ৰ’দে বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী


মন দাপোণত-১২

           

 

তেজপুৰ আৰু বিষ্ণু ৰাভা দিৱস :

 (১) 

বিষ্ণু ৰাভাৰ
মৃত্যুৰ সময়ত আমি মেট্ৰিক পৰীক্ষা দি উঠি অনাই-বনাই ঘূৰি ফুৰাৰ কথা ইতিমধ্যে
উল্লেখ কৰি আহিছোঁ৷ শিল্পীগৰাকীৰ মৃত্যুৰ বছৰত তেজপুৰত তেওঁৰ সোঁৱৰণত কোনেও কিবা
অনুষ্ঠান বা সোঁৱৰণী সভা আদি আয়োজন কৰাৰ কথা মনত নপৰে৷ মনত আছে কেৱল ১৯৭
0 চনত
অৰ্থাৎ মৃত্যুৰ এবছৰৰ পাছত আয়োজন কৰা এটা অনুষ্ঠানৰ কথা
, যিটো অনুষ্ঠানত মই
সক্ৰিয় অংশ গ্ৰহণ কৰিব লগীয়া হৈছিল৷ তেজপুৰৰ কেইগৰাকীমান সংস্কৃতিবান ছাত্ৰ-যুৱকৰ
উদ্যগত বিষ্ণু ৰাভাৰ মৃত্যুৰ পাছত গঢ়ি তোলা হৈছিল ‘বিষ্ণু-জ্যোতি সংঘ’ নামৰ
সাংস্কৃতিক সংগঠন এটাৰ৷ সংগঠনটোৰ যি কেইগৰাকী মূল সদস্য আছিল
,  তেওঁলোকৰ
কেইজনমানক দৰং কলেজত পঢ়ি থাকোতে  লগ
পাইছিলোঁ৷ তেওঁলোক আছিল ৰাজেম শৰ্মা(বৰ্তমান প্ৰয়াত)
, বিমলা বৈশ্য(বৰ্তমান প্ৰয়াত) আৰু বসন্ত দাস(বৰ্তমান ‘বি আৰ পি এল’
এগৰাকী অৱসৰী বিষয়া)৷ তেওঁলোক কেউজনেই আছিল স্নাতক দ্বিতীয় বৰ্ষৰ আৰু মই আছিলোঁ
স্নাতক প্ৰথম বৰ্ষৰ৷ এদিন কলেজতে তেওঁলোক তিনিওজন আহি মোক লগ ধৰি প্ৰস্তাৱ এটা
আগবঢ়ালে৷ প্ৰস্তাৱটো আছিল
, তেওঁলোকে ‘বিষ্ণু-জ্যোতি সংঘ’ৰ উদ্যোগত
বিষ্ণু ৰাভাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উদযাপন কৰিবলৈ মনস্থ কৰিছে৷দিনটীয়া কাৰ্যসূচীৰ
ভিতৰত সন্ধিয়ালৈ জিলা পুথিভঁৰালত এক সাংস্কৃতিক অনুষ্ঠানৰো পৰিকল্পনা আছে৷ সেই
সাংস্কৃতিক অনুষ্ঠানৰ দায়িত্বটো মই লব লাগে৷ তেওঁলোকৰ আগ্ৰহ দেখি মই না কৰিব
নোৱাৰিলোঁ৷

