বিষাদ বেঙুনীয়া

স্বপ্না নিহাৰ




বহুদিন আগতেই আধালিখাকৈ
পেলাই থৈ দিয়া গল্প এটাকে অকণমান আগবঢ়াই থওঁ বুলি
  বিছনাত পেট পেলাই শুই
কলমটো কামুৰি ৰৈ আছিলোঁ। তেনেতে চেঁচা বতাহ এজাক কোঠাটোৰ একমাত্ৰ খিৰিকীখনেৰে
সোমাই আহিল। মন-প্ৰাণ জুৰ পেলোৱা বতাহজাকে ৰাধাকৃষ্ণ এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা
টু বি এইচ কে সৰু ফ্লেটটোৰ এই বাৰ বাই বাৰ শোৱনি-কোঠাটোত দেও দি ফুৰিছে।
 খিৰিকীত ওলমি থকা কোমল গুলপীয়া ৰঙৰ পৰ্দাখনেও  তাৰে লগত  ছন্দ মিলাই হালি-জালি
নাচিবলৈ আৰম্ভ কৰিছে।

        এক মুহূৰ্তলৈ
  ৰৈ গলোঁ। এই গুলপীয়া পৰ্দাখনৰ ঠাইত যদি এই মুহূৰ্তত আকাশ নীলা পৰ্দা এখনে
খিৰিকীখন
  শুৱাই থাকিলহেঁতেন!

তেন্তে !  তেন্তে মোৰ পৃথিৱীখন বেলেগ নহলহেঁতেন জানো আজি !

আকাশ ভৰ্তি নীলা বাকি তেনে
পৰ্দায়েইতো
  আৱৰি ৰখাৰ কথা আছিল মোৰ সৰু পৃথিৱীখন।

শোৱাকোঠাৰ ৰং হব বগা নাইবা মাখনৰ দৰে কোমল ৰং এটা। পৰ্দাবোৰ নীলা, পাতল
নীলা
, আকাশৰ দৰে নীলা।

প্ৰেমময় সহজ দিনবোৰৰ কোনোবা
এটা দিনাত কৈ পেলাইছিলোঁ হঠাতেই ।

গীটাৰখন টুংটুঙাই কিবা এটা
গান গুণগুণাই থকা অয়নে মোৰ চকুত চকু থৈ হাঁহিছিল। সি জানিছিল নীলা ৰং মোৰ খুব প্ৰিয় বুলি
, জানিছিল মোৰ সৰু-ডাঙৰ  সকলো ভাললগা-বেয়ালগাবোৰ।

এতিয়া কাঞ্চন ফুলাৰ
বতৰ জানা। পি ডব্লিউ ডি ক
লনিৰ
 ভঙা কোৱাৰ্টাৰকেইটাৰ কাষত কেইজোপামান আছিল  আগতে। ফুলিছে চাগৈ !  নিবানে মোক তালৈ ?

মোৰ অহৌবলিয়া কথাবোৰত অয়নে কোনোদিনে আপত্তি দৰ্শোৱা নাছিল। নিৰ্বিচাৰে মোৰ প্ৰতিটো আব্দাৰ পূৰাবলৈকে
যেন সি মোৰ জীৱনলৈ আহিছিল।

অয়ন, মোক তুমি সৰুকৈ পুখুৰী এটা খন্দাই দিবা দেই। তাতে মেটেকা ৰুই দিম। – মেটেকা ফুলেৰে উপচি থকা বিল এখনত বিমুগ্ধ দৃষ্টি ৰাখি মই তাক কৈছিলোঁ।

মেটেকা কিয় ? পদুম ফুল নালাগে ?

নাঃ, মেটেকা ফুল বেছি ধুনীয়া। কিবা এটা বিষাদঘন এই বেঙুনীয়াখিনি কিন্তু ধুনীয়া,
বৰ ধুনীয়া। আওকাণ কৰিব নোৱৰাকৈ ধুনীয়া, আজীৱন
বুকুত কঢ়িয়াই লৈ ফুৰিব পৰাকৈ ধুনীয়া।

পাগলী !

