অংগনা ভট্টাচাৰ্য্য

 

“মৌ-মেল” 

স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ
পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট পোৱালৈকে কানৈৰ মুখখন
ওফন্দিয়েই থাকিল৷ মই হাতৰ কিলাকুটিৰে তাইৰ গাত হেঁচুকি দি সুধিলোঁ–

“কি হ’লনো তোৰ কানৈ? মুখখন ফুলাই আছ যে?”

“শ্যাম পেহীৰ কাৰণেহে মই আজি ধৰা পৰিলোঁ!”

মোৰ ফালে নোচোৱাকৈয়ে কথাষাৰ কৈ তাই গপগপাই গৈ থাকিল৷ 

কানৈৰ উৎপাতবোৰ যে শেষ নহ’ল!  তাই আজিও বৰ বেয়া কাম এটা কৰিলে৷ পেটৰ অসুখ বুলি
মিছা মাতি তাই আজিও সোনকালে ঘৰলৈ উভতি আহিল৷ ইমানদিনে ছাৰহঁতেও তাইৰ নাটকক সঁচা বুলিয়ে ভাবি আছিল৷ স্কুলত মিছা মাতি কানৈয়ে সোনকালে ঘৰলৈ আহি স্কুলত নাম লিখি নিদিয়া ভাইটিহঁতৰ
সৈতে খেলি আছিল৷ শ্যাম পেহীয়ে কেনেবাকৈ কথাটো গম পাই তাইক হাতত ধৰি টানি নি স্কুলত
থৈ গ’লহি৷ ছাৰসকলকো তাইৰ বদমাচিৰ কথাটো কৈ গ’ল৷ পেহীৰ কথা শুনি কানৈক গণিতৰ ছাৰে দুকোব
দিলে৷ তাই ভুল নকৰা নহয়৷ পিছে ছাৰে তাইক পিটা বাবে মোৰ বৰ বেয়া লাগিল৷

কানৈয়ে মুখ ফুলাই পুনৰ মোক ক’লে–

“যি হ’ল সকলো পেহীৰ বাবেই হ’ল৷ পেহীনো নিজৰ ঘৰলৈ গুচি
নাযায় কিয়?”

কানৈৰ কথা শুনি মই সামান্য আচৰিত হ’লোঁ৷ তাইক সুধিলোঁ
মই –

“কিয়? এইখনেই পেহীৰ নিজৰ ঘৰ নহয় নেকি কিবা?”

“সেন্দূৰৰ ফোঁট লোৱা তিৰোতাই মাকৰ ঘৰত থাকে নেকি? আমাৰ
মাহঁতক দেখা নাই? সেন্দূৰ লয় বাবেই নিজৰ ঘৰ এৰি আহিছে৷ কেতিয়াবাহে আমি মামাহঁতৰ ঘৰলৈ
যাওঁ৷”

কানৈৰ কথা শুনি মই বহুপৰ ভেবা লাগি ৰ’লোঁ৷ ঘৰ পায়েই
বেগখন নমাই থৈ মাক সুধিলোঁ –
 

“মা, পেহীৰ যদি বিয়া হৈছে, আমাৰ ঘৰত কিয় থাকে? তই দেখোন
মামাহঁতৰ ঘৰত নাথাক?”

কিয় জানো প্ৰথম বাৰলৈ মাৰ মুখখন সিদিনা মোৰ অচিনাকি যেন
লাগিল৷
 

“ল’ৰালিৰ মৌচেপা মাত।” 

কিছু বছৰৰ আগলৈকে শ্যাম পেহীৰ হাতত ধৰি মই নামঘৰলৈ গৈছিলোঁ৷
পেহীৰ সিখন হাতত ধৰিছিল কানৈয়ে৷ আৰু তেওঁৰ পিছে-পিছে আমাৰ ঘৰৰ ডাঙৰ ছোৱালী কেইজনী গৈছিল৷
যিদিনা নামঘৰত লাড়ু দিয়াৰ কথা আছিল অথবা কোনোবাই জেলেপিৰে সৈতে চাহ খুৱাইছিল, সিদিনাহে
বাইদেউহঁত নামঘৰলৈ গৈছিল৷ প্ৰসাদ বিলোৱাৰ সময়ত প্ৰায়েই আয়তী দুগৰাকীমানে আপত্তি কৰিছিল

“গোটেই লাড়ুবোৰ দেখোন এখন ঘৰলৈকে যায়! শ্যামে জানি-বুজিয়েই
সদায় এইখন কৰে! হ’ল বুলি এখন ঘৰৰ পৰাই ন-দহজন মানুহ আহেনে?”

আয়তীসকলৰ গুণগুণনিবোৰ প্ৰায়েই শ্যাম পেহীয়ে নুশুনাকৈ
থাকে৷ কিন্তু কোনোবাদিনা শুনিলেই কঁকালৰ খোচনিত চাদৰৰ আঁচলটো খুচি লৈ উচাৎ মাৰি উঠে

“হেৰৌ, গোঁসাইৰ ঘৰলৈও তহঁতক সুধি আহিম নেকি? নেদেখা
ঈচৰে দিওঁ বুলিয়েই ঘৰখন পো-পোৱালিৰে উপচাই দিছে৷ সেই বুলিয়েই সকলোৰে ঈৰ্ষা! নহয়নে তপনৰ
মাক? পিছে নামঘৰৰ বছৰেকীয়া ভাওনা-সবাহৰ বাবে আমাৰ ঘৰখনৰ পৰাই চবতকৈ বেছি টকা-সিকি আহে৷
মনত ৰাখিবি৷”
 

