বেংডোবাৰ ঘাট

 

                                                                    জয়ন্ত মাধৱ বৰা

 

৷৷ পাঁচ ৷৷

 

                বাৰে বাৰে ঐশ্বৰ্যময় ভৱিষ্যতৰ সপোন দেখিও বাৰে
বাৰে হতাশ হয় গণেশ৷ পুতলা থিয়েটাৰ কৰোঁতে ভাবিছিল
,তাৰ পাৰ্টীটো ডাঙৰ হ’ব, মানুহবোৰে আদৰি লৈ থাকিব পুতলা থিয়েটাৰক৷  নহ’ল৷ বিপৰীতে উপলুঙাহে কৰিলে–‘ধেই এইগিলা কায়
চায়
? হাতদি পুতুলাগিলা জাকাৰাই থাকে৷ হাঁহা ওলায়’৷ আন্দোলন
কৰোঁতে ভাবিছিল
, এইবাৰ সকলোৰে ভাল
হ’ব৷ আকৌ ৰামৰাজ্য ঘূৰি আহিব৷ একো নহ’ল৷ আন্দোলনৰ নেতাকেইটা এম এল এ
, মিনিষ্টাৰ হ’ল৷ বাকীবোৰৰ একোৱেই নহ’ল৷ তাৰ দৰে
কিছুমান মানুহ চিৰদিনৰ বাবে ঘূণীয়া হ’ল৷ এইবাৰো সি আশা কৰিছিল
, চব্‌জিৰ দোকানখন দি জীৱনটো নতুনকৈ আকৌ আৰম্ভ
কৰিব৷ আশা কৰা মতে নহ’ল৷ টকাও আশা কৰা মতে নাপালে আৰু আটাইতকৈ সমস্যা আহি
পৰিল  ঠাইক লৈ৷ যিখিনি ঠাইত চব্‌জিৰ
দোকান কেইখনমান আছে
, তাত তাক বহিবলৈ
নিদিয়ে৷ সিহঁতৰ ইউনিয়ন আছে
, ইউনিয়নে কিছুমান
নিয়ম কৰি লৈছে৷ চাৰিআলিটোৰ চুক এটাত বহিব খুজিছিল
, পুলিচে নিদিলে৷ উপায়হীন হৈ সি আকৌ চন্দ্ৰ ৰাভাৰ
কাষ চাপিল৷ চন্দ্ৰ ৰাভাই বজাৰখনৰ কাষতে বহুদিনৰ পৰা চাহ-তামোলৰ দোকান দি আছে৷
আদব-কায়দাবোৰ তাৰ জনা হৈ গৈছে৷

            : এটা কাম কৰ, মোৰ ওচৰতে বহ৷ কাবায় সুধিলি মোৰে দোকান ক’ম দে৷
আগতে ঠিক কৰ কুনখান কুনখান গাঙৰ পাৰা বস্তুগিলা আনবি৷ আজিকালি চবতে গুৱাহাটী বেপাৰী
সুমছে৷ গাঙত বস্তু বিচিৰায় গিলিও নাপাবাও পাৰা৷ বেপাৰীয়ে আগতে অলপ পুইচা দি ৰাখি
থয়৷