বিষ্ণু ৰাভাৰ
সোঁৱৰণী অনুষ্ঠান যিহেতু
, বিষ্ণু ৰাভাৰ বচা বচা গান কেইটামান সাজু
কৰিব লাগিব নিশ্চয়৷ মই নিজেই কিছুমান দায়িত্ব মূৰ পাতি ল’লোঁ৷ গানখিনি শিকাই-বুজাই
দিবৰ কাৰণে মীৰা বাইদেউ(মীৰা দাস চলিহা)ৰ ওচৰলৈ গ’লোঁ৷ মীৰা বাইদৱে একে আষাৰেই
সন্মতি প্ৰদান কৰিলে৷ তাৰ পাছত দিলীপদা(দিলীপ চৌধুৰী)ৰ কাষ চাপিলোঁ৷ দিলীপদাকো
ৰিহাৰ্চেলৰ সময়ত থাকিবলৈ অনুৰোধ কৰিলোঁ
, দিলীপদাও
সন্মত হ’ল৷ গানখিনি শিকিবৰ বাবে ৰিহাৰ্চেললৈ অঞ্জু
,  চেতনা,  ৰাণী, চয়নিকা প্ৰমুখ্যে স্থানীয় শিল্পী যাক য’ত
পালোঁ
, খবৰ দিলোঁ৷ ৰিহাৰ্চেলৰ স্থান ঠিক কৰা হ’ল নতুন বাণ থিয়েটাৰৰ
অৰ্ধনিৰ্মিত কেঁচা মঞ্চটো৷ সন্ধিয়া সন্ধিয়া নিতৌ ৰিহেৰ্চেল চলিল৷ মই কলেজৰ ক্লাছ
সামৰি বাণ থিয়েটাৰলৈ দৌৰ মাৰোঁ৷ বাটতে পাৰিলে হাতত পইচা থাকিলে
, চাহ-চিংৰা
কিবা এটা খাই লওঁ৷ সকলোখিনি শিল্পীয়েই কিন্তু আগ্ৰহেৰে আহি ৰিহেৰ্চেলত ভাগ লয়হি৷
ৰিহাৰ্চেলৰ অন্তত সকলো ঘৰাঘৰি যোৱাৰ পাছত মই চাইকেলখন মাৰি মোৰ গাঁৱৰ ঘৰলৈ ৰাতি
আঠ-ন বজাত ওভতোঁ৷ কেতিয়াবা বৰষুণো থাকে
,  যিহেতু জুন মাহত অনুষ্ঠানটোৰ আয়োজন কৰা
হৈছিল৷ মাই বাৰান্দাত চকী বা মূঢ়া এটাত মই গৈ নোপোৱালৈকে বহি থাকে৷ পৰিয়ালৰ বাকী
বিলাকে হয় খাই বৈ শোৱে নহয় পঢ়া-শুনাত মগ্ন থাকে৷

তেজপুৰত সেইবাৰ
বিষ্ণু ৰাভা দিৱসৰ আৰু এটা স্মৃতি আজিও মনত আছে৷ দুদিনমান সাহিত্য সভাৰ ভৱনতো আমি
ৰিহাৰ্চেল কৰিবলগীয়া হৈছিল৷ ৰিহেৰ্চেলৰ সময়ত এজন মূৰত নেপালী টুপি পৰিধান কৰা
ধুনীয়া লোকে মোৰ পৰা হাৰমনিয়ামখন লৈ বৰ সুন্দৰকৈ বিষ্ণু ৰাভাৰ আমি আগেয়ে নুশুনা
গীট এটা গাই শুনাইছিল৷ গীতটো আছিল ‘অ’ পুজাৰী
, দিলো এই বৰণ শৰাই’৷
কোনোবাই সেই গান গোৱা মানুহজনৰ নাম তৰুণ হাজৰিকা বুলি কৈছিল৷ পাছতহে জানিব
পাৰিছিলোঁ যে তেখেত পঞ্চাছৰ দশকৰে আকাশবাণীৰ এগৰাকী জনপ্ৰিয় শিল্পী আছিল৷ এসময়ত
চিলঙত বসবাস কৰা তৰণ হাজৰিকাই ভাতৃ তথা সুগায়ক
, গীতিকাৰ ভাতৃ কমল
হাজৰিকা আৰু অন্যান্যৰ সৈতে মিলিত হৈ শংকৰদেৱ তিথি পাতি বিষ্ণু ৰাভাক আমন্ত্ৰণ
জনাইছিল৷ চিলঙৰ সেই অনুষ্ঠানৰ আমন্ত্ৰণক্ৰমে বিষ্ণু ৰাভাগৈ তাতে ৰচনা কৰা দুটিমান
নতুন গীত চিলঙৰ অনুৰাগী শ্ৰোতাক শুনাইছিল৷ সেই সৃষ্টিসমুহৰ ভিতৰত আছিল ‘অ’ অসমীয়া
ডেকা দল’ আৰু ‘অ’ পূজাৰী’ গীত দুটা ৷ সেই সময়ত চিলঙত থকা জ্ঞানদা কাকতি
, অপৰ্ণা
হাজৰিকা(বৰুৱা)
, কমল হাজৰিক, তৰুণ
হাজৰিকা প্ৰমুখ্যে শিল্পীসকলক বিষ্ণু ৰাভাই এই গীতবিলাক নিজে শিকাইছিল৷

