মূল: অমৃতা
প্ৰীতম
অনুবাদ: পংকজ
কুমাৰ নেওগ
আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী।
তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ
কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ হ’ল
দ্বিতীয় জীৱনত প্ৰৱেশ কৰা পুৰুষ অৰ্থাৎ বিবাহৰ
যোগেৰে লভা দ্বিতীয় জীৱন। আঙুৰীৰ বিয়াখন
আছিল তাইৰ জীৱনৰ প্ৰথম, সেইবাবেই তাইক নতুন বুলিব পাৰি। তদুপৰি কইনা হিচাপে স্বামীৰ
ঘৰ গৰকা তাইৰ এবছৰো হোৱা নাই, গতিকে সেইফালৰ
পৰাও তাই নতুনেই আছিল। প্ৰায় পাঁচ বছৰৰ পূৰ্বে পৰভাতীয়ে যেতিয়া প্ৰথমা পত্নীৰ অন্ত্যেষ্টিক্ৰিয়া
সম্পন্ন কৰিবলৈ গাঁৱলৈ যায়, আঙুৰীৰ দেউতাকেও
সেই অন্তিমযাত্ৰাত যোগ দিছিল আৰু পৰভাতীৰ কান্ধত ওলমি থকা ভিজা গামোচাখনৰ পানী চেপি
তেওঁক সমবেদনা জনাইছিল। সঁচা কথা ক’বলৈ গ’লে কোনো পুৰুষে স্ত্ৰীৰ বিচ্ছেদৰ বাবে কান্দি-কাটি নিজৰ দেৰ
গজ দীঘল গামোচাখন সিক্ত নকৰে। শোকৰ প্ৰতীক হিচাপেহে শেষকৃত্যৰ সময়ত কান্ধৰ গামোচাখন
ভিজাই লোৱা হয়। এনে পৰিস্থিতিত যদি কোনো কন্যাদায়গ্ৰস্ত পিতৃয়ে পত্নী হেৰুওৱা
পুৰুষৰ কান্ধৰ পৰা ওলমি থকা গামোচাখন চেপি সান্ত্বনা জনায়, ধৰি লোৱা হয় তেওঁ
শোকগ্ৰস্তক ক’ব বিচাৰে – ‘মই
মোৰ ছোৱালীক তোমাৰ মৃতা স্ত্ৰীৰ ঠাইত সমৰ্পণ কৰিবলৈ প্ৰস্তুত। তুমি কন্দা-কটা কৰা
বা ভাঙি পৰাৰ আৱশ্যক নাই। শান্ত হোৱা, তোমাৰ গামোচাখন চেপি শুকুৱাইছো।’
ই হ’ল
এটা সাধাৰণ গাঁৱলীয়া নিয়ম যি পুৰণিক বিদায় দি নতুনক আদৰি লয়। এনেকৈয়ে আঙুৰীৰ লগত
পৰভাতীৰ বিয়া হৈছিল। সেই সময়ত আঙুৰী আছিল কুমলীয়া বয়সৰ আৰু তাইৰ মাকো বাতৰ বিষত শয্যাগত
হৈ পৰি আছিল। গতিকে কইনা হিচাপে তাইক সম্প্ৰদান কৰাৰ পৰ্ব পিছুৱাব লগা হ’ল। এটা এটাকৈ
পাঁচ বছৰ পাৰ হৈ যোৱাৰ পাছতহে পৰভাতীৰ ওচৰলৈ আঙুৰীক পঠিওৱাৰ সময় আহি পৰে। গৃহস্থক
পৰভাতীয়ে জনায় যে হয় তেওঁ পত্নীক চহৰলৈ আনিব নহ’লে পুনৰ
গাঁৱলৈ উভতি যাব। ওপৰুৱাকৈ আৰু এজনৰ খোৱা-বোৱাৰ দায়িত্ব ল’বলৈ
