কেৰেবিয়ান সাগৰত নীলাভ ছুনামি

 যুগললোচন দাস

 

সুযোগটো আহিল ভিভ,
মেলকম আৰু লাৰাৰ দেশত৷ কেৰেবিয়ান সাগৰত নীলাভ ঢৌৰ ছুনামি৷ এটা সময়ৰ বিশ্বত্ৰাস- ধ্ৰুপদী
ক্ৰিকেটৰ সেউজীয়া কেনভাছত নীলা জাৰ্ছীৰ আধিপত্য৷ মেন ইন ব্লু টীম ইণ্ডিয়া৷ বাৰ্বাডোজৰ
শনিবাৰৰ ফৰকাল বতৰ৷ হয়তো এখন শিহৰণকাৰী ক্ৰিকেট মেচ উপভোগ কৰিবলৈ ডাৱৰ ফালি বেলিটিয়েও
ভুমুকি মাৰিছিল৷

টি- ২০ বিশ্বকাপ
ক্ৰিকেটৰ খিতাপ যুদ্ধ৷ বিশ্বৰ সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি নিৱদ্ধ বাৰ্বাডোজত৷ ১৪০
কোটি ভাৰতীয়ৰ প্ৰাৰ্থনা- অন্তিম যুঁজত নিজৰ দলটোৰ ব্যৰ্থতাৰ শিকলিডাল চূৰ্ণ হ’ব লাগে৷
 

এক মায়াময় পৰিৱেশ৷
ঘনে ঘনে সলনি হোৱা চিত্ৰনাট্যৰ শ্বাসৰুদ্ধকৰ নাটকীয়তা৷ উথান-পতনত অস্থিৰ বুকুৰ স্পন্দন৷
চৰম বিন্দুত উৎকণ্ঠাৰ শ্বাস-প্ৰশ্বাস৷ বিস্ফাৰিত পলকবিহীন নেত্ৰযুগল৷
 

বগা বলটোৱেও জনা
নাছিল কোন পক্ষৰ হাতৰ মুঠিত সোমাব- ভাৰত নে দক্ষিণ আফ্ৰিকাৰ…? দুয়োটা দলেই দুৰ্দান্ত৷ এফালে ৰোহিত, কোহলি, সূৰ্যকুমাৰ, পন্ত আৰু আনফালে কুইণ্টন, মাৰ্কৰাম, মিলাৰ, ক্লাছেনৰ জোৰদাৰ
প্ৰহাৰ সহ্য কৰাটো যে কঠিন হ’ব, যুঁজৰ আগতেই বুজিছিল৷ বতাহতেই বেছি সময় ওপঙি ফুৰি
গেলেৰীৰ দৰ্শকৰ কোলাত পৰাৰ বাবেও নিজকে প্ৰস্তুত কৰি ৰাখিছিল৷ ২০- ২০ অভাৰ৷ বিষাক্ত
বলবোৰ বিষহীন কৰাৰ আকাংক্ষাত এইকেইজন বেটাৰ হৈ আছিল উন্মাদপ্ৰায়৷ তথাপি প্ৰত্যেকৰে
প্ৰহাৰ সহ্য কৰি যুঁজখন উপভোগ্য কৰি তোলাৰেই লক্ষ্য বলটোৰ৷ কেৰিবিয়ান ভূমিৰ উইকেট
সদায় ফাষ্ট বলিঙৰ সহায়ক৷ ভয়াৱহ হ’লেও কোন কেতিয়া ৰণত পৰি যায়, ভগৱানেও ক’ব নোৱাৰে৷
 