২০ জুন(১৯৭০)
তাৰিখে পৰিকল্পনা কৰা ধৰণেই দিনজোৰা কাৰ্যসূচী আৰম্ভ হ’ল জিলা পুথিভঁৰালত৷ বিয়লি
তাতে ডাঙৰকৈ এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল৷কমলা প্ৰসাদ আগৰৱালাই সভাপতিত্ব কৰা
সভাত ড
° বীৰেন্দ্ৰ কুমাৰ
ভট্টাচাৰ্য্য
,  হোমেন বৰগোহাঞি,  ° অমলেন্দু
গুহ
,  ফণী শৰ্মা, চন্দ্ৰধৰ গোস্বামী,
 ° হীৰেন গোহাঁই, ° ভূপেন হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰি পোন প্ৰথমবাৰৰ
কাৰণে কলাগুৰুগৰাকীক মৃত্যুৰ পাছত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ অসাধাৰণ জীৱন আৰু
কীৰ্তিৰ ওপৰত আলোকপাত কৰাৰ কথা আমাৰ বাবে আজিও অবিস্মৰণীয় হৈ আছে৷ সন্ধিয়াৰ
সাংস্কৃতিক অনুষ্ঠানটোও আটক-ধুনীয়াকৈ গীতে-মাতে সজাই তোলা হৈছিল৷ ভূপেনদাক
সন্ধিয়াৰ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো গীতে-মাতে সৰ্বাঙ্গসুন্দৰ কৰি তুলিবলৈ
আমি অনুৰোধ কৰিছিলোঁ আৰু ভূপেনদায়ো আমাৰ অনুৰোধ ৰক্ষা কৰি মঞ্চত উঠিছিল৷ গীত গাবৰ
কাৰণে ভাল হাৰমনিয়াম এখন যোগাৰ কৰি দিয়াৰ লগতে বেছেৰীয়াৰ শৰৎদাক(শশাংক শেখৰ বৰা)ক
তবলা সংগত কৰিবলৈ মঞ্চত উঠাই দিছিলোঁ৷ ভূপেনদাই কলাগুৰুগৰাকীৰ বিৰল সান্নিধ্যৰ কথা
সুঁৱৰি কেইবাটাও কালজয়ী গীতৰ কলি গুণগুণাইছিল৷ তেওঁ বিষ্ণু ৰাভাৰ ‘বিশ্বৰে ছন্দে
ছন্দে’ গীতটোৰে নিজৰ অনুষ্ঠান আৰম্ভ কৰাৰ কথা আজিও মনত আছে৷

মুঠতে তেজপুৰত ‘বিষ্ণু-জ্যোতি
সংঘ’ৰ দ্বাৰা আয়োজন কৰা কলাগুৰুগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকীত সক্ৰিয়ভাৱে উপস্থিত
থাকিব পৰা সৌভাগ্যই আজিও আমাৰ মন-প্ৰাণ পুলকিত কৰি তোলে৷

 

(২)

তেজপুৰত থকাৰ সময়ছোৱাত দুবাৰকৈ বিষ্ণু
ৰাভা দিৱস উপলক্ষ্যে বিশেষভাৱে আয়োজিত অনুষ্ঠানত সক্ৰিয়তাৰে ভাগ লোৱাৰ সুযোগ
পাইছিলোঁ৷ ১৯৭০ চনৰ পাছত ক’বলৈ গ’লে উল্লেখনীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপনৰ কোনো
তথ্য আমাৰ হাতত নাই৷ কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৭৬ চনত মহা ধুম-ধামেৰে বিষ্ণু
ৰাভা দিৱস উদযাপিত হৈছিল
, য’ত এই প্ৰতিবেদকৰো সক্ৰিয় অংশ গ্ৰহণৰ
বহু তিতা-মিঠা অভিজ্ঞতা স্মৃতিপটত আজিও নজহা-নপমাকৈ জীপাল হৈ আছে৷

