‘কুঁচিয়ানামা’ : কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল

কিশোৰ দাস কোঁৱৰ

 

  

ৰোমান কবি টেৰেনছে
মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ প্ৰসংগত এষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল, ‘মানুহে কৰিব পৰা বা কোনো মানুহে চিন্তা কৰিব পৰা কোনো বস্তুৱেই মোৰ অনাত্মীয় নহয়৷
মানুহৰ জীৱনত যিমান যি ঘটিছে মই তাৰ এক অংশ৷ এজনে যদি কাৰোবাক হত্যা কৰিছে সিয়ো মানুহ৷
সেই বিশাল মানৱতাৰ মই এক অংশ৷ মোৰেই কোনোবা এটা অংশ‌‌‌ই সেই হত্যাটো কৰিছে৷  গতিকে সিনো কিয় হত্যাটো কৰিছে মই তাক বুজিব খোজো৷’
এয়া আছিল মানুহৰ জীৱনৰ বিচিত্ৰ চিন্তা-চেতনাৰ 
অন্বেষণৰ সম্পৰ্কত কৰা এক প্ৰচেষ্টা৷  সৃজনীমূলক সাহিত্যৰ বেলিকাও এই কথাষাৰৰ বিশেষ গুৰুত্ব
আছে৷  এয়া মানুহৰ চিন্তাৰ ব্যৱধান, মানসিকতাৰ
ব্যৱধান আঁতৰাই সংকীৰ্ণতাৰ বিপৰীতে অন্তৰৰ পৰা অন্তৰলৈকে কৰা এক বিস্তাৰ সংযোগ৷ আমি
সদায় দেখি থকাবোৰেই যে জীৱনৰ প্ৰকৃত সত্য নহয়, আমি নেদেখাকৈয়ে যে জীৱনৰ সিপিঠিত
চৰিত্ৰৰ আঁৰত বিভিন্ন চৰিত্ৰ, কেতবোৰ অতি সংবেদনশীল বিষয় উপেক্ষিত হৈ ৰৈ যায় – জীৱন
সম্পৰ্কে এনে এক দৃষ্টিভংগী, সেই বিষয়বস্তুসমূহ, সেই চৰিত্ৰসমূহক মানবীয় আবেদনেৰে
তুলি ধৰাৰ এক বহল প্ৰয়াস দেখা পোৱা গ’ল অতি সাম্প্ৰতিক কালৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ
সুপ্ৰকাশ ভূঞাৰ ‘কুঁচিয়ানামা’ শীৰ্ষক গল্প সংকলনটিৰ গল্পসমূহত৷ সেই কাহিনীসমূহ, চৰিত্ৰসমূহ
যিবোৰ অতি কৃচ্ছসাধনৰ ফলত তেওঁ আয়ত্ত কৰিছে, সেইবোৰৰ লগত গল্পকাৰৰ এক হৈ যোৱাৰ দুৰ্বাৰ
বাসনা প্ৰকাশ পাইছে আৰু সেয়েহে হয়তো ব্যক্তি জীৱনৰ একাকীত্বৰ বিপৰীতে গল্পকাৰৰ এই
কাহিনীসমূহ সমূহৰ দস্তাবেজ হৈ পৰিছে৷

 