                গণেশ বিমোৰত পৰিল৷ এইবোৰ কথা দেখোন সি ভবাই
নাছিল৷ সকলোতে ইমান জটিলতা! সি ভাবিছিল এইটো একেবাৰে সহজ ব্যৱসায় হ’ব৷
বালি-চাপৰিবোৰত  কিছু লোকে বহুত খেতি কৰে৷
তালৈ গৈ সস্তাতে পাচলিবোৰ আনি অধিক দামত ধূপধৰা বজাৰত বিক্ৰী কৰিব পৰা যাব৷ গাঁৱলৈ
গৈহে সি গম পালে যে ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয়৷ গাঁৱত থলুৱা খিলঞ্জীয়াসকলে খেতি নকৰে৷
বাৰীখন হাবি-জংঘলেৰে ভৰি থাকে
, তথাপি খেতিৰ
নামত কূটা এগছো নকৰে৷ জিভাৰ আগত থাকে সহজ অজুহাত– ‘মাটিগিলা বেয়া হৈ গেল৷ কিবা এটা
কুৰলিও একো নোহায়৷
’ … ‘এ সমযে নাপাং৷’… ‘এ সিগিলা কুৰলি যিমান খৰচ হয়, তাৰকুৰি কিনি আনা ভাল৷ মুঠতে কাম নকৰাৰ অলেখ
অজুহাত৷ সকলোকে চৰকাৰী চাকৰি একোটা লাগে৷ লাগিলে পিয়নৰ চাকৰিয়েই হওক৷ মাজতে ইয়াত
চাকৰিৰ বজাৰ এখনেই হৈছিল৷ চাকৰি দিয়াৰ নামত টকা লোৱা দালাল কেইটামান ওলাইছিল৷
বহুতে টকা দিলে৷ তাকো দুটামানে উচটাইছিল–‘আন্দোলন কৰি লেংৰা হ’লি
,  অলপ পইচা দি চাক্‌ৰি
পাবি৷ যা৷
 গৈছিলো সি৷ দালালকেইটাই তাক গুৰুত্বই নিদিলে৷ গম পালে সি টকা দিব নোৱাৰে
বুলি৷ যিসোপাই টকা দিছিল তাৰো সৰহ সংখ্যকেই চাকৰি নাপালে৷ টকাসোপা পানীত পেলোৱাৰ
নিচিনা হ’ল৷ চাকৰি নোপোৱাসোপাই দালালকেইটাৰ ঘৰলৈ আহি টকা বিচাৰি প্ৰায়ে হাল্লা
কৰিছিল৷ প্ৰায়ে উত্তপ্ত হৈছিল পৰিস্থিতি৷ দুবাৰমান দালাল দুটামানক পুলিচে ধৰিও
নিছিল৷ জে
লতো সুমুৱাই থৈছিল৷ সকলোৱে ভাবিছিল, দালালকেইটাৰ কাহিনী সমাপ্ত৷ ইয়াৰ পাছত আৰু
দালালি কৰি মানুহক ঠগিবলৈ সিহঁতকেইটাই সাহস নকৰিব৷ পিছে সকলো ধাৰণা অসত্য বুলি
প্ৰমাণ কৰি দালালকেইটাই দুগুণ উৎসাহেৰে
আকৌ ঠগ-প্ৰৱঞ্চনাৰ নতুন নতুন জাল পাতিবলৈ আৰম্ভ কৰিলে অকণো লাজ নকৰাকৈ৷ আজিকালি
মানুহৰ লাজটোও হেনো কমি গৈছে৷ অপৰাধ আৰু অমানৱীয় কামবোৰ কৰিবলৈ অকণো লাজ আৰু ভয়
নকৰে৷ ভয়নো কিয় কৰিব
? লাজনো কিয় কৰিব?
অপৰাধ কৰি, অমানৱীয় কামবোৰ কৰি জেললৈ গ’লেও জেলৰ পৰা
ওলোৱাৰ পাছতে তেওঁক দুজনমানে ডিঙিত গামোচাখন পিন্ধায়েই নহয়৷ তেওঁ হাঁহি হাঁহি গামোচা
পিন্ধা দৃশ্যটো টিভিত দেখুৱায়
, ছ’চিয়েল মিডিয়াত
প্ৰচাৰ হয়৷ ভৰ্ৎসনা কৰাৰ সলনি মানুহজনক ওলোটাই নায়কলৈহে ৰূপান্তৰিত কৰা হয়৷
দুদিনমানৰ পাছত দেখিবা তেওঁ ৰাজনীতিত যোগ দিছে৷ এইবোৰৰ মাজত গণেশে পাত্তা পায় ক’ত
?

                চাপৰিৰ ফালে গৈ সি হতাশ হ’ল৷ তাৰ খেতিয়কসকলে আগতীয়াকৈ বেপাৰীৰ লগত চুক্তি কৰি থৈছে৷ তাতো
ছিণ্ডিকেট৷ ৰাজনৈতিক নেতাৰ আশিসধন্য কেইটামান ডেকাই এই ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰে৷
খেতিয়কসকলে শাক-পাচলিবোৰ এঠাইত জমা দিয়ে৷ দিয়ে মানে দিবই লাগিব৷ নিদিলে কথাবোৰ
বেলেগ হৈ যায়৷ সেই অঞ্চলৰ একো একোজন মাতব্বৰে সেই দায়িত্ব লয়৷ তাৰ বাবে তেৱোঁ এটা
শকত পৰিমাণৰ কমিছন পায়৷ কষ্ট কৰে খেতিয়কসকলে
, কষ্ট নকৰাকৈয়ে এসোপা মুনাফা লুটে, খেতিয়কতকৈও বেছি টকা ঘটে মাতব্বৰ আৰু সেই
ছিণ্ডিকেট চলোৱা মানুহকেইটাই৷ দুটকাৰ বস্তুটো বজাৰত হয়গৈ ত্ৰিছ টকা৷ খেতিয়কবোৰৰো ভয়৷ সিহঁতক বিপদৰ মাজলৈ
ঠেলি পঠিয়াবলৈ এই ছিণ্ডিকেট বাহিনীৰ বেছি সময় নালাগে৷ সিহঁতৰ হাতত ক্ষমতা আছে
,
টকা আছে৷ খেতিয়কবোৰে ভয় কৰে৷
অনাহকত ঝামেলাত সোমাবলৈ ইচ্
ছা নকৰে৷ কাৰোবাকতো পাচলিখিনি বিক্ৰী কৰিবই লাগিব৷ ইমান দিনে যেনেদৰে চলি আহিছে,
তেনেকৈয়ে চলি থাকক৷ ইয়াৰ
মাজত গণেশে তাৰ ব্যৱসায়ৰ বাবে পাচলি দিয়া এজনো খেতিয়ক নাপালে৷ নিজৰ বাৰীতে অকণমান
খেতি কৰা দুই-এজনে দিব
, দাম বেছি৷ ইফালে পৰিমা কম৷ তাৰে ব্যৱসায় কৰিলে লাভতকৈ লোকচানহে বেছি হ’ব৷ হতাশ হৈ গণেশ ঘূৰি আহিল৷ বেংডোবাৰ পাৰত বহি সি আকৌ অনুভৱ কৰিলে নিৰ্মম
নিঃসংগতা আৰু বিষাদৰ তীক্ষ্ণ দংশন৷ কোনো কামতে সি কৃতকাৰ্য হ’ব নোৱাৰে কিয়
?
সি আকৌ চন্দ্ৰ ৰাভাৰ কাষ
পালেগৈ৷

                : কি হ’ল?

