গোৱিন কুমাৰ খাউণ্ড

(যোৱা সংখ্যাৰ
পৰা)

নয়ন গুচি যোৱাৰ
পাছতো ফলা পোষ্টাৰখন হাতত লৈ গছ জোপাৰ তলতে ৰৈ থাকিল মিলিটেৰী। সেই সময়তে
সাংবাদিক এজন আহি পোষ্টাৰৰ সৈতে মিলিটেৰী
ভাবুক হৈ ৰৈ থকা দেখিলে। পোষ্টাৰ ফলা কথাটোক লৈ যোৱা কেইবাদিনো ধৰি জৰিগুৰিত
ব্যাপক  চৰ্চা চলি আছে। কেইবাটাও নিউজো
ওলাইছে পোহনীয়া সাংবাদিকৰ ফালৰ পৰা। সেয়ে 
এক্সক্লুছিভ দৃশ্যটো কেমেৰাত বিভিন্ন এংগলত বন্দী কৰি ল
ʼলে
সাংবাদিকজনে।  সাংবাদিক ল
ৰাজন গুচি যোৱাৰ পাছতহে মিলিটেৰীয়ে দেখিলে যদিও কোন লৰাকি
কথা একো ধৰিব নোৱাৰিলে।পোষ্টাৰখন পেলাই মিলিটেৰী চাইকেলত উঠি হিমানীৰ ঘৰৰ ফালে আগবাঢ়িল। মানুহে কৰিব নোৱৰা কাম বান্দৰ মখাই
কৰা দেখি মিলিটেৰীৰ মুখেৰে 
অজানিতে ওলাই
আহিল হিমানীয়ে হোৱাই-নোহোৱাই গুণগুণাই থকা সেই গীতৰ কলিটো –

বুকুতে হেৰাল
মৰমৰ গাঁওখন

মানুহবোৰ হেৰালে
?

সেউজী পথাৰ
বঙালে ছানিছে

বেলি লহিয়ায় যʼত।

 প্ৰাণত বাজি উঠা গানৰ কলি তেতিয়াহে তল পৰিল
যেতিয়া মিলিটেৰীয়ে পঞ্চায়ত অফিচৰ চোতালৰ পৰা মহিলামখাৰ চিঞৰ-বাখৰ ভাহি অহা শুনিলে। কাৰো
মাত ক
ʼতো শুনিবলৈ নোপোৱা অৱস্থা। মহিলা মৰ্চা, জীৱিকা সখীবুথ
কমিটি
, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ মাদলি পিন্ধি লাখপতি বাইদেউ হোৱাৰ
আশাত  ভাগৰি পৰা মহিলাবোৰে তলৰ মাটি ওপৰ
কৰি চিঞৰি আছে
, “নহ, নামানো আমি
। কাৰো কথাই নুশুনো। আঁচনিৰ নামত ৰাতি-দিন একাকাৰ কৰিছোঁ। কিহৰ গৰজত ৰাতি এডোখৰলৈকে
আনৰ মতাৰ সৈতে ফটো মাৰিবলৈ দিছিল আমাক। আমি কাৰো কথা নুশুনো। লাখপতি  বনাম বুলি ফটো তুলি তুলি এতিয়া 
নাম নাহিল বুলি ক
লেই হʼবনে ? ঘৰত
মতাক কি ক
ʼমগৈ, ৰা-ছোৱালীক কি কʼ?”

  মানুহবোৰৰ চিঞৰ-বাখৰ শুনি মিলিটেৰী চাইকেলৰ পৰা
নামিল। দৃশ্যটো ভাল লাগিছে । আঁচনিৰ যোগেদি হাত-ভৰি বান্ধি পেলাৱা চৰকাৰৰ বিপৰীতে
জাগি উঠিছে মানুহবোৰ। হিতাধীকাৰী হৈ ভাল পোৱা গাঁৱৰ জীয়ৰী-বোৱাৰীবোৰৰ গাত চেতন
অহা যেন লগাত মনটো অলপ হ
লেও শাত পৰিছে। চৰকাৰে মানুহবোৰক কাম
কৰি খোৱাত কৈ  শুই-বহি কেৱল ভোট দিবৰ বাবে
জীয়াই থকা, ভোটাৰ বনাব খোজা কথাটোৱে দহি মাৰে মিলিটেৰীক। মন্ত্ৰী-বিধায়কৰ
পত্নীয়ে দুগ্ধপাম খোলাৰ নামত পঞ্চাছ লাখ টকাৰ ছাবচিটি পোৱা হিতাধিকাৰী হ

ভোটাৰবোৰে বাৰশ পঞ্চাছ টকা লৈ সিহঁতৰ হৈ চিঞৰি থাকিব। তাকে কোনোবাই প্ৰশ্ন কৰিলে
মুখ্যমন্ত্ৰীয়ে ফটামুখেৰে উত্তৰ দিব – বিধায়ক পদ গুচি গ
লে মন্ত্ৰী-বিধায়কৰ পৰিয়ালে কি কৰি খাব?

     হিতাধিকাৰী হবলৈ নাপাই
বিননি জোৰা গাঁৱৰ জীয়ৰী-বোৱাৰীবোৰৰ মুখলৈ হাঁহি হাঁহি চাই আছে মিলিটেৰীয়ে। মনে
মনে ভাবি আছে- ব্যর্থ সমাজতবোৰতহে মানুহে কেৱল আনৰ মুখলৈ চাই সুযোগ-সুবিধাৰ দাস হৈ
জীয়াই থাকিব খোজে। এনে সমাজত পঢ়া-শুনা
, মুকলি চিন্তাৰ কোনো অৱকাশ নাথাকে। থাকে
অর্থহীন সস্তীয়া বিনোদন
, হাঁহি- ধেমালি। এই তথাকথিত
মানুহবোৰেই  ভংগুৰ সমাজ এখনত দেৱতা হৈ পৰে।
দুর্নীতি কৰাসকলেই সফল আৰু  আদৰ্শ
ব্যক্তি  হৈ  ঘৰে-পৰে পূজা খাই ফুৰে ৰসাতলে যোৱা সমাজবোৰত
,
সেইবোৰ
সমাজত অশিক্ষিতবোৰেই সমাজৰ ভাগ্য নির্ধাৰণৰ ঠিকা লয়
, শিক্ষাতকৈ টকা আৰু ক্ষমতাক বেছি মূল্য
দিয়ে জহন্নামে যাব খোজা জাতি এটাই
, সমাজ এখনে। অসমীয়া সমাজখনো এনে ৰোগত
ভুগি মৰিবলৈ ধৰা মানুহৰ দৰে চিপ টানি থকা যেন লাগে মিলিটেৰীৰ। চাৰিওফালৰ পৰিৱেশ দেখিলে
, বাতৰি
কাকত পঢ়িলে এনে লাগে অসমত যেন এতিয়া আৰু
কোনো সমস্যা নাই। মানুহৰ দুখ-কষ্ট
, অভাৱ- অভিযোগ সকলো ভগৱানৰ নামত উঠা জয়ধ্বনিৰ ধলত
উটি গ
ল। বাৰশ পঞ্চাছ টকাত ঘৰ চলাব লগীয়া 
অসমত যেন সমস্যা  এটাই আছিল- ঘৈণীৰ
সমস্যা। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি নেতা-পালিনেতালৈকে সকলো আনৰ ঘৈণীক লৈ ব্যস্ত
থকা সময়ত হিতাধিকাৰী হ
বলৈ নোপোৱা মহিলাবোৰো যে সমাজৰ সমস্যা
হৈছে  কোনেও ভাবি চোৱা নাই। হিতাধিকাৰী
মাইকীবোৰক সুখত ৰখাৰ চিন্তাই চৰকাৰক বিপাঙত পেলোৱা দেখি মিলিটেৰী আৰু দুখোজ
আগবাঢ়ি গ
ল।

