মুনমী দত্ত হাজৰিকা

এদিন শীতৰ সন্ধ্যা  জুহালৰ কাষত খীতুকাই বহি থাকে৷  ভাগৰে হেঁচি ধৰা শৰীৰটোতো  ওঁঠৰ জোৰ নকমে৷
 নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷  

নাতিল’ৰাই খীতুকাইৰ
ডিঙিতে ওলমি সোধে-

: “ঠেঙো নাই পাখিও
নাই আকাশলৈ উৰি যায়?”

খীতুকায়ে সোলামুখেৰে
হাঁহি পেলায়৷

 : এৰাতো! একেবাৰে সঁচা কথা৷ আকাশলৈ উৰি যায়৷
গৈ সৌ তাত পায়গৈ৷ আমি ঢুকিকে নাপাওঁ৷

: কিনো কৈ আছা, ককা৷
 সাঁথৰটোৰ উত্তৰটো মোক শিকাই দিয়া ৷

খেক খেক কৈ হাঁহি
খীতু বিশ্বাসে নাতিৰ আবদাৰ সহে৷ নৰাৰে পেঁপা বজোৱা বয়সত সাঁথৰ সুধি থকা ল’ৰাটোলৈ অবুজ
মায়া জাগে তেওঁৰ৷

হাঁহোতে তেওঁৰ খীন,
সোলা মুখখন ত্ৰিভূজ এটাৰ দৰে জোঙা হৈ পৰে৷ সাঁথৰটোৰ উত্তৰটো নাতিক শুদ্ধকৈ ‘ধোঁৱা’
বুলি কওঁতে তেওঁৰ চকুলৈ ধোঁৱা বলি থকা ভাত একাঁহী ভাহি আহে৷  লগতে এটি হুমুনিয়াহো৷ মচুৰ দাইলেৰে এসাজ গৰম ভাত,
মিঠাতেল-পিঁয়াজত
 ভজা পাচলিও যাৰ বাবে
বিলাসী, তেওঁ সাঁথৰৰ উত্তৰ এটা কিয় একাধিক দিব পাৰিব৷ খীতুকায়ে নাতিক দিব খোজা উত্তৰটো
‘বস্তুৰ আকাশলংঘী দাম’ বুলি ক’লেও কিজানি ভুল নহ’ব৷ ‘অচ্ছে দিন’ এটা বিচাৰি বিচাৰি
এইখিনি পোৱাহি বাবে খীতুকাইৰ ভৰি দুখনত বিষ উঠে৷

দিনত চিমেণ্টৰ বেগ
কঢ়িওৱা পিঠিখনৰ বিষটোকো পাহৰিব পৰা বিষ৷ তথাপি পিঠিটো পোনাই জাতি বাঁহৰ খুঁটাটোত খীতুকাই
আঁউজি বহে৷


***

এসময়ত খীতুৱে বোকাৰে
জোতা পিন্ধিছিল৷  খামীডাঠ ল’ৰাটোৱে নিপোটল ভৰি
দুটাত আঁঠুলৈকে বোকাৰে লিপি ‘বুট’ পিন্ধি শাওনীয়া
 পথাৰৰ পৰা উঠি আহে৷ সি পোনাই মাষ্টৰৰ ঘৰলৈ
আহে৷  নাঙল-যুৱলি, জাপি, চাহৰ ফ্লাক্স আদি
 ভাগে ভাগে থৈ মাষ্টৰণী নবৌক পিছ চোতালত মাত লগাই সি ঘৰমুৱা
হয়৷ ৰঙাচাহ এটোপা বা মোৱামাছৰ ভাজিৰে সৈতে পঁইতা এখামোচা নবৌৱে তাক নযঁচাকৈ নাথাকে৷
সি কিন্তু বৰপুখুৰীত জোবোৰা এটা মাৰি নিজৰ ঘৰত বহি খাবলৈহে মন কৰে৷  সেয়ে খীতুৱে মাষ্টৰৰ ঘৰত দেৰি নকৰে৷

দুপৰৰ ভাত ঘুমটিত
খীতুৱে তাৰ পাঁচ বছৰীয়া পুত্ৰ লাটুমনক কাষতে শুৱাই লয়৷ সাৰ পাই দুয়ো অনেক কথাৰ মেল মাৰে৷
মাষ্টৰৰ ঘৰৰ ৰোৱাতলিত বোকাৰে জোতা পিন্ধাৰ বাবদ পাবলগা টকাকেইটা হাতত পৰিলেই
 খীতুৱে লাটুমনৰ বাবে জোতা এযোৰো কিনাৰ কথা ভাবে৷ তাৰ বাবে
হাতৰ তলুৱাৰে লাতুমনৰ ভৰিৰ তলুৱাৰ জোখ লৈ থয়৷

