ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ

(ষোল)

দোকমোকালিতে
তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি
ফুলগুৰিলৈ অহাৰ কথাটো মনত পৰাত স্ফূৰ্তিত তাৰ চকুৰ পৰা টোপনি পলাই ফাট মাৰিলে৷ সি
চকুকেইটা মোহাৰিলে– টোপনি সম্পূৰ্ণ নোহোৱাত তাৰ চকুকেইটাত পোৰণি উঠিছে৷ চকু-মুখ
ভালদৰে ধুলেহে ভাল লাগিব বুলি তাৰ অনুভৱ হ’ল৷

মনৰ আনন্দত
হংবৰে ফুলগুৰিৰ পৰা আহি কালি ঘৰৰ পুৰঠ ডেকা [লাউৰীয়া] মুৰ্গী এটাকে মাৰিছিল৷ ঘৰত
লাওপানীও আছিল৷ ৰাতি হংবৰ
, তেমেকা আৰু কেৰ্পায়ে মুৰ্গীমাংসৰে
লাওপানী খাইছিল৷ বৰা চাউলৰ লাওপানী– মিঠা আৰু ৰাগি থকা৷ তিনিওজনে পাতত মুৰ্গীমাংস
আৰু চুঙাত লাওপানী লৈ বৰ আনন্দ মনেৰে খাবলৈ লৈছিল৷ এঢোক লাওপানী খাই মিচিকিয়া
হাঁহিৰে হংবৰে কৈছিল– “এই ডিচি এতিয়া টেটেআ পঈ আহিছে৷ আমা’ বল দেখি এতিয়া নিজেই
আহি ওলাব৷ যিটো মানুহে আমাক মানুহ বুলি গণ্যই কআ নাছিল
, এতিয়া হেও মানি
আমা’ ওচঅত ওলাব৷ ব’মতা দেখুৱায়৷ তা’ হেই মতাগিঈ এতিয়া ক’লৈ গ’ল
? হেই
কাঅণে মানুহে কয় ওপঅলৈ থু পেলালে নিজ’ মুখতে পএ৷ পানীত কুঠা মাঈলে নিজ’ ভঈতে পএ৷
পা এতিয়া/”

“হয় দেই৷”–
তেমেকাই মাত দিছিল৷ “মানুহটোৱে ব’ অত্যাচা’ কঈছিল আমাক৷ হেই যে হত্ৰত হোমাই গোখাই
প্ৰভু’ হিংহাখনত বহি গোখাই পভু আউ আইজখনক অপমান কঈছিল৷ হেইটো কম বেয়া কাম কঈছিল
না/ তা’ হন্মুখেদি কোনোবা পা’ হৈ গ’লে চালাম নিদিলে তাক’ ধঈ চিপাহী হতুৱাই পিটন
দিয়াইছিল৷ তাক অনবঅতে হন্মান লাগে৷ আমা’ মানুহবোঅ চালাম দিয়া অভ্যাখেই নাই৷ কেনেকে
দিয়ে
? তাতে তাক চিনি নোপোৱা মানুহ এজনেতো একেবাএ নিদিয়ে৷ হকলোৱে তাক চালাম
দি থাকিবা লাগে
? কথা হ’ল না? জো’ কঈ হন্মান
লয়৷ বদমাছ এটা/”

লাওপানী খাই খাই
হংবৰ
, তেমেকা আৰু কেৰ্পায়ে কথা পাতি থাকিল৷ মুৰ্গীমাংসৰ লগত লাওপানী,
তাতে
লাওপানীও ৰাগি থকা৷ আৰু তাতে যোগ হৈছে অত্যাচাৰী ডিচিৰ সেওমনা কথাবোৰ৷ সিহঁত বহাৰ
পৰা কেনেকৈ উঠে
? ৰাতি কিমান হ’ল সিহঁতৰ খবৰেই নাই৷ হংবৰৰ ঘৰৰ
মানুহবোৰে ভাত খাই দুই-এজনে বিছনাই ল’লে৷ হংবৰৰ ঘৈণীয়েকে দুবাৰ আহি কৈছিল–
“ভাত-তঅকাঈ হ’ল৷ ভাত দেং
, খাই ল৷”

“ভাত হ’ল যদি
তন্তে খাই থাক৷”– হংবৰে ঘৈণীয়েকক কৈছিল৷ “আমা দেঈ হ’ব৷ আমা মনত অং লাগিছে৷ ডিচি
চাহাবে হেও মানিছে আমা’ আইজ’ ওচৰত৷ কালিলৈ হেইকথা চিধাকে ওলাই যাব৷ যা তন্তে ভাত
খাই লগৈ৷”

হংবৰে তেনেকৈ
কোৱাত ঘৈণীয়েকে ৰান্ধনি ঘৰলৈ গৈ ভাত খালে৷ তেওঁৰ ভাত খাই হোৱাৰ পাছতো হংবৰহঁতে
লাওপানী খাই খাই কথা পাতি থকা দেখি তেওঁ আহি মাত দিলে– “আতি কিমান হ’ল গম পাইছ না
?
ভাত
দেং
, খাই ল৷ নহ’লে মই হুই থাকিমগৈ৷ ম’ক নজগাবি৷”

“অলপ হময় থাকিবা
নোৱাঅ নাকি
? অচোন৷”

তেমেকাই ৰাতি
বহুত হোৱা বুলি ধৰিব পাৰিছিল৷ সি হংবৰক ক’লে– “কাকা
, আিত বহুত হ’ল৷
কালিলৈ আক’ আইজ মেললৈ যাবা লাগিব৷ ভাত খাং আউ হুই থাকং৷”

“আতি বহুত হ’ল
নাকি
? মই গধূলি গধূলি যেনহে পাই আছিলং৷ দে নহ’লে ভাত খাং৷ খাই হুই থাকং৷
কালিলৈ ডিচি’ লগত কথা পাতিবা লাগিব৷”

হংবৰে ঘৈণীয়েকক
চিঞৰিলে– “অ ধনবঅ’ মায়েক
, ভাত দে খাং৷ হুবা লাগে৷”

অলপ পাছতে খবৰ
আহিল তেমেকাহঁতৰ বাবে ভাত বাঢ়া হৈছে৷ সিহঁত তিনিওজন লাওপানী খোৱা সামৰি পাকঘৰলৈ
খোজ লৈছিল৷ তাৰপাছত ভাত খাই শুই পৰিছিল৷

শুই উঠাৰ পাছত
এতিয়া তেমেকাৰ চকুৰ পোৰণিৰ উপৰি মূৰটো কামুৰিছে৷ ৰাতি লাওপানী খোৱা বেচি হোৱা বাবে
মূৰ কামুৰিছে বুলি তাৰ ধাৰণা হ’ল৷ মূৰৰ কামোৰণিকো নেওচি তাৰ মনত আনন্দ লাগিছে আিজ
ডিচি স্কনচ চাহাব আিহব বুলি৷ সি বিছনা এৰি বাহিৰলৈ ওলাই আহিল আৰু নাদৰ পাৰলৈ গৈ
মুখ-হাত ধুলে৷ তাৰ গাটো অলপ ভাল লাগিল৷ সি ভাবিলে– অলপ পাছত সকলো ঠিক হৈ যাব৷

হংবৰ আৰু
কেৰ্পাই এতিয়াও শুই উঠা নাই৷ হংবৰৰ ঘৰৰ সকলো মানুহে বিছনা ত্যাগ কৰিছে৷ সকলোৰে
সোনকালে শুই উঠাৰ অভ্যাস আছে৷ খেতিয়ক মানুহ৷ তাতে ঘৰত হাঁহ-কুকুৰা আৰু ছাগলী-গাহৰি
আছে৷ পথাৰৰ কাম নহ’লেও সোনকালে উঠি এইবোৰৰ যতন ল’ব লাগে৷ হংবৰৰ ঘৈণীয়েক ৰংদৈক কাষত
পাই তেমেকাই ক’লে– “বৌ
, পানী এচুঙা দেচোন৷ ব’ পিয়াহ লাগিছে৷”

ৰংদৈয়ে পানী
এচুঙা আনি দিয়াৰ লগে লগে সি কোটকোটকৈ গিলি পেলালে৷ চুঙাটো ৰংদৈৰ হাতত দি গাৰ পৰা
টোপনিৰ আৱেশ আঁতৰাবলৈ সি অলপ খোজ কঢ়াৰ কথা চিন্তা কৰি বাটত উঠিল৷ বাটত তাৰ গাত
ফিৰফিৰিয়া বতাহ এছাটি লাগিল৷ হেমন্তৰ শীতল বতাহজাকে তাৰ গাত এক শিহৰণ তুলিলে৷
গাঁওখনৰ মানুহবোৰ উঠি কামত লাগিছে৷ কাতিমাহ৷ এই মাহটোত লাঙিজাল আৰু ভেটাত চেপা
পাতি মাছ ধৰা হয়৷ সি ভাবিলে বাটত নি(য় লাঙিজাল চাই নতুবা ভেটা চাই ঘূৰি অহা মানুহ
লগ পাব৷ সি ৰাস্তাটোৰে গৈ থাকিল৷ বেলিটো দিগন্ত ৰেখা পাৰ হৈ আহি ওলমি ৰৈছে৷
কঁুৱলিৰ এটা পাতল আৱৰণে এখন ডলা হেন ডাঙৰ বেলিটোক ঢাকি ধৰিবলৈ এটা বৃথা চেষ্টা
কৰিছে৷

কিছুদূৰ যোৱাৰ
পাছতে তেমেকাই এজন মানুহক খালৈ এটা লৈ আহি থকা দেখা পালে৷ মানুহজন কাষ আহি পোৱাৰ
লগে লগে সি মাত দিলে– “কাকা
, মাছ পালি না?”

“পালং অলপ৷”

তেমেকাই
মানুহজনৰ হাতত থকা খালৈটোলৈ ভুমুকিয়াই চালে৷ খালৈটোৰ ডিঙিলৈকে মাছ দেখি সি ক’লে–
“কাকা
, মাছ ভালেখিনিয়েই পালি৷ আউ দুটামান পোৱাহেঁতেন খালৈ ভঈলেইহেঁতেন৷”

“আজি মাছ কমেই
পাইছং৷ মাজে মাজে খালৈ ভঈ যোৱা’ পাছত তিয়নিত বান্ধি আনিবলগীয়া হয়৷”

তেমেকাই খালৈটো
অলপ লৰচৰ কৰি দেখিলে ডাঙৰ ডাঙৰ পুথিমাছ আৰু গৰৈমাছেই বেচিকৈ আছে৷ দুই-এটা শিঙিমাছো
তাৰ চকুত পৰিল৷ সি সুধিলে– “জালকেইখন চাগে’ পুথিলাঙি আউ
¸ গঐলাঙি?”

“অ ঠিকেই কৈছ৷
পুথিলাঙি আউ
¸ গঐলাঙি৷ বাউ যাং৷ তই থাক৷”

মানুহজন গ’লগৈ৷
তেমেকাও হংবৰৰ ঘৰলৈ ঘূৰিবলৈ লওঁতেই দেখিলে হংবৰৰ ঘৰৰ ম’হ গুৱাল ল’ৰাটোৱে দুফালে
দুটা ডাঙৰ খালৈৰ ভাৰ এখন লৈ তাৰ কাষ পাইছে৷ সি সুধিলে–  “ক’লৈ গৈছিলি তই
?”

“ভেটা চাবলৈ৷
আমা’ বাওতলি পথাঅত এটা জান আছে৷ পানী কমি কলঙলৈ নামিবলৈ লোৱাত জান’ পা’ ওলাইছে৷
তাতে ভেটা দিছং৷”

“কি কি মাছ পাইছ?”

“পুথি, গঐ,
হ’ল,
হিঙি৷
মুঠতে হানমিহলি মাছ৷”

দুয়ো কথা পাতি
পাতি আহি হংবৰৰ ঘৰ পালে৷ হংবৰ আৰু কেৰ্পায়ে বিছনা এৰি এতিয়া বাৰাণ্ডাত বহি ৰঙা চাহ
আৰু মাকৈ খাই আছে৷ তেমেকাক দেখাৰ লগে লগে হংবৰে সুধিলে– ‘ক’ত গৈছিলি তই
?”

“এনেই অলপ গাং
ফুঈ আিহলং৷”

“আহ, বাআণ্ডাতে
বহ৷”

তেমেকা বহাৰ লগে
লগে হংবৰে ঘৈণীয়েকক চিঞৰিলে– “ঐ ধনবঅ মায়েক
, এইফালে চাহ
এচুঙা দিবি ঐ৷”

ম’হ গুৱালটোৱে
দুখন বৰচালনিত খালৈ দুটাৰ মাছ ঢালি দিলে৷ লগে লগে সি জীয়া মাছবোৰ ধৰি খালৈত ভৰাবলৈ
লাগি গ’ল৷ জীয়া মাছবোৰৰ ভিতৰত বেচিভাগেই গৰৈ
, শ’ল আৰু কাৱৈ
মাছ৷ এই মাছবোৰক জীয়ন দি ৰখা হ’ব৷ একেদিনাই ইমান মাছ খাই শেষ কৰিব নোৱাৰি৷ বাকী
মাছবোৰ বাছি শুকুওৱা হ’ব বুলি তেমেকাই জানে৷ হংবৰে গুৱালটোক ক’লে– “এতিয়া খাবা
কাঅণে দুটা ডাঙ’ হ’লমাছকে বাছ৷”

“অ হ’ব কাকা৷”

তেমেকালৈ ৰঙা
চাহ আৰু উহোৱা মাকৈ আহিল৷ সি চাহত চুমুক দি হংবৰক ক’লে– “আজি দেঈ কঈবা নালাগে৷
ডিচি কোন হময়ত আিহব ঠিক নাই৷”

“অ অ, দেঈ
নকঅং৷ ভাত হ’লেই খাম আউ যাম৷”

তেমেকাই চাহ
খায়েই নাদৰ পাৰলৈ গৈ গা ধুলে৷ তাৰ পিছতে কেৰ্পাই আৰু হংবৰে গা ধুই দিনটোৰ বাবে
ওলাই যাবলৈ সাজু হ’ল৷ ৰংদৈয়ে তিনিওজনৰে মোনাত সান্দহ ভৰাই দিলে দুপৰীয়া খাবৰ বাবে৷
সিহঁত গা-পা ধুই সাজু হোৱালৈ ৰংদৈৰ ভাত-তৰকাৰিও হৈ আহিল৷ অলপ পাছতে খাই-বৈ
তেমেকাহঁত ওলাই যাব পাৰিব৷

এটা সময়ত ৰংদৈয়ে
তেমেকাহঁতক ভাত খাবলৈ মাতিলে৷ ভাতৰ পাতত বহি তেমেকাই দেখিলে ভাতৰ লগত মাটিমাহৰ
তৰকাৰি৷ শ’লমাছ মাটিমাহৰ সৈতে খাৰ দি ৰন্ধা হৈছে৷ এনে তৰকাৰি তেমেকাই বৰ ভাল পায়৷
তৰকাৰিৰ এটা জুতি লগা গোন্ধ তাৰ নাকত লগাত সি ৰৈ থাকিব নোৱাৰি ভাত-তৰকাৰিত হাত
লগালে৷ হংবৰ আৰু কেৰ্পায়েও ভাতত হাত দিলে৷ তেমেকাই সৰুৰে পৰাই এখন তৰকাৰিৰেই ভাত
খাই আহিছে৷ অকল তেমেকাই নহয়
, এই অঞ্চলৰ সকলোৱে এখন তৰকাৰিৰে ভাত
খায়৷ তাকে যেনিবা সৰহকৈ খায়৷ ইয়াত বেলেগকৈ ভাজি
, দাইল, আলুপিটিকা
আদি নাথাকে৷ মানুহবোৰে কেতিয়াবা ভাজি খালেও দাইল-আলুপিটিকা আদি নাখায়৷ বহুতে দাইল
আৰু আলু দেখাই নাই৷

ভাত খাই উঠি
তিনিওজনে ৰংদৈয়ে বটাত কাটি থোৱা তামোল এখন এখন খালে৷ হংবৰৰ মাজে মাজে এখনকৈ তামোল
খোৱাৰ অভ্যাস৷ ৰংদৈয়ে কেইখনমান তামোল-পাণ কাটি হংবৰৰ মোনাত ভৰাই দিলে৷ যাত্ৰাৰ
বাবে সকলোবোৰ যোগাৰ হৈ গ’ল৷ তিনিওজনে ফুলগুৰিৰ ৰাইজ মেল বহা ঠাইলৈ খোজ ল’লে৷