আয়তীসকলেও মুখ বন্ধ কৰে৷ মই আৰু কানৈয়ে একো তত ধৰিব
নোৱাৰি কেঁচাকৈ বন্ধা লাড়ুবোৰ চুপি থাকোঁ৷ বাইদেউহঁতে লাজতে ৰঙা পৰে৷ ঘৰলৈ উভতি আহোঁতে
পেহীক সিহঁতে খং কৰি কয় –

“তোৰ কাৰণেহে পেহী, আমি মানুহৰ কথা শুনিব লাগে৷ আমিতো আহিবলৈ
মনেই নকৰোঁ৷ তইহে জোৰ কৰি লৈ আহ? আজিৰ পৰা কেতিয়াও নাহোঁ কিন্তু যাঃ৷ কৈ দিছোঁ৷”

পেহীয়ে জোৰকৈ মোৰ হাতখনত টিপা মাৰি ধৰে৷ খং উঠে সিহঁতলৈ৷
আৰু টিপা মাৰে মোক৷

সিহঁতলৈ নোচোৱাকৈয়ে পেহীয়ে গালি পাৰে – 

“ধুনপেচ মাৰি যে নামঘৰলৈ আহ, নাম এটাত সুৰ লগাব জাননে?
একোটোৱোই নাজান৷ ঠিক আছে৷ কাইলৈৰ পৰা তহঁত নামলৈ নাহিবি৷ কিন্তু নামঘৰৰ পৰা ঘৰ পালেই মোৰ
ৰুমালৰ পৰা পকা কল আৰু লাড়ু বিচাৰিবলৈ নাহিবি৷ ময়ো কৈ দিছোঁ৷ তহঁত ডাঙৰ হৈছ৷ গাইপতি
চাৰিটাকৈ লাড়ু দিয়ে বুলিহে টানি-চুঁচি লৈ আহোঁ৷ ইহঁত দুটাক দিয়ে মাত্ৰ দুটাকৈ৷ ঘৰত
দেখোন এচিকুটকৈ ভগাবলৈও নোযোৰে!”
 

আমি আটাইকেইজনী চুপ-চাপ হৈ ঘৰলৈ আহি থাকোঁ৷ কাৰোবাৰ
ঘৰৰ পৰা লুচি ভজাৰ সুগন্ধি এটা বিয়পি পৰে৷ সেই সুগন্ধিয়ে যেন আমাৰ বাটটোত হাতলেম্প
এটাৰ দৰে পোহৰ দিব খোজে৷ বাটটোৰ কাষতে চপাই থোৱা অম্বৰহঁতৰ গৰুগাড়ীখনৰ কাষেদি পাৰ হৈ
কানৈ আৰু মই হেডছাৰে মুখস্থ কৰিবলৈ দিয়া পূৰণৰ ভাগকেইটামান আওঁৰাবলৈ ধৰোঁ৷
 

কথাবোৰ মনলৈ আহিলে এতিয়াও এক অবুজ সুখানুভৱে মেৰিয়াই
পোলায়৷ আমিতো এতিয়া ডাঙৰ হ’লোঁ৷ হাইস্কুল পালোঁ৷ তথাপি আমালৈ পেহীৰ সাদৰ নকমিল৷ বয়সৰ
প্ৰভেদ নেওচি আমি পেহীৰ লগৰীয়া হৈ পৰিলোঁ৷
 

“এটা দুষ্ট সাধুকথা” 

বিয়াৰ পাছত এঘাৰ দিন শহুৰেকৰ ঘৰত থাকি প্ৰথম বাৰলৈ যিদিনা
শ্যামপেহী ঘৰলৈ আহিছিল, তেওঁৰ চেহেৰাৰ উজ্জ্বলতা দেখি গোটেই ঘৰখন জুৰ পৰিছিল৷ পেহী
আছিল মাত্ৰ এঘাৰ বছৰীয়া৷ বিশেষ একোকে নাজানিছিল৷ কিন্তু এটা কথাতে তেওঁৰ বৰ ৰং লাগিছিল- ঘৰখনত একোৰে অভাৱ নাছিল৷ ঘৰে-পথাৰে জাকজমক আছিল৷

এমাহৰ বাবে আমাৰ ককা বঙলৰ পৰা ঘৰলৈ আহিছিল৷ ঘৰত খোজ
থৈয়েই তেওঁ পেহীৰ খবৰ লৈছিল৷ ভ্ৰূ কুঞ্চিত কৰি আইতাক সুধিছিল –

“শহুৰেকৰ ঘৰৰ পৰা মই তাইক ঘৰত থৈ বঙলত ডেৰমাহ কটাই আহিলোঁ৷
এতিয়াও তাই ঘৰতে আছে? ন-কইনা এজনী ইমান দিনলৈ মাকৰ ঘৰত থাকেনে? তহঁতে কিয় মোলৈ খবৰ
দিয়া নাই? কাইলৈ তাইক লগত লৈ মই পাওনীলৈ যাম৷ তাইক আজি ৰাতিয়েই সকলো সাজু কৰি থ’বলৈ
কৈ দে৷”

আইতাই ককাক খং কৰিছিল – 

“আপুনি মিছাতে চিন্তা কৰিছে৷ শ্যামৰ নতুন ঘৰখন বৰ ভাল৷
আধুনিক মনৰ৷ সেইদেখিহে তাইক নিজৰ ইচ্ছামতে ইয়াত থাকিবলৈ কৈছে৷ অত দূৰৰ পৰা আহি পাইছেহে৷
কাইলৈ থাকক৷ দুদিন পাছত পাওনীলৈ বুলি ওলাই যাব৷”
 

ককাই মুখেৰে একো মতা নাছিল৷ কিন্তু পাছদিনা পুৱাই গৰুগাড়ী এখন লৈ শ্যাম পেহীৰ সৈতে তেওঁৰ শহুৰেকৰ ঘৰলৈ ৰাওনা হৈছিল৷ 