লাহে লাহে খীতুৰ
ভৰিৰ পিট খীনাই আহে৷ খেতিলৈও
 অনাহুত বিৰতি আহে৷ তথাপি বহি থাকি বেয়া পোৱা মানুহটোৱে পৰুৱাৰ
দৰে কাম কৰে৷

সময় বাগৰে৷ খীতুৰ
মৰমৰ লাটুম গুটিটোৰ গা ধৰে৷  স্কুলৰ কোনো এটা
শ্ৰেণীত
 ডিঙিত গামোচা পিন্ধিব লগা নোহোৱাকৈ ফলাফল কৰি লাটুমনে পঢ়া-শুনা
সামৰে৷ আজি অ’ত, কাইলৈ ত’ত কৈ ঘূৰি ফুৰাতকৈ খীতুৱে লাটুমনক মাষ্টৰৰ ঘৰৰ মাটিকেইডৰাৰ
দায়িত্ব ল’বলৈ আনে৷ লাটুমনেও খেতিলৈ মন মেলে৷ তেজাল ল’ৰাটো দেখি মাষ্টৰে বেয়া নাপায়৷
আগৰবাৰ কেশৱক আধিলৈ দি থোৱা মাটিকেইডৰা পুনৰ খীতু বিশ্বাসক দিয়ে৷ বহুদিনৰ মূৰত খেতিলৈ
ঘূৰি আহিবলৈ পাই খীতু সুখী হয়৷ নিজাকৈ মাটি এডৰা নথকাৰ দুখ পাতলি যায়৷ পৰিশ্ৰমী
 বাপেক-পুতেকে মনোযোগেৰে খেতিত ধৰে৷

ঋতু অনুযায়ী ধান,
মাহ আৰু পাচলিৰ টোপোলা লৈ খীতু বিশ্বাস নাইবা লাটুমন নিয়মীয়াকৈ
  মাষ্টৰৰ ঘৰলৈ যায়৷ পাচলিৰ ভাৰখন সন্তোষেৰে
ভিতৰলৈ নিয়া মাকক আগভেটা দি মাষ্টৰৰ পুতেকে
  বিৰক্তিৰে কৈ উঠে-

:  লাও, জিকা, ধান-মাহতে মাটিখিনি বৰ্বাদ কৰিবিনে
মই কোৱা কথাটো ভাবিবি?

মাকৰ উত্তৰলৈ বাট
নাচাই সি প্লেটৰ নুডলছ কাটা চামুছত পকাবলৈ ধৰে৷ চেঁচা নৌহওঁতেই মুখলৈ নিয়ে৷ পিঁয়াজৰ নল আৰু গুটি আলু ভাজিৰে ৰুটি খাবলৈ সি কাহানিও
নৰয়৷

ছিমেষ্টাৰৰ ব্যস্ততাত
ঋতু পাহৰি পেলোৱা ল’ৰাটোৰ কথাত মাকে বৰকৈ গুৰুত্ব নিদিয়ে৷ নৰাণি খচকি অহাৰ পাছত চেঁচা
পানীৰে ভৰি ধুলে হোৱা খন্তেকীয়া ভকভকনিৰ দৰেই তাৰ কথা বুলি ভাবি থয়৷ ল’ৰাটোৱেও সোঁহাতৰ
 তৰ্জনী আৰু মধ্যমা আঙুলিৰ চেপত ৰাইট’মিটাৰ
কলমটো লৈ জাপ জাপ কাগজত প্ৰশ্নোত্তৰ লিখি থাকোঁতে খীতুহতঁৰ কামবোৰক গুৰুত্ব নিদিয়ে৷
কঠিয়া পৰা, গোছ লোৱা সময়বোৰত খীতুহঁতে বোকাৰে পিন্ধা জোতাবোৰ সি দেখা নাপায়৷ বোকামাটিৰ
গোন্ধটোও তাৰ নাকত লাগি নধৰে৷

মহাবিদ্যালয়ত ‘স্পেকুলেটিভ  ম’টিভ’ পঢ়ি ভালপোৱা অৰ্থবিজ্ঞানৰ ল’ৰাটোৱে
মধ্যমা আঙুলিত দীৰ্ঘসময়
  কলমটোৱে হেঁচি কৰা
ভাঁজটোতহে গুৰুত্ব দিয়ে৷ তৎক্ষণাত
 আঙুলিটোৰ যতনো লয়৷

