(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
শ্বটটো আছিল–ছোৱালীজনী দৌৰ
মাৰি ককাকৰ ওচৰলৈ যাব লাগে আৰু কিবা এটা ক’ব লাগে৷ কিন্তু কেমেৰা চলাৰ লগে লগে ছোৱালীজনী
চক খাইহে উঠিল৷ কেমেৰাৰ সৈতে প্ৰথম মুখামুখি হোৱাৰ ভয়-দ্বিধাৰে ভৰা সময় আছিল সেইখিনি৷
পাছলৈ অৱশ্যে এইগৰাকী অভিনেত্ৰী অসমীয়া চিনেমাপ্ৰেমীৰ মাজত জনপ্ৰিয় হ’ল, সুন্দৰ অভিনয়েৰে
তেওঁ আমাক আকৃষ্ট কৰি গ’ল৷ তেওঁৰ নাম নিকুমণি বৰুৱা৷ এইমাত্ৰ যিখন চিনেমাৰ কথা ক’লো
সেইখনৰ নাম ‘সূত্ৰপাত’৷ মৃদুল গুপ্তাই পৰিচালনা কৰা ‘সূত্ৰপাত’ আছিল নিকুমণি বৰুৱাৰ
অভিনয় জীৱনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা৷ নিকুমণি বৰুৱাৰ বহু সাক্ষাৎকাৰত সেয়ে ‘সূত্ৰপাত’ৰ
নাম শুনিছো বা পঢ়িছো৷ ‘সূত্ৰপাতে’ মুক্তি লাভ কৰিছিল ১৯৮৭ চনত৷ অসম আন্দোলনে ৰচনা কৰা
পৰিৱেশ-পৰিস্থিতিৰে নিৰ্মিত হৈছিল ‘সূত্ৰপাত’৷ মৃদুল গুপ্তা আৰু এহছান মজিদৰ কাহিনীৰ
আধাৰত চিত্ৰনাট্য লিখিছিল দেৱীপ্ৰসাদ সিনহাই৷ সঙ্গীত দিছিল বিভূৰঞ্জন চৌধুৰীয়ে৷ ‘সূত্ৰপাত’ৰ
গীতসমূহৰ লগত মই পৰিচিত নহওঁ, সেয়ে লেখাটোত গীতৰ কথা উল্লেখ কৰিব নোৱাৰিলোঁ৷ কেইবছৰমান
আগেয়ে ‘সূত্ৰপাত’ৰ পৰিচালক মৃদুল গুপ্তাই পৰিচালনা কৰিলে ‘টি আৰ পি আৰু…’ শীৰ্ষক এখন
চিনেমা৷
‘তথাপিও নদী’– হেমন্ত বৰ্মনৰ চুটি গল্প সংকল্পৰ আধাৰত
উত্তম দস্তিদাৰ আৰু হেমন্ত দাসে চিত্ৰনাট্য প্ৰস্তুত কৰা চিনেমাখন চাইছিলোঁ কিৰণ শংকৰ
ৰায়ৰ ব্যক্তিগত সংগ্ৰহৰ পৰা আনি৷ হেমন্ত দাসে পৰিচালনা কৰা ‘তথাপিও নদী’ মুক্তি পাইছিল
১৯৯০ চনত৷ সংগীত আৰু চিত্ৰগ্ৰহণ ক্ৰমে তৰুণ দাস আৰু ইন্দুকল্প হাজৰিকাৰ৷ ৰাষ্ট্ৰীয়
চলচ্চিত্ৰ বঁটাৰে সন্মানিত লেখক-সমালোচক অপূৰ্ব শৰ্মাই ‘তথাপিও নদী’ সম্পৰ্কত লিখিছিল—
“হেমন্ত দাসৰ ‘তথাপিও নদী’ এখন ব্যতিক্ৰমধৰ্মী অসমীয়া ছবিৰূপে চিহ্নিত হৈছে৷ কলা-কৌশলগত
ত্ৰুটি আৰু চিত্ৰনাট্যৰ শিথিলতা সত্ত্বেও অনাটকীয় অকাহিনীধৰ্মী নতুন ধৰণৰ প্ৰয়াসৰূপে
