– সঞ্জীৱ সভাপণ্ডিত



                                                                          

মোৰ নামটো মাইকত উচ্চাৰিত ল৷ লগে লগে সকলোৱে মোলৈ চালে৷ মই থি লোঁ৷ কোনোবা এজন আগবাঢ়ি আহিল৷ মোৰ সমুখত মাইক্ৰফনটো ডাঙি ধৰিলে৷ মই পিছে তেওঁৰ ফালে নাচালোঁ৷ মই বহি থকা চকীখন হোঁহকাই পিছুৱালোঁ আৰু লাহে লাহে মই পিছলৈ খোজ দি পিছুৱালোঁঘূৰিলোঁ আৰু তললৈ মূৰ কৰি চোতালখনলৈ নামি লোঁ৷ কেবলডালৰ মূৰত লাগি থকা মাইকটো হাতত লৈ এবাৰ চাৰিওফালে চাই পঠালোঁ৷ সকলোবোৰ আচৰিত চকুৰ লগত মোৰ এবাৰ সাক্ষাৎ ল৷

মোৰ পিছফালে বহি মেটমৰা অভিজ্ঞতাৰে পুষ্ট, বহু সন্মানীয় পদবী আৰু কৃতিত্বৰ স্বাক্ষৰ বহনকাৰী মানুহৰ অৱয়বোৰকৌতুহলী কিন্তু মৌন৷ বাওঁফালে উচপিচ চাৱনিৰে খকমকাই উঠিল ৩০/৪০ জন শিক্ষকৰ এক মিশ্ৰিত সন্দেহ৷

মোৰ সোঁফালে দীঘলকৈ বেঞ্চিত বহি দশম শ্ৰেণীৰ পৰা ষষ্ঠসপ্তম শ্ৰেণীৰ মুখ কিছুমান- দীঘল উশাহ বন্ধ কৰি৷

আৰু মোৰ পৰা ৫০ ফুটমান দূৰত থালিকৈ বেঞ্চত লৰচৰ নকৰাকৈ বহি থাকিল কণমানি চাৰিপাঁচ বছৰৰ পৰা পঞ্চমষষ্ঠ শ্ৰেণীলৈকে পঢ়া কিছুমান শংকিত-আতংকিত মন৷

মূহূৰ্ততে মই পঢ়ি পেলালোঁ প্ৰতিখন মুখতেওঁলোকৰ ফাললৈ দেহটো কঢ়িয়াই নিয়া মানুহটোৰ ভৰি দুটালৈ চাই চাই কিবা ৰহস্যৰ সন্ধানত চাই থকা চকুবোৰ৷

শব্দহীন নিৰাকাৰ সেই সময়কণত মই গোটেইবোৰ ৰাছোৱালীক ছটিয়াই দিলোঁ ১০ বছৰ২০ বছৰ৩০ বছৰ ভৱিষ্যতৰ বুকুলৈ৷ দৌৰি দৌৰি মই সিহঁতক লগ ধৰিলোঁগৈ; বাছতৰেলতনাৱতজাহাজতদলঙতৰাস্তাতঘৰতপথাৰতসত্ৰততে তে৷ এন্ধাৰ পোহৰৰ দৰে সফলতাবিফলতাৰ চোলা পিন্ধি জীৱন পথৰ পথিকবিলাক গৈ আছে- কোনোবাটো তাৰে দৰে, কোনোবাটো মোৰ দৰে, কোনোবাটো এওঁৰ দৰে, কোনোবাটো তেওঁৰ দৰে, কোনোবাটো তাইৰ দৰে, কোনোবাটো তেখেতৰ দৰে৷

প্ৰায়বিলাকেই মই চিনি নোপোৱাৰ দৰেই লগৈকি অচিনাকি পৃথিৱী!- কি অচিনাকি সময়!-

মাজতে থিয় হে মই সিহঁতৰ মাজত এখন সাঁকো গঢ়িবলৈ চেষ্টা কৰিলোঁএই কণমানি ধুতী পিন্ধা ৰাটো কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তা(Artificial
intelligence)
পৃথিৱীত তিষ্ঠি আছে৷ কেনেকৈ সি কাল্পনিক বাস্তৱতা(Virtual reality) পৃথিৱীত চলি আছে!

এক অসম্ভৱ কথা!

কিয় পাৰিব? কেনেকৈ পাৰিব?

কিয় নোৱাৰে? কেলেই নোৱাৰিব?

