ৰেমী শৰ্মা

 

এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে

পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ

 

ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই

চিনেমা হলটোৰ ভাগি পৰা মুধচত পৰি এহাল

চাকৈ-চকোৱাই ঠোঁটত ঠোঁট লগাই কেচকেচাই আছে

চিগাৰেট এটা আঙুলিৰ ফাঁকত ৰাখি সি আৰম্ভ কৰিছে

     
সশস্ত্ৰ সংগঠনৰ কোনোবা এজনক গ্ৰেপ্তাৰ কৰিছে সীমান্তত

তাৰ তিনি বছৰীয়া ল’ৰাটোৱে …

     
এঃ বাদ দিয়াঁ সেইবোৰ

 প্ৰেমিকা জকজকাই উঠিছে খঙত

– প্ৰেমৰ কথা কোৱাঁ মোৰ চকুলৈ চোৱাঁ

তাৰ পাছত ওঁঠলৈ, তাৰ পাছত …

     
ধেই ইমান সহজ নে

প্ৰেম কৰা আটকৰ দিনত

     
আটক ! কিহৰ

 ধানৰ  নে লোণৰ

 

     
একো নাই দিয়াঁ সকলো আছে

আহাঁ প্ৰেম কৰোঁ, চাওঁ তোমাৰ হাতখন

অঃ মোৰ ভোক লাগিছে

আজি ঘৰত চাউল নাই

বাবাই তামোল বিকিব পৰা নাই

দৰ কমি গৈছে হাটত

– একো নাই দিয়াঁ তেতিয়ালৈ আমি চুমা খাম

– ধেৎ

কেঁচা কঁঠাল খাবা ?

– অবতৰত !

– আমাৰ ঘৰত বাৰ মাহে লাগে

– হাতখন এৰাঁ

 

     
দেখিলে দেখক দিয়াঁ পৃথিৱীয়ে

কিনো আহে যায়

ভোকৰ পেট আৰু আটকৰ চকু এতিয়া অভ্যস্ত

সৌৱা চোৱাঁ তিৰবিৰাই আছে

কুকি ছোৱালীৰ

আনাৰসৰ দৰে যোনী

হাঁহৰ দৰে স্তন

—-

ঠিকনা :

নগাঁও

ভ্ৰাম্যভাষ : ৯১৬০০০৭১৭৮০০