মূল : চুলেমিথ ইশ-কিশোৰ
অনুবাদ : পংকজ কুমাৰ নেওগ
ছয় বাজিবলৈ আৰু ছয় মিনিট বাকী
– নিউয়ৰ্কৰ গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেছনৰ ইনফৰমেশ্বন
বুথৰ ওপৰত ৰখা ডাঙৰ ঘড়ীটোৱে সময়ৰ জাননী দিলে। দীৰ্ঘদেহী ডেকা আৰ্মি অফিচাৰজনে
তেওঁৰ ৰ’দে পোৰা মুখখন ওপৰলৈ তুলিলে আৰু চকু দুটা সৰু কৰি
সঠিক সময়টো মনতে আকৌ এবাৰ গুণিবলৈ চেষ্টা কৰিলে। এটা অদ্ভুত স্পন্দনেৰে তেওঁৰ
বুকুখন বাৰে বাৰে আলোড়িত হৈ আছে। মাত্ৰ ছয় মিনিটৰ পাছত তেওঁ এনে এগৰাকী মহিলাৰ
মুখামুখি হ’ব যিগৰাকীয়ে বিগত তেৰ মাহ তেওঁৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি বহিছে; যিগৰাকী নাৰীক তেওঁ এতিয়ালৈকে চকুৰে দেখা নাই কিন্তু যাৰ
লেখা আৰু প্ৰতিটো বাক্যই তেওঁক এক অপূৰ্ব সঞ্জীৱনী সুধাৰে জীৱন্ত কৰি ৰাখিছে।
লেফটেনেণ্ট ব্লেনফ’ৰ্ডৰ এটি বিশেষ দিনৰ কথা মনত পৰে।
সেইদিনা খুব তয়াময়া যুদ্ধ চলিছিল আৰু তেওঁলোকৰ বিমানখন শত্ৰুসেনাৰ এজাক বিমানৰ
মাজত সোমাই পৰিছিল। এবাৰ নিজৰ কোনোবা এখন চিঠিত ব্লেনফ’ৰ্ডে
সেই নাৰীগৰাকীৰ আগত স্বীকাৰ কৰে যে তেওঁৰ মাজে মাজে ভীষণ ভয় লাগে। হয়তো সৈন্যসকলৰ
তেনে ভয়-ভীতি থকা খুব এটা স্বাভাৱিক নহয়। সেইদিনাৰ সেই ভয়াৱহ যুদ্ধখনৰ মাত্ৰ
কেইদিনমানৰ পূৰ্বে তেওঁ সেই বান্ধৱীগৰাকীৰ পৰা উত্তৰ পাইছিল – ‘নিশ্চয় তোমাৰ ভয় লাগিব পাৰে। সকলো সাহসী পুৰুষৰে ভয় লাগে,
ইয়াত একো অস্বাভাৱিকতা নাই। ইয়াৰ পাছৰবাৰ তুমি যদি কেতিয়াবা মানসিক দ্বন্দ্বত ভোগা,
কল্পনাতে তুমি মোৰ স্বৰ শুনিবলৈ চেষ্টা কৰিবা। তুমি কল্পনা কৰিবা যে তোমাৰ কাণে
কাণে মই এইদৰে গুণগুণাইছো – ‘মৃত্যুৰ
ছাঁৰে ঢকা উপত্যাকাৰ মাজেৰে পাৰ হ’বলগীয়া হ’লেও কোনো অশুভ কথাৰ একো ভয় নকৰোঁ কাৰণ মই জানোঁ তুমি মোৰ
সৈতে আছা।’
ব্লেনফ’ৰ্ডে সেই ভয়াৱহ যুদ্ধৰ মাজতো তেওঁ লিখা কথাবোৰ মনত পেলাইছিল