গল্প সংকলনটিৰ নাম
‘কুঁচিয়ানামা’৷ দৰাচলতে সংকলনখনৰ শিৰোনামটোৱেই ইংগিতধৰ্মী৷ যিয়ে পাঠকৰ মনলৈ চিন্তাৰ
দ্যোতনা কঢ়িয়াই আনে৷  স্বাভাৱিকতেই কুঁচিয়া
গাঁতত থাকে আৰু গাঁত বিচৰাটোৱেই কুঁচিয়াৰ স্বাভাৱিক ধৰ্ম৷  কিন্তু আলোচ্য সংকলনখনৰ চৰিত্ৰসমূহে ইয়াৰ বিপৰীত
বিন্দুত ঠিয় দি‌য়া পৰিলক্ষিত হৈছে৷ সংকলনখনত সন্নিৱিষ্ট মুঠ চৈধ্যটা গল্পৰ বিষয়বস্তুৰ
বিচিত্ৰতা বিশেষভাৱে মনকৰিবলগীয়া দিশ৷ কোনোবাটো গল্পত যদি তেওঁ দাৰিদ্ৰ্যতাই পিষ্ট
কৰা বা বানে বিধ্বস্ত কৰা গ্ৰাম্য জীৱনৰ চিৰন্তন ছবি নিৰ্মাণ কৰিছে আন কোনোবাটো গল্পত
আকৌ অন্ধবিশ্বাস তথা ইতিহাস আশ্ৰিত বা পুৰাকথাৰ পুনঃ নিৰ্মাণৰ ছবি একোখন পাঠকৰ আগত
উপস্থাপন কৰিছে৷ অতিসাম্প্ৰতিক কালৰ গল্পকাৰসকলৰ ক্ষেত্ৰত গল্পকাৰ সুপ্ৰকাশ ভূঞাই নতুনত্বৰ
দাবী কৰিব পৰা আটাইতকৈ আকৰ্ষণীয় আৰু উল্লেখযোগ্য দিশটো হৈছে যে সুপ্ৰকাশ ভূঞাৰ কেইবাটাও
গল্পই গল্পৰ কাহিনী, চৰিত্ৰ, আৰম্ভণি, মধ্যভাগ আৰু বিষয়ৰ পৰিণতিৰ পৰম্পৰা ভংগ কৰিছে
আৰু গল্পকাৰে নিজস্ব কথনশৈলীৰে যুগৰ অভিজ্ঞতাক দাঙি ধৰিছে৷  সমান্তৰালভাৱে গল্পকাৰে গল্প নিৰ্মাণত ‘সুৰ আৰু গতি’
ৰ সংযোগসূত্ৰ ৰক্ষাতো অভিনৱত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷

  সংকলনটিৰ
প্ৰথম গল্পটি –
 ‘জাঁজৰি’ ‘টোমৰ সোণগুটি’-
য’ত গল্পকাৰে পুৰাকথাক আধাৰ হিচাপে লৈ বৰ্তমানলৈকে তাৰ জেৰ টানিছে৷
 ইচ্ছাকৃতভাৱেই গল্পকাৰে মহাকাব্যিক চেতনাৰে বৰ্তমানৰ
সমাজৰ লগত তাক সাঙুৰিবলৈ চেষ্টা কৰিছে৷ গল্পটোত উল্লেখিত বাসৱ, হেমা, অনীতা আমাৰ তেনেই
চিনাকি চৰিত্ৰ৷ কেৱল পেটৰ ভাঁতমুঠি মোকলাবৰ বাবেই বহুতো যুৱকে কৰ্ম সংস্থাপনৰ সন্ধানত
বহিঃৰাজ্যলৈ গৈ অনাকাংক্ষিতভাৱেই কেনেদৰে হেৰাই গৈছে আৰু ঘৰত মাতৃ, পত্নী, সন্তানে
উভতি অহাৰ বাটত ৰৈ ৰৈ তপত হুমুনিয়াহ পেলাইছে, তাৰেই এখনি স্পষ্ট ছবি গল্পকাৰে দাঙি
ধৰিছে৷ কণমাণি কৃষ্ণই দেউতাকক ফ’নত কোৱা- “দীতা,মোলৈ বন্দুক আনিবা, গাড়ী আনিবা জীনছৰ
জেকেট আনিবা, পেণ্ট…৷”এনে উক্তি সঁচাকৈয়ে হ্নদয়বিদাৰক৷
 আকৌ