   জুম বান্ধি বান্ধি মহিলাবোৰে কথা পাতিছে।
কোনোবাই পৰিৱেশটোৰ ভিডিঅ
‘ ৰেকʼৰ্ডিং কৰিছে। কিছুমানে লাজ কৰিছে। চৰকাৰে
সৃষ্টি কৰা পুতৌ লগা পৰিস্থিতিটোক লৈ দুখ লাগিছে
, কিন্তু মুখ খুলি
একো ক
ব পৰা নাই। চৰকাৰৰ বিপক্ষে কিবা এটা কলেই গাঁৱৰ হোজা
মানুহেও আজি-কালি মুখে মুখে ধৰে। আৰ্য সংস্কৃতিৰ পৰা আৰম্ভ কৰে ঈশ্বৰৰ নামত আৰম্ভ হোৱা ধৰ্মীয় ৰাজনীতিৰ পাঠ। মিলিটেৰীৰ দৰে
মানুহে মনৰ কুটকুটনিত কেতিয়াবা যদি কাৰোবাক কথাবোৰ কৈছে
, সেয়াও নিমিষতে
গৈ শৰৎ শৰ্মা
, দধী লেখাৰুৰ দৰে মানুহৰ কাণত পৰেগৈ। সুৰভিত
আৰম্ভ হৈ যায় চিন্তন বৈঠক। চামুচেৰে দি বেলছাৰে নিয়া চৰকাৰৰ কেইজনমানৰ মতে এইখন
চৰকাৰে কেতিয়াও ভুল কৰিব নোৱাৰে। এইখন চৰকাৰেহে হিন্দুৰ সভ্যতা-সংস্কৃতি সুৰক্ষা
দিব। তেওঁলোকৰ মতে গোহাঁই
, গগৈহঁতে কথাবোৰ বুজি নাপায়। সেয়ে
ৰাইজখনক উচতাই থাকে শৰ্মা আৰু আইএমডিটি আইনৰ যোগেদি নেতা হোৱা ভকতীয়াজনৰ
বিৰুদ্ধে।

       মানুহৰ ভিৰ বাঢ়ি যোৱাত মিলিটেৰীয়ে
চাইকেলখন কেইখোজ মান আগ বঢ়াই নি গছজোপাৰ তলত থ
ʼলেগৈ। হিমানীক
কথাবোৰ কওঁ বুলি ভাবি ফোনটো উলিয়াবলৈ লওঁতেই
এই জুই জ্বলিছে,জ্বলিছে
জ্বলিবই
বুলি কেইজনীমানে ডিঙি ফাটি যোৱাকৈ চিঞৰিবলৈ ধৰাত মিলিটেৰীয়েও চাইকেল
ৰখাই হাত দাঙি চিঞৰিবলৈ ধৰিলে- জয় আই অসম। হিতাধিকাৰী মহিলাবোৰেও সমস্বৰে চিঞৰি
উঠিল- জয় আই অসম। অসম আন্দোলনৰ ভুতে লম্ভি থকা মিলিটেৰীয়ে পাহৰিয়ে থাকিল ক

কোনে কিয় চিঞৰিছে। চিঞৰি চিঞৰি মহিলাবোৰৰ ওচৰ পাই দেখিলে শৰৎ শৰ্মাক আগুৰি ধৰিছে
লাখপতি বাইদেউৰ তালিকাত নাম নোসোমোৱা মহিলামখাই। খাওঁ যেন কৰিছে মানুহটোক। দলৰ আৰু
কেইগৰাকীমান ন-পুৰণি নোদোকা নেতা আছে যদিও শৰ্মাকহে বৰল-কোদোৱে ঘেৰি ধৰাদি ঘেৰি
ধৰিছে। দুই-এগৰাকীয়ে মুখলৈ আঙুলি টোঁৱাই কৈ আছে- আমুকীৰ গিৰীয়েক ঠিকাদাৰ
, টকা-পইছাৰ
অভাৱ নাই। তথাপি লিষ্টত তাইৰ নাম কেনেকৈ সোমাল। লাখপতি বাইদেউ হ
বলৈ
যদি নেতাৰ ঘৈণীয়েক হ
ব লাগে আমাক কিয় দৌৰাই ফুৰিছিল। এজনীৰ কথা শেষ
বলৈ নাপায়েই, আনজনীয়ে ডিঙিৰ সিৰ ফুলাই সোধে- যদি নাম নাহেই আমাৰ
তেতিয়া হ
লে আনৰ মতাৰ লগত কিয় ফটো মাৰিবলৈ দিছিল? এতিয়া মতাক কি
ʼমগৈ? আপুনি আমাক চমজি লব লাগিব।
এইবাৰ
এজনীয়ে হাত দাঙি চিঞৰিবলৈ ধৰিলে- আমাক চমজি ল
ব লাগিব। আনবোৰে
একেলগে চিঞৰিবলৈ ধৰিলে- চমজি ল
ব লাগিব। দুখৰ মাজতো এই শ্লোগানে
হাঁহিবলৈ বাধ্য কৰোৱা দেখি মিলিটেৰীৰ বুকু হমহমাই গৈছে। সাংবাদিক কেইজনে কথাবোৰ
ৰেক
ʼৰ্ডিং কৰিছে। আজিকালি সংবাদ মাধ্যমৰ বাবে এনেবোৰেই তাজা খবৰ। টিভি,  ʼচিয়েল মিডিয়াত হিট হৈ যায় এনেবোৰ
বাতৰি। মিলেটেৰীৰ মন নাচি উঠিছে কথাচহকী শৰ্মাদাৰ বিলাইখন দেখি। মাটি খাইটি নাম
পোৱা শৰ্মাদাৰ মানুহজনী আছেনেকি এবাৰ ভিতৰলৈ জুমি চালে মিলিটেৰীয়ে।

