দাদুল দেৱকৃষ্ণ
বৰুৱা

 (২১)

জুলাই মাহৰ
আকাশ। কেতিয়াবা ডাৱৰ আৰু বৰষুণ
, কেতিয়াবা ফৰকাল। তাপমাত্ৰা বাঢ়িছে।
২০ ডিগ্ৰীলৈকে উঠিছে। ঠেৰেঙা লগোৱা শীতৰ শেষত অহা বসন্ত আৰু জুন-জুলায়ে শীতক বিদায় দিয়ে ক্ৰ
ৱেছিয়াত। কেৱল শীতেই বিদায় নিদিয়ে— বিদায়
দিয়ে পৰিভ্ৰমী হোৱাইট ষ্টৰ্কবোৰকো। বাহ সাজি জগোৱা পোৱালিবোৰ লৈ হোৱাইট ষ্টৰ্কবোৰ
যায়গৈ— আফ্ৰিকালৈ। অহা বাটেদি শীত উভতি যোৱাৰ দৰে অহা বাটেদিয়েই উভতিব হোৱাইট
ষ্টৰ্কৰ জাকবোৰ।
 

যোৱা কেইবাদিনো
ধৰি ব্ৰাংক
হঁতৰ উৰণ আখৰা দেখি ষ্টেপানৰ মনটো চেবাইছিল—
ইহঁত যাবগৈ আৰু! মলেঁয়া আকৌ অকলশৰীয়া হ
ব। তাই উদাস হৈ পৰিব! তাই বাৰু পাৰিবনে
আত্মজৰ বিচ্ছেদ সহিব! আসন্ন বিচ্ছেদৰ কথা ভাবি ষ্টেপানৰ মনটো ভিতৰি ভিতৰি এক বুজাব
নোৱৰা দুখবোধত ডুবি আছে।
 

জুলাই—
ৰৌদ্ৰোত্তাপত উদ্ভাসিত হৈ উঠা মাহ।

জুলাই— হোৱাইট
ষ্টৰ্কবোৰে বিদায় লোৱাৰ মাহ।

এফালে
উজ্জ্বলতা।

এফালে
বিষাদময়তা।

থাকিবই। যিদৰে
আগমনৰ উৎকণ্ঠা আৰু আনন্দ থাকে
, তেনেদৰে থাকে বিদায়ৰ বিষাদ। এয়াইতো
জাগতিক নিয়ম। এয়াইতো প্ৰকৃতিৰ নিয়ম পুৰাতন।
 

এই নিয়মৰ বাবেই
ষ্টেপানৰ বুকুখন গধুৰ হৈ আছে যোৱা কিছুদিন ধৰি। কেৱল দুখেই বুকু ভৰাই ৰখা নাই
,
মনটো শংকিতও। দুখ— ব্ৰাংকহঁত উৰি যোৱাৰ কথা ভাবি। শংকা— ব্ৰাংকহঁত
উৰি যোৱাৰ পাছত মলেঁয়াৰ যি হাহাকাৰ লাগিব
, তাই যিদৰে দুখী
, সেই দুখ আৰু হাহাকাৰৰ পৰা তাইক কিদৰে স্বাভাৱিক
অৱস্থালৈ আনিব সেই লৈ।
 

নিজৰ অনবদ্য উৰণ
আৰু উপস্থিতিৰে হোৱাইট ষ্টৰ্কে বিশ্বৰ মানুহৰ কল্পনাক ধৰি ৰাখিছে
, প্ৰজন্মৰ
পাছত প্ৰজন্ম ধৰি আশা আৰু সুখক মূৰ্ত কৰি ৰাখিছে। হাজাৰ হাজাৰ মাইল উৰি উৰি হোৱাইট
ষ্টৰ্কবোৰ ক্ৰ
‘ৱেছিয়াৰ পৰা যায়গৈ জুলাই মাহৰ শেষৰ ফালে। আকাশ
ঢাকি উৰি যোৱা এই ৰাজকীয় পক্ষীবিধৰ পৰিভ্ৰমণৰ দৃশ্য হৈ উঠে মনোৰম। দীঘল ঠেং আৰু
ডাঙৰ ডেউকা থকা হোৱাইট ষ্টৰ্ক হৈছে পখী প্ৰব্ৰজন প্ৰতিযোগিতাখনৰ এক বিশিষ্ট তাৰকা।
জুলাইত ক্ৰ
ৱেছিয়াৰ পৰা আফ্ৰিকা অভিমুখে উৰি, আৰু
তাৰ পাছত বসন্ত কালত আকৌ উভতি অহা চৰাইবোৰে ঋতু পৰিৱৰ্তনৰ আগজাননী দিয়ে।

আজি পুৱা বিছনা
এৰাৰ আগতেই ষ্টেপানে আকাশত শুনিবলৈ পালে কলৰৱ। কাণ ঊনালে তেওঁ। হয়
, ঠিকেই
শুনিছে— উৰি আহিছে হোৱাইট ষ্টৰ্কৰ জাক। সিহঁতৰ মাজতে কথা পাতিছে! দূৰণিববটীয়া
যাত্ৰাত ওলাইছে সকলো। লক্ষ্যস্থান দক্ষিণ আফ্ৰিকা। বাটত বহু প্ৰত্যাহ্বান। কোনোবাই
জয় কৰিব
, কোনোবাই পৰাজয় মানি লব। বিছনা এৰি খৰখেদাকৈ বাহিৰলৈ ওলাই
আহিল ষ্টেপান। চোতালত থিয় হৈ তেওঁ ঘৰৰ মূধচলৈ চালে।

মলেঁয়া মূধচৰ
এমূৰে থিয় দি আছে। তাইৰ দৃষ্টি নিলগত। ক্লেপেটাঁও আছে তাইৰ কাষতে। তাৰ দৃষ্টি তাইৰ
ওপৰত। মূধচৰ আনটো মূৰত আছে ব্ৰাংক
‘, জচিপ আৰু মাৰিজা। তাহাঁতৰ দৃষ্টি
ওপৰেদি উৰি যোৱা তাহাঁতৰ সমগোত্ৰীয়ৰ জাকবোৰত। তাহাঁত উৰিবলৈ উন্মুখ! তাহাঁতে
হয়তো নাজানে যে তাহাঁতৰ উৰণে লৈ যাব তাহাঁতক মাকৰ মমতাৰ পৰা নিলগলৈ!

