Category অন্যযুগ, এপ্ৰিল ২০২৫

অসহযোগ আন্দোলন আৰু অসমৰ চাহ বাগিচাৰ শ্ৰমিক

 ভৃগুমণি নাথ   ভাৰতৰ বৃটিছ বিৰোধী জাতীয় আন্দোলনত মোহনদাস কৰমচাঁদ গান্ধী, জনপ্ৰিয়ভাৱে মহাত্মা গান্ধীৰ পদাৰ্পণ এক লেখত ল’বলগীয়া ঘটনা৷ গান্ধীজীয়ে প্ৰতিবাদৰ ভাষা হিচাপে সত্য আৰু অহিংসা এই দুই শক্তিৰ ওপৰত আস্থা ৰাখিছিল৷ প্ৰথম অৱস্থাত গান্ধীয়ে ব্ৰিটিছৰ কাম-কাজত সমৰ্থন জনাইছিল; আনকি…

সেউজ বিলাপ

মনজিত বৰা   গছে গছৰ লগত কথা পতা দিনবোৰত পাতে পাতে খিলখিলাই হহাঁ সময় বোৰত আমি দেও দি ফুৰিছিলো আমাৰ শৈশৱত খেলিছিলো জপিয়াইছিলো গছৰ আঁৰত মাৰ ভয়ত   এদিন আমি প্ৰেম কৰাৰ সময়ত যেনে যৌৱনত প্ৰেয়সীক চুমা দিবলৈও লাগিছিল গছৰ…

আন’ৰা

 ৰিমলী বৰকটকী আন’ৰা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম৷ আজিৰ লেখাৰ বিষয় এই ছবি ছবি আন’ৰা, যিয়ে ৯৭তম একাডেমী বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অৰিজিনেল চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ…

দুটা কথাৰ কবিতা

প্ৰাণজিৎ মহন্ত (১) কথাবিলাকনো আৰু কি তুমি কাষত আছা যেতিয়া কথাই নাই   আৰম্ভ কৰোঁ বুলি ভাবিলে এই আৰম্ভ কৰিব পাৰি   আৰু শেষ কৰোঁ বুলি ভাবিলেও পাৰি কৰিব শেষ তৎক্ষণাত   কাৰণ মোৰ সকলো কথাৰ শেষ আৰু আৰম্ভণীতো তুমিয়েই…

পহিলা বহাগৰ পণ

অংকুৰণ আৰ্ফ ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল৷ সুৰটো অলপ পিছে বেলেগ৷ ঢোল অৱশ্যে ঢোলেই৷ কাঠৰে – গৰু ছালৰে ঢোল৷ সুৰ আৰু সময়টোহে বেলেগ৷ বেলেগ হোৱাটো আচৰিত হ’বলগীয়া কথা নহয়৷ যুগটো যে বেলেগ৷ এতিয়া তাহানিৰ…

ৰাজবাৰী

 অমৃত গোস্বামী   অফিচৰ পৰা ফোন কৰি ছোৱালীজনীয়ে (পৰম্পৰাগত সম্বোধনত বোৱাৰী) সুধিছিল, “দেউতা, প্ৰতিমা পাণ্ডে বৰুৱা অসমীয়া নহয় জানো?” মই বোলো হয় আক’, অলবত  অসমীয়া। তেওঁলোকৰ ঘৰ আমাৰ ধুবুৰী জিলাৰ গৌৰীপুৰ বোলা ঠাইডোখৰত। ৺প্ৰতিমা পাণ্ডে বৰুৱা গৌৰীপুৰৰ জমিদাৰৰ ঘৰৰ ছোৱালী।…

ভাৰসাম্য

 হিল্লোলজ্যোতি সিংহ   মাটিৰ গভীৰ আন্ধাৰৰ পৰা পিয়াসী শিপাই খেপিয়াই  শুহি লয় খনিজ-পানী   পাতে হাত মেলি আকাশলৈ চকুত সানি লয় সূৰ্য   চুলিশিপাৰ পৰা কুঁহিপাতৰ আগলৈ পানীনলৰ মাজেৰে প্ৰবাহিত প্ৰাণ   স্থিৰ অথচ গতিময়তাৰ দুভাগ শৰীৰ ভূমিৰ ওপৰ-তলত এক…

বনৰীয়া ফুল

 মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ   আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ হ’ল দ্বিতীয় জীৱনত প্ৰৱেশ…