বনলতা অথবা চম্মক চল্লো

 অংগনা ভট্টাচাৰ্য্য


 

সৌৱা!

তাইৰ সমুখত এজাক
ৰাংকুকুৰ৷

সিহঁতে জিভা মেলি,
নখ জোকাৰি তাইৰ ফালে আগুৱাই আহিছে৷

আটায়ে একেলগ হৈ তাইক
জপটিয়াই ধৰিছে৷ গছকিছে৷ ক্ষুৰধাৰ নখেৰে আঁচুৰিছে৷ তথাপি দেখোন তাইৰ গাৰ পৰা ওলোৱা নাই
এটোপালো তেজ! সিহঁতে তাইক গছকি থাকিল৷ আঁচুৰি থাকিল৷ সমগ্ৰ শৰীৰটোক নেফানেফ কৰি থাকিল৷

বহু পৰ পাৰ হ’ল৷

ৰাং কুকুৰৰ জাকটোৱে
তাইক কামুৰিয়েই থাকিল৷
 

তথাপি তাইৰ শৰীৰৰ
পৰা তেজ নোলাল৷ সিহঁত আচৰিত হ’ল৷ সিহঁতৰ ক্ষোভিত দুচকু কপালত উঠিল৷ এইবাৰ সিহঁত পলাল৷
তাইৰ দুচকুৰ জ্যোতিত সিহঁতৰ চাগৈ গাৰ ছাল ছিগিল৷

বনলতাই বুকুখন খেপিয়ালে৷
তাই উমান পালে— ঢপঢপকৈ কঁপি উঠা তাইৰ বুকুৰ ভিতৰত এয়া দেখোন চলিছে ধাৰাসাৰ ৰক্তৰ কোলাহল৷
তাই বুজিলে— ৰাংকুকুৰৰ কোনো হৃদয় নাই৷ সিহঁতে যাকেই চোৱে, তেওঁলোকৰো হৃদয়বোৰ মৰে৷

বনলতাৰ দুচকুত প্ৰচণ্ড
ক্ৰোধ৷ জুই হৈ জ্বলিছে শৰীৰৰ প্ৰতিবিন্দু তেজ৷ তথাপি তাইৰ হাত-ভৰি বন্ধা৷ মৰি যোৱা
হৃদয়খন লৈ সাহসো যে কেনিবা হেৰাল৷ তাই ভাবিলে,
 

উভতিবলৈ জানো আছে
এটা পোন বাট? দেউতাকৰ ৰঙা-চকু, 
মাকৰ বুজনি, ভায়েকহঁতৰ উকা দুহাত৷

উফ্!

বনলতা থমকি ৰয়৷

কিছু দূৰণিত ৰাংকুকুৰৰ
জাকটোৱে চোপ লৈ আছিল কিজানি!

লাই পাই ৰাংকুকুৰজাকে
পুনৰ তাইৰ ডিঙিলৈকে জঁপিয়ায়৷ বন্য উল্লাসত মত্ত বনৰীয়াৰ জাকটোৱে মানুহৰ কাণে-কাণে ফুচফুচায়—
 

“তাইৰ চৰিত্ৰ নাই৷
পোৰা কাগজৰ গোন্ধৰ দৰে ভাহি আহে তাইৰ চাৰ্টিফিকেটৰ পৰা ভেকেটা-ভেকেট গোন্ধ৷ তাইক চুলিত
ধৰি ৰাজবাটলৈ  উলিয়াই দিয়া যাওক৷ সভ্য পৰিয়ালত
থকাৰ তাইৰ কোনো যোগ্যতা নাই৷ তাই বজৰুৱা৷ কাৰণ, তাই গান ভাল পায়৷ তাই কবিতা ভাল পায়৷
মতা মানুহৰ সৈতে গা ঘেলাই তাই গান গায়৷ তাই কালৈকো ভয় নকৰি ডাঙৰ-ডাঙৰকৈ কথা কয়৷ ইমানৰ
পাছত কেনেকৈ তাইৰ  চৰিত্ৰ সৎ হ’ব?”

বনলতাৰ কাণ দুখনে
এইবাৰ সাৰ পায়৷

উদভ্ৰান্ত বনলতাই
নিজেই ৰাজবাটত খোজ থয়৷

গছ এজোপাৰ তলত আশ্ৰয়
ল’বলৈ আহি তাই দেখিলে— ৰাজপথত দেখোন এজোপাও গছ নাই! উদং পথটো এডাল কিচকিচিয়া ক’লা অজগৰৰ
দৰে পেট পেলাই পৰি আছে৷

এটা উকা হুমুনিয়াহ
তাইৰ দুই ওঁঠেৰে খহি পৰিল৷

চৌপাশ ৰাতিৰ আন্ধাৰত
বুৰ গৈছে৷ অথচ বাটবোৰ কৃত্ৰিম পোহৰত এতিয়াও উজলি আছে৷ 

সকলোতে কেৱল কৃত্ৰিম
পোহৰ!

