আটাইতকৈ শোকভৰা কবিতা

মূল: পাবলো নেৰুদা

ভাবানুবাদ: যশোৱন্ত নিপুণ



মই আজি নিশা আটাইতকৈ
শোকভৰা কবিতাটি লিখিব পাৰোঁ৷



হয়তো, এনেকৈ লিখিম:
“নিশাটি তৰাভৰা,

আৰু নীলা নীলা তৰাবোৰ
দূৰত কম্পিত৷’’



নিশাৰ বতাহজাকে আকাশত
পাকঘূৰণি খায় আৰু গায়৷



মই আজি নিশা আটাইতকৈ
শোকভৰা কবিতাটি লিখিব পাৰোঁ৷

মই তাইক ভাল পাইছিলোঁ,
আৰু কেতিয়াবা তায়ো মোক ভাল পাইছিল৷



এনে এটি নিশাৰ মাজত, মই
তাক সাবটি লৈছিলোঁ৷

মই তাইক সীমাহীন আকাশৰ
তলত কিমানবাৰ চুমা খাইছিলোঁ৷



তাই মোক ভাল পাইছিল,
কেতিয়াবা মই তাইক ভাল পাইছিলোঁ৷

মই কেনেকৈ ভাল নোপোৱাকৈ
থাকোঁ তাইৰ বিশাল, শান্ত চকুযুৰি?



মই আজি নিশা আটাইতকৈ
শোকভৰা কবিতাটি লিখিব পাৰোঁ৷

এনেকৈ ভাবি যে তাই আৰু
মোৰ নহয়৷ অনুভৱ কৰি যে মই তাইক হেৰুৱালোঁ৷



শব্দ শুনো গভীৰ নিশাৰ,
তাইৰ অবিহনে যি আৰু বেছি গভীৰ৷

আৰু কবিতাৰ পংক্তি বুকুত
সৰি পৰে যেনেদৰে নিয়ৰ সৰি পৰে দূবৰিত৷



এয়া কি ডাঙৰ কথা হ’ল যে
মোৰ ভালপোৱাই তাইক ধৰি ৰাখিব নোৱাৰিলে৷

নিশাটি তৰাভৰা আৰু তাই
মোৰ কাষত নাই৷
 



সেয়াই সকলো৷ দূৰত কোনোবাই
গায়৷ বহু দূৰত৷

মোৰ আত্মা তাইৰ অবিহনে
ক’ৰবাত হেৰাই গৈছে৷
 



তাইক কাষলৈ আনিবলৈকে
বোধহয়, মোৰ দুচকুৱে তাইক বিচাৰি ফুৰে৷

মোৰ বুকুুৱে তাইক বিচাৰি
ফুৰে আৰু তাই মোৰ লগত নাই৷



একেই নিশা যিয়ে ৰূপোৱালী
কৰে সেই একেই অৰণ্য৷

আমি, আমি যি আছিলোঁ, আমি
আৰু সেয়া একেই নহওঁ৷



মই তাইক আৰু ভাল নাপাওঁ,
সঁচা, কিন্ত কিমান ভাল পাইছিলোঁ মই তাইক৷

মোৰ কণ্ঠই তাইক বতাহজাকত
বিচাৰিছিল তাইৰ শ্ৰৱণক স্পৰ্শ কৰিবলৈ৷
 



আন কাৰোবাৰ৷ তাই আন
কাৰোবাৰ হ’ব৷ ঠিক যেনেকৈ তাই
 

কেতিয়াবা মোৰ চুমাবোৰৰ
আছিল৷

তাইৰ কণ্ঠ, তাইৰ বতাহৰ
দৰে শৰীৰ৷ তাইৰ সীমাহীন চকুযুৰি৷
 

 

মই আৰু তাইক ভাল নাপাওঁ,
সঁচা, কিন্তু মই সম্ভৱতঃ তাইক ভাল পাইছিলোঁ৷

ভালপোৱা ইমান ক্ষণস্থায়ী
আৰু সুদীৰ্ঘ এই পাহৰি যোৱা৷

 

কাৰণ এনে নিশাবোৰতেই মই
তাইক সাবটি লৈছিলোঁ,

মোৰ আত্মা তাইৰ অবিহনে
ক’ৰবাত হেৰাই গৈছে৷
 

 

যদিও এয়াই হ’ব পাৰে তাই
মোক দিয়া শেষ যন্ত্ৰণা,

আৰু এইটোৱেই হ’ব পাৰে মই
তাইৰ প্ৰতি লিখা শেষ কবিতা৷