঠ৷ ইকৰা-বিৰিণা আৰু কাঁইটীয়া গছ কিছুমানৰ লগতে ডাঙৰ গছ কিছুমানো আছে৷

ৰূপেশ্বৰ গছৰ তলত মাটিতে টিকাটো পাৰি বহিল৷ তেওঁ মহীধৰক ক’লে– ‘‘বেলিটো
তললৈ নামি আহিল যেন পাং৷ হেইবাবে ইমান গঅম উঠিছে৷’’

‘‘হয় হয়, নামি আহিছে৷ নহ’লেনো ইমান গঅম পএ না! আগে-পিছে ইমান গঅম
নপএ৷’’

হঠাতে এছাটি বতাহে ৰূপেশ্বৰ আৰু মহীধৰক বা দিবলৈ ধৰিলে৷ ৰূপেশ্বৰৰ দেহাটো
লাহে লাহে শাঁত পৰি আহিছে৷ তেওঁ মাত দিলে– ‘বঅ ধুনীয়া বতাহ মাঈছেহে! আআম লাগি
গৈছে৷ ওহ! এতিয়াহে হান্তি পাইছং৷”

‘‘হয় দেই, ময়ো এতিয়াহে আআম পাইছং৷’’

ৰূপেশ্বৰে চুৰিয়াৰ খোঁচনিৰ পৰা চাধা আৰু শালপাত উলিয়াই বিড়ি পকাবলৈ ধৰিলে৷
তেওঁ মহীধৰলৈকো চাধা আৰু শালপাত আগ বঢ়াই দি ক’লে– ‘‘হৌ হিদিনালৈকে বঅ হান্তিত
আছিলং দেই! এইবা’ আমা’ ওপঅত হণি দিষ্টি পঈল৷ নহ’লেনো মৌজাদাঅ’ মানুহ আহি ওলায় না
? মৌজাদাঅ’ দিষ্টি পঈল যেতিয়া, এতিয়া আউ উপায় নাই৷ হাঈবা নোৱাঅং৷ ক’ দিবাই লাগিব৷
ক’ দি হায়আণ হৈয়েই আগ’ গাং এঈ আহি ইয়াত গাং পাতিছিলং৷ এই কেইবছঅত হিন্তে আহি
নোলাল৷ এইবা’ ওলালহি৷ হিন্তে যিহে ক’ লগাইছে এই ক’ নকমালে আমি ইয়া পআ আক’ আনফালে
জংঘলত গাং পাতিবা লাগিব৷ নহ’লে খাবা নাপাম৷’’

‘‘হয়হে! এই বগা বঙালবোএ আমাক হেখ কঈব৷ আমিনো কিমান পলাই ফুঈম? কিবা এটা কঈবা লাগে হে!”

মঈলেও মঈম যুদ্ধ এখন কআই ভাল৷ ইমান হহ্য কঈ থাকিবা নোৱাঈ৷’’

‘‘ঠিকে কৈছ৷ আইজখনে মা’ বান্ধি যুঁজিলে কিবা এটা নিশ্চয় হ’ব৷ আমা অজাকেইজনে আগ
বাহিলে ভাল আছিল৷’’

‘‘মই জানাত আমা’ ট’পাকুছি অজা হেনো গুজঈ আছে৷ অজাবোঅউ হমতা কাহিলে নহয়৷ হিন্ত’
‘হিল-ধুম-চাবুক-চমতা’অ হমতা নোহোৱা হ’ল৷ হিন্তেও কিছুমান ক’ দিবা লাগা হৈছে৷ হেই
তেতিয়া আমা’ অজাবিলাকে মণিআম দেৱান’ লগ লাগি বগা বঙালক খেদিবাই খুজিছিল৷ মণিআমক ধঈ
ফাঁচি দিলে বুলিহে৷ নহ’লে হেই তেতিয়াই ডাঙ’ যুদ্ধ এখন হ’ল হয়৷”

‘‘জানং কথাটো৷ এতিয়াও কঅং বুলিলে কঈবা পাএ৷ মণিআম নাই বুলিয়েই আমি হাস্তি পাই
থাকাবিলাকে বহি থাকিম না
?
হিন্তে যি কঈব’ তাকে মানি থাকাটো ভাল কথা
হোৱা নাই৷ আমিও কঅং বুলিলে কিবা এটা কঈবা পাঅং৷’’

‘‘তই ঠিক কথাকে কৈছ৷ আমি কথাটো অজা’ লগত আলচ কআ ভাল৷’’

‘‘কঈছে কঈছে৷ আইজে অজা লগত কথা পাতিছে৷ আমি এইফালে আছং বাবে কথাবো’ ভালদএ
জানা নাই৷ মই হুনিছং হিফাল’ আইজে অজা লগত কথা পাতিয়েই আছে৷’’

‘‘ভাল কথা তেন্তে৷ আমিও হহযোগ কঈম৷ ওভোতগোএ নচাবোঅ’ নাচোন চাই থাকিবা নোৱাঈ
নহয়!’’

দুয়ো আপোন মনে শালপাতৰ বিড়ি হুপি হুপি কথা পাতি থাকিল৷

বেলিটোক ঢাকি ধৰিবলৈ আকাশত মেঘ এটুকুৰা নাই৷

ৰিবৰিবকৈ বলি থকা বতাহজাকেই এতিয়া মানুহবোৰক নিচুকাই আছে৷

 তেমেকাই গৰুকেইটাক জংঘলৰ ভালেখিনি
ভিতৰলৈ খেদি থৈ উলটি খোজ ল’লে৷ সি জানে জংঘলৰ ভিতৰত ঘাঁহ-বনৰ আধিক্যৰ বাবে ইহঁত
জংঘলৰ মাজৰ পৰা কেতিয়াও নোলায়৷ আবেলি জংঘলৰ পৰা সিহঁতক উলিয়াই নিবলৈ সিহে আহিব
লাগিব৷

 তেমেকা ঘূৰি আহি পুনৰ নিজৰ পথাৰত
উপস্থিত হ’ল৷ তাৰ ফুটুকীলৈ মনত পৰিল৷ দিনটোত তাইক এবাৰ নেদেখিলে তাৰ মনেই নভৰে৷
লগে লগে সি ফুটুকীৰ ঘৰলৈ খোজ ল’লে৷

গাঁৱৰ গাভৰু-তিৰোতাবোৰ এতিয়াও খেতিত নমা নাই৷ কঠীয়া তুলিবলৈ হ’লেহে
গাভৰু-তিৰোতাবোৰ খেতি পথাৰত নামি পৰিব হাল নুঠালৈকে৷ এতিয়া খেতি পথাৰত হালমৰা
মানুহবোৰক জলপান বা ভাত দিবলৈ যোৱাৰ বাহিৰে পথাৰত সিহঁতৰ আন কাম নাই৷

ফুটুকীয়ে খেতিৰ কাম নোহোৱা বাবে আদখনীয়া হৈ থকা কাপোৰ এখন তাঁতত ববলৈ লৈছে৷
তাই তাঁতত গাত লোৱা কপাহী চাদৰ এখন বৈ বৈ
গুণগুণাই বিহুগীত এটিও গাই আছে৷

তেমেকা ফুটুকীৰ তাঁতশালৰ কাষত হাজিৰ হ’ল৷ কোনোবা এটা যে তাইৰ কাষত আহি
ওলাইছে ফুটুকীৰ খবৰেই নাই৷ তাই বিহুগীতটো গুণগুণাই গুণগুণাই কাপোৰ বোৱাতহে মগ্ন৷
তেমেকাই মাত দিলে– ‘‘ফুটুকী
, ত’ কাপো’ বৈ হোৱাই নাই নাকি?’’