যিমানেই চৰাইৰ
জাকবোৰ উৰি আহিছে সিমানেই চঞ্চলতা বাঢ়িছে ব্ৰাংক
হঁতৰ। যিমানেই
ব্ৰাংক
হঁতৰ চঞ্চলতা বাঢ়িছে, সিমানেই চঞ্চলতা বাঢ়িছে ষ্টেপানৰ
বুকুখনৰ। বাঢ়িছে হৃদস্পন্দন। বাঢ়িছে ভয়— কি হ
ব মলেঁয়াৰ! তাই
কিদৰে চম্ভালিব নিজক! তেওঁ কিদৰে চম্ভালিব তাইক!
 

মলেঁয়া স্থানু!
বুকুত যেতিয়া হাহাকাৰৰ জোৱাৰ উঠে
, তেতিয়া মানুহ স্থবিৰ হৈ ৰোৱাৰ দৰেই
মলেঁয়াও নিথৰ। তাইৰ বুকুত কিহৰ জোৱাৰ উঠিছে সেয়া ভালদৰেই বুজিছে ষ্টেপানে। তেওঁৰ
চকুহাল ক্ৰমশঃ সেমেকি আহিছে মলেঁয়াৰ এই ৰূপ দেখি।

হঠাৎ চিঞৰি
উঠিছে ক্লেপেটাঁই। সুখ আৰু দুখৰ দোমোজাত ৰৈ থাকি উপায়হীন হৈ পৰা ষ্টেপানক তাৰ এই
চিঞৰটোৰ যোগেদিয়েই যেন বুজাব বিচাৰিছে উপায়হীনতাৰ কথা। সি সাহ গোটাব পৰা নাই
মলেঁয়াৰ কাষলৈ গৈ ঠোঁটখনেৰে তাইৰ পাখিত মৰমৰ বুলনি দিবলৈ। সি সাহ গোটাব পৰা নাই
তাইক অকলশৰীয়া কৰি থৈ উৰি যাবলৈ। কিন্তু যোৱাটোতো যাবই লাগিব। শীতকাল আহিলে কি খাব
ইয়াত! শীতকাল আহিলে কোনে চাব পোৱালিহঁতক!
 

বিদায়ৰ এই
বিষাদঘন সময়তে ওলালহি মাৰ্ক
। ষ্টেপানক চোতালত ৰৈ থকা দেখি সিও
থিয় দিলেহি তেওঁৰ কাষতে। তেওঁৰ মুখলৈ চালে। মাত নাই তেওঁৰ। মাত নাই তাৰ। ঘৰৰ মূধচত
তেতিয়া এক সকৰুণ দৃশ্য। নিথৰ হৈ নিলগলৈ চাই থকা মলেঁয়াৰ ওচৰলৈ আগবাঢ়ি আহিছে
ব্ৰাংক
হঁত। মাকৰ ডিঙিত নিজৰ ডিঙি ঘঁহাইছে। চেনেহ আলিংগন! বিদায়ৰ বিষাদময়
আলিংগন! শেষ আলিংগন! ক্লেপেটাঁই চাই ৰৈছে। তাৰো হয়তো মন গৈছে মলেঁয়াক ব্ৰাংক
হঁতৰ
দৰেই আলিংগন কৰিবলৈ। কিন্তু সি পৰা নাই। ষ্টেপান আৰু মাৰ্ক
নিৰৱ সাক্ষী। 

আকৌ এটা চিঞৰ
মাৰিলে ক্লেপেটাঁই। ডেউকা দুখন কোবালে। একোবত দুপাখি মেলি উৰিল। মলেঁয়াৰ
চাৰিওফালে ঘূৰিল কেইবাপাকো। হঠাৎ নামি আহিল। ব্ৰাংক
হঁতৰ ওচৰ পালেগৈ
আৰু পুনৰ উৰিবলৈ ধৰিলে। এইবাৰ ব্ৰাংক
হঁতো উৰিল। ক্লেপেটাঁৰ পিছে পিছে
তাহাঁতো উৰিল ওপৰলৈ… আৰু ওপৰলৈ। উৰি উৰি মিলি গ
ল জাক জাক
হোৱাইট ষ্টৰ্কৰ মাজত। মিলি গ
ল সমগোত্ৰীয়ৰ মিছিলত।

: যাহ্…
যাগৈ…!

অস্ফূট স্বৰেৰে
কোনোমতে ষ্টেপানে ক
লে। দীঘল হুমুনিয়াহ এটা সৰি পৰিল তেওঁৰ।
চকুহালেৰে বৈ আহিল লুণীয়া সুঁতি দুটা। বুকুখন যেন কিহবাই মুচৰি পেলাইছে তেওঁৰ! বৰ
অসহ্যকৰ। বৰ অসহ্যকৰ।

মাৰ্ক
ষ্টেপানৰ চকুলৈ চাব পৰা নাই। এটা শব্দও ক
ব পৰা নাই সি। তাৰ চকুৰেও বৈ আহিছে
দুধাৰি। বিদায় যে ইমান যাতনাদায়ক
, বিচ্ছেদ যে ইমান শোকাৱহ সেই কথা প্ৰথম
বাৰৰ বাবে উপলব্ধি কৰিছে সি। মুখৰ মাত হৰিল তাৰ। একো নোকোৱাকৈয়ে সি ষ্টেপানৰ হাত
এখনত ধৰিলে। তেওঁক লৈ গ
ল বাৰাণ্ডালৈ তুলি। 

ষ্টেপানক
নিৰ্দিষ্ট চকীখনত বহিবলৈ দিলে মাৰ্ক
ই। সি নিজেও বহিল মূঢ়া এটাত। কাৰো মুখত শব্দ নাই। অথচ বুকুৰ ভিতৰত অলেখ কথাৰ কোলাহল। আকাশত তেতিয়াও উৰি যোৱা হোৱাইট
ষ্টৰ্কৰ কথোপকথন।

: এদিনতো
সকলো যায়গৈ!— হঠাৎ ষ্টেপানে ক
লে। নিস্তেজ কণ্ঠ তেওঁৰ।

: যায়গৈ…!—
বুজা নুবুজাৰ ভাব এটাত ৰৈও মাৰ্ক
ই শলাগিলে।

: কোনোবা
উভতি আহে। কোনোবা উভতি নাহে। কোনোবা যায়গৈ কাৰোবাৰ জীৱনলৈ। কোনোবা যায়গৈ
সমাধিস্থলীলৈ!— কথাবোৰ নিজকে কোৱাৰ দৰে কৈ আছে ষ্টেপানে।

: …!