“সি একেবাৰে চাকৰি
এৰি গুচি গৈছে এসপ্তাহৰ আগতে৷ কি হ’ল, ঘৰ পোৱাগৈ নাই নেকি? ৰে’লেৰে গৈছে, পাবগৈতো লাগিছিল৷”
এই যে কোনো কাৰণ নোহোৱাকৈয়ে বাসৱ হেৰাই গৈছে? এয়া কেৱল এজন বাসৱৰে কাহিনীনে? বৰ্তমান
সময়ত এনেদৰে কিমান বাসৱ হেৰাই গৈছে সেয়া আমাৰ সকলোৰে জ্ঞাত৷ বাসৱ উভতি নহাৰ পিছত
বুকুৰ সন্তানক এৰি অনীতাও কিদৰে হেৰাই গৈছে সেয়াও বৰ্তমানৰ সমাজৰ চিনাকী ছবি৷ গল্পটোত
সমাজ সমালোচনাৰ দ্যোতনা আৰু জীৱন সম্পৰ্কে এক দৃষ্টিভংগী আছে৷ প্ৰতীকি ব্যঞ্জনাৰে ভৰা
এই গল্পটো বিষয়বস্তু আৰু আংগিকৰ দিশৰ পৰা এটি শিল্পসন্মত গুণবিশিষ্ট গল্প বুলিব পাৰি৷
এটি অসহায় শিশুৰ অপেক্ষাৰত মানসিক উদ্বিগ্নতাৰ বিক্ষিপ্ত ছবিয়েই গল্পটোৰ মূল কেন্দ্ৰবিন্দু
আৰু তাৰ আংশিকভাৱে জাগতিক চৰিত্ৰবোৰ বিক্ষিপ্তধৰণে ভাহি আহিছে৷
 

ইংগিতধৰ্মী বক্তব্যৰ
কলা কৌশল আৰু আংগিকৰ দিশৰপৰা সংকলনটোৰ আন এটি উল্লেখযোগ্য গল্প হ’ল ‘বীৰা’৷ গল্পটোৰ
কেন্দ্ৰীয় চৰিত্ৰ হৈছে শোষণৰ বলি হোৱা বুলু৷ বুলুক কেন্দ্ৰ কৰিয়ে গোটেই কাহিনীভাগ
আগবাঢ়িছে৷ শোষিত-নিস্পেষিত বুলু হেজাৰজন শিশুশ্ৰমিকৰ উদাহৰণ হ’ব পাৰে, হ’ব পাৰে এচাম
সুবিধাবাদীৰ বাবে মানুহ বেচা-কিনাৰ বজাৰখনৰ সামগ্ৰী৷ বস্তুবাদী আৰু ভোগবাদী সমাজখনৰ
স্বয়ংম্ভুস্বৰূপ বীৰেণে সহজ-সৰল মানুহখিনিৰ মাজত অন্ধবিশ্বাস তথা বীৰাকথাৰ অপ্ৰচাৰ
চলাই সাধাৰণ শিশু বুলুক বীৰা সজাই সকলোকে বশীকৰণ কৰি ৰাখিছিল আৰু সেয়েহে হয়তো- “সেয়ে
শিশুশ্ৰমিকৰ বাবে উপলব্ধ ফোন নম্বৰ, মানৱ সৰবৰাহকাৰী চক্ৰ আৰু এন.জি.অʼৰ কাম-কাজৰ মাজতে
বীৰাকথাৰ তলসুঁতীয়া কাহিনী-কাৰচাজিবোৰ ওপৰ-উপৰি হৈ গোটেইখন ধূঁৱলি-কুঁৱলী কৰি পেলাইছিল৷”
লক্ষ্যৰ একমুখিতা আৰু পৰিসমাপ্তিৰ নাটকীয়তা গুণেৰে সমৃদ্ধ ‘বীৰা’ গল্পটো অসমীয়া সাহিত্যৰ
ক্ষেত্ৰত এক নব্য সংযোজন বুলিব পাৰি৷
 

