স্বৰলিপিবিহীন কান্দোন

 গীতিমণি গোস্বামী(বৰঠাকুৰ)


 

চুপতি মাৰিবলৈ ভাল
নিৰ্মলৰ লগত …

কথাবিলাক ইয়াত বুৰবুৰণি
ওলায়৷ য’ত বুৰবুৰণি থাকে, তাত নিৰৱতাবোৰো কথা৷ যদিওবা মাজে মাজে নিস্তব্ধতা আহে তথাপি
তাত পতা কথাবোৰেই ভিতৰখন খান্দে৷ বহু সময়লৈকে কথাবোৰ জিনজিনাই থাকে৷ কাঁহৰ বাতি এটা
পকাত পৰি নিজে নিজে জীণ নোযোৱালৈকে থকা সময়খিনিৰ দৰে৷

  বাইপাছত মোৰ এটা ঘৰ থকাহেঁতেন … ওপৰত এটা আহল-বহল বেলকনি
… আৰামী ঝুলনা, গৰম চাহ-কফি … নিশাৰ জোনবাই আহি তাতে, কবিতা আৰু হুমুনিয়াহবোৰো
তাতে … গুণগুণ গানবোৰো তাতে … ভিন্নৰঙী ব’গেনভেলিয়াবোৰো তাত সুগন্ধিত হ’বলৈ মন
কৰিলেহেঁতেন – মই নিৰ্মলৰ গাড়ীৰ খিৰিকিৰে মুখ উলিয়াই কৈ যাওঁ৷
 

 এদিন তাতো তোমাৰ আমনি লাগিব … কিজানি আন কাৰোবাক তুমি সেউজ
পাহাৰৰ দাঁতিত পাহাৰী ঝৰ্ণা এটাৰ কাষত, মানুহ-দুনুহ নথকা পৰিৱেশ এটাত ঘৰ এখন পতাৰ সপোনৰ
কথা ক’বা …. ৷ মই হাঁহিলোঁ৷ নিৰ্মলৰ কথাবোৰে বুৰবুৰণি নোতোলাকৈ নাথাকিল৷

নিজৰ খাতিৰতে নিৰ্মলক
মই লগ ধৰিছোঁ৷ নিৰ্মলৰ বয়স হৈছে৷ বয়স ঢাকিবলৈ তেওঁ কৰা প্ৰচেষ্টাবোৰেও ক’ৰবাত হাৰ মানিছে৷
নিৰিবিলি কোলাহলশূন্য পৰিৱেশ এটাৰ  মোৰ বৰ প্ৰয়োজন
হৈছে৷

নৈৰ ঘাট পাওঁ মানে
বেলিটো বুৰ গৈছিল৷ বেলিৰ সুমথিৰা বৰণৰ স্বাদখিনি লেহন কৰিবলৈ আমি আয়োজন কৰোঁ মানে আকাশখনে
অচিনাকী ৰং এটা ধাৰণ কৰিছিল৷ বৈচিত্ৰ্য নাই ক’তো৷ সময় আৰু চিন্তা-অনুভূতিয়ে অনা পাৰ্থক্যৰ
বাদে জীৱন নদীখনো একেই, গতিশীল হৈও কিবা স্থবিৰ৷

বাৰিষাৰ ভৰা লুইতখন
এতিয়া শুকান৷ দূৰত দেখা শেষ ফেৰীখন আহি আহি ঘাট চপালৈকে আমি দুয়ো লুইতখনকে চাই থাকিলোঁ৷
ঘাট নচপালৈকে ঘাট চপাৰ হেঁপাহ এটা থাকে অথচ ঘাট চপাৰ পাছত সেই সৰু হেঁপাহৰ কথা কেতিয়াও
আৰু ভবা নহয়৷ জীৱনৰ কিছুমান হেঁপাহ ক্ষণিকৰ বাবে হ’লেও তাৰ তীব্ৰতা কম হোৱা নুবুজায়৷
নিৰ্মলক এনেকৈ লগ পাই কথা পতাৰ ইচ্ছাটোও মোৰ তীব্ৰ হৈও ক্ষণিক মই নুবুজাকৈ নাথাকিলোঁ৷

