ব্লেক আইচ এণ্ড ৰেইন

 মূল (ইংৰাজী) : মাইকেল ডোনেঘী (আমেৰিকা যুক্তৰাষ্ট্ৰ)

ভাবানুবাদ
: যশোৱন্ত নিপুণ

 

মই
সোমাব পাৰোঁনে ? তোমাক নীৰৱে গুচি অহা মই দেখিছিলোঁ ৷

প্লেটৰ
প্ৰথম আহাৰখিনিয়ে তোমাক দুখী কৰে, নহয়নে? মোক কিন্তু কৰে ৷

আৰু
ককটেইল, কৌতুক … ইমান নিমগ্নতাপূৰ্ণ পলায়ন ৷

য’ত
বিশ্বাসী আয়োজন হয় নিৰ্দিষ্ট দিনৰ বাৰ্ষিক ভোজসভাৰ –

নৌচালনা
প্ৰতিযোগিতা, জন্মদিন, বিৱাহ, বীৰত্বপূৰ্ণ মৃত্যু – আমাৰ

নিঃসংগতাৰ
উৎসৱলৈ আমালৈ যিকোনো সময়তেই আমন্ত্ৰণ আহে :

সংগীতৰ
এটা স্বৰ, পুৰণি বিশ্বকোষ এখনৰ ভেঁকুৰ লগা আৰ্দ্ৰতা,

ক্ষুদ্ৰ
বেলিটোৱে খেলপথাৰৰ চুইংবোৰ ছিঙি পেলোৱা,

আমি
জানিব নোৱাৰিলেও এই সকলোৰে আগমনৰ সেই নিৰ্দিষ্ট সময়

ঘণ্টাৰ
এটা মিনিট, দিনৰ এটা ঘণ্টা, প্ৰত্যেক বছৰৰ এটা দিন

নিয়াৰিকৈ
ঠিক কৰি থোৱা আছে ৷ আৰু ইটাৰ গাঁথনিৰ দৰে নিৰ্দিষ্ট সেই

সময়
আহে নাৰ্ছে তোমাৰ কাগজখনত খচখচকৈ লিখে

তোমাৰ
মুখ ঢাকি কাপোৰখন টানি দিয়াৰ আগ মুহূৰ্তত ৷ ঠিক এনেকৈয়ে

অতীত
খণ্ড-বিখণ্ড হৈ সিঁচৰতি হৈ পৰে যিকোনো ঠাইতেই – আনকি ইয়াতো

য’ত
মই তোমাৰ স’তে ৰৈ আছোঁ ৷

দুঃখিত
৷ তোমাক দেখিলে মোৰ এজনী চিনাকী ছোৱালীলৈ মনত পৰে ৷

তাইক
লগ পাইছিলোঁ এনে এটা পাৰ্তিতেই, কিন্তু অধিক তাৰুণ্য আৰু কোলাহলৰ,

সংগীত
ইমান গভীৰ, নিশাটো ইমান উষ্ণ-আৰ্দ্ৰ আছিল যে তুমি ডুবি যাব পাৰিলাহেঁতেন ৷

আমি
ইজনে সিজনৰ লগত শীতল সুৰাৰ ৰাগি লগা যুক্তিৰে

কথা
পাতিছিলোঁ বহুতে ভিৰ কৰা কিচ্ছনত, আৰু অন্ততঃ মই

চুমা
এটালৈ আধাআধি আগ বাঢ়িছিলোঁৱেই যেতিয়া

তাইৰ
বন্ধু এজনক তাই হাত এখনেৰে মেৰিয়াই ধৰিছিল ৷

মই
তাক ভাল পাবলৈ চেষ্টা কৰিছিলোঁ, আৰু বহুত কষ্ট কৰিব লগা
  হৈছিল,

আৰু
দাঁত-নখবিহীন হৈ ৰোৱাটো ইমান সহজ কেতিয়াও নাছিল,

কিন্তু
সেই নিশাটো আমি তিনিজনীয়া ডবাখেল এখনৰ দৰে নাচিছিলোঁ

আৰু
কাৰ্টিচ মেফিল্ডৰ গান ইমান আত্মহাৰা হৈ গাইছিলোঁ যে

যেতিয়া
মই সিহঁতক গাড়ীত ঘৰলৈ লৈ গৈছিলোঁ

সিহঁতে
মোক ওপৰলৈ আমন্ত্ৰণ জনাবও পৰা নাছিল ৷
  

 