বিজয়ৰ স্পৃহাত আতুৰ
উভয় স্কোৱাড৷ ৰোহিত বাহিনীৰ পৰাজয় ধাৰাৰ পৰা শাপমুক্ত হোৱাৰ চিন্তা৷ মাৰ্কৰাম বাহিনীৰ
‘ছকাৰ্ছ’ অপবাদৰ পৰা মুক্তিলাভৰ হাবিয়াস৷ আই চি চি টুৰ্ণামেণ্টৰ কোনো ফাইনেলত প্ৰথম উপনীত
হোৱাৰ সুযোগ এনেয়ে এৰি নিদিয়ে দক্ষিণ আফ্ৰিকাই৷ আনহাতে সুদীৰ্ঘ ১৭ বছৰৰ পাছত টি-২০ বিশ্বকাপৰ
ফাইনেলত উঠিছে টীম ইণ্ডিয়া৷ সুযোগ এৰি দিয়ে কেনেকৈ৷ তাতে সাত মাহৰ ব্যৱধানত দুখনকৈ
বিশ্বকাপৰ ফাইনেলত ব্যৰ্থ হ
ব নেকি! এইবাৰ বিজয়ী হব নোৱাৰিলে দেশবাসীয়ে ক্ষমা নকৰে৷ এক ৰোমাঞ্চকৰ ফাইনেলৰ
নিটোল চিত্ৰনাট্য প্ৰস্তুত হ’ল ২০২৪-ৰ টি-২০ বিশ্বকাপত
  দুটা অপ্ৰতিৰোধ্য দলৰ ৷ 

ছন্দপতনেৰে আৰম্ভ
ভাৰতীয় ইনিংছ৷ ৰাৱাডা, জানছেন, নৰ্কিয়া, মহাৰাজৰ মিলিত আক্ৰমণত হিটমেন ৰোহিত (৯),
ঋষভ (০), সূৰ্য (৩)ৰ আগতীয়া বিদায়ত সন্ত্ৰষ্ট হৈ পৰিল টীম ইণ্ডিয়া৷ আৰম্ভণিৰ পৰাই টুৰ্ণামেণ্টত
মৌন হৈ আছিল কিং কোহলিৰ ৰাণক্ষুধাতুৰ বেটখন৷ কিন্তু সঠিক সময়ত দুৰ্দান্তৰূপ ধাৰণ৷
বিৰাটেও জানে নিজৰ দায়িত্ব৷ কেৰিয়াৰৰ অন্তিম সময়ত এফেৰি যুঁজাৰ হাবিয়াস৷ সতীৰ্থ
অক্ষয় (৪৭) আৰু শিৱমৰ (২৭) যোগ্য সহযোগত কোহলিৰ বেটৰ পৰা অহা ৭৬ ৰানৰ দমনীয় ইনিংছটোৱেই
আশা- সাহস হৈ পৰিল৷ বিপৰ্যয়ৰ পিছত মূৰ তুলি ভাৰতে ৭ উইকেটত ১৭৬ কৰি  ১৭৭ ৰানৰ প্ৰত্যাহ্বান দিলে প্ৰতিপক্ষক৷
 

দক্ষিণ আফ্ৰিকাক
ধৰাশায়ী কৰাৰ দায়িত্ব এইবাৰ বুমৰাহ, অৰ্শদীপ, কুলদীপ, হাৰ্দিক, অক্ষয়ৰ হাতত৷


আৰম্ভণিতেই সফলতা৷
হেনড্ৰিকছ ( ৪) আৰু মাৰ্কৰাম (৪) ৰণত পৰিল৷ পিছে হতাশ নহ’ল দক্ষিণ আফ্ৰিকা৷ যুঁজ দি উভতি গ’ল
কুইণ্টনো (৩৯)৷ সেই সময়তো 
দক্ষিণ আফ্ৰিকাৰ হাতত আছে দুই প্ৰধান অস্ত্ৰ ক্লাছেন আৰু মিলাৰ৷ যি কোনো পৰিস্থিতিতে
মেচৰ ৰং সলনি কৰিব পৰা ক্ষমতাৰ অধিকাৰী৷ বুমৰাহহঁতক ভালকৈ এসেকা দিম বুলিয়েই অৱতীৰ্ণ মৰণপণ
হৈ পৰা যুঁজখনত৷
 