কিছু বেলি যোৱাৰ
পাছতে তেমেকাহঁত ৰাইজ মেল বহা ঠাইত উপস্থিত হ’ল৷ তেমেকাই লক্ষ্য কৰিলে– এইকেইদিন
যি গোমা পৰিৱেশ এটাই ৰাইজৰ মাজত বিচৰণ কৰি আছিল
, সেইটো আজি আঁতৰি
গৈছে৷ মানুহবোৰে গছৰ তলত বহি হাঁহি-মাতি কথা পাতিছে
, আনন্দতে
ধেমেলীয়া কথাও উলিয়াইছে৷

তেমেকা আৰু
কেৰ্পায়ে ৰাইজক পানীৰ যোগাৰ দিয়া কামটোকে পুনৰ কৰিবলৈ আৰম্ভ কৰিলে৷ কথা পাতি থকা
ৰাইজৰ এটা গোটক পানী দিবলৈ তেমেকা আগ বাঢ়ি গ’ল৷ এজনে মাত দিয়া শুনা গ’ল– “ডিচি
চাহাব আহিব৷ ভাল কথা৷ এই সুযোগতে আমি তাক কিছুমান কথাও শুনাব লাগিব৷ ৰাইজক অপমান
কৰি থকা
, মানুহক অনাহকত হাৰাশাস্তি কৰি থকা তাৰ বদ স্বভাৱৰ কথাও ক’ব লাগিব৷”

“অ অ৷”– আন এজনে
সমৰ্থন কৰি ক’লে৷ “এই চাহাবে এবাৰ সত্ৰলৈ আহি জোতা-মোজা পিন্ধি গোসাঁইৰ সিংহাসনত
বহি গোসাঁই প্ৰভু আৰু ৰাইজক অপমান কৰিছিল৷ এইবোৰ কথাও ক’ব লাগিব৷ এয়াই সুযোগ৷”

“হয় হয়, এই
সুযোগতে তাক কথা শুনাব লাগিব৷”

তেমেকাই হঠাতে
দেখিলে হলধৰ বৰুৱা ডাৰোগাৰ লগত এজন বগা চাহাব তাত আহি ওলাইছে৷ সিহঁতৰ লগত এজাক
চিপাহী৷ চাহাবজন এটা হাতীত উঠি আহিছিল৷

“এইজন আকৌ
ডাৰোগাৰ লগত কোন ওলালহি
?”– চাহাবজনক চিনি নাপাই এজনে প্ৰশ্ন
কৰিলে৷

চাহাবজনক চিনি
পোৱা মানুহ এজনে মাত দিলে– “এইজন চিংগাৰ চাহাব৷ জিলাৰ চোট চাহাব৷”

“বৰচাহাব ডিচি
নাহিব নেকি
?”

“নাজানো৷ আিহবও
পাৰে৷”

“নিজে নাহি
এইজনকে পঠাইছে যেন পাওঁ৷ চাওঁচোন কি কৰে/”

চিংগাৰ চাহাব
হলধৰ ডাৰোগাৰ লগত কথা পাতি পাতি নামঘৰত সোমাল৷ অলপ আঁতৰতে আঁহতৰ তলত ৰাইজ বহি আছে৷
চিংগাৰ চাহাবে কি কৰে তাকে ৰাইজে চাই থাকিল একেথৰে৷ চিংগাৰ চাহাবক নামঘৰত বহি এখন
কাগজ উলিয়াই পঢ়ি থকা দেখা গ’ল৷ আনফালে চিপাহীবোৰে নামঘৰৰ চাৰিওফালে পহৰা দিবলৈ
ধৰিলে৷

এটা সময়ত চিংগাৰ
চাহাব ৰাইজৰ কাষলৈ আহিল৷ সি আহিয়েই মানুহবোৰক ক’বলৈ ধৰিলে– “আপ্‌নালোক এনেকে
থাকাটো বেআইনী হৈছে৷ ইউ আৰ গেদাৰিং হিয়েৰ আনল’ফুল্লী৷ এইটো ভাল কথা হোৱা নাই৷ আপ্‌নালোক
ইয়াত নাই থাকিব
, ইহাসে যাব৷ আপ্‌নালোক হাতত লাঠি আছে৷ চব পেলাই
দিব৷ যাব৷ ইয়াত নাই থাকিব৷ গৌ এৱে ফ্ৰম হিয়েৰ৷…”

চিংগাৰ চাহাবৰ
কথা শুনি তেমেকাই ভাবিলে
, ডিচিয়ে ৰাইজৰ ভালৰ বাবে আহিব বুলি ভবা
নাছিল৷ ডিচি এতিয়াও ৰাইজৰ দাবীক অকণমানো গুৰুত্ব দিয়া নাই৷ সেইকাৰণে চিংগাৰ চাহাবক
মানুহবোৰক খেদি পঠিয়াবলৈহে পঠাই দিছে৷ কম নহয় এই ডিচি/ এতিয়াও সি মানুহবোৰক কষ্ট
দিয়াৰ মতলবতে আছে৷

ৰাইজেও কথাবোৰ
তেমেকাই ভবাৰ দৰেই ভাবিছে নি(য়৷ সেয়ে বহি থকা ৰাইজৰ চকুবোৰ ৰঙা পৰি আহিছে
, অলপ
আগলৈকে হাঁহি-মাতি থকা মানুহবোৰৰ মুখবোৰ কঠিন হৈ পৰিছে৷ চিংগাৰে এবাৰত ক’লে– “আপ্‌নালোক
যদি কিবা ক’ব লাগা আছে
, তেন্তে দৰখাস্ত দিব৷”

লগে লগে ৰাইজ
জাঙুৰ খাই উঠিল– “ইতিমধ্যে দৰ্খাস্ত দিয়া হৈছে৷ ফলহে পোৱা নাই৷ আকৌ দৰ্খাস্ত কিয়
দিব লাগে
?”

“এইবিলাক বাদ মে
হোগা৷ এতিয়া যাব৷ ডিচি কা হুকুম
, আপ্‌নালোক ঘৰ যাব লাগে৷ লাঠি চব পেলাই
দিব লাগে৷ এইবিলাক ভাল বস্তু নহয়৷ ভাল চে থাকিব লাগে৷ লাঠি চব পেলাই দিব৷ হান্তিত
থাকিব লাগে৷ আপনালোক ঘৰ ঘৰ যাব৷ হান্তিত থাকিব৷…”

এডাল লাখুটি লগত
লৈ ফুৰাটো অসমীয়া মানুহৰ স্বভাৱ৷  ক’ৰবালৈ
যাবলগা হ’লে অসমীয়া মানুহে ছাতি-লাঠি-তিয়নি লগত লয়৷ ছাতি নাথাকিলেও লাঠি আৰু তিয়নি
লগত নিবই৷ কাৰণ এই দুটা বস্তু বৰ দৰকাৰী৷ পানী থকা দ ঠাই পাৰ হ’বলৈ তিয়নিখন লাগে আৰু
বনৰীয়া জীৱ-জন্তু
, কুকুৰ আিদৰ পৰা ৰক্ষা পাবৰ বাবে লাখুটি এডালৰ
প্ৰয়োজন৷ বাটত পোৱা খাল-বিলৰ পানীৰ জোখ ল’বলৈকো লাখুটিডাল নহ’লে নহয়৷ গতিকে অসমীয়া
মানুহৰ লগত এডাল লাখুটি থাকেই৷ নতুনকৈ বিলাতৰ পৰা অহা চিংগাৰ চাহাবে এইবোৰ কথা
নাজানে৷

চিংগাৰ চাহাবে
মানুহবোৰে বহি কাষতে ৰাখি থোৱা লাখুটিক মাৰণাস্ত্ৰ বুলি ভাবি সেইবোৰ পেলাই  দিবলৈ বাৰে বাৰে মানুহবোৰক নিৰ্দেশ দিলে৷
মানুহবোৰ তাৰ নিৰ্দেশক আওকাণ কৰি লাখুটিবোৰ লগতে ৰাখিলত সি চিপাহীবোৰক সেইবোৰ
মানুহবোৰৰ পৰা কাঢ়ি আিনবলৈ নিৰ্দেশ দিলে৷ চিপাহীবোৰ লাঠি কাঢ়িবলৈ আগ বাঢ়িল৷ সি
নিজেও দুজনমানৰ পৰা লাঠি কাঢ়ি আনিলে৷ লগে লগে ৰাইজৰ মাজত হুলস্থূল লাগিল৷ বহি থকা
ৰাইজ সকলোৱে থিয় হৈ নিজৰ নিজৰ লাখুটিবোৰ হাতত ল’লে৷ অলপ আঁতৰে আঁতৰে বহি থকা ৰাইজো
কাষ চাপি আহিল৷ চিপাহীবোৰে লাখুটি কাঢ়ি ল’বলৈ চেষ্টা কৰা বাবে মৰাচিং নামৰ মানুহ
এজনে এজন চিপাহীক টঙনীয়াই বগৰাই দিলে৷ চাৰিওফালে হুলস্থূল লাগিল৷ কেইবাজনো চিপাহী
আঘাতপ্ৰাপ্ত হ’ল৷ গণ্ডগোলৰ মাজতে কোনোবাই চিংগাৰ চাহাবৰ মূৰত প্ৰচণ্ড কোব এটা
শোধালে৷ চিংগাৰ চাহাব মাটিত বাগৰি পৰিল৷ কেইজনমানে তাক চোঁচৰাই নি কলং নদীত পেলাই
দিলে৷

গণ্ডগোলৰ খবৰ
পাই লক্ষণসিঙে নিজৰ লগত থকা সৈন্যবাহিনীটো লৈ কাষ চাপি আহিল আৰু যিকোনো দুৰ্যোগ
প্ৰতিহত কৰিবলৈ সষ্টম হৈ থাকিল৷

চিপাহীবোৰৰ লগত
ৰাইজৰ জোতাপুতি লাগিল৷ ৰাইজৰ লাখুটিৰ কোবত তিনিজন চিপাহীয়ে ঠাইতে প্ৰাণ হেৰুৱালে৷
চিপাহীবোৰে চিংগাৰ চাহাবক উদ্ধাৰ কৰিবৰ অৰ্থে চাহাবক পেলাই দিয়া কলঙৰ ফালে
গুলীয়াবলৈ ধৰিলে৷ লগে লগে লক্ষণসিঙে বিহকাঁড়েৰে আক্ৰমণ কৰিবলৈ তেওঁৰ বাহিনীটোক
নিৰ্দেশ দিলে৷ উপৰ্যুপৰি বিহকাঁড়েৰে কৰা আক্ৰমণত চিপাহীবোৰৰ কিছুমান আঘাতপ্ৰাপ্ত
হ’ল৷ সিহঁতে চত্ৰভংগ দি পলাবলৈ ধৰিলে৷ উপায় নাপাই পৰাজিত চিপাহীবোৰক লগত লৈ হলধৰ
ডাৰোগা নগাঁও অভিমুখে যাবলৈ ধৰিলে৷

গণ্ডগোল ডাঙৰেই
হ’ল যেতিয়া এতিয়া যুদ্ধ কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ লক্ষণসিঙে ৰূপসিঙক কলঙৰ উত্তৰ
পাৰেৰে নগাঁৱলৈ অগ্ৰসৰ হ’বলৈ কৈ নিজৰ বাহিনীটোক লৈ দক্ষিণ পাৰেৰে নগাঁৱলৈ আগ
বাঢ়িল৷ দুয়োটা দলৰে লক্ষ্য কচলুখোৱাৰ খাৰঘৰ নিজৰ অধীনলৈ অনা আৰু ট্ৰেজেৰীও লুটপাট
কৰা৷

লক্ষণসিঙৰ লগত
যোৱা বাহিনীটো ডিমৌ বিলৰ পাৰত ইংৰাজ সৈন্যৰে মুখামুখী হ’ল৷ তেওঁৰ বহিনীটোক দেখিয়েই
ইংৰাজ চিপাহীয়ে গুলীয়াবলৈ আৰম্ভ কৰিলে৷ আনফালে লক্ষণসিঙে সৈন্যবোৰক বিহকাঁড় আৰু
গাজা বন্দুকেৰে আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে৷ ঠাইখিনি ইকৰাৰে ভৰা৷ ইকৰাৰ আঁৰ লৈ
সৈনিকবোৰে চিপাহীবোৰক আক্ৰমণ কৰিলে৷ লক্ষণসিঙৰ বহুকেইজন সৈনিক আহত হ’ল৷ চিপাহীও
কেইবাজনো আহত হোৱা বুলি তেওঁ ধৰিব পাৰিছে৷ সৈন্যসকলৰ লগত থকা বন্দুকবোৰ গাজা
বন্দুক হোৱা বাবে এবাৰ গুলী এৰি দিয়াৰ পাছত পুনৰ গুলী গাজিবলগীয়া হয়৷ চিপাহীবোৰে
কিন্তু সিহঁতৰ উন্নত বন্দুকেৰে একেৰাহে গুলীয়াই থাকিল৷ কাঁড়ী সৈনিকবোৰেও একেৰাহে
কাঁড় নিক্ষেপ কৰি থাকিল৷ চিপাহীবোৰ কিছু পিছহুহকি যাবলৈ বাধ্য হ’ল৷ সৈনিকবোৰে
সাহস পাই আগুৱাই গৈ চিপাহীবোৰক আক্ৰমণ কৰিলে৷ কিন্তু চিপাহীবোৰৰ বন্দুকৰ আক্ৰমণত
বহু সৈনিক আহত হোৱাত সিহঁত ইকৰাণিৰ মাজেৰে পিছহুহকি যাবলৈ বাধ্য হ’ল৷ চাওঁতে
চাওঁতে লক্ষণসিঙৰ লগত সৈনিক অলপহে থাকিল৷ তেওঁ মন কৰিলে আঘাতপ্ৰাপ্ত সৈনিকৰ সংখ্যা
বাঢ়ি গৈছে আৰু বহু সৈনিক ইতিমধ্যে ছত্ৰভংগ দিছে৷ চোৱাবৰৰ বুকুত গুলী লগাত সি
থিতাতে নিহত হ’ল৷ লক্ষণসিঙে কেইজনমান সৈনিকক চোৱাবৰৰ মৃতদেহটো লৈ আঁতৰি যাবলৈ ক’লে
আৰু চিপাহীৰ লগত যঁুজ দি থকাটো অসম্ভৱ যেন দেখি সৈনিকবোৰক পিছহুহকিবলৈ নিৰ্দেশ
দিলে৷ পিছহুহকি আহোঁতে বহু সৈনিক ইকৰাণিৰ মাজত লুকাই পৰাত সৈনিকবোৰৰ সংগঠিত ৰূপটো
একেবাৰে হেৰাই গ’ল৷ আহত সৈনিকবোৰৰ কেইজনমানক লগত লৈ লক্ষণসিং পিছহুহকি আিহ থাকিল৷
চিপাহীবোৰ ইকৰাণিৰ অলপ ভিতৰলৈকে সোমাই আহি ৰৈ গৈছিল৷ বেচি ভিতৰলৈ সোমাই গ’লে
সৈনিকবোৰৰ বেহুত সোমাই পৰাৰ শংকা কৰিলে হয়তো৷ সিহঁত উভতি গৈ পুনৰ মুকলি ঠাইত
উপস্থিত হ’ল৷

কলঙৰ উত্তৰ পাৰৰ
পৰা চিপাহীক আক্ৰমণ কৰা ৰূপসিঙৰ বাহিনীটোও পিছহুহকি গৈছে৷ সেই বাহিনীটোৰো কেইবাজনো
সৈনিক চিপাহীৰ গুলীত আহত হৈছে৷ আহত সৈনিকবোৰৰ মাজত গেলায়ো আছে বুলি তেমেকাই গম
পাইছে৷
 

নিজে অভিযান
আৰম্ভ কৰাৰ সময়তে লক্ষণসিঙে বনমালীক ৰহা থানা আক্ৰমণ কৰিবলৈ পঠাইছিল৷ বনমালীয়ে
নিজৰ দলটোক লৈ ৰহাত উপস্থিত হ’ল৷ তেওঁ সৈনিকবোৰক ক’লে– “আমি যি কৰিম অতৰ্কিতে
কৰিম৷ থানাৰ চিপাহীয়ে গুলীওৱাৰ আগতে আমি সিহঁতৰ বন্দুকবোৰ কাঢ়ি ল’ম৷ আমি
হৈ-হাল্লা কৰি নহয়৷ মনে মনে সোমাই গৈ আক্ৰমণ কৰিম৷ বুজিছা নে
?”

