অংগনা ভট্টাচাৰ্য্য

 

 

 শীলভদ্ৰাৰ টোপনি
নাহিল৷ তাই বিছনাখনতে বহি লৈ আঁঠু দুটাৰ মাজত মূৰটো গুজি দিলে৷ ক্ষন্তেক এনেকৈয়ে থকাৰ
পাছত তাইৰ বুকুখন হমহমাই উঠিল৷ তাইৰ কান্দিবৰ মন গ’ল৷ ডাঙৰকৈ৷ কিন্তু এইকণ বিলাসিতাও
তাই আঁজুৰি নল’লে৷

কি কৰা যায়? 

বাঙালখাতাতেই ৰৈ
যোৱাটো ভাল হ’ব নেকি?
 

ভালেই হ’ব কিজানি! 

বাঙালখাতাৰ ৰ’দ-বৰষুণ!
গাৰো পাহাৰৰ পৰা ভাহি অহা সেই জালিকটা সুবাস!
  চিবিনাঙৰ সুমিষ্ট
মাটিকঁঠালে আমোলমোলাই থকা বাঙালখাতাৰ আলিবাটবোৰ!
  

ৰঙাই নৈৰ শান্ত পাৰটোত
বহি যিদিনা লেছামে তাইক ভালপোৱাৰ কথা কৈছিল, তাই তাকেই ওলোটাকৈ সুধিছিল-

“ভালপোৱা মানে কিনো?”

“তয়ো যে! আই লাভ
ইউ বুলি যে মানুহে কয়! সেই ভালপোৱা৷”

লেছামৰ কথাত তাই
জঁয় পৰি গৈছিল৷ তাইৰ গাল দুখনো গাভৰু আপেল এটাৰ দৰে ৰঙচুৱা হৈ পৰিছিল৷ তাইৰ সলাজ চেহেৰাটো
দেখি বেলিটোৱেও ৰঙাই নৈৰ স্বচ্ছ পানীৰ বুকুত ডুবোঁ-ডুবোঁ কৰিছিল৷
 

 অৱশ্যে সেয়া বাৰ
বছৰৰ আগৰ কথা৷
  

বাৰটা বছৰনো কিমানৰ
বাট? অলৌলোৱা প্ৰেমৰ আকুলতাৰে মুগ্ধ ৰিং এটাৰহে বাট!
 

বাঙালখাতাৰ প্ৰতি
থকা তাইৰ এই সন্মোহনৰ অন্ত ক’ত? মহানগৰীৰৰ ঠেক গলিবোৰৰ যান্ত্ৰিক বতাহত নে তাৰ নীৰস
পুৱাৰ একঘেয়ামীবোৰত?

নাঃ৷ তাই কোনোপধ্যেই
বাঙালখাতা এৰি থাকিব নোৱাৰে৷
 

ৰাজোৱে কালি তাইক
ফোনত কৈছিল-

“তই গাঁৱৰ মানুহক
ভয় নকৰিবি৷ লেছাম বৰ ভাল ল’ৰা৷ সি তোক সঁচাকৈ বৰ ভাল পায়৷ বাকী সকলো কথাতকৈ মাত্ৰ এই
কথাটোকহে তই বেছি গুৰুত্ব দিয়াটো ভাল৷ ঘৰৰ মানুহক বুজাবি৷ দেখিবি তেওঁলোকেও বুজিব৷
সমাজৰ ভয়ত মাত্ৰ তেওঁলোকে কোনো সিদ্ধান্ত ল’ব পৰা নাই৷ সেইবুলি তই সাহস নেহেৰুৱাবি৷
মোৰ আফো-আফে মান৷ ময়ো মান৷ কিন্তু আমিও অসমীয়া৷ এই কথাটোক অস্বীকাৰ কৰাৰ সাহস কাৰো
নাই৷ আনকি তোৰ এই সমাজখনৰো নাই৷”
 

ৰাজোৰ সঁচা কথাবোৰ
তাই বুজি পায়৷ কিন্তু কিবা এটা উত্তৰ দিবলৈহে তাইৰ ওঁঠৰ পৰা সময়ত শব্দ এটাও সৰকি নাহে৷
 

দোকমোকালি হ’লেই৷
খোলা দুচকুৰেই তাই ৰাতিটোক বিদায় জনালে৷
 

তাই বিছনাৰ পৰা উঠি
আহিল৷ কোঠাটোৰ খিৰিকি এখন খুলি দূৰলৈ চাই পঠিয়ালে৷ তাই ৰিণি ৰিণিকৈ দেখিলে কুঁৱলিৰ
আচ্ছাদনে মেৰিয়াই ৰখা গাঁওখন৷ সৌখন ফুলবাৰী৷ লেছামৰ ফুলবাৰী৷ তাৰেই কাষত সৌৱা চিবিনাং৷
 

তাই লেছামক জোকাইছিল-

“তহঁতৰ গাঁৱত ইমানেই
ফুল নে? একেবাৰে ফুলবাৰী নামটোকেই ৰাখিলে যে? তহঁতৰ ঠাইখনতকৈ আমাৰ বাঙালখাতাতেই ফুলৰ
বাৰী বেছি৷
  চৌদিশে কি  ধুনীয়া ধুনীয়া ফুল! একদম স্বৰ্গত
থকা যেন লাগে!”
 

