শুনিছোঁ শেষ আশ্ৰয় দিয়ে হেনো শুভ্ৰতাই

 ড০ অৰ্চনা পূজাৰী


 

কবিৰ
বিষয়ে লিখিবলৈ গৈ কবিৰ কবিতাৰ শাৰীটোৰেই শিৰোনামটি ঠিক কৰিলোঁ
 অনুভৱ
তুলসীয়ে যেন সকলো কথাই জানিছিল৷ সকলো কামেই নিজৰ মতে সজাই লৈছিল৷ ঠিক সেইমতে যেন লিপিবদ্ধও
কৰি গৈছিল৷
 এনেদৰে কোৱাৰ মুলতে হ’ল মৃত্যুৰ কিছুদিন
পূৰ্বে তেখেতে লিখি থৈ যোৱা মৃত্যু সম্পৰ্কীয় কবিতাটি৷
 অৱশ্যে
বহু কবিয়ে মৃত্যুক নানাভাবে অংকন কৰিছে৷ ঠিক তেনেদৰে কবি তুলসীয়েও স্বগতোক্তিৰ মাজেৰে
বহু আগতেই
  স্বগতোক্তি কৰি গৈছে
এনেদৰে-

নাৰ্চৰ
হাতত তুলাৰ শুভ্ৰতা থাৰ্মোমিটাৰ নাড়ী নক্ষত্ৰৰ টোকাবহী / নৈৰ চাপৰিৰ কঁহুৱা ফুলৰ পৰিধানেৰে
সুঠাম সোঁতাল ডাক্তৰ / মই এতিয়া কাকোৱেই আমনি নিদিওঁ শান্ত ল’ৰাৰ দৰে শুই থাকোঁ…

“কবিয়ে
কবিতাত কোৱাৰ দৰেই চিৰদিনৰ বাবে শুই থাকিল৷ ইষ্ট কুটুম্ব
, বন্ধু-বান্ধৱ , সকলোৰে
প্ৰাৰ্থনা নেওচা দি কবি গুচি গ’ল৷ স্মিতহাস্য
 , মধু আৰু
মিতভাষী এইগৰাকী কবি সকলো কামতে অতিকৈ
  সাৱধানী আছিল৷ দীৰ্ঘ
বছৰ বিভিন্ন সাহিত্যানুষ্ঠানত কবিক লগ পাইছো
, কথা পাতিছো কিন্তু
কোনোদিনে হিচাপতকৈ এষাৰো বেছিকৈ কোৱা দেখা নাছিলোঁ৷ ভাষণ দিওঁতেও অতি চমুকৈ
  প্ৰয়োজনাতিৰিক্ত
এষাৰো নোকোৱাকৈ বক্তব্য সামৰিছিল৷ তদুপৰি তেখেতৰ কাব্য পাঠতো এক বিশিষ্টতা মন
 কৰিবলগীয়া৷
এক নাটকীয় ভংগীৰে প্ৰতিটো শব্দ স্পষ্টকৈ উচ্চাৰণ কৰি কাব্য পাঠ কৰাৰ বাবে
  শ্ৰোতাই
কাব্য বিষয় অনুধাৱন কৰাত অকনো অসুবিধা পোৱা নাছিল৷

সুপ্ৰভাত
অথবা গুড মৰ্ণিং জনোৱাৰ দৰে কবি অনুভৱ তুলসীয়ে প্ৰতি পুৱাই সমুহীয়াকৈ বন্ধু-বান্ধৱলৈ
চিন্তা উদ্ৰেককাৰী একোখন চিত্ৰৰ
  ক্ষুদ্ৰ
তাঙৰণ পঠাইছিল৷ কবিয়ে প্ৰতিখন চিত্ৰ নিজৰ ধৰণেৰে নামকৰণ কৰিছিল৷ বহুজনে সেই চিত্ৰৰ
আধাৰত নতুন ধৰণৰ কাব্য সৃষ্টি কৰিছিল৷

শুভৰাতিপুৱাশুভনিজান

(কবিয়ে শেষ ৰাতিপুৱা
পঠোৱা ছবিখন)





কবি তুলসী
তীব্ৰ কল্পনাপ্ৰৱণ ব্যক্তি৷ তেখেতৰ প্ৰতিটো কবিতাই একক আৰু অতুলনীয়৷ প্ৰতিটো কবিতাৰ
শব্দ ব্যৱহাৰ নতুনত্ব
 ,প্ৰতিটো কবিতাৰে উপস্থাপন ৰীতি সুকীয়া৷ অনুবাদৰ ক্ষেত্ৰখনতো তেখেতৰ সৌকৰ্য
মনকৰিবলগীয়া৷ এক কথাত ক’বলৈ গ’লে কবিয়ে অসমীয়া ভাষাটো মন্থন কৰি ন-ন শব্দ সৃষ্টিৰে
চহকী কৰি থৈ গৈছে ৷মুঠৰ ওপৰত জীৱনৰ অতি কম সময়তে হেৰাব ধৰা অসমীয়া ভাষাৰ কালিকা ৰক্ষা
কৰি থৈ গৈছে কবি অনুভৱ তুলসীয়ে৷ এটা কথা ঠিক যে কবিৰ সকলো কবিতা অতি সহজবোধ্য বুলি
ক’ব নোৱাৰি৷
 কিছুমান কবিতাৰ বয়ন
ইমান জটিল আছিল যে পাঠকে বুজি উঠিবলৈ সময়ৰ প্ৰয়োজন হৈছিল৷ কবিৰ চিন্তাৰ প্ৰাবল্যই এনে
এক ঊৰ্দ্ধস্তৰত অৱস্থান কৰিছিল য’ত পাঠকৰ বোধগম্যতা শূন্য হৈ পৰিছিল৷ কিন্তু কবিৰ নিজক
চেৰাই যোৱা স্বভাৱৰ বাবে ক’তো থমকি নৰয়৷
 সেয়ে
ক্ৰমে ক্ৰমে সেই জটিলতা সৰল ৰূপলৈ পৰিবৰ্তন হৈ আহিল৷
 পঢ়ি ভাললগা
হৈ আহিল প্ৰতিটো নতুন কবিতা৷ কবি সদায় নতুন হৈ গৈ থাকিল৷ আমি আশা কৰিছিলোঁ কবিৰ কলম
চলিয়েই থাকিব৷ আমাৰ দৰে পাঠকক
  নতুনত্বৰ
সোৱাদ দিয়ে থাকিব৷ কিন্তু সকলো ভবাৰ দৰেই নঘটিল৷ কবিয়ে কলম সামৰি গুচি গ’ল ৷কেৱল আমাৰ
হাতৰ কবিতাৰ পৃষ্ঠাবোৰত কবি ৰৈ গ’ল চিৰদিনৰ বাবে৷