‘কুঁচিয়ানামা’ গল্পটোত
আছে গল্পকাৰৰ গভীৰ জীৱনবোধ৷  চৰিত্ৰ চিত্ৰনত
‘কুঁচিয়া’ চৰিত্ৰটোক কথকে যি ধৰণে উপস্থাপন কৰিছে তাৰ পৰা পাঠকৰ বুজিবলৈ বাকী নাথাকে
যে এই চৰিত্ৰটো কথকৰ বাস্তৱ অভিজ্ঞতাৰ ফচল৷ কুঁচিয়াক আলম্বন বিভাৱ হিচাপে লৈ কথকে
হৃদয়সংবাদী ৰূপত কেবাটাও বাৰ্তা পাঠকলৈ আগবঢ়াই দিছে৷ য’ত অৱগাহন কৰি পাঠকে সমাজত
তেনে হেজাৰজন কুঁচিয়াক আৱিষ্কাৰ কৰিব পাৰে৷ অন্ধবিশ্বাসৰ বলি হৈ এজন মানুহ কেনেদৰে
নিশকতীয়া হৈ পৰিব পাৰে কুঁচিয়া তাৰেই উদাহৰণ৷ কলীয়া গুচি কুঁচিয়া হোৱাৰ যি বৰ্ণনা
কথকে দিছে তাত আজিৰ তাৰিখটো যে আমাৰ সামাজিক কাঠামোৰটো অন্ধবিশ্বাসৰ পৰা মুক্ত নহয়
সেয়া ফুটি উঠিছে –  “দেখিলেই অনুমান কৰিব পাৰি
তাক পলিঅ’ই পাইছিল৷  কিন্তু কলীয়াক লৈ আন এটা
কথাহে মানুহৰ মুখে মুখে ঘুৰি ফুৰে৷ নিচেই সৰুতে বগাই ফুৰোঁতে তাক বোলে এবাৰ কুঁচিয়াই
কামুৰিছিল৷ চোতালত কেৰমেৰাই ঘুৰি ফুৰা এজাক কুঁচিয়া- পঁচা মাৰি অনা তেজে তুমৰলি এগাল
পকা কুঁচিয়া – খালৈবোৰ উবুৰিয়াই সি মেলি দিছিল আৰু তাৰে এটাই বোলে কামুৰিছিল তাক!
সেই তেতিয়াৰে পৰা সি তেনেকুৱা হ’ল৷  আৰু কলীয়া
গুচি কুঁচিয়া হ’ল৷ “সকলোৰে বাবে বহুৱা চৰিত্ৰ কুঁচিয়াৰ প্ৰতি মিনাৰ্ভাৰ মানৱীয় প্ৰমূল্যবোধৰ
নিদৰ্শন উল্লেখনীয় বিষয়৷  সকলোৱে ভোগৰ সামগ্ৰী
হিচাপে উপভোগ কৰিব বিছৰা মিনাৰ্ভাই সেই সমাজক বুঢ়া আঙুলি দেখাই কোৱা- “ইহঁতে চোৱাৰ
দৰে মই এই মানুহটোক চোৱা নাই৷  সকলোৱে তেনেকৈ
নাচায়৷  সৌন্দৰ্য আৰু প্ৰেমৰ মজা সকলোৱে নলয়৷”
কথাষাৰ তাৎপৰ্যপূৰ্ণ৷  চৰিত্ৰ চিত্ৰণকে ধৰি
কলাজধৰ্মিতা গুণৰ পৰাও এই গল্পটি গল্পকাৰৰ সফল সৃষ্টি৷
 