জটিল কথাবোৰ
বুজিব পৰা হোৱা নাই মাৰ্ক
। সেয়ে সি নিৰৱে ৰৈছে। সি বুজিছে কিছু
পৰিমাণে ষ্টেপানৰ বুকুত বৈ থকা ধুমুহাজাকৰ কথা। তাৰ বুকুতো যে বৈ আছে এজাক
ঘূৰ্ণিবতাহ!

আকৌ নিৰৱতা।
বাৰাণ্ডাখনত অসহ্যকৰ নিৰৱতা। আনদিনা হোৱা হ
লে ষ্টেপানে
নিজেই মাৰ্ক
ক ইটো সিটো কথা সুধি থাকিলহেঁতেন নাইবা কৈ
থাকিলহেঁতেন। কিন্তু আজিৰ পুৱাটোৱে সকলো ওলট-পালট কৰি দিছে। মুখৰ মাত নোহোৱা কৰি
দিছে।

নিৰৱতাৰ মাজতে
গে
ট খোলাৰ শব্দ। মাৰ্কই গেটৰ ফালে চালে—
মিষ্টাৰ ইগৰ সোমাই আহিছে। মনে মনে ভাল পালে সি। নিৰৱতাৰ বৰফ গলাবলৈ অন্ততঃ
ষ্টেপানৰ সুহৃদ এজন আহিছে।

: আহক।—
মিষ্টাৰ ইগৰ আহি ষ্টেপত ভৰি দিয়াৰ লগে লগে মাৰ্ক
ই মাত দিলে।

: বহক।

বাৰাণ্ডাত উঠাৰ
লগে লগে মাৰ্ক
ই পুনৰ কলে। চকী এখনত
বহিল মিষ্টাৰ ইগৰ। ষ্টেপান তেতিয়াও নিমাত, নিজৰ মাজতে মগ্ন। ষ্টেপানৰ এই নিৰৱতাত আচৰিত হ

মিষ্টাৰ ইগৰ। তেওঁ সুধিলে—

: কি
ল ষ্টেপান! ইমান বিমৰ্ষ হৈ আছা যে!

: …!— মাত
নোলাল ষ্টেপানৰ। হুমুনিয়াহ এটাহে বাজ ওলাল।

: মলেঁয়াৰ
কিবা হৈছে
?— মিষ্টাৰ ইগৰৰ উৎসুকতা বাঢ়ি আহিল।

: আজি
ব্ৰাংক
হঁত গলগৈ।— ষ্টেপানে একো নোকোৱা দেখি মাৰ্ক
লাহেকৈ ক
লে।

: অহ্…!

কিছুপৰ মিষ্টাৰ
ইগৰো মৌন হৈ থাকিল। তেওঁ বন্ধুক কিদৰে সান্ত্বনা দিব ভাবিলে। মলেঁয়াৰ পৰিয়ালটোৰে
সৈতে তেওঁৰ বন্ধু কিমান নিবিড় সেয়া ভালদৰেই জানে মিষ্টাৰ ইগৰে। তেওঁ অনুভৱ কৰিলে
,
এই
মুহূৰ্তত তেওঁৰ বন্ধুৰ মনত কিহে ক্ৰিয়া কৰি আছে। তথাপি তেওঁ লাহেকৈ ক
লে—

: পাখি
লগা পখী
, উৰি যাবই এদিন নিজৰ ঠিকনা বিচাৰি।

: জানো।
তথাপি…!— ক্ষীণ কণ্ঠৰে নিৰৱতা ভাঙিলে ষ্টেপানে।

: সকলো
ঠিক হ
ব। মন ঠিক ৰাখাঁ। কলিজাটো ইমান থুহমুহীয়া হবলৈ নিদিবা।—
সান্ত্বনাৰ সুৰত ক
লে মিষ্টাৰ ইগৰে।

: ক্লেপেটাঁহঁত
উৰি গুচি যোৱাত মোৰ বেয়া লাগিছে
; কিন্তু মোৰ চিন্তা লাগিছে মলেঁয়াৰ
বাবে। তাইৰ জীৱনলৈ অহা ৰংবোৰ এনেদৰে হেৰাই যাব পাৰে বুলি তাইতো ভবা নাছিল! তাই
এতিয়া কিদৰে নিজক চম্ভালিব!— কথাখিনি কৈ নৌহওঁতেই ষ্টেপানৰ চকুৰে পুনৰ চকুলো বৈ
আহিল।

মলেঁয়াক কিদৰে
বুকুৰ উমেৰে ষ্টেপানে জীয়াই তুলিছিল সেয়া প্ৰথমৰ পৰা মিষ্টাৰ ইগৰেহে জানে। সেয়ে
তাইৰ দুখখিনিয়ে ষ্টেপানৰ বুকুত কিমান গভীৰলৈকে বিন্ধিব পাৰে সেয়াও মিষ্টাৰ ইগৰে
ভালদৰেই বুজে। বছৰ বছৰ ধৰি মলেঁয়াৰ সতে ষ্টেপানৰ সতে যি আত্মীয়তা তেওঁ দেখি
আহিছে
, তাৰ পৰাই তেওঁ অনুভৱ কৰে যে, মলেঁয়া ষ্টেপানৰ বাবে কেৱল এজনী চৰাই
নহয়
; তেওঁৰ আদৰুৱা জী। জীয়েকৰ দুখ কেতিয়াও পিতাকে সহিব নোৱাৰে। তেওঁ
জানে— ষ্টেপান প্ৰকৃতিস্থ হ
ব। নিজক চম্ভালি ল
তেওঁ
; অন্ততঃ মলেঁয়াৰ বাবেই।

: তুমি
কফি তৈয়াৰ কৰাগৈ যোৱাঁ।— মাৰ্ক
লৈ চাই মিষ্টাৰ ইগৰে কলে।

: মই
চকু-মুখেই ধোৱা নাই।— মিষ্টাৰ ইগৰে কফিৰ কথা কোৱাতহে ষ্টেপানৰ মনলৈ আহিল যে
,
তেওঁ
বিছনাৰ পৰা চিধাই গৈ চোতালত ৰৈছিলগৈ।

: যোৱাঁ,
তুমিও
চকু-মুখ ধুই লোৱাঁগৈ।— মিষ্টাৰ ইগৰে ক
লে।

মাৰ্কআৰু
ষ্টেপান ভিতৰত সোমাল। কিছু সময়ৰ পাছতে ষ্টেপান চকু-মুখ ধুই বাৰাণ্ডালৈ ওলাই আহিল আৰু নিজৰ চকীখনত বহিলহি। এতিয়া আগতকৈ সপ্ৰতিভ দেখা গৈছে তেওঁক। হয়তো মিষ্টাৰ ইগৰৰ আগমনে অলপ
লেও শোক পাতলাইছে।

: মই
জানো
, মলেঁয়াৰ প্ৰতি তোমাৰ মৰম কিমান। তোমাৰ মৰমেই তাইক ক্লেপেটাঁহঁত উৰি
গুচি যোৱাৰ দুখখিনি পাহৰাব পাৰিব।— ষ্টেপানৰ মুখলৈ চাই মিষ্টাৰ ইগৰে ক
লে।

: তাইক
ভাল পাওঁ বাবেই তাইৰ কাৰণে দুখ লাগিছে।— ষ্টেপানে ক
লে।

: দুখ
আৰু আনন্দ সাময়িক। খলিল জিব্ৰানে কি কৈছিল জানা!