গৃহস্থৰ ইচ্ছা নাছিল। পৰভাতীয়ে আঙুৰীৰ ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰিব বুলি কথা
দিয়াত গৃহস্থ অৱশেষত মান্তি হ’ল। এইদৰে আঙুৰী
চহৰলৈ আহিল। কিছুদিন আঙুৰীয়ে চুবুৰীৰ মহিলাসকলৰ সন্মুখতো দীঘলকৈ ওৰণি টানি
ওলাইছিল কিন্তু লাহে লাহে ওৰণি চুটি হৈ আহিল। আমাৰ চকু আৰু কাণৰ বাবে আঙুৰীৰ
উপস্থিতি আছিল অতি আনন্দৰ। যেতিয়া তাই খোজকাঢ়ে,
ভৰিৰ নূপুৰযোৰৰ ৰুণজুণ শব্দ আৰু তাইৰ খিলখিল হাঁহিয়ে সকলোৰে হৃদয় জুৰ পেলাইছিল। দিনটোৰ
বেছিভাগ সময় তাই নিজৰ ঘৰতে থাকে কিন্তু যেতিয়া ওলাই আহে তাইৰ দুই ভৰিৰ নূপুৰে চৌদিশে
ঝংকাৰ তুলে।
: সেইয়া কি পিন্ধি
আছা, আঙুৰী?
: ভৰিৰ নূপুৰ।
কেনে ধুনীয়া নহয়নে?
: ভৰিৰ আঙুলিত
সেইবোৰ কি?
: এইবোৰ ‘বিচিয়া’, ভৰিৰ আঙুলিৰ
আঙুঠি।
: তোমাৰ বাহুত
কি পিন্ধিছা?
: অ’ এইটো মোৰ
তাবিজ।
: কপালত পিন্ধা
এইটো কি?
: আমি ইয়াক ‘আলবিণ্ড’ বুলি কওঁ।
: কঁকালত আজি একো
পিন্ধা নাই কিয়?
: অস! মোৰ কঁকালবন্ধনী
বৰ গধুৰ। কিন্তু কাইলৈ পিন্ধিম। আজি ডিঙিতো একো পিন্ধা নাই,
হাৰডালৰ চেইন চিঙিছে। কাইলৈ বজাৰত মেৰামতি কৰিবলৈ দিম৷ মোৰ ডাঙৰ
নাকফুলি এটাও আছে কিন্তু শাহুআইয়ে লৈ থ’লে।
নিজৰ ৰূপৰ গহণা-গাঠঁৰিবোৰক লৈ আঙুৰীৰ বৰ গৰ্ব।
চুবুৰীৰ মহিলাসকলক তাইৰ সম্পদবোৰ এপদ এপদকৈ দেখুৱাই তাই আনন্দ লভিছিল।
ঋতু সলনি হৈ লাহে লাহে
গ্ৰীষ্মকাল পালেহি। নিজৰ সৰু জুপুৰীটোত সকলো সময়তে সোমাই থকা আঙুৰীৰ বাবে কষ্টকৰ
হৈ পৰিল। তাই প্ৰায়েই আহি মোৰ ঘৰৰ সন্মুখৰ ওখ নিম গছ আৰু পুৰণি কুঁৱা এটাৰ পাৰতে বহিবলৈ
ধৰিলে। চুবুৰীৰ কোনেও কুঁৱাটো ব্যৱহাৰ কৰা নাছিল যদিও ৰাস্তাত কাম কৰা শ্ৰমিকসকলে
কাম-কাজৰ বাবে মাজে-সময়ে তাৰ পানী ব্যৱহাৰ কৰে। পানী তোলাৰ সময়ত চাৰিওফালে পানী বাগৰি পৰা বাবে ঠাইডোখৰ সেমেকা আৰু বেছ শীতল হৈ থাকে। ‘কি পঢ়ি আছে, বাইদেউ?’ – গছজোপাৰ
তলত বহি মই পঢ়ি থকা দেখি আঙুৰীয়ে এদিন মোক সুধিলে।
: তুমি পঢ়িব খুজিছা
নেকি? – মই তাইক সুধিলোঁ।
: মই পঢ়িব নাজানোঁ।
: পঢ়িবলৈ
নিশিকা কিয়?