                : নহাবো৷ সিগিলা আগতে থিক হৈ থাকে৷

             : দেচুন, চেষ্টা কৰি থাক৷ কিবা এটা উপায় ওলাব দে৷ মই
ইয়াত আগতে তামোল-পাণৰ দোকানহে দিছিলোঁ৷ দিনটাত কিতিয়াবা দছ টাকাও ইনকাম হোৱা
নাছিল৷ লাহে লাহে ইতিয়াহে অলপ হৈছে৷

           চন্দ্ৰৰ কথাই তাক চিন্তাতহে পেলালে– সঁচাকৈ তাৰ
ধৈৰ্যৰ অভাৱ নেকি
? একো এটা কামৰ
বাবেই সি উপযুক্ত নহয় নেকি
? তাৰ নিজৰ সীমাদ্ধতাই তাকেই হেঁচা মাৰি ধৰিলে৷ ঘৰলৈ আহিও শান্তি নাপালে৷ সীমাহীন অস্বস্তি,
বিৰক্তি৷ ঘৈণীয়েকজনী
এতিয়াও অহা নাই৷ কাৰ লগত ক’ত বা তাই ঘূৰি ফুৰিছেগৈ সি নাজানে৷ এইখননো ঘৰ হ’লনে
? এইখনকনো ঘৰ বুলি ক’ব পাৰিনে? আগতে ঘৰখন ধৰি ৰাখিবলৈ মাকে কিমান কষ্ট কৰিছিল৷
ৰাতিপুৱাৰ পৰা ৰাতি দুপৰলৈকে মানুহজনীয়ে ৰ’বলৈ সময় নাপাইছিল৷ ঘৰখনত অভাৱ আছিল
,
অশান্তি আছিল, কিন্তু ঘৰখন ঘৰ হৈ আছিল৷ ৰ’দ বৰষুণৰ পৰা ৰক্ষা
পাবলৈ আশ্ৰয় অকন আছে বুলি স্বস্তি অনুভৱ কৰিছিল৷ দুখে-ভাগৰে আহি ঘৰখনত সোমোৱাৰ
পাছত ক্লান্তি আঁতৰিছিল৷ এতিয়া এইখন ঘৰত সোমাবলৈকে মন নাযায়৷

                দুদিনমান সি ঘৰতে সোমাই থাকিল৷ হতাশা, নৈৰাশ্য আৰু অসহায়বোধে তাক এনেদৰে হেঁচা মাৰি
ধৰিছে
, উঠিবলৈ চেষ্টা
কৰিও সি উঠিব পৰা নাই৷ সি আটাইতকৈ বেছিকৈ ভাগি পৰে হীৰামণিৰ কথা মনলৈ আহিলে৷ এই
মানুহজনীয়ে তাৰ জীৱনটো নৰককুণ্ড কৰি তুলিলে৷ প্ৰেম আৰু ভালপোৱাবোৰে বুকুত বাহ লোৱা
দিনতে সি কল্পনা কৰিছিল বায়খো পূজাতে সি মনৰ মানুহজনী বিচাৰি ল’ব৷ তাৰ আগতে
ছোৱালীজনী মাতৃ-বংশীয় নেকি খোজ-খবৰ কৰি ল’ব৷ কাৰণ মাতৃ-বংশীয় বাৰায়-হুৰি মানেই একে
গোত্ৰৰ আৰু একে গোত্ৰৰ মানেই একে পৰিয়ালৰ৷ ভাই-ভনী৷ ভাই-ভনীৰ মাজততো আৰু বিয়া হ’ব
নোৱাৰে৷  সি সেইবোৰ কল্পনা কৰিছিল৷ নিজৰ
বাৰায়-হুৰি নোহোৱা এজনী ধুনীয়া ছোৱালীৰ লগত ছাথাৰ নাচিব৷ উলাহতে গাব–
‘আতো তেমো আতো বোবায় নোয মনি ৰিবাচাৰে মনি ৰিবাচা, নাৰং পাকে ছাথাৰ থৗমা ছালেয মনি ৰিবাচাৰে মনি
ৰিবাচা’৷ ‘কি ক’ম কি নক’ম
, তোমাক ক’বলৈ
কথাবোৰ মনলৈ নাহে আৰু তোমাৰ লগত গীত গাবলৈ গীতবোৰ মনলৈ নাহে৷
 সি কল্পনা কৰিছিল
এইবোৰ৷ কল্পনা কৰি কৰি সপোন দেখিছিল৷ সপোনহে দেখিলে
, এটাও নফলিয়ালে৷ এটাৰ পাছত আন এটা সমস্যাই তাক
এনেদৰে মেৰিয়াই ধৰিলে যে
 বায়খো পূজাত তাৰ
ছাথাৰ গীত গোৱা নহ’ল কোনোদিন৷ আজিকালি বায়খো পূজাত ছাথাৰ নৃত্য-গীত কৰি কোনেও
ছোৱালী ঠিক নকৰে৷ ম’বাইলতে প্ৰেম হয়৷ বাইক এখন যেনে তেনে গোটাব পাৰিলেই ছোৱালী
পলুৱাই নিয়েই৷ এনেয়েও মাক-দেউতাকে ছোৱালীবোৰ কম বয়সতে বিয়া দিয়েই৷ পঢ়া-শুনা নাই
যেতিয়া ঘৰত সুমুৱাই ৰাখি কি কৰিব
? সিহঁতৰ গাঁওখনত
উচ্চশিক্ষিত ছোৱালী নাই বুলিয়েই ক’ব পাৰি৷ বহু ছোৱালী হাইস্কুলৰ ডেওনাখনেই পাৰ
নহয়৷ ল’ৰাবোৰে দুশ্ৰেণীমান পঢ়ে৷ কিছুমান কলেজো পায়গৈ৷ তাৰ পাছতেই পঢ়া শেষ৷ সি
জনাত ৰমেন মাষ্টৰৰ ছোৱালীজনীয়েহে গুৱাহাটীৰ ইউনিভাৰছিটিত পঢ়ি আহি ইয়াৰ কলেজ এখনত
প্ৰফেছৰৰ চাকৰি কৰি আছে৷ ছোৱালীবোৰৰ কথা বাদেই
, ল’ৰাবোৰেনো কিমান পঢ়া-শুনা কৰে? দুই-এটাৰ বাহিৰে বেছিভাগ ল’ৰা কলেজ পোৱাৰ পাছতে
বেয়াৰ ফালেহে বেছিকৈ যায়৷ অৱশ্যে বহুত মাক-দেউতাকৰ নিজৰ ল’ৰা-ছোৱালীক ভালকৈ
পঢ়া-শুনা কৰোৱাবলৈ সামৰ্থ্যও নাথাকে৷ যেনেদৰে সিহঁতৰ নাছিল৷

