বন্দনা কৌশিক বৰদলৈ




ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী!
অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা …

এদিন আপোনাক সুধিব বিচাৰিছিলোঁ
কি বিচাৰি ফুৰিছে আপুনি
ৰৈ ৰৈ বুকুত বাজি থকা বিশেষ  এটা মাত?
নে এটা নিতাল মাৰি শুই থকা বাট?
নে লিখিব খুজিছে পোছাকী শৰীৰৰ আঁৰৰ আত্মাৰ দিনলিপি?

সোধা নহ’ল
সোধা নহ’ব কাহানিও
মাথো, ধৰি লৈছোঁ
আপোনাৰ পৃথিৱীত আছে
আপুনি নোকোৱা কথাৰবোৰৰ সঠিক অনুবাদক
যাৰ বাবে, আপুনি  ধাৰণ কৰি থাকিব
পাৰিছে
পাহাৰৰ
  নীৰৱতা
মাটিৰ শব্দ – শিল্প!

***



ভ্ৰাম্যভাষ –  ৯৪০১০৯২৯৬৫