কিমান যে সপোন আছিল মোৰ !
মোৰ সেই সকলো সপোনৰ উৎস আছিল অয়ন। সেই
 সপোনবোৰৰ লগতে সেইবোৰৰ লগত সংগতি থকা মোৰ লাগ-বান্ধ নোহোৱা কথাবোৰ, বাৰে-বিংকৰা শংকা-আশংকা- এই সকলোবোৰ অকণো
বিৰক্ত নোহোৱাকৈ মন দি শুনা মানুহটোৱেই
  আছিল অয়ন। তাৰ পাছতো
মই তাক প্ৰায়েই খং কৰিছিলোঁ
, আৱেগহীন আখ্যা দি
  কান্দিছিলোঁ। 

সঁচাই, আমাৰ সম্পৰ্কটোক লৈ
সি কোনোদিনেই মোৰ দৰে অত্যুৎসাহী নাছিল।
 মই আছিলোঁ অতি আৱেগিক,
ৰোমাণ্টিকতাত উটি-ভাহি ফুৰাবিধৰ। তাৰ বিপৰীতে অয়ন আছিল
 গহীন-গম্ভীৰ, অতি পৰিশীলিত। অতি নিবিড় মুহূৰ্ত
এটাতো সি মোৰ ওঁঠত যচা আলফুলীয়া চুমা এটাতকৈ ওপৰলৈ যাব নোৱাৰে। তেনেবোৰ মুহূৰ্তত
তাৰ প্ৰতি মোৰ মৰম
, শ্ৰদ্ধা হাজাৰ গুণে বাঢ়ে।
  আৱেগে  ডিঙি চেপা মাৰি ধৰা
সেই ক্ষণত একো ক
ব নোৱাৰি
  মই উচপিচাই উঠোঁ।

– ‘কি হল কুকি ?’ মোৰ  মাত নোলায়।

– ‘বেয়া পাইছা কিবা ?’

মোৰ দুগালেৰে এইবাৰ সৰসৰাই
দুধাৰি চকুলো নিগৰে। অয়ন অবাক হয়। মোক লৈ ব্যস্ত হৈ পৰে।

-’আৰে, কি হল কোৱাঁ আকৌ ।

নুবুজে,  একো আৱেগ নুবুজে
এইডালে। অঁকৰা খং এটাই মোক কাবু কৰি পেলায়।
  আৱেগে -খঙে চিঞৰি
উঠোঁ
,

একো নুবুজাঁ তুমি। ইমান
আৱেগহীন মানুহ মই ক
তো দেখা নাই।

হতবাক অয়নৰ দুচকুৰ আগেৰে মই
উচাট মাৰি উঠি আহোঁ। অথচ মই জানো
, সেইজন অয়নৰ বুকুতে
সোমাই উচুপি উচুপি এসোঁতা নকন্দালৈকে আন একোৱেই মোৰ মুড ঠিক কৰিব নোৱাৰে।
 উছাহত সাবটি ধৰিবলৈ, আৱেগত বুকুত সোমাই উচুপিবলৈ,
এন্ধাৰত দুহাত খামুচি ধৰিবলৈ বুলি সেই একেজন মানুহেই ৰৈ আছিল মোৰ
বাবে। মোৰ অয়ন – মোৰ সঞ্জীৱনী উশাহ ।

বহুত  বহুত ব-হু-ত ভাল পাওঁ তোমাক ।

তোমাকো মাজনী ।

মোৰ খং উঠাবলৈকে অয়নে  কেতিয়াবা  মোৰ ঘৰত মতা মাজনী  নামটোৰে মাতিছিল।

কোনো মাজনী তাজনী
নহওঁ তোমাৰ।

উস, বাচিলোঁ তেন্তে। এনেয়ে কাৰ বাৰু তুমি?

অয়ন

ধামকৈ খিৰিকীখন বন্ধ হৈ গল। মোৰ চিঞৰটোৰ লগে
লগে অয়নৰ হাঁহিৰ শব্দও যেন বতাহত বিয়পি আছে এতিয়াও। বন্ধ কোঠাৰ মাজত
চকুলোৰ উষ্ণতাত স্মৃতিবোৰ গলি গলি নিগৰি আহিছে।

বিছনাৰ পৰা  উঠি আহি খিৰিকীখন মেলি দিলোঁ। বাহিৰত বতাহৰ কোব চৰিছে। দুই এটোপ বৰষুণো
ছটিয়াইছে

এনেকুৱা আবেলি এটাতে অয়ন গুচি গৈছিল নতুনকৈ জইন কৰা চাকৰিটোৰ
 পোন্ধৰদিনীয়া ট্ৰেইনিঙলৈ। কথাটো শুনাৰে পৰা মই কান্দিছিলোঁ। পোন্ধৰদিন তাক এৰি কেনেকৈ থাকিম মই ? সিয়েই বা কেনেকৈ পাৰিব মোক এৰি থাকিব ? অৱশ্যে পাৰিবও পাৰে সি। সিতো
আৱেগহীন
, নিষ্ঠুৰ মানুহ এটা। প্ৰেম কি সি নুবুজেই।