এই ছবিখনক সমালোচকসকলে আদৰণি জনোৱা দেখা গৈছে৷”
এইখিনি সময়তে (১৯৯০) মুক্তি পাইছিল সীতাৰাণী হাজৰিকা,
ডা০ হেমেন বৰ্মন, লক্ষ্মী বৰঠাকুৰ আদিয়ে অভিনয় কৰা হেমেন দাসৰ চিনেমা ‘যুঁজ’৷
ৰজত কমল বঁটাপ্ৰাপ্ত ‘যুঁজ’ৰ সঙ্গীত দিছিল খগেন মহন্ত আৰু ৰমেন চৌধুৰীয়ে৷ বিশিষ্ট চিনেমা
সমালোচক অৰুণলোচন দাসে লিখিছিল —অসমৰ এটি থলুৱা সংস্কৃতি ম’হ যুঁজক এই ছবিৰে প্ৰথমবাৰৰ
বাবে অসমীয়া চলচ্চিত্ৰলৈ অনা হয়৷
১৯৮৯ চনত আহিছিল পূৰ্বাঞ্চল ফিল্ম কো-অপাৰেটিভ ছ’চাইটিয়ে
প্ৰযোজনা কৰা জাহ্নু বৰুৱাৰ ‘বনানী’৷ ‘বনানী’ বনাঞ্চল সংৰক্ষণ বিষয়ক ডকু-ফীছাৰধৰ্মী
ছবি৷ গছ থাকিলেহে মানুহ থাকিব বুলি বিশ্বাস কৰাসকললৈ উৎসৰ্গা কৰা চিনেমাখনৰ কাহিনী
আৰু চিত্ৰনাট্য সুশীল গোস্বামীৰ৷ সংলাপ লিখিছিল জাহ্নু বৰুৱা আৰু সুশীল গোস্বামীয়ে৷
সঙ্গীত দিছিল সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈয়ে৷ অভিনয় কৰিছিল মৃদুলা বৰুৱা, বিষ্ণু
খাৰঘৰীয়া, সুশীল গোস্বামী, লক্ষী সিনহা, মুনীন শৰ্মা, বীৰেন দাস আদিয়ে৷ ‘বনানী’ৰ সম্পাদনা
হিউ এন বৰুৱা৷ আমোদজনক কথাটো হ’ল বহু বছৰৰ পাছতহে মই জানিব পাৰিছিলোঁ যে ‘হিউ এন বৰুৱা’
আচলতে জাহ্নু বৰুৱাৰেই ছদ্মনাম৷
১৯৮৯ চনত ড° ভবেন্দ্ৰনাথ শইকীয়াই তেওঁৰ গল্প ‘এন্দুৰ’ৰ কাহিনীৰে
নিৰ্মাণ কৰিছিল তেখেতৰ চতুৰ্থখন চিনেমা ‘কোলাহল’৷ ৰজত কমলেৰে সন্মানিত তথা ভাৰতীয় পেনোৰামাত
প্ৰদৰ্শিত ‘কোলাহল’ত অভিনয় কৰিছিল ৰুণু দেৱী, প্লাৱন বৰদলৈ, অৰুণ নাথ, বকুল ঘোষ আদিয়ে৷
বিশিষ্ট চিনেমা সমালোচক মনোজ বৰপূজাৰীয়ে ‘কোলাহল’ সম্পৰ্কত কৈছিল— লক্ষ্যণীয়ভাৱে এইখন
ছবিত পৰিচালকগৰাকী পটভূমিৰ পাৰ্ছপেক্টিভ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষভাৱে মনোযোগী, আনকি
তেওঁৰ সচৰাচৰ চলচ্চিত্ৰ কাহিনীত মূলতঃ ব্যক্তিকেন্দ্ৰিক সুখ-দুখৰ ওপৰতে দৃষ্টি নিবদ্ধ
কৰাৰ যিটো প্ৰৱণতা দেখা গৈছিল, সেইটো এই ছবিখনত তেওঁ সক্ৰিয়ভাৱে ত্যাগ কৰিছিল৷ সেইবাবে
ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰটোৰ দুখ-দাৰিদ্ৰ্য বস্তি অঞ্চলটোৰ প্ৰাত্যহিকতাৰ অংশ হিচাপেই
প্ৰতিষ্ঠিত হয় আৰু ক’বলৈ গ’লে অসমৰ পৰিপ্ৰেক্ষিতত তেনেকুৱা এটা ‘লোকেল’ৰ বিশ্বাসযোগ্য
প্ৰতিৰূপ পূৰ্বেই অসমীয়া চলচ্চিত্ৰত পৰিলক্ষিত হোৱা নাছিল৷
ইমান ধুনীয়াকৈ কোনে সৰজিলে/ যেন সৰগৰে তৰা/ হয় নে
নহয় আহচোন এইজনী/ চাওঁ মই কাষৰে পৰা/ তেনেকৈ নক’বা বেয়াকৈ নাচাবা/ নহওঁ সৰগৰে তৰা/
তোমাৰে মনৰে চিনাকি/ এইজনী ল’ৰালি কালৰে পৰা/ ইমান ধুনীয়াকৈ মুগা ৰিহাখনি/ দেহা কৰে
শুৱনি ঐ… — মহানন্দ মজিন্দাৰ বৰুৱা আৰু অনিমা চৌধুৰীৰ দ্বৈত কণ্ঠৰ এইটি গীত সন্নিৱিষ্ট
আছিল ১৯৯১ চনত মুক্তিপোৱা ‘প্ৰেম জনমে জনমে’ নামৰ চিনেমাখনত৷ যাদৱচন্দ্ৰ দাসে পৰিচালনা
কৰা চিনেমাখনৰ সঙ্গীত দিছিল ৰিদীপ দত্তই৷ অভিনয় কৰিছিল বিদ্যা ৰাও, বিজয় শংকৰ আদিয়ে৷
চৈধ্য বছৰৰ পাছত কৰঙা নামৰ এখন অতি পিছপৰা, ৰাস্তা-ঘাট নথকা ঠাইত বিদ্যালয়ৰ পুনৰ প্ৰতিষ্ঠাৰে
শিক্ষাৰ প্ৰসাৰৰ কাহিনী আছিল ‘ফিৰিঙতি’৷ এটা চৰিত্ৰৰ মুখৰ সংলাপ আছিল—দেশ স্বাধীনৰ
১৪ বছৰ হ’ল৷ কৰঙাৰ নিচিনা ঘোকোট গাঁৱতো স্কুল হৈছে যেতিয়া চৰকাৰে কিবা এটা কৰিছেই বুলিব
লাগিব৷ পিছে আমোদজনক কথাটো হ’ল– শিক্ষয়িত্ৰী ৰিতু বৰুৱাই গাঁওখনত গৈ কোনো বিদ্যালয়-গৃহ
নাপালেগৈ৷ বৰঞ্চ প্ৰথম অৱস্থাত তেওঁ ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালী গোটাই অনেক কষ্টৰে গছৰ
তলতহে পাঠদান কৰিবলগীয়া হ’ল৷ সেউজীয়াৰ মাজেৰে ধোঁৱা উৰুৱাই গৈ থকা ৰে’লৰ দৃশ্যৰে আৰম্ভ
হোৱা চিনেমাখনে বহুবছৰ আগতেই মোক আকৰ্ষিত কৰিছিল৷ দৃশ্যটো চলি থাকোঁতে বাজি থকা গীতটো
আছিল—-আজি পুৱা সুৰুযে ধৰণী পোহৰায়/ ন-দিনৰ বাতৰি জনায়/ গ্ৰীষ্মকালৰ ইতিহাস পুৰণি হয়/
ৰিমঝিম ৰিমঝিম বৰষাই/ গীত গায়/ দিন বাগৰি যায়/ আজি পুৱা…/ বৰষাই গীত জোৰে টোপাল সৰাই/
শৰতৰ আকাশত শুকুলা চৰাই/ দোকমোকালিতে আহি হৈমন্তী পখীয়ে……৷ ‘ফিৰিঙতি’ৰ সঙ্গীত সত্য
বৰুৱাৰ৷ প্ৰযোজনা শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাৰ৷
(ক্ৰমশঃ)