আৰু কথাখিনিয়ে তেওঁৰ শক্তিক পুনৰুজ্জীৱিত কৰি তুলিছিল। আজি সেই কণ্ঠস্বৰেই তেওঁ
পোনপটীয়াকৈ শুনিবলৈ পাব – আৰু মাত্ৰ কেইটামান ক্ষণ। ছয় বাজিবলৈ আৰু চাৰি মিনিট
বাকী। এগৰাকী যুৱতী ব্লেনফ’ৰ্ডৰ গাৰ
খুব কাষেৰে পাৰ হৈ গ’ল। যুৱতীগৰাকীৰ পোছাকত গোলাপ ফুল
এপাহি গুজা আছিল কিন্তু তেওঁলোকে ঠিক কৰি থোৱাৰ দৰে সৰু ৰঙা গোলাপ নহয়। তদুপৰি
তৰুণীগৰাকী আছিল কম বয়সীয়া, ১৮ বছৰতকৈ
বেছি নহ’ব।
ব্লেনফ’ৰ্ডক চিঠি লিখা বান্ধৱী হলিছ মেনেলে জনাইছিল যে
তেওঁ ৩০ বছৰীয়া। ব্লেনফ’ৰ্ডে উত্তৰত
জনাইছিল – ‘একো চিন্তা কৰিবলগীয়া নাই। মোৰো বয়স ৩২ বছৰ।’ দৰাচলতে তেওঁ আছিল এজন ২৯ বছৰীয়া চফল ডেকা। ষ্টেছনত
অপেক্ষা কৰি থাকোঁতে ট্ৰেইনিং কেম্পত পঢ়ি শেষ কৰা কিতাপ এখনৰ কথা ব্লেনফ’ৰ্ডৰ মনত পৰিল। কিতাপখন আছিল ছমাৰছেট মমৰ ‘অব হিউমেন বণ্ডেজ’। ফ্ল’ৰিডা ট্ৰেইনিং কেম্পলৈ আৰ্মি লাইব্ৰেৰিৰ পৰা অহা অসংখ্য কিতাপৰ ভিতৰত সেই
কিতাপখন তেওঁৰ হাতত আহি পৰিছিল। কিতাপখনৰ পৃষ্ঠাবোৰত সৰু সৰু আখৰেৰে লিখা কিছুমান
নোট আছিল। লেখাবোৰ ছোৱালীৰ হাতৰ আখৰ আছিল যেন ভাব হয়। পঢ়ি যাওঁতে বোধকৰোঁ নোটবোৰ
লিখি গৈছিল। ইয়াৰ আগতে ব্লেনফ’ৰ্ডৰ কোনো
ধাৰণা নাছিল যে এগৰাকী ছোৱালীয়ে ইমান কোমলতা আৰু সহমৰ্মিতাৰে এজন পুৰুষৰ মন
বুজিবলৈ চেষ্টা কৰিব পাৰে। কিতাপখনৰ কভাৰৰ ভিতৰৰ ফালে নাম এটা লিখা আছিল – হলিছ
মেনেল।
নিউয়ৰ্ক চিটি টেলিফোন গাইডৰ
পৰা ব্লেনফ’ৰ্ডে ছোৱালীজনীৰ ঠিকনা বিচাৰি উলিয়ায়। তেওঁ সেই
তৰুণীগৰাকীলৈ চিঠি লিখা আৰম্ভ কৰে আৰু প্ৰতিবাৰে চিঠিবোৰৰ উত্তৰো লাভ কৰে। এটা
সময়ত ব্লেনফ’ৰ্ডক সেই কেম্পটোৰ পৰা আঁতৰাই অইন ঠাইলৈ বদলি
কৰোৱা হ’ল। তৰুণীগৰাকীলৈ আগৰ দৰেই চিঠি লিখা চলিল আৰু
হলিছ মেনেলেও পৰম বিশ্বস্ততাৰে তেওঁৰ প্ৰতিখন চিঠিৰ উত্তৰ দি থাকিল। আনকি কেতিয়াবা
ব্লেনফ’ৰ্ডৰ কোনো চিঠি-পত্ৰ নাপালেও মেনেলে তেওঁলৈ কিবা
