কৰ্জা আখ্যান

 অমৃত গোস্বামী

 

কথাটো বিশেষ একো নহয়, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ কথা এটাহে৷
কিন্তু চাবলৈ গ’লে একোৱেই নোহোৱা, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ এই কথাটোতে মই ‘গৰুৰ
খোজৰ পানীৰ ডোঙাতে সুবিশাল আকাশৰ প্ৰতিবিম্ব
 দেখাৰ নিচিনাকৈ
আমাৰ জোঁটপোট হেৰোৱা অতীতৰ কিবাকিবি কথা সুঁৱৰিবৰ সুযোগ পাওঁ৷ সেইহে কথাটো আজি লিখিত ৰূপতে
সাঁচি সামৰি থওঁ বুলি ভাবিলোঁ৷
 

পুলিটো ৰুইছিল আমাৰ স্বৰ্গীয় দেউতাই৷ সঁচটো দেৰগাঁৱৰ জেঠাইটিৰ
ঘৰৰ৷ কোনোবা এবাৰ দেউতা সদায়েই কপালত বগা চন্দনৰ ফোঁট লোৱা, ফৰকাল ৰঙৰ, শকত-আৱত, ‘গোসাঁনী
হেন চেহেৰাৰ, আমাৰ জেঠাইটিৰ ঘৰলৈ যাওঁতে তাৰ পৰা পুলিটো আনি, আমাৰ বাৰীত ৰুইছিল৷
 

এই গছপুলিটো কিন্তু এলাপেচা গছৰ পুলি নহয় দেই, আমাৰ ঘৰৰ
বাদে আমাৰ অঞ্চলৰ  কোনোবা দ্বিতীয় এঘৰ মানুহত
এইজোপা ফলৰ গছ আমি দেখিবলৈ পোৱাৰ কথা মনত নপৰে৷
 

কালি অন্যযুগৰ পাতত ‘টেঙা-মিঠা নামৰ মোৰ
লেখা এটা পঢ়ি ভাগিনী এজনীয়ে কৈছিল :
 

মামা, কেতিয়াবা
কৰ্জাটেঙাজোপাৰ বিষয়েও লিখিবাচোন৷ পিছফালৰ পুখুৰীটোৰ পাৰত যে আছিল৷ ককা থাকোঁতে খোৱাৰ
কথা  বৰকৈ মনত পৰে৷ আজিকালি গছজোপা নাই; কাটি
পেলালে৷ কৰ্জাটেঙাৰ আচাৰো বিৰাট ভাল লগা হয় নহয়! বহুতে আক
কৰ্জাটেঙা
কি, চিনিকে নাপায়৷”
 

ভাগিনীজনীৰ কথাৰ জেৰ টানি বৌ এগৰাকীয়েও কৈছিল যে তেৱোঁ হেনো
প্ৰথম কৰ্জাটেঙা বিয়া হৈ অহাৰ‌ পাছত, আমাৰ ঢাপকটাৰ ঘৰতেহে দেখিবলৈ পাইছিল৷ বিয়াৰ
আগতে তেওঁলোক হাতীগড়ৰ ঘৰত থাকোঁতে, বা তাৰো আগতে বাগানৰ‌ ঘৰত থাকোতে কৰ্জাটেঙা দেখাৰ
সৌভাগ্য তেওঁৰ হোৱা নাছিল৷ 
 

তাহানিৰ কৰ্জাটৈঙা-কচুথোৰ পাতত দিয়াৰ আৰু কৰ্জাটেঙাৰ আচাৰৰ
সোৱাদ  বৌৱে অটুট হেঁপাহেৰে সুঁৱৰিলে৷
 

এগৰাকীৰ আকৌ জন্ম, পঢ়া-শুনা সকলোবোৰ শ্বিলঙতে৷‌ তেওঁৰো হেনো
সকলোবিলাক ভালৰো-ভাল থকা, বা পোৱা ‘আমাৰ শ্বিলঙত’ত কৰ্জা-টেঙা দেখাৰ কথা মনত নপৰে ৷
কৰ্জাটেঙা প্ৰথম দেখিলে আমাৰ যোৰহাটৰ বাৰীৰ পিছফালৰ, সেই পুখুৰীটোৰ পাৰত হে৷‌
 