                কেইদিনমান ঘৰতে সোমাই থকাৰ পাছত এদিন সি আকৌ
ওলাই গ’ল৷ ঘৰতে সোমাই থাকিলে খাব কি
? চৰকাৰে কিছুমান সুবিধা দিছে, সেইবিলাক ল’ব
পাৰি নেকি চাব লাগিব৷ কিবা আত্মসহায়ক গোট খোলাৰ কথা কৈছে
, সেইবোৰ সি ভালকৈ নাজানে৷ চন্দ্ৰক সুধিব লাগিব৷
চাৰিআলিটো পোৱাৰ পাছত দূৰৈৰ পৰাই সি দেখিলে চন্দ্ৰ খুব ব্যস্ত৷ দোকানৰ সামগ্ৰীবোৰ
খৰধৰকৈ বেগত ভৰাইছে৷ গণেশৰ গাটো জিকাৰ খাই উঠিল৷ ইয়াকো আকৌ কোনোবাই দোকান উঠাই
নিবলৈ ধমকি দিছে নেকি
? উত্তেজিত আৰু
উৎকণ্ঠিত হৈ সি দৌৰি যোৱাদি চন্দ্ৰৰ কাষ পালেগৈ৷

                : আজি চুন দৰংগিৰিত বাজাৰ৷ তাতে যাং৷ তাতে ভাল
বিক্ৰী হয়৷ – বস্তুবোৰ বেগত ভৰাই থাকিয়েই উৎসাহত ক’লে চন্দ্ৰই৷ গ
ণেশে উপলব্ধি কৰিলে চন্দ্ৰ যে জীৱনত সফল হৈছে এইটোৱেই কাৰণ– কষ্ট কৰে৷ সময়ৰ সুযোগ
গ্ৰহণ কৰে৷ সেই কাৰণেই পুতলা থিয়েটাৰত তাৰ তলত কাম কৰাৰ পৰা সি ইমানখিনি উন্নতি
কৰিব পাৰিছে৷ গ
ণেশে অনুভৱ কৰিলে তাৰ সেই দৃষ্টি নাই৷ সময়ৰ সি
হিচাপ নাৰাখে৷ সময়ৰ সৈতে উটিহে যায়৷ নহ’লে পুতলা থিয়েটাৰখনত ভেজা দিয়েই সি বেলেগ
কিবা এটা কৰিব পাৰিলেহেঁতেন৷ আকাশখনতো ইমান সৰু নহয় যে তাৰ উৰিবলৈ ঠাই নোহোৱা হৈ
গ’ল৷ এঠাইত উৰিবলৈ ঠাই নাপালে বেলেগ ফালে উৰিবলৈ চেষ্টা কৰিব লাগিছিল৷

                : যাবি নাকি? – চন্দ্ৰৰ মাতত সি উচপ্‌ খাই উঠিল৷

             : ‘চ যোৱা যদি৷ মোকো অলপ সহায় কুৰি দিবি৷
কেতিয়াবা মেল্লা মানু হয়৷ একেলায় দিগদাৰ হয়৷ চিন্তা নকৰবি
, ভাত-পানী চব খুৱাম৷

