ৰৌচন আলি 

চানাৱালাৰ চানা বন্ধা কাগজ

এটুকুৰাৰ মাজত 

নিদ্ৰাহীন চকু দুটা লৈ

শুই আছিল এটা কবিতা

চানাৱালাৰ ওচৰলৈ 

ক্লান্ত-শ্ৰান্ত হৈ গ্ৰাহক এজন আহিল

আৰু 

অধীৰ আগ্ৰহেৰে চানাৱালাক ক’লে–

তেল-মছলা সানি চানা দহ টকাৰ দে !

ইতিমধ্যে চানাৱালাৰ কাগজ টুকুৰাৰ পৰা 

ওলাই আহিল কবিতাটো 

আৰু

গাত সানি ল’লে চানা-মছলা ।

তেল-মছলাৰে লেটিপেটি হোৱা কবিতাটো

গ্ৰাহকজনৰ হাতত উঠিল 

আৰু

তৃপ্তিৰে মাৰিলে এটা হাঁহি 

গ্ৰাহকজনেও টকালি পাৰি পাৰি  খালে চানা

কবিতাটোৱে ট টকৈ চাই থাকিল গ্ৰাহকজনলৈ

অৱশেষত গ্ৰাহকজনে চানা খাই উঠি

চানা-মছলা, তেল লগা

কবিতাটো দলিয়াই দিলে ফুটপাথলৈ

তেনে সময়তে

ধোঁৱা আৰু ধূলিৰপৰা

উৰি আহি কাউৰী এজনী

ফুটপাথত পৰিল

হঠাৎ চানা বন্ধা কবিতাটো দেখি

কাউৰীজনীয়ে কা কা কৰি উঠিল

গ্ৰাহকজনে তৃপ্তিৰ অন্তত দলিয়াই দিয়া

চানা-মছলা আৰু তেল লগা কাগজখন

কাউৰীজনীয়ে তৃপ্তিৰে চেলেকিলে

তেল আৰু চানা-মছলা চেলেকি-চেলেকি

কা কা কৰি উৰি গ’ল কাউৰীজনী

কবিতাটো কোনেও নাখালে

কবিতাটো তেনেকৈয়ে পৰি থাকিল

ফুটপাথত

বৰষুণত তিতিল

ৰ’দত শুকাল

বাটৰুৱাৰ ভৰিৰ গচকত

কবিতাটো মৰিল

কবিতাটো ধূলি হ’ল

গ্ৰাহকজনৰ জিভাৰ অতৃপ্তিত

ধূলিৰ মাজত এজন কবিয়ে বিচাৰি ফুৰিছে

কবিতাটোৰ নাম 

কবিতাটোৰ নাম আছিল হেনো 

কাউৰী ।

***

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী),  ৭৮৫৬৭২

শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com