  খিলঞ্জীয়াৰ জাতি, মাটি, ভেটি
ৰক্ষাৰ বাবে
শৰাইঘাটৰ ৰণৰ আয়োজন
কৰি অসমক হিতাধিকাৰী ৰাজ্যত পৰিণত কৰিব খোজা মুখ্যমন্ত্ৰীৰ এশ-এবুৰি আঁচনিৰ কথা
কৈ কৈ মহিলাবোৰক শৰ্মাই শান্ত কৰিব খুজিছে যদিও 
সমুলি নাই পৰা। অসমীয়াৰ গুৰি-গোষ্ঠী উভালি জাতিটোক পঁয়া লগা
, কঁকাল
ভগা জাতিলৈ পৰিণত কৰিবলৈ উঠি-পৰি লাগিছে শৰ্মাদাহঁতৰ দৰে এচাম সুবিধাবাদী অসমীয়া।
তাৰ লগতে সহযোগ কৰি আহিছে শ-শ ছহিদৰ তেজেৰে স্নান কৰা আঞ্চলিক দলটোৰ সুবিধাবাদী
নেতাবোৰে। অসম আন্দোলনৰ সময়ত মিলিটেৰীহঁতে হাবিৰ মাজতো পাতিছিল বিদেশীমুক্ত অসমৰ
উন্নয়ন আৰু প্ৰগতিৰ 
কথা। সেই সময়ত
কথাবোৰ মুকলিকৈ পতাৰ পৰিৱেশ আছিল যদিও এতিয়া আৰু 
নাই। আগতে যদি তিনিআলি-মূৰৰ তামোল-পাণৰ দোকানকেইখনৰ ওপৰত স্থানীয় মানুহৰ
নিয়ন্ত্ৰণ আছিল। অসম চুক্তিৰ পাছত সেইবোৰৰো নিয়ন্ত্ৰণ হেৰাল। আলফাই স্বাধীনতা
বিচাৰি গুলী ফুটাই ফুৰা সময়ত মনোহাৰী
দোকানকেইখনৰ ওপৰত অসমীয়াৰ নিয়ন্ত্ৰণ আছিল যদিও এতিয়া সেইবোৰতো বহিৰাগত সোমাল। আইএমডিটি আইন বাতিলৰ আগত যদি বিদেশীৰ
সংখ্যা কম আছিল বাতিলৰ পাছত বেছি হ
ল। আইএমডিটিৰ কথা মনলৈ আহোঁতেই পাহাৰ-ভৈয়ামৰ নেতাগৰাকীৰ মুখখন মনলৈ আহিল মিলিটেৰীৰ।

    ঠেলা-হেঁচাৰ মাজত শৰ্মা ওলাই অহা দেখি ৰদত
ঠিয় হৈ থকা মহিলাবোৰ আকৌ চিঞৰি উঠিল- আমাৰ দাবী মানিবই লাগিব। লাখপতি বাইদেউৰ
নামত নিস্পত্তি কৰা নচলিব।

   মিলিটেৰীক দেখি শৰৎ শৰ্মা তিঙিৰি তুলা হৈ
পৰিল। সুৰভিৰ পোষ্টাৰ ফলা মিলিটেৰীয়ে মহিলাবোৰকো উচতাই দিয়া বুলি নিমষতে ভাবি ল
লে
শৰ্মাই। সেই সময়তে পোষ্টাৰৰ ফটো তুলি নিয়া সাংবাদিকজনে শৰ্মাৰ কাণে কাণে ক
লে-
বাইল  ভিডিঅএটা
দি থোৱা আছে এবাৰ চাওকচোন দাদা।

পাছত
চাম হে ।” শৰ্মাই খঙেৰে

নহয়,
এতিয়াই
চাই লওক।” শৰ্মা হেঁচা-ঠেলাৰ মাজতে ভিতৰ সোমাই গ
ল। সাংবাদিক লৰাটোৱে
মিলিটেৰীয়ে পোষ্টাৰ হাতত লৈ থকা ভিডিঅ
টো দেখুৱাই ঘটনাটো নতুনকৈ বৰ্ণনা
কৰিবলৈ ধৰিলে। হাতত ফলা পোষ্টাৰ লৈ ৰৈ থকা মিলিটেৰীক দেখি শৰৎ শৰ্মা আৰু ৰৈ
নাথাকিল। লগে লগে এছডিপিঅ
ʼলৈ ফোন লগালে।

 ইফালে পৰিৱেশটো দেখি বেয়াও লাগিছে
মিলিটেৰীৰ। ঘৰখনৰ আটাইকেইটা মানুহে অসমৰ উন্নয়নৰ কথা ভাবিয়েই যেন সেই তাহানিৰ পৰা
দৌৰি ফুৰিছে। একেটা মানুহেই ধন-দৌলত আৰু ক্ষমতাৰ বাবে কৰা নাই কি
? এদিন
যদি ছাত্ৰ হৈ কাৰোবাৰ চোলাৰ বুটাম চিলাই অনোৱাইছিল, নেতা হৈ একেটা মানুহেই
হোষ্টেলত বন্দুক লুকুৱাই ৰাখিছিল। টাডা গোচৰতো সাঙোৰ খাই তৌবা তৌবা দেখিছিল। সঁচাক
মিছা কৰি মিছাক সঁচা কৰি পত্নী
, ৰা-ছোৱালীৰ
নামত কোৰোণাৰে ধন চপাই মানুহটো কেতিয়াবা মতিভ্ৰষ্ট মানুহৰ দৰে হয়।  কিবা ক
ʼম বুলি কিবা কৈ পেলায়। মিলিটেৰীহঁতৰ
বেয়া লাগে এই আচৰণ দেখি।

   পৰাগ দাসক সপোনত দেখি ঘামি যোৱা
মিলেটেৰীয়ে শৰ্মাদাক মাত এষাৰ দিয়াৰ কথা ভাবি ওচৰ চাপি যাওঁতেই পুলিচৰ গাড়ী
এখন আহি ৰোৱা দেখি মহিলাবোৰে বেছিকৈহে চিঞৰিবলৈ ধৰিলে। পুলিচ অহা দেখি শৰ্মা বাহিৰ
ওলাই আহিল। পুলিচৰ দলটোৱে  কোনো কথা-বতৰা
নোসোধাকৈ মিলিটেৰীক ঠেলি-হেচি বলেৰ
ʼখনত উঠাই ললে । বিকট
চাইৰেণ বজাই থানালৈ লৈ গ
ল মিলিটেৰীক। মানুহবোৰে কি হৈছে একো
তৰকিবকে নোৱাৰিলে।