               ণেশৰ বুকুখনত কিবা এটাই
খুন্দিয়াই যোৱা যেন লাগিল৷ আগতে সিয়ো চন্দ্ৰক তেনেদৰেই কৈছিল– ‘আহিবিনাকি মোৰ
থিয়েটাৰত কাম কুৰবা
? চিন্তা নুকুৰবি,
ভাত-পানী চব খুৱাম৷ অলপ
পইচাও দিম৷
 আজি চন্দ্ৰই তাক কৈছে– ‘চিন্তা নকৰবি, ভাত-পানী চব খুৱাম৷’ সি একো নক’লে৷ মাত্ৰ
চন্দ্ৰই দোকানৰ সামগ্ৰী ভৰোৱা বেগ এটা দাঙি ল’লে৷

                দৰংগিৰিত বাছৰ পৰা নামি গণেশ অবাক হৈ গ’ল৷ ইমান
মানুহ
! দৰংগিৰিৰ কলৰ
বজাৰ৷ পুতলা থিয়েটাৰ কৰি থাকোঁ
তেই কোনোবাই কোৱা তাৰ মনত আছে– এইখন হেনো এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ কলৰ বজাৰ৷ ভাৰত স্বাধীন হোৱাই
নাছিল তেতিয়া
, তেতিয়াই এই
বজাৰখন আৰম্ভ হৈছিল৷ বজাৰখনত কেৱল কলহে পোৱা যায়৷ বিভিন্ন জাতৰ কল৷ মালভোগ
,
চেনীচম্পা, জাহাজী, বৰতমণি, ভীম, আঠিয়া, কাচকল, মনোহৰ, বিভিন্ন জাতৰ কল৷ দৰংগিৰি অঞ্চলক আৱৰি থকা উন্‌চল্লিছখন গাঁৱক সামৰি গঠিত হোৱা
দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে এই বজাৰখন পৰিচালনা কৰে৷ আউল নলগাকৈ বজাৰখন যাতে
চলি থাকে তাৰবাবে দুজন পিয়ন
, এজন চকিদাৰ,
দুজন চাফাই কৰ্মী আৰু
খাজনা সংগ্ৰহৰ বাবে তেৰজন স্থানীয় ডেকাক দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে
কৰ্ম-সংস্থাপন দিছে৷

            ণেশে বহু সময় অবাক হৈ বজাৰখনলৈকে
চাই থাকিল– ইমান ডাঙৰ কলৰ বজাৰ! চাৰিওফালে কেৱল কলেই কল৷ বিহাৰ
, পশ্চিমবংগ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পৰা বেপাৰীবোৰ ট্ৰাক লৈ আহিছে কল
কিনিবলৈ৷

            : তুই বাজাৰৰ মানুহগিলাক চাই থাকবি না কাম কুৰবি?’– চন্দ্ৰৰ মাততহে তাৰ সম্বিত ঘূৰি আহিল৷ ‘মই পানী
লৈ আহোঁ
৷ তুই টেবুলত বস্তুগিলা থিক কৰ’৷ চন্দ্ৰ পানী
আনিবলৈ গ’ল৷ লৰালৰিকৈ সি বেগৰ পৰা চাহৰ সৰঞ্জামবোৰ উলিয়াই টেবুলখনৰ ওপৰত থ’লে৷
চাহপাত
, চেনী, বিস্কুটৰ টেমাবোৰ ভাগে ভাগে সজালে৷ আজিকালি
মানুহে য’ৰ-ত’ৰ পানী নাখায়৷ চাহ খাবলৈ আহি সোধে–‘তহঁতে চাহ বনাবলৈ পানী ক’ৰপৰা আন
?  এই খালটোৰ পানী নেকি?’

