অনুভৱ তুলসীৰ বাহিৰে কোনেও বানান কৰি পঢ়িব নোৱাৰে লুইতৰ পানী

নীলিম
কুমাৰ


 

এসাঁজ খুৱালো শাকেৰে

এসাঁজত
দিছিলো মাছ

ৰাতিলৈ
খুৱাম মঙহ
 

কলিজাটো
কাট তুলসী”

 এই চুটি
কবিতাটো পঢ়ি গাটো শিয়ঁৰি উঠিছিল৷ এয়া আছিল অনুভৱ তুলসীৰ প্ৰথম কবিতা সংকলন “নাজমা”ৰ
মাজৰ এটা কবিতা৷ আন এটা কবিতাত তেওঁ লিখিছিল —
 

 দুই হাতে
খৰছ কৰি

মদকেই
খালোহেঁতেন

তুলসী, জীৱনটোনো
কি
 

পৰৰ হাতৰ
পইছা”

ৱাহ!
জীৱন উদযাপন সম্পৰ্কে কি ব্যাখ্যা! কি উদাসীন ভংগী! তেওঁ তেনেদৰেই গুচি যোৱা যেন লাগি
গ’ল৷ যিহেতু তেওঁৰ যাবৰ হোৱা নাছিল৷

৮০ দশকৰ
পৰা আমি একেলগে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ৷ নিবিড় বন্ধুৰ দৰে সেই দিনবোৰত আমি একেলগে
ঘূৰি ফুৰিছিলোঁ৷বিভিন্ন অনুষ্ঠানবোৰলৈ গৈছিলোঁ৷

কিন্তু
অনুভৱ তুলসী আছিল মোতকৈ বহু উচ্চ স্তৰৰ কবি৷ তেওঁ আছিল এনে এজন শক্তিশালী কবি যাক অসমীয়া
পাঠকসকলে চিনিবই নোৱাৰিলে৷ উন্মোচনেই কৰিব নোৱাৰিলে৷ অসমীয়া সমালোচকসকলো তেওঁক উন্মোচন
কৰাত ব্যৰ্থ হ’ল৷ সেয়ে অসমীয়া পাঠকসকলৰ কাৰণ অনুভৱ তুলসী এজন দুৰ্বোধ্য
, জটিল
কবি হিচাপেই চিন্হিত হৈ থাকিল৷

প্ৰত্যেক
যুগতেই সাধাৰণ পাঠক প্ৰচলিত কাব্যধাৰাত অভ্যস্ত হৈ থাকে৷ তাৰ পৰা ওলাব খুজিলেই কবিতাক
দুৰ্বোধ্য
, জটিল বুলি অভিহিত কৰা হয়৷ কিন্তু এই দুৰ্বোধ্যতাৰ উৎস
বা উৎপত্তিৰ সন্ধান নকৰে৷ এই দুৰ্বোধ্যতাৰ কাৰণ নতুন কাব্যবোধ
, নতুন
ফৰ্ম
, ভাষা
আৰু সভ্যতাৰ নতুন সম্পৰ্ক আদিৰ ব্যৱহাৰো হ’ব পাৰে৷
 

প্ৰকৃততে
তেওঁৰ নিচিনা এজন কবি অসমীয়া লাভ কৰাটো কম সৌভাগ্যৰ কথা নহয়৷ কিন্তু তেওঁৰ নিচিনা এজন
কবিয়ে অসমত জন্ম গ্ৰহণ কৰাটো তেওঁৰ নিজৰ কাৰণে আছিল এক দুৰ্ভাগ্য৷ অসম নহৈ ইউৰোপীয়
কোনো ৰাষ্ট্ৰত যদি তেওঁ জন্মিলেহেঁন তেন্তে তেওঁ বিশ্বৰ এজন অতি চৰ্চিত কবি হৈ থাকিলহেতেন৷এই
কথা মই দৃঢ়ভাৱে ক’ব পাৰোঁ৷

কিন্তু
অসমৰ সাহিত্যিক সমাজে তেওঁক সামান্য “সাহিত্য অকাডেমি” বটাঁটোকে দিব নোৱাৰিলে৷ এয়া
আমাৰ কাৰণে চৰম লজ্জাৰ কথা৷

মৃত্যুৰ
মাত্ৰ এসপ্তাহ আগতে অৰ্থাৎ ২৩ জুন ২০২৫-ত তেওঁ লিখি যোৱা এটা কবিতা আছিল—
  দিনলিপি৷
কবিতাটো তুলি দিছোঁ৷ পঢ়ি চাওক…

মোৰ সমুখত
কালিৰ দিনটোৰ মৃতদেহ

বাহী
শ ৰখীয়া হৈ বহি আছোঁ

সমুখৰ
কলমডাল মৃতদেহৰ অন্য এক সংস্কৰণ যেন

আৰু এই
কাগজখিলা মৃত আকাশৰ এটি পাত যেন

আজি হয়তো
আকৌ উদয় হৈছে সূৰ্য

আজি কি
কালিৰ স্মৃতি
? নে নতুন সেউজৰ বতাহ?