লেছামে তাইৰ গাল
এখনত লাহেকৈ চিকুটি দি কৈছিল-

“তই কিবা জান নেকি?
কেৱল পেকপেকাবহে জান৷ প্ৰতিখন ঠাইৰ নামটোৰ সৈতে কিবা নহয় কিবা কাহিনী জড়িত হৈ থাকে৷
মানুহৰ ইচ্ছামতে ঠাই এডোখৰৰ নাম ৰাখিব নোৱাৰি নহয়৷ ব্ৰিটিছে দেশ শাসন কৰি থকাৰ সময়ত
গাৰোপাহাৰত বোলে ডেভিড স্কট চাহাবৰ ঘৰ আছিল৷ তই জাননে, চাহাব গোৱালপাৰা জিলাৰ প্ৰথম
কমিছনাৰ আছিল৷ তেওঁৰ ধুনীয়া ঘৰটোৰ লগতে এখন বৰ ডাঙৰ ফুলৰ বাৰী আছিল৷ পাছলৈ চাহাবৰ ফুলৰ
বাৰীৰ পৰাই ঠাইখনৰ নাম ফুলবাৰী হয় ৷”

“ৱাহ তই ইমান কথা
জান! অকলে-অকলে
 ইমান কথাৰ ভৰ সহি
থকাতকৈ অলপ মোকো ভগাই দিবিচোন” বুলি সিদিনা তাই পুনৰ লেছামক জোকাইছিল৷

কথাবোৰ মনত পেলাই
তাইৰ মনটো বৰ ভাল লাগিল৷ একেসময়তে সোণ সৰা দিনবোৰৰ কথা ভাবি সামান্য বেয়াও লাগিল মনটো৷

তাইৰ চকুৰ সমুখলৈ
ভাহি আহিল ফুলবাৰীৰ চিনাকি ধাননি পথাৰ এখন৷ একেখন কলপাততে কেইটামান ওকচি গুটি সানি
লৈ সৌৱা কথাৰ ফুলজাৰি মাৰিছে কেইজনীমান ন-গাভৰুৱে৷ কথাৰ ছলতে শীলভদ্ৰা, ৰাজো, কাৰেঙা,
ফাগুনাহঁতে আঙুলি খেল খেলিছে৷ প্ৰীতিৰ নিভাঁজ জৰীৰে ইজনীয়ে সিজনীক মেৰিয়াই ৰাখি আঙুলি
খেলাৰ সাঁথৰ মাতিছে৷ ৰাজোৱে নিজৰ এখন হাত মাটিত থৈ আনখন হাতৰ তৰ্জনী আঙুলিটোৰে এজনী-এজনীকৈ
আটাইকেইজনীৰে আঙুলিবোৰ চুই গ’ল আৰু গাই গ’ল-

“আয় গোহালি ঘৰত যাঙ

দুধৈ ভাতে খাই যাঙ

নাখাঙ মুই দুধ ভাত

চেঙৰি আঙঠি তোল হাত৷” 

শীলভদ্ৰাৰ দুই ওঁঠত
কোমল হাঁহিয়ে জিলমিলাই গ
’ল৷ তাইৰ মনটোও অকণ মুকলি হ’ল৷ তাই বিছনাখনলৈ উভতি আহিল৷ গাৰুৰ
তলত থকা ফোনটো হাতত তুলি লৈ তাই লেছামৰ হাঁহিমুখীয়া ফটো এখন উলিয়াই ল’লে৷ দুবছৰ আগৰ
মাইকৌ চুমফাইত লোৱা ফটো এইখন৷ সন্ধিয়া ৰেজাক কৰাৰ পাছত সমনীয়াৰ সৈতে সি খয়াকু গ্ৰহণ
কৰি আছিল৷ তেতিয়াই সি গম নোপোৱাকৈ ৰাজোৱে তাইৰ ফোনটোৰে
  সমূহীয়াকৈ তাৰ এই ফটোখন তুলিছিল৷
তাৰ পাছত ঘৰলৈ আহি তাই ফটোখন কাটি-কুটি কেৱল সি থকা অংশখিনিহে ৰাখিছিল৷ তেতিয়ালৈ প্ৰায়
ঠিকেই চলি আছিল৷ কিন্তু মাইকৌ চুমফাইৰ দুদিনমান পাছতে ঘৰত হাহাকাৰ লাগিছিল৷ ককায়েক
শিনাৰুৱে আটাহ পাৰি-পাৰি কৈছিল-
 

“ৰংদানী ৰাভা সমাজৰ
জীয়ৰী হৈ তাই মানলৈ যাব? সমাজৰ আগত আমি কেনেকৈ মুখ উলিয়াম? কোনো কাৰণতেই শীলভদ্ৰাক
বেলেগ সমাজলৈ উলিয়াই নিদিওঁ৷”

শিনাৰুৰ ৰূপ দেখি
তাই সিদিনা থৰথৰকৈ কঁপিছিল৷ ভয়তে নিজৰ কোঠাতে সোমাই আছিল বহুপৰ৷ ভাত-পানী নৰন্ধাকৈয়ে পাৰ হৈছিল সিদিনা৷
 

পাছদিনা পুৱাতেই
উঠি তাই গা-পা ধুই চৰুত চাউল সিজিবলৈ দি পিঠালি শাক ৰান্ধিবৰ বাবে কেইপদমান শাক বিচাৰি
আনিছিলগৈ৷ সেইদিনা পুৱাৰ জলপানৰ সলনি পিঠালি শাকৰ সৈতে আটায়ে মায় মাচি খাইছিল৷ বিছনাত
পৰি থকা অসুখীয়া পিতাকক তায়েই মায় মাচি অকণ সানি খুৱাই দিছিল৷ পেটৰ ভোকতে শিনাৰুৱেও
সৰহকৈ মায় মাচি খাইছিল৷ মাকে তাই শুনাকৈ শিনাৰুক কৈছিল-
 

“তাইক মৰমকৈ বুজাবি
শিনাৰু৷ ৰাগ-খং নকৰিবি৷”
 

শিনাৰুৱে তলমূৰ হৈ
মাছলৈ ওলাই গৈছিল৷
 

সেয়া যেন সৌ সিদিনাৰ
কথাহে৷
 

শীলভদ্ৰাই হুমুনিয়াহ
কাঢ়িলে৷ এৰা, সময়বোৰ বাগৰিল৷ কিন্তু সমাধান এটাহে নোলাল৷ লেছামৰ পৰা আঁতৰাই শিনাৰুৱে
এতিয়া তাইক গুৱাহাটীত থ’বলৈ বিচাৰিছে৷ হাতত ফোনটো থকাৰ পাছতো তাৰ সৈতে কথা এষাৰ তাই
পাতিব নোৱাৰে৷ তাৰ মুখখন এবাৰ চাব নোৱাৰে৷ পিছে বাঙালখাতাৰ পৰা আঁতৰি, লেছামৰ পৰা আঁতৰি,
ৰাজোৰ পৰা আঁতৰি তাই জানো জীয়াই থাকিব পাৰিব?
  