পাৰিবই৷ কাৰণ তাৰ অস্তিত্বই দেখোন এটা magic reality | সি পিন্ধি আছে ধুতীখন৷ কঁপালত তাৰ গংগা মৃত্তিকাৰ আলেপন৷ সি শিকি আছে সত্ৰীয়া নৃত্যৰ মূদ্ৰাতালমানলয়বিস্তৃতি৷ তাৰ সাৰাংশ হৈছে ভক্তি ধৰ্মভক্তি সত্ত্বাভক্তি প্ৰকাশ৷ নিৰাকাৰ ভগৱানৰ লগত বিলীন হৈ যোৱাকৃষ্ণ ৰসত যি দ্‌দ্‌পদ্যময়লাস্য ময়অনন্ত প্ৰমা পৰমাত্মাৰ লগত একাকাৰ হৈ যোৱাৰ বাসনা তাৰ মনত সুমুৱাই দিয়া হৈছে৷

গতিকে কেনেকৈ? কেনেকৈ?

মোৰ দিব্যদৃষ্টিৰে চাই পঠালোঁ৷ লক্ষীমপুৰৰ এখন ঘৰ৷ দুজনী ভন্টি
তাৰ৷ একমাত্ৰ ল
ৰা সি৷ বাপেকমাকৰ অলপীয়া সংসাৰ৷ বিয়াৰ পিছৰ প্ৰথম মিলনৰ ৰাতি তাৰ দেউতাকৰ মনত পৰিছিলঘৰৰ দাঁতিৰ আতৈয়ে কোৱা
কথা
প্ৰথম সন্তান সিহঁতৰ
সন্দেহজনক
সেয়ে উছৰ্গা কৰিছিল তাক সত্ৰলৈ৷

আৰু সি হৈ পৰিল ছিন্নমূলমাকদেউতাকে তাক থাপিলে সত্ৰতচিঙি আহিল সি সম্পৰ্কচিঙি আহিল সি জৈবিক
বাসনা
চিঙি আহিল সি বংশ৷

আহি পৰিলহি অ’ৰ তৰ পৰা দলিয়াই দিয়া ভিন্ন বয়সী ভিন্ন
ৰুচিৰ ভিন্ন মনৰ এচাম ভগৱৎ পিয়াসীৰ মাজত৷ এখন সত্ৰৰ মজিয়াত আজি তাক গঢ়িবলৈ চেষ্টা কৰিছে
মাটি আখৰাৰ মাজেৰে
সি দেহত ভাঁজ দিব পৰা হৈছেসি হাতেৰে মূদ্ৰা প্ৰকাশ জানিছেসি চকু বগৰাব জানিছেসি ভৰিত থোপ দিব পৰা হৈছেসি ওজন দাঙিব পৰা হৈছেতাৰ হাতত জোৰ হৈছে৷

তাৰ চকুৰ মাজেৰে মই সোমাই গলোঁসি কি বিচাৰিছিল জানিবলৈ৷ মই গৈ থাকিলোঁগৈ থাকিলোঁগৈয়েই থাকিলোঁ৷ কিন্তু
একো বুজি নাপালোঁ৷

তেন্তে সি ইয়াত কিয়?

মই বাকীবোৰৰ চকুলৈ চাই পঠালোঁ৷ সকলোবোৰ
চকুতে প্ৰশ্ন- মই কি ক
বলৈ বিচাৰিছো৷

মই সিহঁতবোৰৰ চকুত প্ৰশ্ন বিচাৰিলোঁ
যাতে কিবা এটা উত্তৰ দিব পাৰো৷ কিন্তু এটা প্ৰশ্নও মোৰ চকুত স্পষ্ট ৰূপত ধৰা নপৰিল৷
বিজ্ঞানৰ প্ৰশ্নও নাই৷ সাহিত্যৰ প্ৰশ্নও নাই৷ বাণিজ্যৰ প্ৰশ্নও নাই৷

গতিকে প্ৰশ্ন আৱিষ্কাৰ কৰাৰ দায়িত্বও
মোৰ ওপৰতে পৰিল৷ মই সিহঁতক সুধি পেলালোঁ
মই কি ক?