বগা বলটোৰ পৰিত্ৰাণ
হেৰাল৷ ঘনে ঘনে বুলেটৰ গতিৰে ধাৱমান৷ সীমাৰেখাত চুম্বন৷ আকাশী পথৰ যেন একোখন জেটবিমান৷
ভাৰতীয় বলাৰৰ গোলাবোৰ ভোটা কৰাত ব্যস্ত মিলাৰ-ক্লাছেন৷ নীলাভ ছুনামি মাৰ যাওঁ যাওঁ৷
৩০ বলত ৩০ ৰান প্ৰয়োজন৷ খৰকৈ কমি আহিছে ব্যৱধান৷ এক শ্বাসৰুদ্ধকৰ নাটক৷ অন্তিম মুহূৰ্তলৈ যুঁজাৰ
বাবে উন্মাদ দুয়ো বাহিনী৷ স্টাব্ছৰ (৩১) বিদায়ৰ পাছত ক্লাছেনক (৫২) ৰণত পেলালে হাৰ্দিকে৷
টাৰ্নিং পইণ্ট সেইটোৱেই৷ আকৌ নীলাভ ছুনামি উঠিল গেলাৰীত৷ দক্ষিণ আফ্ৰিকাৰ সপক্ষে যোৱা চিত্ৰনাট্যৰ
পট সলনি হৈ গ’ল৷
 

অন্তিম ৬ বলত ১৬ ৰাণ লাগে৷
অসম্ভৱ বুলি একো কথা নাই৷ মিলাৰৰ উইকেট অক্ষত তেতিয়াও৷ বলটোৱে তেতিয়া মিলাৰ প্ৰহাৰত আশ্বস্ত হৈছিল যে
জয় দক্ষিণ আফ্ৰিকাৰেই৷ হাৰ্দিকৰ প্ৰথমটো বল৷ মিলাৰৰ আকাশলংঘী শ্বট৷ আকাশৰ পৰাই বাৰ্বাডোজ
চহৰৰ দৃশ্য উপভোগ কৰি সোঁ সোঁৱাই সীমাৰেখাৰ বাহিৰলৈ নামি আহিল…৷ কিন্তু ই কি…!  অবিশ্বাস্য….! সীমাৰেখাৰ কাষতে অৱস্থান লোৱা সূৰ্যৰ
হাতৰ মুঠিত পৰি আকৌ আকাশলৈ উঠিল….৷ সীমাৰ বাহিৰলৈ গৈ ভাৰসাম্য ৰক্ষা কৰি সূৰ্য পুনৰ
সীমাৰ ভিতৰলৈ জঁপিয়াই বলটো মুঠিবন্দী কৰিলে৷ ২১ ৰানত মিলাৰৰ বিদায়! বিশ্বাস কৰিবলৈকে
কঠিন এই অবিশ্বাস্য কেট্ছ৷ পেভেলিয়নমুখী মিলাৰলৈ চাই বলটোৱে ভাবিছিল- মইতো বাউণ্ডেৰীৰ
পাৰ হ’ম বুলিয়েই নিশ্চিত আছিলোঁ৷ কিন্তু সূৰ্যকুমাৰে যে চিলনীৰ দৰে উৰি থপিয়াই নিবহি,
কল্পনাও নহৈছিল৷

নীলাভ ছুনামিত সমগ্ৰ
বিশ্ব বুৰ গৈছে৷ জয় নিশ্চিত হৈছিল ভাৰতৰ৷ ২০ অভাৰত ৮ উইকেটত ১৬৯ ৰাণত থমকি ৰ’ল দক্ষিণ
আফ্ৰিকা৷ হাৰ্দিক (৩ উইকেট), বুমৰাহ( ২ উইকেট) আৰু অৰ্শদীপৰ (২ উইকেট) সন্মিলিত বলিং আক্ৰমণত
৭ ৰানত শ্বাসৰুদ্ধকৰ, চমকপ্ৰদ, শিহৰণকাৰী, নান্দনিক বিজয় ৰোহিত বাহিনীৰ৷ পৰাজয়ৰ শাপমুক্তৰ
এক মধুৰ যৱনিকা৷

এয়াই ক্ৰিকেটৰ ৰোমাঞ্চ,
শিহৰণ আৰু উৎকণ্ঠা৷ দুৰ্ভাগ্যৰ শৃংখলৰপৰা মুক্ত নহ’ল দক্ষিণ আফ্ৰিকা৷  ব্যৰ্থতাৰ ধাৰা ভংগ হ’ল টীম ইণ্ডিয়াৰ৷ ধন্য ভাৰত৷
দেশৰ বিজয়ত আমিও গৰ্বিত৷