কুৰ্ট গডেল : এজন অসাধাৰণ গণিতজ্ঞ

 

 

প্ৰিয়দেৱ গোস্বামী

 

প্ৰাকৃতিক
পৰিঘটনাবোৰ মানুহৰ চিন্তাশক্তিৰে বিশ্লেষণ কৰি কথিত বা লিখিত ৰূপত সংৰক্ষণ কৰিবলৈ
আৰম্ভ কৰা সময়ৰ পৰাই যুক্তি-তৰ্কবিদ্যাৰো আৰম্ভ হয়৷ বিভিন্নজনে চিন্তা-চৰ্চা কৰি
দাঙি ধৰা উক্তিবোৰ বিশ্লেষণ কৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন সূত্ৰ প্ৰকাশ কৰা হয়৷
গণিতৰ ক্ষেত্ৰখনতো একে পদ্ধতিৰেই তথ্য বিশ্লেষণ কৰা হয়৷ গণিতৰ প্ৰাৰম্ভিক ভেঁটিতো
সংখ্যাৰ ওপৰত প্ৰতিষ্ঠিত৷ সত্যৰ অন্বেষণেৰে গণিতৰ এই ভেঁটি সুৰক্ষিত কৰি ৰখাৰ বাবে
গণিতজ্ঞসকলে নিৰলস প্ৰচেষ্টা চলাই আহিছে৷ সাধাৰণতে দাৰ্শনিক তত্ত্বৰে এনেবোৰ কথা
আলোচনা কৰা হয়৷ আধুনিক গণিত জগতৰ অনেক খনিকৰ এনে সত্য অন্বেষণৰ লগত জড়িত৷ এনে
কেইজনমান উল্লেখযোগ্য গণিতজ্ঞ হৈছে ক্ৰমে জৰ্জ কেণ্টৰ
, ৰিচাৰ্ড
ডেডেকাইণ্ড
, ফেড্ৰিক ৰাইমান, বাট্ৰৰ্াণ্ড
ৰাছেল
, কুৰ্ট গডেল, জৰ্জ বুল, এলেন টুৰিং আদি৷
এইসকলৰ লগতে আৰু বহুজন মনীষী আছে যিসকলৰ অৰিহণা সৰ্বকাললৈ স্বীকৃত হৈ ৰ’ব৷ গণিতৰ
প্ৰকৃত ধাৰণাবোৰ আমি তৈয়াৰো কৰিব নোৱাৰোঁ আৰু সলনিও কৰিব নোৱাৰোঁ
; আমি
মাত্ৰ সেইবোৰ অনুভৱ কৰিব পাৰোঁ আৰু বৰ্ণনা কৰিবহে পাৰোঁ৷ গতিকে গাণিতিক গৱেষণাবোৰ
হৈছে আৱিষ্কাৰৰ একো একোটা পদ্ধতি৷ গণিতে মানুহৰ সম্মুখত থকা অনেক সমস্যাৰ সমাধান
কৰিছে৷ প্ৰকৃততে আমাৰ প্ৰকৃতিজগত তথা সমাজত হোৱা পৰিৱৰ্তনবোৰৰ বহুলাংশই গণিতৰ হাতত
ধৰিহে আগ বাঢ়িছে৷ গণিতৰ আৱিষ্কাৰসমূহ সময়ে সময়ে একোটা অভাৱনীয় পৰিৱৰ্তনৰকাৰক
হিচাপে ধৰা দিয়ে৷ উদাহৰণস্বৰূপে কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰত বুলিয়ান তত্ত্বৰ কথা
উল্লেখ কৰিব পাৰি৷ কিন্তু গণিতৰ জগতত অনেক সমস্যা আৰু প্ৰশ্নও আছে যিবোৰ সমাধান
হোৱা নাই বা যিবোৰৰ উত্তৰ আজিকোপতি দিব পৰা হোৱা নাই৷ সময়ে সময়ে এনে প্ৰশ্ন আৰু
সমস্যাসমূহৰ একোখন তালিকা প্ৰকাশ পায়৷ বিংশ শতিকাৰ আৰম্ভণিতে এনে এখন তালিকা
প্ৰকাশ পাইছিল৷ একেদৰেই একবিংশ শতিকাৰ আৰম্ভণিতো আমেৰিকাৰ
Clay Mathematics
Research Institute-য়ে সাতোটা প্ৰশ্নৰ অৱতাৰণা কৰিছিল৷ সেই তালিকাৰ
লগতে প্ৰতিটো প্ৰশ্নৰ সমাধান দিওঁতালৈ এক নিযুতকৈ আমেৰিকান ডলাৰৰ পুৰষ্কাৰ দিয়াৰ
প্ৰস্তাৱো আছিল৷