মূৰটো দুয়োফালে জোকাৰি
তাই গা ধুবলৈ সাজু হ’ল৷
 

গাটো ধুই আহিয়ে শীলভদ্ৰাই
ৰঙা চাহ একাপ খাই ল’লে৷ বাকী মানুহবোৰ উঠাই নাই৷ তাই চৌকাত দুটামান চাউল সিজিবলৈ দিলে৷
ক্ষন্তেক পাছত কৰকৰীয়াকৈ ৰন্ধা ভাতকেইটা বাঁহৰ ঢাৰিখনত মেলি দি তাই বাখৰ তৈয়াৰ কৰাত
লাগিল৷ আজি চিনচিনা প্ৰস্তুত কৰিব লাগিব৷ মাকৰ গা বেয়া৷ তথাপি তেৱেঁই তাইক বাকীখিনি
দেখুৱাই দিব৷ মাকে শুই উঠি গা-পা ধুই আজৰি হোৱালৈকে তাই বাখৰখিনি তৈয়াৰ কৰি থ’বলৈ বিচাৰিলে৷
এইবোৰত সময়ো জানো কম লাগে? তথাপি ঘৰখনত চিনচিনা এটোপা নাথাকিলে ভাল লাগে জানো? বাখৰখিনি
তৈয়াৰ
  কৰিবলৈ তাই আগিয়া
চিতাৰ শিপা, আকণ গছৰ ফুল-পাত, কুঁহিয়াৰৰ পাত, বিহলঙনি, জালুক, কুশবনৰ আগ, ভেটাই তিতাৰ
পাত, মিঠা পাত, বাহক তিতাৰ পাতৰ লগতে পুৰণি বাখৰ আৰু পিঠাগুৰিখিনি কালিয়েই
 যোগাৰ কৰি থৈছিল৷ সেইবোৰ বাছি-ধুই-পখালি
লৈছিলহে, তেনেতে ৰাজোৰ ফোন আহিল৷ খাৰেৰে ধুই পৰিস্কাৰ কৰি লোৱা জোঙাটো প্ৰথম পুৱাৰ কোমল ৰ’দখিনিত
শুকাবলৈ দি তাই ফোনটো হাতত লৈ নিজৰ কোঠাত সোমাল৷
  

“ইমান পুৱাতেই যে
ফোন কৰিলি ৰাজো?”

উদ্বেগেৰে সুধিলে
তাই৷ ইফালে ৰাজোৱে বৰ কোমলকৈ তাইক ক’লে-

“তোৰ খবৰ এটা ল’বলৈকে
ফোন কৰিলোঁ অ’ই৷ অলপ পাছতে ঘৰৰ আটাইবোৰ মানুহ উঠিব৷ তেওঁলোকৰ মাজত থাকিলে তই মোৰ ফোনটো
উঠাবলৈকে দিগদাৰ পাবি৷ এতিয়াই যে তহঁতৰ ঘৰৰ কোনো নুঠে মই জানো৷ সেইদেখিয়েই ফোনটো লগালোঁ৷”

“ভালেই কৰিলি দে৷
মনটোও বৰ বেয়া লাগি আছিল৷ ওৰে ৰাতিটো চকু মুদাই নহ’ল৷ কি কৰোঁ, কি নকৰোঁকৈ চিন্তাত
পাৰ কৰিলোঁ৷”

 “পিছে কি কৰিম বুলি
ভাবিছ এতিয়া? গুৱাহাটীৰ এন. জি. অ
.টোৰ চাকৰিত সোমাবি নে?”

“নোসোমাওঁ৷ মই নোৱাৰিম
ৰাজো৷ বাঙালখাতা এৰি মই ক’লৈকো যাব নোৱাৰিম৷”

“বাঙালখাতা এৰি নে
লেছাম ক’ক এৰি থাকিব নোৱাৰিবি?”

“হেই যাহ৷ পুৱাতেই
আমনি নকৰিবি৷”

“সঁচা ক’লে বেয়া
পাৱ ন? পিছে তোৰ অঁকৰা ক’ৱে মানিবনে?”

“নামানিব৷ কিন্তু
মই নাযাওঁ ৰাজো৷”

“সাহসী হ’৷ দেখিবি-
বন্ধ দুৱাৰবোৰ এখন-এখনকৈ খোল খাবলৈ ধৰিছে৷ আমাং
 বৰ বুজন৷ তেওঁ কথাবোৰ বুজি পায়৷ পিছে তোৰ
দৰে একেই৷ সমাজলৈ ভয়৷ মানুহলৈ ভয়৷ এবাৰ সকলো বাদ দি নিজৰ মনটোৰ কথা মানি লচোন৷”
 

শীলভদ্ৰাই নীৰৱেই
ৰাজোৰ কথাখিনি মানি ল’লে-

“হ’ব দে৷ এইবাৰ কিবা
এটা কৰিব লাগিব৷ আৱাৰ ফাৰকান্তি গৈছেহে, এতিয়াই ঘৰখনত সুস্থিৰ পৰিবেশ এটা অহা নাই৷
আৱা যোৱাৰ পাছতহে মোৰ অনুভৱ হৈছে- নিজৰ কথা নিজে ভাবিব লাগিব৷”
 

ৰাজোৱে লেছাম ভালে
থকাৰ বিষয়ে দুটামান কথা পাতি ফোনটো সামৰিলে৷

শীলভদ্ৰাই পুনৰ কামত
মনোযোগ দিলে৷ বাখৰখিনি প্ৰস্তুত কৰিবলৈ ধৰাৰ লগে-লগেই তাইৰ পিতাকলৈ মনত পৰিল৷ আগতে
বাখৰ প্ৰস্তুত কৰাৰ সময়ত পিতাক তাইৰ কাষে-কাষে আছিল৷ ইটো-সিটো দিহা দি ফুৰিছিল৷ আনকি
বিছনা লোৱাৰ দুবছৰতো তেওঁ কিবাকিবি কথা কৈ তাইৰ গধূৰ মনটো পাতলাবলৈ যত্ন কৰিছিল৷ তেওঁ
জানিছিল- লেছাম কেৱল তাইৰ প্ৰেম হৈ থকা নাই, তাইৰ ক্ষুদ্ৰ জীৱনটোৰ প্ৰতিটো সুখ আৰু
দুখৰ প্ৰধান আকৰ
  হৈ পৰিছে সি৷ এতেকে
তেওঁ লেছামৰ পৰা তাইক আঁতৰি আহিবলৈ কেতিয়াও কোৱা নাছিল৷ অৱশ্যে তাইক সাহসো দিয়া নাছিল৷
কেতিয়াবা সেমেকা মন এটাৰে তেওঁ তাইক কৈছিল-
 