                                                                 ০০০

 সন্ধিয়াৰ জৰিগুৰি আউট পোষ্টৰ নিমাওমাও পৰিৱেশ।
কাৰেণ্ট নথকা বাবে মমবাতিৰ ঢিমিক-ঢামাক পোহৰে পোহৰাই ৰাখিছে। কোনোবা পুলিচে বাৰন্দাত বহি ম
বাইলত দিহা নাম শুনি আছে। সন্মুখৰ শিৱ
মন্দিৰটোৰ পৰা ভাহি অহা ধুপৰ গোন্ধত জুপুকা মাৰি লক্ আপৰ ভিতৰত অন্ধকাৰৰ মাজত বহি
আছে মিলিটেৰী।

  আৰক্ষী বিষয়া হাজৰিকা কিছু সময়ৰ আগতে
ওলাই গৈছে থানাৰ পৰা। দিনৰ দিনটো ওপৰৱালাৰ কথা শুনি শুনি কাণ-মূৰ গৰম হৈ যোৱাৰ
পাছত এবাৰ মিলিটেৰীক চাই গৈছিল হাজৰিকাই। 
ইফালে কোনো কাৰণতে যাতে পুলিচে মুখ নোখোলে তাৰ বাবে ওপৰৰ পৰা সঁকীয়াই দিছে।
সুৰভিৰ পোষ্টাৰ ফলা কথাটো চাবলৈ গ
লে তেনেই সৰু কথা যদিও মদৰ ওপৰত চলা ধৰুৱা চৰকাৰ এখনৰ বাবে এয়া ডাঙৰ
কথা। সেয়ে একাংশ সাংবাদিকে ফে
ʼচবুকত ষ্টেটাছ দিছে- প্ৰাইম টাইমত
ব্ৰিগ ব্ৰেকিং
বুলি। শৰ্মাৰ ঘৈণীয়েকৰ নিয়ন্ত্ৰণ চলা
চেনেলটোৰ লগতে প
ৰ্টেল কেইটামানে থানাৰ পৰা লাইভ কৰাৰ প্ৰস্তুতি
চলাইছে। বাৰে ইলেকট্ৰিকচিটিৰ অফিচলৈ ফোন কৰিছে আঠ বজাৰ আগতে লাইনটো দিবলৈ। সুৰভিত
কাম কৰা ডেকা-গাভৰুৰ দল এটাই মিলিটেৰীক উচিত শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ কৰিবৰ
বাবে থানাৰ বাহিৰত ৰৈ আছে। লাইন আহিলেই প্ৰতিবাদ কৰিব সিহঁতে। দধী লেখাৰুৰ সৈতে
মাজে মাজে শৰৎ শৰ্মাই ফোনত কথা পাতি আছে কে
ʼছটোৰ বিষয়ে। জৰিগুৰিত মিলিটেৰীকে ধৰি
কেইটামানে
লেফ্টিষ্টেসদায় চৰকাৰৰ
বিৰোধিতা কৰি আহিছে। সেয়ে শৰ্মাৰ বাবে এয়া সুবৰ্ণ সুযোগ। প্ৰমাণ হিচাপে ভিডিঅ

মজুত
আছে। সেয়ে সুৰভিত বহি শৰ্মাই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে।

 নিশা হৈ অহাৰ লগে লগে পৰিৱেশ গমগমীয়া হৈ
আহিছে। চৰকাৰখনক  যিকেইটা বস্তুৱে ৰাইজৰ
মাজত জীয়াই ৰাখিছে সেই কেইটাৰ ভিতৰত বহুতৰ মতে মদেই প্ৰথম। মদ নহ
লে
ধাৰত পোত যোৱা চৰকাৰখন এদিনো চলিব নোৱাৰে। সেয়ে পুলিচেও মদক লৈ আপোচ নকৰে। তথাপি
হাজৰিকাৰ দৰে পুলিচৰ মনটোৱে ক
ৰবাত হাহাকাৰ নকৰা নহয়। চকুৰ আগতে
সনাতন হাবিলদাৰ মদ খাই মৰা দেখিছিল। মৰাণত থাকোঁতে যদুমণি পুলিচক বাগানত ৰাইজে
মৰিয়াই মৰিয়াই আধামৰা কৰা দেখিছিল। মদৰ বাবেই গিৰীয়েকে ঘৈণীয়েকৰ কটামূৰ হাতত
লৈ থানাত সোমোৱা দেখিছে। কিমান কাহিনী
, ঘটনা, বিপদ-বিঘিনি
দেখিছে মদাহীৰ ঘৰত। চৰকাৰে কত টকা পানী কৰিছে মদ নিবাৰণী সভাৰ নামত
, তথাকথিত
বিজ্ঞাপনৰ নামত। অথচ মদৰ বিজ্ঞাপনৰ পোষ্টাৰ ফলাৰ বাবেই লক্ আপৰ ভিতৰত ম
হৰ
কোমোৰত বহি আছে জাতি আৰু সমাজক ভাল পোৱা এজন সঁচা মানুহ। এনেবোৰ পৰিস্থিতিতে চাকৰিটো এৰি
দিবৰ মন যায় হাজৰিকাৰ দৰে পুলিচবোৰৰ।

   মিলিটেৰীয়ে বাহিৰত কি হৈ আছে বিশেষ একো
ধৰিব পৰা নাই। মাজে মাজে চাইকেলখনৰ কথা ভাবি আছে। কোনে বা ক
ত থৈছে
চাইকেলখন। পুলিচে বা কি সোধে
, কি কৰে? পুলিচতকৈয়ো
ভয় লাগিছে হিমানীলৈহে। পৃথিৱীৰ সকলো মানুহৰ তিৰস্কাৰ
গঞ্জনা সহিব পৰা
মিলিটেৰীয়ে এটাও টান কথা শুনিব নোৱাৰে হিমানীৰ পৰা। হিমানীয়ে কি ভাবিছে বুলি
ভাবিয়েই মানুহটো জৰমাৰ দি আছে।

  কোনেও সঠিকভাবে গম পোৱা নাই কিয় মিলিটেৰীক
লক্ আপত ভৰাই থৈছে। কিছুমানে ভাবিছে হিতাধিকাৰী মহিলাবোৰক উচতাই দিয়াৰ বাবেই পুলিচে লক্ আপত ভৰাই থৈছে । আন কিছুমানে ভাবিছে
গৰু-গাহৰি কৰি থকা চৰকাৰৰ বিৰুদ্ধে হোৱাই- নোহোৱাই কৈ থকাৰ বাবেই ধৰি আনিছে।
মিলিটেৰীক পুলিচে ধৰি অনা খবৰটো জৰিগুৰিৰ সকলোৱে গম পাইছে। কিছুমানে মদৰ দোকানৰ
পোষ্টাৰ ফলা কে
ʼছটোৰ বাবেই লক্ আপত ভৰাই ৰখা বুলিও আলোচনা কৰি আছে। অসুস্থ নীলই গম পাইছিল
মিলিটেৰীক পুলিচে নিয়াৰ কথা। সেয়ে পুতেকক সেহাই সেহাই কৈছিল- যাচোন এবাৰ খবৰ কৰি
আহগৈ। কিয় বা ধৰি নিলে
? কি বা জগৰ লাগিল ৰজাঘৰীয়াৰ।”

দোষ
কৰিলে নিবই।”

কি
দোষ কৰিলে
, নকৱ কিয়নো?”

