‎শৰ্বৰী শৰ্মা ৰায়ৰ এমুঠি কবিতা

মূল : বাংলা

‎অনুবাদ : মুনমুন সৰকাৰ‎

‎

‎(১) অসুখ

‎

‎অসুখ

‎অসুখ ভাল নাপায় কোনেও

‎তথাপিও মানুহ অসুখীয়া হয়

‎অসুখ আহে 

‎নিঃশব্দে সিন্ধি খান্দি শৰীৰৰ পাকঘৰলৈ

‎বটুৱা উদং কৰি খাই থৈ যায়, যোৱাৰ আগে আগে

‎গৃহিণীৰ হেঁপাহৰ ফুলৰ গছকেইজোপাত

‎আঙুলি বুলাই কৈ থৈ যায় 

‎

‎আজি যাওঁ

‎ফুল ফুলিলে  আকৌ আহিম…

‎

(২) দুঃখ

‎

‎দুঃখ

‎দুখ মোৰ বুলি

‎দাবী কৰিব নোৱাৰোঁ

‎তথাপি কিমান সহজতে মানুহক দুখ দিওঁ

‎

‎

‎(৩) খালী

‎‎

‎বুঢ়া বয়সত মানুহে বেছিকৈ কথা কয়। 

‎কোনোবা আকৌ নিঃশব্দ হৈ পৰে

‎কোনো কোনোৱে আকৌ একেটা কথাকে চেপেটা কৰি থাকে। 

‎আশে পাশে থকা মানুহবোৰ বিৰক্ত হয়। 

‎বুঢ়া মানুহবোৰৰ এখন সমুদ্র আছে। 

‎মানুহ ফুৰিবলৈ আহে,
মাছ মাৰে

‎জাহাজ চলায় সমুদ্রৰ
বুকুত

‎‎আৰু পেলাই থৈ যায়
খালী বিয়েৰৰ কেন।

 

(৪) ফু

 

‎এডাল মমবাতিৰ  মৃত্যু

‎এটা ফু

‎এটা বাঁহীৰ জন্ম

‎এটা ফু।

‎‎

‎(৫) 

‎‎বুদ্ধ ভগৱানৰ মূৰ্তি
হেৰুৱাই পেলাইছোঁ

‎

‎কেইদিনমান উকা হৈ
পৰা থকা বেদীৰ ওপৰত কোনোবাই খেলনা বন্দুক এটা থৈ গৈছে

‎‎অভ্যাস বশত: ওলাবলৈ
লওঁতে

‎‎তাতেই অলপ ৰওঁ

‎‎চকুহাল  মুদি দিওঁ

‎‎মুদি মুদি চাওঁ

‎‎বন্দুক আৰু বুদ্ধ

‎‎দুয়ো হাঁহিছে। 

‎‎শেষৰ কবিতাৰ শিৰোনাম
নাই।
 

‎***

‎

ভ্ৰাম্যভাষ : ৮৬৩৮৯৩৭৮১৭