অচিন জগতত বাটলু

 

স্মৃতিৰেখা
দেৱী


ছবিতে
দেখা পাই আৰু কথা পাতি মহাৰাজকে ধৰি আন আন সেউজপুৰীয়াকেইজনৰ এনে লাগিল যেন
তেওঁলোকে সঁচাকৈয়েই বাটলুক লগ পালে৷ তেওঁলোকে বাটলুৰ সকলো খবৰেই পালে
, কেৱল
চুই চাবহে নোৱাৰিলে৷

সেউজপুৰীয়াকেইজনে
জোনবাইৰ নিচিনা যন্ত্ৰটোৰ শলাগ ল’লে৷ বাঘসেনা আৰু ঘোং কেইজনেতো কেইবাদিনলৈ অকল সেই
উৰণীয়া যন্ত্ৰটো
, জোনবাইৰ নিচিনা ছবি ওলোৱা যন্ত্ৰটো আৰু অচিন
পৃথিৱীৰ সেই মৰমিয়াল প্ৰাণীকেইজনৰ কথাকে কৈ থাকিল৷ সেউজপুৰৰ ৰাইজেও প্ৰথমে আচৰিত
হৈ শুনি থাকি পাছত সেই একেখিনি কথাকে বাৰে বাৰে পাতি থাকিবলৈ ধৰিলে৷

‘হওক
তেও
, বাটলু মহাশয় ভাল ঠাই এখনতে আছেগৈ৷ তেখেতে তাত নতুন নতুন কথা শিকি আহি
পাছত নিশ্চয় আমাকো শিকাবহি৷’

আটায়ে
প্ৰায় একেদৰেই ভাবি ভাবি আস্বস্ত হ’ল৷

ইমানৰ
পাছতো মহাৰাজ কেশৰী পিছে চিন্তামুক্ত হ’ব নোৱাৰিলে৷ একেটা প্ৰশ্নই তেওঁৰ মগজুত
পাকঘূৰণি খাবলৈ ধৰিলে…৷

‘মহাৰাজ,
চিন্তা
এৰক৷ বাটলু ডাঙৰীয়া সেই অচিন জগতত অতি আনন্দ মনেৰে আছে৷’ –  ঘৰুৱা মেলত মহামন্ত্ৰী বৃকোদৰে কৈ উঠিল৷

‘আপুনি
ঠিকেই কৈছে মহামন্ত্ৰী ডাঙৰীয়া৷ কিন্তু এটা কথা যে মই একেবাৰেই বুজি নাপালোঁ৷’

‘কি
কথানো মহাৰাজ
? মোৰ অনুমান যদি সত্য তেন্তে আপুনি নিশ্চয় বাটলু
ডাঙৰীয়াক তেওঁলোকে সেউজপুৰলৈ কিয় ঘূৰাই অনা নাই সেইটোকে ভাবি আছে৷’ – কথাষাৰ কৈ
বৃকোদৰে মহাৰাজৰ মুখলৈ চালে৷

‘হয়,
হয়৷
আপোনাৰ অনুমান সত্য৷ মই তেওঁলোকক কথাষাৰ সুধিছিলোঁও৷ কিন্তু একো স্পষ্ট উত্তৰ
নিদিলে দেখোন৷ অৱশ্যে চিংকা বোলাজনে কিবা এষাৰ ক’ব খুজিছিল কিন্তু হিং বোলাজনে
তেওঁক মুখ মেলিবলৈকে নিদি ততাতৈয়াকৈ ক’লে
, ‘আমাৰ বাটলু মহাশয়ৰ সৈতে অলপ কাম আছে৷
সেইখিনি কৰা হ’লেই তেখেত আপোনালোকৰ মাজলৈ উভতি আহিব’৷ সেই খুদমান
বাটলুটোৱেনো তেওঁলোকৰ সেই আগ বঢ়া পৃথিৱীখনত কি কাম কৰি দিব!’