: কি
কৈছিল
?

: কৈছিল—
আনন্দিত অৱস্থাত তুমি অন্তৰৰ গভীৰলৈ চালে দেখিবা
, যে যিহে তোমাক
বিষণ্ণ কৰি তোলে সিয়েই তোমাক আনন্দ দি আছে। যেতিয়া তুমি বিষণ্ণ হৈ থাকাঁ
, তেতিয়া
আকৌ অন্তৰৰ ভিতৰলৈ চোৱাঁ— দেখিবা যে যি তোমাৰ আনন্দৰ কাৰণ আছিল তাৰ কাৰণেই তুমি
কান্দি আছা।— মিষ্টাৰ ইগৰে খলিল জিব্ৰানৰ
The Prophet-ৰ উদ্ধৃতি দিলে।

: চমুকৈ
লে কি বুজিম?— ষ্টেপানে সুধিলে।

: চমুকৈ
বুজিবলৈ হ
লে— আনন্দ আৰু বিষাদ অবিচ্ছেদ্য।— মিষ্টাৰ ইগৰে সামান্য হাঁহিলে।

কফি লৈ ভিতৰৰ
পৰা মাৰ্ক
ওলাই আহিল। ঘূৰণীয়া টেবুলখনত সি কফিমাগ
ৰাখিলে। তিনিও কফি পান কৰিবলৈ আৰম্ভ কৰিলে। কফি পান কৰি থকাৰ সময়তে মাৰ্ক

উলিয়ালে—

: ব্ৰাংকহঁত কিমানখিনি পাইছেগৈ বাৰু!

: চিন্তা
নকৰিবা
; সিহঁত নিৰাপদে গন্তব্যস্থল পাবগৈ।— মিষ্টাৰ ইগৰে কলে।

: চিন্তা
লাগিবই। আমি নিজ হাতেৰে তুলিছোঁ যে তাহাঁতক।— মাৰ্ক
ই কলে।

: হোৱাইট
ষ্টৰ্ক শক্তিশালী প্ৰব্ৰজনকাৰী। সেয়ে ইহঁতক প্ৰব্ৰজনৰ
আইকনবুলিও
কয়। এইবিধ পখীয়ে শতিকাজুৰি প্ৰব্ৰজনৰ অধ্যয়নক অনুপ্ৰাণিত কৰি আহিছে।— মিষ্টাৰ
ইগৰে ক
লে।

: ব্ৰাংকহঁত
ভালে থাকিলেই হয় আৰু।— মাৰ্ক
ই মাত লগালে।

: এটা
কথা জানানে মাৰ্ক
‘?

: কি
কথা
?

: হোৱাইট
ষ্টৰ্কে শ শ বছৰ ধৰি প্ৰব্ৰজনৰ গৱেষণাক অনুপ্ৰাণিত কৰি আহিছে। ১৮২২ চনত জাৰ্মানীৰ
ক্লুটজ গাঁৱত এটা হোৱাইট ষ্টৰ্ক ডিঙিত কাঁড় সোমাই থকা অৱস্থাত পোৱা গৈছিল। সেই
কাঁড়ডাল মধ্য আফ্ৰিকাৰ বুলি জনা গ
ল। যি সময়ত সাধাৰণতে বিশ্বাস কৰা
হৈছিল যে শীতকালটোত বহু চৰায়ে শীতনিদ্ৰাত কটায়
, তেনে সময়ত এই
কাঁড়বিদ্ধ ষ্টৰ্কটোৱে মানুহৰ চকু মুকলি কৰি দিছিল অবিশ্বাস্য পক্ষীযাত্ৰাৰ
সম্ভাৱনাৰ প্ৰতি। এনেকৈয়ে প্ৰব্ৰজন বিজ্ঞানৰ আৰম্ভ হৈছিল।— মিষ্টাৰ ইগৰে ক
লে।

: চৰাইবোৰ
যে এনেদৰে দেশান্তৰী হয়
, তাৰোতো কাৰণ আছে?— মাৰ্ক
সোধে।

: চৰাইৰ
দেশান্তৰী হোৱাৰ অন্তৰালত অনেক কাৰণ অজ্ঞাতে থাকিলেও শীতকালত দিনৰ সময়সীমা কমি
অহা
, তাপমাত্রা অস্বাভাৱিকভাৱে কমি যোৱা আৰু খাদ্যৰ তীব্র সংকটৰ কাৰণেই
চৰাইবোৰ দেশান্তৰী হয়। তদুপৰি কণী পৰাৰ সময় হ
লে ভিৰ এৰাই
চলিব বিচাৰে অনেক চৰায়ে। সংগীৰ সন্ধান কৰিবলৈও দেশান্তৰী হয় কিছুমান চৰাই।—
মিষ্টাৰ ইগৰে ক
লে।

ষ্টেপান
তেতিয়াও নিমাত। আনদিনা হোৱা হ
লে চৰাই বিষয়ক যিকোনো প্ৰশ্নৰ উত্তৰ
ষ্টেপানেই দিলেহেঁতেন। কিন্তু আজিৰ কথা সুকীয়া। মনত যিদৰে দুখ আছে
, তেনেদৰে আশংকাও আছে। মলেঁয়া যিদৰে নিৰৱ হৈ আছে, ষ্টেপানো একেদৰে নিৰৱ হৈ আছে। ষ্টেপানৰ
এই নিৰৱতাক ভাঙি দিব খোজা নাই মিষ্টাৰ ইগৰে। সেয়ে মাৰ্ক
ৰ প্ৰশ্নবোৰৰ
উত্তৰ তেওঁ নিজেই দিবলৈ চেষ্টা কৰিছে।
 

: চৰাইবোৰ
ৰপৰা কলৈ যায় বাৰু!— মাৰ্কৰ মনত উৎসুকতা।

: দেশান্তৰী
হোৱা চৰাইবোৰ সাধাৰণতে উত্তৰ গােলার্ধৰ পৰা দক্ষিণ গােলার্ধলৈ যায়।— মিষ্টাৰ ইগৰৰ
সমিধান।

