জ্যোতিশিখা দত্ত

 

 

আমাৰ সৌৰজগতখনৰ

আছে এটাই নক্ষত্ৰ

যাৰ নাম সূৰ্য

ভাস্কৰ, ৰবি, আদিত্য

 

সূৰ্যৰ চাৰিও ফালে
আঠটি গ্ৰহই

কৰি থাকে প্ৰদক্ষিণ

পৃথিৱীৰ সূৰ্যক প্ৰদক্ষিণ
কৰিবলৈ

লাগে ৩৬৫ দিন ৷

 

সূৰ্যৰ পোহৰ পৃথিৱী
পাবলৈ

৮ মিনিট ১৯ ছেকেণ্ড
লাগে

পৃথিৱীখন জীয়াই ৰাখিবলৈ

সূৰ্যৰ পোহৰ জানো
নালাগে?

 

দিন ৰাতি ঋতু পৰিৱৰ্তনত

সূৰ্যৰ ভূমিকা আছে

সূৰ্যৰ ওপৰত নানা
গৱেষণা

বিজ্ঞানীয়ে কৰিছে
 

 

আমাৰ দেশেও সূৰ্যক
জানিবলৈ

অভিযান আৰম্ভ কৰিছে

“সূৰ্যযান” নামেৰে নামাকৰণ কৰি

আদিত্য এল ৱান উৎক্ষেপণ
কৰোৱাইছে ৷

 

“সূৰ্যযান”ৰ  দ্বাৰা আৰম্ভ 
কৰা

গৱেষণাৰ কামবো

সফলতাৰে সমাপন হওক

সেয়ে কামনা মোৰ ৷

 

 

 

ঠিকনা :

জালুকবাৰী

ফোন : ৭০০২১২০০২১

Emai৷:
jyotisikhadatta@gauhati.ac.in