মই সিহঁতক সুধি পেলালোঁমই কি কোৱাটো তোমালোকে
বিচাৰিছা? কিন্তু মোৰ মুখেৰে একো শব্দ নোলাল৷

মোৰ ভৰিৰ তলৰ পৰা মাটিখিনি হেৰাই
ল যেন লাগিল৷ ইমান কষ্ট
যেন কেতিয়াও পোৱাই নাছিলোঁ৷ সিহঁতৰ শাৰীলৈ নামি যাবলৈ মোৰ ভীষণ কষ্ট হ
ল৷ চোতালখনৰ সমান মাটিয়েদি মই এতিয়া
কেনেকৈ নামি যাম৷ মই যদি নামি যাবই নোৱাৰো, তেনেহ’লে মই সিহঁতক কেনেকৈ লগ পাম? মই
যদি সিহঁতক লগেই নাপাওঁ, মই সিহঁতৰ লগত কেনেকৈ কথা পাতিম? মই ইয়ালৈ অহাৰ অৰ্থই
বিফল হ’ব নেকি এতিয়া? নে সিহঁতকে মই ওপৰলৈ তুলি আনিব লাগিব? কিন্তু কেনেকৈ? ইমান
শক্তি মই ক’ত পাম? সিহঁত আহিব জানো? এইটো এদিনতে বা এক মুহূৰ্ততে হোৱা কাম হয়
জানো?

মোৰ নিজৰ ওপৰত ধিক্কাৰ জন্মিল-
এই কথাখিনিৰ বাবে আগতীয়াকৈ প্ৰস্তুত হৈ নহাৰ কাৰণে৷

কিন্তু মইতো কিবা-কিবি ভাবিয়েই
আহিছিলোঁ৷

হঠাৎ মোৰ নিজকে কিবা
বিসদৃশ-বেখাপ্পা-বিশৃংখল যেন লাগি গ’ল৷

সিহঁতৰ চকুবিলাক মোৰ দৃষ্টিত আচৰিত
হৈ দেখা দিবলৈ ধৰিলে৷ মোলৈ সিহঁতে এটা কিম্ভূত কিমাকাৰ জন্তুলৈ চোৱা দি চাই থাকিল৷
মোৰ ভীষণ অস্বস্তি লাগিল৷

কি কৰিম একো থিৰাং কৰিব নোৱাৰি গৈ
গৈ মই এটা সৰু ল
ৰালৈ মোৰ হাতখন আগুৱাই দিলোঁ- চুই চোৱাচোন, মোৰ হাতখন মানুহৰ হাতৰ নিচিনানে? মোক, তোমালোকৰ নিচিনা একে
ধৰণৰ মানুহৰ নিচিনা লাগিছেনে
?’

ইতঃস্ততঃ কৰি সংকোচ কৰি সি মোৰ হাতখন
ধৰিলে৷ প্ৰথমে তাৰ মুখত দেখা দিয়া আশংকা দূৰ হোৱা যেন লাগিল৷ তাৰ তাম বৰণীয়া মুখত এটা
হাঁহি খেলাই গ
ল৷

মই সুধিলোঁ মোক মানুহ যেন লাগিলনে?

সি হাঁহি দিলে৷ সকলোবোৰে হাঁহি দিলে৷

তেতিয়াহে মই মাটিৰ পৃথিৱীলৈ ঘূৰি
আহিলোঁ৷

কি কম, তেতিয়াহে মোৰ মনৰ মাজত অগাদেৱা কৰিবলৈ ধৰিলে৷ তাৰ
অলপ আগতে মই সিহঁতৰ স্কুলত এটা
‘teleclass’ উন্মোচন কৰি আহিছিলোঁ৷ বাংগালুৰুৰ এটা কোম্পানীয়ে-দৃশ্য
শ্ৰাব্য মাধ্যমেৰে- এটা বিজ্ঞান পৰীক্ষা বুজাইছে, জীৱন্ত ভাৱে চকুৰ আগতে, গুৱাহাটীৰ
কোনোবাই কথাবোৰ ওঁঠৰ লগত ওঁঠ মিলাই অসমীয়াত কৈ গৈছে
উপগ্ৰহৰ যোগেদি কথাবোৰ মাজুলীৰ সেই ভিতৰুৱা
ঠাইখন পাইছেহি
ফটফটিয়াকৈ কোৱা কথাবোৰ চকুৰ আগতে হৈ থকা দেখি সিহঁতে বুজি পাই গৈছেশ্ৰেণী শিক্ষকে যদি
কিবা বুজাব পৰা নাছিল সেয়াও সিহঁতে বুজি পাইছে
দিল্লীহায়দৰাবাদকলিকতাচেন্নাইৰ লৰাছোৱালীয়ে যি শিকিছে যেনেকৈ শিকিছে, ইহঁতেও তেনেকৈ শিকিব পাৰিছে, সিহঁত সৰ্বভাৰতীয় হৈ
পৰিছে
ইহঁতে এখন বিশাল জগতৰ কথা জানিব পাৰিছেইহঁতৰ কল্পনা শক্তি প্ৰসাৰিত হৈছেইহঁতৰ মানসিক দিগন্ত
বিয়পি পৰিছে৷