হঠাৎ নিস্তব্ধ নদীপাৰটো
চিঞৰ আৰু কোলাহলত বুৰ গ’ল কিছু সময়৷ পাৰ হ’বলৈ ইমান ব্যগ্ৰতা মানুহৰ! গাড়ী, বাইক, মানুহ
… তড়িৎ গতিত আঁতৰি গ’ল সকলো৷ উদং ফেৰীখন নিস্তব্ধ হৈ তলকা মাৰি পানীতে ওপঙি ৰ’ল,
আগন্তুক এটা কোলাহলপূৰ্ণ দিনৰ অপেক্ষা লৈ৷

নিৰ্মলৰ কবিমন এটা
আছে৷ কথাবোৰো কবিতা যেন৷ ওখ টিং এটাত বহি বহি আমি কথা পাতোঁতে তেওঁৰ শেহতীয়া কবিতাটো
মোক পঢ়ি শুনালে৷ প্ৰেম কবিতা … মই হাঁহি হাঁহি 
সুধিলোঁ৷

  নদীয়ে নিজে ভাঁজ লয় … তুমি জোৰ কৰি আন দিশে নিব নোৱাৰাঁ৷ নিৰ্মলৰ
কথাবোৰ মই বুজিলোঁ নে নুবুজিলোঁ দুনাই নিজক নুসুধিলোঁ৷

             খৰালিৰ কথাবোৰ তেনেকুৱাই হয়৷ বাৰিষাৰ কথাবোৰতো আৰু ইয়াৰ লগত
নিমিলে৷

মই ক্ষন্তেক ৰৈ ক’লোঁ

মই এগৰাকী বিশেষভাৱে সক্ষম এটি আঠবছৰীয়া ল’ৰাৰ মাক৷ এই পিন্ধি
অহা শাড়ীখন পিন্ধাৰ আগতে মই বাদামী ৰঙৰ এখন শাড়ী পিন্ধিছিলোঁ৷ আহিবৰ সময়ত সি আহি গাতে
প্ৰস্ৰাৱ কৰি দিলে৷
 

প্ৰস্ৰাৱৰ চোকা গোন্ধটো তেতিয়াও মোৰ নাকত৷
কবিতাৰ গোন্ধ তাত সোমাবলৈ সময় লাগিছিল৷ নিৰ্মলে বুজিয়েই নেকি নিস্তৰংগ পানীখিনিলৈ শিলগুটি
এটা দলিয়াই দিলে আৰু ক’লে –

জ্বলিৰ লগত মোৰ সম্পৰ্ক প্ৰায় শেষ৷ ল’ৰা দুয়োটা দিল্লীতে৷ ইয়াৰ
পাছত মই একেবাৰে গাঁৱৰ ঘৰখনলৈ যামগৈ৷ মাৰো বয়স হৈছে, বিয়া নোহোৱা ভনীজনীও আছে …৷
 

মই নিৰ্মলহঁতৰ গাঁৱৰ
ঘৰখনৰ পিছ চোতালৰ জেকা মজিয়াত নিজক এবাৰ বহুৱাই চালোঁ৷ বৃদ্ধা মাকৰ প্ৰস্ৰাৱৰ চৰিয়াটো
পানীপোতাত ওলোটা হৈ পৰি আছে৷ পুৰণি গাখীৰৰ টেকেলি এটাও পৰি আছে তাৰ কাষতে৷ পুৰণি দৰৱৰ
এশাৰী বটল পিৰালিত৷ কেঁচা পাকঘৰৰ জুহালত জুপুকা মাৰি আছে ক’লা মেকুৰী এটা৷ নিৰ্মলৰ
বিয়া নোহোৱা ভনীয়েকজনীৰ শ্ৰীচেহেৰা নোহোৱা শৰীৰত মলিয়ন নাইটি এটা৷ নিৰ্মলৰ কবিতা লিখা
হাতখন ক্ৰমাৎ চিঞা হৈ ওলমি গৈছে৷ পানীত পৰি থাওনি নোপোৱা মানুহৰ দৰে মই জিকাৰ খাই উঠিলোঁ৷

“ব’লা … উভতি যাওঁ
ইয়াৰ পৰা … কিবা এন্ধাৰ এন্ধাৰ লাগিছে … শুকান শুকান লাগিছে৷”   মোৰ বাহুৰ
পৰা হাতখন নমাই নিৰ্মল সচেতন হৈ উঠিল৷

বাই বাই দি মই নিৰ্মলৰ
গাড়ীৰ পৰা নামিলোঁ৷ প্ৰেম কবিতাৰ দুই এটা শাৰী অৱশ্যে মনত ৰাখিলোঁ৷