সেয়া ১৯৭৬ চনৰ কথা৷

দেশজুৰি জৰুৰী
অৱস্থা চলি আছে৷ তাৰ মাজতে সেই সময়ৰ তেজপুৰৰ ‘চিত্ৰায়ন’ নামৰ অনুষ্ঠান এটাৰ লগতে
অন্যান্য কিছুসংখ্যক উদীয়মান ছাত্ৰ-যুৱকৰ সৈতে মিলি-জুলি বিষ্ণু ৰাভা দিৱস পতাৰ
কথা-বৰ্তা চলিল৷ তেতিয়া আকৌ এতিয়াৰ দৰে বাটে-ঘটে
,  হাটে-বজাৰে মঞ্চই  মঞ্চই বিষ্ণু ৰাভা দিৱস উদযাপনৰ পয়োভৰ
নাছিল৷ প্ৰথমে তেজপুৰৰ গণ্য-মান্য কিছু ব্যক্তিক আমন্ত্ৰণ জানাই এখন শক্তিশালী
উদযাপন সমিতি গঠন কৰা হ’ল৷ উদযাপন সমিতিৰ সদস্যসকল
, যতদূৰ আমাৰ মনত
পৰাত আছিল-তেতিয়াৰ ছাত্ৰ নেতা বৃন্দাবন গোস্বামী
,  নগেন শৰ্মা(বৰ্তমান
প্ৰয়াত)
, লগতে ভাৰত বৰা (বৰ্তমান প্ৰয়াত), ৰঞ্জন কাকতি(বৰ্তমান
প্ৰয়াত)
,ভূপেন চক্ৰৱৰ্তী,  জগন্নাথ পাঠক প্ৰমুখ্যে বহু স্থানীয়
উদ্যোগী ছাত্ৰ
, তথা যুৱক-যুৱতী৷
উদযাপন সমিতৰ সম্পাদকৰ দায়িত্বত আছিল নগেন শৰ্মা৷ নগেন শৰ্মা সেইখিনি সময়ত তেজপুৰৰ
এজন অতিকে আগৰণুৱা যুৱক কিম্বা ছাত্ৰনেতা আছিল
, লগতে তেজপুৰ
একাডেমীত উচ্চতৰ মাধ্যমিকৰ মোৰ ছাত্ৰও আছিল৷ নগেন শৰ্মাক সম্পাদকৰ দায়িত্ব দিয়াৰ পাছত
তেৱেঁই মোৰ ওপৰত সাংস্কৃতিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ প্ৰস্তাৱটো দিলে৷ মই
আপত্তি নকৰিলোঁ
, অইনেও ভাল পালে৷ আটায়ে একেলগে কামত আগ বাঢ়িলোঁ৷ যিহেতু সেইখিনি সময়ত
জৰুৰীকালীন অৱস্থা চলি আছিল
, আৰু সেয়ে প্ৰশাসনৰ কাঢ়া নজৰো আছিল উদযাপন
সমিতিখনৰ ওপৰত৷ আমি জৰুৰীকালিন ব্যৱস্থাৰ মুঠেও সমৰ্থক নাছিলোঁ৷ গতিকে আমি আমাৰ
নিজৰ মতেই আয়োজন চলাই গৈছিলোঁ৷ প্ৰশাসনে আমাৰ গতি-গোত্ৰ নিৰীক্ষণ কৰি আছিল৷  ৰচিদ বহীখনৰ আৰ্হি আছিল ভূপেন চক্ৰৱৰ্তীৰ৷ ৰঙচুৱা
বৰণৰ পাতে পাতে জিলিকি আছিল বিপ্লৱী বিষ্ণু ৰাভাৰ প্ৰতীকী ছৱি৷ দান-বৰঙণি সংগ্ৰহ
কৰিবলৈ যাওঁতেই অঘটনটো ঘটিল৷ সেই সময়ৰ তেজপুৰত মাৰোৱাৰী সম্প্ৰদায়ৰ লাডু বাবু নামৰ
এগৰাকী প্ৰভাৱশালী ব্যৱসায়ী আছিল৷ দান-বৰঙণি বিচাৰি মানুহজনৰ ওচৰলৈ যাওঁতে কোনো
কথাত তেওঁৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হ’বলগীয়া হৈছিল৷  মানুহজনৰ ব্যৱহাৰ-পাতি বৰ ভাল নাছিল৷ তেওঁৰ
কথা-বাৰ্তা আমাৰ মুঠেও পচন্দৰ নাছিল৷ এটা সময়ত এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ’ল যে
মানুহজনে পুলিচক খবৰ দি দিলে৷ পুলিচ-প্ৰশাসনেও সেইটোৱেই বিচাৰি আছিল৷  খবৰ পোৱাৰ লগে লগেই পুলিচ আহি ওলালহি৷ আহিয়েই
সোধ-পোচ নাই
, আমাৰ হাতৰ পৰা ৰচিদ বহীবিলাক কাঢ়ি ল’লে আৰু আমাক থানালৈ মাতি লৈ গ’ল৷  সেই অচিলাতে পুলিচ-প্ৰশাসনে বিষ্ণু ৰাভা দিৱসৰ
অনুমতি বাতিল কাৰিলে৷ লগতে জিলা পুথিভঁৰাল
, আৱৰ্ত-ভৱন আদিৰ
অনুমতিও৷ আমি আয়োজকসকল মহা বিপাঙত পৰিলোঁ৷ 
ইতিমধ্যে ড
°  ভূপেন হাজৰিকা,  হোমেন বৰগোহাঞি,
 °
 বীৰেন্দ্ৰ
কুমাৰ ভট্টাচাৰ্য্য
,  ° অমলেন্দু গুহ
প্ৰমুখ্যে বিশিষ্ট অতিথিসকলক আমন্ত্ৰণ জনোৱা হৈ গৈছিলেই৷ অনুষ্ঠানটো পাতিম ক’ত
,
 অতিথিসকলক
ৰাখিম ক’ত
,  এই লৈ ডাঙৰ সমস্যা হ’ল৷ পাছত যেনিবা কিছু
প্ৰভাৱশালী মানুহৰ হস্তক্ষেপত অনুমতি আদায় কৰা হ’ল আৰু অনুষ্ঠানটো জিলা পুথিভঁৰালত
ভালে ভালেই আটক-ধূনীয়াকৈ লগতে মনত ৰাখিব পৰাকৈ উদযাপন কৰা হ’ল৷

