এক কাব্যিক সত্তাৰ নাম অনুভৱ তুলসী

ৰৌচন আলি

 

অনুভৱ তুলসী অসমীয়া কাব্যজগতৰ এটা নামেই নহয় তেখেত এক
বিৰল কাব্যিক সত্তাৰ অধিকাৰী। কুৰিখন কবিতাপুথিৰে অসমীয়া কাব্যজগতক সমৃদ্ধ কৰা
তুলসীদেৱৰ কবিতাত সমসাময়িক যুগ-চেতনা আৰু কাব্য-চেতনাৰ আন্তঃপ্ৰৱাহ চিৰবিদ্যমান ।
তেখেতৰ কবিতাত জীৱন আৰু মৃত্যুৰ উৎসৱ নাই
, আছে জীৱন-মৃত্যুৰ বিমূৰ্ত চিন্তাক বৌদ্ধিকভাৱে মন্থন কৰি উপলব্ধি কৰিব পৰা
নিজস্ব দৃষ্টিভংগী। ১৯৮৫ চনত
নাজমাকাব্য পুথি ৰচনাৰে কাব্য জগতত আত্মপ্ৰকাশ ঘটা
তুলসীদেৱ একেধাৰে এগৰাকী কবি
, গল্পকাৰ, প্ৰবন্ধকাৰঅনুবাদক তথা 
চলচ্চিত্ৰ সমালোচক।

দেশী-বিদেশী ভিন্ন ভাষালৈ তেখেতৰ কবিতা অনূদিত
হোৱাৰ উপৰি তেখেতৰ কবিতা বহুকেইখন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে।
বিশ্বমানৰ কবিতা সৃষ্টিৰে অসমৰ কাব্যিক জগতখন সমৃদ্ধিশালী কৰি ৰখা তুলসীদেৱৰ
কবিতাত চিন্তাশীল চেতনা বৰ্তমান। তেখেতৰ কবিতাত মাটিৰ সৈতে সংপৃক্ত হৈ আছে জীৱনৰ
ৰং। মাটিৰ গোন্ধ কবিতাৰ যোগেদি নাকলৈ কঢ়িয়াই আনিব পাৰিছিল বাবে কবিয়ে লুইতৰ পানী
বানান কৰি পঢ়িব পাৰিছিল।

শেহতীয়াকৈ তেখেতে মৃত্যুৰ চেতনাক গভীৰভাৱে
উপলব্ধি কৰি লিখি থৈ গৈছিল- “সৌ সিদিনা গেৰুকামুখত কি দেখিছিলোঁ/সোৱণশিৰি
নামেৰে এক নদীৰ মৃত্যু /নে নিজ চকুৰে দেখিছিলোঁ 
নিজ মৃত্যুৰ প্ৰতিৰূপ..”

কবিয়ে নিজ মৃত্যুক শিল্পৰূপত প্ৰতিষ্ঠিত কৰি গল। হীৰুদাই কোৱাৰ দৰেই – “মৃত্যুওতো এটা
শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য”ৰ দৰেই কবি অনুভৱ তুলসী আমাৰ
মাজত ভাস্কৰ্য হৈ চিৰদিন জিলিকি থাকিব।

 মুনীন বৰকটকী
বঁটা
‘, ‘সাহিত্য জ্যোতি
বঁটা
‘, ‘অন্তৰ্লিপি
সাহিত্য বঁটা
‘, কাব্যধ্বনি সাহিত্য সম্মান আদি সন্মানেৰে
বিভূষিত কবি অনুভৱ তুলসীৰ মৃত্যুৱে অসমীয়া কাব্য জগতত শোকৰ ছাঁ পেলাই গ
ল। ব্যক্তিগত সান্নিধ্য লাভ নকৰিলেও তেখেতৰ
কবিতাৰ সান্নিধ্যই আমাক সমৃদ্ধিশালী
 কৰি ৰাখিব।