গীতিমণি হাতীমূৰীয়া


 

কোনোবা দূৰণিত

বাঁহী এটাই সুৰ বিলাইছে

 

এই সন্ধিয়াত

বাঁহীটোত কোনেবা আঙুলি বুলাইছে

মই নাজানো !

 

বাঁহীটোৱে কান্দিছে নে

বাঁহীৰ সুৰটোৱে মোৰ বুকুত খোপনি পুতিবলৈ আহিছে তাকো নাজানো

 

বুকুৰ আঁচলখনো উৱলি গ’ল

সুৰটোনো সামৰি থওঁ ক’ত!!