মই একো
ধৰিব পৰা নাই৷ নিজৰ শটো টানি টানি আনি

সদায়
বহা ঠাইতে বহিছোঁ৷ সাৰ পোৱা নাই৷ মই অচল

সময়
গতিশীল নে একে ঠাইতে স্থবিৰ

ৰপৰা পাম গতিৰ নিশ্চয়তা? কাৰ প্ৰাণ আছে জনাৰ
উপায় কি
?

সমুখৰ
চাহকাপৰ হাতবাউলিক মই বিশ্বাস কৰিব পৰা নাই

কোন কত আছা হয়নে, আহাচোন, শ নিয়া
গাড়ীক খবৰ দিয়া

সতী জয়মতী
নগৰ
, পাতসিয়া-২৫, ৬ নং
উপপথ
, এই ঠিকনা
দিবা

এই ঠিকনাতে
একাধিক মৃতদেহ গোট খাইছে
, চব নিব লাগিব

গা ধুবলৈ
গ’লোঁ
, চেম্পু
কৰিলোঁ
, গোটেই
গাত চাবোন সানিলোঁ

শ্বাৱাৰ
খুলি নিজকে ভালকৈ পখালিলোঁ
, যদিও একোতেই

মোৰ গাৰপৰা
মৃতদেহৰ গোন্ধটো গুচাব নোৱাৰিলোঁ

এজন কবি
কিমান শক্তিশালী হ’ব লাগিব যিয়ে নিজৰ মৃত্যুৰ দৃশ্যাবলী এনেকৈ হুবহু ৰূপত প্ৰকাশ কৰিব
পাৰে৷ কবিসকলক যে ‘ভবিষ্যতদ্ৰষ্টা
 বুলি কোৱা হয় সেয়া
এই কবিতাটোৰ জৰিয়তেই তেওঁ প্ৰমাণ কৰি থৈ গ’ল৷ অৱশ্যে এজন শক্তিশালী আৰু মহৎ কবিৰ ক্ষেত্ৰতহে
এই কথা খাটে৷ বিশ্বত এনে কেইজন কবি আছে যিয়ে তেওঁৰ নিচিনাকৈ নিজৰ মৃত্যু এনেকৈ ঘোষণা
আৰু অংকিত কৰি যাব পাৰিছে কবিতাৰে
? এতিয়ালৈ মই দেখা
নাই৷ …

মই তেওঁক
কিমান ভাল পাইছিলো
, কিমান শ্ৰদ্ধা কৰিছিলোঁ এই কথা তেওঁ
জানিছিল নে নাই
  মই নাজানো৷ কিন্তু সিদিনা বুকুত চকুলো সাঁফৰ
মাৰি থৈ আমি যেতিয়া তেওঁৰ নিস্প্ৰাণ শৰীৰ চিতাত তুলি দিছিলোঁ
, যেতিয়া
অজস্ৰ অগ্নিশিখাই তেওঁক আৱৰি ধৰিছিল আৰু আমি যেতিয়া দেখিছিলো যে তেওঁ মিহলি হৈ গৈছে
ছাইৰ মাজত
, তেতিয়া মই দেখিছিলোঁ আমি তেওঁক
জ্বলাব নোৱাৰিলোঁ! ওহোঁ! তেওঁ ছাই নহ’ল!

তেওঁ
দেখোন আকৌ উভতি আহিল সেই উজ্জ্বল চকুহালিৰে সৈতে আৰু গুচি গ’ল কবিতাৰ পৃষ্ঠাবোৰলৈ৷
কাৰণ তেওঁ বানান কৰি পঢ়িব
  লুইতৰ
পানী …
,

আহক, আমি তেওঁৰ
পিছে পিছে যাওঁ …

আহক আমি
তেওঁৰ লগত কথা পাতোঁ৷ তেওঁৰ কবিতাৰ প্ৰতিটো শাৰী পঢ়োঁ
, উচ্চাৰণ
কৰো৷ উচ্চাৰণ কৰো তেওঁৰ শব্দ শিল্প নিৰ্মাণৰ হাতদুখনিৰ ভাষা৷ আৰু যেন বুজিব পাৰোঁ সত্যৰ
ভাষা এনেকুৱাই…

 

+++

(পূৰ্বপ্ৰকাশ : অসমীয়া
প্ৰতিদিন কাকতৰ
 পৰিপূৰিকা সাদিন’, ৬ জুলাই, ২০২৫)