বনমালীৰ
পৰিকল্পনা অনুসৰি জংঘলৰ মাজেৰে গৈ সৈন্যদলটো ৰহা থানাৰ কাষ চাপিল আৰু মানুহৰ ঘৰৰ
আঁৰ লৈ থানাৰ ভিতৰত অতৰ্কিতে সোমাই গ’ল৷ থানাত বেচি চিপাহী নাই৷ সৈন্যবোৰে
অতৰ্কিতে চলোৱা আক্ৰমণত চিপাহীবোৰে বন্দুক চলাবলৈ সুবিধাই নাপালে৷ সৈনিকবোৰৰ
তৰোৱালৰ আঘাতত কেইবাজনো চিপাহী আহত হ’ল৷ সিহঁতৰ বন্দুকবোৰ সৈনিকবোৰৰ হাতলৈ আহিল৷
বনমালীয়ে ডাৰোগা গোলাপ সিঙক আক্ৰমণ কৰিলে৷ সি পিষ্টল উলিওৱাৰ আগতে বনমালীৰ তৰোৱালৰ
আঘাতত মাটিত বাগৰি পৰিল৷ আন সৈনিক তিনিজনেও আক্ৰমণ কৰাত গোলাপ সিঙে চেতনা
হেৰুৱালে৷ বনমালীয়ে গোলাপ সিঙক কলঙত পেলাই দিবলৈ নিৰ্দেশ দিলে৷ চাৰিজন সৈনিকে তাক
দাঙি নি কলঙত পেলাই দিলত সি কলঙৰ সোঁতত উটি গ’ল৷ চিপাহীকেইজনকো আধামৰা কৰি হাত-ভৰি
বান্ধি থানাত পেলাই থোৱা হ’ল৷

থানা জয় কৰাৰ
পাছত বনমালীয়ে তাত থকাটো উচিত বুলি নাভাবিলে৷ তেওঁৰ মনত শংকা উপজিল ইয়াৰ বাতৰি পাই
আন চিপাহী আহি তেওঁলোকক আক্ৰমণ কৰে বুলি৷ হঠাতে তেওঁ বাতৰি পালে নগাঁও আক্ৰমণ
কৰিবলৈ যোৱা সৈন্যবাহিনী দুটাৰ বিপৰ্যয় ঘটিছে৷ তেওঁ নিজৰ সৈন্যবাহিনীটো লৈ জংঘলত
প্ৰৱেশ কৰিলে আৰু জংঘলৰ মাজেৰেই ফুলগুৰিৰ ফালে গৈ থাকিল৷ তেওঁৰ উদ্দেশ্য হ’ল
সেনাপতি লক্ষণসিঙক লগ কৰা৷
 

লক্ষণসিং নিৰাপদ
দূৰত্বলৈ আহি কলঙৰ পাৰৰে এঠাইত ৰ’ল৷ আহত সৈনিককেইজনক শুশ্ৰূষা কৰিবলৈ তেওঁ নিজে
লাগি গ’ল৷ তেওঁক সহায় কৰি গ’ল কেইবাজনো সুস্থ সৈনিকে৷ বেছিভাগৰে বাহুত
, হাতত
আৰু ভৰিত গুলী লাগিছে৷ সোমাই থকা গুলীবোৰ উিলয়াই গুলীলগা ঠাইবোৰ পানীৰে ধুই চাফা
কৰাৰ পাছত ঘাবোৰত বনৌষধ বান্ধি দিয়া হ’ল৷ এজনৰ আঘাত গুৰুতৰ৷ তাৰ গাত তিনিটা গুলী
লাগিছে৷ ভৰিত এটা আৰু বাহুত দুটা৷ বাহুত লগা এটা গুলী এতিয়াও লক্ষণসিংহঁতে  উলিয়াব পৰা নাই৷ সি খোজ কাঢ়িব নোৱাৰে৷
লক্ষণিসঙৰ নিৰ্দেশত চাৰিজন সৈনিকে এখন চাঙী সাজিলে৷

লক্ষণসিঙৰ লগত
এতিয়া বিছজন সুস্থ সৈনিকহে আছে৷ বাকীবোৰ কোনফালে আঁতৰিল তেওঁ গম পোৱা নাই৷ তেওঁ
ভাবে পুনৰ সৈনিকবোৰক বিচাৰি সংগঠিত কৰিব লাগিব আৰু যুদ্ধখন আগ বঢ়াই নিব লাগিব৷
বৰ্তমান পৰিস্থিতিত আহত সৈনিককেইজনৰ পৰিচৰ্যাহে বৰ দৰকাৰী৷ আহত সৈনিক তেওঁৰ লগত
আছে ছজন৷ তেওঁ বাৰজন সৈনিকক নিৰ্দেশ দিলে আহত সৈনিককেইজনক কাৱৈমাৰিৰ ফালে নিবলৈ৷
লক্ষণসিঙে সৈনিকবোৰক ক’লে– “আমাৰ আহত সৈনিকবোৰক জংঘলৰ মাজত ৰাখিয়েই  শুশ্ৰূষা কৰিব লাগিব৷ কিন্তু কোনো এখন গাঁও অলপ
কাষত থাকিলে ভাল৷ ভাত-তৰকাৰি আদি আনি খাব পাৰা যাব৷ তোমালোকে কাৱৈমাৰিৰ ফালে লৈ যোৱা৷
তাৰে ওচৰৰ হাবিত থাকি এওঁলোকক শুশ্ৰূষা কৰিবা৷”

গুৰুতৰভাৱে আহত
সৈনিকজনক চাঙীত উঠাই চাৰিজন সৈনিকে কান্ধত ল’লে আৰু দলটো কাৱৈমাৰিৰ ফালে থকা
জংঘললৈ বুলি যাবলৈ ধৰিলে৷ লক্ষণসিঙে লগত থকা আঠজন সৈনিকক লগত লৈ তেওঁ এইকেইদিন
কটোৱা ঠাইখনলৈ খোজ ল’লে৷ ঠাইখন ফুলগুৰিৰ পৰা বেচি দূৰত নহয়৷

নিজে বাহৰ পাতি
থকা ঠাইখিনি পাই লক্ষণসিং বহি পৰিল৷ লগত থকা সৈনিকবোৰকো বহিবলৈ দি তেওঁ বাৰিকাবোৰৰ
কথা চিন্তা কৰিলে৷ এতিয়া বাৰিকাবোৰৰ বৰ দৰকাৰ৷ কিমান সৈনিক পলাই গৈ ক’ত ক’ত আছেগৈ
খবৰ কৰিব লাগিব বাৰিকাবোৰে৷ বাৰিকাবোৰৰ যোগেদিয়েই সৈন্যবাহিনীটো পুনৰ সুসংগঠিত
কৰিব পৰা যাব৷ পিছে বাৰিকাবোৰ ক’ত
? তেওঁ ইয়াত বাহৰ পতাৰ পাছতে বাৰিকাবোৰ
ইয়ালৈ আহি থাকে৷ কোনোবা এজন নি(য় আিহ ওলাব৷

পোহৰৰ ৰং দেখি
লক্ষণসিঙে ধৰিব পাৰিলে বেলি মাৰ যাবৰ হৈছে৷ তেওঁ অনুমান কৰিলে
, ফুলগুৰিত
বহি থকা ৰাইজ  ঘৰমুৱা হ’বলৈ ধৰিছে৷ নগাঁও
আক্ৰমণত বিফল হৈ তেওঁ মনোকষ্টও পাইছে৷ তেওঁ চিন্তা কৰি ৰ’ল কি কৰিব পৰা যায় এতিয়া
? 

নিজৰ সৰু
সৈন্যদলটো লগত লৈ বনমালী লক্ষণসিঙৰ কাষত হাজিৰ হ’ল৷ লক্ষণসিঙে তেওঁক সুধিলে–
“কওকচোন আপোনাৰ অভিযান কি হ’ল
?”

“আমি থানা
লণ্ডভণ্ড কৰি থৈ আহিলোঁ৷”– বনমালীয়ে ক’বলৈ ধৰিলে৷ “ৰহা থানা আমি অতৰ্কিতে আক্ৰমণ
কৰিছিলোঁ৷ চিপাহীবোৰে আমাক আক্ৰমণ কৰিবলৈ সুযোগেই নাপালে৷ আমি সিহঁতৰ বন্দুকবোৰ
কাঢ়ি ল’লোঁ৷ সকলোবোৰ চিপাহীকে মাৰি আধামৰা কৰিলোঁ৷ ডাৰোগা গোলাপ সিঙকো মাৰি
আধামৰা কৰি কলঙত উটুৱাই দিলোঁ৷ সি মৰিলেই চাগে’৷ তাৰ পাছত উভতি আহিলোঁ৷”

“আপুনিহে সফল
হ’ল৷ আপোনাক মই অভিনন্দন জনালোঁ৷”

এজন সৈনিকে
চিঞৰিলে– “জয় বনমালী সেনাপতিৰ জয়৷”

আন সৈনিকবোৰে
চিঞৰিলে– “জয় বনমালী সেনাপতিৰ জয়৷”

লক্ষণসিঙে
সৈনিকসকলক চিঞৰ-বাখৰ নকৰিবলৈ নিৰ্দেশ দিলে৷ কাৰণ শত্ৰুৱে শুনা পালে বিপদ আহিব
পাৰে৷ বনমালীয়ে লক্ষণসিঙক ক’লে– “সেনাপতি
, আপুনি যি কাম কৰিব গৈছিল সেইটো আছিল
ডাঙৰ কাম৷ চিপাহীও বহুত৷ তাতে আপোনাক আদবাটতে ধৰিলে৷ সেয়ে যুদ্ধ জয় কৰা নহ’ল৷
এতিয়াও সময় আছে৷ আমি বিজয়ী হ’ব পাৰিম৷”

“এতিয়া
সৈন্যবোৰক একগোট কৰাটোহে ডাঙৰ কাম হৈছেগৈ৷”

তেনেতে তেমেকা
তাত উপস্থিত হ’ল৷ সি আহিয়েই লক্ষণসিঙক ক’লে– “নগাঙ’ বাঈকাই খব’ দিছে স্কনচ চাহাবে
ভয়তে তেজপু’ আউ
¸ গুৱাহাটী’ পআ হহায় বিচাঈছে৷ কালিলৈ তেজপুঅ পআ
কোনোবা এজন কেপ্তেন আিহব হেনো৷”

“হয় নেকি?
বদমাছ
স্কনচ ডিচি এতিয়া ভয়ত কঁপিছে৷ আমাৰ যুদ্ধ দেখি সি ভয়ত সহায় বিচাৰি ফুৰিছে৷ কিন্তু
যত কুটৰ ঘাই সিহে৷ তাক পোৱাহেঁতেন কাটি তিনি টুকুৰা কৰিলোঁহেঁতেন৷ পিচে
, ৰাইজে
কালিলৈ আক’ মেল পাতিব নেকি
?”

“পাতিব হেনো৷
একো হমাধান পোৱা নাই বাবে পাতিব৷ মঈলেও মঈব
, কিন্তু এটা
হমাধান উলিয়াইহে এঈব৷”

“গুৱাহাটী আৰু
তেজপুৰৰ পৰা চিপাহী আহিলে যুদ্ধ কৰা টান হ’ব৷ আিজয়েই  খাৰঘৰ আৰু টেজাৰি অধিকাৰ কৰি ল’ব পৰাহেঁতেন ভাল
আছিল৷ তেতিয়া যঁুজিবলৈ হাথিয়াৰ পোৱা গ’লহেঁতেন৷ কাইলৈ ৰাইজৰ লগতে থাকি অলেখলেখ চাব
লাগিব৷”

লক্ষণসিঙৰ কথাত
সকলোৱে সন্মতি প্ৰকাশ কৰিলে৷

 

(সোতৰ)

ৰাইজ আগদিনা বহা
ঠাইৰ ওচৰতে বহিছে৷ আশাত বন্দী ৰাইজ৷ সকলোৱে আশা কৰিছে স্কনচ চাহাবে আিহ কিবা এটা
সমাধান দিব
, তেওঁলোকক কৰৰ পৰা সকাহ দিব৷ ৰাইজে সিদ্ধান্ত
কৰিছে সমাধান নোপোৱালৈকে ইয়াৰ পৰা নুঠে৷

লক্ষণসিং
সৈনিকবোৰক লগত লৈ ৰাইজ মেলৰ কাষতে বহি থাকিল ৰাইজৰে এজন হৈ৷

পঞ্চাছজন চিপাহী
লৈ তেজপুৰৰ পৰা আহি কেপ্তেইন কেম্পবেল নগাঁৱত উপস্থিত হ’ল৷ স্কনচে তাৰ আগত ৰাইজৰ
বিষয়ে নানা ধৰণৰ কথা লগালে৷ সি বুজাবলৈ ল’লে যে এনে বিদ্ৰোহে ইংৰাজসকলৰ বহুত ক্ষতি
কৰিব৷ মানুহবোৰে চৰকাৰক দিবলগীয়া কৰ নিদি বিদ্ৰোহ কৰিছে৷ গতিকে কঠোৰ হাতেৰে দমন
কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ কঠোৰভাৱে দমন কৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব লাগে
,
যাতে
ভৱিষ্যতে কোনেও এনে বিদ্ৰোহ কৰিবলৈ সাহস নকৰে৷

কেম্পৱেলে লগত
অনা পঞ্চাছজন চিপাহী লৈ ফুলগুৰিত উপস্থিত হ’ল৷ ফুলগুৰি পায়েই বহি থকা ৰাইজক আগুৰি
ল’বলৈ চিপাহীবোৰক সি নিৰ্দেশ দিলে৷ সি নিজে আগুৱাই গৈ ৰাইজক  ক’লে– “এক মিনিট ভিতৰ মে ইহাসে চব চলা যাও৷ চব
যাব৷ নহ’লে গুলী খাব৷ যাও
, অভী ইহাসে চলা যাও৷ চব যাব৷ নেহী তো
গুলী খাব৷ যাও
, চলা যাও৷”

ইমানখিনি মানুহ
এক মিনিটত তাৰ পৰা আঁতৰি যোৱাটো সম্ভৱ নহয়৷ তাতে সি ৰাইজক এক মিনিটৰ সুবিধাটোও
নিদিলে৷ ৰাইজে বহাৰ পৰা উঠিবলৈ লৈছিলহে তেনেতে সি চিপাহীবোৰক গুলীয়াবলৈ নিৰ্দেশ
দিলে আৰু চিপাহীবোৰে নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত গুলী বৰ্ষণ কৰিবলৈ ধৰিলে৷ গুলীৰ শব্দ
আৰু মানুহবোৰৰ মৰণ-কাতৰ চিঞৰে চাৰিওফাল আগুৰি ধৰিলে৷ মানুহবোৰে যেনিতেনি দৌৰি
পলাবলৈ চেষ্টা কৰিলে৷

লক্ষণসিঙে
সৈনিককেইজনক লৈ পিছুৱাই আহিবলৈ লওঁতেই কলিমনৰ ভৰিত গুলী লাগিল৷ সি লেঙেৰিয়াই
লেঙেৰিয়াই আহি থাকিবলৈ ধৰিলে৷

কিছু দূৰ অহাৰ
পাছত লক্ষণসিঙে বনমালী আৰু সৈনিকসকলক ক’লে– “অৱস্থা মই ভাল দেখা নাই৷ তেজপুৰৰ
চিপাহী আিহ পায়েই অত্যাচাৰ আৰম্ভ কৰি দিছে৷ গুৱাহাটীৰ পৰা চিপাহী আহি পালে আৰু
সিহঁতৰ বল বাঢ়িব৷ আমি চেদেলি-ভেদেলি হ’লোঁ৷ পাছত গোট খাই ইহঁতক ধৰিব লাগিব৷ এতিয়া
তোমালোকে নিজকে বচাবলৈ যেনিতেনি যোৱা৷ এিতয়া ইহঁতে আমাক ধৰিবলৈ লাগি যাব৷”

