অত্ৰেয়ী গোস্বামী

 

এজন
পৰুৱাই পোৱা মানুহক

লগ পাইছিলোঁ,

তেওঁ
কিবা এটা বিচাৰি

ঘূৰ্মুটিয়াই  ফুৰিছিল৷

 

পদূলিয়ে
পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি

আঙুলিবোৰ
গণনা কৰা দেখিছিলোঁ,

তেওঁৰ
বোলে পঁচিছটা আঙুলি

পাঁচোটা
লুকুৱাই থয়৷

 

দোকানীবোৰক
হাৰাশাস্তি কৰি

নিজৰ
বাবে ৰখীয়া এজন বিচাৰিছিল৷

 

আমি
তেওঁক অনুসৰণ কৰিম বুলি ভা
বোঁতেই

তেওঁৰ
ছাঁটো দীঘলীয়া হ’ল,

তেওঁ
বোলে গাৰুৰ তলত হাত এখন

লুকু্ৱাই
থয়৷

 

আমি
তেওঁৰ অতিৰিক্ত ভৰিৰ

সন্ধানত
নামিলোঁ,

বহু বিচাৰ-খোচাৰ
কৰি

তুলিৰ
তলত পেং এযোৰ পালোঁ৷

 

পৰুৱাই
পোৱা মানুহজন ক’ৰবাত

লুকাই
দিলে,

নিজে
নিজৰ ৰখীয়া হোৱাৰ

অক্ষমতাক
শুৱাই থ’লে৷

 

আচলতে
তেওঁক পৰুৱাই পোৱা নাছিল

আমিহে
ভ্ৰমৰ দুনীয়াত ঘূৰি ফুৰিছিলোঁ৷