ময়ো
শুনিছোঁহে। মদৰ দোকানৰ পোষ্টাৰ ফালি থাকোঁতেই ধৰা পৰিল বোলে। আগতে সেইটো অভিযোগতে
পুলিচে নিছিলে। এইবাৰ হাতে-লোটে ধৰা পৰিল। কি যে কাম কৰি ফুৰে বৰদেউতাই।”

 অসুস্থ নীলই মুখেৰে একো মতা নাছিল। দীঘল
হুমুনিয়াহ এছাৰি শিতানত থকা প্লেনঞ্জাৰ ছিটৰ অস্ত্ৰপাত খামুচি ধৰিছিল। মনে মনে
ভাবিছিল- কম কথানে বাৰু
, মদৰ পোষ্টাৰ ফলা বাবেই অসম আন্দোলনৰ নেতাক,
এজন
স্বাভিমানী মানুহক লকাপত ভৰাই থৈছে !

 কিছুসময়ৰ আগতে নীলৰ পুতেকৰ সৈতে ছাত্ৰ সংগঠনৰ দল এটা
আহিছিল যদিও হাজৰিকাক লগ নাপাই মিলিটেৰীক মাত নিদিয়াকৈ গুচি গ

সিহঁত। নীলৰ পুতেক থানাৰ পদূলি পাওঁতেই
খবৰ গৈ মদ বেপাৰীৰ ঘৰ পাইছিলগৈ। যোৱা কিছুদিনৰ পৰা শৰ্মাৰ সৈতে নীলৰ যেনেকৈ
দেখাদেখি নাইকিয়া হ
ল পুতেকহঁতৰ মাজতো কথাই ফাট মেলিলে।

  মৃগাংকহঁত থানাৰ পৰা যোৱাৰ কিছু সময়ৰ পাছতে
পোনা আহিছিল চাহ-বিস্কুট লৈ। পুলিচে পোনাক সোমাবলৈ নিদিলে। পোনাই কৈছিল- 
চাহ
কাপকে দিবলৈ দিয়ক।”

 ‘নালাগে
আমি দুবাৰ চাহ খুৱালোঁ।
  দায়িত্বত
থকা পুলিচজনে মিছাকৈ কৈছিল।

 “মোকে
এবাৰ লগ কৰিব দিয়ক। মানুহজন অসুখীয়া।”
পোনাই অনুৰোধৰ
সুৰত কৈছিল।

নহব।
ওপৰৰ পৰা মানা আছে।” পুলিচজনে খঙেৰে কৈছিল।

মিলিটেৰীয়ে এবাৰ পানী খাওঁ বুলি কলে
যদিও পুলিচজনে বিশেষ গুৰুত্ব নিদিলে। মিলিটেৰীয়ে আকৌ পানী খুজিলে। নাই পুলিচজনৰ
কোনো ভ্ৰূক্ষেপেই নাই।  “হে
ʼৰা মোৰ
পিয়াহ লাগিছে।
  মিলিটেৰীৰ চিঞৰ
শুনি  মৰমডাল হাতত লৈ পুলিচজন লক্ আপৰ ওচৰ
চাপি গ
ল। বয়স প্ৰায়  বিয়াল্লিছৰ
ওচৰ চপা। একপ্ৰকাৰ ডেকা পুলিচ। মমৰ পোহৰত পুলিচজন অসহায় মুখখন জিলিকি উঠিছে।

কি
, কিয় চিঞৰি আছে?”

পিয়াহ
লাগিছে মোৰ।”

জীৱন পুলিচৰ
বুকুখন হমহমাই গ
ল। ওপৰৱলাৰ নিৰ্দেশ আছে মিলিটেৰীক যাতে একো
খাবলৈ দিয়া নহয়। সেয়ে লোহাৰ গেটখনৰ ওচৰত ঠিয় হৈ ক
লে”
“আপুনি মনে মনে থাকক। চাহাব আহিলেহে আপোনাক খাবলৈ দিব।”

লেকিন
মোক কিয় বন্দী কৰি থৈছে
?” মিলিটেৰীয়ে উষ্মাৰে সুধিলে।

আমি
নাজানো। ঘৰত কোন কোন আছে আপোনাৰ
?”

কোনো
নাই
? মই অকলশৰীয়া স্বাধীন মানুহ মই।” কথাষাৰ কৈয়ে মিলিটেৰীয়ে জীৱন
পুলিচলৈ চাই ধীৰ কণ্ঠৰে ক
লে-
ময়ো এদিন তোমাৰ দৰেই ইউনিফৰ্মত আছিলোঁ লেকিন ইমান নিৰ্দয় হ

পৰা নাছিলোঁ। মোৰ পিয়াহ লাগিছে। মৰি যাম এতিয়া মই। পানী এঢোক খাবলৈ দিয়া।”

  মিলিটেৰীৰ মাতটো থোকাথুকি হৈ পৰিল। জীৱন
পুলিচ বাহিৰলৈ ওলাই আহিল। বন্দী মিলিটেৰীক পানী এঢোক দিয়াৰ কথা ভাবিও ৰৈ গ
ল।
কেতিয়াবা নিজৰ ওপৰতে ঘিণ লাগে। চাকৰিত সোমোৱা দিনৰ পৰা দেখিছে কেৱল ৰজাঘৰীয়া
মন্ত্ৰী-আমোলাক সুৰক্ষা দিওঁতে দিওঁতে নিজৰ সুৰক্ষা নাইকিয়া হৈ গৈছে। অসমীয়া
হিচাপে চৰকাৰৰ সিদ্ধান্ত কিছুমানত হাতৰ বন্দুক ফুটাই প্ৰতিবাদ কৰিবৰ মন যায়
,
কিন্তু
নোৱাৰে। চাকৰিৰ নিৰাপত্তাৰ খাতিৰত জাতিটোৰ কিমান যে অপকাৰ কৰিব লগা হৈছে। বহিৰাগতই
, বিদেশীয়ে অসমীয়া ভাই-ভনীবোৰৰ ওপৰত চলাই অহা নিৰ্যাতন সহি যাব লগা
হৈছে
কেৱল পেটৰ দায়ত পৰি। কেতিয়াবা জীৱন পুলিচৰ দৰে মানুহবোৰে ভাবে
চাকৰিটো শেষ হোৱাৰ পাছত তেওঁলোকেও অনা অসমীয়া আৰু বিদেশী- বহিৰাগতবোৰৰ সৈতে যুঁজ
দিব লাগিব। তেতিয়া কি হ
?

