মাখি Poem April 2026

নৃপেন গোস্বামী

মাখি উৰিছে 

সকলোতে

গেলাত, পচাত

আৰু ইয়াত, তাত

মাখিবোৰৰ গোন্ধ 

অপছন্দ 

গেলা খাই গেৰেলা মাখি

গাখীৰত বহি শুদ্ধ নহয় 

মাখি 

মাখিত বিজাণু, কিটাণু আৰু মাখি সৰ্বগ্ৰাসী

হেৰুৱা চন্দ্ৰত এতিয়া মাখিবোৰে 

ৰূপ সলাইছে

বতৰ ভাল মাখিবোৰৰ

দিন ফৰকাল মাখিৰ

সাজিব দেশ

পাৰিব কণী

মাখি আজিৰ সুখ পদ্য

মাখি বৰ্তমান বেমাৰৰ নিয়ন্ত্ৰক

মাখিবোৰ স্বাধীন

বিবেকৰ হেঁঢা নথকাত

মাখিবোৰ মুক্ত 

মাটিক ভাল পালে

সৰ্বহিতায় 

মোৰ, তোমাৰ আৰু 

আৰু আপোনাৰো…