অশ্বক্লান্তাৰ শিল
এছটাত বহু বছৰ আগতে মই আন এটা নিৰ্মলক আনি বহুৱাইছিলোঁহি৷ তেতিয়া নাটক কৰোঁ, হাহোঁ,
নাচোঁ৷ কাৰোবাৰ পত্নী হওঁ, মাতৃ হওঁ, প্ৰেমিকা হওঁ৷ বিশ্ববিদ্যালয়ৰ আটাইতকৈ উজ্জ্বল
মুখখন নিৰ্মলৰ আছিল৷ একান্ত নিজা কথা কিছুমানে বৰ ভিৰ কৰিছিল মোৰ মাজত তেতিয়া৷ কথাবোৰ
পাতিবলৈকে তাক জোৰ কৰি অশ্বক্লান্তাত সূৰ্যাস্ত চাবলৈ লগ ধৰিছিলোঁ৷ বহিব নোখোজে সি,
কিবা অস্থিৰ৷ ডাঠ ফ্ৰেমৰ চচ্‌মা, বুদ্ধিদীপ্ত চকু, মেজাজী মন, বিশৃংখল চুলি৷

“কোৱাঁ কিয় মাতিছিলা
…” তাৰ চকু তেতিয়াও নদীৰ গতিধাৰাত৷

“এনেয়ে…!” মোৰ
চেপা কণ্ঠ।

“এনেয়ে! অথচ কৈছিলা
বহুত কথা আছে তোমাৰ” তাৰ চকুত আশ্চৰ্য৷

কি কথা ক’ম মই উৱাদিহ
হেৰুৱাইছিলোঁ৷ মনৰ ভিতৰখনতো আৰু ছটিয়াই দিব পৰা চাউল নহয়৷ লাগিলে গেদ হৈ পৰি থাকক,
লাগে ভেঁকুৰ হৈ পচি থাকক, সেইবুলি …
 

আমি ফুচকা খাইছিলোঁ,
ঝালমুড়ি গলিয়াইছিলোঁ৷ চুঙাত পোৰা গাহৰি মঙহৰ সোৱাদ লৈ লৈ নিৰ্মলে হোষ্টেলৰ ৰসাল কথাবোৰ
ৰহণ সানি কৈছিল৷ তাৰ ৰসিকতাত মই যে কিমানবাৰ তাৰ গাত ঢলি পৰি যোৱাকৈ হাঁহিছিলোঁ৷ মাজতে
সি তাৰ নতুন প্ৰেমিকাৰ গুণ-গানো গালে৷ দেউতাকে নীলাচলৰ উত্তৰ পাৰে আধা পাহাৰ তাইৰ নামত
কিনি ৰাখিছে৷ মুঠ ১৫ টা ভাড়াঘৰৰ এমাহৰ ৰেণ্ট দুইলাখ পঁয়সত্তৰ হাজাৰ টকা সিহঁতৰ একাউণ্টত
জমা হয়৷

“বঢ়িয়া ! তোমাৰ আৰু
চিন্তা নাই …” মাংসৰ টুকুৰা এটা মোৰ দাঁতত লাগিছিল৷

“এইবোৰে তোমাৰ সৃষ্টিশীল
মনটোক প্ৰেৰণা দিয়েনে?”

মোৰ প্ৰশ্নত তাক
বিব্ৰত হোৱা যেন লাগিছিল৷ নাটকতকৈ জীৱন বিশাল৷ অৰ্থ আগত৷ কাব্য, নাট  তাৰ পিছত৷ য’ত সাহিত্য ভাগৰিব তাত জীৱনে চেগ চাই
ডিঙিত ধৰিবহি …  সি কিজানি তেনে এষাৰ ক’বলৈকে
ভাল পালেহেঁতেন; পিছে সি একো নক’লে৷ বৰং দাঁতত লাগি থকা মাংসৰ টুকুৰাবোৰ খুঁচৰি থাকিল৷
এই একো নোকোৱা সময়খিনিয়েই মানুহৰ সঁচা কথা কোৱাৰ পূৰ্ণ সময় আছিল, সেয়া জানিও মই একো
নক’লোঁ৷ তাৰ কঠিন হাতখন মই মোৰ হাতৰ মাজলৈ সুমুৱাই আনিলোঁ৷ কোমল উত্তাপ এটাত সিও শিঁয়ৰি
উঠা যেন লাগিল৷ মাংস খোৱা তাৰ হাতখনত তেতিয়াও সেই গোন্ধটো মাৰ যোৱা নাছিল৷ আজিও মাংস
খালে নিৰ্মলৰ সেই হাতখনৰ গোন্ধটো পাওঁ!