“সি জানো জাঙায় ধাংকায়
কৰিবলৈ বিচাৰিব? নহ’লে এবাৰ তয়েই সুধি চাবিচোন৷”

নাই৷ তাই লেছামক
কেতিয়াও জোঁৱাই খাটিবলৈ নুসুধিলে৷ সিহঁতৰ সম্পৰ্কটোৰ পূৰ্ণতাতকৈও তাৰ আত্মসন্মানৰ গুৰুত্ব
তাইৰ মনত বহুত বেছি৷ সিহঁতৰ ভালপোৱাত কোনো পাপ নাই৷ একেবাৰেই নিভাঁজ৷ পৱিত্ৰ৷ মহাকালৰ
চৰণ চুই তাই অংগীকাৰ লৈছে- প্ৰয়োজন হ’লে তাই বিয়া নোহোৱাকৈ থাকি যাব৷ কিন্তু ইজনে সিজনৰ
আৱেগ-অনুভূতি আৰু স্বাভিমানক ভেঙুচালি কৰাৰ পৰিৱেশ কেতিয়াও হ
বলৈ নিদিয়ে৷ এইটোৱেই
লেছামৰো সিদ্ধান্ত৷

“আৱা!”

পিতাকক মনত পেলাই
তাই ফেঁকুৰি উঠিল৷ একে সময়তে জোঙাকেইটাৰ ভিতৰত ধানখেৰ ভৰাই জুই লগাই পুৰিবলৈও দিলে৷
যন্ত্ৰৱৎ৷ এৰা, জীৱনৰ এটা সময়ত সকলো দেখোন যন্ত্ৰৱৎ হৈ পৰে!

কেইটামান দিন পাৰ
হৈছিলহে, শিনাৰুৱে পুনৰ হাহাকাৰ লগালে৷ শীলভদ্ৰালৈ চহৰীয়া দৰা এজনৰ খবৰ লৈ আহিল৷ মাকৰ
মনটোৱে জীয়েকজনীৰ অন্তৰখন ভাঙিবলৈ নিবিচাৰে৷ পিছে পুতেকৰ বুজনিত তেৱোঁ চাকৰিয়াল দৰা এটালৈকে
জীয়েকক উলিয়াই দিয়াৰ কথা ভাবিছে৷
  

লেছামক লগ পোৱাৰ
কোনো উপায় নাই৷ শিনাৰুৱে ঠায়ে-ঠায়ে মানুহ লগাই থৈছে৷ শীলভদ্ৰাৰ মূৰটোৰ ওপৰত এখন পাহাৰ
থকা যেন লাগিল৷ তাইৰ বুকুখন এটা প্ৰকাণ্ড শিলে হেঁচি ধৰা যেন লাগিল৷ তাইৰ মুখলৈ বাৰে-বাৰে
এটা নামেই আহি থাকিল-

“ৰাজো”

সঁচাকৈয়ে পাছদিনাই
ৰাজো তাইৰ ঘৰলৈ আহিল৷ শিনাৰুৰ নিষেধাজ্ঞা নামানি তাই শীলভদ্ৰাক সাহস দিবলৈকে দৌৰি আহিল৷
তাই ঘৰলৈকে অহা দেখি শীলভদ্ৰাই ভয় খালে৷ ৰাজোৱে তাইক ধমক দি ক’লে-
 

“তোৰ ক’ক মই ভয় নকৰোঁ৷
আপোন মানুহৰ দুখ-বেদনা নুবুজি জোৰ-জবৰদস্তি সিদ্ধান্ত জাপি দিয়া মানুহক সমীহো নকৰোঁ৷
লেছাম মোৰ চুবুৰীয়া কাৰণেই তোৰ ঘৰলৈ নাহিম নেকি? আগতে দেখোন এইখন ঘৰতেই নাচি-বাগি,
খেলা-ধূলা কৰি আছিলোঁ৷ তই জানো আমাৰ ঘৰলৈ যোৱা নাছিলি? দুই-চাৰিদিনলৈ দেখোন আমাৰ ঘৰতেই
আছিলি৷ এতিয়া কি হ’ল? বিয়াৰ কথা অহাৰ লগে-লগেই আমি বেলেগ হৈ গ’লোঁ৷ তই কাৰোবাক ভয় কৰিব
পাৰ৷ মই নকৰোঁ৷”
 

“এতিয়া কি কৰা যায়
ৰাজো?”

“তই আৰু কেইবছৰমান
ভয়-ভয় খেলি থাক৷ কান্দি থাক৷”

“তই বুজা নাই৷ আৱা
নোহোৱা হ’বৰ তিনিটা মাহ হৈছে মাথোঁ৷ এই সময়ত মই হাই-কাজিয়া কৰিবলৈ বিচৰা নাই৷”
 

“তোৰ কিমান সাহস
জানো দে৷ এইবাৰ ময়েই কিবা এটা কৰিব লাগিব৷”

“কি কৰিবি?”

“চাই থাক৷”

ৰাজোক কাষতে পাই
শীলভদ্ৰাৰ মুখলৈ পানী আহিল৷ পিছে হঠাতে ক
ৰবাৰ পৰা শিনাৰু আহি ৰাজোক ক’লে-

“তুমি শীলভদ্ৰাক
লগ কৰিবলৈ আহিলে আজিকালি ভাল নাপাওঁ ৰাজো৷ মোৰ কথা মানিলে ভাল৷ নহ’লে ময়ো কঠোৰ হ’বলৈ
বাধ্য হ’ম৷ তোমাক ঘৰত থৈ আহোঁ ব’লা৷ আবেলি ঘৰলৈ নতুন আলহী আহিব৷”

শিনাৰুৱে কি ক’বলৈ
বিচাৰিছে ৰাজোৱে পলকতে বুজি পালে৷ তাই বৰ বিনয়েৰে তেওঁক সুধিলে-

“সকলো জানি-বুজি
আপুনি এয়া কি কৰিবলৈ ওলাইছে?”