“উফ্৷”

বনলতাই পুনৰ হুমুনিয়াহ
কাঢ়িলে৷

তেতিয়াইতো তাই লগ
পালে চম্মক চল্লোক৷ চম্মক চল্লোৱে নিজেই আগবাঢ়ি আহি পৰিচয় দিলে— “লুধিয়ানাৰ চোনী কুড়ি
মই৷”

তাইলৈ হাত এখন আগবঢ়াই
দি চম্মক চল্লোৱে ক’লে, “উঠাঁ বনলতা”৷

বনলতা দিকভ্ৰান্ত৷

অস্থিৰ, অস্তিত্বহীন৷

নিৰ্বাক৷ 

তাইৰ কঁপা চাৱনিৰ
প্ৰশ্ন বুজি চম্মক চল্লোৱে ক’লে
 

“মুক্তি বিচাৰি মই
গুৱাহাটীলৈকে আহিছোঁ৷ ভাবিছিলোঁ, ইয়াৰ মানুহবোৰৰ মন ব্ৰহ্মপুত্ৰৰ দৰে বিশাল৷ চাহপাতবোৰৰ
দৰে কোমল৷ পাহাৰবোৰৰ দৰে ওখ৷ কিন্তু ইয়াতো দেখোন মাজৰাতি বাটৰ দাঁতিত নাৰীবোৰ অৱলা
হৈ পৰি থাকে৷ কোৱাঁচোন মোক, কি বিচাৰি তুমি বাটলৈ ওলাইছা? নে তোমাক কোনোবাই অত্যাচাৰ
কৰিছে?”
 

বনলতা তেতিয়াও নিশ্চুপ৷ 

অথচ চম্মক চল্লো
স্থিৰ৷ জীৱনৰ দুৰ্বাসনাই সপ্তাহৰ ভিতৰতে সৱল কৰি তোলা দুৰ্দান্ত সাহসী তাই এতিয়া৷ তাই
এতিয়া বাপুৰ লাল দুলাড়ী নহয়৷ মাকৰ চকুৰ ইচাৰাত পলকতে ঘৰখনৰ সমস্ত কাম কৰি পেলোৱা তাই  “ঝল্লী” নহয়৷ তাই এতিয়া মহাৰাণী৷ নিজৰ জীৱন সাম্ৰাজ্যৰ
একচ্ছত্ৰী ৰাণী তাই৷ কাৰ বাপেকৰ পুতেকৰ মৰসাহ, তাইক উভতি ধৰাৰ?

বহুপৰৰ পাছত বনলতাৰ
মাত ওলাল৷ তাই ক’লে,

“তেওঁৰ মোক লৈ কি
আপত্তি আছিল জানানে, মই হেনো ঘৰৰ মানুহৰ কোনো 
কথাই নুশুনো৷”

চমক চল্লোৱে হাঁহিছিল৷
তাই বনলতাক কৈছিল

“তুমি পিছে কি ক’লা?
মই হোৱা হ’লে ক’লোঁহেতেন, শুনিব পৰা কথা হ’লেহে শুনিম৷ নুশুনিবলগীয়াবোৰনো কি কাৰণে
শুনিম? হোৱাই-নোহোৱাই, ভালে-বেয়াই সকলো কথা শুনি মই কি শ্ৰেষ্ঠ বোৱাৰীৰ অস্কাৰ ল’বলৈ
যাম?”

বনলতা তলমূৰ হ’ল৷
তাই পুনৰ দুখ মনেৰে ক’লে—

“মায়ে মোক কৈছিল, ছোৱালী মানুহৰ জীৱন
সহজ নহয়৷ 
কেৱল কাঁইটেৰে ভৰা,
কাঁইটেৰে ভৰা৷”

চম্মক চল্লোৱে উজ্জ্বল
দুচকুৰে বনলতাক ক’লে—

“তুমি চাগৈ মাৰাক  ক’বলৈ পাহৰিলা— কাঁইটবোৰো উঘালিব
পাৰি, 
বহু দূৰলৈ দলিয়াবও
পাৰি৷”
 

চম্মক চল্লোৰ কথা
শুনি বনলতা ঠাইতে দৰক লাগিল৷ ক’ত অপাৰ সাহসী চম্মক চল্লো আৰু ক’ত তাই!