জাৰ্মান গণিতজ্ঞ
ডেভিড হিলবাৰ্টে ১৯০০ চনত পেৰিছত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় গণিত অধিৱেশনত
সেই সময়লৈকে বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ দিশত প্ৰভাৱ 
পেলাব পৰা অথচ সমাধান নোলোৱাকৈ থকা তেইছটা প্ৰশ্ন উত্থাপন কৰিছিল৷ তেওঁ সেই
তেইছটা প্ৰশ্নৰে তিনিটা প্ৰশ্ন ১৯২৮ চনত পুনৰ উল্লেখ কৰিছিল৷ সেই তিনিটা আছিল
গণিতৰ একেবাৰে বুনিয়াদী গাঁথনিগত বিষয়ৰ প্ৰশ্ন৷ প্ৰশ্নকেইটাৰ বিষয় আছিল গণিতৰ
দাৰ্শনিক ভিত্তিৰ সৈতে সম্পৰ্কিত আৰু যথেষ্ট চিন্তা উদ্ৰেককাৰী৷ গণিতৰ চৰ্চা আৰু
অধ্যয়নৰ এনে অনুসন্ধানমূলক দিশটোৱে বিষয়টোৰ ভেঁটি শক্তিশালী কৰি তোলে আৰু লগতে
মানুহৰ সম্মুখত অনালোচিত হৈ ৰোৱা সমস্যাৰ প্ৰতি আগ্ৰহী বিষয় হিচাপে গণিতৰ গুৰুত্ব
বঢ়াই তোলে৷ যিসকলে এনে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ প্ৰয়াস কৰে তেওঁলোকে তেনে
প্ৰয়াসৰ যোগেদি নিজা নিজা মৌলিক ধাৰণা প্ৰকাশ কৰিবলৈ যত্ন কৰে৷ তেনে মৌলিক
ধাৰণাবোৰেই পৰৱৰ্তী সময়ত মানুহৰ সমগ্ৰ ধ্যান-ধাৰণাকেই সলনি কৰি পেলায়৷ হিলবাৰ্টে
উত্থাপন কৰা সেই প্ৰশ্ন তিনিটা আছিল এনে–

প্ৰথমে তেওঁ
কৈছিল যে
, ‘সকলো সত্য গাণিতিক উক্তিকে প্ৰমাণ কৰিব পাৰি৷’
অৰ্থাৎ গণিতত সম্পূৰ্ণতা আছে৷

দ্বিতীয়টো আছিল,
মাত্ৰ
সত্য গাণিতিক উক্তিকহে প্ৰমাণ কৰিব পাৰি৷’ অৰ্থাৎ গণিতত সঙ্গতি আছে৷

তৃতীয়তে  ‘গণিতৰ সিদ্ধান্ত গ্ৰহণতা৷’ অৰ্থাৎ এটা
সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া থাকিব যাৰ সহায়ত যিকোনো এটা গাণিতিক প্ৰস্তাৱনাক সত্য
বা অসত্য হিচাপে সিদ্ধান্ত ল’ব পৰা যায়৷ অৰ্থাৎ সত্যতা নিৰূপণৰ বাবে এক এল্‌গৰিথ্‌ম্‌
প্ৰস্তুত কৰিব পাৰি যাৰ সহায়ত সত্যতা সম্পৰ্কে এটা সিদ্ধান্তত উপনীত হ’ব পৰা যায়৷