‘‘অ তেমেকা কাকা!’’– ফুটুকীয়ে মূৰ তুলি চালে৷ ‘‘মই মনেই কআ নাই৷ হাল’ পআ আহিলি
হ’বলা
?’’

‘‘অ হাল’ পআই আহিলং৷’’

‘‘ক’ত বহিবি? , মই পীআ এখনকে আনংগৈ৷’’

‘‘নালাগে নালাগে, মই এই কাঠ’ মূহাটোতে বহিছং৷’’

তেমেকা তাঁতশালৰ কাষতে থকা কাঠৰ মূঢ়াটোত বহি ফুটুকীলৈ চালে৷ ফুটুকীৰ
সুন্দৰ মুখখন তাৰ চকুত জিলিকি উঠিল৷ দুপৰৰ সময়৷ পথাৰৰ মানুহবোৰ ঘৰলৈ ঘূৰি আহিবলৈ
লৈছে৷ফুটুকীৰ দেউতাকো আহি পাবহি নিশ্চয়৷ফুটুকীয়ে তেমেকালৈ চাই সুধিলে– ‘‘কিবা
হকামত হুমালি হ’বলা
?’’

‘‘নাই নাই, এনেই৷ ত’ লগত অলপ কথা পাতি যাং বুলি হুমালং৷’’

‘‘ভালেই কঈলি দে৷ তন্ত’ মাটিত ধান উ¸বা পাআ হৈছেগৈ
না
?’’

‘‘নাই নাই৷ হমা’ দিছংহে৷ আউ¸ দুহপ্তামান’ পাছতহে ধান উবা পাআ হ’বগৈ৷’’

‘‘আমাউ তেনেকুৱাই৷ আউ দহ দিনমান লাগিব৷ অ দেই, মই তামোল’
বটাটো আনংগৈ৷’’

ফুটুকীয়ে তাঁতশালৰ পৰা উঠি ঘৰৰ ভিতৰ পালেগৈ আৰু অলপ সময়ৰ ভিতৰতে তামোলৰ বটা
এটা হাতত লৈ তেমেকাৰ কাষত উপস্থিত হ’ল৷ বটাত কটা তামোল আছিলেই৷ তাই বটাটো তেমেকাৰ
ফালে আগ বঢ়াই দি ক’লে– ‘‘খা কাকা
, তামোল খা৷’’

তেমেকাই এখন তামোল মুখত ভৰাই ফুটুকীলৈ চালে– ফুটুকীয়ে ইতিমধ্যে তাঁতশালত
পুনৰ বহিছে৷ ফুটুকীৰ তাঁতশালৰ কাম অলপ সময় চাই থকাৰ পাছত তেমেকাই মাত দিলে–
‘‘ফুটুকী
, এইবা’ তই ম’ক বিহুৱান নিদিলি৷ অহাবা’ কিন্তু দিবা
লাগিব৷”

‘‘এইবা’ মই কাক’ বিহুৱান দিবা নুৱাঈলং৷ কাপোঅত ফুল তুলিবলৈ এইবাঅ’ পআহে
হিকিছং৷ নিজাকৈ বিহুৱান লগাবা পাআ হোৱা নাই৷ আয়ে এইবা’ কেইখনমানহে গামোচা ব’লে৷
আলহী-অতিথিক বিহু হময়ত দিবলৈকে নুজুঈল৷ মই এইবা’ ব’ম৷ তই আজি ক’লি যেতিয়া
, পথমখন ত’কে দিম দে৷’’

‘‘অ অ পথমখন ম’কেই দিবা লাগিব৷’’– তেমেকাই আনন্দ মনেৰে কৈ উঠিল৷ ‘‘আউ¸ এইবা’ আমি খুব বিহু মাঈম দেই৷’’

‘‘হ’ব হ’ব৷ তই ঢোল বজাবি মই নাচিম৷ পিছে তই নাচনী ছেও বজাবা পাঈবি না নাই?’’

‘‘পাঅং৷ কেলেই নুৱাঅং বুলি ভাবিছ?’’

‘‘ঠিকে আছে তেন্তে,
এইবা’ বিহুত নাচিম৷’’

ফুটুকীৰ কথা শুনি তেমেকাৰ মনটো ভাল লাগি গ’ল৷ সি ভাবিলে এইবাৰ ব’হাগ বিহুত
ফুটুকীক সি ঘৰ সোমোৱাব৷

তেমেকাই আৰু এখন তামোল মুখত ভৰাই ফুটুকীক ক’লে– ‘‘পিচে এইবা’ ডাঙ’ কাম এটাও
কঈম৷’’

‘‘কি কাম কঈবি?’’– ফুটুকীয়ে আগ্ৰহেৰে সুধিলে৷

‘‘নাই নাই, এতিয়া নকং৷ পিছত ক’ম৷ বাউ তই কাপো’ বৈ থাক৷ মই ঘঅলৈ
যাং৷’’

‘‘কথাটো হংকালে ক’বা লাগিব কিন্তু!’’

‘‘হ’ব হ’ব, ক’ম৷ হময়ত ক’ম৷’’

কেৰ্পাই পদূলিৰে সোমাই আহিল৷ সি তেমেকাৰ কাষত থিয় হৈয়েই তাৰ কামৰ কথা
উলিয়ালে– ‘‘আজি হাতীউঠা আটীত আমি দেখি আহা মৌবাহ দুটা পাঈবা যাম বুলি ভাবিছং৷ ঘঅত
ঔষধত দিবালৈকো মৌ অলপ নোহোৱা হৈছে৷ আয়ে কথাটো কৈয়েই থকা হ’ল৷ তই ম’ লগত যাবি না
? লেটেকু পালেও লৈ আনিম৷’’

‘‘হ’ব৷ ব’ল এতিয়া৷ গা-পা ধুই ভাত খায়েই হংকালে ওলাই যাম৷’’

ফুটুকীয়ে হঠাতে মাত দিলে– ‘‘তেমেকা কাকা, ম’লৈ লেটেকু
আনিবি৷’’

‘‘অ আনিম আনিম৷ তই চিন্তা কঈবা নালাগে৷’’

দুয়ো ফুটুকীক ‘যাং এতিয়া’ বুলি কৈ ঘৰলৈ খোজ ল’লে৷

 

শেষ জেঠৰ আকাশত ট টকৈ জিলিকি থকা বেলিটোৱে আবেলিৰ দুৱাৰমুখত ভৰি থৈছে৷ এছাটি
বতাহ মৃদু লয়ত বলি থকা বাবে সিমান গৰম পৰা নাই৷ বেলিৰ মুক্ত পোহৰে চাৰিওফালে
উজ্জ্বল কৰি তুলিছে চকুত চাট মাৰি ধৰাকৈ৷

ভাত খাই তেমেকাই মাকক মৌ পাৰিবলৈ যোৱাৰ কথাটো কৈ সাজু হ’ল৷ হাতত দা এখন লৈ
সি খোজ দি বাটত উঠাৰ সময়তে কেৰ্পাই সেইখিনি পাই তাৰ লগ লাগিল৷ কেৰ্পাইৰ সোঁহাতত
এখন দা আৰু বাওঁহাতত এটা বাল্টি
৷ দুয়ো হাতীউঠা আটীলৈ বুলি খোজ ল’লে৷ দুয়োৰে
কঁকালত চুৰিয়া আৰু টঙালি৷ আৰু গাত একোটাকৈ বনিয়ন৷