লক্ষণসিঙৰ কথা
শুনি সৈনিকবোৰ ভাগ ভাগ হ’ল৷ সকলোৱে নিজৰ সুবিধাজনক ঠাইৰ সন্ধানত ব্যস্ত হ’ল৷ তাৰ
পাছত সৈনিকবোৰ বিভিন্ন দিশত আঁতৰি গ’ল৷ বনমালীয়ে দুজন সৈনিক লগত লৈ পূব দিশত খোজ
দিলে৷ লক্ষণসিঙে তেমেকাৰ কথা মতে দক্ষিণ দিশত খোজ পেলালে৷ তেওঁৰ লগত আছে তেমেকাৰ
উপৰি চাংবৰ আৰু কলিমন৷

এটা ডোবা পাই
চাংবৰে কলিমনৰ ভৰিৰ গুলীলগা ঘাটো ভালদৰে ধুলে৷ গুলিটো কলাফুলত লাগি পাৰ হৈ গৈছে৷
গুলীটো সোমাই নথকা বাবে চাংবৰে এটা স্বস্তিৰ নিশ্বাস পোলালে৷ সি কলিমনক ক’লে– “ত’
ভাগ্য ভাল৷ গুলীটো ওলাই গৈছে৷”

“অ ময়ো তেনেকুৱা
যেনেই পাইছং৷ গুলীটো সোমাই থকা হ’লে বিষ বেচি হ’লহেঁতেন৷ আৰু তাক উলিয়াংতে বহুত
কষ্ট পালংহেঁতেন৷”

ঘাটোৰ তেজ
ৰাখিবলৈ চাংবৰে নিজৰ তিয়নিখনকে ঘাটোত বান্ধি দিলে৷ কলিমনে এতিয়া খোজ দিবলৈ অলপ ভাল
পাইছে৷

লক্ষণসিংহঁত
জংঘলৰ মাজেৰে গৈ থাকিল৷

খাইগড়ৰ ওচৰ
পোৱালৈ বেলি লহিয়ালে৷ দুপৰীয়াৰ ভাত খোৱাৰ পৰ পাৰেই হৈছে৷ তেমেকাৰ পেটত ভোকে চিকুট
মাৰি ধৰিলে৷ তাৰ মোনাত ৰংদৈয়ে ভৰাই দিয়া জলপান অলপ আছিল৷ কিন্তু পলাই আহোঁতে
সেইখিনি পৰিল৷ এতিয়া ইয়াত কাৰো লগতে ভাতৰ টোপোলা নাই৷ সি লক্ষণসিঙক ক’লে– “হেনাপতি
,
ম’
ব’ ভোক লাগিছে৷ আমি খাইগঅ ওচঅতে আছং৷ খাইগঅ বাঈকা’ ঘঅ পআ ভাত লৈ আনং নাকি
?”

“আমাৰো ভোক
লাগিছে৷ ভাতৰ লগতে চাউলো পালে লৈ আনিবা৷ জংঘলত ৰান্ধি খাব পাৰিম৷”

“হ’ব হেনাপতি,
মই
যাং৷”

চাংবৰেও ‘ময়ো
যাং’ বুলি তেমেকাৰ লগত কান্ধত মোনা লৈ ওলাল৷ তেমেকাৰ কান্ধতো এটা মোনা৷ দুয়ো
খাইগড় অভিমুখে যাত্ৰা কৰিলে৷

খাইগড়ত আছে
দুজন বাৰিকা৷ এজন যুগেশ্বৰ আৰু আনজন মিহিৰাম৷ তেমেকাই ভাবিলে যুগেশ্বৰৰ ঘৰৰ পৰা
ভাত আৰু দুয়োজনৰ ঘৰৰ পৰাই চাউল আনিব৷ পিচে
, সিহঁত দুটা ঘৰত
নাথাকিবও পাৰে৷ এই ধেৱাৰ সময়ত কোন ক’ত আছেগৈ ঠিকনা নাই৷ ৰজা
, গাঁওবুঢ়া
আৰু মেনাসকলেও বাৰিকাবোৰক কামত লগাইছে৷ ধেৱাখনৰ বাবে বিভিন্ন ঠাইৰ ডেকাল’ৰাক
বাৰিকা হিচাপে নিয়োগ কৰা হৈছে যদিও যেন ইয়াৰ নাটনি পূৰ হোৱা নাই৷ বাৰিকা কিছুমানে
কিছুমান ঠাইত থাকি চোৰাংচোৱাৰ কামো কৰিবলগীয়া হৈছে৷

তেমেকা আৰু
চাংবৰ খাইগড়ত উপস্থিত হ’ল৷ তেমেকাই ভাবিলে প্ৰথমে যুগেশ্বৰৰ ঘৰলৈ যোৱাই ভাল হ’ব৷
সি চাংবৰক তাৰ পিছে পিছে আহিবলৈ কৈ যুগেশ্বৰৰ ঘৰলৈ পোনালে৷ যুগেশ্বৰৰ ঘৰলৈ
কেইবাবাৰো আহিছে বাবে সিহঁতৰ ঘৰৰ মানুহবোৰক তেমেকাই চিনি পায়৷ সি যুগেশ্বৰৰ ঘৰ
পায়েই মাত দিলে– “যুগেশ্ব’
, অ যুগেশ্ব’/ ঘঅত আছ না?”

তেমেকাৰ মাত
শুনি যুগেশ্বৰৰ মাক বাহিৰলৈ ওলাই আহিল
, আিহয়েই তেমেকাক দেখি মাত দিলে– “অ
তেমেকা বাপু/ আমা’ ই ঘঅত নাই৷ কেইবাদিনো হ’ল ঘঅলৈ আহা নাই৷ তই তাক লগ পোৱা নাই
নাকি
?”

“নাই, লগ
পোৱা নাই৷ আছে চাগে’ কোনোবা ফালে৷ খুঈ
, আমা’ ব’ ভোক লাগিছে৷ ভাত আছে যদি আমা’
দুটাক দে৷ আমা’ আউ দুজন আছে৷ হিন্ত’ বাবেও ভাত নিবা লাগিব৷”

“ইচ বোপাইহঁত/
বঅ কষ্ট পাই আছ চাগে’৷ এতিয়া ভাতেই নাই৷ আন্ধিব লাগিব৷ অলপ অ৷”

কথাষাৰ কৈয়েই
মানুহগৰাকী পাকঘৰত সোমাল৷

উধাতু খাই
যুগেশ্বৰ ঘৰত ওলাল৷ তাৰ চকুৱে-মুখে আতংকৰ চাপ৷ তেমেকাই সুধিলে– “কি হ’ল
? ইমান
ভয় খাইছ যে
?”

“নক’বি৷
কুকুহঁতে মানুহ’ ঘএ ঘএ হোমাই মানুহবোঅক অত্যাচা’ কঈছে৷ বহুতকে ধঈ নিছে৷ ফুলগুঈ আউ
হআ গাঙত হিন্তক হোমোৱা দেখা পাই আিহছং৷”

“তই ক’ত আছিলি?”

“মই ফুলগুঈতে
আছিলং৷”

“আইজ মেলত আছিলি
নাকি
?”

“নাই, নাছিলং৷
কিন্তু চব গম পাইছং৷ কুকু’হঁতে আইজ মেলত থাকা বহুত মানুহক গুলীয়াই মাঈলে৷ বহুতক
ঘুণীয়া কঈলে৷ বহুতক ধঈ লৈ গ’ল৷ এতিয়া গাঙে গাঙে হুমাইছে৷ যাকে পাইছে তাকে ধঈছে৷”

“হ’ব ইমান ভয়
কঈবা নালাগে৷ ভয় কঈ কি লাভ
?”

লাহে লাহে
যুগেশ্বৰ শান্ত হ’ল৷ সি এতিয়াহে তেমেকাক সুধিলে– “তন্তে কেনেকে ইয়াত পালিহি
?”

তেমেকাই সকলোবোৰ
কথা যুগেশ্বৰক বুজাই ক’লে৷ যুগেশ্বৰ আছিল সৰাগাঁৱৰ ৰজাৰ লগত৷ সি সৰাগাঁৱৰ পৰা
ফুলগুৰিলৈ অহা যোৱা কৰি ৰজাক খবৰ দি আছিল৷ গাঁৱে গাঁৱে চিপাহী সোমাবলৈ ধৰাত ৰজাই
তাক ঘৰলৈ আিহবলৈ আৰু জংঘলত লুকাই থাকিবলৈ দিছিল৷ সি ৰজাৰ ঘৰতে ভাত খাই আহিছে৷

যুগেশ্বৰৰ মাকৰ
ভাত-তৰকাৰী ৰন্ধা হোৱাৰ পাছতে তেমেকাহঁতক খাবলৈ মাতিলে৷ তেওঁ তেমেকাহঁতক ক’লে–
“হংকালে কঈবা বাবে মাছকে পুঈ দিছং৷ তঅকাঈ আন্ধা নাই৷”

“নালাগে খুঈ৷
খালি ভাত হ’লেও হ’লহেঁতেন৷”

গৰম ভাতৰ লগত
পোৰা গৰৈ মাছ আৰু নিমখ-জলকীয়া৷ তাতে অলপমান খাইতেল৷ ভোকত ভাত আৰু পিয়াহত পানী–
ইয়াতকৈ ভাল বস্তু কিবা থাকিব পাৰে নে
? ভোকত লেবেজান হৈ থকা তেমেকাই ইয়াকে
খায়েই বৰ জুতি পাইছে৷ চাংবৰকো জুতি পোৱা বুলি তাৰ অনুভৱ হ’ল৷

মানুহগৰাকীয়ে
যুগেশ্বৰকো ভাত খাবলৈ কৈছিল৷ কিন্তু সি ভাত খাই অহা বুলি কোৱাত তেওঁ একো নক’লে৷
তেমেকাই যুগেশ্বৰক ক’লে– “অকল ভাত খোৱালেই নহ’ব
, চাউলো দিবা
লাগিব৷ আমা’ লগত দুটা মোনা আছে৷ ক’পআ চাউল ভআই দিয় দে৷”

“এমোনা বাউ আমা
ঘঅ পআই দিম৷ এমোনা মিহিআম’ ঘঅ পআ আনংগৈ৷ তন্তে ভাত খাই থাক৷”

যুগেশ্বৰে মোনা
এটা লৈ মিহিৰামৰ ঘৰলৈ পোনালে৷

তেমেকাহঁতে ভাত
খাই বাহিৰত বহাৰ সময়তে যুগেশ্বৰে এমোনা চাউল লৈ উপস্থিত হ’ল৷ সি মোনাটো তেমেকাৰ
হাতত দি আনটো মোনা হাতত ল’লে আৰু ঘৰৰ ভিতৰত সোমাল৷ তেমেকাই লগে লগে মাত দিলে–
“যুগেশ্ব’ অলপ শুকান মাছ আৰু নিমখ-জলকীয়া দিবি৷ জংঘলত তঅকাঈ বিচাঈ নাপাবাও পাঅং৷”

 যুগেশ্বৰৰ মাকৰ ভাতৰ টোপোলা বন্ধা হ’লত তেওঁ
তেমেকাৰ ওচৰত সেইকেইটা আনি থ’লে৷ যুগেশ্বৰে এমোনা চাউল
, শুকান মাছ আৰু
নিমখ-জলকীয়া আনি দিয়াৰ পাছতে তেমেকাই তাক সুধিলে– “তয়ো আমা’ লগত ব’ল৷”

“নাই তন্ত লগত
নাযাং৷ মই মিহিআম’ লগত কথা পাতিছং৷ আমি মিকি’ গাঁঙ’ ফালে যাম৷”

“হ’ব তেন্তে,
তন্তে
হিফালে যাবি৷ আমি এতিয়া গৈ থাকং৷ হিফালে লক্ষণসিং হেনাপতি আৰু কলিমন কাকা ভোকত
কলমলাই আছে৷”

বিদায় লৈ তেমেকা
আৰু চাংবৰে খোজ ধৰিলে৷

লক্ষণসিংহঁতৰ
কাষ পাই তেমেকাই দেখিলে বাঁহৰ চুঙা কটা হৈ গৈছে৷ তদুপৰি দুটা ডাঙৰ চুঙাত পানী আনি
থোৱা আছে৷ হেনাপতি লক্ষণসিঙে কামখিনি কৰি থোৱা বুলি তেমেকাই ধৰিব পাৰিলে৷

ভাতৰ
টোপোলাকেইটা দিয়াৰ লগে লগে লক্ষণসিং আৰ
n কলিমনে ভাত খাবলৈ ধৰিলে৷ তেমেকাই
সিহঁতৰ চুঙাত পানী ঢালি দিলে৷

বেলি লাহে লাহে
পশ্চিম আকাশত ভালেখিনি নামিল৷ ভাত খোৱা শেষ কৰিয়েই খোজ লৈ আৰু দূৰলৈ আঁতৰি যোৱাৰ
কথা লক্ষণসিঙে চিন্তা কৰিলে৷ তেওঁ ভাত খাই খায়েই চাংবৰক সুধিলে– “খাইগড়ত কিবা
খবৰ-বাতৰি পাই আহিছা নেকি
?”

“অলপ খব’
যুগেশ্বঅ’ পআই পাইছং৷ হি হআ গাঙ’ অজা লগত আছিল৷ হি খব’ দিয়া মতে চিপাহীয়ে গুলীওয়া
হময়তে বহুত মানুহ মঈছে৷ বহুত ঘূণীয়া হৈছে৷ মআবোঅক পেলাই থৈ দিছে৷ ঘূণীয়াবোঅক আউ
গেপ্তা’ কআবিলাকক কোবাই-কিলাই নগাঙলৈ লৈ গৈছে৷ এতিয়া হেনো চিপাহী ফুলগুঈ আউ হআ
গাঙ’ মনুহ’ ঘএ ঘএ হোমাই মানুহ ধঈছে৷ মতা মানুহ এটাও এহাই পোৱা নাই৷ যাকে পাইছে
তাকে ধঈছে৷ মানুহবো’ জংঘলত হোমাইছেগৈ হেনো৷”

“অ আমি বিফল
হ’লোঁ বাবে এতিয়া সিহঁতৰ দপদপনি বাঢ়িল৷ অকল ফুলগুৰি
, সৰা গাঁৱেই নহয়,
চব
গাঁৱতে সিহঁতে সোমাই মানুহক অত্যাচাৰ কৰিব৷ গতিকে মানুহবোৰে পলাই ফুৰাই ভাল৷
তেতিয়াহে প্ৰাণটো ৰক্ষা পৰিব৷”

লক্ষণসিং আৰু
কলিমনৰ ভাত খোৱা হৈ গ’ল৷ কলিমনে এবাৰ বিষত কেকাই উঠাত চাংবৰে ক’লে– “অ দেই/ মই
ঔখধ’ গছ এডাল দেখিছং৷ মই তা’ হিপা খান্দি আনি খুন্দি ত’ ঘাত বান্ধি দেং৷”

চাংবৰ গছডালৰ
গুৰিলৈ গ’ল আৰু শিপা খান্দি আনি কাঠ এটুকুৰাতে খুন্দি কলিমনৰ ঘাটোত বান্ধি দিলে৷

তেমেকাহঁতৰ
যাত্ৰা আৰম্ভ হ’ল৷

সিহঁত চাপৰমুখৰ
কাষ পাওঁতে বেলি মাৰ গ’ল৷ লক্ষণসিঙে ৰাতিটো তাতে কটোৱাৰ কথা কোৱাত এটুকুৰা
সুবিধাজনক ঠাই বিচাৰি উলিওৱা হ’ল৷ যুগেশ্বৰৰ ঘৰৰ পৰাই মোনাত নিমখ-জলকীয়া আৰু শুকান
মাছ অলপ দি পঠিয়াওৱা হৈছে৷ বাঁহৰ চুঙাতে ভাত ৰন্ধা হ’ল৷ চাংবৰে অলপ ঢেঁকীয়া চিঙি
আনি শুকান মাছৰ লগত চুঙাত সিজালে৷ তেমেকাই অলপ আঁতৰত থকা কলগছৰ পৰা কলপাত কাটি
আনিলে৷ সি শুকান কলপাত অলপো লৈ আনিলে৷ ইয়াকে পাৰি শুব পৰা যাব৷

ভাত-তৰকাৰি
হোৱাৰ পাছতে তিনিও খাই শুই থাকিল৷

পিছদিনা শুই
উঠিয়েই তেমেকাহঁতে যাবলৈ ধৰিলে৷ সিহঁতৰ লক্ষ্য কপিলীৰ পাৰত থকা হাবিতলীয়া গাঁও
শিমলুগুৰি৷

দুপৰীয়া সময়ত
তেমেকাহঁত শিমলুগুৰিত উপস্থিত হ’ল৷ তাতে তেমেকাহঁতে কেৰ্পাইক লগ পালে৷ তেমেকাই তাক
সুধিলে– “তই দেখোন আগতেই এইখিনি পালিহি
?”