১৯৭৬ চনৰ ২০ জুন
তাৰিখে যি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছিল
, সেই উদযাপন
কেইবাটাও দিশৰ পৰা উল্লেখযোগ্য আছিল৷উদযাপনৰ সৈতে সংগতি ৰাখি কেইটামান ভাল কাম কৰা
হৈছিল৷ স্থানীয় ‘অৰ্চনা গোষ্ঠী’ৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উপলক্ষে প্ৰথম বাৰৰ
বাবে বিষ্ণু ৰাভাৰ পূৰ্বে প্ৰকাশৰ মুখ নেদেখা কিছু গীত আৰু কবিতাৰ এটি সংকলন
প্ৰকাশ কৰি উলিওৱা হৈছিল
, যিটো সংকলনৰ নাম ৰখা হৈছিল ‘তেজৰ বোলেৰে
লিখি যাম ইতিহাস’৷ সেইবাৰ উদযাপনৰ সময়ত সংস্কৃতিক সম্পাদক হিচাপে আমি পূৰ্বে এটা
কোনেও আগেয়ে নকৰা বিশেষ কাম কৰিবলৈ চিন্তা কৰিছিলোঁ৷সেয়া আছিল বিষ্ণু ৰাভাৰ
পূৰ্বতে পোহৰলৈ নহা দুটিমান গীত ন কৈ উলিয়াই আনি অনুৰাগী শ্ৰোতাৰ হাতত তুলি দিয়া৷
তেনে ধৰণৰ কিবা কাম কৰিব পাৰিলে অন্ততঃ বিষ্ণু ৰাভা দিৱসটো উদযাপন কৰা সাৰ্থক হ’ব৷
সদায় একেকেইটা গানকে আৰু কিমান গোৱাম
?  নতুন কিবা পোৱা যায় নেকি বুলি উদযাপন
সমিতিৰ দুজনমান সদস্যক লগত লৈ মোহিনী ৰাভাৰ ওচৰ পালোঁগৈ৷ মোহিনী ৰাভা বাইদৱে আমাক
আগৰে পৰাই চিনি পায় আৰু মৰমো কৰিছিল৷ কিয়নো তেখেতসকলৰ ঘৰৰ সমুখতে আমাৰ ডাঙৰ
বাইদেউ-ভিনদেউহঁতৰ ঘৰ৷ আমি শৈশৱৰ পৰা যৌৱনৰ এছোৱালৈ সেইখন ঘৰতে পাৰ কৰিছিলোঁ৷তেতিয়া
ৰাতিপুৱা প্ৰায়েই দেখিছিলো বিষ্ণু ৰাভাই দুহাতত দুটা বাল্টিং লৈ সমুখৰ ৰাস্তাটো
পাৰ হৈ আহি বাইদেউহঁতৰ ঘৰৰ কুঁৱাটোৰ পৰা পানী তুলি নিয়ে৷ তেতিয়া বিষ্ণু ৰাভাৰ ঘৰত
খোৱাপানীৰ কি ব্যৱস্থা আছিল জনা নাছিলোঁ৷ তদুপৰি বাইদেউ-ভিনদেউহঁতৰ ঘৰখনৰ সৈতে এক
ঘনিষ্ঠ সম্পৰ্ক আগৰ পৰা আছিলেই৷ সিদিনা সন্ধিয়া সময়ত আমি গৈ ওলোৱাত মোহিনী ৰাভাই
আমাক বাৰান্দাতে বহিবলৈ দি সেই সন্ধিয়াখন তেওঁৰ ওচৰলৈ যোৱাৰ কাৰণ সুধিলে৷ আমিও
বিনম্ৰভাৱে আমাৰ উদ্দেশ্যৰ কথা ক’লোঁ৷ আমাৰ কথা শুনি তেখেতে আমাক ৰুম এটালৈ লৈ গ’ল৷
ৰুমৰ ভিতৰলৈ নি টিনৰ ট্ৰাঙ্ক কেইটামান দেখুৱালে৷ 
ট্ৰাঙ্ক কোইটাৰ ওপৰত বিষ্ণু ৰাভাই অংকণ কৰা ছবি কিছুমান আছিল৷ তেখেতে ছবিসমূহ
আঁতৰাই দুটা ট্ৰাঙ্ক খুলিলে৷ দেখিলোঁ ট্ৰাঙ্ক কেইটা বহী
, কিতাপেৰে ঠাঁহ খাই
আছে৷সিবিলাকৰ মাজৰ পৰাই তেখেতে দুখন বহী উলিয়াই আমাক চাবলৈ দিলে৷ বহী দুখন মেলি
চাই দেখিলো তাত বিষ্ণু ৰাভাই নিজ হাতে লিখি থৈ যোৱা বহুকেইটা গীতৰ লগতে কেইটামান
গীতৰ স্বৰলিপি কৰা আছে৷আমি যি উদ্দেশ্যৰে গৈছিলোঁ
,  সেইটোৱেই গৈ পালোঁ৷
কিন্তু মোহিনী ৰাভাক বহীকেইখন খোজোঁ কি বুলি
?  কলাগুৰুগৰাকীৰ এই
সঞ্চিত আপুৰুগীয়া সম্পদ কোনোবাই খুজিলেই তেখেতে দিবনে
?  কিন্তু
নুখুজিলেওতো নহ’ব৷ সেয়েহে বুকুখন ডাঠ কৰি তেখেতক গান থকা বহীদুখন ধাৰলৈ বুলি
খুজিলো৷ আমাক একপ্ৰকাৰ আচৰিত কৰি ক’লে- ‘তোমালোক ইমান এটা সজ উদ্দেশ্য লৈ আহিছা
,
নিদিলে
কেনেকৈ হ’ব
?’  তাৰ পাছত মোৰ ফালে চাই ক’লে- ‘মই তোমাৰ
হাতত দিলো এই বহী দুখন৷ তুমি কিন্তু যি কেইটা গান লাগে লিখি লৈ কাইলৈকে বহী দুখন
মোৰ হাতত ঘুৰাই দিব লাগিব নিজে আহি৷’ তেখেতৰ কথা মতেই পাছদিনা ঘূৰাই দিয়াৰ
প্ৰতিশ্ৰতিৰে আমি বহী দুখন লৈ চিধা-চিধি ঘৰ পালোহি৷

