ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী 

                       

(৬)

 

 
মোৰ প্ৰথম স্কুল যাত্ৰা :              

দেউতাই আঠোটা
ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ
বলগীয়া হৈছিল
৷ টাউনৰ দুয়োজন দাদা নিজৰ নিজৰ জীৱন সংগ্ৰামৰ মেৰপেঁচত এনেদৰে সোমাই পৰিল যে
ভাই-ভনীহঁতৰ কথাতো বাদেই
দেউতা-মাৰ কথা ভাবিবলৈকো আহৰি নোপোৱা
হ’ল ৷ তদুপৰি দাদাহঁতে পঢ়ি থকাৰ সময়তে মোৰ পিছতে আৰু দুটা সন্তান জন্ম হ
ল ৷
দেউতা-মাৰ কাৰণে ক
বলৈ গ’লে এক চম্ভালিব নোৱাৰা অৱস্থা ৷ মাৰ কথাতো পূৰ্বতে কৈয়ে
আহিছোঁ
দেউতাৰ লগত কোনোপধ্যে মাই খোজ মিলাব নোৱাৰে ৷
দুয়োজনৰ মাজত বয়সৰ তফাতো যথেষ্ট আছিল ৷ মোক স্কুলত নাম লগাই দিয়ে মানে বয়সে ভাটি দিছিল ৷
  মোৰ
এতিয়াও ৰিণিকি ৰিণিকি মনত আছে এটা ঘটনা ৷ ঘটনাটো আছিল এনেকুৱা-

 এবাৰ
দেউতাৰ ভাগিনীয়েক সদানন্দ দেৱচৌধুৰী (সদাদাদা
বৰ্তমান প্ৰয়াত)
পাটাছাৰকুছিৰ ভিতৰুৱা গাঁও পাণবাৰীৰ পৰা আহিছিল আমাৰ
  
বেছেৰীয়া গাঁৱৰ ঘৰলৈ৷ দেউতাৰ এজনী ভাগিনীয়েক সেই ঠাইলৈ বিয়া হৈছিল বুলি পাছতহে গম
পাইছিলোঁ ৷ আৰু এগৰাকী বিয়া হৈছিল যোৰহাটলৈ
যোৰহাটৰ বিখ্যাত ’পেৰেডাইজ’ হোটেলৰ
স্বত্ত্বাধিকাৰী যতীন বেজবৰুৱাৰ মাতৃ ৷ সদাদাই মোক কোলাত লৈ মৰম কৰি ইটো-সিটো কথা
সুধি থাকোঁতে পঢ়াৰ কথা
  সুধিলে ৷ মই স্কুললৈ তেতিয়ালৈকে যোৱা
নাই বুলি কোৱাৰ লগে লগে তেওঁ আচৰিত হ’ল ৷ তৎক্ষণাত ডাঙৰ দাদা (নৰেনদাদা)ক মাতি কথাটো সোধোঁতে দাদায়ো একো উত্তৰ দিব নোৱাৰিলে ৷ তেতিয়া দেউতাক সুধিলে কথাটো ৷ দেউতায়ো
কিবাকিবি অজুহাত দেখুৱালে যদিও কোনো চিধাচিধি উত্তৰ দিব নোৱাৰিলে ৷ সদাদাই
সকলোকে ওচৰলৈ মাতি আনি বৰ টানকৈ দেউতাক কোৱা শুনিছিলোঁ- ’দুটামানক পঢ়ুৱাই বাকী
দুটামানক ঘৰত ৰাখি আপুনি
  কি কৰিব খুজিছে ?’তেতিয়াহে
দেউতাহঁতৰ গালৈ হুঁচ আহিল ৷ পাছদিনাই দেউতাই মোক দ বেছেৰীয়া নিম্ন বুনিয়াদী
বিদ্যালয়লৈ নি ’ক’ শ্ৰেণীত ভৰ্তি কৰাই দিলে ৷ নাম লগাবৰ সময়ত দেখিলে সোঁৱৰণী মতে
বয়স বহুত বাঢ়ি গৈছে ৷
  তথাপি দেউতাৰ সৈতে কথা পাতি কিবা এটা
বয়স ধৰি দিলে ৷ মেট্ৰিকৰ সময়তহে বয়সে সোতৰ বছৰৰো অধিক গৰকিছিল নিজে বুলি গম
পাইছিলোঁ ’এডমিট কাৰ্ড’ খন হাতত পৰাৰ পাছত ৷