শিনাৰুৱেও কিছু উচ্চ
সুৰত ৰাজোক ক’লে-

“তুমি লেছামৰ পক্ষ
নল’বা ৰাজো৷ তুমি কিয় ইয়ালৈ আহিছা মই নাজানো নেকি? আমাৰ পৰিয়ালৰ সিদ্ধান্ত তুমি খুব
ভালকৈ জানা৷ নতুনকৈ তাইৰ মনটো ভাঙিবলৈ চেষ্টা নকৰিবা৷”

“আপুনিতো লেছামক
জানে৷ চুবুৰীয়া গাঁওখনৰ ল’ৰাটো আজি কিয় আপোনাৰ চকুত শতৰু ওলাইছে?”

“সি আমাৰ নিজৰ মানুহ
নহয়৷”

“তেন্তে আজি আবেলি
হঠাতে চিনাকি হ’বলৈ অহা ল’ৰাটো আপোনাৰ নিজৰ মানুহ হৈ যাব? আপোনালোকৰ নিজৰ সমাজৰ হোৱা
বাবেই কোনোদিনে নাম নুশুনা-নেদেখা ল’ৰাজন আপোনাৰ আপোন হৈ যাব?”

“মোক বুজাবলৈ চেষ্টা
নকৰিবা ৰাজো৷ তোমাৰ সৈতে তৰ্ক কৰিবলৈ মোৰ হাতত সময় নাই৷”

“কিন্তু আপুনি মোৰ
কথা শুনিব লাগিব৷”

“তুমি মোক ধমকি দিছা
নেকি?”

“ধমকি নহয়, অনুৰোধ
জনাইছোঁ৷”

“মোৰ শেষ কথা- মই
লেছামলৈ শীলভদ্ৰাক কেতিয়াও নিদিওঁ৷”

“কিন্তু মোক এইখন
ঘৰলৈ আপুনি আনিব লাগিব৷”

“তোমাক? তোমাক আকৌ
কোনে এইখন ঘৰলৈ আনিব?”

“আপুনি আনিব লাগিব
মোক৷”

“কি কৈছা নিজেই গম
পাইছানে তুমি?”

“কিয় নাপাম বাৰু?”

“হঠাতে কি হ’ল তোমাৰ?”

“হঠাতে একো হোৱা
নাই৷ কেতিয়াবাৰে পৰা মোৰ আপোনালৈ মন৷ ভাবিছিলোঁ, লেছাম ক’ আৰু শীলভদ্ৰাৰ সম্পৰ্কটোৰ
থানথিত লাগিলে মই আপোনাক মোৰ মনৰ বাতৰি জনাম৷ কিন্তু আপুনি দেখোন কাৰো কথাকেই বুজিব
নোখোজে৷”

“মইতো তোমাক কেতিয়াও
তেনে দৃষ্টিৰে চোৱা নাই ৰাজো৷”

“এতিয়া চাওক৷ সময়
পাৰ হৈ যোৱা নাই নহয়৷”

“লেছাম আৰু শীলভদ্ৰাৰ
সম্পৰ্কটো মানি নলওঁ বুলি জানিও তুমি এইবোৰ কি কৰিব বিচাৰিছা? সিহঁতৰ সম্পৰ্কটো যদি
মান্য নহয়, আমাৰটো কেনেকৈ হ’ব? তাতে আমাৰ মাজত কোনো সম্পৰ্ক নাই৷”

“মোৰ প্ৰতি আপোনাৰ
মনতো কোমল অনুভৱ আছে৷ এয়া মই জানো৷ নহ’লে আপুনি ইমানলৈকে মোক সহ্য কৰি নাথাকিলহেঁতেন৷”

“ব’লা, তোমাক ঘৰত
থৈ আহোঁ৷”

“আমাৰ সমাজে আমাৰ
বিয়া মানি ল’ব৷ মাত্ৰ কংমৌদন কৰি চাহ-পানীৰ ব্যৱস্থা কৰিলেই হ’ল৷ লগতে মেংগলা দি দিলে
সকলো সহজ হৈ যাব৷”

“কিমান লাজৰ কথা
এইবোৰ জানানে? পৰিয়াল এটাৰ মান-সন্মানৰ কথা আছে৷”

“ভালপোৱা কি বস্তু
আপুনি জানিলে এনেকৈ নক’লেহেঁতেন৷ মোক সোধকচোন এবাৰ, আপোনাৰ বাবে মই কি কি কৰিব পাৰোঁ?
কি কি এৰিব পাৰোঁ?”

শীলভদ্ৰাৰ ককায়েকৰ
কঠোৰ চেহেৰাটোত যেন জোনৰ পোহৰৰ সামান্য ৰাগী লাগিল৷ তেওঁ ৰাজোলৈ চালে৷ স্থিৰ দুচকুৰে
তাই তেওঁৰ চকুত চকু থৈ শান্তভাৱে এবাৰ মিচিকিয়ালে৷ তেওঁ বেছি পৰ তাইলৈ চাই থাকিব নোৱাৰিলে৷
তেওঁ কোঠাটোৰ পৰা ওলাই গ’ল৷ ৰঙত নে খঙত ৰাজোৱে ধৰিব নোৱাৰিলে৷ অৱশ্যে শীলভদ্ৰাৰ দুচকুত
জিলিকি ৰোৱা প্ৰশ্নটোৰ উৎস তাই নুবুজাকৈ নাথাকিল৷

এইকেইটা বছৰতে শীলভদ্ৰাই
বুজিলে- মানুহৰ জীৱনত সুখতকৈও শান্তিৰ প্ৰয়োজন বেছি৷ তাইৰ জীৱনত তাইক ভালপোৱা বহু মানুহ
আছে৷ এই লৈ তাই বৰ সুখী৷ কিন্তু তাইৰ আপোন মানুহখিনিয়েই আজি তাইৰ বিপৰীতে থিয় দিছে৷
এই বাস্তৱ বৰ কষ্টকৰ৷