মোৰ কান্দোন-কাটোন দেখি  অয়নে হাঁহি পেলাইছিল। যোৱাৰ আগদিনা বুকুৰ মাজত এপৰ সুমুৱাই লৈ বুজাইছিল,

চাকৰিটো নকৰিলে
মাখনৰঙী শোৱা-কোঠাত নীলা পৰ্দাকেইখন কেনেকৈ লগাম
? মেটেকা
পুলি ৰুবলৈ তোমাৰ বাবে পুখুৰী
  এটা  কেনেকৈ খন্দাম?  কাঞ্চনৰ পুলি,
সোণাৰু, এজাৰৰ পুলি আৰু তুমি যে বিচাৰি থাকাঁ কিহৰ কিহৰ পুলি জানো, সেইবোৰ লগাবলৈ মাটি এডোখৰ কেনেকৈ… 

মই তাৰ ওঁঠত হাত থৈছিলোঁসেইবোৰ  একো নালাগে, মাত্ৰ  সি থাককচোন মোৰ লগত। মোৰ আঙুলিত, গালত, ওঁঠত পোন প্ৰথমবাৰৰ বাবে অস্থিৰ চুমা এসোপা আঁকি দি অয়নে মোক বুজাই দিছিল
তাৰ আৱেগৰ গভীৰতা।

তাৰ পাছৰ পোন্ধৰটা দিন মোৰ
বাবে নাযায় নুপুৱায় হৈ পৰিল।
 কামৰ ফাঁকে ফাঁকে
দুই-এটা চুটি মেছেজ
, ৰাতি অলপ সময় ফোনত কথা-বতৰা চলিল। মোৰ
মন নভৰে। অস্থিৰ হওঁ
, উচপিচাওঁ। অয়নৰ বাদে আন কাৰো সৈতে ভগাব
নোৱাৰা কথাবোৰে
 বুকুখন গধুৰ কৰি তোলেসেই ভাৰ পাতলাবলৈকে গৈ গৈ সেই  মেটেকা ফুলৰ বিলখন পাওঁগৈ।  হাজাৰ হাজাৰ
মেটেকাফুলৰ সৌন্দৰ্যই
  মোক বিমুগ্ধ কৰে।
ভাললগা কোমল অনুভূতি এটাৰ লগতে বিষাদ এচমকাও মনলৈ আহে। প্ৰকৃতিৰ এই অপৰূপ
সৌন্দৰ্যক জানো কৃত্ৰিমভাৱে সজোৱা পুখুৰী এটাত বন্দী কৰিব পাৰিম কাহানিবা !

হুমনিয়াহ এটাই মোক খেদি
ফুৰে।
 বৰষুণজাক বাঢ়িছে। খিৰিকীত এচাৰেকণি খাই পানীৰ
টোপালবোৰে পৰ্দাবোৰ তিয়াই পেলাইছে ঠিক যেনেকৈ এদিন মোক তিয়াইছিল। নহয় নহয়
, এনেকুৱা বৰষুণে নহয়, মোকতো ধুমুহা এজাকে পাইছিল।
বৰষুণ এজাকৰ বাবেও প্ৰস্তুতি নথকা মোক হঠাতে অহা প্ৰচণ্ড ধুমুহজাকে তচনচ কৰি থৈ
গৈছিল।
 

অহাৰ আগদিনা অয়নে  সৰুকৈ মেচেজ এটা পঠাইছিল,

  ট্ৰেইনিং শেষ হল। কাইলৈ গৈ আছোঁ।

তাক লগ পাবলৈ আটাইতকৈ বেছি
উদগ্ৰীৱ হৈ থকা সময়খিনিতো এসোপা অনামী অভিমানে মোক খুন্দিয়াইছিলহি। পাছদিনা আবেলি
মেটেকাফুলৰ বিলখনৰ পাৰত বহি মই তালৈ ক
ল কৰিছিলোঁ। নালাগিল, হয়তো
ফ্লাইটত আছিল সি। গাঢ় বেঙুনীয়া মেটেকাফুলেৰে ভৰা বিলখনৰ ফটো এখন তালৈ
  ৱাটছআপত পঠাই দি লিখিছিলোঁ,

তুমিহীনতাৰ বিষাদত
বুৰ গৈ থকা পৃথিৱীখন !

বেঙুনীয়া আবেলিটোৱে কজলা
সন্ধিয়া এটাৰ ৰূপ লোৱালৈ মই তাতে বহি থাকিলোঁ। এটা সময়ত মই ঘড়ী চাইছিলোঁ। অয়ন আহি
পোৱাৰ সময় হৈছিল।
  উঠিবলৈ লওঁতেই তাৰ
মেচেজ আহিছিল
,

পাগলী! গোটেইগাল
বিষাদ তাতেই এৰি আহাঁ বুজিছা। পালোঁহিয়ে আৰু। খং-ক্ষোভ তাতেই সামৰি ঘৰলৈ আহাঁ। লগ
পাবলৈ ৰৈ আছোঁ।
  আহিবানে মাজনী ?”