কথাখিনি
কৈ মহাৰাজে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়িলে৷

‘আপুনি
মিছাতে চিন্তিত হৈছে মহাৰাজ৷ মই আপোনালোকৰপৰা সেই অচিন জগতৰ প্ৰাণীকেইজনৰ বিষয়ে
যিখিনি শুনিছোঁ তাৰপৰাই ধাৰণা কৰিছোঁ যে বাটলু ডাঙৰীয়া তাত মহাসুখত আছে৷ তেখেত
শাৰীৰিক তথা মানসিকভাৱে যে সম্পূৰ্ণ সুস্থ সেয়া আপোনালোকে তেখেতৰ লগত কথা পাতি
নিজেই গম পাই আহিছে দেখোন৷ মই ভাবিছোঁ
, তেখেতে তাত নিশ্চয় শুই-বহি সময় কটোৱা
নাই৷ সেই অচিন পৃথিৱীখনত তেখেতে নিশ্চয় বহুতো নতুন নতুন কথা শিকিছে৷ কাৰণ সেইখন
পৃথিৱীৰ জীৱসকল আমাৰ ইয়াৰ মানুহতকৈও শ্ৰেষ্ঠ বুলি তেখেতেই আপোনালোকক কৈছেই৷ গতিকে
আপুনি এতিয়া আৰু তেখেতৰ বিষয়ে ভাবি মন বেয়া কৰি থকা উচিত নহ’ব মহাৰাজ৷ এতিয়া আপুনি
কিছু সময় জিৰণি লওক৷ কাইলৈ বৰতলত এখন গুৰুত্বপূৰ্ণ সভা আছে৷ ময়ো এতিয়া বিদায়হে
লৈছোঁ মহাৰাজ৷’

শূঁৰডাল
ওপৰলৈ দাঙি মহাৰাজক সম্ভাষণ জনাই মহামন্ত্ৰী আঁতৰি গ’ল৷ কেশৰীয়েও চকুহাল মুদি
শুবলৈ যত্ন কৰিলে৷

***

পিতৃতুল্য
মহাৰাজ কেশৰীকে ধৰি আটাইকেইজন সেউজপুৰীয়াক লগ পোৱাৰেপৰা সেইখন জগতত বাটলুৰ একেবাৰে
মন নবঢ়া হৈছে৷ ঘৈণীয়েকৰ সৈতে সন্তানকেইটালৈ বৰকৈ মনত পৰিবলৈ ধৰিছে বাটলুৰ৷ কিন্তু
মনত পৰিলেনো কি হ’ব! যাওঁ বুলিলেইতো ইয়াৰপৰা সি গুচি যাব নোৱাৰে৷

এই
পৃথিৱীখনৰ মৰমিয়াল প্ৰাণীসকলক সি গছপুলি ৰোপণ আৰু সংৰক্ষণ সম্পৰ্কত কিছুমান কথা ক’ম
বুলি কৈ থৈছে৷ বিষয়টোত সি তেওঁলোকক হাতে-কামে সহায় কৰাৰ প্ৰতিশ্ৰুতিও দি থৈছে৷ এনে
অৱস্থাত সি ঘৰলৈ যাওঁগৈ বুলি লৰালৰিখন কৰিব নোৱাৰে৷

অৱশ্যে
সি তেওঁলোকক যিমান দূৰলৈ বুলি পাইছে তাৰপৰা সি কিছু অনুমান কৰিছে৷ সি যদি
সেউজপুৰলৈ যাবলৈ লৰালৰি কৰে তেন্তে তেওঁলোকে কিজানি লগে লগেই তাক সেউজপুৰত থৈ অহাৰ
ব্যৱস্থা কৰি দিব৷ তেওঁলোকে তাক জোৰ কৰি এইখন জগতত ৰাখি থ’ব বুলি সি সপোনতো ভাবিব
নোৱাৰে৷ এনে ভদ্ৰলোকসকলক সি বাৰু কোনটো সতেৰে যাওঁগৈ বুলি কয়!