নহয় কিবা লিখি পঠিয়াবলৈ ধৰিলে। অতদিনৰ মূৰত ব্লেনফ’ৰ্ডৰ বিশ্বাস ওপজিল যে তেওঁ তৰুণীগৰাকীক ভাল পায় আৰু
তায়ো তেওঁক পছন্দ কৰে। কিন্তু ব্লেনফ’ৰ্ডৰ অজস্ৰ
অনুৰোধৰ পাছতো মেনেলে তেওঁলৈ নিজৰ কোনো ফ’টো পঠিওৱা নাছিল। ফ’টো নপঠিওৱাৰ ব্যাখ্যা
আছিল এনে ধৰণৰ – ‘যদি মোৰ প্ৰতি তোমাৰ অনুভূতি সঁচা হয়
মোৰ চেহেৰাই ইয়াত কোনো প্ৰভাৱ পেলাব নালাগে। যদি মই সুন্দৰী হওঁ সকলো সময়তে মই
ভাবিম যে তুমি হয়তো চেহেৰাৰ বাবে মোৰ পৰা সুবিধা ল’ব
বিচাৰিছিলা। এনে ধৰণৰ ভালপোৱাক মই অন্তৰেৰে ঘৃণা কৰোঁ। যদি মই দেখিবলৈ সাধাৰণ হওঁ
(তুমি নিশ্চয় মানি ল’বা যে তেনে হোৱাৰ সম্ভাৱনাই সকলোতকৈ
বেছি) সকলো সময়তে মোৰ এই ভয় থাকিব যে নিতান্ত বাধ্যত পৰিহে তুমি মোলৈ চিঠি লিখিছা।
তুমি এজন অকলশৰীয়া মানুহ; হয়তো তোমাৰ
মনৰ কথাবোৰ জনাবলৈ তোমাৰ কোনোৱেই নাই। অনুগ্ৰহ কৰি মোক ফ’টো পঠিয়াবলৈ নক’বা। তুমি যেতিয়া নিউয়ৰ্কলৈ আহিবা তুমি মোক সোঁশৰীৰে লগ
পাবা আৰু তোমাৰ সিদ্ধান্ত নিজে ল’বা।’
আৰু এক মিনিট বাকী আছে ছয়
বাজিবলৈ। ব্লেনফ’ৰ্ডে হাতত লৈ থকা কিতাপখনৰ পাতবোৰ
এবাৰ লুটিয়ালে আৰু তেওঁৰ বুকুখন এইবাৰ অস্বাভাৱিকভাৱে জাঁপ মাৰি উঠিল। এগৰাকী
তৰুণী তেওঁৰ ফালে আগবাঢ়ি আহিছে। ছোৱালীগৰাকী ওখ আৰু কৃশাঙ্গী। তেওঁৰ কেকোঁৰা ঘন
সোণালী চুলিকোছা কাণৰ ওপৰেৰে গৈ পিঠিত পৰিছে। তেওঁৰ চকুজুৰিত সাগৰৰ নীলা, থুঁতৰি
আৰু ওঁঠযোৰত এটা মোহনীয় ঋজুতা। পাতল সেউজীয়া পোছাকযোৰেৰে তেওঁ যেন বসন্তৰ সেউজ
বাৰ্তা কঢ়িয়াই আনিছে। শক্তি আৰু তাৰুণ্যৰ উদ্দীপনাত যুৱতীগৰাকী উজলি উঠিছিল।
স্বতঃফূৰ্তভাৱে ব্লেনফ’ৰ্ডো
তৰুণীগৰাকীৰ পিনে আগ বাঢ়ি গ’ল। তেওঁৰ
পোছাকত যে গোলাপ কলি গুজি থোৱা নাছিল সেইটো ব্লেনফ’ৰ্ডৰ
চকুত নপৰিল। তেওঁক আগুৱাই অহা দেখি ছোৱালীগৰাকীৰ ওঁঠত অদ্ভূত এটা মাদকতাময় হাঁহি
বিয়পি পৰিল। এক আৱেদনময়ী ভঙ্গিমাৰে ছোৱালীগৰাকীয়ে গুণগুণালে – ‘যোদ্ধা, আমাৰ লগতেই আহিছা নে?’
