বহাগ Poem April 2026

 

দ্বীপৰাজ

 

(মাছলৈ মইনা
নাযাবি অকলে

ৰাতিলৈ লাগিব
ভাগৰ

বাটৰে দমৰাই চাব
তোৰ বুকুলে

চেগতে ফালিব
চাদৰ)

( হাবি বিহু)

 

বাৰী সিঁচি শিঙিৰ
খোঁচ খোৱা যদি খোৱা

দিপিলাৰ হাটত
আঢ়ৈকুৰিত পাই এপোৱা মোৱা

তাৰে এভাগ আদাজাল,
এভাগ পাতত দিয়া

প্ৰমিলা জেঠাইৰ
ঢেঁকীৰ ঢেংকুৰুচত কুলিজনীৰ বাসন্তী হিয়া

 

পুতুলী বাইৰ
এজনীয়েই জীয়েক৷ চকুৱে মুখে বহাগ আহি কোঠাটোত লুকাইছে

ঐ চলিহাত দুদিনমান
পিছত আহিবি যা। তাই ডাঙাৰ হৈছি৷
তথাপি দুদিনমানৰ পিছত যাবো যা তাই

যাবো যা তাই৷ ফৰিৰ ঠেঙত এৱা সূতাৰ গাঁঠি ক’তনো ৰয়!

 

হঠাতে আকাশ ক’লা
কৰি অহা ধুমুহা বৰষুণজাকে

ছাগলীজাকক খেদি
নি কা
থি পোৱালেগৈ৷ ফুৰিবলৈ অহা পিলিঙা ল’ৰাজাক নামঘৰত
সোমালেগৈ’

ক’ৰবাত মৰমৰাই গছ
ভাঙি পৰা শব্দ৷ ক’ৰবাত টিনপাতৰ জৰজৰণি৷ হো-হোৱনি শবদৰ মাজতে পিলিঙা এটাই চিঞৰি
চিঞৰি গাইছে “বহাগী অ’ তোমাৰ নাম
, তুমি আমাৰ
দেহাজান”৷

 

নৈগড়াৰ ঠিক
ভলুকাজোপাৰ তলত কোনে জানো পুতি থৈ গ’ল বহাগ

ডাঠ প্লাষ্টিকেৰে
মেৰোৱা চকু নগজা এমাডিমা৷

আগলি বাহৰে লাহৰি
গগণা কেনেকৈ ফুৱাম মই কোৱাঁ
! কাৰোবাৰ তলপেটৰ সৰি পৰা বিজলুৱা মঙহে পি খালে
লুণীয়া উশাহ৷

 

বাটে বাটে বহাগ

ৰমা দাইটিৰ মাজুজনীয়ে
জামুজোপাৰ ডালত চিপ লৈ দুপৰ
ৰাতি বহাগক মাতিছিল

ফুটগধূলিতে
কোনোবাই আদহীয়া মানুহজনীৰ বুকুত বহাগ বিচাৰি

কালভাৰ্টৰ তলত
নগ্ন কৰি শুৱাই থৈ গৈছিল।

কি উজানৰ পিৰিকা
পানী এটোপাৰ নাম এই বহাগ!

 

তুমি মই বিৰিখৰ
কুঁহিপাততে ব্যস্ত আছোঁ
। কু কু মাততে ভোল গৈ আছোঁ

হুচৰি নাগায় মানে হুঁচ নোপোৱাকৈ আমি বেহুঁচ হৈ থাকিম৷

পেটৰ ভোকৰ নাম
বহাগ নোহোৱালৈকে ৰাতি-ৰাতি কবিতা লিখিম৷