ভাবি
থাকিল বাটলুৱে৷

এইখন
জগতৰ প্ৰাণীসকলৰপৰা বহু কথাই শিকিবলগীয়া আছে বুলি সি যোৱা দিনকেইটাতে প্ৰমাণ
পাইছে৷ এওঁলোকে নিজৰ মাজত কথা-বতৰা পাতোঁতে ব্যৱহাৰ কৰা ভাষাটোৰ উপৰি আন আন অনেক
ভাষা মুহূৰ্তৰ ভিতৰতে শিকি ল’ব পাৰে৷ ইপ্পিয়ে সিদিনা কথা প্ৰসঙ্গত তাক কৈছিল
,
তোমালোকৰ
পৃথিৱীত বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা বুলি এক ধৰণৰ আভাসী আন্দোলন আৰম্ভ হৈছে৷ আমাৰ
ইয়াত সেইটো প্ৰায় চাৰিশ বছৰ পুৰণি৷ অৱশ্যে তাৰ পাছত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ
বিকাশৰ ক্ষেত্ৰত আমাৰ গৱেষণা বন্ধ কৰি ৰাখিছোঁ৷ কাৰণ যোৱা প্ৰায় চাৰিটা শতিকা আমি
আমাৰ পাৰিপাশ্বিৰ্কতাৰ পুনৰুত্থানৰ বাবে মৰণ পণে যত্ন কৰিবলগীয়া হৈছে৷’

পৃথিৱীত
মানুহে এতিয়া কৰা কাম এওঁলোকে চাৰিশ বছৰৰো আগতেই কৰিছিল! আচৰিত!

এই
যে মুহূৰ্তৰ ভিতৰতে আনৰ মুখৰ ভাষা এটা বুজি পোৱাৰ কৌশলটো
, ই বাৰু কম মজাৰ
কথানে
? ভাবিলে বাটলুৱে৷ সঁচাকৈয়ে এইখন জগতৰ বাসিন্দাসকলৰ চিন্তা আৰু
তেওঁলোকে বিকশিত কৰা তথ্য-প্ৰযুক্তি অতুলনীয়৷ ইয়াত গাড়ী চলিবলৈ ৰাস্তা নালাগে৷
ইয়াত কোনোখন গাড়ীতে ইন্ধন ভৰোৱাও সি দেখা নাই৷ ইমান বেছি গৰম ইয়াত
, তথাপি
সকলোৱে সেই গৰম সহ্য কৰিব পাৰে৷ সি লাহে লাহে স্থিৰ কৰি পেলাইছে
, সি
এইখন পৃথিৱীৰ ভালৰো ভাল কথাবোৰ শিকি ল’বই লাগিব৷ সেইখিনি শিকি গৈ সেই জ্ঞানেৰে
সেউজপুৰক নতুনকৈ গঢ় দিব নোৱাৰিলে তাৰ এই পৃথক জগত ভ্ৰমণ তেনেই অৰ্থহীন হ’ব৷

‘বাটলু
মহাশয়
, কিনো চিন্তা কৰি আছে? মই যে আপোনাৰদুৱাৰ মুখতে ইমান সময় ধৰি
থিয় হৈ আছোঁ আপুনি গমকে পোৱা নাই৷’– হঠাতে হিঙৰ মাত শুনি বাটলু উচপ খাই উঠিল৷
নিজকে কোনোমতে স্বাভাৱিক কৰিবলৈ যত্ন কৰি সি ব্যস্তভাৱে কৈ উঠিল–

‘আহক
আহক
, হিং ডাঙৰীয়া৷ মই এনেয়েহে কিবাকিবি ভাবি আছিলোঁ৷ মিছা নকওঁ, আপুনি
অহা মই গমকে পোৱা নাছিলাঁ৷’