সংকলনখনত সন্নিৱিষ্ট
‘ক’লাজোন’ গল্পটিয়ে কেবাটাও দিশৰ পৰা নতুনত্বৰ দাবী কৰিব পাৰে৷ এমিলি ব্ৰণ্টিৰ ‘ৱাদাৰিং
হাইটছ ‘( Wuthering Heights) ৰ ১৮৪৭ চনত প্ৰকাশিত উপন্যাস বিশ্ব সাহিত্যৰ এক অবিস্মৰণীয়
আৰু অন্যান্য সৃষ্টি৷ এই গ্ৰন্থখনৰে চৰিত্ৰসমূহক পুনৰ্নিৰ্মাণ কৰিছে এই গল্পটিৰ মাজেৰে৷
 বিশেষকৈ উপন্যাসখনৰ মূল চৰিত্ৰ কেথৰিন আৰু
হিথক্লিফক নতুন দৃষ্টিভংগীৰে উপস্থাপন কৰিছে গল্পটোৰ মাজেৰে৷ ইয়াত গল্পকাৰে কথনৰীতিৰ
পৰিশীলিত কৌশলৰ দ্বাৰা কাহিনীক এক স্বাভাৱিক গতি প্ৰদান কৰিছে৷ সকলোৰে বাবে অস্পৃশ্য
স্বৰূপ হিথক্লিফক গল্পকাৰে মানৱীয় আবেদনেৰে তুলি ধৰিছে৷
 

একেকথাই ক’ব পাৰি
পুৰাকথা আশ্ৰিত ‘মন্ত্ৰণা কক্ষত’ শীৰ্ষক গল্পটোৰ প্ৰসংগতো৷ ভাৰতীয় পুৰাকথাৰ দুটি উল্লেখযোগ্য
চৰিত্ৰ কচ আৰু দেৱযানী চৰিত্ৰ দুটিক আধাৰ হিচাপে লৈ বৰ্তমানৰ লগত জেৰ টানি গল্পকাৰে
যিধৰণে সমাজতাত্বিক দিশেৰে পুনৰ্নিৰ্মাণ কৰিছে সিয়েই গল্পটোক এক মাত্ৰা প্ৰদান কৰিছে৷
একোটা যুগৰ পৰিৱৰ্তনৰ লগে লগে যে মানুহৰ চৰিত্ৰৰ পৰিবৰ্তন অতিশয় গুৰুত্বপূৰ্ণ সেই
সত্যটোকে গল্পকাৰে সমাজ তাত্বিক দৃষ্টিভংগীৰে উলিয়াই আনিবলৈ যত্ন কৰিছে৷  গল্পটিত কচৰ মুখত দিয়া – “পঁচিশ অনূৰ্ধৰ এহাল নৰ-নাৰী
এনে সময়ত লগ হোৱাটো দৃষ্টিকটু যদিও কিমানজনে কঠোৰ সংযমেৰে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰে
তাতো সন্দেহৰ অৱকাশ আছে৷” উক্তিটো বৰ তাৎপৰ্যপূৰ্ণ৷ গল্পকাৰৰ যুগৰ পৰিধি ভাঙিব বিছৰা
এনে উক্তিৰ লগে লগে কাল চেতনাৰ কথাটোও আহি পৰে৷ গোটেই গল্পটোত আৰম্ভণিৰ পৰা সামৰণিলৈকে
থকা নাটকীয় শিল্পগুণে গল্পটোক এক বিশেষ মৰ্য্যদা প্ৰদান কৰিছে৷ একেদৰে ‘থাউনি’ গল্পটোত
আছে বানে বিধ্বস্ত কৰা এখনি চহা গ্ৰাম্য জীৱনৰ নিখুঁত ছবি৷  গ্ৰাম্যজীৱনৰ বৰ্ণনা দিবলৈ যাওঁতে গল্পকাৰে ব্যৱহাৰ
কৰা ‘লাগনী’, ‘আট্টানি’ ইত্যাদি শব্দৰ ব্যৱহাৰে গ্ৰাম্যজীৱনৰ প্ৰতি থকা গল্পকাৰৰ অহেতুক
টান ফুটি উঠিছে৷
 