মোৰ খঙ উঠাবলৈকে অয়নে মাজনী
বুলি মাতিছিল। মোৰ সঁচাই খং উঠিছিল।
  লগ পালেই তাক…. খঙতে   দাঁত কৰচিছিলোঁ মই।
অথচ সেইদিনা তাক লগ পোৱাৰ পৰত মই একোকে কৰিব নোৱাৰিলোঁ। মাথোঁ নীৰৱে চাই ৰ
লো সেই শান্ত,
  উজ্বল মুখখনলৈ। ইমান
প্ৰশান্তি তাৰ মুখত!

ঘৰৰ পৰা, মোৰ পৰা মাথোঁ
আধাঘণ্টাৰ দূৰত্বত আছিল সি। সেইকণ বাটকে নাহি সি গুচি গ
ল আন
এটা বাটেৰে
, কোনোদিনে কোনেও
  বিচাৰি নোপোৱাকৈ।

মেটেকাফুলেৰে উপচি থকা  কাহানিও নুশুকোৱা চপচপীয়া পানীৰ পুখুৰী এটা  মোৰ বুকুত  খান্দি থৈ অয়ন  গুচি যোৱাৰ পাচত সেইডৰা বেঙুনীয়াক সামৰিবলৈ মোৰ কষ্ট হৈছিল।  বাৰে বাৰে বতাহত ভাঁহি আহিছিল এষাৰেই  মাত,

আহিবানে মাজনী ?”

সেই মাতষাৰক উপেক্ষা কৰাৰ
সাহস মোৰ নাছিল। অয়নে মোক মাতিছিল। কোনেও নুবুজাৰ অজুহাতত মই কান্দিবও
 পৰা নাছিলোঁ। জানিছিলোঁ, মোক বুজা একমাত্ৰ মানুহজন
আৰু কোনোদিনে নাহে মোক নিচুকাবলৈ।
 নিদ্ৰাহীন নিশাবোৰৰ
সংখ্যা বাঢ়িছিল। বাঢ়িছিল
 মনৰ অস্থিৰতাও। সকলো
অস্থিৰতাৰ অৱসান ঘটাবলৈকে ঘৰৰ সকলোৰে বাধা নেওচি এদিন অয়নৰ ঘৰত ওলালোঁগৈ। তাৰ
অকলশৰীয়া মাকজনীক একো ক
বলগীয়া নহল।
চলচলীয়া দুচকুৰে সেই মানুহজনীয়ে মোক সাবটি ধৰোঁতে অনুভৱ কৰিলোঁ
, কাহানিও মেটেকাফুলৰ বিলখন নেদেখা তেওঁৰ বুকুতো একেই বেঙুনীয়া এডৰা। মই
আশ্বস্ত হৈছিলোঁ।
 বুজি উঠিছিলোঁ যে
কাৰো সৈতে ভগাব নোৱাৰা বিষাদবোৰ ভগাবলৈকে
, প্ৰিয়তম সেই
পুৰুষৰ স্মৃতিত এসোঁতা উচুপিবলৈকে আমি
 দুয়ো দুয়োকে লগ
পোৱাটো
 জৰুৰী আছিল। সেইজনী মানুহৰ বুকুত সোমাই অয়ন যোৱাৰ
পাছত সেইনিশা প্ৰথমবাৰলৈ মই ভালদৰে টোপনি গ
লোঁ। হয়তো তেৱোঁ!
  তাৰ পাছৰে পৰা একেটা ধুমুহাই থুকুচি থৈ যোৱা দুজনী মানুহে একেলগে একেজন মানুহৰ কথাকে পাতিলোঁ, একেজন মানুহৰ
কথাকে কৈ
  কৈ হাঁহিলোঁ, একেজন মানুহকে
মনত পেলাই বুকুত হেজাৰ হেজাৰ মেটেকাফুল ফুলালোঁ আৰু আলেফুলে সেই গাঢ় বেঙুনীয়াখিনিক
প্ৰতিপালন কৰিলোঁ।

আজি লিখিবলৈ  বুলি বহি সন্মুখৰ ঈষৎ সেউজীয়া বেৰখন আৰু বতাহত উৰি থকা গুলপীয়া পৰ্দাখন
দেখি মোৰ হঠাতে অনুভৱ হ
ল যে সম্পূৰ্ণ কৰিবলৈ বুলি অকল
আধৰুৱা গল্পটোৱে নহয়
, আৰু বহুত কিবাকিবি আছে।

    মাজনী, বৰষুণ দিছে। খিৰিকীখন জপাই দিওঁ চাওঁ।

অয়নৰ মাকৰ মাতত সম্বিত ঘূৰাই
পালোঁ।

নালাগে মা, থাককচোন। মা,
মেটেকাফুলৰ বিল এখন আছে। চাবলৈ যাবা
?