পঢ়া-শুনাগান-বাজনাখেলা-ধূলাঅভিনয়
আদি সকলোতে প্ৰাইমৰী স্কুলত থাকোতেই পাৰ্গত আছিলোঁ
  বুলি
ঘৰৰ লগতে গাঁৱৰ মানুহে কোৱা শুনিছিলোঁ ৷ ’ক’ মানৰ পৰা শ্ৰেণীত সদায়েই প্ৰথম হৈছিলোঁ
৷ স্কুলৰ মৌ মেল হ’লে তাতো ছাৰ-বাইদেউ বিলাকে মৰমত ওচৰত বহুৱাই গান
কবিতা
আদি গোৱাইছিল ৷
 আগতেই উল্লেখ কৰি আহিছোঁস্কুলৰ
বঁটা-বিতৰণী সভাত ’ভক্ত প্ৰহ্লাদ’
, ’একলব্য’ আদি চৰিত্ৰত অভিনয় কৰি মানুহৰ
প্ৰিয় হব পাৰিছিলো ৷

তৃতীয়
শ্ৰেণী পাওঁতে হেড মাষ্টৰ ফণী বড়া (বৰ্তমান প্ৰয়াত) এদিন আমাৰ ঘৰ ওলালহি ৷
দাদা-দেউতাহঁতক লগ ধৰি ক’লেহি যে ’ল’ৰাটোক
  বৃত্তি পৰীক্ষাৰ
বাবে পঠোৱাৰ কথা আমি ভাবিছোঁ ৷ গতিকে এতিয়াৰ পৰাই আপোনালোকে যত্ন ল’ব ৷’ বৃত্তি
পৰীক্ষাৰ বাবে বাচনী পৰীক্ষা হয় ৷ পৰীক্ষাত বহিব লাগিব বুলিও ক’লে ৷

বাচনি পৰীক্ষাৰ আগদিনা এটা ঘটনা ঘটিল ৷ স্কুলৰ পৰা আহি আগৰ দৰে ভাত কেইটা মুখত ভৰায়েই
খেলিবলৈ
  বুলি ৰাস্তালৈ ওলাই  গলোঁ  
লগৰ
  ল’ৰাবিলাকে হৈ-গুদু (হুদু-গুদু?) খেলিম
বুলি ক’লে ৷
  ল’ৰাখিনি দুটা ভাগত ভাগ হ’ল ৷ ৰাষ্টাৰ মাজতে
ধূলি-বালিৰে চিন এটা দি খেল আৰম্ভ কৰিলে ৷ এটা দলৰ এটাই চিনটো পাৰ হৈ একে উশাহতে
আনটো দলৰ এজনক চুই আহিব লাগে ৷ চুবলে যাওঁতে চাব লাগিব যাতে প্ৰতিদ্বন্দ্বী দলটোৱে
তাক আবদ্ধ কৰি ৰাখিব নোৱাৰে ৷ যি বাৰ মোৰ পাল পৰিছিল
প্ৰতিদ্বন্দ্বী দলটোক ভালেই খেদি গৈ এটাক চুব পাৰিছিলো ৷ চুই ঘূৰি আহিবলৈ লওঁতেই কোনোবা পাকত
প্ৰতিপক্ষৰ এটাই আগুৰি ধৰি মাটিত পেলাই দিলে আৰু অইন এটাই হাতত গছকি ধৰিলে ৷ এই
গছকত সোঁ-হাতখনৰ জোৰা ল’ৰি গ’ল ৷ বিষত তাল-ফাল লগালোঁ ৷ খেল তাতেই অন্ত পৰিল ৷
অকণ (অকালতে মৃত্যু বৰণ কৰিলে) নামৰ লগৰ এটাই দাঙি আনি ঘৰ পোৱালেহি ৷ সিফালে ঘৰত
হুলস্থূল লাগিল ৷ পাছদিনা বৃত্তি পৰীক্ষাৰ বাবে
  বাচনি পৰীক্ষা
স্কুলত ৷ ঘৰত চবৰে চিন্তা হ’ল ৷ গাঁৱৰে বুঢ়া মানুহ (নাম পাহৰিছোঁ
ৰামেশ্বৰ
নাথৰ দেউতাক বুলি মনত আছে) এজনৰ ওচৰলৈ কোনোবা এজন দাদাই লৈ গৈ দেখুৱালে ৷ তেতিয়া
আজিৰ দৰে ডাক্তৰৰ ওচৰলৈ সহজে নিয়া নহৈছিল ৷ ডাক্তৰ মানেই টাউন পাব লাগিবগৈ ৷ বৰ
সহজ নাছিল কথাটো ৷
  বুঢ়া মানুহজনে হাতত লতা এডাল টানকৈ
বান্ধি দিলে
লগতে বিহলঙনী পাতেৰে কোবাই  জৰা-ফুকাও
কৰিলে ৷