  হাততে পানীৰ বটলটো লৈ জীৱন পুলিচ
এখোজ-দুখোজকৈ আহি লক্ আপৰ ওচৰ পাইছিলগৈ।

   পানীৰ বটলটো দেখি মিলিটেৰীয়ে খপজপকৈ হাত
মেলিলে। সেই সময়তে জীৱন পুলিচৰ ম
ʼবাইলটো বাজি উঠিল। দেখিলে মানুহজনীৰ
ফোন। মিলিটেৰীক পানী নিদিয়াকৈ আকৌ বাহিৰলৈ ওলাই গ
ʼল জীৱন পুলিচ। মিলিটেৰীৰ দৰে
কয়দীৰ পিয়াহতকৈ জীৱন পুলিচৰ ছোৱালীজনীৰ পিয়াহ বেছি। সেয়ে সমুলি আপোচ কৰিব
নুখুজিলে জীৱন পুলিচে।

 

                                                             ০০০

 

মাজনিশা মৃগাংক
আহি ঘৰ সোমোৱাৰ সময়তে নীলই খঙেৰে সুধিলে- “খবৰটো নিদিলি কিয়। এৰি দিলেনে
নাই মিলিটেৰীক
?

নাজানো।”
মৃগাংকই অনিচ্ছাৰে  উওৰ দিলে। অসুস্থ 
নীলই আৰু একো
নুসুধিলে। অস্ত্ৰপাত খামুচি ধৰি বিছনাতে চকু মুদি বহি থাকিল। বাৰে বাৰে মনলৈ আহিছে
মিলিটেৰীৰ মুখখন। ককাই-ভাই কাৰো কথা নুশুনি চাকৰি এৰি দিছিল মিলিটেৰীয়ে। অসম
চুক্তিৰ পাছত  মহন্তহঁতে যেতিয়া নিৰ্বাচন
খেলিছিল গাঁৱে গাঁৱে দিন-ৰাতি একাকাৰ কৰি ঘূৰিছিল মিলিটেৰীহঁত। ভাবিছিল গাঁৱতে
থাকি চাকৰি কৰিব। কিন্তু সেই সুযোগ পোৱা নাছিল। আন্দোলনৰ নেতাবোৰে যেতিয়া গণ পৰিষদ নাম লৈ চৰকাৰ গঠনৰ শপত  লৈছিল সেইদিনা
মিলিটেৰীৰ নেতৃত্বত জৰিগুৰিৰ পৰা নীলহঁত গুৱাহাটীলৈ নিশাৰ ৰে
ʼলত গৈছিল। পিন্ধনত এজোৰ হাৱাই চেণ্ডেল। জাৰৰ নিশাটো নীল
আৰু খগেনে সাবটা-সাবটিকৈ হেঁচা-ঠেলাৰ মাজত একেটা ছিটতে বহি যোৱাৰ দৰে গৈ গুৱাহাটী
পাইছিলগৈ। ডবাটোত কুচি- মুচি বহি গৈছিল বিহাৰী- বঙালীৰ পৰিয়াল দুটামান। পুৱা
পল্টন বজাৰৰ ষ্টেচনত নামিয়েই দেখিছিল সংগঠনৰ নেতাবোৰৰ ডাঙৰ ডাঙৰ হৰ্ডিংছবোৰ।
ষ্টেচনতে গা-পা ধুই ছিঙৰা একোটাৰ সৈতে ফিকা চাহ একোগিলাছ খাই ওলাই আহি দেখিছিল শৰৎ
শৰ্মাকে ধৰি জৰিগুৰিৰ আৰু কেইবাজনো নেতাক। তেওঁলোকে জীপ এখন ভাড়া কৰি শপত গ্ৰহণ
অনুষ্ঠান চাবলৈ গৈছিল। বাতৰি কাকতৰ দোকানৰ ভিৰ ফালি কাকত এখন লৈ নীল বুলি মাত দি
ওলাই গৈছিল শৰ্মাহঁত। মানুহবোৰে কাকত
একোখন হাতত লৈহে নেহৰু ষ্টেডিয়ামলৈ খোজ লৈছিল। নীলহঁতৰ দৰেই শদিয়া- ধুবুৰীৰ পৰাও
মানুহ আহিছিল।আঞ্চলিক চৰকাৰৰ নেতাবোৰে
শপত গ্ৰহণ কৰা চাবলৈ গাঁঠিৰ ধন ভাঙি মানুহবোৰ আহিছিল। চাৰিওফালে বাজি আছিল নতুন
প্ৰভাতৰ আশাৰ গীত। ছহিদৰ তেজ-মঙহৰ গোন্ধ লৈ অসমীয়া মানুহে যে কিমান সপোন দেখিছিল
সেইদিনা ! এখন সোণৰ অসমৰ সপোন দেখুৱাই ছবছৰীয়া অসম আন্দোলনৰ নেতাবোৰে সেই ঐতিহাসিক
দিনটোত নেহৰু ষ্টেডিয়ামত জনতাক সাক্ষী কৰি শপত লৈছিল।  ষ্টেডিয়ামখনৰ চাৰিওফালে উৰি আছিল অসংখ্য পতাকা।
তাৰ মাজতে  নীলহঁতৰ হাতত তুলি দিছিল  একোখন 
সৰু পুস্তিকা। সেই পুস্তিকাখন আজিও নীলই মনে মনে পঢ়ি চায়। কিমান যে
প্ৰতিশ্ৰুতি আছিল অসমীয়াৰ ঔৰসত জন্ম হোৱা চৰকাৰখনৰ
, নেতাবোৰৰ।
খগেনে লৈ অহা পুস্তিকাখন হিমানীয়ে মনে মনে পঢ়ি চাইছিল ৰত্নদাই নজনাকৈ।