‘নিশ্চয়,
নিশ্চয়৷
নিজৰ ঠাইখন
, নিজৰ প্ৰাণীসকলৰ কথা ভাবি নিশ্চয় আপুনি কিছু
ভাবুক হৈ পৰিছে৷ ই স্বাভাৱিকো৷ আমি লক্ষ্য কৰিছোঁ
, নিজৰ ঠাইখন আৰু
তাৰ বাসিন্দাসকলৰ কথা ভাবিলেই আপোনাৰ মুখখনত কিবা এটা আৱেগ ফুটি উঠে৷ সেই আৱেগেই
এইমাত্ৰ আপোনাৰ মুখত দেখা পাইছিলোঁ৷ আৰু বিশ্বাস কৰক মহাশয়
, আপোনাক এইটো
ৰূপত চাই মোৰ খুব ভাল লাগিছিল৷’

‘কিনো
কয় আপুনি!’ বাটলুৱে সহজ হ’বলৈ যত্ন কৰিলে৷

‘সঁচাকৈ
মহাশয়
, আপোনালোকৰ পৃথিৱীখন খুব ধুনীয়া৷ সেউজপুৰখন যে পৃথিৱীখনৰ ভিতৰতে
ধুনীয়া ঠাই৷ গছে-বনে
, ফুলে-ফলে একেবাৰে জাতিষ্কাৰ আপোনালোকৰ
ৰাজ্যখনৰ  আৱাসীসকলো খুব উদাৰ আৰু মৰমিয়াল৷
মহাৰাজ কেশৰীক লগপোৱাৰ দিনটো ধৰিলে মই তালৈ মুঠতে চাৰিবাৰ গৈছোঁ৷ মোৰ এনে লাগে
,
যেন
সেউজপুৰতে চিৰদিনৰ বাবে থাকি যাম! কিন্তু আমাৰ গ্ৰিনা
, মানে এই যে মৰমৰ
ঘৰখন
, এইখনৰ মোহে বাৰে বাৰে আমাক ইয়ালৈ ওভতাই আনে৷’

‘গ্ৰিনা,
মানে?’

‘মানে
আমাৰ এই জগতখনৰ নাম৷ এতিয়া অৱশ্যে গ্ৰিনাত গ্ৰিনৰ নাম-গোন্ধেই নোহোৱা হ’ল৷ কি যে
দিন আছিল!’ – এটা হুমুনিয়াহ কাঢ়ি ৰৈ গ’ল হিং৷

বাটলুৱে
হিঙৰ মুখমণ্ডলত ফুটি উঠা দুখ আৰু হতাশাৰ ভাব লক্ষ্য কৰি ক’লে–

‘দুখ
নকৰিব ডাঙৰীয়া৷ ভাল আৰু বেয়া দিন সকলোৰে জীৱনত থাকেই৷ সদায়ে ভাল দিন বা সদায়ে বেয়া
দিন নাথাকে৷ এই কেইদিনতে মই বুজি পাইছোঁ যে আপোনালোকৰ এই গ্ৰিনাত খুব ডাঙৰ অথন্তৰ
এটা ঘটি গৈছে৷ সেইটো নিশ্চয় কিবা ডাঙৰ দুৰ্ঘটনা আছিল৷ কিন্তু কি হৈছিল বেয়া নাপায় যদি
মোক বুজাই কওকচোন৷’

‘ওঁ!’
– হিঙে আকৌ এটা হুমুনিয়াহ কাঢ়িলে আৰু ক’বলৈ আৰম্ভ কৰিলে–

‘শুনক৷
কেইবাশ বছৰৰো আগৰ কথা৷ মই তেতিয়া জন্মই হোৱা নাছিলোঁ৷ মোৰ দেউতা তেতিয়া আছিল
পানীকেঁচুৱা৷’

‘ৰ’বচোন
ৰ’ব৷ আপোনাৰ বয়স
?’

‘মোৰ
এতিয়া এশ নব্বৈ বছৰ হওঁ হওঁ৷’

‘ইম্মান
বয়স
? আপোনালোকৰ জীৱন কিমান বছৰীয়া? মানে গড় হিচাপত?’

‘প্ৰায়
তিনিশ বছৰ৷ অৱশ্যে আপোনালোকৰ পৃথিৱীৰ হিচাপতহে কৈছোঁ৷ আমাৰ হিচাপ মতে প্ৰায় দেৰশ
বছৰ৷’

(আগলৈ)