তাইৰ ভাবনাত ব্যাঘাত
জন্মাই চম্মক চল্লোৱে ক’লে—

“উঠাঁ বনলতা৷ নিজে
থিয় নহ’লে থিয় হোৱাৰ ঠাইকণো এদিন হেৰুৱাবা৷”

বনলতাই দুখী মনেৰে
ক’লে—

“মই যে তোমাৰ দৰে
সাহসী নহয়৷ লুধিয়ানাৰ পৰা গুৱাহাটীলৈ অকলে
ফুৰিবলৈ অহাৰ দুঃসাহস মোৰ দৰে আজলী নাৰীৰ নাই৷ মই সামান্য এগৰাকী নাৰী৷ শিক্ষাৰ বাদে
মোৰ দুহাতত আৰু একো নাই৷”

“মই তোমাতকৈও দুৰ্বল
আছিলোঁ বনলতা৷ মোৰ যে শিক্ষাও নাই৷ ইংৰাজীত মাত্ৰ মই এটা বাক্যই ক’বলৈ জানোঁ—হি ইজ
মাই হাফ-ব্ৰাদাৰ৷ হি ইজ মাই হাফ ব্ৰাদাৰ৷ হাঃ হাঃ হাঃ৷”

হাঁহিত ফাটি পৰিল
চম্মক চল্লো৷

বনলতাই থতমত খালে৷
নিজৰ হাঁহি সামৰি চম্মক চল্লোৱে পুনৰ ক’লে—

“বাপু মোৰ বিচনাত৷ জীৱনৰ আজাদী বিচাৰি মোৰ
মায়ে আন এজনৰ হাতত ধৰি কেতিয়াবাই আমাক এৰি থৈ গৈছে৷ নতুন মা-জনী মোৰ বৰ ভাল৷ তেওঁ যেতিয়া
আমাৰ ঘৰলৈ আহিছিল, মই চাগৈ চাৰি বছৰীয়া আছিলোঁ৷ এবছৰৰ পাছতেই তেওঁ হৰপ্ৰীতক জন্ম দিলে
আৰু ঘৰখন চলোৱাৰ দায়িত্ব এৰি দিলে মোৰ ওপৰত৷ স্কুললৈ নগৈ প্ৰায়েই মই ৰেলত মাকৈ বেচিছিলোঁ৷
তেনেকৈয়ে মই আজিলৈকে দিন হাজিৰা উলিয়াওঁ৷ ঘৰত থকা সময়খিনিত হৰপ্ৰীতক কোলাই-বোকোচাই
লওঁ। তাৰ লগত খেলোঁ৷ মায়ে কেতিয়াও তাক মোক দিদি বুলি মাতিবলৈ নিশিকালে৷ লাহে-লাহে হৰপ্ৰীত
ডাঙৰ হ’ল৷ মোক মাৰিব পৰা হ’ল৷ মোৰ কষ্টৰ পইচা আজুৰি নিব পৰা হ’ল। আনকি মোক ৰেপ কৰিব
পৰাও হ’ল৷ মই কান্দি-কাটি মাক জনালোঁ৷ মায়ে ওলোটাকৈ মোক এচৰ শোধালে৷ বাপুক ক’লোঁ৷ পেৰালাইছিচ
হৈ বিচনাত পৰি থকা বাপুৱে কন্দাৰ বাদে একো কৰিব নোৱাৰিলে৷ মই হৰপ্ৰীতক সেৱা কৰোঁ, তাৰ
ভৰিত ধৰোঁ৷ চুলিত ধৰি টানি নি সি মোক নিতৌ চোবাই-চোবাই খায়৷ ৰাতিৰ শেষত সি মোৰ মুখতে
বমি কৰি দিয়ে৷ কোঠাৰ চৌপাশে সিঁচৰিত হৈ পৰি থকা মোৰ কামিজ, পায়জামা, দোপাট্টাৰ টুকুৰাবোৰ
কেনেবাকৈ সামৰি-সুতৰি লওঁ৷ দেহাৰ যাতনা পাহৰি বমিবোৰ ময়েই চাফা কৰোঁ৷ সামান্য চিটিকণি
এটা থাকিলেও মায়ে মোক আফালিব৷ মই নুশুনাকৈ মায়ে হৰপ্ৰীতক দুদিনমান বুজাইছিল৷ ভয় খুৱাইছিল
তাক— মানুহে গম পালে ইজ্জত ক’ত ৰ’ব বুলি৷ পিছে তেতিয়ালৈ সি কথা বুজি পোৱা মানুহ হৈ
থকা নাছিল৷ এদিন ৰেলত মাকৈ বেচি থাকোঁতে কি জানো খেলাল মনত, ঘৰলৈ গৈয়েই কোনেও নেদেখাকৈ
বেগত কাপোৰ ভৰালোঁ৷ মোৰ ইনকামখিনি হাতত ল’লোঁ আৰু বাপুৰ ভৰি দুখন চুই লোহিত এক্সপ্ৰেছত
উঠি দিলোঁ৷ জীয়াই থাকিবলৈ এই দুনীয়াত কামৰ অভাৱ নাই বনলতা৷ সৰুকৈ হ’লেও কিবা এটা কৰি
দুখন ৰুটিৰ যোগাৰ কৰিব পাৰি৷ ৰেলত আহি থাকোঁতেই কামৰ কথা ভাবি আছিলোঁ৷ দুদিনৰ মূৰত
মন্দিৰ এটাৰ চাফাইৱালীৰ চাকৰিটো পালোঁ৷ সামান্য মজুৰি৷ কিন্তু ৰাতি মূৰটো গুজিবলৈ সুবিধা
আছে৷ খোৱা-বোৱা নিজৰ৷ বৰ ভাল পালোঁ মই৷ সৌৱা মন্দিৰটো চোৱা! মোৰ নতুন এড্ৰেছ৷ ৰাতিৰ
এন্ধাৰতো কি ধুনীয়াকৈ জিলিকি আছে!”
 