চহকী ঘৰখনৰ কাৰবাৰেই বেলেগ আছিল৷ ককাৰ আপ্যায়নৰ কোনো
ক্ৰুটি ৰখা হোৱা নাছিল৷ বাটকুৰি বাই যোৱা বাবে দুয়োৰে যথেষ্ট ভাগৰ লাগিছিল৷ মুখ দুখন শুকাই
কজলা বৰণীয়া হৈছিল৷ ককাৰ বাবে জলপান লৈ অহা ন-বোৱাৰীগৰাকীক চিনি নাপাই ককাই সামান্য
তভক মাৰি ৰৈছিল৷ পেহীৰ শাহুৱেকে খিলখিলাই হাঁহি ককাৰ সৈতে তেওঁৰ চিনাকি কৰাই দিছিল–

“এওঁ আমাৰ ডাঙৰ বাপুৰ নতুন কইনাজনী৷ এমাহ পাৰ হৈ যোৱাৰ
পাছতো শ্যামলতাৰ কোনো খা-খবৰ নাপাই আমি এইকেই লৈ আহিলোঁ৷ ঘৰৰ বোৱাৰীজনী নোহোৱাকৈ ঘৰখন
নচলে নহয়৷ তথাপি শ্যামলতা আজি উভতি আহিছে৷ যদি তাইৰ থাকিবলৈ মন আছে, থাকিব পাৰিব৷ আমাৰ
কোনো বাধা নাই৷ কিন্তু তাইৰ দেখোন সৰুপিতাকলৈহে বৰকৈ মনত পৰি থাকে৷ আপুনি তাইক ইয়াত
থৈ যোৱাৰ পাছত আপোনাক মনত পেলায়েই তাই কান্দি থাকিব৷ গতিকে তাইৰ 
মনটো য’ত থাকে, তাতেই
থকা ভাল নেকি?”

ককাৰ মূৰত সৰগ ভাগি পৰিছিল যেন৷ থোকাথুকি মাতেৰে তেওঁ
কৈছিল –

“আপোনালোকে এইবোৰ কি কৰিলে? তাইক নিজেই আনিবলৈ যাম বুলি
কৈও কোনো এজন নগ’ল৷ ইমান দিনে তাইৰ খবৰ এটাও নল’লে৷ আৰু এতিয়া এইবোৰ কি কৈছে? তাইৰ বয়সনো
কিমান? জন্মতেই মাক ঢুকাইছে৷ ডেৰ বছৰ বয়সত পিতাক ঢুকাইছে৷ আমিয়েই তাইক ডাঙৰ-দূঘল কৰিছোঁ৷
সৰু পিতাক হ’লেও ময়েই তাইৰ পিতাক৷ সেইদেখিহে তাইৰ মোলৈ ইমান মন!”
 

“হ’লেও আপুনি তাইৰ জন্মদাতা নহয়৷ গাভৰু বোৱাৰী এগৰাকীয়ে
আত্মীয় মানুহ এগৰাকীক মনত পেলাই কান্দি থকা কথাটোক আমি চকু মুদি উলাই কৰিম নেকি? যদি
একোৱেই জনা-বুজা হোৱা নাই, বিয়ানো কিয় দিছিল?”
 

সন্ধিয়া লাগি ভগাৰ আগতে গৰুগাড়ীখন আমাৰ চোতালত ৰৈছিল৷
ককাৰ হাতত ধৰি নামি আহিছিল শ্যামপেহী৷ আহিয়েই আনন্দতে আইতাৰ ডিঙিত সাবটি ধৰি কৈছিল–
 

“আহি থাকোঁতে সৰুপিতাই কৈছে, মই বোলে আৰু পাওনীৰ ঘৰখনলৈ
উভতি যাব নালাগে৷ মই সদায় ইয়াতে থাকিব পাৰিম৷ তোমাৰ লগতেই থাকিব পাৰিম খুড়ী৷ কিমান
যে ভাল লাগিছে মোৰ৷ ৰ’বা, দেৱযানীহঁতক মোৰ খবৰটো দি আহোঁগৈ৷”
 

আইতাই মুখ মেলি পেহীলৈ চাই থাকোঁতেই পেহীয়ে এখন ভৰি
দাঙি আনখন ভৰিৰে নাচি-নাচি গৈ চুবুৰীয়া দেৱযানী পেহীহঁতৰ ঘৰ পাইছিলগৈ৷
 

“শেৱালি ফুলৰ তিতা।”

কানৈৰ বিয়া৷ সেইবাবে হোষ্টেলৰ পৰা মই ঘৰলৈ আহিছোঁ৷ মোৰ
ভিতৰখন কিহবাই যেন হেঁচা মাৰিহে ধৰিছে! কানৈৰ পৰা আঁতৰি থকাটো ইমান জানো সহজ হ’ব?  তাইৰ বিয়াৰ দিন ঠিক হোৱাৰে পৰা গাঁৱত এটা কথাৰ বৰকৈ চৰ্চা হৈছে–
 

“কানৈ আৰু মানু এমাহৰ ভিতৰতে জন্ম হোৱা৷ এগৰাকীৰ বিয়া৷
আনগৰাকীক আকৌ পণ্ডিত কৰিবলৈ গুৱাহাটীৰ হোষ্টেলত থৈ মাক-দেউতাকে পঢ়ুৱাই আছে৷ কানৈয়ে
দুই-তিনিটা ল’ৰা-ছোৱালী কোলাই-বোকোচাই লৈহে মানুৰ বিয়া খাবলৈ আহিব পাৰিব!”