শেষ পৰীক্ষা দি উঠিছোঁ
কি নাই, পাখি কটালি স্থিৰ হৈছোঁ কি নাই, ঘৰলৈ যাবলৈ উপৰ্যুপৰি ফোন কল৷ খুৰীৰ ভাগিনীয়েক
… দিল্লীত চাকৰি … দিন-বাৰ চাই দুগাড়ী মানুহে মোৰ অনামিকা আঙুলিত গধুৰ খাটি সোণৰ
আঙুঠি এটা আঁৰি দিলেহি৷

“কথা এটা মোৰ ক’বলগীয়া
আছিল৷” অচিনাকি এইজন নিৰ্মলক মই কাতৰ স্বৰেৰে কৈছিলোঁ৷

“গোটেই জীৱন কথা
পাতিম … অ’কে? …. লাভ য়ু…” তেওঁ ফোনটো কাটি দিছিল৷

কানেক্‌টেড
…… নিৰ্মল …… এটা কানেকশ্বন৷

যেন গতানুতিক চিনেমাৰ
প্ৰেমিক-প্ৰেমিকাৰ সাক্ষাৎ … কিতাপ এবোজা হাতত লৈ সজোৰে খুন্দা মাৰিছো এজন অচিনাকি
যুৱকক … যুৱকে সিঁচৰতি হৈ থকা কিতাপ-বহীবোৰ গোটাই দিছে … চকুত চকু … বে
কগ্ৰাউণ্ডত  মিউজিক … কথা-বতৰা … কানেক্‌শ্বন৷ কানেক্‌শ্বন
যিমান তীব্ৰ হ’ব, সিমান লেহুকা, ঢিলা, সোলোক-ঢোলোক! নিৰ্মলৰ আগ নাজানো, গুৰি নাজানো
অথচ হোমৰ ধোঁৱাই এদিন দুয়োটাৰে চকুপানী উলিয়ালে … হাতত হাত থৈ বেদমন্ত্ৰ শুনিলোঁ
… দীঘল উৰুলিবোৰে বুকুখন বাৰে বাৰে চকিত কৰিলে৷ ৰঙা গোলাপৰ পাহিবোৰে ক’লে – আহ !
আমি তহঁতহালৰ চেপাৰ বাবে ৰৈ আছোঁ৷ সিহঁতকো সন্মতি দিলোঁ … কানেক্‌টেড্‌ …৷
 

চোঁ মাৰি নিয়াদি
নি দিল্লীৰ মডেল টাউনৰ চি ব্লকৰ ১০৭ নং কোঠাত মেলি দিছেহি৷ বোৱাৰীৰ সাজ দলিয়াই মোট
সলাইছোঁ৷ বেলকনিৰ টাবত গোলাপত পানী দিছোঁ৷

“মোৰ কথা এটা ক’ব
লগা আছিল …” মই উচপিচাইছিলোঁ৷

নিৰ্মলৰ ফোন …
“ আজি মোৰ লেট হ’ব৷”  

নিৰ্মলৰ ফোন – “নাকান্দিবা,
আজি ইভিনিঙত ফুৰিবলৈ যাম …”

নিৰ্মলৰ ফোন – “এইবোৰ
ইজি মেটাৰ৷ তুমি লিবাৰেল হ’বই লাগিব৷”

নিৰ্মলৰ ফোন – “এজ
য়ু ৱিশ্ব … নাথিং টু ছে
 …”