ছোৱালীজনীৰ ফালে আৰু এখোজ দিওঁতেই হলিছ
মেনেলৰ ওপৰত ব্লেনফ’ৰ্ডৰ চকু পৰিল। তৰুণীগৰাকীৰ ঠিক
পিছতেই তেওঁ থিয় হৈ আছিল। এগৰাকী চল্লিশোৰ্ধৰ মহিলা। অলপ পকিবলৈ ধৰা চুলিখিনি
টুপীটোৰে ঢাকি থোৱা আছিল।
মানুহগৰাকীক শকত বুলিলে হয়তো
কম কোৱাই হ’ব। শকত গোৰোহাৰ ভৰি দুখনত চাপৰ জোতা এযোৰ কোনোমতে
পিন্ধি লৈছিল। কিন্তু এই সকলোবোৰৰ সত্তেও তেওঁৰ শোঁত-মোচ খোৱা কোটটোত এটা ধুনীয়া
গোলাপৰ কলি জিলিকি আছিল। ব্লেনফ’ৰ্ডে
উভতি চাই দেখে যে সেউজীয়া পোছাক পৰিহিতা যুৱতীগৰাকী ইতিমধ্যে মানুহৰ ভিৰৰ মাজত অদৃশ্য
হৈ পৰিছে। ব্লেনফ’ৰ্ডৰ এনে ভাব হ’ল তেওঁৰ সত্ত্বা যেন দুই ভাগত বিভক্ত হৈ পৰিছে। এটা
সত্ত্বাই সেই যুৱতীগৰাকীক অনুধাৱন কৰিব বিচাৰিছে অথচ যি উজ্জ্বল আত্মাই তেওঁক ইমান
দিনে সাহচৰ্য আৰু মমতাৰে আৱৰি ৰাখিছে তেওঁ এতিয়া নিচেই ওচৰত। মনৰ আনটো সত্ত্বাই
তেওঁৰ গভীৰ সান্নিধ্য লভিব বিচাৰে। ব্লেনফ’ৰ্ডে
সেই শকত মুখমণ্ডলখনত এটা সমাহিত আৰু সংবেদনশীল ৰূপ দেখা পাইছে। তেওঁৰ ধূসৰ চকুযুৰি
দয়া আৰু মমতাৰে ওপচি পৰা। লেফটেনেণ্ট ব্লেনফ’ৰ্ডৰ
মনটোৱে তেওঁক ইমান নিষ্ঠুৰ হ’বলৈ অনুমতি
নিদিলে। হলিছ মেনেলে যিখন কিতাপ দেখি তেওঁক চিনি পোৱা কথা সেই ‘অফ হিউমেন বণ্ডেজ’ কিতাপখন
তেওঁ হাতেৰে টানকৈ খামুচি ধৰিছিল। এয়া হয়তো প্ৰেম বা ভালপোৱা হৈ নুঠিব পাৰে
কিন্তু তাতোকৈ অধিক মূল্যৱান হৈ উঠিব। হয়তো ইয়াৰ নতুন সংজ্ঞা হ’ব বন্ধুত্ব … যাৰ বাবে ব্লেনফ’ৰ্ড
মেনেলৰ প্ৰতি সদায়েই কৃতজ্ঞ আছিল আৰু ভৱিষ্যতেও থাকিব।
ব্লেনফ’ৰ্ডে নিজৰ কান্ধ পোন কৰি মেনেলক এটা চেলুট দিলে আৰু হাতৰ
সেই কিতাপখন এবাৰ মেলি দেখুৱালে। ইমানখিনি কৰি উঠিও ব্লেনফ’ৰ্ডে কথা ক’বলৈ যেতিয়া
মুখ মেলে আশাভঙ্গৰ তিক্ততাখিনি তেওঁ লুকুৱাই ৰখাত ব্যৰ্থ হ’ল। ব্লেনফ’ৰ্ডে অৱশেষত
আৰম্ভ কৰিলে – ‘হেল্ল’! মই
লেফটেনেণ্ট ব্লেনফ’ৰ্ড আৰু আপুনি… মিছ মেনেল… মই অতি
আনন্দিত যে আপুনি মোৰ সৈতে দেখা কৰিব পাৰিছে। মই আপোনাক বাহিৰলৈ
নিবলৈ… মানে..নৈশাহাৰৰ বাবে নিমন্ত্ৰণ দিব পাৰোঁনে?’ এটা
প্ৰশস্ত হাঁহি মহিলাগৰাকীৰ মুখমণ্ডলত বিয়পি পৰিল। এটা মায়াভৰা কণ্ঠৰে তেওঁ উত্তৰ
দিলে – ‘বোপাই, এইবোৰনো কি ঘটি আছে মই একোকে ধৰিব পৰা
নাই। মোৰ আগে আগে আহি থকা সেউজীয়া পোছাক পৰিহিতা সেই তৰুণী গৰাকীয়ে ইয়াৰ পৰা ওলাই
যোৱাৰ আগতে মোৰ কোটত গোলাপৰ ক’লি এটা গুজি
দি কৈছিল যে তুমি যদি মোক বাহিৰলৈ নিয়াৰ প্ৰস্তাৱ দিয়াঁ তেতিয়া যেন তোমাক মই কওঁ যে
তেওঁ সেই ৰাস্তাটোৰ সিপাৰে থকা এখন ৰেষ্টুৰেণ্টত তোমাৰ বাবে অপেক্ষা কৰিছে। তেওঁ
কৈছিল… তেওঁ কিবা এটা… সম্পৰীক্ষা চলাইছে!’
০০০
ঠিকনা :
মাস্কাট, চুলতানেট অব ওমান।
ভ্ৰাম্যভাষ : +৯৬৮-৯৯৬৭-২৭৮১।