কবিৰ বাবে অঁকা ছবিবোৰ

  ° সঞ্জীৱ বৰা


লগ
পোৱা বহু কবিৰ মাজৰ এজন তেওঁ, বহু গ্ৰন্থৰ প্ৰচ্ছদৰ ভিতৰৰে কিছু তেওঁৰ লেও অনুভৱ তুলসী ছাৰ কিয় নাজানোযেন অলপ বিশেষ৷ সংবেদনশীল,
মৃদুভাষী এক
ব্যক্তিত্ব৷
বহু দীঘলীয়া সময় তেওঁৰ সৈতে কাম কৰিছোঁ৷ শেহতীয়া প্ৰায় আটাইকেইখন গ্ৰন্থৰ প্ৰচ্ছদ মই যুগুত কৰোতে তেওঁক যিদৰে পাইছোঁ, সেই অভিজ্ঞতাই তেওঁক মোৰ বাবে বিশেষ কৰি ৰাখিলে৷ লগপোৱা সকলোৱেই জানে যে তেওঁৰ
ব্যক্তিত্বই
আছিল বিশেষ; আকৰ্ষণ কৰিব পৰাকৈ বিশেষ৷ 

তেওঁ খুবেই কম শব্দৰে কথা পাতিছিল নোখোজা শব্দৰে মন জুমি চাইছিল৷ তেওঁৰ ভাষাত
সময়, স্মৃতি,
হুমুনিয়াহৰ এটি নিজস্ব আভা আছিল কবিতাৰ এই আভাই মোক আকৃষ্ট কৰিছিল৷ এই সন্মোহনী অসমীয়া কবিতাৰ বৈভৱ৷ মোৰ চকুত এই কাব্যিক সন্মোহনী ৰং আৰু ৰেখাৰে ৰূপ লৈছিল৷ কবিতাৰ ভাষাক ছবিলৈ ৰূপান্তৰ কৰা ইমান সহজ আছিল নে কেতিয়াবা! তুলসী ছাৰৰ কবিতাৰ বেলিকা সেয়া ৰোমাঞ্চকৰ অভিজ্ঞতা৷ আমাৰ সম্পৰ্ক কবিতাৰ ভাষা আৰু ছবিৰ সম্পৰ্ক  এজন কবিৰ আন্তৰিক
অনুভূতিৰ
সম্পৰ্ক সেয়ে হয়তো, খুবেই কম কথাৰ আদানপ্ৰদান হৈছিল আমাৰ মাজত৷ কথা কম লেওমই তেওঁৰ কবিতাৰ ভাষা ঠিকেই বুজি পাইছিলোঁ প্ৰচ্ছদৰ নমুনা তেওঁলৈ পঠিয়াওঁতে তেওঁৰ উত্তৰত থকা শব্দ কেইটাই ইয়াৰ প্ৰমাণ৷ এই প্ৰতিক্ৰিয়াই 
মোক
সমৃদ্ধ কৰি ৰাখিব জীৱনটো৷

জীৱন
উদযাপনৰ বিষয়৷ তেওঁক 
লগ
পালেই অনুভৱ কৰোঁ উদযাপন যদি এটা মূৰ্ত ধাৰণা হয়, সেয়া তেওঁৰ কেশবিন্যাস৷ এই বিন্যাস মোৰ বাবে এটা মেটাফ’ৰ৷ শ্ৰেষ্ঠ কবিতাৰ প্ৰচ্ছদৰ বাবে এই বিন্যাসক মই বাচি লৈছিলোঁ বাকী ৰংৰেখাবোৰ তেওঁৰ দৰেই সৰল, পৰিমিত (তেওঁৰ কথাৰ দৰে) হৈছে বুলি মই ধৰি লৈছিলোঁ৷