এই বিদ্যালয়লৈ অহাৰ কাৰণেহে ইহঁতে
এইখন অকল্পনীয় জগতৰ সম্ভেদ পাইছে৷ ঘৰত মাটিমাহ
কৰ্কৰা ভাত, পদূলিত কৃষ্ণ মাত, চুবুৰীত মিচিং কৈবৰ্ত্তৰ বতাহত হৰি ধ্বনিআনৰ মুখত সসাগৰা বানপানী-
দুখন চাৰিখন ফেৰী
ভুতভুতিৰ মাজেৰে জীয়াই থকা সিহঁতৰ সৰু পৃথিৱীখনৰ ঠাইত আন এখন বহল পৃথিৱী সিহঁতৰ
চকুৰ আগত দৃশ্যমান হৈ পৰিছে এতিয়া৷

সিহঁতৰ মনৰ ডেউকা এই উৰু উৰু৷ এইখন
ঠাইৰ পৰা সেইখন ঠাইলৈ যাবৰ মন৷ কিন্তু যায় কেনেকৈ
? বান্ধোন ঘৰৰ৷ বান্ধোন সমাজৰ৷ বান্ধোন নিজৰ৷

মোৰ ভাব হল, যাবনো লাগে কেলেই?

পৃথিৱীখন দেখোন আহিছেই ওচৰলৈ৷ ধৰিলেই
ল দুহাতেৰে খামোচ মাৰি৷

সেয়ে মই সুধি দিলোঁতোমালোক আহিছা কেলেই
ইয়ালৈ
?

পঢ়িবলৈ?

এই গোলমলীয়া শব্দটো এৰিব নোৱাৰিনে?

সিহঁতবোৰ হতভম্ব হোৱাদি হল৷

নপঢ়িলে স্কুললৈ অহাৰ মানে কি?

মই কৈ গলোঁ তোমালোক সকলোৱে বেলেগ বেলেগ
ঘৰৰ পৰা আহিছা স্কুলত কেইঘন্টামান সময় কটাই আকৌ নিজৰ নিজৰ বেলেগ বেলেগ ঘৰলৈ ঘূৰি যাবাগৈ৷
১০ বছৰমান স্কুলত থকাৰ মুৰত তোমালোকে ক
ৰবালৈ কৰবালৈ গুচি যাবা৷ বহুত বছৰৰ মূৰত হয়তো কাৰোবাক মনত থাকিব৷ বহুতকে
পাহৰি যাবা৷ আজি এৰিব নোৱাৰা লগবোৰকো পাহৰি যাবা৷

        কিন্তু৷

মানুহে মানুহক পাহৰিলে হব জানো? মই আজি ইয়ালৈ আহিছো ১৯৭৪ চনতে কটন কলেজত পঢ়িবলৈ যোৱা
মাজুলীৰ জীতেন দোলাকাষৰীয়াৰ লগত মোৰ চিনাকিটো
সম্পৰ্কটো থাকি যোৱাৰ কাৰণেই৷ মই গৈছিলোঁ নাজিৰাৰ
পৰা৷ কত ঠাইৰ কত ল’ৰা, কত ঠাইৰ কত মানুহ লগ হৈছিল! বিন্দু বিন্দুকৈ সিন্ধু হৈছিল৷
বহুত মন একোটা একোটা মনলৈ বৈ গৈছিল৷ তাৰ পাছত সকলো ক’ৰবালৈ ক’ৰবালৈ গুচি গৈছিল৷