তেমেকাই খোজ দি দি ভাবি গ’ল– পূৰ্ণিমা হ’বৰ হৈছেহি৷ এনে সময়ত মৌ বাহত বৰ ৰস
হয় বুলি সকলোৱে কয়৷ সিহঁতে নিশ্চয় মৌবাহ দুটাৰ পৰা বহুত মৌ পাব৷ সেই মৌৰে অলপ সি
ফুটুকীহঁতৰ ঘৰত দিব আৰু সৰহকৈ লেটেকু পাৰি আনি ফুটুকীৰ হাতত দিব৷ তাতে ফুটুকীয়ে
লেটেকুৰ কথা নিজেই কৈছে৷

নিজৰ গাঁওখন পাৰ হৈ তেমেকা আৰু কেৰ্পাই এখন পথাৰৰ মাজেৰে যাবলৈ ধৰিলে৷
পথাৰখনৰ সিপাৰৰ পৰাই  আৰম্ভ হৈছে হাতীউঠা
আটীটো৷ বহুত গছ-গছনি থকা এই আটীটোৰ পৰাই তেমেকাহঁতে প্ৰয়োজনীয় খৰি-খেৰ গোটায়৷

পথাৰখন পাৰ হৈ এটা লুংলুঙীয়া বাটেৰে তেমেকা আৰু কেৰ্পাই যাবলৈ ধৰিলে৷
বাটটোৰ দুয়োফালে ইকৰা-বিৰিণা৷ ফিৰফিৰিয়া বতাহে কঢিয়াই অনা বনৰীয়া ফুলৰ গোন্ধ এটা
তেমেকাৰ নাকত লাগিল৷ গোন্ধটো ভাললগা৷ অলপ দূৰ যোৱাৰ পাছত সিহঁত ওখ ওখ গছ থকা
এটুকুৰা ঠাইত উপস্থিত হ’ল৷ সিহঁত আৰু অলপ আগুৱাই গৈ এডাল গমাৰি গছৰ কাষলৈ গৈ
গছডালৰ ওপৰলৈ চালে৷ ওখ গমাৰি গছডালৰ তলফালে থকা এটা ডালত ওলমি আছে এবাহ মৌ৷
মৌবাহটোলৈ লক্ষ্য কৰি তেমেকাই ধৰিব পাৰিলে বাহটো ৰসেৰে ভৰি পৰিছে৷ মৌবোৰৰ কিছুমানে
বাহটোত ইফালে সিফালে বগাই ফুৰিছে৷ সিহঁতৰ পাখিৰ জিকমিকনি তেমেকাৰ চকুত পৰিল৷ সি
কেৰ্পাইক ক’লে– ‘মৌঅস ভালেমান পাম যেন লাগিছে৷ দে হুকান বাঁহ-খে’ গ’টাং৷’

তেমেকা আৰু কেৰ্পায়ে মৌবাহত জুই দিবলৈ কাষতে থকা শুকান খেৰ-বাঁহ, গছপাতৰ সন্ধান কৰিবলৈ ধৰিলে৷ শুকান গছৰ পাত, শুকান বিৰিণা
আৰু শুকান কাক বাঁহ গোটাই আনি সিহঁতে ৰাখিলে মৌবাহটোৰ ঠিক তলতে৷ কেৰ্পায়ে এডাল
বাঁহ কাটি মৌবাহটো ঢুকি পোৱাৰ সমানে এটা টুকুৰা কাটি তাৰ এটা মূৰত এবোজা শুকান
বিৰিণা বান্ধিলে৷ সি তাত জুই লগাই মৌবাহটোত লগাই পুতি দিয়াৰ লগে লগে তলত থকা শুকান
বাঁহ আৰু শুকান জাবৰবোৰত তেমেকাই জুই লগাই দিলে৷ মৌবোৰ যেনিতেনি উৰিবলৈ লোৱাৰ লগে
লগে দুয়ো তাৰ পৰা দৌৰি আঁতৰি আহি এঠাইত ৰৈ থাকিল৷ কিছু সময় পাৰ হোৱাৰ পাছত দুয়ো
লাহে লাহে মৌবাহ থকা ঠাইলৈ আগ বাঢ়িল৷ সিহঁতে ওচৰ পাই দেখিলে মৌবোৰৰ বেচিভাগেই
জুইত পৰি মৰিছে৷ কিছুমানে ইফালে-সিফালে উৰি ফুৰিছে কিন্তু মৌবাহত এটাও মৌ নাই৷ তলত
জ্বলাই থোৱা জুইকুৰাৰ ধোঁৱাৰ বাবে সিহঁত বাহটোৰ কাষ চাপিব পৰা নাই৷ কেৰ্পায়ে বাি
ŒI×টো কঁকালত বান্ধি গমাৰি গছডালৰ ওপৰলৈ উঠিল আৰু মৌবাহটো হাতেৰে এৰুৱাই বািŒI×টোত ভৰালে৷

এটা মৌ উৰি আহি তেমেকাৰ বাহুত শুং বিন্ধাই দি কোনোবাফালে উৰি গ’ল৷ সি লগে
লগে চিঞৰিলে– ‘‘কেৰ্পাই
,
মৌৱে বিন্ধিলে৷ আহ নামি আহ৷ ইয়াত থাকিবা
নোৱাঈ৷’’

কথাষাৰ কৈয়েই তেমেকাই দূৰলৈ দৌৰ লগালে৷ কেৰ্পায়ে গছৰ পৰা নামি তেমেকাৰ পিছে
পিছে দৌৰি আহি এঠাইত দুয়ো ৰ’ল৷ তেমেকা কেঁকাই উঠিল– ‘‘ওহ কি বিখ! এটা বিন্ধা খায়েই
চকুএ হঈয়হ ফুল দেখি গৈছং৷ আউ দুটামানে বিন্ধিলে মঈয়েই থাকিম যেন পাইছং৷’’

‘‘ব’মৌ, বিখ হ’বই৷ অলপ পাছত কমি যাব৷ মই টেঙা অলপ লগাই দিছং অ৷’’

‘‘ত’ক বিন্ধা নাই?’’

‘‘নাই ম’ক বিন্ধা নাই৷’’

কেৰ্পায়ে এডাল লেটেকু গছৰ পৰা কেঁচা লেটেকু এটা লৈ তাৰ বাকলিৰে তেমেকাই
বিন্ধা খোৱা ঠাইখিনিত ঘঁহি দিবলৈ ধৰিলে৷ তেমেকা কেঁকাই উঠিল৷

তেমেকাই বাল্টিটোলৈ চাই মাত দিলে– ‘‘বাল্টিটো ভঈবয়েই হ’ল
দেখোন৷’’

‘‘অ ভঈলেই বুলিব পাঈ৷ আউ মৌ নাপাঈলেও হ’ব৷’’

‘‘তেন্তে ঘূঈ যাং ব’ল৷’’

‘‘অ অ, ব’ল ঘূঈ যাং৷’’

তেমেকা আৰু কেৰ্পাই ঘৰলৈ বুলি খোজ ল’লে৷ হঠাতে তেমেকাৰ ফুটুকীলৈ মনত পৰিল৷
সি লেটেকু নি ফুটুকীক দিয়াৰ কথা ভাবিছিল নহয়! ফুটুকীয়েও বিচাৰিছিল৷ লেটেকু নি
নিদিলে ফুটুকীয়ে কম বেয়া পাব নে
? তাৰ প্ৰেয়সীক অসন্তুষ্ট কৰি সি তাৰ জীৱনলৈ
ধুমুহা মাতি অনাহে হ’ব৷ ফুটুকীয়ে বেয়া পোৱা কাম সি কেতিয়াও কৰিব নোৱাৰে৷ সি হঠাতে
ৰৈ দিলে– ‘‘কেপাই
, পকা লেটেকু নিবা লাগিছিল নহয়৷ ব’ল লৈ যাং৷’’