: নালাগে,
নিশিকোঁ।
: কিয়?
: মহিলাই পঢ়া
পাপ।
: পুৰুষে
পঢ়িলে পাপ নহয় নেকি?
: নাই, নহয়।
: তোমাক কোনে
কৈছে?
: মই জানোঁ।
: মইয়ো তেনেহলে
পঢ়া-শুনা কৰি পাপ কৰিছোঁ!
: চহৰৰ
ছোৱালীয়ে পঢ়া-শুনা কৰিলে পাপ নহয়, গাঁৱৰ ছোৱালীবোৰৰহে হয়।
তাইৰ কথা শুনি মই সশব্দে
হাঁহিলো আৰু তাইয়ো মোৰ হাঁহিত যোগ দিলে। আঙুৰীয়ে যি শুনিছে আৰু যি শিকোৱা হৈছে
তাকেই অন্ধৰ দৰে বিশ্বাস কৰিছে কিন্তু সেই কথাবোৰৰ বিষয়ে প্ৰশ্ন কৰিবলৈ শিকা নাই।
মইয়ো তাইক আৰু একো নক’লোঁ। তাই যদি নিজৰ ধ্যানধাৰণা-বিশ্বাস
লৈ সুখী, তাই সেইদৰেই থাকক। হাঁহিৰে উচ্ছল আঙুৰীৰ মুখখনললৈ এবাৰ চালোঁ। আঙুৰী
ধুনীয়া। তাইৰ গাৰ ৰং কিছু মলিন কিন্তু শাৰীৰিক গঠন কমনীয়। শৰীৰৰ যি ঠাইত যিমানখিনি
মহঙৰ আৱশ্যক ঠিক সেইখিনিয়েই আছে। ঠিক যেন সুন্দৰকৈ প্ৰস্তুত কৰা এলদা আটা। প্ৰবাদ
আছে নাৰীৰ দেহ এলদা মাৰি থোৱা আটাৰ দৰে। কোনো নাৰী অলপ ঢিলা আৰু আন কোনো হয়তো বেছি
ঢিলাকৈ মৰা লদাৰ দৰে। ঢিলা লদাৰ পৰা গোলকৈ ৰুটি বেলিবলৈ টান। অতি কম সংখ্যক নাৰীহে সঠিককৈ প্ৰস্তুত কৰা আটাৰ
লদাৰ দৰে। এনে লদাৰ পৰা ৰুটি, পুৰি সকলো বনোৱা সম্ভৱ। আঙুৰীৰ সুগঢ়ী মুখমণ্ডল,
সুগঠিত স্তনযুগল, যথাযথ গঠনৰ বাহু আৰু নিখুঁত শৰীৰটোলৈ চাই মই কিছু বিষণ্ণ হৈ
পৰিলো। স্বাভাৱিকতে পৰভাতীৰ কথাও মনলৈ আহিল। এজন জৰাগ্ৰস্ত সৰুফুটীয়া লোক। আঙুৰীৰ
দৰে এলদা নিখুঁত ময়দা তেওঁৰ প্ৰাপ্যনে? মোৰ নিজৰ চিন্তাত
নিজৰেই হাঁহি উঠিল! কিবোৰ কথা যে ভাৱিছোঁ! প্ৰসঙ্গ সলনি
কৰিবলৈ আঙুৰীৰ গাঁৱৰ আৰু ঘৰৰ কথা উলিয়ালোঁ।
তাইৰ মুখমণ্ডল আৰু চকুহালি উজ্জ্বল হৈ উঠিল। মাক-দেউতাক, ভায়েক-ভনীয়েক, দিগন্ত
বিস্তৃত সেউজীয়া খেতি পথাৰৰ অনৰ্গল বৰ্ণনা দি গ’ল। আমাৰ
মাজত সাধাৰণতে এনে ধৰণৰ কথা-বতৰাবোৰেই
চলিছিল। এদিন সুধিলোঁ –
: তোমালোকৰ গাঁৱৰ
বিয়াবোৰৰ কথা কোৱাচোন, আঙুৰী।
: প্ৰায়
পাঁচবছৰমান বয়সতে ছোৱালীবোৰৰ বিয়া হয়। ছোৱালীয়ে কোনোবা এজন পুৰুষৰ চৰণত
পুষ্পাৰ্ঘ্য যাচে আৰু সেইজন তেওঁৰ স্বামী হয়।
: ইমান সৰু
ছোৱালীয়ে এইবোৰ কি জানিব?