ঋতুবোৰ সামৰি বছৰ
নাবাগৰে কিন্তু ল’ৰাই অৰ্থনীতি বিজ্ঞানৰ কিতাপ জপাই নতুন
  বিষয়ৰ কিতাপ মেলে৷ যেন অন্য এক ছিমেষ্টাৰৰ
এক নতুন এছাইনমেণ্টহে৷ স্পেকুলেটিভ মটিভ হাতে-কামে কৰি দেখুওৱাৰ এছাইনমেণ্ট৷

পঢ়া সামৰি মহানগৰীত
ছেট্‌ল হোৱাৰ আগলৈকে
 জাতীয়তাবাদী সংগঠনত
থকা বহুমুখী প্ৰতিভাধৰ ল’ৰাটোৱে ঘৰ এৰাৰ আগত মাক-দেউতাকক কাঢ়া নিৰ্দেশ দিয়ে৷

:  নতুন হাইৱে’টো আমাৰ খেতিখোলাৰ কাষেদিয়েই পাৰ হ’ব৷ সেইখিনি মাটি সোণতকৈ
দামী হ’ব৷  তহঁতে খীতুৱে দিয়া ধান-মাহ নাখালেও
হ’ব৷

নাখায়৷ মাষ্টৰ-মাষ্টৰণীয়ে
ধান-মাহ নাখায়৷ পুতেকৰ আৰ্জনৰ
 ৰাজভোগো নাখায়৷ মাষ্টৰে ‘বিধায়ক ছাৰৰ দেউতাক’ হোৱাৰ আগতেই ৰাইজে
তেওঁৰ শৰাধ খায়৷ পিছে পিছে মাষ্টৰণীও সেইবাটে আগবাঢ়ে৷

হাইৱে’দি দামী গাড়ীৰ
চকা ঘূৰে৷ দীঘল, ওখ, চুটি, চাপৰ বিবিধ গাড়ী৷ চাৰিচকীয়া-দহচকীয়া গাড়ী৷ সেইবোৰৰ কথা খীতুৰ
তাতকৈ বেছিকৈ ভাবিব লগা নাই৷ কিন্তু অতবছৰে খেতি কৰা পথাৰখনৰ কথা নাভাবোঁ বুলিলেও তাৰ
মনলৈ আহে৷ সেইখন পথাৰত
 মূৰ দাঙি থকা অট্টালিকা
শাৰীয়ে এতিয়া খীতুৰ বোকাৰ জোতা নিচিনে৷ মাষ্টৰৰ পুতেকৰ ‘ৰজাৰ পাদুকা’ চিনে৷ গাড়ী চিনে৷
কনভয় চিনে৷ জেঠত মেটেকা ফুলা পিটনিখন, ডাউকবোৰ অদৃশ্য হৈ হৈ অট্টালিকাৰ দেৱালৰ ‘ৱাল
পেপাৰ’ হৈ পৰে৷ সেই ‘ৱাল পেপাৰ’ সন্মুখত লৈ কলম খুলি ৰজাৰ উদীয়মান গল্পকাৰ পত্নী বহি
থাকে৷ মাটিৰ গোন্ধ থকা গল্প এটাৰ প্লট বিচাৰি তেওঁ শীতাতপ নিয়ন্ত্ৰিত কোঠাটোত ঘূৰ্মুটিয়াই
ফুৰে৷ সপ্তাহন্তৰ অৱসৰ বিনোদন অথবা ডিজিটেল ৱেলবিয়িঙৰ খাতিৰত
  ইয়াত দুনিশা কটাবলৈ অহা গল্পকাৰে
নতুন গল্পটো ইয়াতে লিখি আজৰি হৈ যাব খোজে৷ এটা বাস্তৱধৰ্মী
 গল্প৷ যিটো মহানগৰীৰ বিধায়ক আৱাসত থাকি লিখিবপৰা নাযায়৷