আমাৰ ঘৰৰ পিছফালৰ সেইটো‌ পুখুৰীৰ পানী খাবলৈ ব্যৱহাৰ কৰা
নহয়; অন্যান্য কামতহে ব্যৱহাৰ হয়৷‌ সেই পুখুৰীটোৰ একেবাৰে পাৰতে লাগি দুজোপা গছ৷
তাৰে এজোপা কৰ্জাটেঙা আৰু আনজোপা ডালিম৷ আমাৰবোৰ
ঠাইত দেখোন ডালিম বৰ ভালকৈ নহয়৷‌ কিন্তু সৰু সৰু পাতৰ কৰ্জাটেঙাজোপা হ’লে ফলে-ফুলে
একেবাৰে জাতিষ্কাৰ আছিল৷
 

পুখুৰীটোৰ সেইটো পাৰ কিছু খহা অৱস্থাতে আছিল৷ গছজোপা পুখুৰীটোৰ
একেবাৰে পাৰতে আৰু গছজোপাৰ ডাল-পাতবোৰ পুখুৰীটোৰ ফাললৈ দোঁ খাই থকাৰ বাবে, কৰ্জাটেঙা
ছিঙিবলৈ গৈ, ভৰি পিচলি কোনোবা অকস্মাতে পুখুৰীত পৰাৰ ভয় এটা অনবৰতে আছিলেই৷ সেইটো
আশঙ্কাতে বোধহয় দুয়োজোপা গছ এটা সময়ত একেবাৰে কাটি পেলাবলৈকে বাধ্য হৈছিল৷‌
 

যি কি নহওক, গছজোপা কাটি পেলালেও কৰ্জাটেঙাজোপাৰ স্মৃতি পিছে আমাৰ মানস পটত সদায়
সজীৱ‌ হৈয়ে থাকিল৷
 

কৰ্জাটেঙা বৰ এজোপা ডাঙৰ গছ নহয়৷ কৰ্জাটেঙা জোপোহা লতা চানেকিয়া
গছ৷ মাৰ্চ-এপ্ৰিল মাহত কৰ্জাটেঙাৰ ফুল ফুলে৷‌ ফুল ফুলা অৱস্থাত কৰ্জাটেঙা গছ দেখিবলৈ
বৰ শুৱনি হয়৷‌ একেবাৰে কেঁচা অৱস্থাত কৰ্জাটেঙা‌ একোটাৰ বৰণ ঘন‌ সেউজীয়া হয়৷ আগষ্ট-ছেপ্টেম্বৰ
মাহত কৰ্জাটেঙা পুৰঠ হয়৷‌ পুৰঠ কৰ্জাটেঙা আকাৰে বৰজামু একোটাৰ সমান হয়৷‌ আধা পকিলে
কৰ্জাটেঙা কোমল ৰঙা-সেউজীয়া হৈ, দেখিবলৈ বৰ সুন্দৰ হৈ পৰে৷ পুৰঠ হোৱা পকা কৰ্জাটেঙাই
তেজৰঙা বৰণ লয়৷
 

পকা কৰ্জাটৈঙা দাইলত দিলে টেঙা হোৱাৰ উপৰিও দাইলখনৰ ৰঙটোও
ভাল লগা হয়৷ কৰ্জাটেঙাৰে সুস্বাদু টেঙা-আচাৰ তৈয়াৰ কৰিব পাৰি৷ বৌগৰাকীয়ে কোৱাৰ দৰে
কচুথোৰ-কৰ্জাটেঙা-জলকীয়া ইত্যাদি একেলগে কলপাটত দি পিটিকা কৰি খাবলৈ অতি উত্তম৷
 

কৰ্জাটেঙাৰ আখ্যান ইমানেই৷ কিন্তু আখ্যানটো সামৰাৰ আগতে সাৱধান বাণী এফাঁকি শুনাই যাওঁ৷

পকা কৰ্জাটেঙাৰ
ৰঙা ৰস ভৰি বা গাত অকণমানো কেতিয়াও পৰিবলৈ দিব নালাগে৷ তেজৰঙা কৰ্জাটেঙাৰ ৰঙা ৰস ভৰিত
পৰি, বাগৰি অহা কোনোবাই দেখিলে, “এওঁৰ ভৰিখনৰ এবকলা গল নহয়!” বুলি মিছাতে আটাহ পাৰি
হাঁঐ-বিঐখন লগাব৷

ঠিকনা :

চাৰ্ভে, গুৱাহাটী -৭৮১ ০২৮

ভ্ৰাম্যভাষ : ৯৪৩৫০ ১৪৪৫৫