 শ্ৰেষ্ঠকবিতাৰ বাবে অঁকা
তেওঁৰ স্কেচ্ছটো

         অসীম
ধৈৰ্যৰ এই কবি সত্তাই সময় আৰু অপেক্ষাৰ বহু পাঠ মোক শিকালে৷ তেওঁৰ অপেক্ষা
আৰু আক্ষেপ দুয়োটাতেই মই বিস্ময় মানো৷ জয়ন্ত মহাপাত্ৰৰ কবিতাৰ প্ৰচ্ছদ প্ৰস্তুত কৰাৰ প্ৰায় এবছৰৰ পাছত প্ৰকাশ পাইছে ৰামধেনু ডকাইতি প্ৰচ্ছদৰ বাবে মই এটা বছৰমান সময় লৈছোঁ তেওঁ মোক মাত্ৰ দুটা মেছেজ কৰিছিল অপেক্ষাৰ ফল মিঠা বুলি মই উমান পাইছোঁ ! ভাল কিবা এটা …”-এটা মেছেজ আছিল এনে ধৰণৰ৷ এই অপেক্ষা আৰু আক্ষেপশূন্যতাই মোক আৰু অধিক দায়ৱদ্ধ কৰি তুলিছিল৷ মই জানিছিলোঁ, তেওঁ আপত্তি নকৰে, কিন্তু বহু সময়ত কাম কৰি থাকোঁতে এই বিশ্বাসৰ বাবে ভয়াৰ্ত হৈ পৰোঁ৷ মই ভয় খাওঁমই তেওঁৰ বিশ্বাসঅপেক্ষাৰ যথোচিত সন্মান বা যত্ন পাৰিচোনে! বহু ব্যস্ততাৰ মাজত কাম কৰা মোৰ বাবে এই আক্ষেপহীন অপেক্ষা এক বিশেষ অনুপ্ৰেৰণা

মই
সুবিধা পালেই ৰবাত ছাৰৰ গ্ৰন্থৰ নামকৰণৰ কথা কওঁ৷ নামবোৰ আচৰিত কাব্যিক, ৰহস্যময় চমকপ্ৰদ নামবোৰৰ বাবেই প্ৰচ্ছদৰ
কামবোৰ অলপ বেলেগ কৰিবলৈ বাধ্য হৈ পৰোঁ শ্ৰীমন্তমনপৰুৱা, ৰামধেনু ডকাইতি, বানান কৰি পঢ়া লুইতৰ পানী,জোনৰ বেজি বেলিৰ বটিয়াপ্ৰত্যেক নামেই একো একোটা সম্পূৰ্ণ কবিতা যেন৷ তেওঁৰ প্ৰচ্ছদত প্ৰায়ে নীলা ৰং ব্যৱহাৰ কৰিছিলোঁ এই নীলা বিষাদৰ নীলা নহয় এয়া প্ৰাপ্তিৰ নীলা, পূৰ্ণতাৰ 
নীলা,
সাগৰৰ দৰে গম্ভীৰ নীলা, , পোতনৰ নীলা৷

 

        তেওঁৰ শব্দৰ
সৈতে মোৰ ৰেখা একেলগে অগুৱাই যাবলৈ দিছিলোঁ৷ কবিতাৰ মই ৰসিক পাঠক আছিলোঁ৷ কবিতা এটা পঢ়ি সাতটা দিন মনত কঢ়িয়াই লৈ পাগুলি থকা স্বভাৱ এটাআছিল অনুভৱ ছাৰৰ প্ৰচ্ছদৰ কাম কৰি থাকোঁতে তেওঁৰ সৈতে কবিতা এটা আওৰাই থকা যেনেই লাগিছিল৷ ছাৰো
আছিল ছবিৰ চমজদাৰ দৰ্শক৷ তেওঁ একো আভাস নিদিয়ে প্ৰচ্ছদৰ বাবে, সকলো মোৰ মতেই কৰোঁ পঠিয়াই দিয়াৰ পাছত যিকেইটা কথা কয়, সেই একেই ভাৱনাতেই ময়ো ছবিখনৰ কাম কৰোঁ মই আচৰিত হওঁ৷

        ব্যক্তি হিচাপে তেওঁৰ সৌম্য
স্বভা, মৰমে সাধাৰণতেই আমাৰ মনবোৰত গভীৰ সাঁচ বহুৱাইছিল৷ কিতাপৰ প্ৰচ্ছদবোৰ তেওঁৰ সৈতে মোৰ বাৰ্তালাপ যেন,আৰু মই পৃষ্ঠা লুটিয়াই তেওঁক অনুভৱ কৰিম

       “এইখন চাবা (গ্ৰন্থৰ নাম এটা), বাকীখিনি তোমাৰ বাবে এৰিলোঁ”- এনেকুৱা মেছেজ এটা আপোনাৰ পৰা আহিব বুলি আগ্ৰহেৰে ৰৈ থাকিম ছাৰ আৰু আনে পঢ়াৰ আগতেই মই আপোনাৰ কবিতাৰ পাঠক, ছাৰ!!