Category অন্যযুগ, অক্টোবৰ ২০২৫

প্ৰভাতৰ পৃথিৱীৰ ৰ’দৰ গান তোমাৰ নাম

ৰুদ্ৰ সিংহ মটক     জুবিন জুবিন জুবিন ! ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ‌ লৈছিলা   আৰু কি আচৰিত, কেৰ্কেটুৱাই বাৰীৰ তামোলথোকা খোৱা, কলথোকাত বাদুলী পৰা কথাটোও উদাসীন গঞাৰ কাণে কাণে কৈছিলা তুমি  …

এখন নৈৰ মৃত্যুত

উদয় শইকীয়া   এখন নৈৰ মৃত্যুত এক জলচৰ প্ৰাণীৰ বেদনা, এখন নৈৰ মৃত্যুত এজাক পৰিভ্ৰমী চৰাইৰ বেদনা। এখন নৈৰ মৃত্যুত প্ৰকৃতিৰ বিধ্বংসী ভয়াৱহতা, এখন নৈৰ মৃত্যুত মানৱ সভ্যতাৰ দ্রুত স্খলন। নৈয়ে জানো জানে! নৈৰ মৃত্যুৰ কথা পলসে কবৰ দিয়া দুটি…

অজিত ছিংনাৰৰ গল্পত জনজাতীয় সমাজ

 (‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে) বিশ্বজিৎ শইকীয়া     অসমীয়া সমাজ জীৱনত ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই জনজাতীয় উপাদানৰ উপস্থিতিৰ উমান পোৱা যায়৷ এই বিশেষত্বই অসমীয়া সমাজ খনক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ সাহিত্যৰ মাজেদি এখন সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়৷ অসমীয়া…

অসমৰ শাক্ত আৰু বৈষ্ণৱ পৰম্পৰা : সহাৱস্থান আৰু প্ৰত্যাহ্বান

পঙ্কজ প্ৰতিম বৰদলৈ   অসমৰ ধৰ্মীয় জীৱন হৈছে বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাৰ এক জটিল প্ৰক্ৰিয়া৷ য’ত শক্তি (শাক্ত) আৰু বিষ্ণু (বৈষ্ণৱ)ৰ সেৱাৰ দ্বাৰা অঞ্চলটোৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয় বিশেষভাৱে গঢ় লৈ উঠিছে৷ এফালে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ দক্ষিণ এছিয়াৰ অন্যতম বিশিষ্ট শাক্ত…

‎শৰ্বৰী শৰ্মা ৰায়ৰ এমুঠি কবিতা

মূল : বাংলা ‎অনুবাদ : মুনমুন সৰকাৰ‎ ‎ ‎(১) অসুখ ‎ ‎অসুখ ‎অসুখ ভাল নাপায় কোনেও ‎তথাপিও মানুহ অসুখীয়া হয় ‎অসুখ আহে  ‎নিঃশব্দে সিন্ধি খান্দি শৰীৰৰ পাকঘৰলৈ ‎বটুৱা উদং কৰি খাই থৈ যায়, যোৱাৰ আগে আগে ‎গৃহিণীৰ হেঁপাহৰ ফুলৰ গছকেইজোপাত ‎আঙুলি…

গানে কি আনে

চন্দ্ৰাৱলী বৰঠাকুৰ   গানে কি আনে ফুলত প্ৰাণ, প্ৰকৃতিত সাহ সেউজীয়াত আশাৰ বীজ সৃষ্টিশীল নৱ বাসনা।   গানে কি আনে পৰাজয়ত জয়,বেদনাত প্ৰেৰণা অসুখীক নিৰোগ অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।।   গানে কি আনে হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা জীৱনত বাৰে…

হাইঠা মাটিত পৰিল

 অমৃত গোস্বামী কালি ৰাতিপুৱা বিশেষ ধৰণৰ চৰাই এবিধৰ মাত শুনি নামঘৰটোৰ কাষৰ বেছ কিছু ওখ-ডাঙৰ গছজোপাৰ ওপৰ ভাগৰ ডাল-পাত বিলাকলৈ ডিঙি মেলি মেলি চাইছিলোঁ — মাতটোনো কি চৰাইৰ হ’ব পাৰে, তাকে ঠাৱৰ কৰিবলৈ৷ কিন্তু নাই— নোৱাৰিলোঁ! সোধা-পোছা কৰিবলৈও ৰাতিপুৱাৰ সেইখিনি…

অনুকম্পা

মূল (ইং.) :  পল লৰেঞ্চ ডানবাৰ (Paul  Laurence   Dunber)-ৰ Sympathy  অনুবাদ   :  ড° ৰঞ্জিত দত্ত সজাত বন্দী চৰাইজনীয়ে কি  অনুভৱ কৰে সেয়া মই জানো, যেতিয়া  পাহাৰৰ হেলনীয়াখিনিত সূৰ্যৰ প্ৰখৰতা অধিক তীব্ৰতৰ হয়, যেতিয়া বতাহজাকে জোকাৰি যায় বসন্তৰ সেউজীয়া ঘাঁহনিডৰা আৰু …

পৰিধি

 নৃপেন গোস্বামী সূত্ৰ‌ এটিৰ  নাম জুবিন মাটি মানুহ  মমতা সূত্ৰৰ পৰিধিত পখী বৃক্ষ  প্ৰকৃতি মায়া যাৰ  নাই সি সদায় যমৰ‌ প্ৰিয় কিন্তু  যাৰ জনম সিদ্ধিৰ  অন্য, অনন্য  তাৰ মৃত্যু শাশ্বত জগত পোহৰ কৰাৰ যুক্তিৰে…