               ***

সেইদিনাই আবেলি পৰত খীতুকায়ে পুৰণি খেতি-মাটিৰ
পিনে এনেয়ে এবাৰ পাক মাৰিছিল৷ পথাৰখনৰ আধাভাগ সামৰি লোৱা অট্টালিকাটোৰ সিপাৰে বেলি বহা
ৰংবোৰ বিয়পি আছিল৷ অট্টালিকাটোৰ
 আনটো পাৰে এলানি সৰু সৰু দোকান৷ আগেয়ে তাত থকা গো বাটটো এতিয়া
নাই৷ তাৰ সলনি আছে ‘গাখীৰৰ মহল’
 বুলি লিখা চাইনবোৰ্ড এখন৷ তাতে কাড় চিন দি গাখীৰৰ মহললৈ যোৱা
দিশটো বুজোৱা আছে৷ চাইনবোৰ্ডখনৰ সন্মুখত পানীৰ এটি সৰু ডোঙা৷  আগবেলা অহা কাৰো একো কামত নহা বৰষুণজাকে থৈ যোৱা
পানীৰ ডোঙা সেয়া৷ তাতে উদঙীয়া গৰুৰ মূত মিহলি হৈ আছে৷ খীতুৱে এনেয়ে বৰষুণৰ পানীডোঙাটোলৈ
এপলক চালে৷ পিছে সি তাত নিজৰ
 মুখখন মনিব নোৱাৰিলে৷ নিজক চিনিব নোৱৰাকৈ পানীখিনি ঘোলা হৈ
আছিল৷ সি কংক্ৰিটৰ অৰণ্যখন চাই চাই কিছুপৰ তাতে ৰৈ নিজতে মগন হ’ল৷

পথাৰখন থকাহ’লে এতিয়া
সি ভাৰে ভাৰে শালিধানৰ ডাঙৰি কঢ়িয়ালেহেঁতেন৷ লাটুমনে মানা কৰি ডাঙৰিভাৰ নিজৰ কান্ধলৈ
ল’লেহেঁতেন-

: এই বয়সত তুমি কান্ধত
বিৰিয়া ল’ব নালাগে৷ মই আছোঁ নহয়৷ ৷ মৰণা মৰা মেচিনেৰে পথাৰতে গুটিধান উলিয়াই ঠেলাৰে
  কঢ়িয়াই নিম৷

পিছে খীতুক লাটুমনে
ৰাখিব পাৰিলেহেঁতেন নে! পকা ধানৰ ফুৰফুৰীয়া গোন্ধত মতলীয়া হৈ থকা খীতুৰ শৰীৰো মন-মগজুৰ
দৰেই
  বলি হৈ উঠিলহেতেঁন৷

“হেঃ ডাঙৰি কঢ়িয়াওঁতে
কিহৰ কান্ধৰ বিষ হে!”-খীতুৱে লাটুমনক ধমকি মাৰি উত্তৰ দিলেহেঁতেন৷ কিন্তু এতিয়া
  মুখেৰে এটা হুমুনিয়াহ সৰিল৷ উকা কান্ধৰ
ভৰ কঢ়িয়াবলৈহে বেছি কষ্টকৰ দেখোন! ইমান দূৰ্বল হৈ পৰিল খীতু৷

সেই মুহূৰ্ততে খীতুৰ
মুখখন
  ঘৰটোৰ ক’লা আইনাৰ
সিপাৰৰ পৰা
  গল্পকাৰে দেখা পালে৷
স্পষ্টকৈ দেখা পালে৷ খীতুৰ মুখখন ৰজাৰ গল্পকাৰ পত্নীয়ে পঢ়িব ধৰিলে৷ কুৰুকি কুৰুকি সোমাই
পৰিল খীতুৰ বুকুত জমা কথাবোৰত৷ খীতুৰ অনুমতি নোলোৱাকৈয়ে৷ নিজাববীয়াকৈ৷ গল্পকাৰৰ হাতত
খীতুৱে প্ৰথমে কান্দিলে৷ তাৰ পাছত ৰ’দ নলগা আৰু বৰষুণ নপৰা শৰীৰটোৰে অক্লান্ত শ্ৰম কৰিলে৷
 লাহে লাহে সুখৰ মুখ দেখি খীতুৱে হাঁহিলে৷

 এইবাৰ গল্পকাৰে খীতুৰ জীৱনলৈ টুইষ্ট আনিলে৷ 

… আৰামত
খাব পৰা চৰকাৰী উপহাৰে তাৰ দুহাত ক্ৰমে গেধা কৰি আনে৷ তাৰ অভ্যাস সলনি হৈ আহে৷ এতিয়া
সি ৰ’দত কাম কৰিলে মূৰৰ বিষত থাকিব নোৱৰা হয়৷ বৰষুণত তিতিলে পানীলগা জ্বৰ উঠে৷ মাহেকৰ
আধাদিন উৎসৱ আৰু বিয়া-সবাহৰ ব্যস্ততাত সি কাম কৰিবলৈ সুযোগ নাপায়৷ সেই ব্যস্ততাৰ অন্তত
তাৰ ভাগৰুৱা দেহাই আৰাম বিচাৰে৷ বেলি উঠাৰ পৰা বেলি বহালৈকে
 চৰকাৰী উপহাৰ গোটায়৷ উপহাৰৰ অপপ্ৰয়োগত
খীতু পুণৰ কঙাল হৈ উঠে৷ গল্পকাৰে
 গল্পটো সেইখিনিতে শেষ কৰে৷