জীতেন ক’ৰবালৈ গুচি গল৷ মই কৰবালৈ গুচি গলোঁ৷ কিন্তু চিনাকিটো থাকি গল৷

তোমালোক লগ হৈছা ইয়াতচিনাকি হৈছা৷ আকৌ ক’ৰবালৈ গুচি যাবা৷
এই লগ হৈ থকা সময়খিনি তোমালোকে ইটোৱে সিটোক পঢ়িবা৷ বুজিবা৷ ইটো সিটোৰ লগ হ
বা৷ তোমালোক লগ হলেব্যক্তি গুচি ব্যক্তি
সমষ্টি হ
বাতোমালোক বহুত ডাঙৰ হৈ যাবা৷ বহুত কাম কৰিব পৰা হৈ যাবা৷ কাম কৰিব পাৰিলেই তোমালোকক
আৰু একো নালাগে৷ পৃথিৱীখন তোমালোকৰ হৈ যাব৷ এতিয়া তোমালোকক পানীয়ে পায়৷ এতিয়া পানী
তোমালোকৰ বাবে সমস্যা হৈ দেখা দিছে৷ কিন্তু তেতিয়া পানী তোমালোকৰ সম্পদ হ
ব৷ পানীয়ে তোমালোকৰ জীৱন গঢ়িব৷ এতিয়া
পানীয়ে তোমালোকক আনৰ পৰা আঁতৰাই ৰাখিছে৷ তেতিয়া পানী ভেদি মানুহ তোমালোকৰ ঘৰলৈ আহিব৷

তোমালোকৰ মাটিত এতিয়াও মানুহৰ বক্ৰ
অভিপ্ৰায় পৰা নাই৷ তোমালোকৰ মাটিয়ে তোমালোকক এতিয়াও বিশ্বাসঘাটকতা কৰা নাই৷ তোমালোকৰ
মাটিয়ে তোমালোকক এতিয়াও ধাৰণ কৰিবলৈ অস্বীকাৰ কৰা নাই৷ তোমালোকৰ মাতত এতিয়াও সুৰৰ আকাল
পৰা নাই৷ তোমালোকৰ মাতত এতিয়াও আপোন সুৰীয়া হৃদয়ৰ আকাল পৰা নাই৷ তোমালোকৰ মাতত এতিয়াও
অনাহুত কাৰ্পণ্য আহি পৰা নাই৷ ভৰিৰ খোজটিয়ে তোমালোকক এতিয়াও পদূলিবিলাকলৈ লৈ গৈ আছে
, ঘৰে ঘৰে ভাল বেয়াৰ খবৰ
বুটলিবলৈ৷ তোমালোক এতিয়াও সকলোৰে সুখ
দুখৰ সহযাত্ৰীসহমৰ্মী৷

গতিকে তোমালোঁকে নিশ্চিন্তে থাকিব
পাৰা৷ তোমালোকৰ মাটি আখৰা ঠিকেই চলিছে৷ কেৱল চালি ধৰিব জনা নাই৷ পেখম ধৰিব জনা নাই৷

তোমালোকক হয়তো আনে অলপ ভূল পথেৰেও
নিছে৷ তোমালোকক বৰকৈ আনৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে৷ তোমালোকক উপস্থাপনযোগ্য
(Presentable) কৰিবলৈ বিচাৰিছে৷

কিন্তু তোমালোকে ভোল নাযাবা৷ এই
পৃথিৱীখনৰ নিজৰেই কোনো ইয়ত্তা নাই৷ আজি এইফালে
, কাইলৈ সেইফালে৷ অতিমাত্ৰা কিবাকিবি কৰিবলৈ গৈ মানুহে
মানুহকেই ভীতিগ্ৰস্ত কৰি তুলিছে৷ মানুহৰ হাততেই মানুহ নিৰাপদ নোহোৱা হৈছে৷ পুৰণা কথা
থন থনকৈ সৰি পৰিছে৷ বগৰীৰ ডাল জোকাৰিলে কেঁচা বগৰীও সৰাৰ দৰে বহুত ভাল কথাও সৰি পৰিছে৷
কাৰণ মানুহৰ অসন্তুষ্টিয়ে সন্তুষ্টিৰ সীমাও পাৰ কৰি গৈছে৷

আজি তোমালোকক প্ৰাৰ্থনা কৰা দেখিলোঁ৷
আজি তোমালোকে নীতি বাক্য পঢ়া শুনিলোঁ৷ আজি তোমালোকে অতীতৰ মধুৰ ক্ষণ স্মৰণ কৰা দেখিলোঁ৷
আজি তোমালোকৰ কেইবাজনে সমজুৱাৰ আগত কথা কোৱাৰ আখৰা দেখিলোঁ৷ আজি তোমালোকৰ নিয়ম
শৃংখলা দেখিলোঁ৷