: ছোৱালীজনীৰ
হৈ দেউতাকেই থাল এখনত ফুল কেইপাহিমান আৰু অলপ টকা আগবঢ়ায়।
: তাৰ মানে দেউতাকেই
দৰাক পূজা কৰে। ছোৱালীজনী ক’ত থাকিল?
: ওঁ,
জীয়েকৰ হৈ দেউতাকেই পূজা কৰে।
: কিন্তু
ছোৱালীজনীয়ে হ’বলগীয়া স্বামীক নিজে লগ পায় জানোঁ?
: ভাবী
স্বামীক লগ পোৱাৰ নিয়ম নাই।
: নিজৰ হ’বলগীয়া স্বামীক এবাৰো দেখা নাপায়?
: ওহোঁ, নাপায়।
: বিয়াৰ আগতে
এবাৰো নেদেখে?
: নাই,
নেদেখে।
অলপ
পৰ মনে মনে থাকি দীৰ্ঘশ্বাসেৰে আঙুৰীয়ে ক’লে –
: যিবোৰ
ছোৱালীয়ে প্ৰেম কৰে সিহঁতে হ’বলগীয়া
স্বামীক দেখে।
: তোমালোকৰ
গাঁৱৰ ছোৱালীয়ে প্ৰেম কৰে?
: বহুত কম।
: গাঁৱৰ
ছোৱালীৰ বাবে প্ৰেমত পৰাও নিশ্চয় পাপ, নহয়নে?
: প্ৰেমত পৰা
পাপ, ডাঙৰ পাপ।
: কিয় পাপ কৰে
সিহঁতে?
: কোনোবা মানুহে
যদি ছোৱালী এজনীক এবিধ বস্তু খুৱায় তাই মানুহজনৰ প্ৰেমত পৰে।
: কিনো খুৱায়
ছোৱালীজনীক?
: এবিধ বনৰীয়া
ফুল। সেই ফুল মিঠাই বা পানৰ ভিতৰত লুকুৱাই জোৰকৈ খুৱায়। তাৰ পাছত ছোৱালীজনীয়ে ল’ৰাজনক উন্মাদৰ দৰে বিচাৰে। তাই সেই ল’ৰাজনৰে প্ৰেমত পৰে আৰু পৃথিৱীৰ কাকো নিবিচাৰে।
: সঁচাকৈয়ে নে?
: ও,
সঁচাকৈয়ে। মই খুব ভালকৈয়ে কথাটো জানোঁ। নিজ চকুৰে এনে ঘটনা দেখিছো।
: কি দেখিছিলা?
: মোৰ এজনী
বান্ধৱী আছিল, মোতকৈ বয়সত অলপ ডাঙৰ।
: তাৰ পাছত?
: তাৰ পাছত কি
হ’ব আৰু! বনৰীয়া ফুল
খাই তাই হুচ হেৰুৱালে আৰু এদিন ল’ৰা এটাৰ
সৈতে চহৰলৈ পলাল।
: তুমিনো কেনেকৈ
জানা তোমাৰ বান্ধৱীক বনৰীয়া ফুল খুৱাইছিল?