হিলবাৰ্টৰ উপৰি
উক্ত প্ৰথম দুটা প্ৰস্তাৱনা সত্য নহয় বুলি বিংশ শতিকাৰ এজন মহান গণিতজ্ঞই প্ৰমাণ
কৰিছিল৷ তেওঁ আছিল কুৰ্ট গডেল৷ হিলবাৰ্টৰ তৃতীয় প্ৰস্তাৱনাটোও সত্য নহয় বুলি বিংশ
শতিকাৰ আন এজন গণিতজ্ঞ এলেন টুৰিঙে প্ৰমাণ কৰিছিল৷ বৰ্তমান ইয়াক ‘টুৰিং টেষ্ট’
বুলি জনা যায়৷ যন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰ্থক্য বুজাবলৈ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত
ব্যৱহৃত
CAPTCHট্ট (Completely Automated Public
Turing Test to tell the Computer and Human Apart) শব্দৰ লগত আমি
সততে মুখামুখি হওঁ৷ এইটো আচলতে টুৰিং টেষ্টেই৷

গণিতজ্ঞসকলৰ
বিষয়ে সততে এটা কথা শুনা যায়৷ সেইটো হৈছে
, তেওঁলোকৰ আচাৰ-ব্যৱহাৰ অগতানুগতিক
কিম্বা তেওঁলোকৰ মতামত-চিন্তাধাৰা আনৰ লগত নিমিলে৷ তেওঁলোকৰ মতবোৰ অনন্য৷
প্ৰকৃতাৰ্থতে তেওঁলোকৰ চিন্তাধাৰা অতিশয় প্ৰাথমিক বা মৌলিক ধৰণৰ৷ তেনে
অগতানুগতিকতাৰ ক্ষেত্ৰত আমেৰিকাৰ মেছাছুচেট্‌ছ ইন্সটিটিউট অফ টেকন’ল’জি আৰু
প্ৰিঞ্চটন য়ুনিভাৰ্ছিটিৰ বিশ্ববিখ্যাত গণিতজ্ঞ জন ফৰ্বছ নাশ্বৰ (
John
Forbes Nash) বিশেষ খ্যাতি আছিল৷ The
Beautiful Mind  নামৰ চিনেমাখনত
এই গণিতজ্ঞজনৰ ব্যক্তিত্বক অতি সুন্দৰকৈ দাঙি ধৰা হৈছে৷ অগতানুগতিকতাৰ দিশত খ্যাতি
আছিল৷ অগতানুগতিকতাৰ ক্ষেত্ৰত প্ৰিঞ্চটনৰ গণিতজ্ঞ কুৰ্ট গডেলো সমানে চৰ্চাৰ বিষয়
আছিল৷ বিংশ শতিকাৰ মহান গণিতজ্ঞ-দাৰ্শনিকসকলৰ মাজত গডেল আছিল অন্যতম৷ গডেলৰ আন এটা
বিশেষ চাৰিত্ৰিক গুণ আছিল৷ সেইটো হৈছে
, তেওঁ আন ব্যক্তিৰ প্ৰতি সকলো সময়তে
সন্দেহবাদী আছিল৷