ৰাতি ঘৰলৈ আহি
দেখিলো ঘৰত গানখিনি কপি কৰিব পৰাকৈ কাগজ নাই৷ তেতিয়ালৈ ওচৰৰ দোকানো বন্ধ হ’ল৷ আজিৰ
দৰে জেৰক্সৰ ব্যৱস্থা থকা হ’লেতো কথাই নাছিল৷ ঘৰত থকা কিতাপ-বহী বিলাক
লুটিয়াই-মেলি চাই দেখিলো পুৰণি জ্যামিতি
,  অংক,  ভূগোলৰ বহী
কিছুমানৰ শেষৰ ফালে কিছুমান নিলিখা উকা পাত আছে৷ এতিয়া আৰু চিন্তা নাই
, উপায়
ওলাই গ’ল৷ সেই বহীবিলাকৰ উকা পাততে ৰাতি ৰাতি গানবিলাক স্বৰলিপিসহ অতি সাৱধানেৰে
টুকি থলোঁ৷ পাছদিনা আগবেলাতে কথা দিয়া মতে গৈ মই মোহিনী ৰাভাৰ হাতত বহী দুখন ঘূৰাই
দি আহিলোঁ৷ গানবিলাক টুকি থোৱা জ্যামিতি
,  অংক, ভূগোলৰ সেই বহীকেইখন আজিও সযতনে, সচেতনে লগতে সাঁচি ৰাখিছোঁ৷ চাকৰি কালতো যলৈকে গৈছোঁ, তলৈকে
বুকুত আলফুলে লৈ ফুৰাইছো সেই অমূল্য সম্পদৰাজি৷ সেয়া আমাৰ বাবে কিমন অমূল্য তাক
ভাষাৰে বুজাব নোৱাৰি৷