“কানৈজনী জানো কম? এবাৰ ময়েই তাইলৈ বুলি ইঞ্জিনীয়াৰ
ল’ৰা এজনৰ খবৰ লৈ গৈছিলোঁ৷ মোৰ নিজৰেই বাইদেউৰ ল’ৰা৷ ল’ৰাৰ বিষয়ে কি ক’ম! ৰূপে-গুণে
সমান৷ সোণৰ দৰে গাৰ ৰং৷ এতিয়াও মাক-দেউতাকৰ কথা আখৰে-আখৰে মানে৷ কোনো কথাকে অমান্য নকৰে৷
তামোল এখন মুখত দি পোৱা দূৰৰ কথা, চুয়েই পোৱা নাই৷ আজিলৈকে ছোৱালী এজনীলৈ মূৰ তুলি
চাই পোৱা নাই৷ তেনেকুৱা ল’ৰা আজিৰ দিনত পোৱাটো সৌভাগ্যৰে কথা৷ কিন্তু কানৈজনীয়ে কি কৰিলে
জানানে? বোলে মোলৈ দেৱতাৰ দৰে দৰা নানিবাহে খুড়ী৷ তামোল এখনো নোচোৱে! ছোৱালী এজনীলৈও
চাই পোৱা নাই! তেওঁ দেখোন মানুহ নহয় তেন্তে? মহাপুৰুষহে৷ নহ’লে ত্ৰিছ বছৰীয়া নৰ্মেল
ল’ৰা এজনে ছোৱালী এজনীও নোচোৱাকৈ দিন পাৰ কৰিছেনে? মোকতো বিয়া হ’বলৈ ভুলে-ভালে মানুহ
দৰা এজনহে লাগে৷ একেবাৰে দোষ-ভুল নোহোৱা নিকা মানুহৰ সৈতে বিয়া হ’বলৈ ময়োতো দেৱী নহওঁ— তেতিয়াৰে
পৰা সেৱা কৰিছোঁ, সেইখন ঘৰৰ ছোৱালীলৈ আৰু ল’ৰা নেদেখুৱাওঁ ৷ শ্যাম বাইদেৱে ছোৱালীকেইজনীক
লাই দি দি নষ্ট কৰিছে৷ তেৱেঁই বোলে ভায়েকহঁতক কৈছে— পঢ়া শেষ নোহোৱালৈকে ছোৱালীক বিয়া
দিব নোৱাৰিবি৷ বিয়াই ছোৱালীৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য নহয়— এইবোৰ নাভূত-নাশ্ৰূত ওলোটা
কথা এওঁলোকৰ ঘৰতহে শুনিবলৈ পাইছোঁ৷ আমাৰনো কি? বিয়ালৈ মাতিছে৷ আমি বিয়া খাবলৈ যাম৷
বুঢ়া কালত পাতিলেও মানুৰ বিয়ালৈও যাম৷”
 

বতাহত ভাহি অহা কথাবোৰ শুনি কানৈ আৰু মই পাৰোঁ মানে
হাঁহোঁ৷ দুয়ো এটাৰ পাছত আনটো কথাৰ ফুলজাৰি মাৰোঁ৷ তাইৰ হাতত জেতুকাৰ বোল আঁকি থাকোঁতে
হঠাতে মোৰ এটোপাল চকুলো সৰি পৰে৷ মোক দেখি তায়ো উচুপি-উচুপি কান্দি উঠে৷ আমাক দেখি
পেহী আগবাঢ়ি আহে৷ কানৈৰ মূৰত মৰমেৰে হাত বুলাই দিয়ে৷
 

পেহীৰ ৰঙা পৰি যোৱা চকু দুটালৈ চাই আমি দুয়ো পুনৰ উচুপি-উচুপি
কান্দিবলৈ ধৰিলোঁ৷
 

“আৰাধ-অনুনয়” 

উলহ-মালহেৰে কানৈৰ বিয়াখন পাৰ হৈ গ’ল৷ আজি তাইৰ আঠমঙলা৷
আজি গধূলিলৈ কানৈ নিজৰ ঘৰলৈ যাব৷ ইতিমধ্যে কেইজনমান বন্ধু আৰু আত্মীয়ৰ সৈতে দৰা আমাৰ
ঘৰ আহি পাইছেহি৷ চ’ৰাঘৰত বহি তেওঁলোকে চাহ-জলপান খাই আছে৷
 

মই কানৈয়ে নিবলগীয়া তাইৰ অত্যাৱশ্যকীয় বয়-বস্তুবোৰ নিৰীক্ষণ
কৰি আছোঁ। ক’তো একো ৰৈ যোৱা নাইতো?
 

দৰাঘৰীয়াই ভাত খাই আজৰি হোৱাৰ লগে-লগেই ধুমুহাৰ দৰে
এটা খবৰ আহিল- শ্যাম পেহীৰ গিৰীয়েক হেনো ঢুকাল৷ তেওঁৰ নিজৰেই ল’ৰা এজনে দেউতাক ফোন
কৰি জনাইছে৷ নিমিষতেই ঘৰখন কেঁহেৰাজ বটা যেন হ’ল৷ ইফালে দুপৰীয়াৰ সাঁজ খাবলৈ গাঁৱৰ ৰাইজ
আহি ঘৰত বহি আছেহি৷ কি কৰা যায়? কেনেকৈ পেহীক কথাটো জনোৱা যায়?
 