“মই গণ্ডগোলৰ
পাছতে পলাই আহি চাপ’মুখত আছিলং৷ গাঙে গাঙে চিপাহী হোমোৱা বুলি খব’ পাই আজি
আিতপুৱাই ইয়ালৈকে গুচি আিহলং৷”

“ভালেই কঈলি৷ চব
মানুহ এতিয়া জংঘলত হোমালেহে অক্ষা পাব৷ আমিও চাপ’মুখ’ ওচঅ’ পআই আহিছং৷ তই তা’ মানে
আমা’ আগে আগে আহি পালি৷”

“অ মই আহি পোৱা
বেছি হময় হোৱা নাই৷”

কেৰ্পায়ে
লক্ষণসিং সেনাপতি
, চাংবৰ আৰু কলিমনক পেহায়েকৰ লগত চিনাকি কৰি
দিলে৷ লক্ষণসিংহঁতৰ লগত চিনাকি হৈ কেৰ্পাইৰ পেহায়েক নোমলে বৰ আনন্দ পালে৷ তেওঁ
ক’লে– “আপোনালোক’ নাম হুনিহে আিছলং৷ আজি লগ পাই ব’ ভাল পাইছং৷ ম’এ কপাল ভাল৷”

দুপৰীয়াৰ ভাত
খোৱাৰ পাছত লক্ষণসিঙে তেমেকাক ক’লে– “আমাক এতিয়া চিপাহীবোৰে বিচাৰি ফুৰিব৷ আমি
কাৰো ঘৰত নাথাকোঁ৷ জংঘলতে থাকিম৷”

“কিন্তু জংঘলত
বৰ কষ্ট পাব৷ বৰষুণ পৰিলে কেনেকে থাকিব
?”

“সেইবোৰ পিছত
চিন্তা কৰিম৷ এতিয়া দিনে পোহৰে ঠাই এটুকুৱা চাই লওঁ৷ তাতে থাকিম৷”

“ব’লক তেন্তে৷”

তেমেকা আৰু
কেৰ্পায়ে লক্ষণসিংহঁতক লগত লৈ জংঘলত সোমাল৷ গাঁওখনৰ পৰা কিছুদূৰত কপিলীৰ পাৰৰ
এটুকুৰা ঠাই লক্ষণসিঙৰ পছন্দ হ’ল৷ ক’ত শুব
, ক’ত বহিব,
ক’ত
জুই ধৰিব আদি ঠাইবোৰ চাই লোৱাৰ পাছত সকলোৱে ঠাই টুকুৰা পছন্দ কৰিলে৷ ঠাইখিনি এডাল
হিজল গছৰ তলত৷ ওচৰতে উলুখেৰ কিছুমানো আছে৷ তেমেকাই ক’লে– “ইয়াতে উলুখেৰ আছেই৷
কাইলৈ আমি চালি এখন সাজি দিম৷”

“হ’ব৷ কাইলৈ
বাঁহ লৈ আিহবি৷”

তেমেকাই
লক্ষণসিঙৰ লগত আলোচনা কৰি ঠিক কৰিলে দিনৰ ভাত চাংবৰে ইয়াতে ৰান্ধিব৷ ৰাতিৰ ভাত
তেমেকাহঁতে দি যাব৷

কলিমনে কেঁকাবলৈ
ধৰা দেখি তেমেকাই কপালখন চুই গম পালে তাৰ প্ৰচণ্ড জ্বৰ উঠিছে৷ চাংবৰে তাৰ ঘাটো
খুলি চালে৷ তাৰ ঘাটো বৰ বেয়াকৈ উখহি উঠিছে
, ঔষধে কাম দিয়া
নাই৷ সি ক’লে– “ঔহ
¸ধটো হলাব লাগিব৷”

তেমেকায়েও ঘাটো
চাই মাত দিলে– “ইচ
, ঘাটো ইমান বেয়া হৈ গৈছে৷ চাংব’ কাকা কিবা এটা
ক’৷”

“এইটো গুলীৰ ঘা৷
ভালদএ ধুই আন এটা ঔহধ লগাই দিম৷”

চাংবৰ ঔষধ
বিচাৰি জংঘলত সোমাল৷

তেমেকাই
লক্ষণসিঙক ক’লে– “আপোনালোক বহক৷ আমি আপোনালোক’ বাবে ঢাঈ আউ কাপো’ আনিবলৈ যাং৷”

 

(অন্তিম পৰ্ব)

(এক)

তেমেকা
শিমলুগুৰি গাঁৱত থকা বাৰদিন পাৰ হৈ গ’ল৷ লক্ষণসিংহঁত থকা ঠাইখিনিৰ দৰকাৰী কামবোৰ
কৰা হৈ গৈছে৷ চালি এখন আৰু ইকৰাৰ বেৰাৰে এটা কোঠা সাজি দিয়াৰ কাম চাৰি দিনতে শেষ
কৰা হৈছিল৷ এতিয়া ৰাতি ৰাতি লক্ষণসিংহঁতক ভাত দিয়া আৰু মাজবড়িৰ বাৰিকা দেওবৰৰ লগত
যোগাযোগ কৰি খবৰ-বাতৰি সংগ্ৰহ কৰাৰ বাহিৰে তাৰ আন কাম নাই৷ নিজৰ গাঁওখনৰ মানুহবোৰ
কেনে আছে চাবৰ বাবেহে তাৰ বৰকৈ মন গৈছে৷ সি ফুটুকীক নেদেখা বহুদিন হ’ল৷ গোটেইখনত
চিপাহীৰ যি অত্যাচাৰ চলিছে মানুহবোৰ তাৰপৰা ৰক্ষা পাই আছে জানো
? ভাবিলেই
তাৰ ভয় লাগি আহে৷ সি গাঁৱলৈ যাব লাগিব৷ সি লক্ষণসিঙৰ পৰা অনুমতি লৈ গাঁৱৰ পৰা এপাক
আহিবগৈ৷

তেমেকাই
ৰাতিপুৱা শুই উঠি এইবোৰ কথাকে চিন্তা কৰি আছে৷ বিশেষকৈ নিজৰ ঘৰখনৰ মানুহবোৰৰ আৰু
ফুটুকীৰ মুখখন মানসপটত ভাহি উঠিলেই দৌৰি গৈ গাঁৱত উপস্থিত হ’বলৈ তাৰ মন যায়৷
কিন্তু সি গ’লে কেৰ্পায়েও যাব বিচাৰিব৷ কিন্তু সিহঁত দুটা গুচি গ’লে লক্ষণসিংহঁতক
কোনে ৰাতি ভাত দিবগৈ
? মাজবড়িলৈ গৈ কোনে খবৰ-বাতৰি আনিবগৈ? শিমলুগুৰিৰ
কোনোবাই ৰাতিৰ ভাত দিবলৈ যাব পাৰিলেও মাজবড়িৰ পৰা কোনে খবৰ সংগ্ৰহ কৰিব
?

তেমেকাই কথাবোৰ
চিন্তা কৰি গ’ল৷ শেষত এটা উপায় তাৰ মনলৈ আহিল– এইক্ষেত্ৰত চাংবৰে সহায় কৰিব পাৰে৷
সিহঁত ঘূৰি নহালৈকে চাংবৰে মাজে মাজে গৈ খবৰবোৰ সংগ্ৰহ কৰি থাকিব পাৰিব৷ উপায় এটা
পোৱাত তেমেকাৰ মনত আনন্দ লাগিল৷  সি এতিয়াই
এপাক লক্ষণসিঙৰ কাষলৈ যাবলৈ মন কৰিলে৷ সি কেৰ্পাইক বিচাৰিলে৷ কেৰ্পাই বাৰীত থকা
বুলি গম পাই সি বাৰীলৈ গৈ দেখিলে কেৰ্পায়ে বাৰীত ওলকচু এটা খান্দি আছে৷ তেমেকা তাৰ
কাষ চাপি গ’ল আৰু ক’লে– “মই ঘঅ পআ আহিম বুলি ভাবিছং৷”

“ময়ো ঘঅলৈ যাম
বুলিয়েই ভাবি আছং৷ ঘঅলৈ বঅকে মনত পঈছে৷ তই গ’লে ময়ো যাম৷”

“তেন্তে আজি আমি
হেনাপতিক কৈ চাং৷ কি কয় চাংচোন৷ কিজানি দুয়োটাকে যাবা দিয়েই৷”

“হ’ব আিজ কথাটো
উলিয়াবি৷”

কেৰ্পাইৰ
চকু-মুখ উজ্জ্বল হৈ পৰিছে৷ তেমেকাই পুনৰ ক’লে– “আজি মানে এতিয়াই গৈ কৈ চাংগৈ ব’ল৷”

“অলপ অ৷ মই
কচুটো উলিয়াই লং৷”

ওলকচুটো খান্দি
উলিয়াই কেৰ্পায়ে ক’লে– “ব’ল এতিয়া৷”

তেমেকা আৰু
কেৰ্পাই লক্ষণসিঙৰ গুৰিলৈ খোজ ল’লে৷

কিছু সময়ৰ পাছতে
সিহঁত লক্ষণসিঙৰ কাষত উপস্থিত হ’ল৷ সিহঁতক দেখিয়েই তেওঁ মাত দিলে– “আজি দেখোন
অসময়ত ওলালাহি
? কিবা খবৰ আছে নেকি?”

“বেলেগ খব’
নাই৷”– তেমেকাই মাত দিলে৷ “ঘঅলৈ ব’কে মনত পঈছে৷ আমি দুটা ঘঅ পআ এপাক গৈ আহং বুলি
ভাবিছং৷”

লক্ষণসিঙে অলপ
সময় তভক মাৰি চিন্তা কৰিলে৷ তাৰ পাছত ক’লে– “আমাৰ ভাত-পানী ৰান্ধি খোৱা ব্যৱস্থা
ইয়াতে হৈছেই৷ তোমালোকে ৰাতি ৰাতি ভাত দিবলৈ নাহিলেও হ’ব৷ আজি আিহব নালাগে৷ আমি
ইয়াতে ৰান্ধি খাম৷ আগতে চৰু-হাৰী নাছিল বাবে কথাটো বেলেগ আছিল৷ এতিয়া আমাক
চাউল-পাতৰ ব্যৱস্থা কৰি থৈ গ’লেই হ’ল৷ তৰকাৰি জংঘলতে বিচাৰি ল’ম৷ ঢেঁকীয়া কিছুমান
এই জংঘলত আছে৷ পচলা খাবলৈ কলগছো আছে৷ আৰু কিবাকিবি শাকো আছে৷ গতিকে চিন্তা নাই৷
মোক খবৰবোৰ আনি দিয়া মানুহ এটা লাগে৷ সেই কামটো চাংবৰে কৰিব পাৰিব৷ চাংবৰে এদিন
তোমালোকৰ লগত দেওবৰৰ ওচৰলৈ গৈছেও৷ গতিকে চিন্তা কৰিব নালাগে৷ তোমালোকে আজি আমাৰ
বাবে জা-যোগাৰ অলপ কৰি দি কালিলৈ যাব পাৰিবা৷”

“হ’ব তেন্তে,
আমি
দুমোনা চাউল আউ
¸ হাক-পাচলি অলপ লৈ আহংগৈ৷”

তেমেকা আৰু
কেৰ্পায়ে আনন্দ মনেৰে নোমলৰ ঘৰলৈ খোজ ল’লে৷ সিহঁতে নোমলৰ ঘৰৰ পৰা এমোনা আৰু আন
এঘৰৰ পৰা এমোনা চাউল ল’লে৷ নোমলৰ বাৰীৰ পৰা কেৰ্পায়ে জলকীয়া অলপ ছিঙি নিমখৰ লগত
টোপোলা এটা কৰিলে৷  ওচৰৰ ঘৰৰ পৰা তেমেকাই
বেঙেনা অলপ আৰু কোমোৰা এটা ল’লে৷ কেৰ্পায়ে ল’লে অলপ আগতে খন্দা ওলকচুটোকো৷

চাউল আৰু
শাক-পাচলিবোৰ লৈ তেমেকা আৰু কেৰ্পাই লক্ষণসিঙৰ ওচৰত পুনৰ গৈ ওলাল৷ সিহঁতে বস্তুবোৰ
চমজাই দি বিদায় মাগি গুচি আহিল৷ আিহবৰ সময়ত তেমেকাই লক্ষণসিঙক এইটো কথাও কৈ আিহল
যে সিহঁতৰ অনুপস্থিতিত কেৰ্পাইৰ পোহায়েকে তেওঁলোকৰ খবৰ লৈ থাকিব৷

পিছদিনা
ৰাতিপুৱা সোনকালে উঠি তেমেকা আৰু কেৰ্পায়ে গা-পা ধুই ল’লে৷ পেহায়েক-পেহীয়েকক
কেৰ্পায়ে কালিয়েই সিহঁত আজি গাঁৱলৈ যোৱাৰ কথাটো কৈ থৈছিল৷ পেহীয়েকে সোনকালে উঠি
ভাত-তৰকাৰি ৰন্ধাৰ কাম আৰম্ভ কৰিছে৷ অলপ সময়ৰ পাছতে খাবৰ হ’বই কিজানি৷

ভাত হোৱাৰ লগে
লগে খাই তেমেকাহঁতে কাৱৈমাৰি গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিলে৷ আগৰ দৰেই সিহঁতৰ হাতত
একোখনকৈ দা আৰু কান্ধত একোটাকৈ মোনা৷ মোনাত আছে অলপ অলপ চাউল-নিমখ-জলকীয়া আৰু
এটাকৈ ভাতৰ টোপোলা৷ সিহঁত খৰখোজেৰে যাবলৈ ধৰিলে৷ শিমলুগুৰিৰ পৰা কাৱৈমাৰিলৈ দিনটোৰ
বাট৷ তাতে এতিয়া দিনকাল ভাল নহয়৷ ক’ৰবাত কিবা কাৰণত ৰ’বলগীয়া হ’লে ঘৰ গৈ পোৱা ৰাতি
হৈ যাব৷

তেমেকাহঁতে
গাঁওবোৰ এৰাই চলি জংঘলৰ মাজেৰে গৈ থাকিল৷ চাপৰমুখৰ ওচৰ পোৱাৰ সময়তে সিহঁতে জংঘলৰ
মাজত মানুহৰ মাত শুনিলে৷ সিহঁতে কোন মানুহ জংঘলৰ আঁৰ লৈ চাই ধৰিব পাৰিলে এয়া
চিপাহীৰ ভয়ত পলাই অহা মানুহ৷  সিহঁত
মানুহবোৰৰ কাষ চাপি গ’ল৷ মানুহবোৰে দুপৰীয়াৰ ভাত ৰান্ধি আছে৷ এজন মানুহক তেমেকাই
সুধিলে–

“আপোনালোক কোন
গাঁৱৰ
? কেতিয়া ইয়ালৈ আহিল?”

“আমি দীঘলী
আটীৰ৷ আমি পৰহি দিনাই গাঁও এৰিছোঁ৷ গাঁও এৰি আহি প্ৰথমতে এঠাইত থাকিলোঁ৷ যেতিয়া গম
পালোঁ যে মানুহ বিচাৰি চিপাহী এইফালৰ জংঘলতো সোমাব লৈছে৷ লগে লগে আঁতৰি আহি ইয়াতে
থাকিব লৈছোঁ৷ আপোনালোক কোন
?”

“আমি হৈছং ধেৱা
বাঈকা৷”

“অ বুজিছোঁ
বুজিছোঁ৷ গাঁৱে গাঁৱে খবৰ দিয়া মানুহ৷”

“অ আমি মানুহক
খব’ দি ফুঅং৷”

“কিবা খবৰ আছে
নেকি
?”