বনলতাৰ মুখলৈ অকণ
পানী আহিল৷ তাইতকৈও যন্ত্ৰণা ভুগি থকা মানুহ আছে তাৰমানে? তাইতো মানসিক নিৰ্যাতনৰ বলি
হৈছে৷ চম্মক চল্লোৱেতো শৰীৰৰ সন্মানকণো হেৰুৱালে! উফ্ উফ্৷ তাই সহ্য কৰিব নোৱাৰি কাণ
দুখন চেপা মাৰি ধৰিলে৷
 

“নাকান্দিবা৷ কান্দিলে
মানুহে লাই পায়৷ এই সুবিধা পুনৰায় নিদিবা৷”

চম্মক চল্লোৱে বনলতাক
ক’লে৷ বনলতাই চাদৰখনেৰে চকুপানী মচি ক’লে—

“তোমাৰ লগতে মোকো
লৈ ব’লা৷”

“ক’লৈ?”

“মই নাজানো৷”

চম্মক চল্লোৱে পুনৰ
হাঁহিলে৷ তাৰ মাজতে বনলতাৰ হাতখন তাইৰ দুমুঠিত লৈ দৃঢ় কণ্ঠৰে ক’লে—

“ব’লা আমি স্বাধীনতা
বিচাৰি যাওঁ৷ ”

“ব’লা৷ আমি একেলগে
যাওঁ৷ সকলো আছে৷ অথচ একো নাই৷ এই জীৱন পৰাধীন নহয় নো কি?”

“দেশৰহে আজাদী হ’ল৷
মানুহবোৰৰ নহ’ল৷ মানুহবোৰ আজিলৈকে মানুহ নহ’ল৷ এই আজাদী মিছা নহয় যদি কি?”
 

বনলতাই চম্মক চল্লোৰ
উদ্দাত্ত কথাবোৰ শুনি থাকিল৷ কিবা এক গভীৰ সিৰসিৰণিয়ে তাইৰ বুকু কঁপাই তুলিলে৷

চম্মক চল্লোৱে ক’লে—

“উঠাঁ, উঠাঁ৷ আমি প্ৰথমতে
ব্ৰিটিছ খেদোঁ ব’লা৷”

বনলতা উঠিল৷

চমক চল্লোৱে সুধিলে,
“অৱ কহাঁ?”

বনলতাই আঙুলিয়াই
দেখুৱালে এখন চিনাকি পদুলিমুখ—

“সৌৱা! তাত এপাল
ব্ৰিটিছ আছে৷ নিজৰ অধিকাৰৰ কাৰণে এঘঁড়ী যুঁজ দিওঁ ব’লা৷ নামানিলে কাৰো মান-সন্মান নাচাওঁ৷
চিধাই থানালৈ যাম৷”

হাতে হাত ধৰি দুয়ো
আগবাঢ়িল৷

চমক চল্লোৱে গাই-গাই
গ’ল—

“য়ে আজাদী জ্যুঠী
হ্যে৷

 দেশ কী বেটিয়া দুখী হ্যে৷”