নষ্ট সময়ৰ ইলিজি

 

                       প্ৰজ্ঞাপাৰমিতা বৰুৱা

                        

এদিন তেওঁ ক’লে-

আমি এৰাতিৰ বাবে সৌ পাহাৰৰ চূড়াটোলৈ যাম 

গছ আৰু আন্ধাৰৰ স’তে গান গাম, খেলিম, হাঁহিম আৰু কথা পাতিম…বহুত কথা। 

ইজনে সিজনৰ চকুলৈ চাই চাই পঢ়িম চকুৰ সিপাৰৰ অনেক দেওলগা সাধু, অনেক বুৰঞ্জী

এখিলা দুখিলাকৈ পাতবোৰ সৰি থাকিব গছৰ, বুকুৰ… 

এটি দুটিকৈ তৰা… 

কথাবোৰ বৈ থাকিব নিজৰাটোৰ কাষেৰে। 

ঘাঁহ আৰু মাটিৰ কিযে অমিয়া সুগন্ধ।

 আমি মাটিৰ উজ্জীৱনেৰে,শুই শুই আকাশলৈ চাম আৰু আকাশখনেও আমালৈ চাই থাকিব ওৰেটো নিশা।

মুকলিকৈ কোৱা হ’ব সকলো গোপন গল্প… 

ৰাতিৰ গল্প,

আন্ধাৰৰ, পোহৰৰ, জীৱনৰ। 

মুকলিকৈ খোৱা হ’ব প্ৰতিটো চুমা। 

ইমানবোৰ হোৱাৰ পিছত টোপনি নাহিবৰে কথা। 

সিদিনা পাহাৰটোকো শুবলৈ  অনুমতি দিয়া নহ’ব।

নৈখনেও শুনিব লাগিব আমাৰ সকলো কথা, কোনেও কেতিয়াও নপতা, কোনেও কেতিয়াও নুশুনা। 

সিদিনা নৈখনৰ চুলিত তেল সানি দিয়াৰ কথা,

সিদিনা নৈখনক গা ধোৱাই দিয়াৰ কথা, 

কেনেবাকে নৈখন টোপনি গ’লে ৰ লাগি চাই থকাৰ কথা…

নৈখনক কুঁৱলীৰ সাজেৰে কাপোৰ পিন্ধাই দিয়াৰ কথা। 

সাৰ পোৱাৰ আগতেই বনৰীয়া চৰাইজাকক জগাই দিয়াৰ কথা… 

ফুলি উঠাৰ আগতেই ফুলবোৰক চুই চোৱাৰ কথা…

বেলিটোক এটা চেল্যুট জনোৱাৰ কথা। 

আৰু বহু কথা… 

ইমানবোৰ কথা পতা হোৱাৰ পিছতো, ইমানবোৰ কাহিনী পাৰ হৈ যোৱাৰ পিছতো, ইমান মৃত্যু আৰু ইমান জীৱনৰ পিছতো, ইমান প্ৰেম আৰু ইমান অপেক্ষাৰ পিছতো, ইমান দূৰত্ব অথচ ইমান কাষতে থকাৰ পিছতো

যেতিয়া কথাবোৰ কথা হৈ নাথাকে… 

কথাবোৰ তেতিয়া আন্ধাৰৰ বৃত্ত এটাৰ মাজত ঘূৰি থাকে অহৰহ…কৃষ্ণগহ্বৰৰ বেদনা হয়, 

অৰ্থহীন হৈ হাহাকাৰ কৰে, ছিটিকি পৰে, উফৰি পৰে । 

কথাবোৰ ক্ৰমান্বয়ে শুকাই, কথাবোৰ ক্ৰমান্বয়ে মৰে

কিন্তু নজহে। 

কথাবোৰ কবৰ এটা হৈ শুই থাকে বুকুতে নিৰৱে নিতালে 

তেতিয়াও

এখিলা দুখিলাকৈ পাতবোৰ সৰি থাকে গছৰ , বুকুৰ… 

এটি দুটিকৈ তৰা… ।

ঠিকনা :

কাৰ্বি আংলং

ফোন : ৭০০২৭২৩০১৮