কথাৰ হিচাপ-নিকাচ চলি থাকোঁতেই পেহী ভাতৰ পাতত বহিল৷
ইফালে উপস্থিত ৰাইজেও খবৰটো পাইছিল৷ কোনেও পেহীক একো ক’ব নিবিচাৰিলেও পেহী ভাত খাবলৈ
যোৱা দেখি মানুহবোৰৰ মাজত হুৱাদুৱা লাগিল৷
 

যি নহ’লেও গিৰীয়েক৷ সম্পূৰ্ণ বৈদিক নীতি-নিয়ম অনুসৰি
তেওঁলোকৰ বিয়া হৈছিল৷ তেনেস্থলত গিৰীয়েকৰ মৃতদেহ ঘৰৰ চোতালত থাকোঁতেই তেওঁৰ বিৱাহিতা
স্ত্ৰীয়ে মাছে-মঙহে ভাত খাব? এয়াটো ঘোৰ পাপ৷
 

পেহীয়ে ভাত এগৰাহ মুখলৈ নিছিলহে, কাষৰে ৰশ্মিহঁতৰ বৰমাই
গৈ পেহীক ক’লে
—  

“বাইদেউ, আপুনি অলপ এইফালে উঠি আহকচোন৷ কথা এটা হৈছে৷” 

পেহীয়ে বৰমাৰ কথাটো নুশুনাৰ দৰে দেখুৱাই ক’লে 

“ৰশ্মিৰ মাক, দাইলেৰে ভাতেই নাযায় মোৰ৷ মাছৰ আঞ্জাখন
মোক সোনকালে দি যাবলৈ কচোন৷”
 

ৰশ্মিৰ মাকৰ মুখৰ মাত হৰিল৷ কি কৰে তেওঁ এতিয়া? জানি-বুজি
তেওঁতো এই পাপৰ সমভাগী হ’ব নোৱাৰে? মনতে সাহস গোটাই তেওঁ পেহীক ক’লে 
 

“বাইদেউ, আজি আপুনি ভাত খাব নোৱাৰে৷ তথাপি খাইছে যদি
ভিতৰৰ নিৰামিষ পাগত খাওকগৈ৷ ভিনদেউ নাই নহয়৷ আপুনি চাগে গমেই পোৱা নাই!”

পেহীৰ মুখৰ অভিব্যক্তি সলনি নহ’ল৷ তেওঁ ৰশ্মিৰ মাকৰ
কথাক গুৰুত্ব নিদি নিজেই বিলনীয়া এজনৰ হতুৱাই মাছ-মাংসৰ বাটি দুটা অনালে৷ ইতিমধ্যে
পেহীৰ কেইবাটাও দাঁত সৰিছিল৷ তেওঁ মাংস খাবলৈ এৰি দিছিল৷ কিন্তু আজি পেহীয়ে সোলা মুখেৰেই সলৌপ-সলৌপকৈ মাংসৰ টুকুৰাবোৰ চুহিবলৈ ধৰিলে৷

দূৰৈৰ পৰাই কানৈ আৰু মই চাই থাকিলোঁ৷ কানৈয়ে ৰ’ব নোৱাৰি
কান্দিয়েই পেলালে৷ মইতো কান্দিবলৈও পাহৰি গ’লোঁ৷ মা আৰু বৰমাহঁতে পেহীক নিজৰ কোঠালৈ
লৈ আহিল৷ পেহীয়ে মজিয়াত বহি লৈ পুৰণি বাকচ এটাত কিবা খেপিয়াবলৈ ধৰিলে৷ বৰমাই পেহীক
উদ্দেশ্যি ক’লে

“ভিনদেউগৰাকীয়ে শেষ সময়ত আপোনাক লগ পাবলৈ বৰকৈ মন কৰিছিল
হেনো বাইদেউ৷ আমাৰ ঘৰলৈ খবৰ পঠাবলৈ পুতেকহঁতক খাটনিও ধৰিছিল৷ কিন্তু পুতেকহঁতেনো কি
স’তে আপোনালৈ খবৰ পঠিয়াব?”
 

বৰমাৰ কথা শুনি পেহীয়ে সামান্য হাঁহিলে৷ বাকচৰ পৰা পুৰণি
ফলি এখন আৰু ৰঙা পৰি যোৱা দুডাল মাটিপেঞ্চিল উলিয়াই আনিলে৷ ফলিতে তেওঁ কিবা আঁক-বাক কৰিবলৈ চেষ্টা কৰিলে৷ নিজৰ মাজতেই মগন হৈ তেওঁ বৰমাক ক’লে 
 

“চাচোন কানৈৰ মাক, কিমান যতনেৰে তেওঁ মোক অ-ফলাখন শিকাইছিল!
এতিয়া অ-ৰ পাকটোৱেই নাহে৷ প্ৰথমটো ৰাতি মইতো কান্দিয়েই থাকিলোঁ৷ তাৰ পাছৰ প্ৰতিটো ৰাতি
তেওঁ মোক হাতত ধৰি আখৰ লিখিবলৈ শিকাইছিল৷ ঘৰলৈ আহিবৰ দিনা কৈছিল— সোনকালে আহিবা শ্যামলতা৷
এইবাৰ তুমি আহিলে ক-ফলাখন শিকাবলৈ আৰম্ভ কৰিম৷ আজিকালি ছোৱালীয়ে পঢ়িব লাগে৷ পঢ়িলেহে
মানুহ চিনিব পাৰিবা৷ নহ’লে সকলোৱে তোমাক ঠগি-ঠগি খাব।”
 

মা আৰু বৰমাই পেহীয়ে নেদেখাকৈ উচুপি থাকিল৷ মই আৰু কানৈয়ে
দুৱাৰমুখৰ পৰাই চাই থাকিলোঁ৷
 

এইবাৰ পেহীয়ে বাকচটোৰ পৰা পুৰণি পাটৰ সাজ এযোৰ উলিয়াই
ল’লে৷ মাহঁতৰ সমুখতেই মাখন ৰঙৰ কাপোৰযোৰ পিন্ধি ল’লে৷ কপালৰ ফোঁটটো ডাঙৰকৈ পিন্ধি লৈ
তেওঁ মাহঁতক ক’লে