: ও, মই গম
পাওঁ। ল’ৰাজনে এটা বৰফিৰ ভিতৰত বনৰীয়া ফুল ভৰাই খাব
দিছিল।
: বনৰীয়া ফুলবিধ
দেখিছানে তুমি?
: নাই,
কেতিয়াও দেখা নাই। বহুত দূৰৈৰ পৰা আনে হেনো! সৰুতে মায়ে মোক সঁকিয়াই দিছিল কোনো অচিনাকি লোকৰ পৰা মিঠাই
বা পান নল’বলৈ।
: বুদ্ধিমতীৰ
কাম কৰিছা তুমি। তোমাৰ বান্ধৱীয়েনো কিয় খালে?
: তাই নিজৰ পাপৰ
মূল্য দিব লাগিব। আঙুৰীয়ে কথাষাৰ ক’লে যদিও বান্ধৱীৰ প্ৰতি থকা তাইৰ সহানুভূতি
ষ্পষ্টভাৱে বুজা গৈছিল। অতি বিষণ্ণতাৰে পুনৰ ক’লে – ‘বেচেৰী,
পাগলীৰ দৰে হৈ পৰিছিল। চুলি আঁচুৰিবলৈকো পাহৰিছিল আৰু মাজনিশা সাৰ পাই গান গাইছিল।’
: কি গান
গাইছিল তোমাৰ বান্ধৱীয়ে?
: মই নাজানো। যিসকলে
বনৰীয়া ফুলৰ সোৱাদ লয় সিহঁতে এইদৰে গান গায় আৰু অযথা কন্দা-কটা কৰি সময় কটায়।
কথোপকথন কিছু স্পৰ্শকাতৰ হৈ
পৰাৰ বাবে আঙুৰীক আৰু একো প্ৰশ্ন নকৰি মনে মনে থাকিলো। অতি সোনকালে কথাবোৰৰ যেন পৰিৱৰ্তন
হ’ল। এদিন আঙুৰী মোৰ কাষলৈ আহি নিম গছজোপাৰ তলতে বহিল।
সাধাৰণতে ভৰিৰ নূপুৰৰ শব্দই বিশ গজ দূৰৰ পৰা তাইৰ আগমনৰ কথা ঘোষণা কৰে কিন্তু সেইদিনা
তাই আহিছিল নিস্তব্ধে। কিতাপখনৰ পৰা মূৰ তুলি লৈ তাইক সুধিলো-
: কি হৈছে আঙুৰী?
: নিজৰ নামটো কেনেকৈ
লিখিব লাগে শিকাবনে?
: কিয় আঙুৰী? চিঠি লিখিব খুজিছা নেকি? কাক
লিখিবা?
মোৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে তাই। এটা উদাস
চাৱনিৰে কিবা এটা গভীৰ ভাৱনাত যেন ডুব গ’ল। দুপৰীয়াৰ
বিশ্ৰাম ল’বলৈ আঙুৰীক তাতে এৰি মই ঘৰত সোমালো। আবেলি যেতিয়া
আকৌ ঘৰৰ বাহিৰলৈ ওলাও, আঙুৰী তেতিয়াও জড় হৈ একে ঠাইতে বহি আছিল। সন্ধিয়াৰ ঠাণ্ডা
বতাহজাকে তাইক কিছু কঁপাই গৈছিল। মই তাইৰ পিছপিনে গৈ মনে মনে থিয় হ’লোঁ। তাই কিবা গানৰ কলি এটা গুণগুণাই আছিল, কান্দোনৰ কৰুণ
সুৰ যেনহে লাগিল। – ‘মেৰি মুণ্ড্ৰি মে লাগো নাগিনভা, হো
বায়ৰি কেইছে কাটুন যৌৱনভা’ (অভিশপ্ত
পাথৰত মোৰ আঙুঠি এতিয়া আৱদ্ধ, কেনেকৈ কটাম মই মোৰ ভৰন্ত যৌৱন)। মোৰ ভৰিৰ শব্দ শুনি
আঙুৰীয়ে মোলৈ ঘূৰি চালে। তাইৰ গীতৰ গুণগুণণি বন্ধ হ’ল।
: আঙুৰী, তুমি
বৰ ধুনীয়াকৈ গাব জানা।
বুজিবলৈ কষ্ট নহ’ল,
আঙুৰীয়ে ওলাই আহিব খোজা চকুৰপানী প্ৰাণপণে ৰখাবলৈ চেষ্টা কৰি মুখত হাঁহি এটা
বিৰিঙাবলৈ ব্যৰ্থ চেষ্টা চলাইছে।
: মই একেবাৰে
নাজানো গাবলৈ।
: কিয়,
এইমাত্ৰ গাই আছিলা দেখোন!