  আঞ্চলিক চৰকাৰৰ নেতৃত্বত আছিল কলিয়াবৰৰ
বেঙেনাআটী সত্ৰৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেৱকান্ত মহন্তৰ ত্ৰিছ বছৰীয়া ল
ৰাটো।  শিক্ষক পিতৃয়ে যেনে-তেনে ঘৰখন চলাইছিল। সাধাৰণ
ঘৰ এখনৰ 
ৰা আছিল মহন্ত।
কলিয়াবৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ত বিজ্ঞান শাখাত
স্নাতক ডিগ্ৰী লৈছিল। নগাঁও আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ
আইনৰ স্নাতকোত্তৰ শেষ বৰ্ষৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থাকোঁতেই  কান্ধত ল
ব লগা লৈছিল
বহিৰাগতই নিঃশেষ কৰি অনা অসম উদ্ধাৰৰ গধুৰ দায়িত্ব। মানুহে তেওঁক দেৱতাৰ দৰে পূজা
কৰিছিল। মহন্তৰ কিবা হ’লে অসমীয়াই ঘৰৰ থাপনাত বন্তি জ্বলাইছিল।নীলহঁতে
স্বচক্ষুৰে দেখিছিল সেইবোৰ দৃশ্য। বিশ্বস্ত সংগী হিচাপে আছিল ঊনত্ৰিছ বছৰীয়া
ফুকন। শিৱসাগৰত হোৱা অধিৱেশনত তেওঁ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। সেইখন
আছিল ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন। ফুকনে 
স্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত।
জয়সাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত  এম এ পঢ়িবলৈ আহিছিল উজনিৰ ল
ৰাটো।
জুয়ে পোৰা  তিৰাশীৰ বুকুত সোণ হৈ জিলিকা
ফুকনে নতুন মন্ত্ৰীসভাখনৰ গৃহ দপ্তৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট
মন্ত্ৰীৰ দায়িত্ব লৈছিল সেইদিনা। মন্ত্ৰীসভাত ছাত্ৰ সন্থাই সিংহপুৰুষ আখ্যা দিয়া
টীয়কৰ ৰাজখোৱাও আছিল।  জাঁজী এইছ এন এছ
কলেজৰ পৰা ডিগ্ৰী লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰিছিল সাহসী ল
ʼৰাটোৱে।
গুৱাহাটী বিশ্ববিদ্যালয় আইনৰ স্নাতক মহলাৰ ছাত্ৰ হোৱাৰ লগতে সংগঠনৰ উপদেষ্টা
গুৱাহাটী
বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপেও দক্ষতাৰে
কাৰ্যনিৰ্বাহ কৰিছিল ৰাজখোৱাই। বয়সত মহন্ত আৰু ভৃগুতকৈ কেই বছৰমানৰ ডাঙৰ আছিল
সাহসী ল
ৰাটো। মহন্তৰ মন্ত্ৰীসভাত খাদ্য আৰু অসামৰিক যোগান, পৰিৱহণ,
সমবায়
আৰু গ্ৰাম্য উন্নয়নৰ কেবিনেট মন্ত্ৰীৰূপে স্থান পাইছিল ৰাজখোৱাই । তেজস্বী ভাষণেৰে
বুকু কঁপাই তুলিব পৰা সাহসী নেতা ৰাজখোৱাই আন্দোলনৰ সময়ত ৬৯ বাৰকৈ গ্ৰেপ্তাৰ
হৈছিল।

  কথাবোৰ তেনেদৰেই  নেতাসকলে ফটোবোৰৰ তলত লিখা আছিল পুস্তিকাখনত।
পানীহিলৈৰ দৰে আজিও কেতিয়াবা বুকুত ফুটিব খোজে বছৰ বছৰ ধৰি অসমীয়াৰ বদহজম হোৱা কথাবোৰ। নীলই
আকৌ মনত পেলাইছিল সেই ঐশ্বৰ্যময় দিনটোলৈ। মনত পৰিছিল নিজকে নখ-দাঁতহীন
পিঞ্জৰাবদ্ধ সিংহ বুলি ৰাইজক আভুৱা ভাঁৰি থকা দাঢ়ি-গোফেৰে ভোবোকাৰ 
মাধ্যম আন্দোলনৰ  ওখ- পাখ ছাত্ৰ নেতাজনলৈ। তেওঁ আছিল ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক। তেওঁ পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সৈতে জড়িত আছিল যদিও
আন্দোলনৰ সময়ত সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ অন্যতম আহ্বায়কৰূপে আবিৰ্ভাৱ হৈছিল
জননীৰ মুক্তি বিচাৰি। নীলই অসম আন্দোলনৰ নেতাবোৰক সেই দিনা পুস্তিকাখনত স্পৰ্শ কৰি
চাইছিল। ডিচেম্বৰ মাহৰ ঠেৰেঙা লগা জাৰৰ মাজতো নেহৰু ষ্টেডিয়াম মানুহৰ তপত
নিশ্বাসত উতপ্ত হৈ আছিল। সদায় শুনি থকা নেতাবোৰক স্বচক্ষে দেখি খগেন
নীলৰ
দৰেই সকলো চমকি উঠিছিল। নতুন মন্ত্ৰীসভাত তেজপুৰৰ যুৱক এজনে কেবিনেট মন্ত্ৰী
হিচাপে শপত লৈছিল। পুস্তিকাখনৰ মতে ৩৫ বছৰ বয়সীয় ছাত্ৰ নেতাজনো মাধ্যম আন্দোলনত
জড়িত থকাৰ লগতে সংগঠনটোৰ প্ৰাক্তন সভাপতিও
আছিল। শিক্ষা
, বিজ্ঞান-প্ৰযুক্তিবিদ্যা
আৰু পাৰিপাৰ্শ্বিকতা বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লৈছিল কথাত অগ্নি বৰষা
তেজপুৰীয়া নেতাজনে। দেখাতেই ধীৰ-স্থিৰ আৰু গহীন- গম্ভীৰ আছিল গোস্বামী উপাধিৰ ল
ৰাজন।
মন্ত্ৰীসভাত ৰাজহ
, সাহায্য, পুনৰ সংস্থাপন
আদি বিভাগৰ কেবিনেট মন্ত্ৰীৰূপে স্থান পাইছিল 
বি বৰুৱা কলেজৰ বড়ো সম্প্ৰদায়ৰ এজন অধ্যাপকে।
মন্ত্ৰীসভাত স্থান পোৱা একেবাৰে তজবজীয়া ২৬ বছৰীয়া মন্ত্ৰীজন আছিল বৰা। উদ্যোগ
,
শক্তি,
খনিজ
আৰু জনস্বাস্থ্য অভিযান্ত্ৰিকৰ দায়িত্ব দিয়া হৈছিল অন্যতম সক্ৰিয় ছাত্ৰ নেতাজনক। সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ পদত আছিল তজবজীয়া মিচিং ল
ৰা এজন। মটৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন
হৈ থকাৰ সময়তে নিৰ্বাচন হৈছিল। কিযে ভাগ্য আছিল। প্ৰচাৰ নচলোৱাকৈয়ে তেওঁ সোণৰ অসম
গঢ়া ৰণখনত জিকিছিল। বান নিয়ন্ত্ৰণ
, জলসিঞ্চন আৰু ভৈয়াম জনজাতীয় উন্নয়নৰ
মন্ত্ৰী হিচাপে শপত লৈছিল উত্তৰ পাৰৰ ল
ৰাটোৱে।
যিটো সমষ্টিত প্ৰথমে অসম আন্দোলনৰ ক্ষোভৰ জুই জ্বলিছিল সেইটো সমষ্টিৰ নাম আছিল
নামনিৰ ভবানীপুৰ। পুস্তিকাখনত যেতিয়া সমষ্টিটোৰ পৰা জয়ী হোৱা জ্যেষ্ঠ অধিবক্তাগৰাকীৰ ফটোখন দেখিছিল  নীলৰ দুচকু জলমল হৈ
পৰিছিল। অসম আন্দোলনত প্ৰথমেই প্ৰাণ গৈছিল 
ভৱানীপুৰৰ উজান বৰবৰী গাঁৱৰ খৰ্গেশ্বৰ নামৰ সৰুপেটাৰ বি. এইচ. বি.
মহাবিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ খৰ্গেশ্বৰৰ।