 “কানৈ আজি নতুন ঘৰলৈ যাব৷ সকলোৰে খোৱা-বোৱা হৈছে যদি
বেছি দেৰি কৰিব নালাগে৷ দিনে-পোহৰে তাইক উলিয়াই দিয়াৰ যো-জা কৰিব লাগে৷ ছোৱালীক বিয়াহে
দিছ কানৈৰ মাক, ঘৰৰ পৰা উলিয়াই দিয়া নাইতো৷ নতুন জীৱনটোৰ বাবে আমি তাইক আগ্ৰহীহে কৰি
তুলিব লাগিব৷ বেছিকৈ কন্দা-কটা নকৰিবি৷ নহ’লে তাইৰ মনটো ইয়াতেই ৰৈ যাব৷ ব’ল, তেওঁক
শ্মশানলৈ উলিয়াই নিয়াৰ আগতে কানৈক উলিয়াই দিওঁ৷”
 

পেহীৰ মনত কি চলি আছে আমি কোনেও একো ধৰিব নোৱাৰিলোঁ৷
আটায়ে বাহিৰলৈ ওলাই আহিলোঁ৷ পেহীৰ কপালৰ ফোঁটটোৱে যেন বহুতকে বিছাই ডকাদি ডাকিলে৷
 

সৌৱা কানৈ যাবলৈ ওলাইছে৷ পেহীৰ ভৰি চুই সেৱা কৰিছে৷
আজি মই পলাইছোঁ তাইৰ পৰা৷ নিৰন্তৰ কান্দি থকা কানৈক মই আনুষ্ঠানিকভাৱে হ’লেও বিদায়
জনাব নোৱাৰোঁ। পিছফালৰ বেঞ্চ এখনত বহি মই উচুপি থাকিলোঁ৷ পেহীয়ে হাতত ধৰি মোক তাইৰ
ওচৰলৈ লৈ গ’ল৷

“কানৈৰ সৈতে একেলগে কান্দি ল’ মানু৷ সময়ত কান্দি নল’লে
পাছত বৰ অশান্তি পাবি৷ পাৰ হৈ যোৱা সময় কেতিয়াও উভতি নাহে৷”

মই আৰু কানৈয়ে হুকহুকাই কান্দি থাকিলোঁ৷ আমাৰ কান্দোনত
সকলোৰে চকু সেমেকি উঠিল৷ মাথোঁ পেহীৰ দুচকু উজলি থাকিল৷ চকুপানীৰ মাজেৰে জিলিকি থকা
তেওঁৰ সাহস দেখি মোৰ প্ৰাণ জুৰ পৰি গ’ল৷
 

 

“অমৃতময়” 

পঢ়া সম্পূৰ্ণ কৰি মই গুৱাহাটীৰ পৰা একেবাৰে ঘৰলৈ উভতি
আহিছোঁ৷ ৰিজাল্ট নিদিয়ালৈকে দুদিনমান আৰাম কৰিম বুলি ভাবিছিলোঁ৷ পেহীয়ে এদিন মোৰ কাষতে
বহি ক’লে— “তইতো এতিয়া এনেয়ে আছ’ মানু৷ ল’ৰা-ছোৱালী কেইটামানকে পঢ়ুৱাই নিদিয় কিয়? নাইন-টেনৰ
কিতাপবোৰ বৰ সহজ নহয়৷ ৰমেশৰ ছোৱালীজনী পঢ়াত বৰ চোকা৷ কিন্তু ইস্কুলত যোৱাৰ বাদে তাইক
আখৰ এটা দেখুৱাই দিয়া মানুহ এটা নাই৷ তাইকো অলপ চাই দে’চোন৷ অংক দুটামান শিকাই দে৷ গণিতখনো
পঢ়াই দে৷ গাঁৱৰ ল’ৰা-ছোৱালীকেইটাক অলপ সহায় কৰি দিলে তোৰো ভাল লাগিব৷ লগতে সিহঁতৰো
উন্নতি হ’ব দেচোন৷ নে কি কৱ মানু?”
 

অংক আৰু গণিত বেলেগ বুলি ভবা পেহীৰ উদাৰ মনটো দেখি মই
জানো না ক’ব পাৰিম? আবেলিৰ পৰা কেইটামান ল’ৰা-ছোৱালীৰ ঘৰলৈ যোৱা আৰম্ভ কৰিলোঁ৷ সিহঁতকো
শিকালোঁ৷ নিজেও শিকিলোঁ৷ এই শিক্ষাবোৰে মোৰ পৰৱৰ্তী জীৱনত যথেষ্ট সহায়ক হ’ব বুলি মই
নিশ্চিত হ’লোঁ৷

 