: সেইয়া একো
নাছিল, বাইদেউ।
: গীতটি তোমাৰ
বান্ধৱীয়ে গাইছিল নিশ্চয়।
: হয়, তাইৰ মুখতে
গীতটি শুনিছিলো।
: তেনেহলে সেইটিকে
শুনোৱাচোন মোক।
: গানটো হ’ল ঋতুৰ বৰ্ণনা। বছৰৰ চাৰিমাহ শীত, চাৰিমাহ গ্ৰীষ্মকাল আৰু
চাৰিমাহ বাৰিষা।
: তেনেকৈ নহয়,
সুৰ লগাই গোৱাচোন।
তাই
এইবাৰ অলপ সুৰ লগাই গাই শুনালে – ‘চাৰ মহিনে
ৰাজা ঠণ্ডি হোভাত হ্যায়, থৰ থৰ কাম্পে কাৰেজভা, চাৰ মহিনে ৰাজা বৰখা হোভাত হ্যায়,
থৰ থৰ কাম্পে বাদৰভা।’
: আঙুৰী!
মাত শুনি মোলৈ তাই ভাৱলেশহীন হৈ চাই ৰ’ল।। তাইৰ কান্ধত হাত থ’লোঁ।
খুব মন গৈছিল সুধিবলৈ – ‘বালিকে! নিশ্চয় তুমি বনৰীয়া ফুলৰ স্বাদ লভিছা, নহয়নে?’ কিন্তু তাৰ সলনি মোৰ মুখৰ পৰা ওলাল – ‘আঙুৰী, আজি ৰন্ধা-বঢ়া কৰিলানে? খোৱা-বোৱা
হ’লনে?’
: খোৱা-বোৱা?
অদ্ভূতভাৱে প্ৰশ্ন কৰিলে আঙুৰীয়ে। তাইৰ কান্ধত
হাত ৰখা বাবে তাইৰ শৰীৰৰ কঁপনিৰ স্পষ্ট ইঙ্গিত পালোঁ। অলপ আগতে তাই গোৱা গীতটি –
বৃষ্টিৰ কঁপনি, গ্ৰীষ্মৰ বতাহৰ দপদপনি আৰু শীতকালৰ হৃদয় কঁপোৱাৰ অনুৰণনহে আছিল যেন
আঙুৰীৰ শৰীৰৰ সেই কম্পন। মই জানোঁ পৰভাতীয়ে মালিকৰ ঘৰত খোৱা-বোৱা কৰিলেও আঙুৰীয়ে
নিজে ৰান্ধি-বাঢ়ি খায়। আকৌ তাইক সুধিলো – ‘আজি
ৰন্ধা-বঢ়া কিবা কৰিছানে?’
: নাই, একো
কৰা নাই এতিয়াও।
: চৌকা
জ্বলোৱাই নাই আজি! তুমি চাহ খাই ভালপোৱা বুলি জানোঁ। ৰাতিপুৱা চাহ খালানে?
: চাহ? আজি ঘৰত গাখীৰেই নাছিল।
: গাখীৰ কিয়
নাই? শেষ হৈছে যদি কিনা নাই কিয়?
: মই গাখীৰ
নিকিনো, বাইদেউ।
: সদায় চাহ
নোখোৱা জানোঁ?