‘‘আহ এইফালে৷ এইফালে লেটেকু গছ কেইডালমান আছে৷’’

তেমেকাই কেৰ্পাইৰ পিছে পিছে গৈ লেটেকু গছৰ গুৰিত উপস্থিত হ’ল৷ সি বাহুত বিষ
লৈয়েই গছৰ ওপৰলৈ উঠিল আৰু পকা লেটেকু ছিঙি তললৈ পেলাবলৈ ধৰিলে৷ তলত কেৰ্পায়ে
লেটেকুবোৰ বুটলি কঁকালৰ টঙালিখন খুলি বান্ধিলে৷ তেমেকা গছৰ তললৈ নামি আহি কেৰ্পাইক
সুধিলে– ‘‘লেটেকুবো’ বান্ধা হ’ল না
?”

‘‘অ বান্ধা হ’ল৷’’

‘‘তেন্তে এতিয়া গৈহে থাকং৷’’

তেমেকা আৰু কেৰ্পাই খোজ দি এখন বেতনি থকা ঠাইত উপস্থিত হ’ল৷ কেৰ্পায়ে
বেতনিখনলৈ এবাৰ চাই তেমেকাক ক’লে– ‘‘মই হুনিবলৈ পাইছং আমি আগ’ দএ বেত কাটিবা
নোৱাঈম৷ এই বেত’ মহল না কিবা এটা খোলা হৈছে হেনো৷ চঅকাএ মালিক পাতি দিছে৷ হেই
মালিকক  পইচা দিহে কাটিবা পাঈম বোলে৷’’

‘‘বগা বঙাল চঅকাএ কিবো’ যে কঈ ফুঈছে নহয়৷ হকলোতে ক’ লগোৱাত লাগিছে৷ আমাক হুহি
হুহি খাইহে এঈব৷ আফুখেতি বন্ধ কঈছে
, বিল’ মালিক, বেত’ মালিক, আগ গছ’ও মালিক পাতি সকলোতে ক’ লগোৱাত লাগিছে৷ আমিবোএ মনে মনে থাকিলে নহ’ব
আউ৷ আমি পতিবাদ কঈবা লাগিব৷ চঅকাএ এনেকুৱা কঈ থাকিলে আমি বহি নাথাকিম৷ আমা’ হেই
আধও
¸ৱা যুদ্ধখন আক’ আঅম্ভ কঈবা লাগিব যেন পাইছং৷’’

‘‘ঠিক নাই৷ আঅম্ভ হ’বই যেন পাইছং৷’’

‘‘অ আঅম্ভ হ’ব৷’’

কথা পাতি পাতি দুয়ো গাঁৱত প্ৰৱেশ কৰিলে৷ সিহঁতক দেখিয়েই বাপুকণ উধাতু খাই
দৌৰি আহি আটাহ পাৰি উঠিল– ‘‘গম পাইছ না তন্তে
? আজি মৌজাদাঅ
মানুহ আমা’ গাঙলৈ আক’ আহিল৷’’

‘‘তা’পাছত? তা’পাছত কি হ’ল?’’– তেমেকাই
চিন্তিত ভাবেৰে সুধিলে৷

‘‘হিন্তে হকলো মানুহ ঘঅতে হুমাই গৃহস্থ নাম লিখিলে৷ কা’ ঘঅত কিমানটা ঘ’ আছে
তা’ হিচাপ ল’লে৷ পতিটো ঘঅ’ বাবদ হেনো ক’ দিবা লাগিব৷’’

‘‘এবা’ আহিল যেতিয়া আহিয়েই থাকিব৷’’– তেমেকাই গহীনভাৱেৰে মাত দিলে৷ ‘‘পিচে, ইন্তে বেচি বাহিছে৷ হেই তেতিয়া আহি কা’ ঘঅত কেইটা নাঙল আউ কেইখন কো’ আছে
হিচাপ লৈ গ’ল৷ এইবা’ ঘঅকো ধঈছে৷ ঘঅক’ ধঈবা লাগে কিয়া
?’’

‘‘মই কৈছিলং নহয় জংঘল’ বাঁহ-বেত’ ওপঅতো ক’ লগাইছে৷’’– কেৰ্পায়ে মাত দিলে৷
‘‘আমি জংঘল’ বাঁহ-বেত-কাঠেএ ঘ’ হাজিছং
, তা বাবে ঘ’ হিচাপত ক’ দিবা লাগে চাগে’৷’’

‘‘ইন্তে বহুত উঠিছে৷ আমা’ লক্ষণসিং হেনাপতি আউ¸ অজাবো’ নি(য়
বহি নাথাকে৷ কিবা এটা ব্যৱস্থা ল’ব৷ ব্যৱস্থা ল’বাই লাগে৷’’

‘‘হয় হয়, ব্যৱস্থা ল’বা লাগে৷’’– কেৰ্পায়ে লগে লগে তেমেকাৰ কথাক
সমৰ্থন কৰিলে৷ ‘‘নহ’লে ইন্তে আউ বেচি বাহি যাব৷’’    

 

তিনি

বেলিটো দুবেগেতমান মূৰৰ ওপৰলৈ উঠাৰ সময়তে বিলখনত ভালেসংখ্যক মুনিহ-তিৰোতাই
মাছ মাৰিবলৈ লৈছে৷ মানুহবোৰ কাৱৈমাৰি আৰু বতাবাৰী গাঁৱৰ৷ মানুহবোৰৰ মাজত তেমেকা
, তেমেকাৰ ভায়েক দেউৰাম আৰু কেৰ্পায়ো আছে৷ তেমেকা আৰু কেৰ্পাইৰ হাতত একোটাকৈ
পল৷ দুয়ো পলৰ চাব মাৰি মাৰি আগ বাঢ়িল৷ দেউৰামে নিজৰ পুৰঙনি জালখন পাতি একে ঠাইতে
ৰৈ থাকিল৷

তিৰোতাবোৰৰ মাজত কেৰ্পাইৰ আইতাক মনদৈয়ো আছে৷ তেওঁ তেমেকাৰো সম্পৰ্কীয়
আইতাক৷ তেওঁ তেমেকাৰ ভায়েক দেউৰামক দেখিয়েই মাত দিলে– ‘‘ঐ ম’ পয়েকটো
, তয়ো মাছলৈ আহিলি হ’বলা? মাছ পালে ম’ক’ দিবি দেই৷ ঘৈণীয়েঅক মাছ নিদি
কাকনো দিবি
?’’