কুৰ্ট গডেলৰ
জন্ম হৈছিল বৰ্তমানৰ চেক গণৰাজ্যত ১৯০৬ চনৰ ২৪ এপ্ৰিল তাৰিখে৷ তেওঁৰ জন্মৰ সময়ত
সেই ঠাইখিনি আছিল অষ্ট্ৰিয়া আৰু হাঙ্গেৰীৰ সীমামূৰীয়া ঠাই৷ ৰুডল্‌ফ আৰু মেৰিয়ানা
গডেল (
Rudolf & Mariana Godel)ৰ দ্বিতীয়
সন্তান কুৰ্টে সৰুৰে পৰাই গণিত আৰু বিজ্ঞানৰ প্ৰতি বিশেষভাৱে ধাউতি দেখুৱাইছিল৷
বিদ্যালয়ৰ শিক্ষাৰ প্ৰথম আঠ বছৰীয়া স্তৰটো তেওঁ চাৰি বছৰতে সম্পূৰ্ণ কৰি প্ৰতিভাৰ
পৰিচয় দিছিল৷ প্ৰাৰম্ভিক পৰ্যায়ত কুৰ্টৰ পচন্দৰ বিষয় আছিল পদাৰ্থবিদ্যা৷ তেওঁৰ
প্ৰৱল অনুসন্ধিৎসাৰ বাবেই পৰিয়ালৰ আটায়ে তেওঁক ‘মিষ্টাৰ কিয়’ [
Mr. Why] বুলি
উপৰুৱাকৈ ধেমেলীয়া নাম দিছিল৷ গণিতৰ প্ৰতি তেওঁৰ বিশেষ ৰাপৰ অন্যতম কাৰণ আছিল
গণিতত থকা সঠিকতাৰ মাদকতা তেওঁৰ ভাল লাগিছিল৷ গডেলৰ শিক্ষক সংখ্যাতত্ত্বৰ অধ্যাপক
ফিলিপ ফুৰ্টএংলাৰ (
Philihp Furtwangler)ৰ শিক্ষাই তেওঁক
বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছিল৷ এনে উদাহৰণৰ পৰাই ছাত্ৰৰ ওপৰত শিক্ষকৰ প্ৰভাৱ কিমান
হ’ব পাৰে উপলব্ধি কৰিব পাৰি৷ গডেলে ১৯২৪ চনত ভিয়েনা বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে
আৰু তাতে ১৯২৯ চনত গৱেষণা কৰ্ম সমাপণ কৰে৷ পৰিয়ালৰ অপচন্দ সত্তেও তেওঁ ১৯৩৮ চনত
নিজতকৈ ছবছৰে ডাঙৰ এডেল নিম্বাৰ্স্কি (
Adele Nimbursky)
বিয়া কৰায়৷ ১৯২০-অৰ দশকত ভিয়েনা আছিল বহু বিজ্ঞানী
, দাৰ্শনিক আৰু
গণিতজ্ঞৰ কৰ্ষনস্থলী৷ তেওঁলোকে ‘ভিয়েনা চাৰ্কল্‌’ বুলি এটা এনুষ্ঠানৰ জৰিয়তে
সাপ্তাহিকভাৱে লগ হৈ বিজ্ঞান সম্পৰ্কীয় অনেক কথা আলোচনা কৰিছিল৷ ১৯২৬ চনত গডেলে
সেই অনুষ্ঠানত যোগ দিয়ে৷ সেই অনুষ্ঠানত যোগ দিয়াৰ পাছৰ পৰাই গডেলৰ আগ্ৰহ
পদাৰ্থবিদ্যাৰ ঠাইত তৰ্কবিদ্যাৰ ফালে ঢাল খায়৷