লিবাৰেল … লিবাৰ্টি
… শব্দকেইটা আওঁৰাই থাকো মানে এটা বছৰ পাৰ হৈছিল৷ নিৰ্মলৰ মাকৰ মতেই নতুন ‘ভাল খবৰ’ৰ
বাবে শনিবাৰে ব্ৰত, মংগলবাৰে হনুমান চালিচা, বৃহস্পতিবাৰে সাইবাবা … আঁউসী, পূৰ্ণিমা
নিশিপালন …৷ বান্ধৱী সুজাতাৰ সুবচন – গৰ্ভনিৰোধক পিল নাখাবলৈ৷ পাছত হেনো বৰ ঝামেলা৷
নিৰ্মলৰ মণিপুৰী বান্ধৱীজনী এদিন আহি ঘৰ পালেহি৷ মদৰ নিচাত গোৰ মাৰি মোক ক’ব পৰা হ’ল
… “চালি তই …৷ ৰাতি ৰাতি মদ খাই আহি শুই পৰা নিৰ্মলৰ পিনে পিঠি দি প্ৰতিদিনে এঘণ্টা
মই হাঁহি হাঁহি মালৈ ফোন কৰোঁ৷ ইমান হাঁহিবোৰ ক’ৰ পৰা ওলায় মই নিজেও নাজানিলোঁ৷

নাজানিলোঁ হাঁহিৰ
প্ৰেমত পৰা মানুহবোৰ ক’ৰপৰা যে আহি মোক আঁকোৱালি ল’বলৈ হাতৰ বাহু মেলি দিব পৰাকৈ মই
সহজ গঢ়ৰ সাজ পিন্ধিলোঁ!

সহজ আৰু মিঠা ব্যৱহাৰেৰে
এদিন কলিগ হৰবিন্দক মুহিলোঁ৷ হৰবিন্দই সেইবাবেই এদিন যেতিয়া পাঞ্জাৱৰ তাৰ গাঁওখনলৈ
লগ ধৰিলে মই আপত্তি নকৰিলোঁ৷
 

চকুৰে মণিব নোৱৰাকৈ
বিশাল খেতিপথাৰ, টঙীঘৰ, পুখুৰী, কলখেতি৷ ভিতৰৰ জঠৰতা দলিয়াই মই শিশু হৈ পৰাৰ দিন আছিল
সেইবোৰ৷ হৰবিন্দ পাহোৱাল ডেকা, স্পৰ্শকাতৰ মন, পুৰুষ পুৰুষ গোন্ধায়৷ পুখুৰীৰ দলঙত বহি
আছোঁ৷ ভৰিৰ তলুৱাত জীয়া মাছবোৰে খুটিয়াইছেহি৷ তাৰ পাহোৱাল ভৰিকেইটাই মোৰ ডুবি থকা চৰণ
দুখন নিজৰ চৰণ দুখনেৰে বাৰে বাৰে তুলি ধৰিছেহি৷ সাঁতুৰি থকা বগা ৰাজহাঁহবোৰে আমাক চাই
চাই কিবা কৈছিল যেন৷ কি জানো ভাবি মই প্ৰাণৰ গাগৰিটো উবুৰিয়াই বাকি দিছিলোঁ৷ কলকল চকুপানীৰ
ধাৰ এটাক সি সামৰি লৈছিল৷ দলংখন ভাগি যোৱাকৈ গধুৰ হৈ পৰিছিল৷ ভাগি পৰক। সাঁতুৰিব নজনা
মোৰ সলিল সমাধিও কিমান ৰমণীয় হ’ব! দিল্লীত নিৰ্মল লিবাৰেল হৈ থাকক আৰু জীয়া ফাঁকি হৈ
পৰক মোৰ মৃত্যু৷ অৱশ্যে তেনে একো নহ’ল৷ বনৰীয়া আৱেগ এটাৰে নিজক উজাৰি দিলোঁ৷ বছৰ ধৰি
বান্ধি ৰাখিও তাক পুনৰাই মোৰ মাজত অংকুৰণ ঘটাব নোৱৰাৰ অক্ষমতাত কাতৰ ভিক্ষাৰীৰ ভংগিমাত
তাৰ ওচৰত থিয় দি ৰ’লোঁ৷ তেতিয়ালৈ কথাবোৰ বেলেগ হৈছিল৷ ঘৰখনক সন্তুষ্ট কৰিবলৈ আমি ল’ৰা
এটা তুলি লৈছিলোঁ৷ নিৰ্মল আৰু আমাৰ ঘৰৰ পৰিয়াল আহি ধুম-ধামেৰে তাৰ অন্নপ্ৰাশন পাতিছিলোঁ,
ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা ফটোত সহস্ৰাধিক লাইক-কমেণ্ট পাইছিলোঁ, পাৰ্টিত ৰং মিলাই
কাপোৰ পিন্ধিছিলোঁ, সকলোকে ছাৰপ্ৰাইজ দি নিৰ্মলে মোক সেইদিনাই এখন গাড়ী উপহাৰ দিছিল
… ইমান যে হাঁহিছিলোঁ৷

ইমান যে আইৰনি জীৱনবোৰৰ
…!