মনদৈৰ কথা শুনি তিৰোতাবোৰে গিৰ্জনি মাৰি হাঁহিলে৷ দেউৰামে লাজকুৰীয়া
চাৱনিৰে এবাৰ তিৰোতাবোৰলৈ চাই নিজৰ পুৰঙনি জালখনৰ ফালে একেৰাহে চাই ৰ’ল৷ তাৰ লাজ
দেখি ৰস পাই মনদৈ আৰু তিৰোতা কেইজনীয়ে পুনৰ গিৰ্জনি মাৰি হাঁহিলে৷

তেমেকাৰ পলত কিবা এটা মাছ পৰিল৷ মাছটো পলৰ ভিতৰত যি ধৰণেৰে আস্ফালন কৰিছে
সেই অনুসৰি মাছটো ডাঙৰ হ’ব বুলিয়েই সি অনুমান কৰিলে৷ সি পলটো ভালদৰে হেঁচা মাৰি
হাত ভৰাই ধৰিব পাৰিলে এটা ডাঙৰ শ’লমাছ পৰিছে৷ কিছু সময় চেষ্টা কৰি সি শ’লমাছটোৰ
কোৱাৰিত ধৰি বাহিৰলৈ আনিলে আৰু লানিত সিয়াই ল’লে৷ তাৰ মাছটো দেখি মনদৈয়ে মাত দিলে–
‘‘এই বুহাটোৱে ডাঙ’ হলমাছ এটা ধঈলে দেই! তা’ হ’ল মাছটোও ডাঙ’ যেনেই পাইছং৷’’

মনদৈৰ ইংগিতপূৰ্ণ কথা শুনি তিৰোতাজাকে পুনৰ হাঁহিবলৈ ধৰিলে৷ তেমেকাৰ
খুৰীয়েক পতেশ্বৰীও তিৰোতাবোৰৰ মাজত আছে৷ শাহু সম্পৰ্কীয় মানুহজনীয়ে তেমেকাক
তেনেদৰে কোৱা শুনি ভাল নাপাই তেওঁ আনফালে আঁতৰি গৈ মাছ খেপিয়াবলৈ ধৰিলে৷ কাৰণ
তেমেকা তেওঁৰ পুত্ৰৰ লেখিয়া৷ তেওঁ আঁতৰি যোৱা দেখি এজনী তিৰোতাই মনদৈক ক’লে–
‘‘তইনো কি কথাবো’ কৈ আছ অ বাই
? ধেমালি কঈলেও এনেকুৱা কথা নক’বিচোন? ইয়াত খুঈয়েকো আছে৷’’

‘‘এ নাতি বুলিহে কৈছং আউ৷ বেয়া নাপাবি দে৷’’ তেমেকাৰ খুৰীয়েক আনফালে যোৱা
দেখি মনদৈয়ে পুনৰ মাত দিলে– ‘‘হি আঁতঈ গৈছে ভালেই হৈছে দে৷ মাছ মাআ ঠাইত বেয়া কথা
দুই-এষা’ ওলায়েই৷ হাহুৱেক থকা ঠাইত বোৱাঈয়েকবো’ নাথাকাই ভাল৷’’

তিৰোতাবোৰৰ কিছুমানে পিটনি এটুকুৰাত চাৰিওফালে আগুৰি লৈ মাজত থকা মেটেকা
আৰু জাবৰবোৰ আঁতৰাই আনি ভৰিৰে গচকি মাছ ওলাই যোৱাত বাধা দিছে৷ তাৰ পাছত মাজৰ অংশত 
খেপিয়াই খেপিয়াই মাছ ধৰিছে৷ মনদৈৰ লগত থকা তিৰোতাবোৰেও তেনেদৰেই মাছ ধৰিছে৷ হঠাতে এটা ডাঙৰ
মাছৰ গাত মনদৈৰ হাত লাগিল৷ তেওঁ চিঞৰি উঠিল– ‘‘ঐ চাবি দেই ব’ ডাঙ’ মাছ এটা আছে৷’’

‘‘হয় হয় আছে৷’’– আন এজনী তিৰোতাই মাত দিলে৷ ম’ হাততো লাগিছিল৷’’

তিৰোতাকেইজনী বৰ সচেষ্ট হৈ উঠিল৷ মনদৈয়ে এবাৰত মাছটোৰ মূৰত ভালদৰে হেঁচা
মাৰি ধৰিলে৷ কিন্তু তেওঁ মাছটোক ৰাখিব পৰা নাই৷ তেওঁ চিঞৰিলে– ‘‘ঐ তন্তে হহায় ক’৷
মাছটোক মই আখিব পাআ নাই৷ তন্তে জানই নহয় মাছৰ বল পানীত
, চেপাৰ বল
ঘানিত৷’’

দলটোত থকা আটাইকেইজনী তিৰোতাই মাছটোৰ ওপৰত উবুৰি খাই পৰিল৷ সকলোৰে সহযোগত
মাছটো ধৰি পাৰলৈ অনা হ’ল– এটা চাৰি সেৰমান ওজনৰ বৰালি মাছ৷ মনদৈয়ে দলটোৰ
তিৰোতাকেইজনীক ক’লে– ‘‘এই মাছটো হকলোৱে ভগাই ল’ম দেই৷’’

‘‘অ অ ভগাই ল’বা লাগিব৷’’– তিৰোতাকেইজনীয়ে মাত দিলে৷ ‘‘কাঅণ হকলোৱে লাগা
বাবেহে মাছটো ধঈবা পাঈলং৷’’

বিলখনৰ আন এফালে গাভৰুবোৰে জাকৈ মাৰিছে৷ সেই জাকৈয়া গাভৰুবোৰৰ ফালে তেমেকা
আৰু কেৰ্পায়ে পল মাৰি মাৰি গৈ থাকিল৷ গাভৰুবোৰৰ মাজত ফুটুকীও আছে৷ সি সেইফালে আগ
বাঢ়ি গৈ থকা দেখি মনদৈয়ে কাষত থকা তিৰোতাকেইজনীক ক’লে– ‘‘এই তেমেকা’ মন মই ধঈবা
পাঈছং৷”

লগে লগে তিৰোতাকেইজনীৰ প্ৰশ্নবোধক চাৱনি মনদৈৰ ওপৰত পৰিল৷ মনদৈয়ে পুনৰ মাত
দিলে– ‘‘এই তেমেকাই ফুটুকীক মন খায়৷ দেখিছ না হি পলৌ মাঈ মাঈ কেনেকে ফুটুকী’ কাষ
চাপি গৈছে
?’’

‘‘অ কথাটো ময়ো মন কঈ আছং৷’’– এজনী তিৰোতাই মনদৈৰ কথাক সমৰ্থন কৰিলে৷ ‘‘হিন্ত
কিছুমান কথা আমা’ কাণতো পঈছে৷’’

মনদৈহঁত পুনৰ মাছ ধৰিবলৈ বিলত নামিল৷ সিহঁতৰ দৃষ্টি মাজে মাজে তেমেকা আৰু
ফুটুকীৰ ফালে গৈ থাকিল৷

কেৰ্পায়েও তেমেকাৰ পিছে পিছে পল মাৰি আগ বাঢ়ি গ’ল৷ সিও পলৰে এটা শ’লমাছ
ধৰিছে৷ তেমেকাই বিলৰ পাৰত উঠি ফুটুকী জাকৈ মাৰি থকা ফালে খোজ ল’লে৷ কেৰ্পায়ে
আনফালে ঘূৰি পল মাৰি থাকিল৷

তেমেকা ফুটুকীৰ কাষত হাজিৰ হ’ল৷ তাক দেখিয়েই বতাহীয়ে মাত দিলে– ‘‘অ আধাক
দেখি কৃষ্ণ ঐ থাকিব নোৱআ হ’ল হ’বলা
? একেবাএ কাখ পালেহি৷’’