বহুদিনৰ মূৰত তাই
কীম কন্তঙত বহিল৷ কন্তঙত তাই ৰৌফান লগাইছে৷ এযুঁতি কাম্বাং বৈ-কাটি উলিওৱাৰ পাছতে পিতাকক
হস্পিতালত থ’বলগীয়া হৈছিল৷ তাৰ দুদিন পাছতেই পিতাক চিৰদিনলৈ গুচি গৈছিল৷ সেইভাজেই তাই
কন্তঙত চকু দিয়া নাছিল৷ তিনিমাহৰ মূৰত নিজৰ দুখ আৰু অৱসাদখিনি আঁতৰাবলৈকে তাই ৰৌফান
এযুঁতি লগোৱাৰ কথা ভাবিলে৷ কামত থাকিলে মনটোৱেও দুশ্চিন্তাৰ পৰা সাময়িক বিৰতি পায়
 সেয়ে আজিকালি তাই
ভাত ৰন্ধাৰ পৰা ফুলনি চোৱালৈকে, শাক লগোৱাৰ পৰা কাপোৰ বোৱালৈকে, চিনচিনা প্ৰস্তুত কৰাৰ
পৰা পথাৰলৈ যোৱালৈকে প্ৰায় সমস্ত ঘৰুৱা কাম নিজে অঁতাই সামৰে৷ ৰাতিটোহে কেৱল নিজৰ বাবে
থাকে৷ ৰাতিবোৰত থাকে কেৱল লেছাম আৰু এসোপামান দুঃশ্চিন্তা৷

নতুনকৈ আৰু এটা চিন্তা
তাইৰ মনত সোমাইছে- ৰাজোৰ চিন্তা৷ ৰাজোৱে যে অত বছৰে ককায়েকৰ প্ৰতি ইমান গভীৰকৈ অনুভৱ
এটা কঢ়িয়াই ফুৰিছে, তাই দেখোন ভূ-ভাকে পোৱা নাছিল৷ লেছাম আৰু তাইৰ প্ৰতি কঠোৰ ককায়েকে
ৰাজোৰ সঁচা ভালপোৱাৰ জানো উমান পাব?
 

পুনৰ এটা উজাগৰ ৰাতি
পাৰ কৰিলে শীলভদ্ৰাই৷
 

পাছদিনা দুপৰীয়াৰ
ভাত-পানী ৰান্ধি আটাইকে খুৱাই-বুৱাই, চুৱা বাচন সামৰি তাই গাটো ধুবলৈ বুলি ওলাইছিলহে,
শিনাৰুৰ গৰ্জনত তাই চক খাই উঠিল৷ কেনেবাকৈ কাপোৰযোৰ সলাই তাই কি হৈছে চাবলৈ আগফাললৈ
ওলাই আহিল৷ আহিয়েই তাইৰ চকু কপালত উঠিল৷ এয়া দেখোন লেছাম৷ লগত ৰাজো৷ ককায়েক আৰু ভায়েক
দুয়োজনেই সিহঁতৰ সৈতে কথাৰ কটাকটি কৰি আছে৷ তাইক দেখি ৰঙা চকুৰে শিনাৰুৱে সুধিলে-

“ইয়াক আহিবলৈ তয়েই
কৈছিলি নেকি?”

 তাই ভয়-ভয়কৈ উত্তৰ
দিলে-

“মই একো নাজানো আদা৷
ইহঁতে আহিব বুলি মোক কোৱা নাছিল৷”

“ইহঁতক ভিতৰলৈ আহিবলৈ
ক৷ বাটত নাটক দেখুৱাব নালাগে৷”

কি শুনিলে তাই? ককায়েকে
লেছামক ভিতৰলৈ মাতিছে?

লেছাম ভিতৰলৈ আহিল৷
ৰাজোও আহিল৷ শিনাৰুৱে লেছামক সুধিলে-

“তুমি আমাৰ ঘৰলৈ
আহিবলৈ সাহস কেনেকৈ কৰিলা?”

লেছামে মৃদুভাৱে
উত্তৰ দিলে-

“ৰাজোৰ কাৰণে৷ তাই
মোক সাহস দিছে৷ য’ত ভুল নাই, তাত ভয়ো নাই৷ এইখিনি কথা মই তাইৰ পৰাই শিকিছোঁ৷”

শিনাৰুৱে ৰাজোলৈ
চালে৷ তাইৰ স্থিৰ দৃষ্টি তেওঁৰ ওপৰত৷
 তেওঁ এইবাৰ তাইকেই সুধিলে-

“তুমি ইহঁতৰ মনত
মিছা আশা সিঁচি দিছা কিয়?”

