উৰন্ত শিলালিপি Poem April 2026

 

এম. কামালুদ্দিন
আহমেদ

 

কৃত্ৰিম
বুদ্ধিমত্তাৰে

ওপঙি উঠোঁ

বুৰ যাওঁ

বিৰাট এক আকাৰ
ধাৰণ কৰি

ভৱিষ্যতৰ
দিগন্তত

সোমাই পৰোঁ

 

সভ্যতাই মোট
সলাব

 

গুগল এৰি

কোন যায় সেয়া

জিঅ’ফ্ৰে হিণ্টন

আত্মহননৰ

শিলালিপি

আমাৰ বুকুত
খোদিত কৰি 

 ***

                   

ঠিকনা :

মুৰব্বী অধ্যাপক,
অসমীয়া
বিভাগ

গুৱাহাটী
বিশ্ববিদ্যালয়

গুৱাহাটী
৭৮১০১৪