গৌৰাং ২০১২

 ভাস্কৰজ্যোতি
নাথ

 

“Sweet
Thames, run softly, till I end my song.”

                    Edmund Spenser

 

জলকুৱঁৰীয়ে
ইয়াতে পখালিছিল গা

বাগৰুম্বাৰ
লহৰত এখন চিফুঙৰ নৈ

গৌৰাঙলৈ
যোৱাৰ বাটত

দেখিছিলোঁ
বুৰিব খোজা বেলিটোলৈ শিলগুটি দলিওৱা

এজাক
অপসৃয়মান ছাযামুৰ্তি

 

দিনৰ
পৰা ৰাতি হয় বগাই আহে এজাক সাপ

বতাহত
ছালফাৰৰ গোন্ধ আকাশত কুকুহা

ভৰানৈৰ
মাজত খেৰকুটা বিচাৰি ফুৰা এজাক মানুহ

 

 

আমি
ৰাতিপূৱাৰ বেলি উঠালৈ বাট চালোঁ

দেখিলোঁ
মানুহবোৰৰ চকুতো ওলমি থাকে সৰল হাঁহি

সিপাৰে
বাস্তুহাৰাৰ দল

এসঁজীয়া
পেটৰ চাপৰিটো ছাই আৰু ধোঁৱাৰ এখন প’ৰ্ট্ৰেইট

 

মানুহবোৰ
বাৰু কেনি গ’ল

ওপঙি
উঠে পানী যুৱঁলিত নিথৰ-নিস্তেজ শৰীৰ

ডোখৰ
ডোখৰকৈ গোটাওঁ ছিন্ন হাত নাইবা গলিত দেহ

নৈ-ঘাটৰ
পৰা মৰ্গৰ বাটত উশাহ গধুৰ

আকাশৰ
পৰা সূৰ্যটো কাঢ়ি আনিব খোজা নিঠৰ দুপৰ

 

ৰাতিটো
মানেই হাতীটো

কিদৰে
শীতল বৰফৰ ধাতৱ হাত

বতাহত
সীহ অথবা মঙহ পোৰা গোন্ধ

মাজনিশাৰ
নৈখনত এদল ছায়ামুৰ্তিৰ ক্ৰন্দন চিৎকাৰ

 

হে ঈশ্বৰৰ পুত্ৰ তোমালোকক
ধন্যবাদ

 

মই
কালৰ জ্যোতিষ গণনা কৰি আহিছোঁ

হেৰা হিমলাৰ তুমি বাৰু গমি
চাইছানে

তোমাৰ
ঈশ্বৰ ক
? বতাহত সেয়া

সীহৰ
নে জুইত জাহ যোৱা মাৰল ঘৰৰ বাঁহ

পোৰাৰ
শব্দ

 

মানুহৰ
দেশ নাই মানুহৰ ঘৰ নাই

সিপাৰে
ভোটাৰ অথবা ৰেশ্যন কাৰ্ডৰ মিছিল

ইপাৰে
ধাতৱ বিস্ফোৰণ

ঠিকনাহীন
মানুহবোৰে ঘৰ বিচাৰি ফুৰিছে

 

কাৰ
তেজে তেজ মাতে

ইথাৰত
বেতাৰত কিচিৰ মিচিৰ শব্দ

অস্কাৰ
ছাৰ্লি ছিট্যুৱেশ্যন আপডেইট কি
?

’কণ্ট্ৰ’ল
ফ্ৰম অস্কাৰ ছাৰ্লি’

ছিট্যুৱেশ্যন
নট আণ্ডাৰ কন্ট্ৰ’ল!

 

লঘোনীয়া
পেটত ভোকৰ জুই

পোৰাঘৰৰ
কাষতে ৰাতিটো লৈ খাপ পিটিলোঁ৷

হাতত
ৰাইফল বতাহত মঙহ পোৰা গোন্ধ আৰু কলপাতত খিচিৰি

 

ক্ৰমে
ক্ৰমে দেখান ময়ো ৰু ৰুৱাই জ্বলি উঠিছোঁ

ক্ৰমশঃ
এপদ এপদকৈ নিঃশেষ হৈ আহিছে মোৰ শৰীৰ

এতিয়াও
বাৰু আছোনে জী

আকাশলৈ
চাই থকা বুঢ়াজনে বাৰু ভাবিছিলনে কেতিয়াবা

ঈশ্বৰ
ইমান নিৰ্মম বুলি

ভাবিছিলনে
তেওঁ এজাক ধুমহাত

তেজৰঙা
হৈ বাঢ়ি আহিব গৌৰাং

চাপৰিৰ
সেউজীয়াত তলপেট চোঁচৰাই

উভচৰ
বিষাক্ত সাপ

 

গৌৰাঙৰ
বুকুত এতিয়া কেৱল শিল আৰু শিল

মানুহবোৰ
নাই ঠিকনা বিচাৰি ঘৰমুৱা হোৱা

তেজ
ছাই আৰু সীহেৰে গৌৰাং ক’লা হ’ল

এতিয়া
ইয়াত কেৱল শিল আৰু বালি

শেঁতা
জোনাকত মৰিশালিবোৰত জুয়ে পোৰা

ঝাওবনে
নিঃশব্দে উচুপে উভলি পৰি

মৃত
মানুহবোৰৰ হাড়তো গজি উঠিব বন

কাৰণ
মৃতক অসহায়

(পোৰা
ঘৰৰ পুখুৰীটোত হাঁহজনীয়ে দেখোন সাঁতুৰি আছে!)