          : অফিচত কমিটিয়ে পানী দে৷ মুই তাৰপৰা আনোং৷ তাৰ
পৰা অনা পানীৰ বাল্টিটো নেদেখুৱালৈকে চাহ নাখায়৷
 সৰুতে সিহঁতে ফুটবল খেলি থাকোঁতে
পিয়াহ লাগিলে পথাৰৰ ডোঙা বান্ধি থকা পানীকে খাইছিল৷ ঘৰত খাবলৈ আনিছিল মেটেকা
,
পুনিৰে ভৰি থকা বেংডোবাৰ
পানী৷ আজিকালি মানুহে সেইবোৰ পানী খাবলৈ ইচ্ছা নকৰে৷ ধনী মানুহবোৰে ঘৰত  টিউবৱেল বহুৱাই লয়৷ নোৱৰাবোৰে বাট-কুৰি বাই
কলহ-বাল্টি লৈ চৰকাৰী আঁচনিৰ পানী আনেগৈ৷ কিছুমানে কিন্তু এতিয়াও পুখুৰীৰ পানীকে
খায়৷ সিয়েই খায়৷ সিদিনা চন্দ্ৰৰ দোকানৰ কাষত ৰৈ থাকোঁতে দুজন মানুহে চাহ খাই খাই পাতি
থকা কথাবোৰ সি শুনি আছিল৷ মানুহ দুজনৰ কথাবোৰ তাৰ এতিয়া মনত পৰি গ’ল৷ এজনে
কৈছিল– 
সলনি হৈছে, মানুহৰ জীৱনধাৰা
সলনি হৈছে৷ ঘৰলৈ টি ভিটো অহাৰ পৰা
, হাতলৈ ম’বাইলটো
অহাৰ পৰা মানুহৰ জীৱনধাৰা সলনি হৈছে খুব দ্ৰুত গতিত৷
 আনজনে বিদ্ৰুপৰ হাঁহি বিৰিঙাই
কৈছিল– 
জীৱনধাৰাহে সলনি হৈছে৷ চিন্তাৰ সলনি হোৱা নাই৷ মানসিকতাৰ সলনি হোৱা নাই৷ এশ
বছৰৰ আগৰ দৰেই আছে৷ এতিয়াও জাতি-ধৰ্ম লৈ কাজিয়া৷ হাতত দামী ম’বাইল
, অথচ অন্ধবিশ্বাসী হৈ যা-তা কাম কৰে৷ গণেশে মানুহ দুজনৰ কথাবোৰৰ অৰ্থ বুজি পোৱা নাছিল৷ এটাই সলনি হ’ল বুলি কয়, এটাই সলনি হোৱা নাই বুলি কয়৷ কথাবোৰ তাৰ
নুবুজাকৈয়ে থাকি গ’ল৷ এতিয়া চন্দ্ৰই চাহৰ বাবে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ
অফিচৰ টেপটোৰ পৰা পানী আনিবলৈ যোৱা দেখি কথাবোৰ তাৰ আকৌ মনত পৰি গ’ল৷

             চন্দ্ৰই পানী আনি পোৱালে দুজনমান গ্ৰাহক আহিলেই
চাহ খাবলৈ৷ ইমান দেৰিলৈকে চাহৰ ব্যৱস্থা নোহোৱাত গ্ৰাহককেইজনে বিৰক্তি প্ৰকাশ
কৰিলে–
‘অসমীয়া মানুহে বিজনেছ নোৱাৰে৷ দেখিছা, এতিয়ালৈকে দোকান খোলাই নাই৷ মাৰোৱাৰীৰ দোকানবোৰ
চাবা
, ৰাতিপুৱা ছয়টাতে খুলি
গ্ৰাহকলৈ ৰৈ থাকিব৷ আমাৰ ওলোটা৷ গ্ৰাহক ৰৈ থাকে৷ বিজনেছ কেনেকৈ কৰিব লাগে সিহঁতৰ
পৰা শিকিব লাগে৷
 চাহ নোখোৱাকৈ মানুহ দুজন আঁতৰি গ’ল৷ তেওঁলোক আঁতৰি যোৱাৰ পাছত
চন্দ্ৰই ভোৰভোৰালে–‘হু কথা ক’ব আহে৷ সেইবোৰে ইয়াত টকা ঘটিবলৈকে আহে৷ ইয়াত টকাখিনি
ঘটি ৰাজস্থানলৈ লৈ যায়৷ ছটাতে দোকান নুখুলি কি কৰিব
? আমি ব্যৱসায় কৰোঁ জীয়াই থাকিবলৈ৷ ঘৰখনৰ সকলো
কাম কৰাৰ পাছতহে টকা ঘটাৰ কথা আহে৷ চাহকাপ খাবলৈ নাপালে বুলিয়েই ডাঙৰ ডাঙৰ কথা৷

                গণেশে একো নক’লে৷ চন্দ্ৰই অনা পানী অলপ কেট্‌লিটোত
ভৰাই গৰম কৰিবলৈ ধৰিলে সি৷ চন্দ্ৰই পুৰি-চবজিখিনি ঠিক কৰাত লাগিল৷ চব্‌জিখিনি সি
ঘৰতেই কৰি আনিছে৷ কাম কৰি থাকোঁতেও সি ভোৰভোৰাই থাকিল–‘এই মানুহগিলাই আমাক একেবাৰে
বুৰ্বক বুলি ভাবে৷ ভাবে
, আমি একো কাম
কুৰবা নাজনা বুলি ভাবে৷ আৰে গাঁঙত যাই চাই আহক৷ আমাৰ ছলিগিলাই কি কুৰছে চাই আহিবা
দে৷ আগৰ দিন নাই৷ আজিকালি আমাৰ ছলিগিলাই অলপ জানা বুজা হলিয়েই টাকা-পইচা কামাব ধৰে৷
আপামখাই টি ভি-চিভি
, ম’বাইল-চোবাইল
ভাল কুৰবা শিকছে
, কাবাই কাবাই হোটেলো
খুলছে আপীগিলাও কাপোৰ বেচোৱা
, মেক-আপ চেক-আপ,
কাপোৰ চিলোৱা, এইগিলা কাম কৰি আছে৷ গাঁঙলীয়া তিৰিগিলাও যে
বেপাৰ-চেপাৰ কৰে সেইগিলা দেখা নাপায়৷ খালি একো নাজানা বুলি হাঁহে৷
’ গণেশে গম পালে
চন্দ্ৰৰ খং উঠিছে৷