গডেলে তেওঁৰ
গৱেষণাৰ বিষয় হিচাপে
Predicate কলন গণিতৰ সম্পূৰ্ণতা উপপাদ্য বাচি
লৈছিল৷ গৱেষণা কালত তেওঁৰ অৱস্থাটো আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ দৰে হৈছিলগৈ৷
কলম্বাছে যেনেদৰে যিখন দেশত উপস্থিত হ’মগৈ বুলি জাহাজৰ পাল তৰি লৈছিল যদিও আন এখন
দেশতহৈ উপস্থিত হৈছিলগৈ ঠিক তেনে অৱস্থা গডেলৰ গৱেষণাৰ ক্ষেত্ৰতো ঘটিল৷ তেওঁ যিটো
আশা কৰি গৱেষণা আৰম্ভ কৰিছিল
, ফল হিচাপে উপনীত হ’লগৈ কিন্তু সম্পূৰ্ণ
বিপৰীত এটা সিদ্ধান্ততহে৷ ফলস্বৰূপে গণিতৰ জগতত এক নতুন ধাৰাৰ সৃষ্টি হ’ল৷ তেওঁৰ
সিদ্ধান্ত আছিল যে কোনো আনুষ্ঠানিক পদ্ধতিত এনে কিছুমান উক্তি থাকে যিবোৰক সেই
পদ্ধতিৰ ভিতৰত প্ৰমাণ কৰিব নোৱাৰি৷  গডেলৰ
এনে অসম্পূৰ্ণতা সম্পৰ্কীয় উপপাদ্য দুটা প্ৰকাশ হৈছিল ১৯৩১ চনৰ মাৰ্চ মাহত৷ তেওঁৰ
গৱেষণাৰ ফলাফল প্ৰকাশ হোৱাৰ লগে লগে গণিতৰ জগতত খলকনি লাগিছিল৷ ডেভিড্‌ হিলবাৰ্ট
গডেলৰ ওপৰত অধিক খৰ্গহস্ত হৈ উঠিছিল
, কিয়নো তেওঁ ভবা ধৰণৰ গণিতৰ ভেঁটি
অসম্ভৱ বুলি দেখুওৱাটোক তেওঁ সহজভাৱে ল’ব পৰা নাছিল৷ হিলবাৰ্টৰ সহকাৰী  প’ল বাৰ্নি (
Paul Berneys)য়েহে
হিলবাৰ্টক বুজাবলৈ সক্ষম হৈছিল যে গডেলৰ আৱিষ্কাৰ সঁচাকৈয়ে মৌলিক৷ হিলবাৰ্ট গডেলৰ
প্ৰতি ইমানেই অসন্তুষ্ট হৈছিল যে গডেলৰ গৱেষণা পত্ৰ প্ৰকাশৰ ১২ বছৰৰ পাছলৈকে জীয়াই
থকা সত্তেও তেওঁ গডেলৰ সৈতে কাহানিও কোনো আনুষ্ঠানিক যোগাযোগ ৰক্ষা কৰা নাছিল৷

গডেলৰ
আৱিষ্কাৰসমূহ আধুনিক তৰ্কবিদ্যাৰ অতি গুৰুত্বপূৰ্ণ বিষয় আৰু কম্পিউটাৰ বিজ্ঞানৰ
বাবে এক বুনিয়াদী ভেঁটি৷ তেওঁৰ মৌলিক ধাৰণাই গাণিতিক তৰ্কবিদ্যাৰ আমূল পৰিৱৰ্তন
সাধন কৰিলে৷ এনে উদ্ভাৱনৰ বাবেই গডেল বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ দাৰ্শনিক হিচাপে
স্বীকৃত হৈ থাকিব৷ অসম্পূৰ্ণতা তত্ত্ব আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত এটা সম্পৰ্ক
আছে৷ গডেলে কৈছিল যে মানুহৰ মনটো ‘এলগৰিথ্‌ম্‌’ নহয় আৰু সেইবাবে প্ৰকৃত অৰ্থত
কৃত্ৰিম বুদ্ধিমত্তা প্ৰস্তুত কৰাও সম্ভৱ নহয়৷ কিন্তু
Walter Pitts, C. E. Shanon
আদি
বিজ্ঞানীয়ে মানুহৰ মগজুক প্ৰতিনিধিত্ব কৰিব পৰা কৃত্ৰিম বুদ্ধিমতা প্ৰস্তুত কৰাটো
সম্ভৱ বুলি বিশ্বাস কৰিছিল৷ এই বিষয়বোৰ আজিৰ তাৰিখতো বিতৰ্কৰ বিষয় হৈয়ে আছে৷ ১৯৪০
চনত গডেলে ইউৰোপ একেবাৰে ত্যাগ কৰে আৰু আমেৰিকালৈ গৈ প্ৰিঞ্চটনৰ বিখ্যাত
Institute
of Advanced Studies-অত যোগদান কৰে৷ ১৯৪৬ চনত তেওঁ প্ৰতিষ্ঠানটোৰ
স্থায়ী সদস্য হয় আৰু ১৯৫৩ চনত পূৰ্ণকালিন অধ্যাপক হিচাপে নিযুক্ত হয়৷ গডেলে ১৯৪৮
চনত আমেৰিকাৰ স্থায়ী নাগৰিকত্ব লাভ কৰে৷