(৪)

গানখিনি অতি
হেঁপাহেৰে আনিলোঁ হয়
,  পিছে গানবিলাক স্বৰলিপিৰ পৰা উঠোৱা যায়
কেনেকৈ
?  আমাৰ পধ্যে সেয়া মুঠেও সম্ভৱ নাছিল৷
বহুতো চিন্তা-ভাৱনা কৰি সুজিতদা(সুজিত সিংহ-বৰ্তমান প্ৰয়াত)ৰ ঘৰ ওলালোঁগৈ৷ সুজিত
সিংহ  এই দিশত  অতি 
নিপুণ  বুলি আমি জানিছিলোঁ৷ সঙ্গীত
পৰিচালক
, বোলছৱি পৰিচালক,  আলোক সম্পাদক হিচাপে সৰুৰে পৰাই সুজিতদাক
ওচৰৰ পৰা পাই আহিছিলোঁ৷ সেয়ে সুজিতদাৰ ওচৰলৈ গৈ গোটেই কথাখিনি বুজাই ক’লোঁ৷  তেখেতে মোৰ হাতৰ পৰা বহীকেইখন লৈ চালে৷  প্ৰথমতে সময়ৰ অজুহাত দেখুৱাইছিল যদিও
,  পাছত
যেনিবা ‘চাওঁচোন বাৰু’ বুলি কৈ বহী কেইখন ৰাখি থৈ পাছদিনা খবৰ কৰিবলৈ ক’লে৷ আমিও
স্বস্তিৰ নিশ্বাস পেলাই ঘৰলৈ ঘূৰি আহিলোঁ৷ পাছদিনা আবেলি উদযাপন সমিতিৰ অন্যান্য
দা-দায়িত্ব পালন কৰি সুজিতদাৰ ঘৰ ওলালোগৈ৷ সুজিতদাই আমাক বহিবলৈ দি ক’লে-‘তুমি দি
থৈ যোৱাৰ পাছত গানখিনি চালোঁ৷ গানখিনি বেলেগ বেলেগ তাল আৰু লয়ৰ
, বিষয়বস্তুও
বেলেগ বেলেগ৷ তাৰে দুটা গান লয়
, তাল
আদি চাই বাচি লৈছোঁ মই৷’ তাৰ পাছত গান দুটা দেখুৱালে
,  লগতে সুৰো গুণগুণাই
দিলে৷  এটা আছিল ‘কিবা যেন নাই আজি নাই’
আৰু আনটো ‘হে বিপ্লবী বীৰ অধিনায়ক হে’৷ প্ৰথমটো বিলম্বিত লয়ৰ
,  কাহাৰ্বা
তালৰ আৰু দ্বিতীয়টো খৰ-তালৰ
,  মানে ‘মাৰ্চিং বিট’ৰ৷ শুনি বৰ ভাল লাগিল৷
পাছদিনা গানদুটা আনিবলৈ মাতিলে৷  সেইমতে
গ’লোঁ৷ যাওঁতেই এটা কথা মনতে ভাবি গ’লোঁ৷ গানদুটা আনিলেইতো নহ’ব
,  শিকাবও
লাগিব৷ সেই দায়িত্বটোও তেখেতকে দিব লাগিব৷ 
সুজিতদাই গানকেইটা দিয়াৰ আগতেই আমি ভাবি যোৱা প্ৰস্তাৱটো তেখেতলৈ আগ বঢ়ালোঁ৷
তাৰ বাবে গোৱা মানুহৰ ব্যৱস্থা কৰাৰ দা-দায়িত্বও গা পাতি ল’লোঁ৷ সুজিতদাই বৰ এটা
আপত্তি নকৰিলে৷ পাছদিনাৰ পৰা ৰিহাৰ্চেলৰ স্থান আৰু সময়ো ঠিক কৰা হ’ল৷ ‘কিবা যেন
নাই আজি নাই’ গানটো একক কণ্ঠত গোওৱাৰ কথা ভবা হ’ল৷ উদযাপন সমিতিৰ সদস্যসকলৰ সৈতে
আলচ কৰি তেজপুৰৰে এগৰাকী জনপ্ৰিয় গায়ক(পেছাদাৰী শিল্পী নাছিল) জীৱন
বৰা(জিতু-বৰ্তমান প্ৰয়াত)ৰ হতুৱাই গোৱাবলৈ ঠিক কৰা হ’ল৷  আনটো সমবেত কণ্ঠত পৰিৱেশন কৰোৱাৰ সিদ্ধান্ত
লোৱা হ’ল৷ তাৰ বাবে স্থানীয় শিল্পী ৰাণী দাস
, চয়নিকা বৰা, বীণাপানি দেৱী, জীৱন বৰা, শংকৰ
বৰা
, কীৰ্তি বনীয়াৰ লগতে ময়ো ওলালোঁ। পাছদিনাৰ পৰা ৰিহাৰ্চেল আৰম্ভ কৰা
হ’ল৷

