Category অন্যযুগ, জুলাই ২০২৪

মমতালৈ চিঠি

(স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষাৰত মমতালৈ বুলি একলম…)   কংকনা বৰুৱা মৰমৰ মমতা, মহাজগতৰ ইটো পাৰৰ পৰা তোমালৈ অশেষ মৰম ঢালি লিখিবলৈ লৈছোঁ কথাবোৰ হৃদয়ৰ পৰা হৃদয়লৈ…। তোমাৰ চিঠিখন পোৱা বহুদিনেই হ’ল, প্ৰতিটো পৃষ্ঠাৰ এটা এটা শব্দই মোক যেন নিঃসহায় কৰি…

কেৰেবিয়ান সাগৰত নীলাভ ছুনামি

 যুগললোচন দাস   সুযোগটো আহিল ভিভ, মেলকম আৰু লাৰাৰ দেশত৷ কেৰেবিয়ান সাগৰত নীলাভ ঢৌৰ ছুনামি৷ এটা সময়ৰ বিশ্বত্ৰাস- ধ্ৰুপদী ক্ৰিকেটৰ সেউজীয়া কেনভাছত নীলা জাৰ্ছীৰ আধিপত্য৷ মেন ইন ব্লু টীম ইণ্ডিয়া৷ বাৰ্বাডোজৰ শনিবাৰৰ ফৰকাল বতৰ৷ হয়তো এখন শিহৰণকাৰী ক্ৰিকেট মেচ উপভোগ…

মলেঁয়া

  দাদুল দেৱকৃষ্ণ বৰুৱা  (২১) জুলাই মাহৰ আকাশ। কেতিয়াবা ডাৱৰ আৰু বৰষুণ, কেতিয়াবা ফৰকাল। তাপমাত্ৰা বাঢ়িছে। ২০ ডিগ্ৰীলৈকে উঠিছে। ঠেৰেঙা লগোৱা শীতৰ শেষত অহা বসন্ত আৰু জুন-জুলায়ে শীতক বিদায় দিয়ে ক্ৰ‘ৱেছিয়াত। কেৱল শীতেই বিদায় নিদিয়ে— বিদায় দিয়ে পৰিভ্ৰমী হোৱাইট ষ্টৰ্কবোৰকো।…

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী   কোনোমতে নিজকে সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন– সেউজপুৰীয়াসকল মোৰ কাৰণে কি এওঁলোকেও বুজি পাইছে! ভাবিলে বাটলুৱে৷ ইপ্পিয়ে ইচ্চা কৰিয়েই কথা কোৱাত পলম কৰি বাটলুৰ উচপিচনিখিনি মৰম লগাকৈ চাই ৰ’ল৷ কিছু…

মোৰ জীৱনলৈ প্ৰেম নাহিল

 মূল : অৰ্ঘ্যদীপ চক্রবর্তী অনুবাদ : পাপু মজুমদাৰ   সকলোৰে জীৱনত প্ৰেম আহে ঠিকেই কিন্তু নাজানো মোৰ জীৱনত আহিছিল নে নাই। মোৰ জীৱনত তুমি আহিছিলা ‘তুমি’ হৈ সেয়ে হয়তো তেতিয়া জনা নাছিলোঁ প্ৰেম কি, বুজা নাছিলোঁ প্ৰেমৰ মানে। এতিয়া আৰু…

এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ(Air Traffic Controller )

 ড° বুলজিৎ বুঢ়াগোহাঁই   বিমান যাত্ৰাৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বজাই ৰখাত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তেওঁলোকৰ দায়িত্ব সংঘৰ্ষ ৰোধ কৰাৰ বাহিৰেও তেওঁলোকে বিলম্ব হ্ৰাস কৰে আৰু বিমানবন্দৰৰ কাৰ্য্যকলাপসমূহ সুচাৰুৰূপে চলাটো নিশ্চিত কৰে৷   এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলৰ প্ৰধান…

গুলজাৰৰ কবিতা

 অনুবাদ: নম্ৰতা দত্ত   (এক) আলি কেঁকুৰি   এই আলি-কেঁকুৰিটোৰ পৰাই আৰম্ভ হয় কিছুমান লেহেমীয়া পথ কিছুমান দুৰন্ত শিলৰ প্ৰসাদলৈ, আইনাৰ ঘৰলৈ, খেৰৰ পঁজালৈ   মৰুভূমিৰ পিনে আগবাঢ়ি   একোটা পথ হেৰাই যায় মৰীচিকাত   আন এটা দ্বিধাগ্ৰস্ত হৈ উপস্থিত…

পুৰণি হ’বলৈ দিয়া কথাবোৰ

অংকুৰণ আৰ্ফ পুৰণি হ’বলৈ দিয়া কথাবোৰ যিদৰে পুৰণি হয় নদী যিদৰে পুৰণি হয় পাতৰ সেউজীয়া ফুলৰ সুৱাস   পুৰণি হ’বলৈ দিয়া কাহিনীবোৰ যিদৰে পুৰণি হয়  নৃত্যৰতা চৰাইবোৰ  উৰণীয়া বতাহবোৰ   পুৰণি হ’বলৈ দিয়া সকলো  বাজি থকা গানবোৰ প্রিয় বাঁহীৰ সুৰবোৰ…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (২)   কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ ওপৰত সভা এখন অনুষ্ঠিত কৰিছে৷ তাতে নিৰ্দিষ্ট বক্তাজনে যিখিনি কথা ক’লে, সেইখিনিয়ে তাইক বৰ চিন্তাত পেলালে৷ বিশেষকৈ বক্তাজনে শেষত…