তেওঁৰ
নাগৰিকত্বৰ বাবে হোৱা শুনানিৰ সময়ত এটা আমোদজনক ঘটনা ঘটিছিল৷ প্ৰিঞ্চটনত সেই সময়ত
বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু অৰ্থনীতিবিদ গণিতজ্ঞ অস্কাৰ
মৰ্গেনষ্টাৰ্নে (
Oskar Morgenstern) অধ্যাপনা
কৰিছিল৷ তেওঁলোক দুয়োজন গডেলৰ বন্ধু আছিল৷ আমেৰিকাত নাগৰিকত্ব লাভ কৰিবলৈ হ’লে
আৱেদনকাৰীয়ে এক শুনানিৰ মুখামুখি হ’বলগীয়া হয়৷ নিয়ম পালন কৰা হিচাপেই তেনে
সাক্ষাৎকাৰ লোৱা হয় যদিও গডেলে বিষয়টো অতিশয় গুৰুত্ব সহকাৰে লৈছিল৷ সেই উদ্দেশ্যেই
তেওঁ আমেৰিকাৰ সংবিধানখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল৷ শুনানিৰ আগদিনা গডেল
মৰ্গেনষ্টাৰ্নৰ ওচৰলৈ গ’ল আৰু ক’লেগৈ যে তেওঁ আমেৰিকাৰ সংবিধানখনত এটা যুক্তিগত
আৰু আইনগত আঁসোৱাহ দেখা পাইছে যাৰ ফলত আমেৰিকা এখন একনায়কত্ববাদী ৰাষ্ট্ৰও হৈ
উঠিবগৈ পাৰে
, যি গণতান্ত্ৰিক নহ’বগৈ৷ মৰ্গেনষ্টাৰ্নে গডেলৰ
একাচেকা মানসিকতাৰ বিষয়ে বাৰুকৈয়ে জানিছিল বাবে পৰামৰ্শ দিলে যে যুক্তিগতভাৱে
গডেলৰ কথাষাৰৰ মূল্য যিমানেই নাথাকক কিয়
, তেওঁ যেন সাক্ষাৎকাৰৰ সময়ত এই বিষয়বোৰ
উত্থাপন নকৰে৷ আইনষ্টাইন আৰু মৰ্গেনষ্টাৰ্নৰ সন্দেহ হৈছিল যে গডেলে নিশ্চয়
সাক্ষাৎকাৰত নক’বলগীয়া কিবা ক’ব৷ সেয়ে সাক্ষাৎকাৰৰ স্থান 
Trenton-অলৈ গডেলৰ লগত আইনষ্টাইন
আৰু মৰ্গেনষ্টাৰ্নো গৈছিল৷ গাড়ীৰে গৈ থাকোঁতে গডেলৰ মন আনপিনে ঢাল খুৱাবলৈ বুলি আইনষ্টাইনে
তেওঁক আন আন বিষয়ৰ কথা কৈ গৈছিল৷ সাক্ষাৎকাৰৰ সময়ত আইনষ্টাইন আৰু মৰ্গেনষ্টাৰ্নৰ
দৰে দুজন বিখ্যাত লোক উপস্থিত থকা বাবে কতৃৰ্পক্ষয়ো খুব ভাল পাইছিল৷ ন্যায়াধীশে
গডেলক সুধিলে
, ‘আপুনি এতিয়ালৈকে জাৰ্মান নাগৰিক হৈ আছে?’
গডেলে
ন্যায়াধীশৰ কথাষাৰ শুধৰাই ক’লে যে তেওঁ এজন অষ্ট্ৰিয়ান৷ বিষয়াবৰ্গই পুনৰ ক’লে
,
সি
যি নহওক
, সেইখন দেশ (অষ্ট্ৰিয়া) সম্প্ৰতি একনায়কৰ অধীনত আছে, যিটো
সৌভাগ্যক্ৰমে আমেৰিকাত সম্ভৱ নহয়৷’ সেই কথাৰ উত্তৰত গডেলে চিঞৰি উঠিল
, ‘সেইটো
যে আমেৰিকাতো হ’ব পাৰে সেইটো মই জানো৷’ লগতে তেওঁ আমেৰিকাৰ সংবিধানত ৰৈ যোৱা
সুৰুঙাৰ বিষয়েও ক’বলৈ আৰম্ভ কৰিলে৷ গডিলৰ দুই বন্ধু বৰ অস্বস্তিকৰ অৱস্থাত পৰিল৷
দুয়োৰে চিন্তা আৰম্ভ হ’ল– বন্ধুৰ নাগৰিকত্বৰ বা কি হয়গৈ! সৌভাগ্যক্ৰমে সেই শুনানিৰ
ন্যায়াধীশ
Philip Forman-এ আইনষ্টাইনৰ নাগৰিকত্ব আৱেদনৰো শুনানি
গ্ৰহণ কৰিছিল৷ ন্যায়াধীশ
Forman-অৰ বাবে আইনষ্টাইনৰ উপস্থিতিয়েই গডেলৰ
নাগৰিকত্ব আৱেদন মঞ্জুৰ কৰাৰ বাবে যথেষ্ট আছিল৷ গতিকে নাগৰিকত্ব লাভ কৰাত বাধা
নাথাকিল৷ তাৰ পাছত অনেক কথা-বতৰা পাতি তেওঁলোকে
Forman-অৰ পৰা বিদায়
ল’লে৷