ভাষাশৈলীৰ ক্ষেত্ৰত
গল্পকাৰৰ কথনভংগী কিছু বক্ৰগতিৰ যেন অনুভৱ হয়, কিন্তু তাৰ মাজতো গল্পকাৰৰ কথাকোৱা
শৈলীৰ বাবেই তেওঁৰ গদ্যভাষাৰ মাজত পাঠকে দুৰ্বোধ্যতা অনুভৱ নকৰে৷  পৰিস্থিতি আৰু চৰিত্ৰই দাবী কৰা অনুযায়ী গল্পকাৰে
গল্পভাষাক যি ধৰণে ভাঁজ দিছে সেয়া গল্পকাৰৰ বুদ্ধিমত্তাই বুলিব লাগিব৷ পাঠকে ভালদৰে
লক্ষ্য কৰিলে দেখিব যে গল্পকাৰৰ ইতিহাস-পুৰাকথা আশ্ৰিত আৰু গ্ৰাম্য পটভূমিক আশ্ৰিত
গল্পসমূহৰ ভাষা শৈলীৰ মাজত একধৰণৰ পাৰ্থক্য আছে৷ উজনিৰ ভাষাটোকে গল্পকাৰে আধাৰ হিচাপে
ল’লেও প্ৰচুৰ ইংৰাজী শব্দ আৰু ক’ৰবাত ক’ৰবাত দুই-এঠাইত কামৰূপী শব্দও দুই-এটি পৰিলক্ষিত
হয়৷ প্ৰয়োজনসাপেক্ষে ব্যৱহৃত এনেবোৰ শব্দই গল্পসমূহক এক মাত্ৰা প্ৰদান কৰিছে৷ উপমা
আৰু চিত্ৰকল্পৰ ক্ষেত্ৰত দেখুওৱা অভিনৱত্ব গল্পকাৰৰ বিশেষ দক্ষতা৷ সংকলনটোৰ প্ৰায়বোৰ
গল্পতে কেতবোৰ একেবাৰে নতুন উপমাৰ প্ৰয়োগ পৰিলক্ষিত হয়! যিবোৰে সংকলনটোক এক বৌদ্ধিক
আয়তন দিছে৷  গল্পসমূহত ব্যৱহৃত তেনে কেইটামান
উপমা হ’ল –

‘চেঁচা বতাহ এজাকে চোকা তৰোৱালৰ দৰে আমাৰ
গালে-মুখে হানিছেহি৷’ ( সোঁতাল-নৈ-নিনাও) ৷

‘আহত পশুৰ গেঙনিৰ দৰে আছিল সেই মাত ‘( কুঁচিয়ানামা)

‘ নীলা পদুম এপাহৰ দৰে আকাশ’ (দঞি পঃলঃ কাতেইকা)
 

পৰিশেষত এটি সিদ্ধান্তলৈ আহিব পাৰি যে প্ৰবল
সন্দিগ্ধতাৰ লগতে গভীৰ সংবেদনশীলতা তথা জীৱনবোধেৰে বিভিন্ন নতুন বিষয়-বস্তুক পটভূমি
হিচাপে লৈ ৰচিত সুপ্ৰকাশ ভূঞাৰ ‘কুঁচিয়ানামা’ গল্প সংকলনটোৰ মাজত পাঠকে চিন্তাৰ খোৰাক
পাব আৰু লগতে আংগিকৰ সম্পৰীক্ষা চলোৱা এই গল্পসমূ্হৰ মাজত পাঠকে নিজক আৱিষ্কাৰ কৰাৰ
এক অৱকাশ পাব৷


ঠিকনা :

গাওঁ -ঔবাৰী, জিলা – তামুলপুৰ

ডাকঘৰ – সুৱাগপুৰ

ডাক সূচাংক -৭৮১৩৬৪

ফʼন-৮০১১৪৮৬২৬৫

dask32049@gmail.co