ৰাজোৱে চাগৈ এনে
এটা প্ৰশ্নৰেই অপেক্ষাত আছিল৷ তাই বৰ গহীনভাৱেৰে ক’লে-

“আপুনি চাগৈ পাহৰি
গৈছে, মই মনত পেলাই দিছোঁ- শীলভদ্ৰাক আপুনিও বৰ ভাল পায়৷ তাইক কষ্ট দি আপুনি শান্তি
নাপায়৷ সমাজৰ মাজত প্ৰিয় হ’বলৈ আপুনি তাইৰ মনত আঘাত নিদিব৷ ভালপোৱা নিজেই এক সাহস৷
দুদিন পাছত তাই হয়তো আপোনাৰ বাবে কাৰোবাৰ সৈতে বিয়াত বহিব৷ কিন্তু তাইৰ অন্তৰাত্মাক
আপুনি কাটি টুকুৰা-টুকুৰ কৰি দিয়াৰ পাছত সেইটো তাইৰ কি জীৱন হ’ব? আপুনিতো সমাজৰ বাবে
এক আদৰ্শ৷ সমাজৰ হকে বহু কাম কৰিছে৷ মেল-মিটিং গাইছে৷ দলে-বলে গাঁৱে-গাঁৱে সোমাই উন্নয়নৰ
খবৰ লৈছে৷ মেলে-মিটিঙে আপুনি ৰাংটা গাৰোৰ প্ৰৱল স্বাধীনতা পিয়াসী মনটোৰ উল্লেখ কৰে৷
ৰাজবালা-চেলচেলাৰ সেই বীৰগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আপুনি উঠি অহা প্ৰজন্মক পৰামৰ্শ
দিয়ে৷ ৰাংটা গাৰোৱে গাৰো পাহাৰৰ স্বাধীনতা উদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ
কৰিছিল৷ ফলত ব্ৰিটিছে ৰাংটা গাৰোক মাৰি তেওঁৰ শৰীৰটো সৰু-সৰু টুকৰা কৰি গাৰোপাহাৰৰ
ইফালে-সিফালে ছটিয়াই শিয়াল-কুকুৰক খাবলৈ দিছিল৷ ব্ৰিটিছে এই নিষ্ঠুৰ কামটো কিয় কৰিছিল
জানেনে, যাতে মানুহে ভয়তে পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ নকৰে৷ আপুনিও সেইটো কৰক৷
শীলভদ্ৰাৰ লগতে মোকো কাটক৷ টুকুৰা-টুকুৰ কৰক৷ যাতে আমি কৰা ভুল অন্য ল’ৰা-ছোৱালীৱে
নকৰে৷ আমাৰ দৰে যাতনা সিহঁতে যাতে নোভোগে৷ কিন্তু ভালপোৱা ৰোধ কৰিব পৰা বিষয় নহয়৷ পৃথিৱীৰ
পৰা সঁচা ভালপোৱা কেতিয়াও হেৰাই নাযায়৷ ৰাংটা গাৰো মৰিল৷ তেওঁক নিষ্ঠুৰভাৱে হত্যা কৰা
হ’ল৷ কিন্তু গাৰোপাহাৰ ব্ৰিটিছৰ হাতত নাথাকিল৷ কথাবোৰ এনেকুৱাই৷”

শিনাৰুৱে তলমূৰ হৈ
তাইৰ কথা শুনিলে৷ তেওঁ লেছামলৈ চালে৷ বিনয়ী আৰু দৃঢ় ভাবেৰে সি বহি আছে৷ তেওঁ মুখ খুলিলে
এইবাৰ-

“তুমি বুজন ছোৱালী
ৰাজো৷ কথাবোৰ অধিক জটিল নকৰিবা৷ নিজৰ ভনীজনীৰ ভৱিষ্যতৰ চিন্তা কৰাটো মোৰ কৰ্তব্য৷ লেছাম
মোৰ শত্ৰু নহয়৷ কিন্তু দুয়োখন সমাজৰ মাজত যথেষ্ট বাধা আছে৷ ব্যক্তিগত সুখ লাভৰ বাবে
আমি অসামাজিক কাম কৰা অনুচিত৷”

“যি সত্য, যি পৱিত্ৰ,
তাত কোনো ভুল থাকিব নোৱাৰে৷ এই কথাটো আপুনিও খুব ভালকৈ জানে৷ সমাজ মানে কিনো? আপুনি,
মই মিলিয়েই সমাজ নহয় জানো?  আমাৰ পূৰ্বপুৰুষ
মানদেশৰ৷ কিন্তু আমি অসমীয়া৷ আপোনালোকৰ দৰে খাঁটি অসমীয়াসকলেই আমাক অসমীয়া হোৱাৰ গৌৰৱ
উপলব্ধি কৰিবলৈ সুবিধা দিছে৷ তেন্তে এতিয়া কি কাৰণে আপুনি সহজ-সৰল ল’ৰা-ছোৱালী দুটাৰ
জীৱনক লৈ খেলা খেলিছে? যদি লেছাম ক’ৰ কিবা বেয়া গুণ দেখিছে, সেয়া কওক৷ কিন্তু বেলেগ
মানুহ, বেলেগ সমাজ বুলি আজিৰ দিনতো কি কথা আছেনো? শেষবাৰৰ বাবে কৈছোঁ, সঁচা মন এটাৰে
আপুনি কথাটো এবাৰ পুনৰ ভাবি চাওকচোন৷”

ৰাজোৰ দীপ্ত দুচকুৰ
জেউতিয়ে শিনাৰুৰ মাত বন্ধ কৰিলে৷

তেওঁ শীলভদ্ৰাক ক’লে-

“ইহঁতৰ কাৰণে খোৱা-বোৱাৰ
যোগাৰ কৰ৷ আমাইক মাত৷ ইহঁতৰ সৈতে কথা পাতক৷ মোৰ মিটিং এখন আছে৷ মই যাওঁ৷”

শীলভদ্ৰা আচৰিত হ’ল৷
ৰাজোও৷ ইজনীয়ে সিজনীলৈ চালে৷
 

মাকক সিহঁতৰ সৈতে
বহুৱাই শীলভদ্ৰা নছ্ৰালৈ আহিল৷ চাহৰ যোগাৰ কৰিবলৈ লওঁতেই ভায়েকে ৰসগোল্লাৰ টোপোলা এটা
তাইৰ হাতত তুলি দিলে৷ তাই আচৰিত হৈ তালৈ চাওঁতেই সি ক’লে-

“আদাই গোল্লা আনিবলৈ
পইচা দি গৈছিল৷”

কথাষাৰ কৈয়েই সি
ওলাই গ’ল৷ চকুপানীখিনি কেনেবাকৈহে সৰি নপৰাকৈ থাকিল তাইৰ৷

চাহখিনি নমাবলৈ লওঁতেই
ৰাজো তাইৰ কাষলৈ আহিল৷ এইজনীক কিমান কথা যে সুধিবলৈ আছে তাইৰ! মুখখন অকণমান ফুলাই তাই
ৰাজোক সুধিলে-

“ইমান ডাঙৰ কথা এটা
মোৰ পৰা কিয় লুকুৱালি?”

ৰাজোৱে আচৰিত হৈ
তাইক সুধিলে-

“কি কথা?”

“নজনাৰ ভাও নুজুৰিবি
ৰাজো৷”

“সঁচাকৈ ক’চোন, কোনটো
কথা তোৰ পৰা মই লুকুৱালোঁ?”

“আদাক যে কেতিয়াবাৰে
পৰা ভাল পাৱ তই, কিয় মোক এবাৰো কোৱা নাছিলি?”