 পাছৰ মাহৰ আলোচনীত গল্পটো প্ৰকাশ হয়৷ পাঠকে গল্পটো
আদৰি লয়৷  একাংশ পাঠকে
  গল্পটো  পঢ়ি শেষ কৰি খীতুক গৰজি উঠে-

“এলেহুৱাৰ জাত! বহিখোৱা,
তোৰ এনেকুৱাই হ’ব৷”

 “গল্পকাৰ বাস্তবধৰ্মী গল্প লিখাত পাকৈত৷ তামাম লিখিছে৷

গল্পকাৰৰ হোৱাটছএপ,
ফে
চবুক একাউণ্টত প্ৰশংসাৰ ফোৱাৰা বয়৷ ৰাতি এডোখৰলৈকে মেছেজৰ প্ৰত্যুত্তৰ দি গল্পকাৰৰ
টোপনি খতি হয়গৈ৷


            ***

জুহালৰ কাষৰ পৰা
উঠি গৈ খীতুকাই বিছনাত পৰে৷ গল্পৰ নায়ক হৈ গোটোৱা অতবোৰ গুৱাল গালিৰ ভূ নোপোৱাকৈয়ে
 উজাগৰে থাকে তেওঁ৷ চিমেণ্ট কঢ়িওৱাৰ
বাবে হোৱা পিঠিৰ বিষৰ বাবে এই অনিদ্ৰা নহয়৷ কিবা এক অন্তহীন নিৰাশা, কিবা এক বিশৃংখলতাৰ
বাবেহে৷ চৰকাৰী আঁচনিত বান্ধ খাই পংগু হ’ব নোখোজা তাৰ মনটোৰ আজল-মঠালিত খীতু শুব নোৱাৰে৷
কিয় টোপনি নাহে?

নাতিয়ে সোধা সাঁথৰটোৰ
উত্তৰ হৈ পৰাৰ চোটত নে বোকাৰে জোতা পিন্ধিবলৈ নোপোৱাৰ দুখত! খীতুৱে নিজেও
  ভালকৈ নাজানে৷ কিন্তু আগৰ দৰে বোকাৰে
জোতা এযোৰ পিন্ধিবলৈ
  তেওঁৰ বৰ মন যায়৷

চিনাকী ঠাইখনতে অচিনাকি
হৈ পৰা পথাৰখন বিচাৰি ফুৰোতে তেওঁৰ হাত-ভৰি সিৰামূৰিয়ে ধৰে৷ তথাপি বোকাৰে জোতা এযোৰ
আকৌ পিন্ধাৰ আশাতে
  খীতুহঁতে সময়ে সময়ে হাতৰ তৰ্জনী
আঙুলিৰ নখত বেঙুনীয়া ৰং ঘঁহি থাকে৷ মাষ্টৰৰ পুতেকে ৰজাৰ পাদুকা
  পিন্ধি সিহঁতৰ পথৰুৱা জোতাবোৰৰ সপোনেৰে লিপপ সাজি থাকে৷ তেতিয়া ৰজাই নাকৰ
ফুটা বন্ধ কৰি থয় যাতে বোকামাটিৰ গোন্ধ
  আহি নাকত লাগিব নোৱাৰে৷ তেওঁৰ পত্নীয়েও  খীতুহঁতক লৈ গল্প লিখি থাকে৷  একে ঠাইতে একে সময়তে থাকিও তিনিটা পক্ষ তিনিডাল বাহু
হৈ ৰৈ থাকে৷ কিন্তু কাষচাপি আহি ত্ৰিভূজ এটাহে হ’ব নোৱাৰে৷

কেনেকৈনো পাৰিব?

বাহুবোৰৰ মাজত যে
ৰৈ যায় কিছুমান খালী ঠাই৷ বিশ্বাসহীনতাৰ খালী ঠাই, যিবোৰক চৰকাৰী বৰ্ষপূৰ্তিৰ সাফল্যৰ
কথা লিখা ডাঙৰ হ
ৰ্ডিংবোৰে ঢাকি ৰাখিব নোৱাৰি৷





***