গডেলে জীৱনকালত
অনেক সন্মান লাভ কৰিছিল৷ ১৯৫১ চনত আইনষ্টাইন বঁটা
, ১৯৬৮ চনত ৰয়েল
ছ’চাইটিৰ সদস্যপদ
, ১৯৭৫ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদককে ধৰি অনেক
সন্মান তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল৷ সকলো সময়তে আনৰ প্ৰতি সন্দেহৰ ভাব পোষণ কৰা
গডেলে আনকি প্ৰয়োজনৰ সময়ত চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ নকৰিছিল৷ জীৱনৰ শেষৰ পিনে তেওঁ
গ্ৰহণ কৰা খাদ্যৰ পৰিমাণ একেবাৰে কমাই আনিছিল৷ চিকিৎসকৰ মতে অপুষ্টিত ভুগি ১৯৭৮
চনৰ ১৪ জানুৱাৰি তাৰিখে মৃত্যুবৰণ কৰে৷ তেওঁ অগৱানৰ অস্তিত্ব সম্পৰ্কে প্ৰমাণ আগ
বঢ়াবলৈ যত্ন কৰি আছিল৷ কিন্তু তেওঁৰ মৃত্যুৱে তেওঁৰ সেই  সম্পৰ্কীয় চিন্তা-চৰ্চা আধৰুৱা কৰি ৰাখিলে৷

 

ঠিকনা :

খনীয়া গাঁও, ডিব্ৰুগড়

ফ’ন : ৯৪৩৫৪৭৩৭৮২