হঠাৎ খেলিমেলি লাগিছিল
… নিৰ্মলে তেজ বমি কৰিছিল … দৌৰাদৌৰি … হস্পিটেল … ভেণ্টিলেশ্বন …

দাহ-সংস্কাৰ ময়েই
কৰিব লগা হৈছিল৷

হৰবিন্দ, মে ক্যা
কৰো অব … মোৰ কম্পিত কণ্ঠ৷

ঘৰ যা … অব ঔৰ
ক্যা …

হৰবিন্দৰ শীতল কণ্ঠ
… অপ্ৰত্যাশিত আছিল মোৰ৷ মৰিশালি যেন এখন ঘৰলৈ মই উভতি আহিছিলোঁ৷ কমৰঙী সাজযোৰ এৰি
মই পুনৰ মোক বিচাৰিলোঁ৷

কিহৰ বিষাদত, কিহৰ
পৱিত্ৰতাৰ সাক্ষী হৈ মই গাখীৰ হেন সাজযোৰ গাত আঁৰিম!

মিছা আছিল আদিতে…
মিছাক ঢাকিবলৈ কৰা আয়োজনত মিছাৰ সমদল লাগিছিল৷

মিছা ক’বলৈ বাধ্য
কৰাইছিল তথাকথিত সমাজে৷ বাধ্য কৰাইছিল নিৰাপত্তাহীন ভৱিষ্যতৰ দুঃস্বপ্নই৷ বাধ্য কৰাইছিল
অন্তৰাত্মাৰ নিভৃতত থকা নাৰীজনিত আকাংক্ষাই৷

মিছাৰে য’ত জীৱন
আৰম্ভ তাত সঁচাৰ স্থান টুটি আহে৷ সঁচাবোৰে তাত মূৰ দাঙিলে বিৰোধ কিম্বা হতাশা আহিব৷
মিছাবোৰক সত্যৰ গঢ় দিবলৈ লাগে গৰ্ভাশয়ত থকা সন্তানৰ দৰে নিৰাপদ আৱৰণ; এখন মমতাময় হাত৷
 

মিছা আছিল মোৰ প্ৰস্ফুটিত
যৌৱনৰ ঢাক-ঢোল … মিছা অৱৰণ পিন্ধি যাৰ তলত আশ্ৰয় বিচাৰি ঢাপলি মেলিছিলোঁ, তেওঁক পাইছিলোঁ
মিছাৰ খলনায়কৰ ৰূপত৷ মিছা আছিল সুখী দাম্পত্য জীৱনৰ বাহ্যিক লয়লাস … মিছা আছিল এই
চৌখিন জীৱন৷ মিছা! অতবোৰ মিছাৰ জাপ!

মোৰ মাজত কি জ্বলিছিল
– নিৰ্মল উদাস৷

নিৰ্মলৰ মাজত কোন
আছিল – মই অনাগ্ৰহী৷

কেনেদৰে চলিছিল জীয়া
মানুহজনীৰ প্ৰাত্যহিকতা, কেনেদৰে সম্বৰণ কৰা হল আকাংক্ষাৰ উৰ্দ্ধমুখী জাগৰণ – নিৰ্মল
উদাসীন৷

চকু ঢাকি মই গান্ধাৰী
হ’লোঁ, তাপলি মাৰিলেও ধৰা পৰাৰ ভয়ত মিছাৰ পৃথিৱীত নিজক উৎসৰ্গিত কৰিলোঁ৷

ৰবাৱ টেঙাৰ বাকলি
বখলিয়াই নৰানিত বহি আছিলোঁ৷ অতৰ্কিতে এটা গৰম স্ৰোত মোৰ বান্ধৱীৰ নিম্নাংশৰ পৰা বৈ
আহি ৰঙাই তুলিলে তাইৰ কমৰঙী ফ্ৰক৷ টানি-আজুৰি নিয়া হ’ল তাইক৷ ব্ৰত উপবাস … হাঁহি-আনন্দ
… উপহাৰ৷ মই ভিতৰি কঁপি উঠিলোঁ৷ সোতৰ বছৰ বয়সলৈকে এনে এটা দিনৰ অপেক্ষাত মই প্ৰতিনিয়ত
শৰীৰটোক অস্ত্ৰোপচাৰ কৰিলোঁ৷ বেজ, তাবিজ, মাদলিৰ ভৰত মই যেন কুঁজা হৈ পৰিলোঁ৷ শংকা
বাঢ়িছিল সকলোৰে৷