: এনেকুৱা
চৰাইবোৰতো দিনে-ৰাতিয়ে উৰি থাকে!— মাৰ্ক
কৌতূহলী হৈ উঠে।

আচলতে দেশান্তৰী
চৰাইবোৰৰ কিছুমান উৰে দিনত। কিছুমানে ৰাতিৰ অন্ধকাৰকেই বাছি লয় প্ৰব্রজনৰ বাবে।
কিছুমান চৰায়ে অতিক্রম কৰে কেইবাশ মাইল পথ
, কিছুমানে
অতিক্ৰম কৰে হাজাৰ মাইল। আর্কটিক টার্ন নামৰ দেশান্তৰী গঙাচিলনীবিধে সকলোতকৈ বেছি
দূৰত্ব অতিক্রম কৰিব পাৰে। পাৰ চৰাইৰ দৰে সৰু চৰাই উডককে প্ৰব্রজনৰ সময়ত ১৫০০
মাইল পথ অতিক্রম কৰিব পাৰে। স্নাইপ চৰায়ে কোনো ধৰণৰ বিশ্রাম অবিহনেই তিনি হাজাৰ
মাইল পথ পাৰ হ
ব পাৰে। জাপানৰ এই চৰাইবিধে শীত আহিলেই গুচি
যায় তাচমানিয়ালৈ। চাৰি হাজাৰ মাইল অতিক্ৰম কৰিবলৈ এলবাট্র চৰাইক সময় লাগে মাত্র
ছদিন। ক্ষুদ্ৰ পখী হামিংবার্ডে প্রতিবছৰে শৰৎ আহিলেই উত্তৰ আমেৰিকাৰ পৰা উৰি উৰি
গুচি যায় প্রায় তিনি হাজাৰ মাইল দূৰৰ পানামা খাললৈ। ইউৰোপৰ পৰা চুৱেল
চৰাই
যায়গৈ আমাজান অৱবাহিকালৈ।
 

দেশান্তৰী
চৰাইবোৰক লৈ গৱেষণা কৰিছিল বিশ্বখ্যাত জীৱবিজ্ঞানী তথা পক্ষীবিদ জুলিয়াছ হাক্সলি
,
জীৱবিজ্ঞানী
ডাৰউইন আদিয়ে। এওঁলোকৰ গৱেষণাত দেখা গৈছিল যে
, এসময়ত
দেশান্তৰী চৰাইবোৰ দেশান্তৰিত হ
বৰ বাবে আকুল হৈ উঠে। দেশান্তৰলৈ যাবৰ
সময় হোৱা এটি দেশন্তৰী চৰাইক পৰীক্ষা কৰিবৰ বাবে ডাৰউইনে সজাত সুমুৱাই ৰাখিছিল।
নির্দিষ্ট সময় আহিলত দেখা গ
ল যে চৰাইটোৱে সজাৰ পৰা ওলাই আহিবৰ
বাবে নিজকে ৰক্তাক্ত কৰি তুলিছে। অন্য এটা পৰীক্ষাত ৰাজহাঁহৰ ডেউকাৰ পাখি কাটি
দিয়াত দেখা গৈছিল যে ৰাজহাঁহটোৱে সাঁতুৰি তাৰ যাত্রা আৰম্ভ কৰিছিল। উৰিবৰ সময়ত
দেশান্তৰী চৰাইবোৰৰ ইন্দ্রিয় সদা সজাগ থাকে। সাগৰ-নদী
, পাহাৰ, বনাঞ্চল
চিনি চিনিয়েই ইহঁতে নিজৰ পথেৰে আগবাঢ়ে। সূর্য আৰু নক্ষত্রৰ পোহৰত ইহঁতে বাট চিনি
লয়। সেয়ে আকাশত মেঘ থকা দিনত কিম্বা ৰাতিৰ মেঘময় আকাশত বহু চৰাই দিকভ্রান্ত
হয়।

দেশান্তৰী
চৰাইবোৰৰ সুদূৰৰ যাত্রা ভীষণ কষ্টকৰ। উৰি যোৱাৰ সময়ত বাৰম্বাৰ বিপদৰ মুখামুখি হ
বলগীয়া
হয়। মেঘময় আকাশ অথবা তুষাৰপাত আৰু ধুমুহাৰ ফলত ইহঁতে সঠিক পথ হেৰুৱাই পেলোৱাৰ আশংকাও
থাকে। তদুপৰি বহু বাট হেৰুওৱা চৰায়ে সঠিক পথ বিচাৰি পোৱালৈ ক্লান্ত হৈ মৃত্যুৰ কোলাতো ঢলি পৰে। মৰুভূমি
কিম্বা সমুদ্রৰ ওপৰেদিও হাজাৰ হাজাৰ মাইল পথ অতিক্ৰম কৰিবলগীয়া হয় য
ত বিশ্রাম লবৰ
বাবে এটুকুৰাও ঠাই নাই। সৰু চৰাইবোৰৰ থাকে চিকাৰী চৰাইৰ মুখত পৰাৰ ভয়। আছে
চিকাৰীৰ বন্দুকৰ ভয়। ১৯৭৭ চলত মিনেচোটাত সাত লাখ পঞ্চাছ হাজাৰ চৰাই মৰিছিল
তুষাৰপাতৰ ফলত। চলাচলৰ পথত আকাশচুম্বী অট্টালিকাত খুন্দা খায়ো বহু চৰাই মৃত্যু
মুখত পৰে। প্রতি বছৰ লাইট হাউছৰ তীব্র পোহৰৰ প্ৰতি আকৃষ্ট হৈও অনেক চৰাই মৃত্যু
মুখত পৰে। এনেদৰেই প্রতি বছৰে দেশান্তৰী চৰাইবোৰ ইখন সিখন দেশলৈ যায় আৰু উভতি আহে।

: পৰিভ্ৰমী
চৰাইবোৰে অহা-যোৱা বাট কেনেকৈ চিনি পায়নো
?— মাৰ্ক
আকৌ এবাৰ প্ৰশ্ন কৰে।

