Category অন্যযুগ, মে’ ২০২৫

ভোকৰ সাধুকথা

অৰুণ গগৈ   গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল   গহীন হৈ পৰা সন্ধিয়াটো শিয়ালৰ মাতত জয়াল হৈছিল ভয়াল হৈছিল উদং পথাৰ   শিল হোৱা সময়ৰ যাতনাক সাবটি জুপুৰিবোৰত ভোকৰ সাধুকথা এটা চৰি…

কুকুৰীকণা Poem June 2025

প্ৰদীপ শইকীয়া কোনযোৰ চচমা সঁচা ৷  ক্লাছিক পতনুৱা ৷ কোনবোৰ মিছা চিধা-চকুৱা আমি মুলুং মানুহ ৷ অনেক যুদ্ধ দেখিলি অনেক যুঁজাৰু ৷ দ্ৰোহী বিপ্লৱী ৷ তিৰাশীৰ গাওঁ-ভূঁই ৷ পিক-ৰঙা নৈ  ওৱা আঁঠু কঢ়ায় কাণ মলে ৷  ছাতৰে কিলায় !  ‘চৰিত্ৰ-পাঠ’ৰ…

এপাট শৰ আৰু এটা গান

মূল : Henry Wadsworth Longfellow  কবিতা: The Arrow and the Song ভাবানুবাদ : দীপাঞ্জলি দেৱী      শূণ্যতে মই এপাট শৰ এৰিলোঁ তীব্র বেগত সি উৰি গ’ল মই তলকিবই নোৱাৰিলোঁ শৰপাটে ভেদিলে  ক’ত …    প্ৰাণ ঢালি  এটি গীত জুৰিলোঁ বতাহতে ভাহি…

পাবলো নেৰুদাৰ ছনেট – ১৮

মূল : পাবলো নেৰুদা অনুবাদ : ৰঞ্জুমণি মহন্ত   তুমি পাহাৰ চেৰাই যোৱাঁ বতাহৰ দৰে৷ অথবা বৰফ গলি বৈ যোৱা এটি চঞ্চল নিজৰাৰ দৰে নাইবা তোমাৰ ঢৌ খেলা চুলিৰ হয়, তোমাৰ সোণোৱালী চুলিৰ সূৰুয জলমল বৈভৱৰ দৰে৷   তোমাৰ দেহত…

তেওঁ তোমাৰ নিজৰ ভিতৰতে

ৰিপুঞ্জয় বৰুৱা ঋমন জনসমাগমত নিঃসঙ্গ অনুভৱ কৰি  বিষাদগ্ৰস্ততাত চকুলো টুকি  ফাগুনৰ ফেৰী ঘাটত  সৰাপাতকেই ফুল বুলি বুটলি  ভ্ৰমত ভ্ৰমি ফুৰাজনেই  তোমাৰ প্ৰিয়জন   তেওঁৰ চকুপানী মচি দিয়া ঁ তেওঁক অন্তৰেৰে স্পৰ্শ কৰাঁ  তেওঁক প্ৰেমেৰে অনুভৱ কৰাঁ  তেওঁ তোমাৰ ভালপোৱা হ’বলৈ এপাহ…

ভোক

 উজ্জ্বল স্মৰণ দত্ত   উদৰৰ বানবৰিয়া খাল এৱাঁচোলা পিন্ধাৰ পৰা পিতপানী হৈ উজায়   দুপৰত বাঢ়ে চোক অজগৰে গিলি খোৱা পৃথিৱীত উদৰৰ চোকত চোক বাঢ়ি ক্ষণে উঠা ক্ষণে নমা   বিজ্ঞাপন চাৰে তৃতীয় বিশ্বৰ দেশৰ উদৰৰ ভৰে পিষ্ট কৰা জীৱনৰ   ভোগৰ ভোগজৰা খোৱাৰ পৰা জুই হৈ জ্বলে চোক চিকচিনা মনগহন   অপূৰ্ণতাক চাকি চাই  আকণ্ঠ পান কৰে উদৰৰ চোক হৈ নাথাকে ভোক ভোগৰ দাঁতে আঁকুহে বিকুহে ৷  

মোৰ সৰু চহৰখনৰ গাথা

 গিৰিজা শৰ্মা      পৰিৱৰ্তনৰ পদাঘাতে পংগু কৰা  মোৰ সৰু চহৰখনৰ জনজীৱন য’ত গেলি-পচি জী থাকে অনেক যৌৱন  শ্ৰমহীন শ্ৰমিকৰ অনাহাৰী দিন  কিছু অনাখৰী শিশুৰ অনৰ্থক কল্লোল  নিবনুৱা যুৱকৰ  ভগ্ন মন ভগা সপোন    অৱহেলিত মোৰ সৰু চহৰখন  মাজে-সময়ে জকমকায়…

পখীৰ সুৱদি মাত

 মানসী গোস্বামী     অ’ ৰুণ, অ’ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগেচোন।   কুউ কুউ কৰে কুলি গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই কেতেকী।   সখী ঔ সখী ঔ বোলে সখিয়তী, হেঁটুলুক হেঁটুলুক হেঁটুলুকা চৰাইটি।  …