“আপোন মানুহে লগোৱা
জুই নুমুৱাতো বৰ কষ্টকৰ৷ যিকুৰা জুয়ে তোক বছৰ ধৰি ভিতৰৰ পৰা দহি আছে, সেইকুৰা জুই নুমাবলৈ
কোনোবাইতো শীতল পানী ঢলাৰ সাহসকণ কৰিব লাগিব৷”

“তই কি কৈ আছ, মই
একোৱেই বুজি পোৱা নাই ৰাজো৷”

“মই সঁচাকৈয়ে তোক
বৰ ভাল পাওঁ৷ তই মাত্ৰ এই কথাটো মনত ৰাখিবি৷ তোৰ সুখৰ কাৰণে মই বেলিটোকো জোন বুলি ভাবি
ল’ব পাৰোঁ৷”

শীলভদ্ৰা থমকি ৰ’ল৷
তাই চকু দুটা মুদি দিলে৷ দুটোপাল চকুলো দুধাৰি চন্দ্ৰহাৰ হৈ তাইৰ ডিঙিলৈকে বিয়পি পৰিল৷
পৰিৱেশটো সহজ কৰিবলৈকে চাগৈ ৰাজোৱে ৰসগোল্লা এটা ভাঙি তাইক খুৱাই দিলে৷ ৰসগোল্লা খুৱাবলৈ
আগ বঢ়াই দিয়া ৰাজোৰ হাতখন তাই দুয়োখন হাতেৰে মুঠি মাৰি ধৰি থাকিল৷ বহুপৰ৷ ৰাজোৰ দুচকুও
সেমেকি উঠিল৷ ৰসগোল্লাৰ এটা টুকুৰা তায়ো ৰাজোৰ মুখত ভৰাই দিলে৷

 শীলভদ্ৰা আৰু ৰাজোৰ
অভিন্ন মন দুটা নিমিষতে ৰসগোল্লাৰ মিঠাতকৈও বেছি মিঠা-মিঠা হৈ পৰিল৷

  

টোকা :

 

আফো- মান/বাৰ্মানসকলে
ককাদেউতাকক আফো বুলি কয়৷

আফে- মান/বাৰ্মান
ভাষা অনুসৰি পিতা

ওকচি গুটি- এবিধ
টেঙাজাতীয় ফল

মাইকৌ চুমফাই-  মাঘৰ পূৰ্ণিমা তিথিত মান ডেকা-গাভৰুৱে মিলি মেজি
সাজে৷ ইয়াক মাইকৌ বোলে৷ পৱিত্ৰ মাঘী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱক মাইকৌ চুমফাই বুলি
কোৱা হয়।
 

ৰেজাক- মাঘী পূৰ্ণিমা
তিথিৰ সন্ধিয়া মাইকৌত/মেজিত জুই দিয়াকে ৰেজাক কৰা বোলে৷

খয়াকু- মাইকৌ চুমফাইত
প্ৰসাদ হিচাপে খিচিৰি আগবঢ়োৱা হয়৷ সমূহীয়াকৈ পৰিবেশন কৰা এই খিচিৰিক খয়াকু বোলে৷

ৰংদানী- ৰাভাসকলৰ
এটা ভাগ৷

পিঠালি শাক- কেইবাবিধো
শাক, পিঠাগুৰি আৰু খাৰ ব্যৱহাৰ কৰি ৰন্ধা ৰাভাসকলৰ এবিধ জনপ্ৰিয় খাদ্য৷

মায় মাচি- মাৰ ভাত

বাখৰ- ৰাভা সমাজত
মদ প্ৰস্তুত কৰিবলৈ অতি প্ৰয়োজনীয় এবিধ উপাদান৷ বাখৰৰ অবিহনে মদ প্ৰস্তুত কৰিব নোৱাৰি৷

চিনচিনা- ৰাভা সমাজত
প্ৰচলিত কেইবাবিধো মদৰ এবিধ প্ৰকাৰ৷

জোঙা- ৰাভাসকলে মদ
তৈয়াৰ কৰা পাত্ৰ৷ দেখিবলৈ কলহৰ নিচিনা৷

আমাং- ৰাভা ভাষা
মতে খুড়ীদেউ৷

আৱা- ৰাভাসকলে পিতাকক
আৱা বুলি কয়৷

জাঙায় ধাংকায়- ৰাভাসকলৰ
নিয়ম অনুসৰি ঘৰ জোঁৱাই হৈ থকা ব্যৱস্থা৷

ফাৰকান্তি- ৰাভাসকলে
মৃতকৰ উদ্দেশ্য পালন কৰা এক অনুষ্ঠান৷

মহাকাল- ৰাভাসকলে
মহাদেৱক মহাকাল বোলে৷

ক’- মানসকলে ককায়েকক
ক’ বুলি কয়

কংমৌদন- মান সমাজত
সামাজিকভাৱে প্ৰায়শ্চিত্ত কৰাৰ এক বিধি৷

মেংগলা- মান সমাজত
সামাজিকভাৱে পুনৰ মিলিত হোৱাৰ চিন স্বৰূপে ভোজ-ভাত দিয়াৰ এক বিধি৷

কীম কন্তং- ৰাভাসকলে
তাঁতশালক কীম কন্তং বোলে৷

ৰৌফান- ৰাভা সম্প্ৰদায়ৰ
মহিলাসকলে পৰিধান কৰা ফুলাম মেখেলা৷

কম্বাং- ৰাভা সম্প্ৰদায়ৰ
মহিলাসকলে গাত লোৱা চাদৰ সদৃশ এক বস্ত্ৰ৷

নছ্ৰা- ৰাভাসকলে
পাকঘৰক নছ্ৰা বুলি কয়৷

আদা- ৰাভা ভাষা অনুসৰি
ককাইদেউ৷

চন্দ্ৰহাৰ- মান সমাজৰ
মহিলাসকলে ডিঙিত পিন্ধা এবিধ অলংকাৰ বিশেষ৷

 

গ্ৰন্থসূচী : 

গল্পটো প্ৰস্তুত
কৰোঁতে ড° ৰুমী নাথৰ “অসমীয়া মান” আৰু  মাপাকছিনি
(সমন্বয়) প্ৰকাশক গোষ্ঠীয়ে প্ৰকাশ কৰা “ৰাভা ভাষাৰ দৈনন্দিন ব্যৱহৃত শব্দ সম্ভাৰ” কিতাপ
দুখনৰ সহায় লোৱা হৈছে৷