   পাছদিনা
তেনেকৈয়ে বাচনী পৰীক্ষা দিবলৈ স্কুললৈ গ’লোঁ ৷ মোৰ অৱস্থাটো দেখি হে’ড মাষ্টৰ ফণী
বৰাই
  ঘৰলৈ পঠিয়াই দিলে ৷ পৰীক্ষাত নবহিলেও বৃত্তি
পৰীক্ষালৈ নিৰ্বাচন কৰিব বুলি দাদাহঁতক ক’লে ৷ মোৰা দৃঢ় বিশ্বাস আছিল তেনে কিবা
এটা কৰিব বুলি ৷

                               (৭)

আশা
কৰা ধৰণেই বৃত্তি পৰীক্ষালৈ নিৰ্বাচিত হ’লোঁ৷ বৃত্তি পৰীক্ষা দিবগৈ লাগিব টাউনৰ মজলীয়া স্কুলত৷ ডাঙৰ
দাদা (নৰেনদাদা)ই আগদিনাই চাইকেলত তুলি টাউনৰ কাবুলদা (ত্ৰৈলোক্য গোস্বামী)ৰ ঘৰলৈ লৈ
গ’ল৷তাতে পঢ়ি পৰীক্ষা দিয়াৰ কথা৷ তাৰ পৰা দাদাই নিতৌ বৃত্তি পৰীক্ষা কেন্দ্ৰলৈ
চাইকেলেৰে লৈ যাব৷ সিমানলৈকে ঠিকেই আছিল৷ কিন্তু সন্ধিয়া সময়ত কাবুলদাৰ বৌৱে নৰেনদাক
মাতি কোৱা শুনিলোঁ-’ভাইটি ইয়াত থাকিব পাৰিব
কিন্তু তাৰ ভাতৰ
ব্যৱস্থাটো তুমি ক’ৰবাত বেলেগে কৰিব লাগিব৷ আমাৰ ঘৰত চাউৰ বৰ নাটনি৷’কথাটো শুনি
দাদাই দাদাৰ এজন বন্ধু তীৰ্থদা (তীৰ্থ শৰ্মা
সমীপতে থাকে)ক কলেগৈ৷ তীৰ্থদাই
মাকক ক’লে কথাটো৷ তীৰ্থদাৰ মাক মই আইতা বুলি মাতিছিলো
আইতাই কথাটো
শুনি একে আষাৰেই ক’লে
– কিনো ডাঙৰ কথা হ’ল৷ অকণমান ল’ৰাটোৱে কিমান ভাত
খাব
ইয়াতে খাব৷দাদাক ওচৰৰ দোকানৰ পৰা মাখনৰ পেকেট এটা  আনি
দিবলৈ ক’লে৷ তেনেকৈয়ে ৰাতি থাকিলোঁ এঠাইত আৰু খালো এঠাইত৷