“এতিয়ালৈকে
এইফালে চিপাহী আহা নাই৷ কিন্তু হাৱধানে থাকিব৷ চিপাহী’ উমান ল’বলৈ কাউবাক আগ’ফালে
আখক৷ চিপাহী দেখিলেই তেতিয়া আপোনালোকক খব’ দিবা পাঈব৷ বস্তু-বাহানিবোঅ’ টোপোলা
কঈয়েই আখিব৷ যাতে খব’ পোৱা লগে লগে আঁতঈ যাবা পাএ৷”

“ঠিক কথা কৈছে৷
দুজনমানক অলপ দূৰত চোৰাংচোৱা হিচাপে ৰাখিব লাগিব৷”

“অ আখক আখক৷ বাউ
আমি যাং৷”

তেমেকাহঁতে খোজ
ল’লে৷ সিহঁত আহি আহি ডাঙৰ জলাহখনৰ কাষত হাজিৰ হ’ল৷ কাতি মাহ বাবে জলাহখনত পানী
বহুত কমিল আৰু ইয়াৰ আকাৰ আগতকৈ সৰু হৈ পৰিছে৷ কলং-কপিলীত পানী কমি গ’লেই ইয়ো
নিশকতীয়া হৈ আহে৷ এই জলাহৰ সিপাৰেই আছে সিহঁতৰ গাঁওখন৷ জলাহখনৰ পাৰে পাৰে গৈ সিহঁত
নিজৰ গাঁৱত ওলাব পাৰিব৷ কিন্তু জলাহখনৰ পাৰে পাৰে অটব্য অৰণ্য৷ এই অৰণ্যৰ মাজেৰেই
সিহঁত যাব লাগিব বিপদ-আপদক নেওচি৷

বেলিয়ে পশ্চিম
আকাশত ভৰি দিছে৷ ৰাতিপুৱা সোনকালে খোৱা সিহঁতৰ পেটৰ ভাত এতিয়ালৈ হজম হৈ পানী হৈ
গৈছে৷ কেৰ্পায়ে ক’লে– “ব’ ভোক লাগিছে৷ ইয়াতে ভাত খাই লং নাকি
?”

“অ মঅ ভোক
লাগিছে৷ ভাত খাই লোৱাই ভাল হ’ব৷”

দুয়ো জলাহৰ পাৰত
বহি ভাত খালে৷ তাৰ পাছত সিহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ সিহঁত হাবি ফালি গৈ থাকিল৷

কিছুদূৰ যোৱাৰ
পাছতে সিহঁতে আৰু এদল মানুহক লগ পালে৷ দলটোত বাৰিকা কেতেং আছে৷ মানুহখিনিক তেমেকাই
চিনি পোৱা নাই৷ সি কেতেঙক সুধিলে– “ক’ মানুহ এইবো’
?”

“ইয়াত কেবাখনো
গাঙ’ মানুহ আছে৷ মানুহবোএ এটা কথা গম পোৱাত ব’ দিগদা’ হৈছে৷ মই মানুহবোঅক বুজাইছং৷
যি হয় হ’ব এনেকুৱা পাপ কাম কঈবা নালাগে৷”

“কি কথা কচোন৷”

“আহ এইফালে আহ৷”

কেটেঙে
মানুহবোৰৰ পৰা তেমেকা আৰু কেৰ্পাইক আঁতৰাই নি ঘটনা এটাৰ কথা ক’লে৷ কেটেঙে যি ঘটনাৰ
কথা ক’লে সেইটো হ’ল– এটা মানুহৰ দল জংঘলৰ মাজত লুকাই আছিল৷ চিপাহী সিহঁতৰ কাষত
ঘূৰা-ফিৰা কৰা বুলি গম পাই মানুহবোৰে তাপ মাৰি আছিল৷ তেনেতে এটা কেঁচুৱাই জোৰেৰে
কান্দিবলৈ ধৰিলে৷ লগে লগে চিপাহীয়ে গম পালে সেইখিনি জংঘলত মানুহ থকা বুলি৷ চিপাহী
জংঘলৰ ভিতৰলৈ সোমাই আহিল আৰু দলটোত থকা বহু মানুহক ধৰিলে আৰু বহু গাভৰু-বোৱাৰীক
ধৰ্ষণ কৰিলে৷ বাধা দিবলৈ চেষ্টা কৰা দুজনমানক হেনো হত্যাও কৰি থৈ গ’ল৷ কথাটো
ইকাণে-সিকাণে আহি ইয়াতো পাইছেহি৷ কিছুমান ঠাইত হেনো মাকে গম নোপোৱাকৈ দলত থকা
মানুহে কেঁচুৱা মাৰি হাবিত পেলাই দিছে৷ এই দলটোতো কেইটামান কেঁচুৱা আছে৷ কেইজনমানে
কেঁচুৱাকেইটাক মাৰি পেলাব লাগে বুলি আলোচনা কৰিছে৷ নহ’লে বিপদ আহিব পাৰে বুলি
ভাবিছে৷ কথাটো জানি মাকবোৰ ভয়ত কঁপি আছে৷

কেটেঙৰ পৰা
কথাখিনি জানি তেমেকাৰ দুখ লাগিল৷ সি মানুহবোৰৰ মাজলৈ খোজ ল’লে৷ তাক দেখি তিৰোতা
মানুহকেইজনীমানে কান্দিবলৈ ধৰিলে৷ মানুহকেইজনী একেলগে বহি আছে৷ সি লক্ষ্য কৰি
দেখিলে তেওঁলোকৰ কোলাত একোটাকৈ কেঁচুৱা৷ তাক তেওঁলোকৰ ফালে যোৱা বাবে কেঁচুৱা
কাঢ়ি নি মাৰিব বুলি ভয় খাইছে৷ মানুহকেইজনীয়ে কেঁচুৱাবোৰ কাপোৰেৰে ঢাকি বুকুত
জোৰেৰে সাৱটি আছে৷ তেওঁলোকে ভয় খোৱা বুলি জানি তেমেকাই ক’লে– “ভয় খাবা নালাগে৷
আপোনালোক’ কেঁচুৱা’ একো নহয়৷”

তেমেকাই
মানুহবোৰক তাৰ কাষলৈ মাতিলে৷ সকলোবোৰ মানুহ তাৰ ওচৰ চাপি আহিল৷ সি মানুহবোৰক ক’বলৈ
ধৰিলে– “মই এটা কথা গম পাইছং৷ কেঁচুৱা’ বাবে এটা ডাঙ’ ঘটনা ঘটিছে৷ তা’পাছত
কিছুমানে কেঁচুৱা পআই বিপদ আহিব বুলি মাঈ পেলাইছে৷ ইয়াতো হেনো কোনোবা কোনোবাই
কেঁচুৱা মাঈবা লাগে বুলি কথা পাতিছে৷ আপোনালোকে এনেকুৱা পাপ কাম নকঈব৷ আপোনালোক
হাৱধানহে হক৷ পাঈলে আউ জংঘল’ ভিতঅলৈ যাওক৷ আউ মাকবোএ কেঁচুৱা কান্দিলে পিয়াহ খুৱাই
দিব
, নহ’লে মুখত কাপোঅ হোপা দি মাতটো বেচি ওলাব নিদিব৷ তেনেকুৱা কঈলেই
হ’ল৷ কিন্তু দেৱহিহুবোঅক হত্যা কঈ মহাপাপ নকঈব৷ বুজিছে না
?”

“বুজিছোঁ
বুজিছোঁ৷ আমি ইয়াত তেনেকুৱা কাম হ’ব নিদিওঁ৷– ৰাইজৰ মাজৰ পৰা বহুকেইজনে মাত দিলে৷

“মই কিন্তু কাকো
ক্ষমা নকৰিম৷”– এজন মানুহে খঙেৰে ক’লে৷ “মোৰ কেঁচুৱাক কোনোবাই মাৰিব খুজিলেই তাক
কাটি টুকুৰা-টুকুৰ কৰিম৷ ইমান ভয় কৰিছে যদি কেঁচুৱা নথকা পৰিয়ালকেইটা আমাৰ পৰা
আঁতৰি যাওক৷ কেঁচুৱা থকা পৰিয়ালকেইটা আিম একেলগে থাকিম৷”

“অ ঠিক কথা
কৈছে৷ কোনোবাই ভয় কৰিছে যদি আঁতৰি যাওক৷ আমি ভালেই পাম৷”– ৰাইজৰ মাজৰ পৰা
কেইবাজনেও মাত দিলে৷

তেমেকাই বুজিলে
এইকেইজন কেঁচুৱাবোৰৰ বাপেক আৰু পৰিয়ালৰ মানুহ৷ এই পৰিয়ালকেইটা এক হৈ পৰিছে৷ সি
ক’লে– “কেঁচুৱা থকা পৰিয়ালৰ মানুহে ঠিকেই কৈছে৷ কোনোবাই ভয় কৰিছে যদি আঁতৰি যাওক৷
তথাপি পাপ কাম নকৰিব৷”

তেমেকাই
মাতৃকেইজনীৰ ফালে চালে৷ মাতৃকেইগৰাকীৰ চকু-মুখ উজ্জ্বল হৈ পৰিছে৷ সি তেওঁলোকক
ক’লে– “আপোনালোকে ভয় কঈ নাথাকিব৷ আইজক মই বুজাইছং৷”

“অ বুজিছোঁ৷”–
মাতৃকেইগৰাকীৰ চকুত কৃতজ্ঞতাৰ দৃষ্টি৷

তেমেকাই ৰাইজলৈ
চাই পুনৰ ক’লে– “কঅবাত এটা ঘটনা ঘটিছে বুলিয়েই হকলোতে নঘটে৷ কপালত নাথাকিলে
কেঁচুৱা মাঈলেও হাঈব নোৱাঈব৷ আপোনালোক মাত্ৰ হাৱধান হওক৷ পাঈলে আউ অলপ জংঘল’
ভিতঅলৈ যাওক৷”

“ঠিকে কৈছে৷ আমি
জংঘলৰ আৰু ভিতৰলৈ গুচি যাম৷”

“ঠিকে আছে৷ আইজ
আমা দেঈ হৈছে৷ আিম এতিয়া গৈ থাকং৷”

তেমেকা আৰু
কেৰ্পায়ে ৰাইজৰ পৰা বিদায় লৈ খোজ ল’লে৷ এতিয়াও সিহঁতে ভালেখিনি বাট যাবলগা আছে৷
তেমেকাই এবাৰ বেলিটোলৈ চালে– বেলিটো পশ্চিম আকাশৰ মাজভাগ পাইছে৷ ডাঠ হাবিৰ বাবে
সিহঁতৰ আগ বঢ়াত অসুবিধা হৈছে৷ এতিয়াও সিহঁতে আগতে অহাযোৱা কৰা বাট পোৱা নাই৷

বেলি মাৰ যোৱাৰ
সময়ত সিহঁত কলং নদীৰ পাৰত উপস্থিত হ’ল৷ এইখিনিৰ পৰা সিহঁতৰ চিনাকি বাট৷ কিন্তু
সিহঁতে আগতে ব্যৱহাৰ কৰা বাটটোৰে নগৈ তাৰ কাষেৰে জংঘলৰ মাজেৰে আগ বাঢ়িল৷

আন্ধাৰ হোৱাৰ
লগে লগে তেমেকাই কেৰ্পাইক ক’লে– “এতিয়া আমি আমা’ বাটটোএ যাবা পাঈম৷ মই ধঈব পাঈছং
চিপাহী এইফালে নাই৷ থকাহেঁতেন ইমান হময়ে ঘূঈ আহিলেহেঁতেন৷ আতিলৈকে হিন্তে হাধাঅণতে
ভিতঅ ফালে নাথাকে৷ হিন্তক’ কোনোবাই আন্ধাঅ’ হুযোগ লৈ আক’মণ কঈব বুলি ভয় খায়৷
আন্ধাঅত আক’মণ কঈলে হিন্তে বিপদত পঈব৷ হেই বাবে আতি হিবিঅত হুমাই থাকে৷ ব’ল বাটত
উঠংগৈ৷”

দুয়ো আহি বাটটোত
উঠিল৷ কিছু সাৱধান হৈ আিহ আহি দুয়ো নিজৰ গাঁৱত উপস্থিত হ’ল৷

গাঁৱত উপস্থিত
হৈ তেমেকাই মন কৰিলে কাৰো ঘৰতে চাকি-বন্তী জ্বলা নাই৷ তাৰ গা চেবাবলৈ ধৰিলে–
সিহঁতৰ গাঁৱৰ মানুহবোৰেও গাঁও এৰি যোৱা নাইতো
? সি কেৰ্পাইক
ক’লে– “কি হ’ল ঐ/ কাউ ঘঅতে চাকি-বন্তী নাই৷ মানুহবো’ নাই নাকি
?”

“নাই যেনেই
পাইছং৷”

কেৰ্পাইহঁতৰ ঘৰ
পাই দুয়ো সোমাই গ’ল৷ ঘৰৰ কুকুৰটোৱে কেওমেও কৰি কেৰ্পাইৰ কাষ চাপিল৷ সি বহুদিনৰ
পাছত কেৰ্পাইক পাই বৰ আনন্দ পাইছে৷ সি জাঁপ মাৰি মাৰি কেৰ্পাইৰ গাত উঠিব খুজিছে৷
উপায় নাপাই কেৰ্পায়ে তাক সাৱটি ধৰি অলপ সময় মৰম কৰাৰ পাছতহে সি শান্ত হ’ল৷

কেৰ্পাইহঁতৰ
ঘৰখন নিমাওমাও৷ কেৰ্পায়ে কোনো নাই বুলি অনুভৱ কৰিও দুবাৰমান মাকক মাতি চালে৷ নাই
,
সি
কাৰোৰে সহাঁৰি নাপালে৷ সি ‘ম’ ঘঅ মানুহখিনি’ কি হ’ল অ’ বুলি চকুপানী টুকিবলৈ
ধৰিলে৷ তেমেকাই কেৰ্পাইক ক’লে– “নাকান্দিবি বুইছ
, ইয়া পআ আঁতঈ গৈ
যদি ভালে-কুশলে আছে ভালএ কথা৷ গাংখনত কোনো নাই৷ আমা’ ঘঅ মানুহো নাই চাগে’৷ ব’ল
আমা’ ঘঅলৈ যাং৷”

কেৰ্পাইৰ ঘৰখনৰ
দুৱাৰবোৰ মাৰি থোৱা আছে৷ তথাপি দুৱাৰ খুলি সি ঘৰৰ ভিতৰত এপাক মাৰি পুনৰ দুৱাৰ
মাৰিলে৷ তাৰপাছত সি ক’লে– “ব’ল এতিয়া তন্ত’ ঘঅলৈ যাং৷”

দুয়ো খোজ দি
বাটত উঠিল৷ কেৰ্পাইহঁতৰ কুকুৰটো সিহঁতৰ লগে লগে আিহ থাকিল৷

নিজৰ ঘৰত উঠি
তেমেকাই দেখিলে ঘৰখনত কোনো মানুহ নাই৷ এটাও মানুহ নাপাই তেমেকাৰ মনতো বৰ দুখ
লাগিল৷ কিন্তু কেৰ্পাইক নাকান্দিবলৈ বুজোৱা মানুহটোৱে বাৰু কান্দে কেনেকৈ
? তাৰ
চকুলো ওলাই আহিল৷ আন্ধাৰত নি(য় তাৰ কান্দোনমুৱা মুখখন আৰু চকুলো কেৰ্পায়ে দেখা
নাই৷ সি চকুলো মচি কেৰ্পাইক ক’লে– “কেপাই
, আমা গাঙ’ মানুহবো’ কোনোবা ফালে গুচি
গ’ল৷ ব’ বেয়া কথা হ’ল৷ কোনফালে বিচাঈ যাম৷ কোনে বা আমাক হিন্ত’ খব’ দিবা পাঈব৷”

“নাজানং৷ মই একো
নাজানং৷ আমা’ ইমান ধুনীয়া গাংখন নষ্ট হৈ গ’ল৷”

“হয় অ কেপাই৷
ইমান ধুনীয়া আমা’ গাংখনক এঈ গুচি যাবালাগা হ’ল৷”

তেমেকাই দুৱাৰ
খুলি আন্ধাৰতে কোঠাবোৰত সোমাই চালে৷ সি যেন ঘৰৰ ভিতৰত মাক-বাপেক
, ভায়েক-ভনীয়েকক
লগেই পাব৷ সি বাহিৰলৈ ওলাই আহি কেৰ্পাইক ক’লে– “ক’তো মানুহ নাই৷ সকলোবোৰ কঅবালৈ
গুচি গ’ল৷ বিপদ’ দিন৷ দুখ কঈ লাভ নাই৷ আিম কালি-পঅহিলৈ মানুহবোঅক বিচাঈ যাম৷ এতিয়া
জুই জ্বলোৱা ব্যৱস্থাহে ক’৷”

