চিলিক’ছিছ

  স্বপ্নালী কলিতা

সোণাইৰ দেউতাকৰ থাকোতে

দহোটা আঙুলিয়েই আছে

কামতো পাৰ্গত

পিছে শিলবোৰে ছাঁ দিয়াৰ পৰা�

দহোটা নখেই মৃত্যুবৰণ কৰিলে

লাহে লাহে���

থাকোতে কাণদুখনো আছে���

নিজৰ ঠাইতে�

বাটে-ঘাটে খবৰো সোধে দুই-এজনে�

কাণ এখন আগবঢ়াই দিয়ে 

সোধোঁতালৈ�

শিলবোৰে যেতিয়া নিজৰ আকাৰ সলায়�

কুৱেৰীত সপি দিয়ে নিজক

চিঞৰি চিঞৰি কান্দিবই

সেইবুলি সোণাইৰ বাপেকে ��

আমনি পালে হ’বনে �

শিলেইটো অতকাল দি আছে ছাঁ

চকুদুটাৰ বিনামূলীয়া �

অস্ত্ৰোপ্ৰচাৰ কৰাব বোলে

কথাটো ল’ৰালৰিয়ে�

অৱশ্যে একেলগে সপ্তাহৰ

ৰোজ যোগাৰৰ প্ৰসংগটো

আৰু ল’ৰালৰি�

সোণাইৰ দেউতাকৰ

আক্ষেপো নাই

নাই ভ্ৰুক্ষেপো�

শৰীৰৰ চমকাচমক দাগবোৰৰ 

পোৰণি বৰ বেছিদিন নাথাকে

থাকে ৰংটোহে�

পেটৰ পোৰণি পিছে

বৰ আহুকলীয়া

সহিব নোৱাৰি

নেদেখি 

পোৰণিৰ পাছৰ ৰং��

চলি যায় সকলো�

মানে চলি আছিল সকলো����

শিলবোৰ�

শিলৰ তলৰ জুইকুৰা

শিলৰ কান্দোন

এই আটাইবোৰ মিলি �

সোণাইহঁতৰ মূৰৰ ওপৰত ছাতি

এটা হৈছিল

দেউতাকে কৈছিল–

“সেইখনেই সিহঁতৰ আকাশ”��

পিছে সোণাইৰ দেউতাকে এইবাৰ�

বুকুখন একাষৰীয়া কৰিব

নোৱাৰিলে

আঙুলি কাণ আৰু চকুৰ দৰে�

চিলিকণে খামোচা মাৰি ধৰিলে�

বুকুত

কথাবোৰ ছাতিৰ তলৰ পৰা

আঁতৰি আহিল��

সোণাইৰ দেউতাকে

সপোনত দেখিলে–

সেই খামোচাটোত

জুইৰ  ফিৰিঙতিবোৰ �

উৰি ফুৰিছে 

চাৰিওফালে

গগন ঠিকাদাৰে কপালৰ ৰেখা

থুপ খুৱাই 

উচ্চাৰিলে

                          ***

 চিলিক’ছিছ – চিলিকাৰ ধূলি উশাহত সোমোৱাৰ ফলত হোৱা এটা দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ। বিশেষকৈ শিলৰ কুৱেৰীত শ্ৰমদান কৰা শ্ৰমিকসকল এনেৰোগৰ স্বীকাৰ হয়।

ঠিকনা :

বৰটিং নাওশলীয়া

গোলাঘাট