কুকুৰীকণা Poem June 2025

প্ৰদীপ শইকীয়া

কোনযোৰ চচমা সঁচা ৷  ক্লাছিক পতনুৱা ৷ কোনবোৰ মিছা

চিধা-চকুৱা আমি মুলুং মানুহ ৷

অনেক যুদ্ধ দেখিলি অনেক যুঁজাৰু ৷

দ্ৰোহী বিপ্লৱী ৷ তিৰাশীৰ গাওঁ-ভূঁই ৷ পিক-ৰঙা নৈ 

ওৱা

আঁঠু কঢ়ায় কাণ মলে ৷  ছাতৰে কিলায় ! 

‘চৰিত্ৰ-পাঠ’ৰ দ্ৰোণক বান্ধি থয় ঢোপ-উঠা ৰ’দত ৷

হালোৱায়ো ক’ব নোৱাৰে গৰুক গৰু বুলি ৷ এছাৰিক এছাৰি

মাত মাতিলেই বয়কট ৷ মিউনিষ্ট ৷ 

অপৰত ডবা বাজে ৷  দলনিত চকা বহে ৷ খকমকাই সাৰপালে গিৰিপ-গাৰাপ, চামৰাৰ খোজ ৷

চাইকেলত খবৰ আহে ৷ শোকে খুন্দা মাৰে ৷ পাৰ ভাগে ৷

হিচাপটো কিমান !  আমিযে সাজিছিলোঁ অগণ্য বেদী ৷ চিমেণ্টৰ অগ্নিশিখা ৷ ওখকৈ চাকি ৷

দিনবোৰ ডাৱৰীয়া ৷ জোঁৰ-সমদল ৷ শ্লোগান বহু মাইল ৷ পেট্ৰ’মাস্কৰ পোহৰত আন্ধাৰ প্ৰহৰ ৷

চৈধ্যজনী বগাসাজ-গাভৰু ৷ একেলগে দোকমোকালিতে ৷ ধেমালি কথা !!

সমজুৱাকৈ শৰাধ সেৱা ৷ মাউখে মানুহ ৷ 

কিমান গণিবা সৰিয়হ এডলা ৷ সেৰে সেৰে পৰুৱা ৷

গেন্ধাই-গোলাপ ৰাষ্ট্ৰীয়-পথ ৷ ঢোল খোল গামোচা ৷ 

গায়নে-বায়নে আদৰৰ পুতাই ৷ ন গছৰ সুমথিৰা ৷ 

ওৰ পৰিল কাহিনী ৷ কদমত বিজয়-বাহিনী ৷ 

থিয়-জাঁপ হাততালি ৷ টিকা চপৰিয়াই হাঁহি ৷ হুইচেল ৷

আৰু আমাৰ বিস্ময়কৰ সন্তুষ্টি ৷ 

সিংহ মাৰ্কা কাগজ ৷ কম আঁকিলিনে চকুলোৰ ছবি ! 

পাছলৈ বেপৰোৱা ট্ৰেডমাৰ্ক- থুঁতৰিৰ ডাঢ়ি

কোনযোৰ চছমা সঁচা ৷ প্লাষ্টিক প্লাষ্টাৰ ৷ কোনযোৰ মিছা

চিধা-চকুৱা ঐ হেবাং মানুহ

আৰুযে ইছোৱা ! দেৱালে দেৱালে তাপ ৷ প্ৰচণ্ড-সূৰ্য ৷ 

গোঁগোঁৱাই ধুমুহী-চকা ৷ চেধা এৰি চুইংগাম ৷ পেট্ৰল ধোঁৱা ৷

ইষ্টকো নমনা কাতিৰ কলাখাৰ ৷ ই কেনে সত্যৰ শিমলু-বীজ ৷ 

সাত ঠাইত গজা ৷

আও

পুৱা দেখা মানুহটো সন্ধ্যা নাই ৷ পাটীৰ ডেকাটো পুৱালৈ নাই ৷

জালোৱায়ো নোৱাৰে ক’ব, ঘাটটোক গঁৰা বুলি

 ইকৰাতলত, আধাপোতা মানুহ এটা, ভৰিদুখন নাচি থকা

এদিন চুইংগামো দুফাল ৷ গাখীৰ ফাটিল ৷

সাঁজ লাগিলেই সৈনিক, সাজ-সৈনিক নে দেশপ্ৰেমিক !

গচকৰ কেঞাবন গঞা ৷ জাৰে-জহে পেঁপুৱা ৷

একেখন কাঁহীতে খোৱা, একেজনী মাককে মাই বুলি মতা

ইটোৱে সিটোক আলাসতে চালনি-ফুটা কৰা, কপাল ফুটুৱা

কি বিচিত্ৰ বিদ্ৰোহ ! হায় দাইল-ভাত ! লেংটা পিশাচী হাত ৷

কেতকলি চিৰিকটি হঠাতে ধকধকী হোৱা

বহু নাটকৰ চং, মেজিক ভাওনা তুমিও দেখিছা

ৰাজহাঁহক কাউৰীয়ে খোঁটে ৷ মৰা-নখে আঙুলিক হাঁহে ৷

ভাৱৰীয়া ওলায় ৷ চাওঁ ৷ ভৰিত ধৰোঁ ৷ গোৰ মাৰে ৷ চুমা খাওঁ ৷ 

ওপঙা বেঙে জঁপিয়ায় ৷ খৰ মাৰে ৷ আমি বোলোঁ বৰালি

বেলবুং চকুত চূণ ৷ জখলাত সৌটো কোন ৷  জ্যামিতিৰো বহুকোণ !

কাণ উনা কলা-কাই ৷ শুকান বিল ৷ জানত আকৌ উজান ৷

খেও এটা মাৰি আঁহো

ওলা ৷

: ওঁহো ৷