লগত জুই
জ্বলাবলৈ জুইশলা এটাও নাই৷ ঘৰৰ ভিতৰত আছে নে নাই চাবলৈকো পোহৰ নাই৷ কেৰ্পায়ে
বাঁহনিলৈ গৈ এডাল লেকেচি কাটি আনি তমাল তুলিলে৷ তেমেকাই এটুকুৰা বাঁহ ফালি এটা
ফুটা কৰিলে৷ কেৰ্পায়ে তাতে তমাল এডালেৰে ঘঁহি ঘঁহি জুই উলিয়ালে৷ শুকান খেৰ অলপ
তেমেকাই আিন থৈছিলেই৷ তমাল ঘঁহি উলিওৱা জুই খেৰত জ্বলোৱা হ’ল৷ তাৰ পাছত সেই জুই
কাঠখৰিত দিয়া হ’ল৷ কাঠখৰিখিনি দপদপকৈ জ্বলাৰ পাছত তেমেকাৰ জুইৰ চিন্তা আঁতৰ হ’ল৷
এটুকুৰা শুকান বাঁহ ফালি সি এটা জোঁৰ সাজিলে আৰু সেইটো জোঁৰ লৈ সি পাকঘৰৰ ভিতৰত
সোমাল৷

জোঁৰৰ পোহৰত
তেমেকাই দেখিলে পাকঘৰৰ প্ৰায় সকলোবোৰ বস্তুৱেই আছে৷ দুটা চৰু ধুই থোৱা আছে৷ কাঠৰ
থাল এখন আৰু হেতা এখনো আছে৷ এটা চৰুত সম্পূৰ্ণকৈ চাউল আছে আৰু নিমখ-জলকীয়াও অলপ
আছে৷ আদা-নহৰুও আছে৷ ধোঁৱাচাঙত ওলোমাই থোৱা খালৈটো নমাই আনি তেমেকাই চাই দেখিলে
শুকানমাছ ভালেমান আছে৷ জলকীয়াকেইটা কেঁচা হৈ থকা দেখি এদিনমান আগতেহে মানুহবোৰে
গাঁও এৰি যোৱা বুলি তেমেকাৰ ধাৰণা হ’ল৷ সি এটা জুইশলাও পালে৷ তাৰ বাবে এইটো বৰ
দৰকাৰী বস্তু৷ সি জুইশলাটোৰে এটা মাটিচাকি জ্বলালে আৰু ঘৰৰ বাহিৰলৈ ওলাই আহিল৷ সি
কেৰ্পাইক ক’লে– “পাকঘঅত চাউল-পাত আছে৷ আিম ভাত আন্ধি খাবা পাঈম৷ মই কিবাকে ঘ’ আহি
ওলাম বুলি ভাবি ভাত আন্ধি খাব পআকৈ বস্তু থৈ গৈছে যেন পাং৷”

“হ’বা পাএ৷ আমা’
ঘঅতো বস্তু বিচাঈলে পাম নি(য়৷”

“অ পাবি৷ এতিয়া
আমি ভাত আন্ধিবাকে লাগি যাং৷ দেঈ নকঅং৷ ভাগ’ও লাগিছে৷ ভাত খাম আউ হুই থাকিম৷”

তেমেকা আৰু
কেৰ্পাই ভাত ৰন্ধাৰ কামত লাগি গ’ল৷ তেমেকাই চৌকাত জুই ধৰিলে৷ তাৰপাছত নাদৰ পৰা
পানী তুলি আনি চৰুত ঢালি চাউল সিজোৱা কামত লাগিল৷ কেৰ্পায়ে বাৰীলৈ গৈ অলপ কলপাত
কাটি আনিলে আৰু ভাত খাব পৰাৰ জোখত কাটিলে৷

ভাত হোৱাৰ পাছতে
তেমেকাই খালৈটোৰ পৰা শুকান চেনাফলা শ’লমাছ উলিয়াই পুৰিবলৈ ধৰিলে৷ কেৰ্পাইক সি
ক’লে– “এই আতিখন বেলেগ একো নকঅং৷ নিমখ-জলকীয়া আছেই৷ শুকানমাছ পুঈছং৷ ইয়াএ ভাত খাই
হুই থাকিম৷”

“আজি ইয়াকে খাই
হুই থকাই ভাল৷ কালিলৈ বেলেগ ব্যৱস্থা কঈবা পাআ যাব৷”

“তই কলহ এটা ল৷
আউ নাদ’ পআ পানী আন৷”

কলহ এটা লৈ
কেৰ্পাই নাদৰ পৰা পানী আিনবলৈ গ’ল৷ সি পানী অনাৰ পাছতে তেমেকাই দুখন কলপাতত ভাত
বাঢ়িবলৈ ধৰিলে৷ কেৰ্পায়ে দুটা চুঙাত পানী ঢলাৰ পাছতে ভাতৰ পাতৰ একাষে নিমখ-জলকীয়া
আৰু পোৰামাছ লৈ দুয়ো ভাত খাবলৈ আৰম্ভ কৰিলে৷

ভাত খোৱাৰ পাছতে
তেমেকাই কেৰ্পাইহঁতৰ কুকুৰটোক ভাত দিলে৷ তাৰপাছত সি গোহালিটোলৈ গৈ দেখিলে সিহঁতৰ
গৰুকেইটা ঘাঁহ পাগুলি পাগুলি শুই আছে৷ এতিয়া সিহঁতৰ গৰাকী নাই৷ তথাপি সিহঁতে
অভ্যাস অনুসৰি নিজৰ গোহালিটোলৈ ঘূৰি আহি শুই আছে৷ সি গৰুকেইটাৰ গাত হাত ফুৰাই মৰম
কৰিলে৷ গোহালিটোৰ পৰা আহি মুৰ্গী গঁৰালটোলৈ চাই সি দেখিলে মুৰ্গীকেইটা গঁৰালটোৰ
ওপৰত উঠি আছে৷ তাৰ অনুমান হ’ল মানুহবোৰে গুচি যোৱাৰ সময়ত সকলোবোৰ পুহনীয়া
জীৱ-জন্তুকে মুকলি কৰি থৈ গৈছে৷

ৰাতি ভালেখিনি
হ’ল৷

তেমেকা আৰু
কেৰ্পায়ে একেখন ঢাৰিতে শুই থাকিল৷

গাঁৱৰ মানুহবোৰৰ
কথা চিন্তা কৰি কৰি এটা সময়ত দুয়ো টোপনি গ’ল৷

মাজৰাতি মানুহৰ
মাত শুনি তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সি কাণ উনাই ৰ’ল৷ দুটামান মানুহে নিচিন্ত
মনেৰে কথা পাতিছে৷ মাতকেইটা কেৰ্পাইৰ চিনাকি যেন লাগিল৷ হয় হয়
, এইকেইটা
গাঁৱৰে মদন
, গুপেশ্বৰ আৰু হাবাঙৰ মাত৷ ঘৰখনত কোনো মানুহ নাই
বুলি ভাবি হয়তো সিহঁতে নিচিন্তভাৱে কথাবোৰ কৈছে৷ সিহঁতৰ কথাৰ পৰা তেমেকাই ধৰিব
পাৰিলে সিহঁতে ধান চুৰ কৰি নিবলৈ আহিছে৷

মদনে কৈছে–
“ইন্তে বহুত ধান পায়৷ এই হুযোগতে আমি অলপ অলপ ধান ঘঅত নি থ’বা লাগিব৷”

“ঠিকেই৷”–
হাবাঙে উত্তৰ দিছে৷ “আমি ভাত খাবা নাপাং৷ কিন্তু ইন্তে গ’টেই বছ’ আআমেএ ভাত খাবা
পায়৷ ব’ল ভআলত উঠ৷”

ভঁৰাল ঘৰটোৰ
দুৱাৰ খোলাৰ শব্দ শুনা গ’ল৷ তেমেকাই কেৰ্পাইক হেঁচুকি টোপনিৰ পৰা উঠালে৷ সি
ফুচফুচাই কেৰ্পাইক ক’লে– “আমা’ ইয়া কানিয়াকেইটাই ধান চু’ কঈবা আহিছে৷”

“ব’ল ধঅংগৈ৷”

“ধঈম, অলপ
হময় অচোন৷”

ভাহি অহা শব্দৰ
পৰা এজনে পাচিৰে ধান নমাই দিয়া আৰু আন দুজনে ধান বস্তাত ভৰোৱা বুলি তেমেকাই অনুমান
কৰিলে৷ তেমেকাই কেৰ্পাইক উঠিবলৈ হাতেৰে ইংগিত দি দুৱাৰখন লাহেকৈ খুলি আহি ভঁৰাল
ঘৰৰ মুখত থিয় দিলে৷ তেমেকাই মাত দিলে– “মদন দাদা
, হাবাং দাদা আউ
গুপেশ্ব’ কাকা/ আহ ভঁআল ঘঅ পআ ওলাই আহ৷ পলাবলৈ খুজিলে কাটিম৷”

তিনিওজনক নাম দি
মতাত সিহঁত একে ঠাইতে থৰ লাগিল৷ তেমেকাৰ কথাত সিহঁত ভয় খালে আৰু চোতাললৈ আহি
তেমেকাৰ সন্মুখত হাজিৰ হ’ল৷ তেমেকাই পুনৰ ক’বলৈ ধৰিলে– “আমি বছ’টো কাউ ওচঅত হাত
নাপাতাকে ভাত খাবা পাঅং বাবে হিংখা লাগিছে না
? তন্তেনো কিয়া
খাবা নাপাৱ এবা’ ভাবি চাইছ’ না
? কিয়া খাবা নাপাৱ? তন্তে
হদায় কানি খাৱ
, খেতি-বাতি ভালদএ নকঅ৷ খেতি-বাতি ভালদএ নকঈলে
কেনেকে খাবা পাবি
?”

মদন, গুপেশ্বৰ
আৰু হাবাঙে একো নকৈ তলমূৰকৈ থাকিল৷ তেমেকাই সিহঁতক সুধিলে– “এনেকুৱা কাম পিছলৈ
কঈবি নাকি
?”

“নকঅং বাপু৷”–
তিনিওটাই মাত দিলে৷ “ঘঅত চাউল নাছিল বাবেহে চু’ কঈবা আিহছিলং৷ নহ’লে নাহং৷”

“ঘঅত চাউল নাই?
ঘঅ
মানুহবো’ ক’ত গ’ল
?”

“ক’ত গ’ল,
গমেই
নাপালং৷ আিম জংঘল’ মাজত কানি খাই থাকংতে গাঙ’ মানুহ’ লগতে কোনফালে গ’ল ক’বাই
নোৱাঈলং৷”

“মানুহবো’
কেতিয়া গ’ল
?”

“পঅহি দিনা
গৈছে৷”

“আউ তন্তে বিচাঈ
নগৈ ইয়াতে থাকি ধান চুঈ কঈ ফুঈছ৷ কালিলৈ মই তন্ত ঘঅলৈ গৈ চাম ধান আছে না নাই৷
এতিয়া যাগৈ৷”

মদনহঁতে হয়তো বৰ
ভাল পালে৷ সি যাবলৈ দিয়াৰ লগে লগে সিহঁত সুৰসুৰকৈ গুচি গ’ল৷

তেমেকাই ভঁৰালৰ
দুৱাৰ মাৰি ভালদৰে বান্ধিলে যাতে খুলিব নোৱাৰে৷ এই বান্ধ কাটিহে খুলিব লাগিব৷

তেমেকাই
কেৰ্পাইক ক’লে– “দেখিলি না
? কেনেকে চু’ কঈবা আহিছে? ইন্তে
দিনত জংঘল’ মাজ’ কানিখেতিত
, নহ’লে কোনোবা ঠাইত বহি কানি খাই
থাকেগৈ৷ আতি গাঙ’লৈ আহি ধান-চাউল
, বস্তু-বাহানি চু’ কএ৷ ভাত খাবা নাপাই
চু’ কঈবলৈ আহা বুলি কৈছে৷ কালিলৈ গৈ চামগৈ হিন্ত’ ঘঅত ধান আছে না নাই৷ ইয়া পআ গুচি
যোৱা কথাটো চাগে’ গাঙ’ মানুহে আলচ কঈছিল৷ ইন্তে গমেই নাপালে৷ ঘঅ মানুহখিনিয়েও এঈ
থৈ গ’ল৷ না চব জানিও ইন্তে চু’ কঈবা মনেএ থাকি গ’ল নাকি
? এনেও এইকেইটা
আগএ পআ চোএই৷ আগতেও ইন্তে চু’ কএ বুলি মই ধঈবা পাঈছিলং৷”

“হ’বা পাএ৷ এই
কানিয়াবোঅ কথা ধঈব নোৱাঈ৷ ইন্তে চু’ কআ ধান বেচি কানি কিনা’ ধান্দাও কঈবা পাএ৷
কালি গৈ চামগৈচোন ইন্তে হঁচা কৈছে না মিছা কৈছে৷”

কথা সামৰি
তেমেকাহঁত ঘৰৰ ভিতৰলৈ আিহল আৰু পুনৰ বিছনাত শুই পৰিল৷

ৰাতিপুৱা শুই
উঠি তেমেকাই মুখ-হাত ধুই চাহপাতৰ চুঙাটোত চাহপাত আছে নে নাই চালে৷ অলপমান চাহপাত
থকা দেখি তাৰে অলপ লৈ চাহ কৰি সি কেৰ্পাইক বাৰাণ্ডালৈ মাতিলে আৰু তাতে বহি চাহ
খাবলৈ ধৰিলে৷ তেমেকাই ক’লে– “চাহ খাই এই কানিয়াকেইটা’ ঘঅলৈ যাম৷”

“অ চাই আহিমগৈ
হিন্ত ঘঅত ধান আছে না নাই৷”

চাহ খাই উঠি
তেমেকা আৰু কেৰ্পাই মদনৰ ঘৰলৈ খোজ ল’লে৷ সিহঁতে তাৰ ঘৰ পাই দেখে দুৱাৰবোৰ মৰা আছে৷
তেমেকাই মাত দিয়াতো মানুহটোৰ মাত নাপালে৷ সি চাগে’ ঘৰত নাই৷ আজি তাৰ ঘৰত ধান আছে
নে নাই সিহঁতে চাবলৈ আিহব বুলি জানিয়েই সি ৰাতিপুৱাই ঘৰ এৰি ক’ৰবালৈ গৈছে বুলি
তেমেকাৰ অনুমান হ’ল৷ তাৰ মনত সন্দেহ জাগিল মদনৰ ঘৰত ধান থাকিব পাৰে বুলি৷ সি
কেৰ্পাইৰ লগত দুৱাৰ খুলি ঘৰৰ ভিতৰত সোমাল৷ সিহঁতে দেখিলে এটা কোঠাত ভালেখিনি ধান
গোটাই থোৱা আছে৷ ধানবোৰ সানমিহলি৷ সানমিহলি ধান যেতিয়া এইবোৰ চুৰ কৰা ধানেই হ’ব৷
চুৰ কৰিবলৈকে ইহঁতে গাঁৱৰ মানুহবোৰৰ লগত যোৱা নাই৷

তেমেকাহঁতে
গুপেশ্বৰ আৰু হাবাঙৰ ঘৰলৈকো গৈ চালে৷ সিহঁতৰ ঘৰতো চুৰ কৰা ধান জমা কৰি থোৱা
তেমেকাহঁতে দেখিলে৷ তেমেকাই এইবাৰ ক’লে– “আমা গাঙত আউ দুটা ঘো’ কানিয়া আছে৷ হেই
দুটা’ ঘঅতো চাংগৈ ব’লচোন৷’

দুয়ো সেই দুটা
কানিয়াৰ ঘৰত ওলালগৈ৷ এই দুটা কানিয়াও ঘৰত নাই৷ সিহঁতৰ ঘৰত সোমাই তেমেকাহঁতে একে
দৃশ্যই দেখিলে৷ তেমেকাই ধৰিব পাৰিলে– তাৰমানে এই দুটা কানিয়াও গাঁৱৰ মানুহৰ লগত
 যোৱা
নাই৷ ইহঁতে নি(য় আলোচনা কৰিয়েই চুৰ কৰিবলৈকে ইয়াত ৰৈ গৈছে৷ এতিয়া দুভাগ হৈ গাঁৱৰ
মানুহৰ ঘৰে ঘৰে গৈ ধান চুৰ কৰিবলৈ লৈছে৷ কোনোবাই যদি কাহৰ বাচন-বৰ্তন এৰি গৈছে
তাকো ইহঁতে নি ক’ৰবাত লুকুৱাই থৈছেগৈ চাগে’৷