সিহঁতৰ
ক’লা বেৰবোৰে ক’লা মখমলত যীশুৰে স’তে বিৰক্তিৰে মিচিকিয়াইছিল


যীশু, এলভিছ, মেক্সিকান জঁকা, বহল চকুৰ কুমাৰী ছোৱালী,

সহজ
প্ৰাৰ্থনাৰে সংযুক্ত ৰ’দিনৰ দুখন হাত –

সাজ-সজ্জাৰ
এক মনোৰম প্ৰদৰ্শনী, তোমাৰ এই কোঠাৰ দৰে
  নহয় ৷

এটা
বটল খোলা হৈছিল – টেকুইলা পাক খোৱা ক্ষুদ্ৰ দীঘল পতংগৰ সৈতে –

আৰু
তাই মোক লক্ষ্য কৰি আছিল ৷

ডাঙৰ
মমবাতি এডাল গলি পৰিবলৈ জ্বলাই লৈ

তাই
মোক মোক লক্ষ্য কৰিছিল ৷ সি পানীয় বাকি দোৰোল খোৱা জিভাৰে কৈছিল

আমি
বেয়াকৈ সংস্কৃতিৰ অৱক্ষয়ৰ জালত পৰিছোঁ ৷ আৰু সেইটো শুনি, অৱশেষত,

তাই
মিচিকিয়াই হাঁহিছিল ৷ বৰফৰ ঘনকবোৰ ভাগিছিল ৷ পতংগটো মোৰ গিলাচত ডুবিছিল ৷

আৰু
সেই দীঘল বছৰটো আমি খুব অন্তৰংগ হৈ পাৰ কৰিছিলোঁ ৷

 

মই
সিহঁতে হঁহা কেতিয়াও শুনা নাছিলোঁ ৷ তাৰ ঠাইত সিহঁতৰ

সেই
শূন্যত গধুৰ বাণীবোৰ কৈ থকাৰ এটা অদ্ভুত স্বভাৱ আছিল –

সিহঁতৰ
আভিজাত্যৰ পেৰাৰ ভিতৰৰ ভয়াৰ্ত ভংগিমাৰ দৰে,

সেই
প্ৰথম শ্ৰেণীৰ এটা ডবা যাৰ উজ্জ্বল খিৰিকিৰে

মোৰ
জীৱনৰ উপকণ্ঠ লাহে আঁতৰি যোৱা মই লক্ষ্য কৰিছিলোঁ ৷

ঠিক
এটা বছৰৰ পাছত তাই মোক চুমা খাবলৈ দিছিল – এবাৰ –

তাইৰ
মুখখন পানীয়ৰে জঠৰ, মোৰ জিভা এক অসহজ অতিথি,

আৰু
তাৰ পাছৰ পৰা নিমন্ত্ৰণবোৰ কমি আহিছিল ৷

খ্ৰীষ্টমাছৰ
সময়লৈ আমি অচিনাকি হৈ পৰিছিলোঁ ৷ আৰু কিবা কাকতালীয়

সংযোগবশতঃ
মই দুৰ্ঘটনাটোৰ কথা গম পাইছিলোঁ ৷ সি লগে লগেই মৰিছিল ৷

বৰফৰ
পাতল চামনিৰে পিছল ৰাস্তা আৰু বৰষুণ – সিহঁতে কৈছিল ৷ তাইৰ খবৰ নাছিল ৷

 

 

মই
মনত পেলাব নোৱাৰোঁ কিয় তাইলৈ মই লিখা নাছিলোঁ ৷

সম্ভৱতঃ
মই ভাবিছিলোঁ তাই ফ্লেটটো বিক্ৰী কৰি গুচি গৈছিল ৷

 