তোমালোকৰ বহুতৰে ভৰিত জোতা নাই৷
বহুতৰে ফটা চেণ্ডেল৷ বহুতৰে ইস্ত্ৰি নোহোৱা কাপোৰ৷ বহুতৰে দূৰ্বল শৰীৰ৷ বহুতৰে পুষ্টিহীনতা৷

এয়া তোমালোকৰ নহয়, আমাৰ বিফলতা৷
তোমালোকৰ মা
দেউতাই দিব পৰা নাই৷ আমিসমাজে দিব পৰা নাই৷ আমি তোমালোকৰ ক্ষমাপ্ৰাৰ্থী৷ মই আজি চিকচিকিয়া
জোতা
খমখমীয়া জেকেট পিন্ধি আহিছো তোমালোকৰ পৰা দূৰে দূৰে আছো৷ মই যেন নিলগৰ কোনোবা কিবা
এটা
তেনেকুৱা দেখা গৈছে৷

কিন্তু এদিন মোৰ ঘৰতো এটা গোটা কণী
খাব পৰা অৱস্থা নাছিল৷ মোৰো ঘৰত বৰষুণ দিলেই বিচনাই- থাপনাই সকলোতে পানী পৰিছিল৷ মোৰো
ঘৰলৈ বাৰিষা চাইকেল এখন যাব পৰা অৱস্থা নাছিল৷

তোমালোকৰ আজি তেনে অৱস্থা নহয়৷ পকা
ঘৰ
মেপগোলক পৰীক্ষাগাৰমধ্যাহ্ন ভোজনপ্ৰশিক্ষিত শিক্ষকশিক্ষয়িত্ৰীবিনামূলীয়া পাঠ্যপুথি সকলো পাইছা৷

গতিকে তোমালোকৰ জীৱন নাটৰ বাবে আখৰা
কৰিবলৈ এয়া উপযুক্ত পৰিৱেশ হৈছে৷

কিন্তু তোমালোকৰ সমস্যা এটা হৈছে৷
তোমালোকৰ
সূত্ৰধাৰে তোমালোকক এটা কথা শিকোৱা নাইপৰম্পৰা আৰু আধুনিকতাৰ মাজৰ যুঁজখনৰ কথা৷ চাৰিওফালে
বিৰাজ কৰা সত্ৰাকাৰ পৰিবেশত তোমালোকৰ পৰম্পৰা অক্ষুণ্ণ আছে৷ কিন্তু আধুনিকতাই তোমালোকক
খেজেলিয়াই আছে৷ তোমালোক দ্বিধাগ্ৰস্ত৷ মবাইল ফোন, ইন্টাৰনেট
, ৰকম ৰকমৰ গাড়ীবিচিত্ৰ বিশ্ব সংবাদ সকলোৱে কৈছে
এইবিলাকেই আধুনিকতা৷
modern

কিন্তু আচলতে আধুনিকতা হল প্ৰশ্ন কৰাৰ মানসিকতা৷ ১৬শ শতিকাৰ
শ্বেক্সপিয়েৰো আধুনিক হ
ব পাৰে কিয়নো তেওঁ মানৱ চৰিত্ৰৰ সকলো দিশতে প্ৰশ্ন কৰিছে; কিন্তু একবিংশ শতিকাৰ
মন্দিৰ নামঘৰত মহিলাক সোমোবলৈ নিদিয়া হিন্দু ধৰ্ম বা পুৰুষৰ সতে মহিলাক একেলগে
প্ৰাৰ্থনা কৰিবলৈ নিদিয়া
ইছলাম ধৰ্ম আধুনিক নহয়৷

গতিকে প্ৰশ্ন কৰি যোৱা উচিত অনুচিতকলৈ৷
প্ৰশ্ন কৰি যোৱা প্ৰকৃতি পৰি
ৱেশকলৈ৷ প্ৰশ্ন কৰি যোৱা ডাঙৰে আৰু শিক্ষকে কোৱা কথাক লৈ- আমি
একেলগ হৈ থকাৰ স্বাৰ্থত ৷ আমি আমাৰ ভ
ৱিষ্যত নিৰাপদ কৰি ৰখাৰ স্বাৰ্থত৷ আমি আজি বিদ্যালয়ত একলগ হৈছো৷
আমি কাইলৈ সমাজত একলগ হৈ থাকিম৷ আঁতৰত থাকিলেও আমি ওচৰতে থাকিম৷ মনৰ টানত থাকিম৷

এই মাটি আখৰা আমি সদায়েই কৰি থাকিম৷

                                                ……………………