তেমেকা আৰু
কেৰ্পাই উভতি খোজ ল’লে৷ সিহঁতৰ ভোকো লাগিছে৷ তিনিসাঁজ ভাত খোৱা তেমেকাহঁতৰ
ৰাতিপুৱাৰ সাঁজটো দেৰিয়েই হৈছে৷ ঘৰ আহি পায়েই তেমেকাহঁত ভাত ৰন্ধাৰ কামত ব্যস্ত হৈ
পৰিল৷ কেৰ্পায়ে বাৰীত সোমাই বেঙেনা কেইটামান আৰু ভোল কেইটামান লৈ আনিলে৷ তেমেকাই
ভোলৰ লগত শুকানমাছ দি সৰহকৈ এখন তৰকাৰি ৰান্ধিলে যাতে ৰাতিও ইয়াৰে ভাত খাব পাৰি৷
কেৰ্পায়ে বেঙেনা পুৰি পিটিকা কৰিলে৷ তাৰ পাছতে দুয়ো ভাত খাবলৈ বহিল৷ ভাত খাই খাই
তেমেকাই কেৰ্পাইক ক’লে– “ভাগ্য ভাল
, আমি আহা আগতে আমা’ ঘঅত চু’ নহ’ল৷ নহ’লে
একো বস্তুয়েই নাথাকিলেহেঁতেন৷”

“হয় দেই,
এফালে
চিপাহী অত্যাচা’ আনফালে চোঅ উৎপাত৷ জগতখন হেখ হ’ল৷ ধঅম-মঅম বোলা বস্তুবো’ নাইকিয়া
হ’ল৷”

ভাত খাই উঠিয়েই
তেমেকাই কেৰ্পাইক বাৰীলৈ যাবলৈ বুলি লগ ধৰিলে৷ বাৰীত সোমাই দুয়ো কাঠ আলু খান্দিবলৈ
লাগি গ’ল৷ দুডাল লতাৰ পৰা দয়ো দুটা ডাঙৰ ডাঙৰ কাঠ আলু খান্দি উলিয়ালে৷ তেমেকাই
ক’লে– “দুপঈয়ালৈ ইয়াকে উহোৱাই খাম৷ ভাত নাআন্ধং৷”

“হ’ব, ইয়াকে
খালেই হ’ল৷”

বাৰীখনত কাঠআলু
ভালেখিনি আছে৷ তেমেকাই চিন্তা কৰিলে চাউল কম আছে যেতিয়া দুপৰীয়া ইয়াকে খাই থকাই
ভাল৷ কাঠ আলু দুটা নাদৰ পাৰলৈ আনি ভালদৰে ধুই ঘৰৰ ভিতৰত থোৱাৰ পাছতে কেৰ্পায়ে
ক’লে– “আমা’ ঘঅতো চাউল আউ শুকান মাছ থাকিবা পাএ৷ ব’লচোন চাংগৈ৷”

কেৰ্পাইৰ পিছে
পিছে গৈ তেমেকা তাৰ ঘৰত ওলাল৷ দুয়ো পাকঘৰত সোমাই দেখিলে চাউল অলপো নাই৷ পাকঘৰটোত
বস্তু-বাহানি নায়েই বুলিব পাৰি৷ চব বস্তু লুটি নিয়া হৈছে৷ কেৰ্পায়ে খঙৰে ক’লে– “এই
কানিয়াকেইটাই চব বস্তু লৈ গৈছে৷ আমি হিন্ত’ ঘঅ পআ বস্তুবো’ আনিবা লাগিব৷ ব’ল
এতিয়াই কানিয়াকেইটা’ ঘঅলৈ যাং৷ হেইবো’ আমাহে বস্তু৷ হিন্তে দিনত নাথাকে৷ আতি আহে৷
আমি এতিয়া ইয়াত থাকা বুলি জানি আতিও নাহিব৷ হিন্তক চাই থাকিলে নহ’ব৷ হিন্তে নিব
,
আমি
চাই থাকিম নাকি
? ব’ল হিন্ত’ ঘঅ পআ বেলেগ নহ’লেও চাউল আনংগৈ৷”

তেমেকাই ভাবিলে–
কেৰ্পায়ে ঠিকেই কৈছে৷

দুয়ো গুপেশ্বৰৰ
ঘৰলৈ খোজ ল’লে৷

গুপেশ্বৰৰ ঘৰত
সোমাই সিহঁতে দেখিলে তাৰ চাউল ৰখা দুটা ডাঙৰ কলহ পূৰ হৈ আছে৷ ৰাতি সি কোৱা মতে যদি
খাবলৈ নাপায়হে চুৰ কৰিব লৈছে তেন্তে এইবোৰ চাউল ক’ৰ পৰা আিহল
? এটা
কলহৰ চাউল এখন কাপোৰত টোপোলা কৰি কেৰ্পায়ে ক’লে– “ব’ল
, এইখিনি তন্ত ঘঅত
থৈ মদন’ ঘঅলৈ আহিম৷ তা ঘঅতো চাউল পাম৷”

গুপেশ্বৰৰ ঘৰৰ
পৰা আহি তেমেকাৰ ঘৰত চাউলখিনি থৈয়েই কেৰ্পায়ে ক’লে– “ব’ল
, মদনৰ ঘঅলৈ৷”

তেমেকাতকৈ জোৰে
খোজ দি কেৰ্পাই আগ বাঢ়ি গ’ল৷ কেৰ্পাইৰ খোজতে ধৰিব পাৰি তাৰ বৰ বেয়াকৈ খং উঠিছে৷
দুয়ো মদনৰ ঘৰত উপস্থিত হ’ল৷ তাৰ পাকঘৰলৈ গৈ দেখিলে চাউল উভৈনদী হৈ আছে৷ কেৰ্পায়ে
একলহ চাউল কাপোৰত বান্ধি কান্ধত লৈ তেমেকাক ক’লে– “ব’ল
, ইয়া’ পাছত
হাবাঙ’ ঘঅলৈ যাম৷”

তেমেকাই আপত্তি
কৰিলে– “হৈছে আউ৷ ইমান চাউল গোটাই কি কঈম
? আমি দুটাই কিমাননো খাম৷ আমা’ ঘঅতো চাউল
আছে৷ তাতে কেইদিননো ইয়াত থাকিম
? হ’ব দে এইখিনি ল৷ আউ নালাগে৷”

চাউলখিনি লৈ
তেমেকাহঁত ঘৰ পালেহি৷

তেমেকাই কাঠআলু
এটাৰ বাকলি গুচাই টুকুৰা-টুকুৰ কৰি উহোৱাবলৈ ধৰিলে৷ দুপৰীয়া ইয়াকে খাবলৈ ঠিক কৰা
হৈছে৷

উহোৱা কাঠআলু
খাই খাই তেমেকা আৰু কেৰ্পায়ে কথা পাতিবলৈ ধৰিলে৷ তেমেকাই কেৰ্পাইক সুধিলে– “আমা’
এই কানিয়াকেইটাই আইজ’ মেলত গৈছিল না
?”

“প্ৰথমদিনা মই
মেলত দেখিছিলং৷ তা’পাছত গৈছিল না নাই নাজানং৷”

“কানিখেতি কঈবা
পোৱা আখাত গৈছিল চাগে’৷ হয়তো তাকো এদিন গৈয়ে এলাহতে বাদ দিলে৷ আনফাল’ বহুত
কানিয়াকো মেললৈ আহা দেখিছিলং৷ দূৰত বহি কানি খাই থাকা দেখিয়েই ধঈব পাঈ৷ কিন্তু
হেখ’ দিনা ইমান কানিয়া দেখা নাছিলং৷ হিন্ত’ চাগে’ এলাহ লাগিল৷”

“তেনেকুৱাই হ’ব৷
কানিৰ খলাত বহিলে এইবো’ মানুহে চব পাহঈ যায়৷”

হাতৰ আলু খাই
শেষ নহওঁতেই তেমেকাহঁতে নাতিদূৰত ঘোঁৰাৰ খোজৰ শব্দ শুনিলে৷ সিহঁতে ধৰিব পাৰিলে এয়া
চিপাহী আহিছে৷ তেমেকাই লগে লগে ঘৰৰ দুৱাৰ বন্ধ কৰি কেৰ্পাইক ক’লে– “চিপাহী আহিছে৷
ব’ল বাৰীৰ ভিতৰলৈ৷”

সিহঁত খাই থকা
আলু হাতত লৈয়েই বাৰীত সোমাল৷ তাৰপাছত বাৰীৰ পাছফালৰে গৈ জাৰণিত সোমালগৈ৷ এই জাৰণিৰ
মাজেৰে গৈ গভীৰ জংঘলৰ মাজত সোমাই পৰিব পাৰি৷ জাৰণিৰ মাজৰ পৰা সিহঁতে চিপাহীবোৰক
লক্ষ্য কৰি থাকিল৷ চিপাহীবোৰে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে প্ৰৱেশ কৰি দুৱাৰ খুলি
ভিতৰত সোমাইছে৷ তাৰপাছত বাটত লগ হৈ কথা পাতিছে৷ কেৰ্পায়ে তেমেকাক ফুচফুচাই সুধিলে–
“মানুহ নোহোৱা ঘঅত হোমাই ইন্তে কি বিচাঈছে
?”

“গাংখনত মানুহ
নাই বুলি ইন্তে ধঈবা পাঈছে৷ কিন্তু কাউবা’ ঘঅত কিবা মূল্যৱান বস্তু পায় নেকি বুলি
ঘএ ঘএ হোমাই বিচাঈছে৷ ইন্তে এইফালে আহিল যেতিয়া মানুহ নাপালেও ধন-টকা-পইচা পায়
নাকি তাকে চাইছে৷”

“তা’মানে ইন্তেও
চুঈ-ডকাইতি কএ৷”

“অ কএ৷”

চিপাহীবোৰ এটা
সময়ত গুচি গ’ল৷

তেমেকাহঁত
জাৰণিৰ মাজৰ পৰা ওলাই নাহিল৷ তেমেকাৰ মনত সন্দেহ জাগিল ঠিক নাই চিপাহীবোৰ পুনৰ
ঘূৰি আহিব পাৰে৷ সিহঁতৰ ঘৰত চৰুত ৰাতিপুৱা ৰন্ধা ভাত-তৰকাৰি আছে৷ যদিহে সেইবোৰ
দেখিছে তেন্তে মানুহ ওচৰে-পাজৰে থকা বুলি সন্দেহ কৰিব পাৰে৷ সি কেৰ্পাইক ক’লে–
“কিছু হময় ইয়াতে বহি থাক৷ ক’ব নোৱাঈ৷ চিপাহী আক’ আিহবা পাএ৷”

দুয়ো মনে মনে
বহি থাকিল৷

কেৰ্পায়ে হঠাতে
তেমেকাক সুধিলে– “আমা’ ইয়া’ পআ যোৱা হৈনিকবোঅ’ কাউবা’ কিবা হৈছে নাকি
?”

“কাউবা’ কিবা
হোৱা বুলি হুনা নাই৷ মই যুদ্ধ হময়ত বলোআম আউ বাপুকণক লগ পাহি
×ছলং৷
হিন্তক হুধিছিলং৷ হিন্তেও একো গম নোপোৱা বুলি ক’লে৷ আমা’ গাঙ’ পআ আইজ মেললৈ
যোৱাকেইজন’ও একো হোৱা নাই বুলি খব’ পাইছং৷ ফুটুকীক ধঈ নিবা খোজাটোঅহে বাহুত গুলী
লাগিছে বুলি হুনিছিলং৷”

“গঐমাঈ’ হেই
গেলাই বোলাটো
?”

“অ তা’ কথাহে
হুনিছং৷ আমা’কেইটা’ একো হোৱা নাই চাগে’৷”

বহু সময় পাৰ
হ’ল৷ বেলি দিগন্তৰ কাষ চাপি গৈছে৷ তেমেকাই ক’লে– “গধূলি হ’বলৈ বেচি হময় নাই৷
চিপাহী আউ নাহে৷ আহিলে ইমান হময়ে আিহলেইহেঁতেন৷ ব’ল আঁহতজোপা’ তললৈ৷ হিন্তে
গাঁওখনত কোনো মানুহ নাই বুলিহে জানি গৈছে বুলি ম’ মনে কয়৷ পাছত জংঘল’ মাজলৈ গৈহে
হিন্তে মানুহ বিচাঈব৷”

“ময়ো তেনেকাই
ভাবিছং৷”

তেমেকা আৰু
কেৰ্পাই দুয়ো বিহুমৰা আঁহতজোপাৰ তলত বহিল৷ তেমেকাই মাত দিলে– “আমা’ গাংখন দেখিলেই
ম’ ব’ বেয়া লাগা হ’ল৷ ইয়াতে যে আমি কিমান ফূতি নকঈছিলং/ আমি কাম কঈ কঈয়েই ফূতি
কঈছিলং৷ খেতি’ আঅম্ভণিতে ফূতি
, নাঙল উঠিলে ফূতি, পথম
ধান উলে ফূতি
, নআ ছিঙিলে ফূতি, মঅণা মাআ হেখ
হ’লে ফূতি৷ কিমান যে ফূতি/ আমি এইবো’ কামত হকলোৱে গোট খাই ফূতি কঈছিলং৷ তা’পাছতো
আছে মাঘ বিহু
, ব’হাগ বিহু, কাতি বিহু,
ঘএ
ঘএ নখোৱা৷ আউ যে ক’ত কি/ এইবোঅত কম আনন্দ কঈছিলং না৷ মাছ মাঈবা গৈ
, পহু-গাহঈ
চিকা’ কঈবা গৈ কিমান যে ফূতি নকঈছিলং/ এই আিহন-কাতি মাহত আমি গোটেই গাঙ’ মানুহে
জাল লৈ পহু-গাহঈ চিকা’ কঈছিলং৷ হেইবো’ এতিয়া গাংখনত নাই৷ নিজ’ মঅম’ গাংখন এঈ এিতয়া
আমি পলাই ফুঈবা লাগা হৈছে৷ গাংখন নিমাওমাও
, মঈহালি হ’ল৷”

“হয় দেই ব’ দুখ
লাগা কথা৷ এই আঁহতজোপা’ তলতে আমি কিমান বিহু মাঈছিলং/ এইখিনিতে কাঠ মেজি হাজিছিলং৷
কাঠমেজি’ চাঈওফালে ঢোল বজাই কিমান নাচিছিলং/”

“হয় অ কেপাই×,
ক’
পআ যে কি হৈ গ’ল/ হেইখন পথাঅতে আমি ডেকা-গাভউবোএ ধোপ খেলিছিলং
, পলাহজোপা’
তলতে হৈছিল কুকুআ যঁুজ
, কণী যঁুজ৷ আমি মাজে মাজে পথাঅত গউকো
যঁুজাইছিলং৷ এনেখন গাঙক এঈ যাবালাগা হ’ল৷ কিমান দুখ’ কথা/”

দুয়ো গাঁৱৰ
পুৰণি কথাবোৰ মনত পেলাই দুখ মনেৰে কিছু সময় মনে মনে ৰ’ল৷ হঠাতে তেমেকাৰ মনলৈ গাঁৱৰ
মানুহখিনিক বিচাৰি যোৱাৰ কথাটো আহিলত সি ক’লে– “আমি মানুহবোঅক বিচাঈ যাবা লাগিব৷
ক’ত কেনেকে আছে চাই আহিবা লাগিব৷ কালিলৈ আিতপুৱাই যাম৷”

“কিন্তু কোনফালে
বিচাঈ যাবি
?”

“এই
কানিয়াকেইটাই অলপ হ’লেও জানিব৷ হিন্তক বিচাঈ হুধিবা লাগিব৷ হংকালে ব’ল৷ বেলি মা’
যাব এতিয়া৷ হিন্তক আজিয়েই হুধিবা লাগিব৷ তেতিয়াহে কালিলৈ যাবা পাঈম৷”

দুয়ো বহাৰ পৰা
উঠি মদনৰ কানিখেতিলৈ বুলি প্ৰায় দৌৰি যোৱাৰ দৰে যাবলৈ ধৰিলে৷

                                                                                                                                        (আগলৈ)