অনুভৱ তুলসী : মোৰ অনুভৱেৰে

ড০ স্বাতী কিৰণ 

                                   

কিছুমান মানুহে পোহৰ আৰু কোমলতা কঢ়িয়াই
ফুৰে।মোৰ বাবে অনুভৱ তুলসীও তেনে এক সত্তা।তেখেতক গুৱাহাটী গ্ৰন্থমেলাত লগ পালেই
মনটো এনেয়ে ভাল লাগি গৈছিল
এই মুগ্ধতাক
ভাষাৰে বুজাব নোৱাৰি
, যদিও কবি হিচাপে
অনুভৱ তুলসী নামটো কৈশোৰৰ পৰা পৰিচিত কিন্তু ইমান উচ্চস্তৰীয় কবি
কাব্যসমালোচকঅনুবাদকচলচ্চিত্ৰ সমালোচক অনুভৱ তুলসীনামৰ মানুহজনক লগ পালে তেখেতৰ সুকোমল
ব্যক্তিত্ব আৰু বিনয়ী ব্যৱহাৰৰ বাবেই কোনো
ডাঙৰ সাহিত্যিকক লগ পোৱাৰ পৰিৱৰ্তে চিৰপৰিচিত আপোন মানুহ এজনক লগ পোৱাৰ দৰে লাগিছিল।বিভিন্ন আন্ত:ৰাষ্ট্ৰীয়
কবি সন্মিলনত কবিতা পাঠ কৰা
,অক্সফৰ্ড
ইউনিভাৰ্ছিটি প্ৰেছ আৰু পেংগুইনৰ দ্বাৰা প্ৰকাশিত কাব্যসংকলনত কবিতা অন্তৰ্ভুক্ত
হোৱা
,বিভিন্ন ভাষালৈ কবিতা
অনুদিত হোৱা অনুভৱ তুলসীয়ে খুব মৃদু ভাষাৰে বৰ কম কথা কৈছিল যদিও মনৰ মাজত অফুৰন্ত
শব্দৰ এখন জগত কঢ়িয়াই ফুৰিছিল বাবেই তেখেতৰ আৰু তেখেতৰ সৈতে থকা অনুজ কবিসকলৰ সৈতে
অতিবাহিত কৰা গ্ৰন্থমেলাৰ সন্ধিয়াবোৰৰ স্মৃতি মোৰ বাবে সদায়েই বিশেষ হৈ থাকিব। 
নাজমা‘, ‘দোৰোণফুল‘, ‘জলমগ্ন দৃশ্যাৱলী‘, ‘কাব্যপীঠ‘, ‘নিৰ্জ্ঞান নেপথ্য‘, ‘চৰাইৰ চকুত ফুলৰ বিছনা‘, ‘পানীকাউৰী‘, ‘জয় জয়তীৰ জয়‘, ‘জুইচোৰ‘, ‘দেওচেলেংআদি কাব্যসংকলনৰ স্ৰষ্টা অনুভৱ তুলসীয়ে জীৱনৰ সত্যকজীৱনৰ বহুবৰ্ণময় উপলব্ধিক সংবেদনশীল ৰূপত
প্ৰকাশ কৰিছে।সূক্ষ্ম অথচ মৰ্মস্পৰ্শী তেখেতৰ অভিব্যক্তি।অনুভৱ তুলসী মানুহজনৰ
দৰেই তেখেতৰ কবিতায়ো
কম কথাৰেই বহু কথাকয় – 

ক) ‘দিন ৰাতিৰ ধাৰণা চেৰাইটো তোমাক লগ ধৰিছোঁ‘ (২৪ ঘণ্টা)।

খ) “সৰ্বতোপ্ৰকাৰ ভোগৰ মাজেৰে আৰ্জিত সুখ

ডলাৰে জাৰোঁতে জাৰোঁতে

চালনীৰে চালোঁতে চালোঁতে

যিকণ যাতনা সৰে

এটা জীৱনৰ বাবে সেয়াই বোলে বহুত”(মৰমিয়ালৰ
মায়াপৃথিৱী)

গ) “অচেতন মন্দিৰৰ পতাকাত নিৰ্জ্ঞান চকুৰ পতাত

মোৰ খোজ তোমাক দিওঁ

তোমাৰখিনি মই লওঁ

খোজৰ ৰূপ খন্তেকতে বদলে

বদলিয়েই বচায় আমাক”

                               (পৰ্বতৰ ঢেকীয়া লিহিৰিপতীয়া)