এন্ধাৰ এন্ধাৰ এক
ক’লা ছাঁ-ই যেন আগচি ধৰিছে পোহৰৰ সমস্ত আয়োজনক৷ মই নিজেই সলালোঁ আন্ধাৰৰ এই চক্ৰান্ত
… বৰ বিয়াৰ দৰে পতা হ’ল মোৰ সৰু বিয়া৷ … ৰাজহুৱা কৰা হ’ল প্ৰস্ফুটিত হোৱা জীৱনৰ
শুভসম্পদ৷

মিছা আছিল … মিছা
মাতিব লগা হৈছিল … সমদল লাগিছিল মিছাৰ ওপৰত মিছাৰ৷

স্বামী নিৰ্মলৰ এইবোৰ
সত্য উদ্‌ঘাটনৰ প্ৰয়োজন নাছিল৷ হৰবিন্দই এই মিছাত স্বস্তি পাইছিল৷ মোৰ পৰিয়ালৰ বাবে
সকাহ আছিল এই মিছা৷ আৰু মই … মই এইবোৰ মিছাৰ মাজত জ্বলি-পুৰি আশ্বস্ত হৈছিলোঁ৷ মোৰ
তুলি লোৱা সন্তান জীউ এই মিছাৰ ৰণখনৰ ঢাল হৈছিল৷ কিবা জীৱন নামৰ লক্ষ্য এটালৈ যেন মই
উপৰ্যুপৰি কাঁড় মাৰি তাক শৰবিদ্ধ কৰিছোঁ৷ কাকনো ৰক্তাক্ত কৰিছোঁ, কাকনো শালিছোঁ
… ধূ ধূ ধূলিময় সকলো৷ প্ৰশ্নবোৰে মোক নে মই প্ৰশ্নবোৰক খেদি ফুৰিছোঁ নাজানো৷ নাজানো
জীউ নামৰ এই অনাথ আশ্ৰমৰ ল’ৰাটো কেনেকৈ মানসিক বিকাৰগ্ৰস্ত হ’ল৷ তাৰ অদ্ভূত আচৰণবোৰো
মই এদিন আদৰৰ চাদৰেৰে সামৰিব পৰা হ’লোঁ৷ কাৰ নো বীজ, কোনে নো পালন কৰিছোঁ! আইৰনি… কেৱল
আইৰনি৷  মাত্ৰ মই বান্ধ খাই পৰিছোঁ৷ স্নেহ আৰু
মমতাৰ অটল সাগৰত ডুব গৈ থকা মোৰ ভিতৰৰ অজস্ৰ কান্দোনৰ কোনো স্বৰলিপি নাই৷ সি কাটি হ’ল৷
সি বাগৰি গ’ল অথচ থাকি গ’ল তাৰ গেদবোৰ নিৰলে অন্তঃস্থলতে৷ অজস্ৰ নিৰ্মলৰ হাতবোৰে তাক
চুব নোৱাৰিলে … হৰবিন্দই মাথোঁ অলপ ফেনেকি দিলে৷

জীউ মোৰ মিছাৰ পাহাৰত
আৰোহণ কৰা সন্তানটো, তাৰ অবাধ্য উন্মাদ আচৰণবোৰ মই মূৰত হাত বুলাই দিলেই শান্ত হৈ পৰে৷
ক্ৰমাৎ একেই হৈ পৰিছে তাৰ মুখৰ গঢ় মোৰ দৰে৷ মায়া, তাৰ কোমল মুখখনত মায়া, তাৰ ডাঠ চুলিখিনিত
মায়া৷ ফুচফুচাই আজিকালি তাক কওঁ কথাবোৰ৷ সি শুনি থাকে, সি বুজিব পৰা যেন লাগে৷ তাৰ
বাউসীত মূৰ থৈ চকুহাল মুদি দিওঁ … মোৰ নোলোৱা চকুপানীবোৰ তাৰ চকুত ডাৱৰ হৈ ওলমি ৰয়
যেন লাগে৷

 

ফোন : ৯৪৩৫২৭৬৩৬১