এদিন
নৰেনদা চাকৰিৰ পৰা সন্ধিয়া আহি ক’লেহি বোলে ভাল খবৰ এটা আছে৷ আমাৰ ভাইতিয়ে এল পি
বৃত্তি পাইছে৷ খবৰটো দিলে আকৌ ডি আই অফিচত কাম কৰা গাঁৱৰে গণ্য-মান্য ব্যক্তি
ধৰ্মেশ্বৰ শইকীয়াই৷ খবৰটো পোৱাৰ পিছত মোৰো ভাল লাগিল৷ সকলোৱে ক’লে মাহে পাচ টকাকৈ
বৃত্তি দিব৷ সেই পাচটকীয়া বৃত্তিৰো এটা আমোদজনক কাহিনী আছে৷ বেছেৰীয়া হাইস্কুলত
চতুৰ্থ শ্ৰেণিত পঢ়ি থাকোতে এদিনাখন হেড মাষ্টৰ মোহোৰাম বৰাই চকীদাৰজনক ক্লাছলৈ
পঠিয়াই মোক ছাৰৰ ৰূমলৈ মতাই পঠালে৷ হেডছাৰে মতাই পঠোৱা বুলি কোৱাত ভয়ত তত
নাই৷ ক্লাছৰ সকলোৰে কৌতুহল হ’ল জানিবলৈ৷ ছাৰৰ ৰূমলৈ গৈ সোমোৱাৰ পাছত ক’লে-তই এল পি
স্কুলত বৃত্তি পৰীক্ষা দিছিলি নহয়৷তাৰে পাচ-টকীয়া বৃত্তিৰ এবছৰৰ মুঠ ষাঠি টকা আজি
আহিছে৷তোক সেই টকাখিনি নিবলৈ মাতিছোঁ৷

এই বুলি টেবুলত
থকা পইচাখিনি মোৰ চকুৰ আগতে গণি গণি তাৰ পৰা এঘাৰখন পাচ টকীয়া নোট মোৰ হাতত তুলি
দি বাকী এখন হাতত ৰাখি ক’লে-’এই পাঁচ টকা মাই ৰাখিছো দেই
ইয়াৰ
কাৰণে আমি বহুত কাম কৰিব লাগে নহয়৷’ মুঠ ষাঠি টকাৰ বাকী পঁচপন্ন টকা পকেটত ভৰাই
আকৌ শ্ৰেণীকোঠা পালোহি৷ লগৰ ল’ৰা বিলাকক কওঁতেহে মনৰ কৌতূহল ভাগিল৷

ইমানখনি
টকা জীৱনত প্ৰথম একেলগে পাই মনত আনন্দে নধৰা হ’ল৷ স্কুল ছুটীৰ পাছত ঘৰলৈ আহি ঘৰৰ
মানুহখিনিক
 ফূৰ্তি মনেৰে গোটেই কথাখিনি হুবহু
ক’লোঁহি৷ স্কুলৰ হেড মাষ্টৰে মোৰ বৃত্তিৰ টকাৰ পাঁচ টকা ৰেনেদৰে চান কঢ়া কথটো শুনি
বিচূৰ্তি খালে৷কেনেবাকে মোৰ ভুল হোৱা বুলি পইচাখিনি হিচাপ কৰিও চালে৷ ঠিকেই পাঁচ টকা
কম৷ সকলো গৰজি উঠিল৷ মই অৱশ্যে বিশেষ একো ভাবিব পৰা নাছিলোঁ৷ হেড ছাৰে সেয়া ল
বলগীয়া
টকা বুলিয়েই ধৰি লৈছিলোঁ৷ পাছত মোৰ বাকীছোৱা স্কুলীয়া সময়ৰ কথা চিন্তা কৰিয়েই সকলো
চুপ-চাপ থাকিল৷

মই
পঢ়া দ বেছেৰীয়া বুনীয়াদী স্কুলখনৰ ২০০৩ চনত শতবৰ্ষ উদযাপনত ভাগ ল
বলৈ যাওঁতে স্কুল
কৰ্তৃপক্ষই মোক আনুষ্ঠানিকভাৱে বৃত্তি প্ৰাপ্তিৰ প্ৰমাণ পত্ৰখন হাতত তুলি দিছিল৷

 (আগলৈ)