অনুভৱ তুলসীৰ কবিতাত গভীৰভাৱে অনুভূত হয় মৃত্যুচেতনা।বাৰম্বাৰ অনুভৱ তুলসীয়ে মৃত্যুৰ কথা কৈছে,
ভিন্ন শব্দৰেভিন্ন অভিব্যক্তিৰেমৃত্যু যে জীৱনৰেই এক বিশেষ সত্য সেই কথাকেই
এনে মৰ্মস্পৰ্শী ভাষাৰে প্ৰকাশ কৰা হৈছে যে পাঠক শব্দবোৰৰ মাজতে ৰৈ যায়
মৃত্যু চেতনা আৰু জীৱনবাসনা এক হৈ পৰিছে-

মোৰ মৃত্যু বাসনাই

মোৰ মৃত্যু কামনাই

কৰিছিল মুখাগ্নি

যিটো দিনত

সঁচাই জানো মোৰ মৃত্যুদিন

আছিও সেইটো নে

জন্মদিনৰ বৰসবাহ

পৰম তৃপ্তিৰে খাই

মৃত্যুয়েহে মাগিছিল

চিৰমেলানি”(শেষ জন্মদিন)

জীৱন বীক্ষাৰে সমৃদ্ধ অনুভৱ তুলসীৰ কবিতাত
প্ৰতীক আৰু চিত্ৰকল্পই বিশেষ ভূমিকা গ্ৰহণ কৰিছে-

এখন ওঁঠ

অন্ত:সত্তা হয়

আনখনে ওমনি দিয়ে

ওঁঠৰ কানিমুনিত

এনেকৈয়ে এদিন

জন্ম নাৰ্ছিচাছ”( নাৰ্ছিচাছৰ জন্ম)

বালিতে,পানীতে প্ৰসূতি বিছনা পতা “পানীপিতৃ” আৰু “ভূমিমাতৃ”ৰ
সন্তান “বানপীড়িত”ৰ যন্ত্ৰণাৰ কথা যেনেকৈ কবিয়ে কৈছে তেনেকৈয়ে কৈছে
অভাৱৰ তাড়ণাত কীটনাশক খাই বা গছৰ ডালত ওলমি আত্মহত্যা কৰা কৃষকৰ বিষাদগাথা।

সাহিত্য সমাজৰ উৎপাদন।সাম্প্ৰতিক সমাজ বাস্তৱৰ
কুটিল ৰূপো অনুভৱ তুলসীয়ে চিত্ৰিত কৰিছে।যুগসাপেক্ষ সমাজনিৰ্মিত আবেষ্টনীত  সোমাব পৰা সুবিধাবাদী
,মেৰুদণ্ডহীন ফল্ডিং মডেলৰ মানুহৰ কথাও ব্যংগৰে প্ৰকাশ কৰিছে।ঐতিহ্যচেতনা আৰু
লোকসাংস্কৃতিক সমলেৰে অনুভৱ তুলসীৰ কবিতা ঐশ্বৰ্যময়।উদাহৰণস্বৰূপে -ভাৰত চীন
সীমান্তৰ
বুম্‌লাক লৈ ৰচনা কৰা কবিতাটোত ঐতিহ্যচেতনা আৰু
লোকসাংস্কৃতিক সমল উভয়ৰে সমাৱেশ ঘটিছে।আনা আখমাত
ভাৰ কবিতা অসমীয়ালৈ অনুবাদ কৰা অনুভৱ তুলসীয়ে
জীৱনৰ উপলব্ধিক শিল্পৰ ৰূপ দিয়াত সফল হৈছে।উজ্বল চকুৰে
,হাঁহো হাঁহো ওঁঠ দুটাৰে অনুভৱ তুলসীক কায়িকভাৱে
আৰু কাহানিও দেখা নাপাম
,কোনো গ্ৰন্থমেলাত
কেতিয়াও আৰু
চাহ খোৱাৰ অচিলাৰে তেখেতৰ কাষত ৰৈ থকাৰ সুযোগ নাপামকেতিয়াও তেখেতৰ কথাবোৰ শুনি সমৃদ্ধ হোৱাৰ অৱকাশ
নাপাম এয়া অতি যন্ত্ৰণাদায়ক সত্য।কিন্তু অনুভৱ তুলসীৰ সাহিত্যই অসমৰ পাঠকসমাজক দি
যোৱা জীৱনৰ পাঠৰ মাজতেই অনুভৱ তুলসী জীয়াই থাকিব।