গুৱাহাটীলৈ পঢ়িবলৈ যোৱাৰ পাছত আমাৰ পামৰ খেতি চাবলৈ
মই যোৱাই নাছিলোঁ৷ এদিন পেহী আৰু কণ খুৰাৰ লগত পামলৈ ওলাই গ
লোঁ৷ বিধে-বিধে শাক-পাচলি আৰু
বতৰৰ ফলেৰে পামখন সেউজীয়া হৈ আছে৷ লগতে জাক-জাক ভেড়াৰ ওমলনি আৰু গৰুৰ হেম্বেলনি৷ দুটাকৈ
পুখুৰীত ভিন-ভিন মাছ৷ গণেশ ককা বছৰ-বছৰ ধৰি আমাৰ পামৰখীয়া হিচাপে আছে৷ তেওঁ আমাৰ চুবুৰীয়া৷
আমাৰ পৰা চাৰি ঘৰ এৰিয়েই তেওঁৰ ঘৰ৷ খেতি-খোলাত বৰ মন তেওঁৰ৷ পঢ়া-শুনা বেছি কৰিব নোৱাৰিলে৷
সৰুৰে পৰা অশেষ পৰিশ্ৰম কৰি ভায়েকহঁতক মানুহ কৰিলে৷ শূন্যৰ পৰা ঘৰখন তুলি ধৰিলে৷ এতিয়া
নিজে পেট ভৰাই খায়ো নিতৌ অন্য দহজনকো
 খুৱাব
পৰাকৈ তেওঁলোকৰ অৱস্থা৷ ভায়েক-বোৱাৰীয়েকহঁতে তেওঁক বৰ সমীহ কৰে৷ কিন্তু কিয় জানো তেওঁ
ঘৰখন নাপাতিলে৷ কেৱল কাম আৰু কাম৷ দেউতা, বৰদেউতা, খুৰা আটাইৰে চৰকাৰী চাকৰি বাবে পামখনত
বৰকৈ চকু দিবলৈ তেওঁলোকৰ সময় নাছিল৷ সেয়েহে তেওঁৰ নিজা আগ্ৰহতেই বৰদেউতাই তেওঁক পামখন সঁপি দিছিল৷
অৱশ্যে তেওঁক সহায় কৰিবলৈ মাহিলি মজুৰিত আৰু চাৰিজন মানুহ ৰখা হৈছে৷ এই মানুহবোৰ সলনি
হৈ থাকে৷ কিন্তু আমি প্ৰাথমিক শ্ৰেণীত থাকোঁতেই পামলৈ অহা গণেশ ককা পামতেই থাকি গ’ল৷
তেওঁৰ সুবিধা হোৱাকৈ দেউতাহঁতে বৰ ধুনীয়াকৈ ঘৰ এটাও বান্ধি দিছে৷ সকলো সুবিধা কৰি দিছে৷
দিনটোৰ প্ৰয়োজনীয় শাক-পাচলি-গাখীৰ, কেতিয়াবা মাছ ইত্যাদি গোটাই লৈ ৰাতি-দুপৰীয়া গণেশ
ককা আৰু বাকীকেইজনে পাল পাতি আমাৰ ঘৰলৈ ভাত খাবলৈ যায়৷ উভতি আহোঁতে বাকীকেইজনৰ ভাত
লৈ আহে৷ বতৰ বেয়া হ’লে কেতিয়াবা ইয়াতেও ৰান্ধি খায়৷ গণেশ ককাই ৰাতি আৰু পামলৈ উভতি
নাযায়৷ ঘৰতেই শোৱে৷ পুৱা তেওঁ ঘৰতেই চাহ-জলপান খাই বাকীকেইজনৰ জলপানৰ মোনা চাইকেলত
লৈ পামলৈ যায়গৈ৷
 

পেহীয়ে ডাঙৰ কলপাত
এখনত 
গণেশ ককাই আনি দিয়া ৰবাব টেঙা দুটামান কাটিবলৈ ধৰিছে৷ গণেশ ককাই গছৰে কণ-জলকীয়া দুটামান, এচিকুট নিমখ আৰু এচামুছ মিঠাতেল
আনি পেহীক যোগান ধৰিছে৷ মই মোনা এখনত পকা ঔ দুটামান ভৰাই আছোঁ৷ খুৰাই পুখুৰীত জাল পেলাইছে৷
এনেতে মোৰ চকুত পৰিল, গণেশ ককাই শোতোৰা পৰা হাতেৰে সৰিয়হৰ ফুল এপাহ পেহীৰ খোপাত গুজি
দিছে৷
  পেহীৰ দুওঁঠত আবেলিৰ  বেলিৰ হাঁহিটো৷ মই একো আওভাও ধৰিব নোৱাৰি ঠাইতে
দৰক লাগিলোঁ৷ দুয়ো আপোনমনে কথা পতাত ব্যস্ত৷ দেখিলেই ধৰিব পাৰি যে দুয়োৰে মাজত এক বিশেষ
সহৃদয়তা আছে৷ মই নিজৰ উৎসুকতাক শান্ত কৰিব নোৱাৰি পুখুৰীৰ পাৰলৈ গ’লোঁ৷ কণ খুৰাই চাগে’
মোক পুখুৰীৰ পাৰৰ পৰাই লক্ষ্য কৰি আছিল৷ তেওঁ মোক সুধিলে-

 

“কি হ’ল তোৰ?”

 

মোৰ দেখোন সুধিবলৈকে কিবা এটা বেয়া লাগিল৷ এনেই খুৰাৰ
ওচৰত থিয় হৈ থাকিলোঁ৷ তেওঁ হয়তো মোৰ মনৰ কথা বুজি পাইছিল৷ তেওঁ পেহীহতঁৰ ফালে চাই ক’লে-

 

“গণেশ খুড়া আৰু বাইদেউৰ সম্পৰ্কটো চাগে’ তই নাজান ন
মানু! ইহঁত দুয়ো বৰ ভাল বন্ধু৷ যেতিয়া বাইদেউ গাভৰু হৈছিল, গাঁৱৰ মানুহবোৰে গিৰিয়েকে
এৰা তিৰোতা বুলি বাইদেউক অপমান আৰু তাচ্ছিল্য কৰিবলৈ অকণো সুযোগ এৰা নাছিল৷ তেতিয়া
মই বা ককাইদেউহঁত বহুত সৰু আছিলোঁ৷ সেই সময়ত আই-পিতাৰ বাদে তেওঁক এখন আলোৱানৰ দৰে নিৰাপত্তা
দিবলৈ আগবাঢ়ি আহিছিল একমাত্ৰ গণেশ খুড়াই৷ দুয়ো প্ৰায় সমনীয়া আছিল৷ শুনিছিলোঁ, শৈশৱৰ
লগৰীয়াও আছিল বোলে৷  ইজনে সিজনৰ সংগ আৰু সাহসক
জীৱনৰ সম্পদ বুলি গণ্য কৰিছিল৷ তেতিয়াৰে পৰাই 
অনবৰত দুয়ো দুয়োৰে ছাঁ হৈ আছে৷”