: তৰুণ
চৰাইবোৰে প্ৰাপ্তবয়স্ক চৰাইক অনুসৰণ কৰে। যাত্ৰাপথৰ সবিশেষ শিকে। যিটোৱে ভৱিষ্যতৰ
ভ্ৰমণত তাহাঁতে দৃশ্যগতভাৱে চিনি পাব পাৰে আৰু অনুকূল যাত্ৰাৰ বিষয়ে নিশ্চিত হ’ব
পাৰে। চৰাইবোৰে প্ৰব্ৰজনৰ সময়ত প্ৰকৃতিৰ বিষয়েও তথ্য দিব পাৰে। দেখা যায় যে
বতাহ আটাইতকৈ উষ্ণ হ’লে প্ৰতিদিনে প্ৰায় ৮-১০ ঘণ্টা উৰে। উত্তৰৰ প্ৰজনন ক্ষেত্ৰৰ
পৰা উপ-চাহাৰা আফ্ৰিকালৈ ৪
,০০০ কিলোমিটাৰ (২,৭০০
মাইল) যাত্ৰা দুসপ্তাহৰ পৰা তিনি সপ্তাহত অতিক্ৰম কৰে।— মিষ্টাৰ ইগৰে ক
লে। 

ষ্টেপানৰ ফালে
চালে মিষ্টাৰ ইগৰে। তেওঁ একেথৰে বাহিৰলৈ চাই আছে। ঘৰৰ মূধচত ঠিক যেনেদৰে মলেঁয়াই
ক্লেপেটাঁহঁত উৰি যোৱাৰ ফালে এতিয়াও একেথৰে চাই আছে। ষ্টেপান আৰু মলেঁয়াৰ এই
চাৱনি সঁচাকৈয়ে কৰুণ। ষ্টেপানৰ এই নিৰৱতাক আমনি নিদি মিষ্টাৰ ইগৰ বাহিৰলৈ ওলাই
আহিল। লগে লগে আহিল মাৰ্ক
। দুয়ো চোতালৰ একাষে থকা
অলিয়েণ্ডাৰজোপাৰ ছাঁত বহিল। দুয়োৰে দৃষ্টি ঘৰৰ মূধচত থিয় দি থকা মলেঁয়াৰ ওপৰত।

: গ্ৰীষ্ম
ঋতুত ক্ৰ
ৱেছিয়াৰ পৰা বিদায় লয় হোৱাইট ষ্টৰ্কবোৰে। কোনো বছৰেইতো এই নিয়মৰ
হেৰফেৰ নহয়। অবাক লাগে ভাবিলে— কিদৰে শ শ পৰিভ্ৰমী পখী হাজাৰ হাজাৰ কিলোমিটাৰ পথ
অতিক্ৰম কৰি ঠিক সময়ত উপনীত হয়গৈ নির্দিষ্ট গন্তব্যত। সেয়াও এবাৰ- দুবাৰ নহয়।
বছৰৰ পিছত বছৰ। কেনেকৈ বাৰু
?— মাৰ্কই মলেঁয়াৰ ফালে
চাই থাকিয়েই মিষ্টাৰ ইগৰক সুধিলে।
 

মিষ্টাৰ ইগৰে
জনা কথাখিনিকেই মাৰ্ক
ক কবলৈ ঠিৰাং কৰিলে। আচলতে তেৱোঁ অনুসন্ধিৎসু
মনে মাৰ্ক
ই কৰা সেই প্রশ্নৰ উত্তৰ বিচাৰি আহিছে দীর্ঘদিন ধৰি। বিজ্ঞানেও
বহুদিন সেই প্রশ্নৰ স্পষ্ট আৰু বিশদ উত্তৰ পোৱা নাছিল। বিজ্ঞানীসকলৰ এই ধাৰণা আগৰে
পৰাই আছিল— যে পৃথিৱীৰ বুকুত হাজাৰ হাজাৰ পক্ষীয়ে যেতিয়া যাত্ৰা আৰম্ভ কৰে
,
চৰাইবোৰৰ
যেতিয়া দিক নির্ণয় কৰাৰ প্রয়োজন হয় তেতিয়া তাহাঁতি সূর্য আৰু অন্যান্য
নক্ষত্ৰৰ গতিপথ চাই নিজৰ যাত্রাপথ বুজিব পাৰে। তদুপৰি চৰাইবোৰৰ শৰীৰত থাকে এক
চৌম্বকীয় কম্পাছ। ঠিক যেনেকৈ থাকে সীমাহীন সমুদ্রত যাত্ৰা কৰা নাৱিকৰ। এই
চৌম্বকীয় কম্পাছৰ সহায়ত চৰাইবোৰে পৃথিৱীৰ চৌম্বকীয় ক্ষেত্রক অনুভৱ কৰিব পাৰে।
সেই চৌম্বকীয় ক্ষেত্রৰ শক্তি অনুভৱ কৰি চৰাইবোৰে বুজি পায় পৃথিৱীৰ ঠিক ক

তাহাঁত আছে আৰু কোন দিশে তাহাঁত গৈ আছে।
 

পৃথিৱীৰ বুকুত
চৌম্বকীয় ক্ষেত্র তৈয়াৰ হোৱাৰ কাৰণ হৈছে পৃথিৱীৰ কেন্দ্রত থকা গলিত পদার্থ।
কিন্তু সেই চৌম্বকত্ব ইমানেই ক্ষীণ যে
, ঘৰুৱা ফ্ৰীজত ব্যৱহাৰ কৰা চুম্বকো
তাতকৈ দহৰ পৰা এশ গুণ বেছি শক্তিশালী। ইমান ক্ষীণ চৌম্বক ক্ষেত্রক চৰাইবোৰে কিদৰে
অনুভৱ কৰে আৰু তাতেই ভৰসা কৰি দিক নির্ণয় কৰে
, তাহাঁতে কি ভাবি
দূৰ দেশলৈ যাত্ৰা আৰম্ভ কৰে
, সেই প্রশ্নৰ উত্তৰ বিজ্ঞানীসকলে বিচাৰি
আহিছে বহু দিন ধৰি। প্ৰায় পাঁচ দশকৰ বেছি সময় ধৰি
এভিয়ান
মেগনেটোৰিচেপছন
ক লৈ কামো কৰিছে দেশ-বিদেশৰ গৱেষকসকলে (এভিয়ান
মেগনেটোৰিচেপছন বুলিলে বোজায় চৰাইবোৰে কিদৰে চৌম্বকক্ষেত্রক অনুভৱ কৰে)।
 