                লাহে লাহে গ্ৰাহক ইমান বাঢ়িবলৈ ধৰিলে সিহঁত
দুয়োটাৰে উশাহ ল’বলৈ সময় নোহোৱা হ’ল৷ পুৰি-চব্‌জি
, চাহ, কাৰোবাক গাখীৰ দিয়া চাহ, কাৰোবাক লাল চাহ,
কাৰোবাক চেনী দিয়া,
কাৰোবাক নিদিয়া, উস্‌! প্ৰথমবাৰৰ কাৰণেই বোধহয়, কাক কি দিব লাগে সি কেতিয়াবা উৱাদিহ নোপোৱা হয়৷
খপজপাই থাকে৷ চন্দ্ৰ কিন্তু ওস্তাদ৷ গ্ৰাহকে খোজাৰ লগে লগে চাহ পুৰি যেনেকৈ দিছে
,
টকাখিনিও সিমান তৎপৰতাৰে
লৈছে৷

                : বাপৰে, মেল্লা কল বিক্ৰী হয় দেই৷ গণেশৰ মুখত আশ্চৰ্যৰ ভাৱ৷

              : চব সময়ে একে নাথাকে – পুৰিভাজি থকাৰ মাজতে চন্দ্ৰই ক’লে৷ ‘আগষ্টৰ পৰা ডিচেম্বৰ লাগি চব্‌জে বেছি কল
বিক্ৰী হয়৷

                সেই সময়তে ল’ৰাকেইটামান আহি চন্দ্ৰক টকা
বিচাৰিলে৷ ‘মুই খাজনা দিলোংতো।’– চন্দ্ৰই অসন্তুষ্ট ভাবত ক’লে৷ ল’ৰাকেইটা জক্‌জকাই
উঠিল– ‘আৰে সিটা কমিটিৰ৷ আমাৰতা বেলেগ৷ আমাক দিবাই লাগ্‌ব৷
’ চন্দ্ৰই বিৰক্তিৰে টকা
দহটা উলিয়াই দিলে৷ ল’ৰাকেইটা জাঙুৰ খাই উঠিল– ‘ধুই 
ভিক্ষাৰী পাইছ
? ইয়াতে ইনকাম কৰা
আৰু আমাকে পাট্টা নেদা
? এক্‌শ দি,
এক্‌শ দি৷

                : চাহ বেচাই কি এক্‌শ টাকা ওলাই নাকি?’– চন্দ্ৰৰ মাতটো
অলপ টানকৈ ওলাল৷ লগে লগে ল’ৰাকেইটাই 
এনেকুৱা কৰিলে যেন দোকানৰ বস্তুবোৰ দলিয়াইহে পেলাব৷ ‘আমাৰ ওপৰত দাদাগিৰি
দেখাঅৱা
, তৰ আজিৰ পাৰা
বাজাৰত দোকান দেৱা বন্ধ৷ চিধা কথা৷
’ উপায়হীন হৈ চন্দ্ৰই টকা এশ উলিয়াই দিলে৷
ল’ৰাকেইটাই থাপ মাৰি নিয়াদি এশ টকাৰ নোটখন লৈ আঁতৰি গ’ল৷ বিষণ্ণ হৈ পৰিল চন্দ্ৰৰ
মুখমণ্ডল৷ ‘সোমবাৰ আৰো বিস্তিবাৰে বাজাৰখান বহে৷ এই  আপাগিলাই এই দুই  দিনতে বেপাৰীগিলাৰ পাৰা দম দি ইমান টাকা লয় আৰো
বহি বহি খায়৷ আমি কষ্ট কৰং
, আৰো তাহা উপৰতে
খায়৷
’ – ক্ষোভত, দুখত চন্দ্ৰই
ক’লে৷

                : কমিটিয়ে ইগিলা বন্ধ কুৰবা লাগে৷

             : হু, এইমাখা ডাঙাৰ ডাঙাৰ মানুৰ পাছত ঘূৰা৷ কমিটিৰ মানুক ক’ত খাতিৰ কুৰব? পুলিচেও একো নকৰে৷

                : কমিটিৰ কুৰি ইহাই বেছি পুইচা লয়৷

                : কমিটিয়েতো পুইচাগিলা ভাল কামত লাগায়৷ গাঙৰ
দুখীয়া মানুৰ বেমাৰ হলি কমিটিয়ে পুইচা-পাতি দি সহায় কৰে৷ পঢ়াবা পাৰা ছলিগিলাক
পুইচা-পাতি দিয়ে৷ চবকে সহায় কৰে৷ কমিটিৰ মানুৰ এক্সিডে
ণ্ট ’লি, লগে লগে দহ হাজাৰ টাকা দে৷ এই আপামখাৰতো একো নাই৷ পুইচা তুলে, মদ খায় আৰো উৎপাত কৰে৷ ধুই৷