ত আছে?

মোলৈ চাই সহজভাৱে  সুধিলে তেওঁ। যোৱা পাঁচ বছৰে  মোৰ  প্ৰতিটো মুহূৰ্তৰ সংগী তেওঁ, গতিকেই মোৰ খেয়ালী
স্বভাৱটোৰে
  ভালকৈয়ে  পৰিচিত।

আমি এৰি থৈ অহা সেই সৰু চহৰখনৰ একেবাৰে গাতে লাগি থকা গাঁও এখনত। অয়ন আৰু মই বহুবাৰ গৈছিলোঁ
তালৈ।
  যাবানে ?

যামতো।

– মই মেটেকাৰ পুলি এটা
আনিম তাৰে পৰা। ইয়াতে
 ডাঙৰ গামলা এটাত লগাম। অয়নে পুখুৰী
এটা খন্দালেহেঁতেন হেনো।

চলচলীয়া দুচকুৰে দুয়ো দুয়োলৈ
চাই হাঁহিলোঁ। মই নেদেখাকৈ তেওঁ
 চাদৰৰ আঁচলেৰে চকুলো
মচিলে। তেওঁলৈ নোচোৱাকৈ মই কৈ গ
লোঁ,

ঘৰটোও ৰং কৰিম দেই এইবাৰ। এইটো কোঠাৰ ৰং হ মাখনৰঙৰ। পৰ্দাবোৰ নীলা, আকাশৰ দৰে নীলা।

হঠাতে সশব্দে উচুপি উঠি মানুহজনী কোঠাৰ পৰা ওলাই গল। মই  আধালিখা গল্পটো সামৰি থলোঁ।

ইমানবোৰ স্মৃতি মাত্ৰ
এটা গল্পতে কেনেকৈ ধৰি ৰাখোঁ
? থাকক, আধৰুৱা
কাহিনীবোৰৰে মাদকতাচোন আটাইতকৈ বেছি। নহয়নে অয়ন
?

বেৰত আঁৰি থোৱা অয়নৰ  ফটোখনলৈ চাওঁতে সদায়ৰ দৰে আজিও সি মোলৈ চাই মিচিকিয়ালে।

মোৰ সকলো যাতনাৰ
উৎসও তুমি
, উপশমো তুমি অয়ন। এসময়ৰ তোমাৰ সেই আলসুৱা, অঁকৰা খঙ এটা অনবৰতে কঢ়িয়াই ফুৰা, অস্থিৰ মনৰ
ছোৱালীজনীক
  আজি বহুত ধৈৰ্যশীল,
সাহসী আৰু শক্তিশালী কৰি তুলিলা তুমি ।

মাজনী … বতাহত ভাঁহি  আহে অয়নৰ মাত।

উচুপনি এটা বুকুৰে উজাই আহিও
কোনোবা এঠাইত ৰৈ যায়। বুকুত ফুলি থকা মেটেকাৰঙী বিষাদজাকক সকাহ দিবলৈ এই আদৰুৱা
মাতষাৰেই যথেষ্ট

নহওঁ যোৱাঁ তোমাৰ
মাজনী-তাজনী।

খোলা খিৰিকীয়েদি সোমাই আহি
মোৰ গায়ে-মুখে কোবাই যোৱা অস্থিৰ বতাহজাকক সিঁয়াৰি উঠোঁ মই।

নুশুনে, বতাহজাকে নশুনে। মোৰ
আউলি-বাউলি চুলিৰে চুপতি মৰাত ব্যস্ত বতাহজাকেও আজিকালি জানে যে কিছুমান কাহিনী
আধৰুৱা হ
লেও ধুনীয়া,
 ঠিক মেটেকা ফুলবোৰৰ দৰেই,  বিষাদঘন হলেও ধুনীয়া, আওকাণ কৰিব নোৱাৰাকৈ ধুনীয়া, আজীৱন বুকুত কঢ়িয়াই লৈ ফুৰিব পৰাকৈ ধুনীয়া।

*******

ভ্ৰাম্যভাষ: ৭০৮৬১৮৬৬৬৮