মানুহৰ শৰীৰত
যিদৰে বায়
ক্লকে কাম কৰে— যি আমাক বুজাই দিয়ে কেতিয়া
দিন হ
ল কিম্বা কেতিয়া সূর্যাস্ত হল— চৰাইৰ শৰীৰতো
ঠিক তেনে এটা ঘড়ী থাকে। ইয়াৰ সহায়তে তাহাঁতি বুজা পায় বছৰৰ ঠিক কোন সময়ত
তাহাঁত দীঘলীয়া যাত্ৰাত উৰিব লাগিব। কিন্তু যিবোৰ চৰায়ে প্রথমবাৰ উৰি দূৰ দেশলৈ
যায়
, তাহাঁতি কিদৰে নির্ধাৰিত ঠাই পায়গৈ? লৈ
তাহাঁতৰ অভিভাৱকসকলো উৰি গৈছিল
? আৰু ঠিক ইয়াতেই আৰম্ভ হয় জিনৰ খেলা।
পৃথিৱীৰ ঠিক কোন ঠাইলৈ তাহাঁত উৰি যাব
, সেয়া আগৰে পৰাই লেখা থাকে তাহাঁতৰ
জিনত। ধৰা হওক
, কোনো চৰাই সুদূৰ দক্ষিণ আফ্ৰিকাৰ পৰা ক্ৰৱেছিয়ালৈ
উৰি আহে প্রতি বছৰ মাৰ্চ বা এপ্ৰিল মাহত। সেই ক্ষেত্রত সেই চৰাইৰ গতিপথ আৰু যাত্রা
আৰম্ভ কৰাৰ সময়
, সকলোবোৰেই লেখা আছে তাৰ জিনত। চৰাইটো ক্ৰৱেছিয়াত
জন্ম হৈ প্রথমবাৰ দক্ষিণ আফ্ৰিকালৈ উৰি গ
লেও, তাৰ জিনেই তাক
কৈ দিবে ঠিক কেতিয়া সি উৰণ আৰম্ভ কৰিব লাগিব
, কোন পথেৰে সি
আহিব লাগিব আৰু ক
ত জিৰণি লব লাগিব।

যিবোৰ পৰিভ্ৰমী
পক্ষীৰ প্রজাতি বংশ পৰম্পৰা অনুসৰি পৃথিৱীৰ দক্ষিণ-পূবলৈ উৰি যায়
, তাহাঁতৰ
জিনত সকলো ঠিক থাকিলে
, সেই প্রজাতিৰ পৰৱর্তী প্রজন্মও পৃথিৱীৰ
দক্ষিণ-পূবলৈ উৰি যাব। ঠিক একেই বিষয় ঘটিব দক্ষিণ-পশ্চিমলৈ উৰি যোৱা পক্ষীৰ
ক্ষেত্ৰত। কিন্তু যদি এই দুই ভিন্ন দিশলৈ উৰি যোৱা চৰাইৰ মিলনৰ ফলত সন্তান জন্ম
হয়
? সেই ক্ষেত্রত সেই সন্তান দক্ষিণ দিশলৈ উৰি যাব, যি
দক্ষিণ-পূব আৰু দক্ষিণ- পশ্চিমৰ মাজত হয়।

পৰিভ্ৰমী চৰাইৰ
দেহত অন্ততঃ তিনিটা সুকীয়া সুকীয়া ধৰণৰ কম্পাচ থাকে। ইয়াৰ ভিতৰত এটা কম্পাছে আকাশত সূর্যৰ অৱস্থান জনাত সহায় কৰে
, এটা কম্পাছে আকাশত বিভিন্ন তৰাৰ
অৱস্থান জনাত সহায় কৰে আৰু তৃতীয়টোৱে পৃথিৱীৰ চৌম্বকীয় ক্ষেত্র বুজাত সহায়
কৰে। তদুপৰি কোনো ঠাইৰ নির্দিষ্ট গোন্ধ অনুভৱ কৰিও চৰাইবোৰে বুজিব পাৰে সেই ঠাইলৈ
তাহাঁত আগেয়ে আহিছিলনে নাই। চিনাকি গোন্ধে পৰিভ্ৰমী চৰাইবোৰক বুজাই দিয়ে যে
তাহাঁত পুনৰ চিনাকি পথেৰেই উভতি আহিছে।

১৯৯০ চনত
যেতিয়া এভিয়ান মেগনেটোৰিচেপক লৈ গৱেষণা কৰিছিল জার্মান গৱেষক ক্লচ স্কালটেন
,
তেওঁ
তেতিয়াই জনাইছিল যে চৰাইবোৰৰ শৰীৰত কোনো ৰাসায়নিক পৰিৱর্তন হয়
, যাৰ
ফলত তাহাঁতি পৃথিৱীৰ অতি ক্ষীণ চৌম্বকীয় ক্ষেত্রকো অনুভৱ কৰিব পাৰে। তাৰ দহ বছৰ
আগৰ এক গৱেষণাই স্কালটেনক উদ্বুদ্ধ কৰিছিল। সেই গৱেষণাতেই কোৱা হৈছিল র্যা ডিকেল
পেয়াৰ— যি দুটা ৰাসায়নিক পদার্থৰ মধ্যৱর্তী এটা অৱস্থা বা কেমিকেল
ইণ্টাৰমিডিয়েট— তাৰ স্থায়িত্ব খুব সাময়িক হ
লেও খুব ক্ষীণ
চৌম্বকীয় শক্তিৰ প্রভাৱতো প্রভাৱিত হয়। স্কালটেনে সেই কথাই মগজুত ৰাখি কৈছিল যে
,
পৰিভ্ৰমী
চৰাইবোৰৰ শৰীৰতো তেতিয়াহ
লে সেই ধৰণৰেই কিবা ঘটে। 

ৰেডিকেল হ
এনে এটা মলিকিউল যি পার্শ্বৱর্তী কোনো মলিকিউলৰ পৰা এটা ইলেক্ট্রন গ্রহণ কৰিছে
,
বা
এটা ইলেক্ট্রন ত্যাগ কৰিছে। ফলত তাৰ এতিয়া বিযোৰ ইলেক্ট্রন আছে। স্বভাৱতেই এটা
ইলেক্ট্রন তাত অকলশৰীয়া
, সংগীহীন অৱস্থাত আছে। এই সংগীহীন
ইলেক্ট্রনটিক কোৱা হয়
স্পিন এঙ্গোলাৰ মমেণ্টাম
বা
সংক্ষেপে
স্পিন। এই সঙ্গীহীন ইলেক্ট্রনটোকেই চৌম্বকীয়
শক্তিয়ে প্রভাৱিত কৰিব পাৰে। এই ৰেডিকেলসমূহে অভ্যাসবশত একপ্রকাৰ মাইক্র
স্কপিক
চুম্বকৰ দৰে আচৰণ কৰে। যেতিয়াই কোনো ৰাসায়নিক বিক্রিয়াৰ ফলত দুটা ৰেডিকেল—
অর্থাৎ দুটা সংগীহীন ইলেক্ট্রন তৈয়াৰ হয়
, তাহাঁত হয়
সমান্তৰাল বা পেৰেলেল ৰূপত
, কিম্বা এন্টি পেৰেলেলি ৰূপত। এইবোৰক
যথাক্রমে ছিঙ্গলেট আৰু ট্রিপলেট দশা বোলে। যেতিয়াই ৰেডিকেল পেয়াৰ চিঙ্গলেট দশাত
থাকে
, তেতিয়াই চৌম্বকক্ষেত্রৰ প্রভাৱত তাহাঁত ট্রিপ্লেট দশালৈ ৰূপান্তৰিত
ব। আকৌ ট্রিপ্লেট দশাৰ পৰা লগে লগে উভতি যাব ছিঙ্গলেট দশালৈ। এই
ৰূপান্তৰ কেইটামান ছেকেণ্ডত কেইবা লক্ষবাৰ ঘটে পৰিভ্ৰমী পক্ষীৰ দেহত। যি ৰূপান্তৰৰ
নেপথ্যত কাম কৰে পৃথিৱীৰ চৌম্বকক্ষেত্ৰই।
 