বতাহীৰ ইংগিতপূৰ্ণ কথা শুনাৰ লগে লগে গাভৰুজাকে গিৰ্জনি মাৰি হাঁহি তেমেকা
আৰু ফুটুকীলৈ চালে৷আজিকালি ডেকা-গাভৰুবোৰে তেমেকাক ফুটুকীৰ লগত যোৰা দি জোকাই
থাকে৷ উৎসৱ-পাৰ্বণবোৰত সিহঁত দুটা প্ৰায়ে লগ হৈ কথা পাতি থাকে
, যোৰ পাতে৷ সিহঁত দুটাৰ ধৰণ-কৰণ দেখিয়েই ইজনে সিজনক ভাল পায় বুলি মানুহবোৰে
ধৰিব পাৰিছে বুলি তাৰ অনুমান হয়৷সেইবাবেই সিহঁতক যোৰা দি জোকায়৷কিন্তু তেমেকাই
আজিলৈকে ফুটুকীক মনৰ কথা ক’ব পৰা নাই৷ তথাপি সি বুজিছে ফুটুকীয়েও তাক ভাল পায়৷

তেমেকাই ফুটুকীৰ কাষলৈ গৈ তাইৰ কঁকালত থকা খালৈটোলৈ ভুমুকিয়াই চালে–
খালৈটোৰ আধালৈকে মাছ ভৰিছে৷ মাছবোৰ পুঠি
, খলিহনা, গেদগেদী, কাৱৈ, গৰৈ আদি৷ তেমেকাই মাত দিলে– ‘‘ত’ খালৈ ভঈবই দেখোন!”

‘‘ঘঅলৈ ঘূঈবলৈ হময় হোৱা নাই৷ যাবা পঅলৈ ভঈব যেন পাইছং৷ তই কি পাইছ?’’

‘‘মই হ’ল এটা পাইছং৷ আউ¸ অলপ হময় পলৌ বাম৷ কিবা পাং নাকি চাংচোন৷’’

‘‘পাবি যা৷ পলৌ মাঅগৈ৷’’

‘‘অ তই জাকৈ বাই থাক৷’’

তেমেকাই ঘূৰি আহি পুনৰ বিলত নামি পল বাবলৈ ধৰিলে৷ পল বাই থকা কেৰ্পায়ে এটা
বৰালিও ধৰিছে৷ সি পল বাই বাই কেৰ্পাই থকা ফালে আগ বাঢ়ি গৈ থাকিল৷ হঠাতে তাৰ পলত
কিবা এটা মাছ পাৰিলত সি পলটো হেঁচা মাৰি ধৰি পলৰ ভিতৰত হাত সুমুৱালে৷ মাছটো চুই সি
ধৰিব পাৰিলে এইটো এটা মজলীয়া আকাৰৰ শ’লমাছ৷ সি মাছটো ধৰি আনি লানিত সিয়াই লৈ পুনৰ
পল বাই বাই আগ বাঢ়িল৷

এজন ধুতী-পাঞ্জাৱী পিন্ধা মানুহৰ লগত কেইবাজনো মানুহ বিলখনৰ ফালে আহি থকা
তেমেকাৰ চকুত পৰিল৷ সি পল বাবলৈ এৰি মানুহকেইজনলৈ অলপ সময় চাই ৰ’ল৷ ধুতী-পাঞ্জাৱী
পিন্ধা মানুহজনৰ লগত অহা মানুহকেইজনৰ হাতত আছে বাঁহৰ লাঠী৷ মানুহকেইজন আহি আহি
বিলৰ পাৰ পালে৷ লাখুটি লৈ অহা মানুহকেইজনৰ ভিতৰত এজনে মাছ মাৰি থকা মানুহবোৰলৈ চাই
চিঞৰি উঠিল– ‘‘ৰাইজ
, আপোনালোকে ইয়াত মাছ নামাৰিব৷ বিলৰ পৰা উঠি আহক, উঠি আহক৷ এইখন বিল ডাকত লোৱা হৈছে৷ এই বিলখনত আপোনালোকে মাছ মাৰিব নোৱাৰে৷
উঠি আহক
, উঠি আহক৷ ৰাইজ, শুনিছে নে নাই? উঠি আহক৷’’

মানুহজনৰ কথা শুনি মাছ মাৰি থকা মানুহবোৰে কি হৈছে ধৰিব নোৱাৰি পাৰলৈ উঠি
মানুহকেইজনৰ ওচৰলৈ যাবলৈ ধৰিলে৷ তেমেকা আৰু কেৰ্পায়ো মানুহকেইজনৰ কাষত হাজিৰ হ’ল৷
তেমেকাই চিঞৰি কথা কোৱা মানুহজনক সুধিলে– ‘‘কি হ’ল
? কি কৈ আছিলি?’’

‘‘আপোনালোকে এইখন বিলত মাছ মাৰিব নোৱাৰিব৷’’– ধুতী-পাঞ্জাৱী পিন্ধা মানুহজনে
এইবাৰ মাত দিলে– ‘‘এই
খনকে ধৰি আৰু দুখন বিল মই ডাকত লৈছোঁ৷ মই চৰকাৰক ডাকত
টকা দি এই বিল লৈছোঁ৷ এই বিলত মাছ-কাছকে ধৰি যিবোৰ বস্তু থাকিব সেইবোৰ এতিয়া মোৰ৷
আপোনালোকে ইয়াত মাছ মাৰিব নোৱাৰে৷’’

‘‘কিয়া নোৱাঈম?’’– বতাবাৰীৰ নগেনে প্ৰতিবাদ কৰি উঠিল৷‘‘আমি ইমান দিনে এই
বিলত মাছ মাঈ খাইছং৷ আজিলৈকে কোনেও একো কোৱা নাছিল৷ তই আজি আমাক মাছ নামাঈবলৈ কৈছ
কেলেই
? তই ক’লেই নহ’ব নহয়৷ আমি ডাক-চাক বুজি নাপাং৷ এই বিল কি
ত’ বাপেএ খান্দি থৈছিল
? এতিয়া তই মালিক হ’বলৈ আহিছ?’’

‘‘মালিক মানে চৰকাৰে মোক দিছে৷ মই আগতীয়াকৈ চৰকাৰক টকা দি লৈছোঁ৷ গতিকে
আপোনালোকে ইয়াত মাছ নামাৰিব৷’’

‘‘কি নামাঈম? মাঈম৷ আমি ইয়াত দস্তুমত মাছ মাঈম৷ কি কঈবি?’’– নগেনে কথাখিনি কৈ মানুহজনলৈ খঙেৰে চাই ৰ’ল৷

‘‘আপোনালোকে কথাটো বুজা নাই কেলেই?’’– মানুহজনে বুজনিৰ সুৰত
ক’লে৷ ‘‘আপোনালোক ইমান আঁকোৰ-গোজ হ’লে মই চৰকাৰৰ সহায় ল’ব লাগিব৷ চৰকাৰে তেতিয়া
চিপাহী আনি আপোনালোকক ধৰি নি জে
লত থব৷ তেতিয়া কিন্তু মোক দায়-জগৰ নধৰিব৷’’

চৰকাৰ আৰু চিপাহীৰ কথা ওলোৱাত নগেন অলপ পিছ-হুঁহকি গ’ল৷

‘‘তইনো কেলেই ডাকত ল’বা লাগে?’’– এইবাৰ তেমেকাই মাত
দিলে৷

‘‘চৰকাৰে নিয়ম কৰিছে বাবে ডাকত লৈছোঁ৷’’

‘‘চঅকাএ নিয়ম কঈছে বুলিয়েই এতিয়া আমা মুখ’ ভাতো কাঢ়ি নিবি নাকি? আমা’ পূব’পুউখে হৌ পুঅণি কালএ পআ ইয়াত মাছ মাঈ খাইছে৷ আমিও খাইছং৷ এতিয়া
আক’ মালিক ওলাইছহি৷’’

‘‘দে অ’ এইটোক মেখেলাএ কোবাং৷”– মনদৈৰ মাত শুনা গ’ল৷ ‘‘গম পোৱা নাই, মুখতে ঝঅঝআই এঈ দিম৷’’

‘‘আমি কি ইয়াত মাছ মাঈব নোৱাঈম?’’– তেমেকাই মানুহজনক পুনৰ
সুধিলে৷

‘‘বাৰিষা মাৰিলে মাৰিব পাৰে৷’’

‘‘বাঈখা এই বিলখন হাগ’ হেন হৈ থাকে৷ বিলখন ন’লায়েই৷ মাছ কেনেকৈ
মাঈম
?”

