অকথিত পদ্য

চন্দন
বৰ্মন

  

(১) 

সিদ্ধান্ত 

 

দেৱাল
গঢ়িলে ঘৰ

ভাঙিলেই
পৃথিৱী

চকু
নমালে এডোখৰ মাটি

উঠালেই
অনন্ত আকাশ৷

 

(২) 

পিৰালিৰ
গান
 

 

হাজাৰ
বছৰ কাটি যায়৷

এটি
নিৰ্জন সন্ধিয়াই
 

মোৰ
ঘৰৰ পিৰালিত বহি

তমোময় গীত
গায়৷

 

(৩)

ব্যৰ্থতা

 

খিৰিকি
মুখেৰে চাই থাকোঁতেই
 

কাটি
গ’লে মোৰ জীয়ন সময়

মই
কেনেকৈনো পাওঁ তোমাক,

দিগন্তত
খুজিছিলোঁ সুখৰ আশ্ৰয়৷

 ***

ভ্ৰাম্যভাষ
– ৯১০১০৪৬৮১০