কেতিয়াবা
নিশা আধা টোপনিত মই ছবছৰীয়া এটা শিশু ৷

তলত
সেয়া নৱবৰ্ষৰ আগদিনাৰ উৎসৱ ৷ পানীয় আৰু উল্লাস ৷

কিন্তু
মায়ে গোটেই নিশাটো মোক চাই থাকিবলৈ পোহৰ বিয়পোৱা

প্লাষ্টিকৰ
যীশুটো জ্বলাই ৰাখিছিল, যাৰ কাৰণে মই

মোৰ
মূৰটো গাৰুৰে ঢাকি ধৰিছিলোঁ ৷

মই
দুৱাৰ খোলাৰ শব্দ কেতিয়াও নুশুনো ৷ আৰু যেতিয়া তেওঁ গালি পাৰে,

তেওঁৰ
কঠুৱা জিভা ক্ৰোধত জন্তুৰ দৰে হৈ পৰে,

মই
গৰম প্ৰস্ৰাৱ কাপোৰবোৰত বিয়পি পৰা অনুভৱ কৰোঁ ৷

কিন্তু
যেতিয়া সাৰ পাওঁ, প্ৰাপ্তবয়স্ক মই, সেয়া মাত্ৰ মোৰ শৰীৰৰ ঘাম ৷

কিন্তু
যদি মই সপোন দেখোঁ মই ৰক্তাক্ত হৈ পৰোঁ ৷ কাঁইটৰ এটা মুকুট,

বহলকৈ
খুলি পেলোৱা হাতৰ মুঠি, স্থিৰে ধৰি ৰখা এটা গজাল,

প্ৰচণ্ড
বেগত তললৈ নামি অহা এটা হাতুৰী – অতীত খণ্ড-বিখণ্ড হৈ

সিঁচৰতি
হৈ পৰে যিকোনো ঠাইতেই …

বুধবাৰৰ
উৎসৱৰ এটা সন্ধ্যা ৷

গাড়ীৰে
পাৰ হৈ যাওঁতে দেখিছিলোঁ তাইৰ ঘৰৰ লাইট জ্বলিছে ৷

দুৱাৰত
দুয়োৰে নাম তেতিয়াও লিখা আছিল – মই দেখিছিলোঁ

আৰু
যেতিয়া ঘণ্টা বজাইছিলোঁ তাইৰ মাত শুনিছিলোঁ ৷ আহাঁ –

তাইৰ
নাকটো ভাগিছিল, সম্মুখৰ দাঁত নাছিল,

মণিৰ
মালা এধাৰি তাইৰ হাতৰ মুঠিত পাক খাই আছিল –


আহাঁ ৷ নদিনৰ ব্ৰতৰ প্ৰাৰ্থনা এটা গাই আছোঁ ৷

ভিতৰত,
প্ৰত্যেক ক্ৰছ আৰু মমবাতি চিকমিকাই আছিল,

দুখৰ
লেটাৰ মাজত তাই দেখিবলৈ খুব বেলেগ হৈ গৈছিল ৷

তাই
দুৰ্ঘটনাটোৰ কথা কৈছিল, কেনেকৈ গাড়ীখন তাই
  চলাইছিল,

কেনেকৈ
বিধ্বস্ত গাড়ীখন কাটি তাইক উলিয়াই আনিব লগা হৈছিল …

আৰু
তেতিয়াই তাই বিস্মৃত হৈ মোক তাৰ নামেৰে মাতিছিল ৷

 

 

আৰু
তাৰ পাছৰ সেই ঘণ্টাবোৰৰ মোৰ আটাইতকৈ অধিক মনত পৰে

তাইৰ
উচুপনিৰ মাজৰ নীৰৱতাবোৰলৈ, ওপৰৰ খিৰিকিৰ কাঁচেৰে

দেখা
বৰষুণজাক ক্ৰমশঃ ক্ষীণ হৈ নীৰৱতাত জাহ গৈছিল,

নীৰৱতা
যি আমাৰ টোপনি আৰু পুৱালৈকে বিয়পি পৰিছিল

তেতিয়া,
অৱশেষত এটা সম্পূৰ্ণ নিশা তাইৰ কাষত শুই,

অৱশেষত
তন্ন তন্নকৈ সেই ক’লা দেৱালৰ কোঠাটোত আৰু

মোৰ
হৃদয়ৰ অন্তিম বন্ধ কুঠৰীটোত বিচাৰি বিচাৰি,

মই
তাত সহানুভূতি নাইবা বাসনা একোকে বিচাৰি নাপালোঁ,

মাত্ৰ
ধৰ্মীয় লাংখা লিংখি কিবাকিবিৰে সেয়া পূৰ্ণ হৈ আছিল ।

তাইৰ
তলৰ পৰা হাতখন লাহে লাহে আঁতৰাই মই গুচি আহিছিলোঁ ৷
  

 

আৰু
তাৰ পাছৰ পৰা, আটাইতকৈ শান্ত কণ্ঠত তাইৰ চিঞৰ শুনো

যিটো
মানুহৰ শ্ৰৱণৰ পৰিসীমাৰ ঠিক শেষত থাকে

আৰু
য’ত মই মোৰ নামটোও ভাহি অহাৰ আশা ৰাখিছিলোঁ

দোলনা,
ভালপোৱাৰ বা
  মৃত্যুৰ শয্যাৰ পৰা, কিন্তু তাৰ পৰিবৰ্তে

তাত
আছিল তাইৰ কণ্ঠ, তাইৰ ভগা ভগা কথাবোৰ, আৰু তাৰ নাম ৷

আৰু
তাৰ পাছৰ পৰা, প্ৰত্যেক নিশাই অন্য সকলোৰে পূৰ্ণ হৈ থাকে,

আইনাৰ
মাজত আইনাৰ চক্ৰবেহু, সেই তেতিয়াৰ পৰা এই মুহূৰ্ত

আৰু
ইয়ালৈ, এই পাৰ্টি, এই কোঠা, এইখন বিছনালৈ বিয়পি পৰা,

য’ত
অন্য কোনোবা জীৱনত আমি হয়তো চুমা খাইছিলোঁ ৷

তোমাৰ
বস্তুবোৰ মোক দেখুওৱাৰ বাবে ধন্যবাদ মোৰ বন্ধু –

খুব
কলাসন্মত তোমাৰ ৰুচি – কিন্তু ব’লা অতিথিসকলৰ মাজলৈ যাওঁ

যিসকল
তুমি ক’লৈ গ’লা বুলি ভাবি কিজানি ইতিমধ্যে অস্থিৰ হৈ পৰিছে ৷
 

 

ঠিকনা
:

Nipun
Talukdar

B-115,

Sanvi
Sankalpam,

Nagondanahalli,

Whitefield,

Bangalore
560066