‘‘কেনেকৈ মাৰে সেইটো আপোনালোকৰ কথা৷ কিন্তু আঘোণ মাহৰ পৰা নোৱাৰিব৷ অৱশ্যে
আঘোণৰ পাছতো পাৰিব৷ কিন্তু তাৰ বাবদ মোক পইচা দিব লাগিব৷ এদিন মাছ মাৰিবৰ বাবে
কিমান পইচা দিব লাগিব মই ঠিক কৰি দিম৷’’

‘‘ইহ্‌ এতিয়া আমি পইচা দিহে বিলত মাছ মাঈ খাবা লাগিব?’’– মনদৈ দাউদাউকৈ
আগুৱাই আহিল৷ ‘‘চাং বোপাইটো মুখখন? এইখন মেখেলা দেখিছ
? এতিয়াই খুলি
লৈ চৌওপ চৌওপকে লগাই দিছং অ৷’’

মনদৈ মেখেলা খুলিবলৈ উদ্যত হ’ল৷

‘‘এই আবু, এই আবু৷’’– কেৰ্পায়ে আগুৱাই আহি মনদৈক ধৰিলে৷ ‘‘অ অ আবু, কি কঅ, কি কঅ!’’

মেখেলা খুলিবলৈ উদ্যত হোৱা আবুৱেক মনদৈক কেৰ্পায়ে যেনেতেনে ধৰি ৰাখিলে৷ গতি
বিষম দেখি মানুহজনে হাত যোৰ কৰি বৰ নম্ৰ স্বৰেৰে ক’লে– ‘‘মই আপোনালোকক অনুৰোধ
কৰিছোঁ৷ আজি মাছ মাৰিবলৈ আহিল যেতিয়া
, আজি মাৰক৷ পিছলৈ নাহিব৷ ইয়াৰ মাছ বিক্ৰী কৰি
মই চৰকাৰক দিয়া পইচাকেইটা উলিয়াব লাগিব৷ নহ’লে মোৰ গোটেই পইচা পানীত পৰিব৷
আপোনালোকৰ লগত কাজিয়া কৰিবলৈ মোৰ মন নাই৷ বাৰু আজি মাৰক৷ পাছলৈ নামাৰিব৷ এতিয়া
আহোঁ৷’’

মানুহজনে সেৱা জনাই উলটি খোজ ল’লে৷ তাৰ পিছে পিছে তাৰ লগৰীয়াকেইজন যাবলৈ
ধৰিলে৷ মানুহকেইজন কিছু দূৰলৈ আঁতৰি যোৱাৰ পাছতে মনদৈয়ে মাত দিলে– ‘‘ইন্তে ক’পআ
বিল’ মালিক ওলালহি অ! আজোককা দিন’ পআ এই বিলত মাছ মাঈ খাই বুঢ়ী হ’লং৷ মালিক দেখা
পোৱা নাছিলং৷ এতিয়া ভুটুংকৈ মালিক ওলাইছেহি৷’’

‘‘এইকেইজন নগাঙ’ ফাল’ মানুহ হ’ব৷ হিন্ত কথাতে ধঈবা পাঈ৷”

 ‘‘যএই মানুহ
নহক৷ এনেদএ বিল’ মালিক হ’বা আহিবা নালাগে নহয়৷’’

‘‘আবু৷’’– তেমেকাই মনদৈক বুজাবলৈ চেষ্টা কৰিলে৷‘‘এইবো চব কাম বগা বঙালবোঅ’
কাঅনে হৈছে৷ হিন্তেই বেত’ মহল
, কানি মহল, বিল’ মহল
কঈছে৷ আউ যে কি নকঈব হিন্তে
? মাটি খাজনা কেতিয়াবাতে বহালে৷ এতিয়া বাঈ
তামোল-পাণতো ক’ লগাব হেনো৷ মুঠতে আমাক হুহি খোৱা কামত বগা বঙালবোএ লাগি গৈছে৷’’

‘‘এহ্‌ বগা বঙালবোএ এনেকুৱা কাম কঈলে নহ’ব৷’’– মনদৈৰ মাতত অসন্তুষ্টি৷
‘‘হিন্তে আমাক মাঈব খুজিলে আমিও মাঈম৷ গম পোৱা নাই৷ আমা গাঙলৈ চিপাহী আহিলে মেখেলা
আউ বুতি বাঢ়নীএ কোবাই গাত দেও নোহোৱা কঈম৷’’

‘‘হ’ব আবু, হ’ব৷ এইবো বহুত কথা৷ মহলদাএ কৈ গ’ল আজি আমি মাছ মাঈবা
পাঈম বুলি৷ গতিকে চব কথা বাদ
, এতিয়া আক’ বিলত নাম৷ যিমান পাঅ মাছ ধ’৷’’

তেমেকাৰ কথা শুনি সকলোৱে পুনৰ বিলত নামিল৷

পুহ মাহ৷ আবেলি হ’ল৷ বিলত মাছ মাৰি থকাটো অসম্ভৱ হৈ আহিছে৷ তেমেকাই পলত এটা
বৰালি মাছো পাইছে৷ সি ‘আজিলৈ হৈ গ’ল’ ধৰণৰ মনোভাব এটা লৈ পাৰলৈ উঠিল আৰু তাতে শুকান
জাবৰ-জোথৰ
, ইকৰা-বিৰিণা গোটাই জুই ধৰিলে৷ সি জুইকুৰা ধৰা দেখি
কেৰ্পাইৰ লগতে দেওৰামো বিলৰ পৰা উঠি জুইৰ কাষলৈ আহিল৷

অলপ পাছত বিলখনৰ পাৰত কেইবাকুৰা জুই দেখা গ’ল৷ বিলৰ পৰা মানুহবোৰ উঠি জুই
পুৱাবলৈ লাগি গৈছে৷ ফুটুকী আৰু বতাহী তেমেকাই জ্বলোৱা জুইকুৰাৰ ওচৰলৈ আহি তাপ
ল’বলৈ ধৰা দেখি তেমেকাই ফুটুকীৰ কাষলৈ গৈ তাইৰ খালৈটোলৈ ভুমুকিয়াই চালে– মাছ
খালৈটোৰ ডিঙিলৈকে ভৰিছে৷ সি বতাহীৰ খালৈটোকো চাই দেখিলে তায়ো ফুটুকীৰ সমানেই মাছ
পাইছে৷

বিলত পৰি থাকোঁতে গাত যি তীব্ৰ জাৰ লাগিছিল সেয়া এতিয়া তেমেকাৰ গাৰ
পৰা আঁতৰি গৈছে৷ তাৰ লগত জুই পুৱাই থকা বাকীকেইজনৰো জাৰ আঁতৰি যোৱা বুলি
তেমেকাই অনুমান কৰি ক’লে–‘‘এতিয়া গৈ থাকাই ভাল নাকি
? ব’ল গৈ
থাকং৷’’