 

মোৰ দুচকুত পৃথিৱীৰ সমস্ত আকুলতাই কেতিয়ানো আহি থিতাপি
ল’লেহি ধৰিবই নোৱাৰিলোঁ৷ মই দেখোন আচৰিত হ’ব লাগিছিল! কিন্তু কিবা এক উদ্ভুত ভাললগাই
মোক মেৰিয়াই ধৰিলে৷ তথাপি মই খুৰাক নোসোধাকৈ থকিব নোৱাৰিলোঁ-

 

“তেওঁলোকে কিয় বিয়া নাপাতিলে খুৰা?”

 

খুৰাই চাগে’ এইটো প্ৰশ্নৰ উত্তৰ দিবলৈকে সাজু হৈ আছিলেই৷
তেওঁ দ্বিধাহীনভাৱে মোক উত্তৰ দিলে-

“বিয়া জানোঁ ভালপোৱা বা বন্ধুত্বৰ একমাত্ৰ পৰিণতি মানু?
ইমান পঢ়া-শুনা কৰি তয়ো তেনেকৈয়ে ভাবনে? বাইদেউহঁতৰ সম্পৰ্কৰ কথা আমাৰ ঘৰত জনাৰ পাছত
বৰ বেছি বিতৰ্ক হোৱা নাছিল৷ ঘৰৰ সকলোৱে মিলি দুয়োৰে ঘৰখন পাতি দিবলৈ ইচ্ছা কৰিছিল৷
কিন্তু তেওঁলোকে বিয়াত বহিবলৈ ইচ্ছা নকৰিলে৷ কাৰণটো কি আমিও নুবুজিলোঁ৷ মই নিজাকৈয়ে
ভাবি থ’লোঁ যে, সেয়া চাগে’ তেওঁলোকৰ নিঁভাজ অনুভৱ, যাক কোনো সম্পৰ্কৰ স্বীকৃতিৰ প্ৰয়োজন
নাই৷ যি স্বতঃস্ফূৰ্ত, সি জানো কিবা বান্ধোন মানে? তেওঁলোকৰ এই সম্পৰ্কৰ বাটত সদায়
ভালপোৱাই দেখিলোঁ৷ প্ৰতিটো সময়তে ইজনে সিজনৰ সাহস হৈ দুয়োখন ঘৰকে আতোলতোলকৈ তুলি ধৰা
দেখিলোঁ৷ আচলতে কি জান মানু, আজিকালিৰ দিনত এইবোৰ শুনিবলৈ আখজা লাগে যদিও তেওঁলোকৰ
ভালপোৱা স্বৰ্গীয়, য’ত কামনা বা স্বাৰ্থ নহয়, কেৱল অমৃত বৰষে৷”

 

মোৰ আৰু কিবা জনাৰ প্ৰয়োজন নাছিল৷ পেহীৰ গিৰিয়েক সম্বন্ধৰ
মানুহজন ঢুকোৱাৰ পাছতো তেওঁৰ কপালত জিলিকি ৰোৱা ফোঁটটোৰ অৰ্থ মই আজিহে বুজি পালোঁ৷
মোৰ কানৈলৈ মনত পৰিল৷ তাইক কথাটো জনাবলৈ যে ইমান মন গৈছে মোৰ! পেহীৰ মনৰ আঁৰৰ  কাহিনীটো জানি মোৰ মনটো আজি দেখোন বৰকৈ থৌকি-বাথৌ
লাগিছে৷ কানৈৰো চাগে’ কিমান ভাল লাগিব!

 

এনেতে পেহীয়ে আমাক টেঙা খাবলৈ মাতিলে৷ মই দমকলৰ পানীৰে
হাত দুখন ধুই টেঙা খাবলৈ আহিলোঁ৷ পেহীয়ে কলপাত এখিলা মোলৈ আগবঢ়াই দিলে৷ খুৰাই পামৰ
আটাইবোৰকে টেঙাৰ ভাগবোৰ বিলাই দি নিজৰ কলপাতখিলা হাতত লৈ আঁতৰি গ’ল৷ মই পেহীক ক’লোঁ-

 

“টেঙাখিনি মৌৰ দৰে বৰ  সোৱাদলগা হৈছে পেহী৷”

 

পেহীয়ে কপালৰ গাঁঠি কোঁচ খুৱাই মোলৈ চাই সুধিলে-

 

“পাগলীজনী, টেঙাও কৰবাত মিঠা হয়নে?”

“হয় হয়৷ কেতিয়াবা হৈ যায় পেহী৷ জীৱনৰ যাতনাবোৰ যদি মিঠা
হ’ব পাৰে টেঙানো কিয় হ’ব নোৱাৰিব ?”

 

“আজি তোৰ হৈছে কি মানু?”

 

“একো হোৱা নাই পেহী৷ সকলো ভাললগা হৈছে৷ ভাললগাৰ আঁৰৰ
ভাল কথাবোৰ জানি সুখী হৈছোঁ৷ টেঙাৰ সোৱাদো আজি অমৃতৰ দৰে হৈছে৷ ঠিক তোমাৰ কপালত অনবৰতে
সুখী হৈ বহি থকা ৰবাব টেঙাটোৰ দৰে৷”

 

(সমাপ্ত)

 

অংগনা ভট্টাচাৰ্য্য

নলবাৰী৷