লোকসভা
নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ যাওঁতে পুলিচৰ গুলীত নিহত হৈছিল
 খৰ্গেশ্বৰ।
বস্তাত ভৰাই মৃতদেহটো নেকিবুৰে লৈ আহিছিল। কথাবোৰ সাধু হৈ পৰিছিল অসমীয়াৰ মুখে
মুখে।

 শপত গ্ৰহণ অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠত
যেতিয়া
ছহিদ প্ৰণামো তোমাক… গীতটো বাজি আছিল মিলিটেৰীহঁত উচুপি
আছিল। নীলৰ কাষতে থিয় হৈ থকা দৰঙৰ মহিলা এগৰাকীয়ে  উচুপি উচুপি কৈছিল
, “মই
ছহিদ ধনবৰ দাসৰ পেহীয়েকৰ ছোৱালী। আমাৰ দৰঙত বহুত মানুহ ছহিদ হ
ল।”

 ছহিদৰ ঘৰৰ কোনোবা আহিছেনে ?”
যোৰহাটৰ
গীতাঞ্জলি নামৰ ছোৱালীজনীয়ে সুধিছিল।

কিছুমান
আহিছে
, কোন কত আছে জানো।” মহিলাগৰাকীয়ে দৰঙৰ মানুহ বিচাৰি বিচাৰি ভিৰৰ মাজত হেৰাই গৈছিল। যোৰহাট, টিয়কতিতাবৰৰ মানুহ
কিছুমান চকুপানী টুকি টুকি নীলহঁতৰ ওচৰতে ৰৈ আছিল। বেছিভাগ মানুহৰ গাতেই একোখন
এড়ীয়া কাপোৰ। বহুতে মূৰে-গায়ে লৈ নিজক যেন সন্তাপৰ পৰা আঁতৰাই ৰাখি শপত গ্ৰহণ
অনুষ্ঠান চাই আছিল। মন্ত্ৰীসভাত স্থান পোৱা 
শৰ্মা আকৌ চাকৰিৰ পৰা নিলম্বিত হোৱা যুৱক আছিল। মাহমৰা সমষ্টিৰ  আৰন্ধৰা
, চাহ মজদুৰ ছাত্ৰ
সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আন্দোলনত যোগদান কৰি শ্ৰম আৰু নিয়োগ বিভাগৰ কেবিনেট
মন্ত্ৰী হোৱাগৰাকী আৰু বৰাকৰ আলম চৌধুৰীয়ে শপত লোৱাৰ পাছত আমেৰিকাত গৱেষণা কৰি
থকা  দৰং জিলাৰ এজন প্ৰাক্তন ছাত্ৰই শপত লৈছিল। আমেৰিকাৰ নিউ জাৰ্চিৰ কুক কলেজত গৱেষণা কৰি আছিল তেওঁ।
পূৰ্বে  অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী
অধ্যাপক আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। গৱেষণাৰ
মাজতে কিছুদিনৰ ছুটীত ঘৰলৈ আহিছিল। ৰাইজৰ মৰমৰ দাবীত মঙলদৈ বিধানসভা সমষ্টিৰ পৰা
নিৰ্বাচন খেলিলে আৰু জয়ী হৈ মহন্তৰ মন্ত্ৰীসভাত কৃষি আৰু মীন বিভাগৰ কেবিনেট
মন্ত্ৰী হ’ল। মুখ্যমন্ত্ৰীৰ উপৰি  ১৩জন
কেবিনেট মন্ত্ৰীয়ে শপত লৈছিল সেইদিনা। চৌধুৰী
, বৰুৱা, কলিতাদলে,
দাস
বড়োকে ধৰি সকলো নেতাকে কাষত পোৱাৰ দৰে লাগিছিল।

  গণ পৰিষদে ১০৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা
কৰি ৬৪টা সমষ্টিত জয়লাভ কৰিছিল। ইয়াৰ মাজতো ১৭জনে  আমানতৰ ধন হেৰুৱাইছিল। সেই খবৰ বৰ সাধাৰণ খবৰ
নাছিল আঞ্চলিকতাবাদী মানুহৰ বাবে। ৰত্নদাহঁতৰ কংগ্ৰেছে যেনে-তেনেহে ২৫খন আসন পাইছিল। ৪৮জন প্ৰাৰ্থীৰ আমানতৰ ধন
বাজেয়াপ্ত হোৱা কথাটো হিমানীয়ে কওঁতে বোলে ৰত্ন দাই কৈছিল “তোমালোকৰ চৰকাৰে
একো কৰিব নোৱাৰে।”

কিয়
নোৱাৰিব!”

ঘৰখনকে চলাই নোপোৱা ফকলীয়া লʼৰাই কি দেশ চলাব। দুদিনতে আমুৱাই যাব ৰাইজৰ। তিৰোতাক
সন্তুষ্ট কৰোঁতেই ৰাইজে অসন্তুষ্ট হ
ব।

 ৰাতি দুপৰলৈকে অসম আন্দোলনৰ চিতাজুই পুৱাই
থাকোঁতেই বাহিৰত কাৰোবাৰ খোজৰ শব্দ শুনা যেন লাগিছিল নীলৰ। সেয়ে কিছু সময়
শহাকণীয়া হৈ থাকিল। তাৰ পাছত আকৌ যেন জঁপিয়াই পৰিল নেহৰু ষ্টেডিয়ামত। সেইবাৰ
সংখ্যালঘু মৰ্চাই ৫৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১৭খন আসনত জয়লাভ কৰিছিল। আজি চি পি এমে ২খন
, পি টি চিয়ে ৩খনকাষত থকা দলটোৱে
৩৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও
ফলাফল আছিল শূন্য। ৩৩জন প্ৰাৰ্থী আমানতৰ ধনো বাজেয়াপ্ত হৈছিল।

      নেহৰু ষ্টেডিয়ামৰ শপত গ্ৰহণ অনুষ্ঠানৰ পৰা
ৰোগ শয্যালৈ ঘুৰি অহালৈ ফেঁচাই কুৰুলিয়াইছিল। মনত পৰিছিল মিলিটেৰীৰ মুখখন। কি হ
,
কি
কথা একো গম নাপাই এবাৰ পুতেকক সোধো বুলি ভাবি বিছনাৰ পৰা উঠিব খুজি নীলই লাইটতো
জ্বলাই দিলে। এখোজ- দুখোজকৈ গৈ মৃগাংকৰ কোঠাৰ ওচৰ পালেগৈ যদিও ক্লান্ত পুতেকক
চিঞৰি চিঞৰিও জগাব 
নোৱাৰিলে নীলই।

                           (অহা সংখ্যাত)