২০ জুনৰ দিনা দিনৰ
বিয়লিভা গত গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ আৰু সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া বৰ সুন্দৰকৈ
অনুষ্ঠিত হ’ল৷ ভূপেন হাজৰিকাই গানৰ মাজে মাজে বহু আগেয়ে কাহানিও নোকাৱা কথা কৈ
দৰ্শকক বিমুগ্ধ কৰিলে৷ সাংস্কৃতিক সন্ধিয়াত পৰিৱিশিত অন্যান্য গীত-মাতৰ লগতে ন-কৈ
পোহৰৰ মুখ দেখা এই গীতদুটিয়ে শ্ৰোতা-দৰ্শকৰ পৰা সমাদৰতো পালেই
,  লগতে
তেতিয়াৰ পৰাই গীতদুটিয়ে ৰাজ্যখনৰ কেউদিশে অভূতপূৰ্ব সমাদৰ লভিবলৈ আৰম্ভ কৰিলে৷
আজিও গাঁৱে-ভূঞে
, ৰেডিঅ’,  বৈদুতিন
মাধ্যম আদিৰ জৰিয়তে গীতকেইটি বজোৱা বা কোনোবাই গোৱা শুনিলে মনত এক বুজাব নোৱাৰা
শিহৰণ অনুভৱ কৰোঁ৷  এই উদ্যমেই পৰবৰ্তী
আশীৰ দশকত ‘সদৌ অসম জনসাংস্কৃতিক পৰিষদ’ৰ দ্বাৰা প্ৰযোজিত ‘বিশ্বৰে ছন্দে ছন্দে’
শীৰ্ষক বিষ্ণু ৰাভাৰ নিৰ্বাচিত গীতৰ একমাত্ৰ লংপ্লেয়িং ৰেকৰ্ড’ ‘বিশ্বৰে ছন্দে
ছন্দে’ আৰু ‘গীতাঞ্জলি’ 
শ্ৰব্য-সঁফুৰা  কলকাতাৰ এইচ এম ভি
কোম্পানীৰ সৌজন্যত বাণীৱদ্ধ কৰি ৰাইজৰ হাতত তুলি দিয়াৰ যি মহতী প্ৰয়াস আছিল
,
তাৰ
সৈতে নিজকে যুক্ত কৰাৰ অফুৰন্ত সাহস আৰু প্ৰেৰণা
 লাভ কৰিছিলোঁ 

(আগলৈ)