কিন্তু চৰাইবোৰৰ
শৰীৰত ৰেডিকেল পেয়াৰ তৈয়াৰ হয় কিদৰে
? সেই উত্তৰ পোৱা যায় স্কালটেনৰ
বক্তব্যৰ প্রায় তিন দশক পিছত। গৱেষকসকলে জনালে যে
, এই ক্ষেত্রত কাম
কৰে ফটোকেমেষ্ট্ৰিয়ে। অর্থাৎ পোহৰৰ প্রভাৱত ঘটিছে ৰাসায়নিক বিক্রিয়া৷ তেওঁলোকে
ক্রিপ্ট
ক্রম নামৰ এটা প্রটিন আৱিষ্কাৰ
কৰে
, যিটো পোৱা যায় চৰাইৰ চকুৰ ৰেটিনাত। মানুহৰ পক্ষে দৃশ্যমান আলোকৰ
থাকে সাতটা ৰং। যাৰ ভিতৰত নীলা ৰঙৈ এটা। সেই নীল ৰঙৰ পোহৰৰ পৰা অহা ফ
টন
কণাত উত্তেজিত হয় ক্রিপ্ট
ক্রম। এই ক্রিপ্টক্র
কেৱল চৰায়েই নহয়
, ইয়াক পোৱা 
যায় পতঙ্গ
, মাছ, উভচৰ, আনকি মানুহৰ
শৰীৰতো। সেই তালিকাৰ পৰা বাদ নপৰে গছ-লতিকাও। সূর্যৰ পোহৰক নির্ভৰ কৰে গছৰ বৃদ্ধি
আৰু প্রাণীৰ বায়
ক্লক, উভয়কে নিয়ন্ত্রণৰ নেপথ্যত
গুৰুত্বপূর্ণ ভূমিকা পালন কৰে এই ক্রিপ্ট
ক্রমে। 

তেনে ধৰণৰেই
এবিধ ক্রিপ্ট
ক্রম হল ফ্লেভিন
এডেনাইন ডাই-নিউক্লিঅ
টাইড। যাৰ পৰা চৰাইৰ চকুৱে নীলা ৰং শোষণ কৰি
উত্তেজিত হয়। পৰিভ্ৰমী পক্ষীৰ দিক্ নির্ণয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে
ফ্লেভিন এডেনাইন ডাই-নিউক্লিঅ
টাইডে। ফ্লেভিন এডেনাইন ডাই-নিউক্লিঅটাইডৰ
উপৰি বিভিন্ন ক্রিপ্ট
ক্রম আছে চৰাইৰ শৰীৰত। দেখা গৈছে তাৰ
ভিতৰত কিছুমান ক্রিপ্ট
ক্রমৰ পৰিমাণ উৰণ ঋতুত পৰিভ্ৰমী পক্ষীবোৰৰ
শৰীৰত বাঢ়ি যায়।
 

যি ৰেডিকেল
পেয়াৰ পৃথিৱীৰ ক্ষীণ চৌম্বক শক্তিতেই প্রভাৱিত হয়
, সেয়া যে ৰেডিঅ
তৰঙ্গতো
প্রভাৱিত হয়
, সেই কথা অজানা নহয়। ৰেডিঅতৰঙ্গৰ
লগতে বাঢ়ি আহিছে প্ৰদূষণ। ফলত কমিছে পৰিভ্ৰমী পক্ষীৰ অহা-যোৱা।

 কিছু সময়ৰ পাছত
ষ্টেপানো আহিল অলিয়েণ্ডাৰজোপাৰ তললৈ। লগত লৈ অহা ফাইবাৰ চকীখনত বহি তেওঁ
একান্তমনে মলেঁয়ালৈ চালে। দুচকুৰে আকৌ এবাৰ বৈ আহিল লোতক। মিষ্টাৰ ইগৰে তেওঁৰ
কান্ধত হাত এখন থ
লে। সহমৰ্মিতাৰ ভাষা এই হাতখন!

: পৃথিৱীত
প্ৰদূষণৰ মাত্ৰা বাঢ়িছে। বতৰৰ পৰকিতি লৰিবলৈ আৰম্ভ কৰিছে। চিকাৰীও বাঢ়িছে। বাঢ়ি
আহিছে স্কাই-স্ক্ৰেপাৰৰ সংখ্যা। সেয়ে ভয় হৈছে মোৰ— বাটৰ বাধা অতিক্ৰম কৰিব নোৱাৰি
ক্লেপেটাঁ যদি অহা বছৰলৈ উভতি নাহে!— ষ্টেপানৰ কণ্ঠত শংকাৰ সুৰ।

: আহিব,
ক্লেপেটাঁ
উভতি আহিব। মলেঁয়াৰ মৰমে তাক সঠিক সময়তেই ওভতাই আনিব।— মিষ্টাৰ ইগৰে ক
লে।

: আহিবনে!—
ষ্টেপান যেন এটি শিশু।

: আহিব,
তুমি
নিশ্চিত থাকাঁ। সি উভতি অহালৈ মলেঁয়া আৰু তুমি ঠিক থাকিব লাগিব।— মিষ্টাৰ ইগৰে
পুনৰ ক
লে।

: এৰা,
ঠিক
থাকিব লাগিব
, ঠিক ৰাখিব লাগিব…!— ষ্টেপানে মলেঁয়াৰ ফালে
চাই দীঘলকৈ উশাহ এটা বুকুৰ গভীৰলৈকে টানি ল
লে।

(আগলৈ)