‘‘অ ব’ল৷’’– দেউৰামে টপৰাই মাত দিলে৷ ‘‘ম’ ব’ ভোক লাগিছে৷ আতিপুৱা খাই অহা
ভাত পেটত এটাও নাই যেন পাইছং৷’’

‘‘ব’ল ব’ল৷ গৈ থাকং৷’’– ফুটুকী আৰু বতাহীয়ে একেলগে মাত দিলে৷

তেমেকাহঁতৰ ঘৰমুৱা যাত্ৰা আৰম্ভ হ’ল৷সিহঁতৰ লগত লগ লাগিল গাঁৱৰ আন
গাভৰুবোৰো৷বিলখনৰ পৰা কিছু দূৰ অহাৰ পাছতে সিহঁত এটা লুংলুঙীয়া বাটেৰে লানি লাগি
যাবলৈ ধৰিলে৷সকলোৰে শেষত যাবলৈ লৈছে ফুটুকী আৰু তেমেকা৷ দুয়ো কথা পাতি পাতি গৈ
থাকিল৷বাকীবোৰ সিহঁততকৈ ভালেখিনি আগ বাঢ়ি গৈছে৷এবাৰত ফুটুকীয়ে তেমেকাক সুধিলে–
‘‘এইখন বিলত চাগে’ আমি আউ
 মাছ মাঈবলৈ নাপাম৷আজিয়েই হেখ¸ দিন৷’’

‘‘ইয়াত মাছ মাঈবলৈ নাহাই ভাল৷ মাছ মাঈবলৈ আহি জঞ্জালত পঈব লাগা হ’ব পাৰে৷ ডাক
নোহোৱা বেলেগ বিলতহে মাছ মাঈবা যোৱা উচিত৷ চঅকাএ ব’ বেয়া কাম কঈছে৷ সকলোবো’ বিলেই
মহলদাবোএ লৈ ল’লে আমি মাছ মাঈ খাবা বিলেই নাথাকিবগৈ৷’’

‘‘হয় দেই, কথাটো ব বেয়া হৈছে৷ পিছে, তই যে ম’ক কথা
এটা ক’ম বুলি কৈছিলি৷ ক’চোন৷’’

‘‘কি কথা? হেইদিনা পাছত ক’ম বুলি কোৱা কথাটো নাকি? আজি নকং দে৷’’

‘‘ক ক৷ তই ক’ম বুলি কোৱা দিনাএ পআ ম’ মনটোত এই কথাটো আহি আছে৷ মই হান্তি পোৱা
নাই৷ ক ক৷’’

তেমেকাই মৌন হৈ ভাবিলে– কথাটো ক’বলৈ তাৰ মনত সংকোচ উপজিছে৷ কিন্তু কথাটো
নক’লেও নহ’ব৷ সি মৰসাহ কৰি ক’বই লাগিব৷ সি মনলৈ সাহস আনি ক’লে– ‘‘ফুটুকী
, এইবা’ ত’ক ম’ ঘঅত হুমুৱাম বুলি ভাবিছং৷ তই মানিবি না?’’

তেমেকাৰ আগে আগে গৈ থকা ফুটুকীয়ে একো নকৈ মনে মনে গৈ থাকিল৷ তেমেকাই পুনৰ
সুধিলে– ‘‘তই মানিবি না ফুটুকী
?’’

এইবাৰো ফুটুকীয়ে একো মাত নিদি গৈহে থাকিল৷ তেমেকাই তাইক ধৰি তাৰ ফালে ঘূৰাই
তাইৰ মুখখনলৈ চালে৷ তাই তলমূৰ কৰি আছে৷ তেমেকাই সুধিলে– ‘‘ম’লৈ তঅ মন আছে না
?’’

ফুটুকীয়ে মূৰ দুপিয়াই সন্মতি প্ৰকাশ কৰিলে৷ লগে লগে তেমেকাৰ মনটো বিমল
আনন্দৰে ভৰি পৰিল৷ ফুটুকীয়ে তলমূৰ কৰিয়েই মাত দিলে– ‘‘কিন্তু বিয়া পাতি নিলে ভাল
পাম৷ নহ’লে আই-পিতায়ে মনত দুখ পাব৷ মই ঘঅ’ একমাত্ৰ হন্তান৷’’

‘‘হ’ব তেন্তে, বিয়া পাতি আনিম৷ চিন্তা নকঈবি৷ এতিয়া ম’ মুখলৈ চা৷’’

তেমেকাই ফুটুকীৰ থুঁতৰিত ধৰি মুখখন ওপৰলৈ উঠালে৷ তাই তেমেকাৰ মুখলৈ চাই
আনন্দৰ হাঁহি এটা মাৰি চাটকৈ ঘূৰিল আৰু তেমেকাৰ আগে আগে যাবলৈ ধৰিলে৷

তেমেকাৰ মনটো আনন্দত নাচি উঠিল৷ সি যাক প্ৰাণভৰি  ভাল পায় তায়ো তাক ভাল পায়৷ ইয়াতকৈ আৰু কিবা
আনন্দৰ কথা থাকিব পাৰে নে
?
তাৰ গা-মনত এক অনিৰ্বচনীয় পুলকে ঢৌ খেলিবলৈ
ধৰিলে৷ চাৰিওফালৰ জগতখন তাৰ দৃষ্টিত অনিন্দ্যসুন্দৰ হৈ ভাহি ফুৰিবলৈ ধৰিলে– ফৰকাল
আকাশখনৰ মাজে মাজে থকা শুকুলা মেঘবোৰ
, আকাশেদি উৰি যোৱা চৰাইবোৰ, আকাশৰ নীলা ৰংটো,
আনকি আবেলিৰ শেঁতা পৰা বেলিটোকো সি সুন্দৰ
দেখিলে৷ আগৰে পৰাই তাৰ মনৰ পৰ্দাত ফুটুকীৰ মুখখন ভাহি থাকে৷ তাইৰ কথা মনলৈ আহিলেই
আকাশ-বতাহ
, গছ-বন সকলোতে সি তাইৰ ছবিখন ভাহি উঠা দেখা পায়৷ কিয় এনে
হয়
? এয়েই নিশ্চয় প্ৰেম৷ এক অনিৰ্বচনীয় আনন্দৰ আৱেশত আজি তাৰ
ভৰি মাটিত নপৰা হৈছে৷ সি যেন ফুটুকীৰ পিছে পিছে উৰিহে গৈ আছে৷ হয়
, উৰি গৈ থকা যেনেই লাগিছে তাৰ৷ হয়, সি উৰি গৈ আছে৷

‘‘তেমেকা কাকা, গৈ থাক৷ মই ঘ’ পালং৷’’

ভাবত বিভোৰ হৈ থাকোঁতে কোন সময়ত গাঁৱত উপস্থিত হ’ল গমেই পোৱা নাছিল
তেমেকাই৷ সি টোপনিৰ পৰা খকমককৈ সাৰ পোৱাৰ দৰে বাস্তৱলৈ আহি মাত দিলে– ‘‘অ
, অচোন৷ আজি ত’ পআ কথাটো জানি ব’ ভাল পালং৷ হ’ব, ত’ কথা মতেই
বিয়া পাতি আনিম৷ এতিয়া গৈ থাক৷’’

ফুটুকী নিজৰ ঘৰলৈ বুলি যাবলৈ ধৰিলে৷ তেমেকাই বাটতে ৰৈ তাই যোৱাৰ ফালে কিছু
সময় চাই ৰ’ল৷

(আগলৈ)