: ও, খাওঁ।
: আজি কি হ’ল যে চাহ নোখোৱাকৈ আছা?
: ৰামতাৰাই
সদায় গাখীৰ লৈ আহে…।
ৰামতাৰা
আমাৰ চুবুৰীৰ চকীদাৰ। আমি সকলোৱে মিলি তাক দৰমহা এটা দিওঁ। গোটেই নিশা উজাগৰে থাকি
বেচেৰাই পহৰা দিয়ে। মনত পৰে আঙুৰী অহাৰ আগেয়ে সি সদায় চুবুৰীৰ কোনোবা এঘৰলৈ গৈ চাহ
একাপ খুজি খাইছিল। তাৰ পাছত কুঁৱাৰ পাৰতে তাৰ চাৰপাইখন পাতি সি শুই পৰে। আঙুৰী
অহাৰ পাছত সি গাখীৰৱালাৰ পৰা অলপকৈ গাখীৰ কিনিবলৈ ধৰে। সেই গাখীৰখিনিৰে আঙুৰীৰ
জুহালত চাহ বনোৱা হয়। জুহালৰ কাষতে বহি ৰামতাৰা, পৰভাতী আৰু আঙুৰীয়ে চাহ খায়। মনত
পৰিল যোৱা তিনিদিন ৰামতাৰাক চুবুৰীত দেখা নাই। ছুটী লৈ সি নিজৰ গাঁৱলৈ গৈছে।
বিষাদভৰা হাঁহি এটাৰে ক’লোঁ – ‘আঙুৰী! যোৱা তিনিদিন তুমি তাৰমানে চাহেই খোৱা নাই!’ উত্তৰত তাই একো নক’লে,
মাথোঁ মূৰ দুপিয়ালে।
: তুমি নিশ্চয়
খোৱা-বোৱাও কৰা নাই।
এইবাৰো আঙুৰীয়ে একো উত্তৰ নিদিলে। মোৰ ভাৱ হ’ল তাই কিবা খালেও নামমাত্ৰহে মুখত দিছে। ৰামতাৰাৰ কথা মনত
পৰিল। দেখাই-শুনাই ল’ৰাজন ভাল, নম্ৰ স্বভাৱৰ আৰু কথা
কওঁতে মুখত সদায় হাঁহি এটা লাগি থাকে। কথা-বতৰাও বৰ সুন্দৰ ল’ৰাজনৰ।
: আঙুৰী!
: কওক,
বাইদেউ।
: তুমি সেই
বনৰীয়া ফুলৰ সোৱাদ লৈছা, নহয়নে?
আঙুৰীৰ নয়নযুগল অশ্ৰুৰে ওপচি পৰিল আৰু সেই
অশ্ৰুধাৰা তাইৰ দুয়োখন গাল আৰু ওঠেৰে ধাৰাসাৰে ব’বলৈ
ধৰিলে। আনকি তাই কথা ক’ব খোজোতেও
শব্দবোৰ বিগলিত ধাৰাত সিক্ত হৈ উচ্চাৰিত হ’ল।
: মই শপত খাই
কৈছোঁ তেওঁৰ হাতৰ পৰা মই কেতিয়াও মিঠাই খোৱা নাই। পানো লোৱা নাই। মাত্ৰ চাহ…
তেনেহলে চাহতে সেইবিধ বস্তু মিহলোৱা হৈছিল…?
আঙুৰীয়ে আৰু একো ফুটাই ক’ব
নোৱাৰিলে। কান্দোনৰ শব্দত তাইৰ কণ্ঠস্বৰ নিমজ্জিত হৈ পৰিল।
০০০০০০০০০০০০০০০০০০০
(মূল গল্প: অমৃতা
প্ৰীতমৰ ‘জংলী ফুল’)
ঠিকনা:

মাস্কাট, চুলতানেট অব ওমান।
ফোন: +৯৬৮-৯৯৬৭-২৭৮১।