                ৰাতিপুৱাৰ পৰা যি উৎসাহ উদ্দীপনাৰে কাম কৰি
আছিল
, এই ল’ৰাকেইটাই নিমিষতে
শেষ কৰি থৈ গ’ল৷ পুৰি-চবজি চাহ খাবলৈ গ্ৰাহক আহে
, চন্দ্ৰ আৰু গণেশ ব্যস্ত হৈ পৰে৷ এই ব্যস্ততাৰ
মাজত সিহঁতৰ ভাত খোৱাই নহ’ল৷ চন্দ্ৰই এবাৰ গণেশক কৈছিল–‘পুইচাখিনি ল আৰো হোটেলত
ভাত খাই আহ৷
 গণেশ নগ’ল৷ চন্দ্ৰক এৰি অকলে ভাত খাবলৈ মন নগ’ল তাৰ৷ গ্ৰাহক নথকাৰ
সুবিধা লৈ তাতে দুয়োটাই পুৰি-চব্‌জি খাই ল’লে৷ গধূলিলৈকে সিহঁতৰ হোটেলখন চলি
থাকিল৷ মাজতে ঘুগ্‌নি শেষ হৈছিল৷ চন্দ্ৰই সিজোৱা মটৰ লৈয়েই আহিছিল৷ সেইখিনিৰে আকৌ
প্ৰস্তুত কৰিলে৷ আন্ধাৰ নমাৰ আগেয়েই সেইখিনিও শেষ হ’ল৷ তাৰ পাছতো গ্ৰাহক আহিল৷ ‘নাই
নাই
, খালি চাহ পাব৷

                দোকানৰ সামগ্ৰবোৰ বেগত ভৰাই দুয়োটা আকৌ ধুপধৰা
পালেহি৷ এৰা-এৰি হোৱাৰ সময়ত চন্দ্ৰই গণেশলৈ টকা দুশ আগবঢ়াই দিলে–‘হ ইটা ল৷ তুই
থাকা কাৰণে আজি বহুত ভাল হ’ল৷ ভাত-চাত খুৱাবা নৰলোঁ৷ বেয়া নাপাবি৷
 গণেশে একো
নক’লে৷ এই সময়ত দুশ টকা তাৰ কাৰণে কিমান প্ৰয়োজনীয়
, সেইটো সিহে জানে৷

                : দিনততো ভাত খাৱা নহালেই৷ চ’ দুইজনেই ইয়াৰ হোটেলতে খাই লং৷ ৰাতি আৰু ঘৰত যাই
ভাত ৰান্ধবা নালগে৷
 –চন্দ্ৰই ক’লে৷ দুশ টকা পোৱাৰ পাছত তাৰ ভোক, ভাগৰ সকলো দূৰ হৈছিলেই, এতিয়া ভাত খোৱাৰ কথা কোৱাত আনন্দতে তাৰ সুহুৰি
বজাই দিবৰ মন গ’ল৷ আগতে পুতলা থিয়েটাৰ কৰোঁতে নাটকৰ মাজে মাজে সি সুহুৰি বজাইছিল৷
সি সুহুৰি ভালকৈ বজাব জানে৷ এতিয়াও সুহুৰিয়াবলৈ লৈ ৰৈ গ’ল৷ নিশা হেনো সুহুৰি বজাব
নাপায়৷ নিশা সুহুৰি বজালে ভূত-প্ৰেত আহে বোলে
?

                হোটেলত ভাত খাই ঘৰ পোৱা মানে নিশা ভালেখিনি
হ’ল৷ গাঁৱত মানুহবোৰ সোনকালে শোৱে৷ ধূপধৰাত সন্ধ্যা মানে গাঁৱৰ ভিতৰত দুপৰ নিশা৷
অৱশ্যে আজিকালি ঘৰে ঘৰে টিভি হোৱাৰ পৰা ৰাতি দুপৰলৈকে ধাৰাবাহিক চাই বহি থাকে
গাঁৱৰ প্ৰায়বোৰেই৷ কিছুমান ফে
’চবুকতো ব্যস্ত থাকে৷ ল’ৰা-ছোৱালীৰ হাতে হাতে ফোন৷
ৰাস্তাত হ’লে নৰ-মনিচ এটাও পোৱা নাযায়৷ সকলো নিজৰ মাজতে ব্যস্ত৷ আগতে গাঁওবোৰত
তেনেকুৱা নাছিল৷ নিশা নমান বজালৈকে গাঁৱৰ প্ৰায়বোৰ ঘৰৰে আগফালৰ দুৱাৰখন জপাই থোৱাৰ
নিয়ম নাছিল৷ সন্ধিয়া ইঘৰ-সিঘৰলৈ গৈ তামোলৰ জুতি লৈছিল
, কথাৰ মহলা মাৰিছিল৷ জাৰকালি জুই একুৰা মাজত লৈ
কিমানযে কথা! আজিকালি সেইবোৰ দৃশ্য বিৰল৷

                জৰাজীৰ্ণ ঘৰটোৰ দুৱাৰ খুলি আনদিনাৰ দৰে আজি
গণেশৰ মন বিমৰ্ষ নহ’ল৷ বহুদিনৰ মূৰত যেন আজি যেন কিবা এটা পালে৷ বহুদিনৰ মূৰত যেন
জীৱনটো জীপাল হৈ উঠিল৷ তাৰ চকুত জিলিকি উঠিল কজলা দিগন্তত উৰন্ত মেঘৰ ছাঁ৷
বেংডোবাৰ
 পানীযুঁৱলিত
জঁপিয়াই উঠা ডৰিকনা মাছৰ দৰে তাৰো জঁপিয়াই জঁপিয়াই নাচিবলৈ মন গ’ল৷

(আগলৈ)